ময়ূৰ চেতিয়া
(নতুন পদাতিক, ডিচেম্বৰ ২০১৪ সংখ্যাত প্রকাশিত)
(নতুন পদাতিক, ডিচেম্বৰ ২০১৪ সংখ্যাত প্রকাশিত)
জয়ৰছ বানাজীৰ ‘ফেচীবাদৰ ৰাজনৈতিক সংস্কৃতি’ শীর্ষক লেখনীটোৰ বিষয়ে অৱনী বৰঠাকুৰদেৱে (নতুন পদাতিক, জুলাই ২০১৪ সংখ্যাত) কৰা মন্তব্যখিনিৰ পটভূমিত আমিও কিছু কথা কব বিচাৰিছোঁ। আলোচনাৰ সুবিধাৰ বাবে আমাৰ বক্তব্যখিনি পইণ্ট অনুসৰি শ্রেণীৱদ্ধ কৰি লৈছোঁ :
১) আমি বুজি পোৱা মতে বানাজীয়ে ফেচীবাদৰ সৈতে পুঁজিৰ এটি ওচৰ সম্পর্ক (relation) থকাৰ কথাটো অস্বীকাৰ কৰা নাই। কিন্তু ‘সম্পর্ক থকা’ আৰু ‘পুঁজিপতিসকলে নিজেই ফেচীবাদৰ সৃষ্টি কৰা’ – এই দুটা কথাৰ মাজত তফাৎ আছে। বানাজীয়ে সঠিকভাৱেই কৈছে যে পুঁজিপতিসকলে ফেচীবাদীহঁতক সহায় সমর্থন কৰাৰ কথাটোৰ প্রতি আঙুলিয়াই দিয়েই ফেচীবাদৰ গতিৰেখা (dynamics) বা লজিক বুজিব পৰা নাযাব। শেষ অর্থত(in the last instance) ফেচীবাদে পুঁজিপতিসকলক নিশ্চয়েই লাভাম্বিত কৰে আৰু সেয়েহে সংকটত পৰা যেন অনুভৱ কৰিলেই প্রায়ে পুঁজিপতিসকলে ফেচীবাদী দল সংগঠনক সমর্থন কৰা আৰম্ভ কৰে। কিন্তু তাৰ অর্থ এইটো নহয় যে খোদ পুঁজিপতিসকলে নিজেই ফেচীবাদৰ সৃষ্টি কৰিছে। ফেচীবাদ হৈছে আপেক্ষিকভাৱে স্বায়ত্ত(relatively autonomous) এক সামাজিক-ৰাজনৈতিক আন্দোলন। আমি বুজা মতে মূলতঃ সমাজৰ বিভিন্ন পেটি-বুর্জোৱা অংশসমূহৰ পৰাই ফেচীবাদী মতাদর্শৰ জন্ম হয় (এই কথাটো হয়তো বানাজীয়ে স্পষ্টকৈ উল্লেখ কৰাটো প্রয়োজনীয় আছিল)। পুঁজিবাদী সামাজিক ব্যৱস্থাৰ বিভিন্ন ধৰণৰ ৰাজনৈতিক-আর্থিক তথা সামাজিক-আধ্যাত্মিক সংঘাত/অন্যায়/প্রশ্নৰ উত্তৰ বিচাৰি পেটি বুর্জোৱাই হাবাথুৰি খায়। তেওঁলোকে শ্রমিকৰ দর্শন অর্থাৎ মার্ক্সবাদৰ ওচৰত এই প্রশ্নসমূহৰ উত্তৰ বিচাৰিব পাৰিলেহেতেন। কিন্তু পেটি বুর্জোৱাই শ্রমিকক অৱজ্ঞাৰ দৃষ্টিৰে চায়। সেয়েহে নিজৰ সামাজিক স্থিতিৰ পৰা তললৈ গৈ শ্রমিকৰ মার্ক্সবাদ গ্রহণ কৰাৰ প্রশ্ন সাধাৰণতে নুঠে। আনহাতে পেটি বুর্জোৱাই বৃহৎ পুঁজিপতিসকলকো ঘৃণা কৰে। সেয়েহে তেওঁলোকে এখন বৈকল্পিক পৃথিবীৰ কল্পনা কৰে য’ত বৃহৎ পুঁজিপতিৰ দপদপনিও নাথাকিব আৰু ‘সকলোৱেই’ (অর্থাৎ পেটি বুর্জোৱাহঁতে) সমতামূলকভাৱে থাকিব পাৰিব (অৱশ্যে দেশ কাল ভেদে বৃহৎ বুর্জোৱাৰ প্রতি পেটি বুর্জোৱাৰ দৃষ্টিভংগীৰ কিছুপৰিমাণে পার্থক্যও থাকিব পাৰে)। সমস্যাটো হৈছে যে এনে এক বৈকল্পিক ব্যৱস্থা নির্মাণ কৰাটো অসম্ভৱ। ‘পেটি বুর্জোৱা সমাজ ব্যৱস্থা’ বুলি কোনো ব্যৱস্থা থাকিব নোৱাৰে; হয় সি এক প্রকাৰৰ পুঁজিবাদেই হব লাগিব নতুবা সমাজবাদ হব লাগিব। আন কথাত কবলৈ গলে সমাজৰ প্রকৃত প্রশ্নসমূহ বিশ্লেষণ কৰাৰ ক্ষেত্রত পেটি-বুর্জোৱাহঁত অক্ষম। পুঁজিবাদৰ কোনো বৈজ্ঞানিক বিশ্লেষণ দাঙি ধৰিব নোৱাৰাৰ বাবে অৱশেষত সিহঁতে পুঁজিবাদৰ ওচৰতেই আত্ম-সমর্পণ কৰে। এইখিনিতে বানাজি কথিত বিভিন্ন ধৰণৰ অৱদমনৰ সংস্কৃতিৰ প্রাদূর্ভাৱৰ প্রসংগটো আহে। সিবিলাকৰ অহৰহ প্রভাৱৰ ফলস্বৰূপে, অর্থনৈতিক সংকটৰ সময়ত উদাৰবাদী বা বাওঁপন্থীসকলৰ বিপৰীতে জনগনে ফেচীবাদৰ ফালেই ঢাপলি মেলাটো সহজ হৈ পৰে। ফেচীবাদীহঁতে কঠিন প্রশ্ন একোটাৰ সৰল আৰু বিভ্রান্তিকৰ উত্তৰ একোটাহঁত দাঙি ধৰে। তদুপৰি সিহঁত সর্বদা কোনো বলিৰ পঠাৰ ধাণ্ডাত থাকে। কেতিয়াবা এই বলিৰ পঠাৰ চিনাক্তকৰণ ইহুদীসকলৰ ৰূপত কৰা হয়, কেতিয়াবা মুছলমানসকলৰ ৰূপত। আবেগসর্বস্বতা হৈছে ফেচীবাদী মানসিকতাৰ অন্যতম মূল বৈশিষ্ট। এনে স্থিতিত সমাজত পূর্বৰে পৰা থকা বিভিন্ন ধৰণৰ অৱদমনমূলক সংস্কৃতিৰ প্রাদূর্ভাৱৰ ফলত ফেচীবাদৰ বিকাশৰ পথ আৰু অধিক সূচল হৈ পৰে। সেয়েহে বানাজিয়ে বাৰম্বাৰ বিভিন্ন ধৰণৰ অৱদমনমূলক সামাজিক-সাংস্কৃতিক গাঁথনি, পূর্বাগ্রহ আদিৰ বিৰুদ্ধে সংগ্রামৰ প্রয়োজনীয়তাৰ কথা দোহাৰিছে।