('নতুন পদাতিক' আলোচনীৰ ডিচেম্বৰ, ২০১৪ সংখ্যাত প্রকাশিত)
বিগত আগষ্ট মাহৰ ৩০ তাৰিখে ৮৭ বছৰ বয়সত ইতিহাসবিদ
বিপান চন্দ্রৰ মৃত্যু হল। ভাৰতীয় মার্ক্সবাদী
ইতিহাস চর্চাৰ ক্ষেত্রখনত তেওঁৰ নাম সদায়েই স্মৰণীয়
হৈ ৰব। চন্দ্রক আধুনিক ভাৰতৰ ইতিহাস চর্চাৰ ক্ষেত্রখনৰ পুৰোধা ব্যক্তি বুলি কলেও
হয়তো বঢ়াই কোৱা নহব। চাবলৈ গলে চন্দ্রৰ
পূর্বেই ৰজনী পাম দত্ত, ই এম এছ নম্বুদিৰিপাদ আদিৰ লেখনীত
চুর্চুৰীয়াকৈ আধুনিক ভাৰতৰ মার্ক্সবাদী ইতিহাস চর্চাই জন্ম লাভ কৰিছিল; কিন্তু
চন্দ্রৰ হাততেই ই পূর্ণ বিদ্যায়তনিক ৰূপ লাভ কৰিলে। আর্থিক জাতীয়তাবাদ, ভাৰতীয়
বুর্জোৱা
শ্রেণীৰ চৰিত্র, সাম্প্রদায়িকতাবাদ, ভগত সিঙৰ বৌদ্ধিক চিন্তাধাৰা, মহাত্মা গান্ধীৰ
জাতীয়তাবাদ আদি বিভিন্ন বিষয় লৈ তেওঁ কুৰিখনতকৈও অধিক গ্রন্থ লিখি থৈ গৈছে। সিবিলাকৰ
কেতবোৰ সীমাৱদ্ধতা
আজি চকুত পৰিলেও এই সম্পর্কে সন্দেহৰ কোনো থল নাই যে চন্দ্রৰ হাততেই ভাৰতীয় ইতিহাস
চর্চাই এক বলিষ্ঠ গতি লাভ কৰিলে।