Saturday, May 23, 2015

নাৰীবাদী দৃষ্টিৰে পৃথিৱীখন


আগকথা

মূলঃ নিবেদিতা মেনন
অনুবাদঃ ময়ূৰ চেতিয়া
............

আপুনি বাৰু কেতিয়াবা ‘ন্যুড মেকআপ’ৰ কথা শুনিছেনে?
কেতিয়াও শুনা নাই? তেনেহলে শুনকঃ

‘ন্যুড মেকআপ হৈছে এনে এবিধ কৌশল যাৰ দ্বাৰা আপোনাৰ ছালখন সতেজ আৰু আর্দ্র যেন দেখুৱাব পৰা যায়।  কেইবিধমান বিশেষ সঁজুলি – এই ধৰক আইলাইনাৰ, মাস্কাৰা, ন্যুড লিপষ্টিক, ব্লাছ আদি প্রয়োগ কৰি আপুনি আপোনাৰ ছালখন প্রাকৃতিকভাৱেই যেন সতেজ – এনে এক ইমেজ সৃষ্টি কৰিব পাৰে! আপোনাৰ সমুখৰ ব্যক্তিজনে গমেই নেপাব যে আচলতে আপুনি মেকআপ কৰি আহিছে!’

আন কথাতঃ ঘণ্টাৰ পাছত ঘন্টা ধৰি আপুনি নিজৰ মুখখনত ৰং ঘঁহি থাকক যাতে মানুহে ভাবিবলৈ বাধ্য হয় – আপোনাৰ ছালখন স্বাভাৱিকভাৱেই ধুনীয়া আৰু আপুনি কোনো মেকআপ কৰা নাই!

আমাৰ সামাজিক ব্যৱস্থাসমূহকো ন্যুড মেকআপৰে নামান্তৰ বুলি কব পাৰি। অন্যায় আৰু অবিচাৰেৰে পৰিপূর্ণ সামাজিক ব্যৱস্থা একোটাক স্বাভাৱিক বা প্রাকৃতিক যেন প্রতীয়মান কৰিবলৈ কেতবোৰ বিশেষ সঁজুলিৰ ব্যৱহাৰ কৰা হয়। কেতবোৰ বিশেষ পৰম্পৰা অহৰহভাৱে পালন কৰি যোৱা হয়; প্রায়েই সিবিলাক হয় অদৃশ্যমান। সাংস্কৃতিক পুনঃউৎপাদনৰ অসংখ্য জটিল নেটৱর্ক কেৱল এই কামটোৰ বাবেই সর্বদা ব্রতী হৈ ৰয় বুলি কব পাৰি। পিছে এই আটাইবোৰৰে অন্তিম লক্ষ্য হৈছে একেটাইঃ সমাজখনৰ অন্যায় অবিচাৰসমূহক স্বাভাৱিক বা প্রাকৃতিক যেন প্রতীয়মান কৰা

Saturday, May 9, 2015

জনগণৰ ইতিহাসবিদ অমলেন্দু গুহ

আজি কিছু বছৰৰ আগৰ কথাঃ দিল্লীৰ এটা গৱেষণা সংস্থাত শ্রমৰ ইতিহাস বিষয়ক এখন একাডেমিক চেমিনাৰ অনুষ্ঠিত হৈছে। বেছ ইলাহী কাৰবাৰ। দেশ বিদেশৰ পৰা পণ্ডিত মানুহ আহিছে। শ্রমিকৰ সংগ্রাম, শ্রমিক মানসৰ ‘মৰেল ইকনমি’, নাইটছ অৱ লেবাৰ... আদি বিভিন্ন বিষয় সম্পর্কে আলোচনা হৈছে। হঠাতে সকলোকে হচকিত কৰি এজন অশীতিপৰ বৃদ্ধ মানুহে এটা প্রস্তাৱ দিলেঃ “সাম্প্রতিক সময়ত ভাৰত চৰকাৰৰ শ্রম বিৰোধী নীতিসমূহক গৰিহনা দি চেমিনাৰখনে এটা প্রস্তাৱ গ্রহণ কৰিব লাগে!” ভালেমান লোক আচৰিত হ’ল; কিছুমানে সমর্থন কৰি হাতচাপৰি মাৰিলে। আয়োজকসকলৰ কিংকর্তব্যবিমূঢ় অৱস্থা। অৱশেষত প্রৱীণ ইতিহাসবিদ সব্যসাচী ভট্টাচার্যৰ হস্তক্ষেপতহে আয়োজকসকল সেইবাৰলৈ ৰক্ষা পৰিল। তেওঁ হাঁহি হাঁহি বৃদ্ধক কলে, “কমৰেড, আপোনাৰ বেদনা মই বুজিছোঁ। পিছে আমি উপায়বিহীন। এইখন একাডেমিক চেমিনাৰহে। ইয়াত পলিটিকেল ৰিজলুচন পাছ কৰাৰ ব্যৱস্থা নাই।”


একাডেমিক চেমিনাৰ আৰু পলিটিকেল এক্টিভিজিমৰ মাজত পার্থক্য বুজি নোপোৱা এই মানুহজনেই হৈছে অমলেন্দু গুহ। আজিৰ সময়ত বহুতো বুদ্ধিজীৱিয়েই বিদ্যায়তনিক গজদন্তমিনাৰত নিজকে সুৰক্ষিত কৰি লোৱাৰ বিপৰীতে অমলেন্দু গুহৰ বাবে প্রগতিশীল ইতিহাস লেখন আৰু প্রগতিশীল এক্টিভিজিমৰ মাজত কোনো চীনৰ প্রাচীৰ নাছিল। তেওঁৰ লেখনীসমূহৰ পাতে পাতে ইয়াৰ প্রমাণ দেখিবলৈ পোৱা যায়। শ্রমিক আন্দোলনৰ কেৱল ইতিহাস লিখিলেইতো নহব; আজিৰ সময়ৰ শ্রমিক আন্দোলনসমূহত সক্রিয়ভাৱে বৰঙনিও যোগাব লাগিব; লাগে প্লেটফর্ম যিয়েই নহওঁক কিয়! Once a partisan, always a partisan! চল্লিছ আৰু পঞ্চাছৰ দশকত কমিউনিজমৰ শিক্ষা গ্রহণ কৰা গুহৰ বাবে সি আছিল সৰল সত্য; আজি একাডেমিয়াৰ মাজতে জীৱন পাত কৰা বহুতৰ বাবে সি হৈছে ইডিঅ’চিংক্রেচী।

ৰামৰ অযোধ্যা

  মূলঃ সৰোজ মিশ্ৰ https://kafila.online/2024/01/02/rams-ayodhya-saroj-mishra/ অনুবাদঃ ময়ূ ৰ চেতিয়া   কোৱা হয় -   ৰামৰ জন্ম অযোধ্য...