Tuesday, March 24, 2015

অসমীয়া আৰু থলুৱাৰ সংজ্ঞাঃ এটি সমাধান পথঃ ধ্রুৱজ্যোতি বৰা


অসমীয়া আৰু থলুৱাৰ সংজ্ঞা সম্পর্কে চলি থকা বিতর্কৰ পটভূমিত অসম সাহিত্য সভাৰ সভাপতি ধ্রুৱজ্যোতি বৰাই এটি সমাধান সূত্র দাঙি ধৰিছে। তেওঁৰ প্রস্তাখিনিৰ সৈতে কিছু দ্বিমত থাকিলেও অন্ততঃ তেওঁ অনুসৰণ কৰা পদ্ধতিটো ঠিকেই যেন দেখিছোঁ।ৰাইজৰ সুচিন্তিত মন্তব্য আশা কৰিলোঁ। "আছু সুবিধাবাদী" বা "আমছু বাংলাদেশীৰ দল" আদি স্থূল মন্তব্যৰে আলোচনাটো বিভ্রান্তিৰ পথেৰে লৈ নাযাবলৈকো অনুৰোধ জনালোঁ। গালি গালাজ পিছে পৰেও দিয়া যাব পাৰে, প্রথমে সমস্যা সমাধান সম্পর্কে ঠাণ্ডা মগজুৰে আলোচনা কৰাটোহে মূল কথা।

মোৰ বোধেৰে বৰাৰ প্রস্তাৱটোৰ সম্পর্কে কেইটামান আপত্তি এনেধৰণৰ হব পাৰেঃ

১) ধৰক ১৯৫১ৰো পূর্বে অসমলৈ অহা পূর্ববংগীয় মূলৰ ব্যক্তি এজনে (কিছুদূৰৈলৈ হয়তো যুক্তিসংগতভাৱেই) আক্ষেপ কৰিব পাৰে- “আমি ইমানদিন অসমত থাকিলো। তথাপিও অসমীয়া নহলোনে?”


পিছে নহয়, বৰাই তেওঁক “অসমীয়া” নহয় বুলি কোৱা নাই; “খিলঞ্জীয়া” নহয় বুলিহে কৈছে। বাকী অসমীয়া/ভাৰতীয় হোৱাৰ সকলো সুবিধা তেওঁ পাব। ব্যক্তিজন যদি মুছলমান সম্প্রদায়ৰ, তেওঁৰ বাবে চাচাৰ কমিটিয়ে আগবঢ়োৱা বিভিন্ন সা-সুবিধাও নিশ্চয় আগবঢ়াব লাগিব। পিছে খিলঞ্জীয়াৰ বাবে সংৰক্ষিত চিট কেইটাত তেওঁ নির্বাচনী প্রতিদ্বন্দ্বীতা কৰিব নোৱাৰে। ভোট অৱশ্যেই দিব পাৰিব।

২) বিশুদ্ধ ৰাজনৈতিক দিশৰ পৰা চাবলৈ গলে এই প্রস্তাৱটোৱে ১৯৫১ৰ পূর্বৰ পূর্ববংগীয় মূলৰ লোকসকলক পাছৰ কালৰ (১৯৫১-৭১ৰ) অভিবাসী সকলৰ কাষলৈ ঠেলি দিয়াৰ সম্ভাৱনা আছে। সেইটো ভাবিয়েই হয়টো আছুৱে চতুৰামি কৰি ১৯৫১ চনটো ভিত্তিবর্ষ হিচাপে ৰাখিব খুজিছে। পিছে তাৰিখৰ ভিত্তিত খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপন কৰা ভুল কথা। তেনে স্থলত আমছুৱেনো ১৯৭১ চনটো দাবী কৰি কি ভুল কৰিছে? অর্থাৎ তাৰিখৰ ভিত্তিত খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ কৰিবলৈ গলে ই এনেকৈ সদায়েই বিবদমান হৈয়েই থাকিব।

৩) অলপ ভবা চিন্তা কৰাৰ পাছত দেখিছোঁ, অভিবাসী মুছলমানসকলৰ বাবেও অসংৰক্ষিত  চীটকেইটাৰ ভিতৰত কেইটামান চীট তেওঁলোকৰ বাবে সংৰক্ষিত কৰিব পৰা যায়। বিশেষকৈ সেইকেইটা য'ত বহু বছৰ ধৰি অভিবাসী মুছলমানসকলেই জিকি আহিছে। (কিমানসংখ্যক চীট অসংৰক্ষিত ৰখা হব- এই সম্পর্কেও অর্থপূর্ণ আলোচনা নিশ্চয় হব পাৰে; এইক্ষেত্রত সকলোৱেৰা-ধাৰ নীতি পালন কৰাই ভাল)।   অভিবাসী মুছলমানসকল খিলঞ্জীয়া নহব পাৰে, কিন্তু তেওঁলোকো নিশ্চিতভাৱে অনগ্রসৰ এটি গোষ্ঠী। সেয়েহে তেওঁলোককো কেইটামান চীট সুকীয়াকৈ দিলে আপত্তি কৰাৰ কাৰণ নেদেখোঁ।

Saturday, March 21, 2015

গণ মুক্তিৰ সংগ্রাম আৰু বৈকল্পিক ৰাজনীতি

পুঁজিবাদী অর্থনীতিৰ অধীনত শ্রমিকসকল আইনী দৃষ্টিৰে নিজৰ শ্রম-শক্তি বেচিবলৈ স্বাধীন। শ্রমিকে নিজ শ্রম শক্তি বেচে আৰু বিনিময়ত মজুৰী লাভ কৰে। অর্থাৎ সমস্ত প্রক্রিয়াটোত সমান মূল্যৰ বস্তুৰেই আদান প্রদান হোৱা যেন ভাব হয়। শ্রমিকে এটা বস্তু (শ্রম শক্তি ) প্রদান কৰিছে আৰু বিনিময়ত আন এটা বস্তু (মজুৰী) লাভ কৰিছে। অর্থাৎ শোষণৰ প্রক্রিয়াটো ইয়াত স্পষ্ট নহয়। তদুপৰি আপাত দৃষ্টিত পুঁজিপতিজন প্রয়োজনীয় যেনেই অনুভৱ হয় – কিয়নো তেঁৱেই পইছা পাতি যোগাৰ কৰি উদ্যোগটো স্থাপন কৰিছে। পুঁজিপতি নহলে কোনে উদ্যোগ স্থাপন কৰিলেহেঁতেন? কোনে চাকৰি সৃষ্টি কৰিলেহেঁতেন? পুঁজিপতিজনে শ্রমিকক কাম কৰিবলৈ জবৰদস্তি কৰা নাই। শ্রমিকে নিজেহে জীৱিকাৰ সন্ধানত কাম বিচাৰি আহিছে। মন নগলে শ্রমিকজনে চাকৰি পৰিত্যাগ কৰিবও পাৰে!

পিছে প্রাক-পুঁজিবাদী ব্যৱস্থাসমূহত – যেনে ধৰক সামন্তীয় অর্থনীতি একোখনত কৃষকে নিজৰ মাটিত কাম কৰাৰ উপৰিও জমিদাৰৰ মাটিত গেবাৰি খাটিব লগা হয়। লগতে তেওঁ নিজৰ মাটিত উৎপাদিত হোৱা শস্যৰ একাংশও জমিদাৰক দিব লগা হয়। সমস্ত প্রক্রিয়াটোত জমিদাৰে শোষণ কৰাৰ কথাটো স্পষ্ট হৈ পৰে। কিয়নো কৃষকে বুজিব পাৰে যে জমিদাৰ নহলেও কৃষি কর্ম সুন্দৰকৈ চলি থাকিব। সমস্ত উৎপাদনৰ প্রক্রিয়াটোত জমিদাৰৰ কোনো ভূমিকা নাই।

ৰামৰ অযোধ্যা

  মূলঃ সৰোজ মিশ্ৰ https://kafila.online/2024/01/02/rams-ayodhya-saroj-mishra/ অনুবাদঃ ময়ূ ৰ চেতিয়া   কোৱা হয় -   ৰামৰ জন্ম অযোধ্য...