Saturday, November 29, 2014

সাম্প্রদায়িকতা, বিদ্যাভাৰতী আৰু চেকুলাৰবাদ

('নতুন পদাতিক' আলোচনীৰ ডিচেম্বৰ, ২০১৪ সংখ্যাত প্রকাশিত)
(১)

আমাৰ দেশৰ সংখ্যালঘূ বিভিন্ন সম্প্রদায় যেনে শিখ, খ্রীষ্টান, মুছলমান আদিসকলক তেওঁলোকৰ
পৰম্পৰা, সংস্কৃতি, ধর্ম আদি ৰক্ষা কৰিবলৈ সুকীয়া শিক্ষানুষ্ঠান খোলাৰ সুবিধা দিয়া হৈছে। তেওঁলোকক কিছুপৰিমাণে চৰকাৰী সাহার্য্যও দিয়া হয়। কথাটো আমাৰ দুখীয়া ৰাজ্যসমূহক বিশেষ আর্থিক পেকেজ দিয়াৰ নিচিনাই। আচলতে যিকোনো এখন সভ্য দেশতেই এনে ধৰণৰ ব্যৱস্থাসমূহ আছে। সেয়েহে আমেৰিকা, ইংলেণ্ড আদিত প্রবাসী হিন্দুসকলকো সুকীয়া বিদ্যালয়, পাঠ্যক্রম আদি চলোৱাৰ সুবিধা দিয়া হৈছে।


চাবলৈ গলে এইক্ষেত্রত আপত্তি কৰিব লগীয়া একো নাই। কিন্তু নীতিগত নহলেও কেতবোৰ প্রেকটিকেল সমস্যা প্রায়েই সৃষ্টি হয়। উদাহৰণস্বৰূপে, সংখ্যালঘূৱে যদি তেওঁলোকৰ লৰা-ছোৱালীৰ বাবে সুকীয়াকৈ স্কুল-পাতি খোলে, তেতিয়া সংখ্যাগুৰুৱে কয় – “আমাকো সুকীয়া স্কুল পাতি লাগিব। সংস্কৃতি, পৰম্পৰা আদি কেৱল সংখ্যালঘূৰহে আছেনে?” (আচলতে সেয়া এক কু-যুক্তি। কিয়নো সংখ্যালঘূক বিশেষ সুবিধা পাতি এইকাৰণেই দিয়া হৈছে যাতে তেওঁলোকৰ সুকীয়া পৰিচয় সংখ্যাগুৰুৰ হেঁচাত পিষ্ট হৈ নপৰে। সংখ্যাগুৰুৰ ক্ষেত্রত সেইটো সমস্যা নাই।)। সি যি কি নহওঁক, এই প্রশ্নৰ কোনো সঠিক উত্তৰ দিব নোৱাৰি চেকুলাৰ চৰকাৰসমূহেও সংখ্যাগুৰুক নিজৰ সম্প্রদায়ৰ বাবে সুকীয়া স্কুল খোলাৰ অনুমতি দিব লগা হয়।

Sunday, November 2, 2014

বেচেৰা জীৱ

এই গ্ৰহত আমি কি যে দাম ভৰিব লাগে
শান্তিৰে ইজনে সিজনক প্ৰেম কৰিবলৈ !
গোটেই দুনীয়াই চকু ৰাখে বিচনা-চাদৰবোৰত,
সকলোৱে মাথোঁ হস্তক্ষেপ কৰে তোমাৰ প্ৰেমত।
আৰু তেওঁলোকে ভয়ংকৰ কেতবোৰ কথা ৰটে
এজন পুৰুষ আৰু এজনী নাৰীৰ বিষয়ে
যি বহুতো হেহোঁ-নেহোঁ
বহু গুণা-গুথাৰ মূৰকত
এক সম্পূৰ্ণৰূপে অনন্য কাম কৰে-
একে শয্যাত দুয়ো ইজনে সিজনৰ কাষত বাগৰি পৰে।
মই কেতিয়াবা বিভোৰ হওঁ,ভেকুলীবোৰেও
এটাই আনটোৰ ওপৰত চোৰাংচোৱাগিৰি কৰে নে
এটাই আনটোক নাক সিঙায় নে
পখুৰীত সিহঁতে নিয়ম নমনা ভেকুলীৰ বিৰুদ্ধে
ফুচুৰি মেল পাতে নে
উভচৰী জীৱনৰ সুখৰ বিৰোধিতা কৰে নে;
মই নিজকে সোধোঁ পখীয়েও
আন পখীৰ সৈতে এনে বৈৰিতা আচৰে নেকি,
আৰু বলদে ষাড়গৰুৰ কথাত কাণ উনায় নেকি
গাই এজনীৰ সৈতে মুকলিলৈ যোৱাৰ আগতে।
আজিকালি ৰাস্তাবোৰৰো চকু আছে,
আৰু পাৰ্কবোৰত পুলিচ।
হোটেলবোৰ গোপন,
আৰু খিৰিকীবোৰে টুকি ৰাখে নামবোৰ।
সেনাদল আৰু কামানবোৰ পঠোৱা হয়
প্ৰেমৰ বিৰুদ্ধে,
বিৰামবিহীনভাৱে ব্যস্ত থাকে
কাণ আৰু গলাবোৰ,
আৰু এজন ল’ৰা আৰু এজনী ছোৱালী
ফুললৈ বিস্ফোৰিত হ’বলৈ বাধ্য হয়
এখন চলন্ত বাইকত।


বিদ্যুৎ সাগৰ বৰুৱা (পাবলো নেৰুদাৰ Pobres muchachos শীৰ্ষক কবিতাৰ ইংৰাজী ভাঙনিৰ পৰা; Alastair Reid-ৰ অনুবাদ Poor Boys আৰু A. S. Klines-ৰ অনুবাদ Poor Creatures ৰ অনুসৰণ কৰা হৈছে)

Tuesday, October 28, 2014

বিতর্ক: ফেচীবাদ আৰু মার্ক্সবাদ

ময়ূৰ চেতিয়া

(নতুন পদাতিক,  ডিচেম্বৰ ২০১৪ সংখ্যাত প্রকাশিত)


জয়ৰছ বানাজীৰ ‘ফেচীবাদৰ ৰাজনৈতিক সংস্কৃতি’ শীর্ষক লেখনীটোৰ বিষয়ে অৱনী বৰঠাকুৰদেৱে (নতুন পদাতিক, জুলাই ২০১৪ সংখ্যাত) কৰা মন্তব্যখিনিৰ পটভূমিত আমিও কিছু কথা কব বিচাৰিছোঁ। আলোচনাৰ সুবিধাৰ বাবে আমাৰ বক্তব্যখিনি পইণ্ট অনুসৰি শ্রেণীৱদ্ধ কৰি লৈছোঁ :


১) আমি বুজি পোৱা মতে বানাজীয়ে ফেচীবাদৰ সৈতে পুঁজিৰ এটি ওচৰ সম্পর্ক (relation) থকাৰ কথাটো অস্বীকাৰ কৰা নাই। কিন্তু ‘সম্পর্ক থকা’ আৰু ‘পুঁজিপতিসকলে নিজেই ফেচীবাদৰ সৃষ্টি কৰা’ – এই দুটা কথাৰ মাজত তফাৎ আছে। বানাজীয়ে সঠিকভাৱেই কৈছে যে পুঁজিপতিসকলে ফেচীবাদীহঁতক সহায় সমর্থন কৰাৰ কথাটোৰ প্রতি আঙুলিয়াই দিয়েই ফেচীবাদৰ গতিৰেখা (dynamics) বা লজিক বুজিব পৰা নাযাব। শেষ অর্থত(in the last instance) ফেচীবাদে পুঁজিপতিসকলক নিশ্চয়েই লাভাম্বিত কৰে আৰু সেয়েহে সংকটত পৰা যেন অনুভৱ কৰিলেই প্রায়ে পুঁজিপতিসকলে ফেচীবাদী দল সংগঠনক সমর্থন কৰা আৰম্ভ কৰে। কিন্তু তাৰ অর্থ এইটো নহয় যে খোদ পুঁজিপতিসকলে নিজেই ফেচীবাদৰ সৃষ্টি কৰিছে। ফেচীবাদ হৈছে আপেক্ষিকভাৱে স্বায়ত্ত(relatively autonomous) এক সামাজিক-ৰাজনৈতিক আন্দোলন। আমি বুজা মতে মূলতঃ সমাজৰ বিভিন্ন পেটি-বুর্জোৱা অংশসমূহৰ পৰাই ফেচীবাদী মতাদর্শৰ জন্ম হয় (এই কথাটো হয়তো বানাজীয়ে স্পষ্টকৈ উল্লেখ কৰাটো প্রয়োজনীয় আছিল)। পুঁজিবাদী সামাজিক ব্যৱস্থাৰ বিভিন্ন ধৰণৰ ৰাজনৈতিক-আর্থিক তথা সামাজিক-আধ্যাত্মিক সংঘাত/অন্যায়/প্রশ্নৰ উত্তৰ বিচাৰি পেটি বুর্জোৱাই হাবাথুৰি খায়। তেওঁলোকে শ্রমিকৰ দর্শন অর্থাৎ মার্ক্সবাদৰ ওচৰত এই প্রশ্নসমূহৰ উত্তৰ বিচাৰিব পাৰিলেহেতেন। কিন্তু পেটি বুর্জোৱাই শ্রমিকক অৱজ্ঞাৰ দৃষ্টিৰে চায়। সেয়েহে নিজৰ সামাজিক স্থিতিৰ পৰা তললৈ গৈ শ্রমিকৰ মার্ক্সবাদ গ্রহণ কৰাৰ প্রশ্ন সাধাৰণতে নুঠে। আনহাতে পেটি বুর্জোৱাই বৃহৎ পুঁজিপতিসকলকো ঘৃণা কৰে। সেয়েহে তেওঁলোকে এখন বৈকল্পিক পৃথিবীৰ কল্পনা কৰে য’ত বৃহৎ পুঁজিপতিৰ দপদপনিও নাথাকিব আৰু ‘সকলোৱেই’ (অর্থাৎ পেটি বুর্জোৱাহঁতে) সমতামূলকভাৱে থাকিব পাৰিব (অৱশ্যে দেশ কাল ভেদে বৃহৎ বুর্জোৱাৰ প্রতি পেটি বুর্জোৱাৰ দৃষ্টিভংগীৰ কিছুপৰিমাণে পার্থক্যও থাকিব পাৰে)। সমস্যাটো হৈছে যে এনে এক বৈকল্পিক ব্যৱস্থা নির্মাণ কৰাটো অসম্ভৱ। ‘পেটি বুর্জোৱা সমাজ ব্যৱস্থা’ বুলি কোনো ব্যৱস্থা থাকিব নোৱাৰে; হয় সি এক প্রকাৰৰ পুঁজিবাদেই হব লাগিব নতুবা সমাজবাদ হব লাগিব। আন কথাত কবলৈ গলে সমাজৰ প্রকৃত প্রশ্নসমূহ বিশ্লেষণ কৰাৰ ক্ষেত্রত পেটি-বুর্জোৱাহঁত অক্ষম। পুঁজিবাদৰ কোনো বৈজ্ঞানিক বিশ্লেষণ দাঙি ধৰিব নোৱাৰাৰ বাবে অৱশেষত সিহঁতে পুঁজিবাদৰ ওচৰতেই আত্ম-সমর্পণ কৰে। এইখিনিতে বানাজি কথিত বিভিন্ন ধৰণৰ অৱদমনৰ সংস্কৃতিৰ প্রাদূর্ভাৱৰ প্রসংগটো আহে। সিবিলাকৰ অহৰহ প্রভাৱৰ ফলস্বৰূপে, অর্থনৈতিক সংকটৰ সময়ত উদাৰবাদী বা বাওঁপন্থীসকলৰ বিপৰীতে জনগনে ফেচীবাদৰ ফালেই ঢাপলি মেলাটো সহজ হৈ পৰে। ফেচীবাদীহঁতে কঠিন প্রশ্ন একোটাৰ সৰল আৰু বিভ্রান্তিকৰ উত্তৰ একোটাহঁত দাঙি ধৰে। তদুপৰি সিহঁত সর্বদা কোনো বলিৰ পঠাৰ ধাণ্ডাত থাকে। কেতিয়াবা এই বলিৰ পঠাৰ চিনাক্তকৰণ ইহুদীসকলৰ ৰূপত কৰা হয়, কেতিয়াবা মুছলমানসকলৰ ৰূপত। আবেগসর্বস্বতা হৈছে ফেচীবাদী মানসিকতাৰ অন্যতম মূল বৈশিষ্ট। এনে স্থিতিত সমাজত পূর্বৰে পৰা থকা বিভিন্ন ধৰণৰ অৱদমনমূলক সংস্কৃতিৰ প্রাদূর্ভাৱৰ ফলত ফেচীবাদৰ বিকাশৰ পথ আৰু অধিক সূচল হৈ পৰে। সেয়েহে বানাজিয়ে বাৰম্বাৰ বিভিন্ন ধৰণৰ অৱদমনমূলক সামাজিক-সাংস্কৃতিক গাঁথনি, পূর্বাগ্রহ আদিৰ বিৰুদ্ধে সংগ্রামৰ প্রয়োজনীয়তাৰ কথা দোহাৰিছে। 

Monday, October 27, 2014

লিভ ইন টুগেদাৰ কৰা এজনী ছোৱালীৰ চিঠি

মূলঃ scroll.in
অনুবাদঃ ময়ূৰ চেতিয়া
('নতুন পদাতিক' আলোচনীৰ ডিচেম্বৰ, ২০১৪ সংখ্যাত প্রকাশিত)

আজি কিছুদিন ধৰি ভাৰতৰ বিভিন্ন অঞ্চলত ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ(RSS)ৰ ছাত্র সংগঠন অখিল ভাৰতীয় বিদ্যার্থী পৰিষদে(ABVP) লিভ-ইন-টুগেদাৰৰ বিৰুদ্ধে অভিযান চলাই ফুৰিছে। তেওঁলোকৰ যুক্তি হৈছে ই বোলে “ভাৰতীয় সংস্কৃতি তথা বৈবাহিক-অনুষ্ঠান বিৰোধী বস্তু।” আমোদজনকভাৱে, বিদ্যার্থী পৰিষদে দাবী কৰা মতে, এই পদক্ষেপটি হেনো “মহিলাৰ ওপৰত হোৱা অত্যাচাৰ সম্পর্কে সামাজিক সচেতনতা বৃদ্ধি কৰা” অভিযানৰ অংশবিশেষ হিচাপেই হাতত লোৱা হৈছে!

বিদ্যার্থী পৰিষদৰ দিল্লী শাখাৰ চেক্রেটেৰী চাকেট বহুগুণাই বাতৰি কাকতৰ সৈতে হোৱা এটি কথোপকথনত দাবী কৰিছে, “এনে বেছিভাগ সম্পর্কই দীর্ঘস্থায়ী নহয়।...আমি দিল্লীৰ বিভিন্ন কলেজলৈ গৈ এই সম্পর্কীয় কেচসমূহ অধ্যয়ন কৰিম আৰু মহিলাসকলক এনে সম্পর্কৰ অপকাৰিতা সম্পর্কে সচেতন কৰিম”। বিদ্যার্থী পৰিষদৰ ৰাষ্ট্রীয় চেক্রেটেৰী ৰোহিত চেহেলৰ মতে – “আমি লক্ষ্মৌ চহৰত কিছু দিন আগেয়ে এই বিষয়ে এখনি কর্মশালা আয়োজন কৰিছিলোঁ, যত আমি ছোৱালী অংশগ্রহণকাৰীসকলৰ সৈতে আলোচনা কৰিছিলোঁ”।

শ্রীমান চেহেল আদিৰ বক্তব্যৰ প্রত্যুত্তৰ হিচাপে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ এগৰাকী বাওঁপন্থী নাৰীবাদী ছাত্রীয়ে এই মুকলি চিঠিখন লিখিছেঃ


...................................................................

চেহেল মহাশয়,

মোৰ এজন বয়ফ্রেণ্ড আছে। সি ঘৰুৱা কাম-কাজতো পাকৈত আৰু আমি দুয়োজনেই সমানে ঘৰৰ কামবোৰ ভগাই লওঁ। কেৱল সেয়াই নহয়; জীৱনত কোনো সংকট বা সমস্যা আহিলে আমি ইজনে সিজনৰ ওপৰত ভৰষা কৰিব পাৰোঁ; মানসিকভাৱে ইজন সিজনৰ আশা, আকাংক্ষা, আবেগ-অনুভূতিৰ সমভাগী হব পাৰোঁ। দিনটোৰ কামৰ শেহত (সময়ৰ কোনো বাধা নিষেধ নোহোৱাকৈ) তাৰ কাষলৈ, ঘৰলৈ ঘূৰি আহোঁতে কেনে সুন্দৰ অনুভৱ হয়, সেয়া হয়তো আপুনি বুজিব নোৱাৰিব।

মই আৰ এছ এছৰ কর্মীৰে পূর্ণ ঘৰ এখনৰ পৰা অহা ছোৱালী। মা-দেউতাই মোক বি এ পাছ কৰাৰ পাছতেই (তেওঁলোকে জাত-পাত, ধর্ম ইত্যাদি চাই পচণ্ড কৰা) লৰা এজনলৈ বিয়া দি দিব খুজিছিল।মই আগলৈ পঢ়িব খোজোঁ বুলি বাৰম্বাৰ কোৱাৰ পাছতো তেওঁলোকে বিষয়টো বাৰে বাৰে উত্থাপন কৰি মোক অশান্তি কৰিবলৈ নেৰিলে। মই আনকি শান্তিত পঢ়িবও নোৱাৰা হলোঁ।

এইমাত্র বাতৰিত পঢ়িলো – আপোনালোকে হেনো মহিলাসকলৰ বাবে সন্মান দাবী কৰিছে। পিছে মহিলাক সন্মান কৰাৰ অর্থ এইটো নহয় যে আপোনালোকে মহিলাৰ বাবে ভাল কি, বেয়া কি – সেইটো ঠিৰাং কৰি দিব। বৰঞ্চ মহিলাসকলে নিজে নিজৰ জীৱনৰ বিষয়ে লোৱা সিদ্ধান্তসমূহক সন্মান জনাব পাৰিলেহে তেওঁলোকক প্রকৃত সন্মান জনোৱা হব। কেতিয়াবা মহিলাই NO বুলিও কব; সেইটোকো আপোনালোকে সন্মান কৰিব পাৰিব লাগিব। মানুহ হিচাপে মহিলাসকলৰো নিজস্ব বিবেচনা-বুদ্ধি, শক্তি আছে। নিজৰ জীৱনটোৰ বিষয়ে নিজেই সিদ্ধান্ত লব পৰাকৈ তেওঁলোক সক্ষম; এই কথাটো প্রথমে স্বীকাৰ কৰিব পাৰিলেহে আপোনালোকে মহিলাসকলক প্রকৃতপক্ষে সন্মান জনাব পাৰিব।

মোৰ বয়ফ্রেণ্ডৰ সৈতে মোৰ সম্পর্কটো যদি সফল নহয়ো, তথাপিও মই নাভাবোঁ যে তাতেই মোৰ জীৱনটো শেষ হৈ যাব (অৱশ্যে আপোনাৰ পিতৃতান্ত্রিক দুনীয়াখনত সেইটোৱেই হব পাৰে, নহয় জানো?)। মোৰ বাবে সেইটো কোনো জীৱন-মৰণৰ প্রশ্ন নহয়; কিয়নো মোৰ অস্তিত্ব, মোৰ পৰিচিতি মই ভালপোৱা লৰাজনৰ ওপৰত নির্ভৰশীল নহয়। মই কোনজন পুৰুষক সংগী হিচাপে লৈছোঁ – এই কথাটোৱেই মোৰ পৰিচিতি, মোৰ অস্তিত্বক সংজ্ঞায়িত কৰিব নোৱাৰে। সম্পর্কটো শেষ কৰাৰ সিদ্ধান্ত ময়োতো লব পাৰোঁ! আৰু এনেও, মোৰ সম্পর্কটো সফলেই হওঁক বা বিফলেই হওঁক, তাৰ চিন্তা মই নিজেই কৰিম। সেয়া আপোনাৰ বিজনেছ নহয়। লিভ-ইন সম্পর্কবোৰ, ভাল পোৱাৰ অনুভৱবোৰ বৰ সুন্দৰ, জানেনে?

আৰু এটা কথা কওঁ – মই ভাল পোৱা লৰাজন আক’ মুছলমান [হিন্দুত্ববাদী কথিত লাভ জেহাদৰ প্রতি লেখিকাৰ কটাক্ষ - অনুবাদক]। অৱশ্যে আমি দুয়োজনেই নাস্তিক, আমাৰ ধর্ম বা জাত-পাত সূচক পৰিচিতিৰ সৈতে আমাৰ সম্পর্কটোৰ কোনো সম্বন্ধ নাই। আপুনি হয়তো এইবোৰ কথা বুজিয়েই নেপাব, নহয় জানো?

বিঃ দ্রঃ মাজে সময়ে আমি একেলগে ড্রিংকছো কৰোঁ; ঘৰৰ বেলকনিত একেলগে বহোঁ, সংসাৰৰ অজস্র কথা পাতোঁ। আনফালে আপোনালোকৰ সৈতে, আপোনালোকৰ দৰে মানসিকতাৰ লোকসকলৰ সৈতে (যাৰ ভিতৰত মোৰ মা-দেউতাও আছে), আমাৰ সংগ্রামখনো চলি থাকিব।

মৰমেৰে, চাহিল কুৰেশ্বিৰ সৈতে

অপর্ণা মাহিয়াৰিয়া

Wednesday, October 22, 2014

কার্ল মার্ক্সৰ বিপ্লৱী চিন্তাধাৰাঃ চতুর্থ অধ্যায়ঃ মার্ক্সৰ পদ্ধতি

Original: The Revolutionary Ideas of Karl Marx by Alex Callinicos
Translation: Mayur Chetia

হেগেলে এক যুক্তিবাদী পদ্ধতি আৱিষ্কাৰ কৰিছিল, কিন্তু একেসময়তে ই বিভিন্ন প্রকাৰৰ ৰহস্যবাদৰ মাজত আৱদ্ধ হৈ ৰৈছিল।  ভবিষ্যতে আকৌ যদি  কোনো সুযোগ পাওঁ, সাধাৰণ পাঠকৰ সুবিধার্থে এই পদ্ধতি সম্পর্কে দুই বা তিনি পৃষ্ঠা মান লিখাৰ কথা ভাবিছোঁ (এংগেলছলৈ মার্ক্সৰ পত্র, জানুৱাৰী, ১৮৫৮ চন)

মার্ক্সৰ এই ইচ্ছা কেতিয়াও পূর্ণ নহল। ফলতঃ আজি বহুদিন ধৰি মার্ক্সৰ পদ্ধতি বিষয়ক বিভিন্ন আলোচনাই মার্ক্সবাদীসকলৰ মাজত তীব্র বিতর্কৰ সৃষ্টি কৰি আহিছে। বর্তমানৰ অধ্যায়টোত এই সম্পর্কীয় সকলোবোৰ দিশ উল্লেখ কৰাটো সম্ভৱপৰ নহ’ব। বৰঞ্চ থুলমূলকৈ কিছু কথাৰ অৱতাৰণা কৰি পাঠকৰ আগ্রহ বৃদ্ধি কৰাটোৱেই হৈছে এই অধ্যায়ৰ উদ্দেশ্য। 

Tuesday, September 9, 2014

বিপান চন্দ্র আৰু প্রগতিশীল ইতিহাস-চর্চা

('নতুন পদাতিক' আলোচনীৰ ডিচেম্বৰ, ২০১৪ সংখ্যাত প্রকাশিত)


বিগত আগষ্ট মাহৰ ৩০ তাৰিখে ৮৭ বছৰ বয়সত ইতিহাসবিদ বিপান চন্দ্রৰ মৃত্যু হল। ভাৰতীয় মার্ক্সবাদী ইতিহাস চর্চাৰ ক্ষেত্রখনত তেওঁৰ নাম সদায়েই স্মৰণীয় হৈ ৰব। চন্দ্রক আধুনিক ভাৰতৰ ইতিহাস চর্চাৰ ক্ষেত্রখনৰ পুৰোধা ব্যক্তি বুলি কলেও হয়তো বঢ়াই কো নহবচাবলৈ গলে চন্দ্রৰ পূর্বেই ৰজনী পাম দত্ত, ই এম এছ নম্বুদিৰিপাদ আদিৰ লেখনীত চুর্চুৰীয়াকৈ আধুনিক ভাৰতৰ মার্ক্সবাদী ইতিহাস চর্চাই জন্ম লাভ কৰিছিল; কিন্তু চন্দ্রৰ হাততেই ই পূর্ণ বিদ্যায়তনিক ৰূপ লাভ কৰিলে। আর্থিক জাতীয়তাবাদ, ভাৰতীয় বুর্জো শ্রেণীৰ চৰিত্র, সাম্প্রদায়িকতাবাদ, ভগত সিঙৰ বৌদ্ধিক চিন্তাধাৰা, মহাত্মা গান্ধীৰ জাতীয়তাবাদ আদি বিভিন্ন বিষয় লৈ তেওঁ কুৰিখনতকৈও অধিক গ্রন্থ লিখি থৈ গৈছে। সিবিলাকৰ কেতবোৰ সীমাদ্ধতা আজি চকুত পৰিলেও এই সম্পর্কে সন্দেহৰ কোনো থল নাই যে চন্দ্রৰ হাততেই ভাৰতীয় ইতিহাস চর্চাই এক বলিষ্ঠ গতি লাভ কৰিলে।

Monday, September 8, 2014

কার্ল মার্ক্সৰ বিপ্লৱী চিন্তাধাৰাঃ তৃতীয় অধ্যায়ঃ ৰিকার্ডো, ফয়াৰবাখ আৰু হেগেলৰ পৃথিবীত কার্ল মার্ক্স

Original: Chapter 3, "Revolutionary Ideas of Karl Marx" by Alex Callinicos
Translation: Mayur Chetia

ইউট’পিয়ান সমাজবাদীসকলে পুঁজিবাদী ‘সভ্যতা’ৰ  কেতবোৰ সুন্দৰ সমালোচনা আগবঢ়াইছিল আৰু লগতে তেওঁলোকে অনাগত সমাজবাদী সমাজ সম্পর্কে কিছু পূর্বাভাস দিবলৈকো চেষ্টা কৰিছিল কিন্তু পুঁজিবাদৰ পৰা সমাজবাদলৈ  সংক্রমণ কেনেদৰে সম্ভৱপৰ হ’ব –এই বিষয়ে তেওঁলোকে কোনো বাস্তৱসন্মত পথ বিচাৰি পোৱা নাছিল।  আলোকদীপ্তিৰ জাকজমকতাৰ মাজতে ফৰাচী সমাজবাদীসকল আৱদ্ধ হৈ আছিল। সামাজিক আলোচনাৰ ক্ষেত্রত তেওঁলোকে বস্তুবাদৰ প্রয়োগ ঘটাবলৈ সক্ষম হোৱা নাছিলইতিহাস মানেই ‘মানুহৰ মানসিক বিকাশৰ ইতিহাস’ বুলি ভবাৰ পৰম্পৰা তেতিয়াও অক্ষুণ্ণ হৈয়েই ৰৈছিল।  ব্লাংকি  তথা আন আন সমাজবাদীসকলেও পুঁজিবাদৰ কোনো বৈজ্ঞানিক আলোচনা বিকশিত কৰিব পৰা নাছিল এনে স্থলত আগবাঢ়ি যাবলৈ দুটা উপাদান -  ১)আলোকদীপ্তিতকৈ শ্রেষ্ঠ  এক বৈজ্ঞানিক পদ্ধতিৰ বিকাশ তথা ২)পুঁজিবাদ সম্পর্কে এক বৈজ্ঞানিক আলোচনা –অপৰিহার্য হৈ পৰিল

Sunday, August 31, 2014

মিছলীয়া তিৰোতা আৰু ভাৰতীয় আইন

জুলাই ২৪, ২০১৮
ইংৰাজী মূলঃ অনুভা সিং আৰু সুভি শুক্লা
অনুবাদঃ ময়ূৰ চেতিয়া

কিছুদিন পূর্বে ‘অর্নেশ কুমাৰ বনাম বিহাৰ চৰকাৰ’ (Criminal Appeal No 1277 of 2014) শীর্ষক এটি কেচ সংক্রান্তত ভাৰতীয় উচ্চতম ন্যায়ালয়ে এটা  সুদূৰপ্রসাৰী ৰায় প্রদান কৰিলে।  এই ৰায়ৰ কেন্দ্রবিন্দু আছিল ভাৰতীয় দণ্ড বিধি(Indian Penal Code)ৰ Section 498 A তথা Dowry Prohibition Act, 1961 আচলতে বহুদিন ধৰি Section 498 A  তথা Dowry Prohibition Act, 1961 সম্পর্কে ৰাজহুৱা বিতর্কৰ সৃষ্টি হৈ আহিছে। কিছুসংখ্যক লোকৰ অভিযোগ মতে  মহিলাসকলে হেনো প্রায়েই আইনৰ এই অংশ দুটাৰ অপ-ব্যৱহাৰ কৰেখোদ ন্যায়পালিকায়েও মাজে সময়ে ঘোষণা কৰি আহিছে যে এনে ‘অপব্যৱহাৰ’ হেনো ‘আইনী সন্ত্রাসবাদ’তকৈ কোনোগুণে কম নহয়!( Sushil Kumar Sharma v. Union of India JT 2005 (6) SC 266.)

Monday, June 23, 2014

ভাৰতীয় মড অৱ প্রডাকচনঃ প্রথম খণ্ড – কৃষি

মূলঃ অমিত বাছলে, দীপংকৰ বসু

অনুবাদঃ ময়ূৰ চেতিয়া

ভাৰতীয় অর্থনৈতিক বিকাশৰ চৰিত্র আৰু গঢ়-গতিৰ বুজ লোৱাটো আজিৰ সময়ত তাত্ত্বিক তথা ব্যৱহাৰিক দুয়োফালৰে পৰা অতিশয় জৰুৰী হৈ পৰিছে; ইয়াৰ ৰাজনৈতিক তথা সামাজিক তাৎপর্যও হৈছে প্রভুত। এই সম্পর্কে সন্দেহৰ কোনো থল নাই যে সমাজ পৰিবর্তনৰ প্রতি প্রতিশ্রুতিবদ্ধ শক্তিসমূহে নিজকে আকাশ কুসুম ইউট’পিয়াৰ মায়াজালৰ পৰা মুক্ত কৰিবলৈ হলে বহুলাংশ জনগণৰ বস্তুগত জীৱন পৰিক্রমাৰ বিভিন্ন ঐতিহাসিক প্রৱণতাসমূহৰ ভিত্তিত দীর্ঘকালীন ৰণনীতি তৈয়াৰ কৰিব পাৰিব লাগিব। সমাজৰ আমূল পৰিবর্তনকামী সংগ্রামখনিৰ অংশ হিচাপে এই বিষয়ক অতীতৰ কেতবোৰ বিতর্কৰ আঁত ধৰি এই প্রৱন্ধটিত ভাৰতীয় অর্থনীতিৰ কেতবোৰ মূল গাঁথনিগত বৈশিষ্ট্যৰ বিৱর্তনধাৰাৰ এটি সাৰসংগ্রহ প্রস্তুত কৰিবলৈ চেষ্টা কৰা হৈছে। 

এই সাৰসংগ্রহখিনি প্রস্তুত কৰোঁতে আমি ভাৰতীয় সমাজৰ চৰিত্র বিষয়ক অতীতৰ কিছু লেখনীৰ সৈতেও এটি সংবাদ প্রক্রিয়া স্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ। এইক্ষেত্রত ১৯৭০ তথা ১৯৮০ৰ দশকৰ আশে পাশে ভাৰতীয় বাওঁপন্থী কর্মকর্তা তথা বুদ্ধিজীৱিসকলৰ মাজত অনুষ্ঠিত ‘উৎপাদন প্রণালী’ বা ‘মড অৱ প্রডাকচন’(‘Mode of Production’) শীর্ষক বিতর্কৰ কথা বিশেষকৈ উল্লেখ কৰিব পাৰি। এই প্রবন্ধটোত আমি কিছু নতুন তথ্যৰ পোহৰত উক্ত বিতর্কখনিৰ কিছু সাম্প্রতিক মূল্যায়ণ কৰিবলৈ চেষ্টা কৰিম। পূর্বৰ বিপৰীতে, আমি কৃষি খণ্ডৰ লগতে এইবাৰ অনানুষ্ঠানিক ঔদ্যোগিক খণ্ড টোকো বিশ্লেষণৰ আওঁতালৈ আনিম। মন কৰিবলগীয়া যে যদিও পূর্বৰ দৰেই এতিয়াও কৃষি খণ্ডতেই বহুলাংশ শ্রমজীৱি জনগণ নিয়োজিত হৈ আছে, তথাপিও বিগত দশক কেইটাত মন্থৰ অথচ অহৰহ গতিৰে ঔদ্যোগিক তথা সেৱা খণ্ডৰো যথেষ্ঠ বিকাশ ঘটিছে। শ্রমিক জনগণৰ এক বৃহৎ অংশই আজিৰ সময়ত এই বিভিন্ন খণ্ডসমূহৰ মাজত অগা-দেৱা কৰি ফুৰিছে; জীৱিকাৰ সন্ধানত তেওঁলোকে বিভিন্ন ৰাজ্য তথা অঞ্চলৰ মাজত ঢপলিয়াই ফুৰিছে। গতিকেই ভাৰতীয় অর্থনীতিৰ বিৱর্তন সম্পর্কীয় যিকোনো আলোচনাত এই উদীয়মান অনা-কৃষিজাত খণ্ডৰো কিছু বিশ্লেষণ জৰুৰী হৈ পৰিছে। অনা-কৃষিপাম সংস্থাপনৰ এই বর্ধিত সুযোগে গ্রাম্য অঞ্চলৰ বহুলাংশ দুখীয়া জনগণৰ বস্তুগত তথা সামাজিক জীৱনত ভালেখিনি পৰিবর্তন অনাৰ সম্ভাৱনা আছে।

Sunday, June 22, 2014

ভাৰতীয় মড অৱ প্রডাকচনঃ দ্বিতীয় খণ্ড – অনানুষ্ঠানিক ঔদ্যোগিক খণ্ড

মূলঃ অমিত বাচ'লে, দীপংকৰ বসু



অনুবাদঃ ময়ূৰ চেতিয়া

অনা-পুঁজিবাদী উৎপাদন পদ্ধতিৰে ভৰা সমাজসমূহত কেনেদৰে পুঁজি-কেন্দ্রিক ঔদ্যোগিক খণ্ড কেতবোৰ বিকশিত কৰি আর্থিক উন্নতি সম্ভৱপৰ কৰিব পৰা যায় – এই বিষয়ে আজিও বিতর্কৰ ওৰ পৰা নাই। বৰঞ্চ এই প্রশ্নটো আজিও এক জীৱন্ত প্রশ্ন বুলিয়েই গণ্য কৰিব পাৰি। এই ঔদ্যোগীকৰণৰ নামতেই আজিও ভাৰতৰ বহুতো অঞ্চলত (ভূমি-অধিগ্রহণ বা অন্যান্য সম্পদৰ অধিকাৰৰ বিষয়লৈ) কৃষক তথা ৰাষ্ট্রৰ মাজত তুমুল যুদ্ধ চলি আছে। চাবলৈ গলেআজিও ভাৰতবর্ষৰ অর্থনীতিখনিক এক দ্বৈত অর্থনীতি বুলিয়েই কব পাৰি। এই দ্বৈততাৰ কাৰণ হৈছে – ঔপনিবেশিকতাবাদৰ উত্তৰাধিকাৰ। সহজ ভাষাত, ঔপনিবেশিক যুগতেই এই দ্বৈত অর্থনীতিৰ আৱির্ভাৱ ঘটিছিল। পিছে স্বাধীনতাৰ ৬০ বছৰৰ পাছতো ঔপনিবেশিক যুগৰ‘আধুনিক’ তথা ‘পৰম্পৰাগত’ অর্থনীতিৰ দ্বৈততাৰ দৰেই আজিও এফালে কৃষক, কাৰিকৰ, ক্ষুদ্র উৎপাদক, গৃহ-আধাৰিত শ্রমিক আদিৰে গঠিত অনানুষ্ঠানিক খণ্ড, আৰু আনফালে দেশী বিদেশী বৃহৎ পুঁজিৰে পৰিপূর্ণ আনুষ্ঠানিক খণ্ডৰ দ্বৈততা দেখিবলৈ পোৱা যায়।বিশেষকৈ ক্ষুদ্র স্তৰৰ কৃষি খণ্ডৰ বিপৰীতে বৃহদাকাৰ তথা পুঁজি কেন্দ্রিক বস্তু-নির্মাণ(manufacturing) খণ্ডত এই দ্বৈততা অতিশয় স্পষ্ট ৰূপত দেখা পোৱা যায়।





Monday, April 21, 2014

কার্ল মার্ক্সৰ বিপ্লৱী চিন্তাধাৰাঃ দ্বিতীয় অধ্যায়ঃ 'সমাজবাদ -মার্ক্সৰ পূর্বসূৰীসকল'

Original: Chapter 2, "Revolutionary Ideas of Karl Marx" by Alex Callinicos
Translation: Mayur Chetia

"মার্ক্স এজন প্রখৰ প্রতিভাশালী ব্যক্তি আছিল। ঊনবিংশ শতিকাৰ আটাইতকৈ বিকশিত তিনিওখন দেশ- জার্মানী, ইংলেণ্ড আৰু ফ্রাঞ্চে প্রতিনিধিত্ব কৰা মতাদর্শৰ তিনিওটা মূল ধাৰা-ধ্রুপদী জার্মান দর্শন, ইংৰাজী ৰাজনৈতিক অর্থনীতি আৰু ফৰাছী সমাজবাদৰ  বিকাশ অব্যাহত ৰাখি  তেওঁ সিবিলাকৰ মাজত এক সফল সমন্বয় গঢ়ি তুলিছিল।"

১৯১৪ চনত প্রকাশিত মার্ক্সৰ জীৱনী এখনিত লেনিনে এনেদৰে লিখিছে। প্রায়েই দেখা যায় যে বহুতে মার্ক্সকেই সমাজবাদৰ প্রথমজন প্রবক্তা বুলি ভুল কৰে। আচলতে মার্ক্সৰ বহু পূর্বেই সমাজবাদ সম্পর্কীয় ধ্যান-ধাৰণাৰ আৰম্ভণি ঘটিছিল। চাবলৈ গলে গ্রীক তথা ৰোমান সভ্যতাৰ সময়ৰ পৰাই শোষণমুক্ত সমাজ নির্মাণৰ সপোনে মানুহৰ মন দোলায়িত কৰি আহিছে। অৱশ্যে ঊনবিংশ শতিকাৰ প্রথমার্ধৰ পৰাহে সমাজবাদ সম্পর্কীয় ধ্যান-ধাৰণা সমূহে ব্যাপক গণ সমর্থন লাভ কৰিবলৈ সক্ষম হয়। এইক্ষেত্রত ফ্রাঞ্চ বিশেষভাৱে আগৰণুৱা আছিল। এই ফৰাচী দেশতেই সমাজবাদ সম্পর্কীয় ধাৰণা সমূহে তাত্ত্বিক বিকাশ লাভ কৰে। সেয়েহে  সমাজবাদ সম্পর্কীয় মার্ক্সৰ ধাৰণাসমূহ বুজিবলৈ হলে তেওঁৰ পূর্বসূৰী ফৰাচী চিন্তাবিদসকলৰ বৌদ্ধিক জগতখনৰ সৈতে চিনাকি হৈ লোৱাটো  প্রয়োজনীয়। এইক্ষেত্রত কেনেধৰণৰ আর্থসামাজিক তথা বৌদ্ধিক পৰিবেশৰ পটভূমিত সমাজবাদ সম্পর্কীয় ধাৰণাসমূহ ঠন ধৰি উঠিছিল, সেই ফালেও মন দিয়াটো দৰকাৰ

Wednesday, January 29, 2014

ফেচীবাদৰ ৰাজনৈতিক সংস্কৃতি

মূলঃ জয়ৰছ বানাজি
অনুবাদঃ ময়ূৰ চেতিয়া

 ['নতুন পদাতিক' আলোচনী মার্চ ২০১৪ সংখ্যাত প্রকাশিত।]

[২০০২ চনৰ চেপ্তেম্বৰ মাহত মুম্বাইস্থিত ‘বিকাশ অধ্যয়ন কেন্দ্র’ই আয়োজন কৰা গুজৰাট সম্পর্কীয় আলোচনাচক্রত প্রদান কৰা ভাষণৰ লিখিত ৰূপ। ]

আজিৰ আলোচনাৰ শীর্ষক হৈছে ‘ফেচীবাদৰ ৰাজনৈতিক সংস্কৃতি’; মই সচেতনভাৱেই এই ‘ৰাজনৈতিক
সংস্কৃতি’ বাক্যাংশটো ব্যহাৰ কৰিছোঁ যাতে বাওঁপন্থী মহলসমূহত সততে পৰিলক্ষিত ফেচীবাদ সম্পর্কীয় পৰম্পৰাগত চিন্তাচর্চাৰ পৰা কিছুদূৰৈলৈ আঁতৰি আহি আন কেতবোৰ উপেক্ষিত কিন্তু গুৰুত্বপূর্ণ  দিশ সম্পর্কে আলোচনা কৰিব পৰা যায়[1] এই দিশসমূহ সম্পর্কে পৰম্পৰাগত বাওঁপন্থী চিন্তাধাৰা নিমাত বুলিয়েই কব পাৰি, অথচ সমাজত সিবিলাকৰ ব্যাপ্তি অতিশয় গভীৰপ্রথমতেই মই ফেচীবাদ সম্পর্কীয় সবাটোকৈ যান্ত্রিক কিন্তু বহুল আলোচিত (তথা দুর্ভাগ্যজনকভাৱে প্রভাশালী) বাওঁপন্থী তত্ত্বসমূহৰ বিষয়ে আলোচনা কৰিম। এইক্ষেত্রত পোনপ্রথমেই ২০ তথা ৩০ৰ দশকৰ আশে-পাশে বহুল প্রচাৰিত ‘কমিন্টার্ণ লাইন’ৰ বিষয়ে উল্লেখ কৰিব পাৰি কমিন্টার্ণৰ এই লাইন মতে ফেচীবাদ হৈছে “বিত্তীয় পুঁজিৰ সবাটোকৈ প্রতিক্রিয়াশীল, উৎকট জাতীয়তাবাদী তথা সাম্রাজ্যবাদী অংশসমূহৰ মুক্ত সন্ত্রাসবাদী স্বৈৰতন্ত্র”। “ই একাধিপত্যবাদী পুঁজিৰ বাবে পেটি-বুর্জোৱা অংশটোৰ মাজত এক গণ আধাৰ তৈয়াৰ কৰিবলৈ চেষ্টা কৰে” (এই “চেষ্টা কৰে” বাক্যাংশলৈ মন কৰক)। “ই সাধাৰণ জীনৰ পৰা ছিন্নমূল হৈ পৰা, বিশেষকৈ বৃহৎ চহৰসমূহত শ্রেণী-বিচ্ছিন্ন হৈ পৰা  কৃষক, কাৰিকৰ, অফিচ কর্মচাৰী, প্রশাসনিক বিষয়া আদিৰ প্রতি আহবান জনায়ই আনকি শ্রমিক শ্রেণীৰ মাজতো প্রবেশ কৰিবলৈ চেষ্টা চলোৱা দেখা যায়” (Roger Griffin, Fascism, পৃষ্ঠা ২৬২) অর্থাৎ, চমুকৈ কবলৈ গলে, কমিন্টার্ণৰ লাইন মতে, ফেচীবাদ হৈছে বিত্তীয় পুঁজিৰ সবাটোকৈ প্রতিক্রিয়াশীল অংশটোৰ স্বৈৰতন্ত্র। পিছে এইখিনিতে এটা আমোদজনক দিশৰ প্রতি মন কৰকঃ জার্মানীৰ নাজী পার্টিয়ে আনুষ্ঠানিকভাৱে কিন্তু নিজকে এটি “শ্রমিক দল” হিচাপেই চিনাকি দিছিল। অর্থাৎ অতিশয় স্থূল ৰূপত  হলেও বাগাড়ম্বৰৰ স্তৰত নাজীহঁতে নিজকে শ্রমিক সমর্থনৰ বাবে  আহ্বান জনোৱা দল হিচাপেই গণ্য কৰিছিল।  ইয়াৰ পৰাই বুজিব পাৰি যে  কেল পুঁজিৰ স্বৈৰতন্ত্র বুলি ঘোষণা কৰিয়েই ফেচীবাদৰ সামগ্রিক স্বৰূপ চিনাক্ত কৰিব পৰা নাযাব।

Thursday, January 23, 2014

বিভ্রান্তিৰ দলিল ময়ূৰ বৰাৰ ‘মার্ক্স-গ্রন্থ’

বিভিন্ন বিতর্কমূলক বিষয় সম্পর্কে সাহসী তথা স্পষ্ট ভাষাত নিজ অভিমত তথা বিশ্লেষণ আগবঢ়াই
পাঠকৰ ভূয়সী প্রশংসা লাভ কৰিবলৈ সক্ষম হোৱা মননশীল লেখক ময়ূৰ বৰাৰ শেহতীয়া গ্রন্থ “মার্ক্সেই বজালে নেকি কমিউনিজমৰ মৃত্যুঘণ্টা”খনি পঢ়ি অতিশয় হতাশ হলোঁ। বিভিন্ন তৰল যুক্তি তথা  বিভ্রান্তিকৰ তথ্যৰে পৰিপূর্ণ এই গ্রন্থখনিয়ে বৰাৰ ঈপ্সিত “ধর্মনিৰপেক্ষ সোঁ-পন্থী” চিন্তাৰ ধাৰাটোক সমৃদ্ধ কৰাৰ বিপৰীতে বৌদ্ধিক আলোচনাৰ স্তৰটোক নিম্নগামীহে কৰিব বুলি আমাৰ আশংকা হৈছে। উদাৰবাদী গণতন্ত্রৰ প্রতি থকা বৰাৰ গভীৰ আস্থাখিনিৰ প্রতি সন্মান জনায়ো আমি কবলৈ বাধ্য হৈছো যে মার্ক্সবাদৰ সমালোচনাৰ বাবে প্রয়োজনীয়  নূন্যতম পঢ়াশুনাখিনিও বৰাই কৰা নাই। কোনো সমকালীন মার্ক্সবাদী চিন্তাবিদৰ লেখনী আদি অধ্যয়ন কৰাটো বাদেই, বৰাই উদাৰবাদী ধাৰাটোৰ মার্ক্সবাদ-বিৰোধী সসন্মানীয় পণ্ডিতসকলৰো মূল ৰছনাসমূহ পঢ়ি চোৱাৰ কোনো প্রয়োজনবোধ নকৰিলে। ফলতঃ বৰাৰ মার্ক্সবাদ বিৰোধিতাই বৌদ্ধিক ঊৎকর্ষৰ ৰূপ লোৱাৰ বিপৰীতে কুৎসা ৰটনাৰ পিনেহে ধাবমান হোৱা যেন দেখা গল। সোঁ-পন্থী বৌদ্ধিক ধাৰাটোৰ ভবিষ্যতৰ বাবে ই কোনো শুভ লক্ষণ নহয়। 

Saturday, January 18, 2014

মুক্তিৰ শৃংখলঃ নেলচন মাণ্ডেলাৰ জটিল ঐতিহ্য

মূলঃ এজাজ আহমেদ
অনুবাদঃ ময়ূৰ চেতিয়া

('নতুন পদাতিক' আলোচনীৰ ফেব্রুৱাৰী ২০১৪ সংখ্যাত প্রকাশিত)

মানুহজনৰ নাম নেলচন মাণ্ডেলা। বন্ধুবর্গ আৰু সতীর্থগণৰ মৰমৰ ‘মাদিবা’। মাণ্ডেলা আৰু নাই। এক ঘটনাবহুল তথা দীর্ঘ জীৱন পৰিক্রমাৰ অন্ত পেলাই ২০১৩ চনৰ ৫ ডিচেম্বৰ তাৰিখে মাণ্ডেলাই ইহসংসাৰ ত্যাগ কৰিলে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল- ৯৫ বছৰদ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ সময়ছোৱাৰ আটাইতকৈ প্রেৰণাদায়ী ব্যক্তিসকলৰ মাজত তেওঁৰ নাম সর্বদা অন্যতম হৈ ৰবএক মানবীয় স্বপ্নদ্রষ্টা, অতুলনীয় সাহসৰ জীৱন্ত প্রতীক মাণ্ডেলা আছিল সদায়েই মৃদুভাষী কিন্তু ব্যৱহাৰ তথা চালচলনৰ ক্ষেত্রত অতিশয় দৃঢ় এই বিষয়ে কোনো সন্দেহ নাই যে তেওঁৰ অপৰিসীম ধৈর্য, বর্ণবাদী অপমানৰ সমুখত সগর্বে ঠিয় হৈ ৰোৱাৰ অদম্য সাহস আৰু হাৰ নমনা সংগ্রামী সত্তাই যুগ যুগ ধৰি মানুহক বৈষম্য আৰু অত্যাচাৰৰ বিৰুদ্ধে যুঁজাৰ প্রেৰণা দি যাব নব্বৈৰ দশকত দক্ষিণ আফ্রিকাৰ বর্ণবাদী ব্যৱস্থাটোৰ পৰিসমাপ্তি সমগ্র বিংশ শতিকাটোৰে এক উল্লেখযোগ্য ঘটনা বুলি কব পাৰিঅৱশ্যে যিটো প্রক্রিয়াৰ দ্বাৰা এই ব্যৱস্থাটোৰ পৰিসমাপ্তি ঘটোৱা হল, সেয়া মুঠেও প্রশ্নৰ ঊর্ধত নাছিললক্ষণীয়ভাৱে, এই বিষয়ক আটাইতকৈ চূড়ান্ত তথা নির্ণায়ক পর্যায়ৰ আলোচনা আৰম্ভ হোৱালৈকে ইতিমধ্যেই চোভিয়েট ইউনিয়নৰ পতন ঘটিছিল। বিশ্বৰ ভূ-ৰাজনৈতিক আবহাৱাৰ এই বৃহৎ পৰিবর্তনে  দক্ষিণ আফ্রিকাৰ আলোচনা প্রক্রিয়াটোকো গভীৰভাৱে প্রভাৱিত কৰিছিল এইক্ষেত্রত আন এটা সমসাময়িক উদাহৰণৰ  হৈছে ইজৰাইল-পেলেষ্টাইনৰ শান্তি বার্তা আৰু  ১৯৯৩ চনৰ অচল’ সন্ধি (Oslo Accord) আপাত দৃষ্টিত মাণ্ডেলা আৰু য়াছেৰ আৰাফাটৰ মাজত বিশেষ কোনো মিল নথকা যেন লাগিলেও দুয়োজনে সম্মুখীন হোৱা পৰিস্থিতিৰ সামঞ্জস্যতা মন কৰিবলগীয়া।  দুয়োৰে শত্রু আছিল বসতি ঔপনিবেশকাৰী(settler colonial) একোখন ৰাষ্ট্র – দক্ষিণ আফ্রিকা আৰু ইজৰাইল। দুয়োজনে সশস্ত্র বিপ্লৱী পন্থাৰে সংগ্রাম আৰম্ভ কৰিছিল, জীৱনৰ শেহৰছোৱা সময়ত দুয়োজনে মুখামুখি হব লগা হৈছিল একেটি কঠিন প্রশ্নৰঃ বিপ্লৱৰ পৰিপন্থী সময়ছোৱাত কেনেকৈ অতি শক্তিশালী শত্রুৰ সৈতে এক সন্মানজনক সমাধান সূত্র বিকশিত কৰা যায়? এনে স্থিতিত সন্মানৰ লগতে সমতাও প্রতিষ্ঠা কৰা সম্ভৱনে?

ৰামৰ অযোধ্যা

  মূলঃ সৰোজ মিশ্ৰ https://kafila.online/2024/01/02/rams-ayodhya-saroj-mishra/ অনুবাদঃ ময়ূ ৰ চেতিয়া   কোৱা হয় -   ৰামৰ জন্ম অযোধ্য...