Thursday, December 29, 2016

প্রাচুর্যৰ ৰঙা সপোন [উপন্যাস] - ১

মূলঃ Red Plenty – by Francis Spufford
প্রকাশ কালঃ ২০১০ চন

অনুবাদকৰ পাতনিঃ


বাস্ত পৃথিবীখন বিশ্লেষণ ক্ষেত্রত ফিকচন কেতিয়াবা অধিক ফলপ্রসূ হব পাৰে। ফ্রাঞ্চিচ স্পুফর্ড এই কিতাপখন বিষয়েও এই কথাই কব পাৰি। এটা বৈকল্পিক ব্যস্থা, এখন বৈকল্পিক অর্থনীতি নির্মাণ ক্ষেত্রত ছোভিয়েট ইউনিয়ন কেনেধ সমস্যা সমুখীন হব লগা হৈছিল – তা বিস্তৃত বর্ণনা বিভিন্ন গ্রন্থত পোৱা যায়। এইক্ষেত্রত প্রফেচ Alec Nove গ্রন্থ An Economic History of the USSR বিশেষভাৱে উল্লেখযোগ্য। কিন্তু এনে সমস্ত সমস্যাবো স্পুফর্ড কিতাপখনত বিভিন্ন  মানৰিত্র তথা সাল ঘটনা ৰূপত জীন্ত হৈ উঠিছে। যিসকলে আর্থিক ইতিহাস পঢ়িবলৈ টান পায়, তেওঁলোকে এই কিতাপখন নিশ্চয় পঢ়া উচিত। আনহাতে এলেক নভ কিতাপখন পঢ়া পাঠকেও নিশ্চয় স্পুফর্ড এই গ্রন্থখন উপভোগ কৰিব। তেওঁলোকে নিশ্চয় অনুভৰিব যে যিবো কথা অতদিনে আমি মাথো বিমূর্ত ৰূপত জানি আহিছিলো, সিবিলাকে এতিয়া ক্ত-মাংসৰিত্র ৰূপ ধাণ কৰিছে।

Sunday, December 25, 2016

নাৰীবাদী দৃষ্টিৰে পৃথিৱীখন ৬

মূলঃ Seeing Like a Feminist. নিবেদিতা মেনন
অনুবাদঃ ময়ূৰ চেতিয়া

(যোৱা সংখ্যাৰ পাছৰ পৰা)

(ৰাজহুৱা) নাগৰিকত্ব আৰু (ব্যক্তিগত) পৰিয়াল

জেণ্ডাৰিঙৰ প্রক্রিয়াটোৱে নাগৰিকত্বৰ দৰে ৰাজহুৱা ধাৰণাবোৰকো প্রভাৱিত কৰেকেনেদৰে প্রাইভেট অসমকামী পিতৃতান্ত্রিক পৰিয়ালৰ ধাৰণাটোৰ জৰিয়তে ৰাজহুৱা নাগৰিকত্বৰ নির্মাণ তথা মধ্যস্থকৰণ কৰা হয় - সেয়া বুজাটো তথা তাৰ বিৰোধিতা কৰাটো প্রয়োজনীয়। নাৰীবাদী তত্ত্বৰ মতে, পিতৃতান্ত্রিক পৰিয়ালেই হৈছে সমাজত মহিলাৰ নিম্নস্থানৰ বাবে প্রধানকৈ জগৰীয়া আৰু গতিকেই নাৰীবাদীসকলে ‘পার্চনেল ইজ পলিটিকেল’ৰ দৰে শ্লোগানত বিশ্বাস কৰেএই শ্লোগানৰ অর্থ হৈছে - যাক সাধাৰণতে ‘পার্চনেল’ বিষয় বুলি গণ্য কৰা হয়  (যেনে ধৰক পাকঘৰৰ ৰাজনীতি, বেডৰুমৰ ফুচফুচনি) - সিবিলাকো হৈছে বিভিন্ন ক্ষমতা সম্পর্কৰ অধীন আৰু কাজেই ‘ৰাজহুৱা’ বিষয় (যেনে নাগৰিকত্ব, সম্পত্তি, চাকৰি আদি) বিলাকৰ ক্ষেত্রতো সিবিলাকে বিশেষ প্রভাৱ পেলায়; সেয়েহে পাকঘৰ, বেডৰুম আদিকো ‘ৰাজনৈতিক’ বিষয় হিচাপে গণ্য কৰা উচিত

উদাহৰণস্বৰূপে, ২০০৫ চনত ভাৰতৰ উচ্চতম ন্যায়ালয়ে এটা গোচৰ সংক্রান্তত ঘোষণা কৰিলে যে  একোটা শিশুৱে তাৰ পিতৃৰ জাতি বহন কৰেগোচৰটোত আদালতে অনুসূচীত জাতিৰ বাবে সংৰক্ষিত এটা সমষ্টিৰ পৰা বিজয় লাভ কৰা এগৰাকী মহিলাৰ বিধায়িকা পদ নাকচ কৰিলে কিয়নো মহিলাগৰাকীৰ পিতৃ এজন উচ্চ বর্ণৰ ব্যক্তি আছিল। পৰাজিত প্রার্থীসকলে ৰূজো কৰা এই গোচৰটোত বিধায়িকা শ্রীমতী শোভা দেৱীয়ে আদালতত আবেদন কৰিছিল যে যিহেতু তেওঁৰ পিতৃয়ে তেওঁৰ নিম্নজাতিৰ মাতৃক কেতিয়াও আনুষ্ঠানিকভাৱে বিয়া কৰোৱা নাছিল, যিহেতু তেওঁৰ পিতৃয়ে বহু আগেয়েই তেওঁৰ মাতৃক পৰিত্যাগ কৰি গুচি গৈছিল আৰু মাতৃৰ সমাজখনৰ মাজতেই তেওঁ ডাঙৰ দীঘল হৈছিল, সেয়েহে মাতৃৰ জাতিসূচক নাম ব্যৱহাৰ কৰিবলৈ তেওঁৰ যোগ্যতা আছে। আদালতে পিছে তেওঁৰ এই যুক্তি মানি নললে আৰু বৰং এইবুলি খেদ প্রকাশহে কৰিলে যে কেৱল ৰাজনৈতিক সা-সুবিধাৰ বাবেই বিধায়িকা গৰাকীয়ে তেওঁৰ নিজা মাতৃক ‘ৰক্ষিতা’ বুলি তথা নিজক তথা নিজৰ পাচোঁটা ভাই-ভন্টিক ‘জাৰজ’ বুলি অভিহিত কৰিছে।

আদালতৰ মগজুত এইক্ষেত্রত কেইটামান বিচিত্র ধাৰণাই ক্রিয়া কৰিছিল। প্রথমঃ আদালতে বিশ্বাস কৰিছিল যে যিকোনো সসন্মানীয় ব্যক্তিয়েই নিশ্চয় নিজৰ ‘জাৰজ’ চৰিত্র লুকুৱাই ৰাখিবলৈ চেষ্টা কৰিব আৰু গতিকেই এগৰাকী সন্মানীয় বিধায়িকাই নিজকে ‘জাৰজ’ বুলি কোৱাৰ অর্থ হৈছে - তেওঁ ৰাজনৈতিক ক্ষমতাৰ লোভতহে এই কথা কৈছে। দ্বিতীয়তে - উচ্চ বর্ণৰ তিনিওজন ন্যায়াধীশে বিশ্বাস কৰিছিল যে অনুসূচীত জাতি-জনজাতিয়ে ভোগ কৰা সংৰক্ষণ ব্যৱস্থা হৈছে এক অন্যায়পূর্ণ ব্যৱস্থা আৰু তাক যিমান পাৰি সিমানলৈ সীমিত কৰি ৰাখিব লাগেএই ৰায়দানটোৰ এক মুক্তিদায়ী সম্ভাৱনা আছিল – আন্তর্জাতীয় বিবাহক স্বীকৃতি দিয়া তথা অবৈবাহিক মহিলাৰো বৈবাহিক অধিকাৰ স্বীকাৰ কৰা এক আইনী দৃষ্টান্ত হিচাপে ৰায়দানটো ব্যৱহৃত হোৱাৰ থল আছিল। কিন্তু যিটো ৰূপত ৰায়দানটো প্রদান কৰা হল - শেহপর্যন্ত ই জাতিসূচক পৰিচিতিবোৰক পিতৃতন্ত্রৰ জৰিয়তে স্বাভাৱিক যেন কৰি তোলাতহে সহায় কৰিলে।

আন এটা উদাহৰণ দিয়া যাওঁক। মধ্যপ্রদেশৰ চৰকাৰে মাজতে এখন আঁচনি ললে -‘মুখ্যমন্ত্রী কন্যাদান আঁচনি’ যাৰ অধীনত দুখীয়া ঘৰৰ ছোৱালীবোৰক চৰকাৰী খৰছত বিয়া দিয়াৰ ব্যস্থা কৰা হল। এনে বিবাহ হৈছে সম্পূর্ণ বিনামূলীয়া আৰু সকলো খৰছ জিলা প্রশাসনেই বহন কৰেলগতে প্রতিহাল দম্পতীক পাঁচ হাজাৰ টকাৰ ঘৰুা সামগ্রীও দিয়াৰ ব্যস্থা কৰা হলআন কথাত, ৰাজ্যিক চৰকাৰে নিজে দেউতাকৰ ভূমিকা লৈ সকলো ছোালীৰ বাবে বিবাহ এক অধাৰিত নিয়তি বুলি ঘোষণা কৰিলে এনেকৈ বিবাহৰ বাবে টকা খৰছ কৰি থকাতকৈ গাভৰু ছোালীহঁতক কিছু কাৰিকৰী ট্রেইনিং, জীিকা চলাবলৈ সৰু-সুৰা ব্যসায় আদি প্রশিক্ষণ ইত্যাদিও দিব পৰা গলহেঁতেন। পিছে আঁচনিখনৰ এইজাতীয় সমালোচনা কেতিয়াও বিকশিত কৰা নহল। হঠাতে ২০০৯ চনৰ জুলাইৰ আশে পাশে খবৰ আহিল – এনে বিবাহৰ বাবে চয়ন কৰা ছোালীহঁতৰ হেনো ‘কুমাৰীত্ব পৰীক্ষা’(virginity test) লোা হৈছে চাৰিওফালে হুলস্থূল লাগি গল (Ghatwai 2009) নিশ্চিতভাৱেই ই এক অদ্ভুত কাণ্ড আছিলপিছে এইখিনিতে এটা কথা মন কৰকঃ বিবাহত ‘কন্যাদান’ কৰা প্রতিজন পিতৃয়েই এক প্রকাৰে তেওঁৰ ছোৱালীৰ কুমাৰীত্বৰ গেৰান্টি নিদিয়ে জানো? কন্যাদান শব্দটোৰ অর্থই জানো সেয়া নহয়? এতিয়া চৰকাৰে যদি দেউতাকৰ ভূমিকা লৈ কন্যাদান কৰিবলৈ লৈছে, তেনেস্থলত দেউতাকে জীয়েকৰ কুমাৰীত্ব পৰীক্ষা কৰিবলৈ লোৱাত আমিবোৰ কিয় আচৰিত হৈছো? অর্থাৎ কেতবোৰ অসাধাৰণ বিশেষ পৰিস্থিতিৰ অধীনতহে পৰিয়াল নামৰ অনুষ্ঠানটোৰ মাজত লুকাই থকা হিংসাৰ প্রকৃত স্বৰূপবোৰ দেখা পোৱা যায়; ‘স্বাভাৱিক’ পৰিস্থিতিত সিবিলাক ‘স্বাভাৱিক’ অর্থাৎ অদৃশ্য হৈ থাকে।

এইক্ষেত্রত যুক্তি দিয়া হৈছিল যে ইতিমধ্যেই বিয়া হৈ যোৱা কিছুমান দম্পত্তীয়ে উপহাৰখিনিৰ লোভত পুণৰ বিবাহৰ বাবে পঞ্জীয়ন কৰাইছিল; তেওঁলোকক ধৰা পেলাই আঁতৰাবলৈ এই কুমাৰীত্ব পৰীক্ষা কৰা হৈছিল। আমোদজনকভাৱে, এইক্ষেত্রত পৰীক্ষকসকলে ধৰি লৈছিল যে অবিবাহিত মহিলাসকল নিশ্চিতভাৱে কুমাৰী হবই হব! এই কন্যাদান আঁচনিখনে এটা মূল পিতৃতান্ত্রিক পূর্বধাৰণা অতি সুন্দৰকৈ আমাক দেখুৱাই দিলে – যে পৰিয়াল আৰু বিবাহৰ মূলতে হৈছে নাৰীৰ যৌনতাৰ নিয়ন্ত্রণ। ব্যক্তিগত স্তৰৰ পৰা ৰাজহুৱা স্তৰলৈ এই পূর্বধাৰণাটোৰ স্থানান্তৰণ কৰি ই তাৰ নাৰী-বিৰোধী চৰিত্রটোৰো মুখা খুলি দিলে।

বিবাহৰ অনুষ্ঠানটোক ৰাষ্ট্রই কি ৰূপত বুজে – সেয়া জানিবলৈ আন এটা উদাহৰণ লওঁ আহকঃ ভাৰতীয় দণ্ড বিধিৰ ৪৯৭ নং ধাৰা মতে যদি কোনো পুৰুষে বিবাহিত মহিলা এগৰাকীৰ সতে সম্পর্ক গঢ়ি তোলে, তেনেহলে মহিলাগৰাকীৰ স্বামীয়ে প্রথম পুৰুষজনৰ বিৰুদ্ধে  অপৰাধী গোচৰ দিব পাৰেপিছে আমোদজনকভাৱে, স্বামীজনে নিজৰ পত্নীগৰাকীৰ বিৰুদ্ধে কিন্তু এনে কোনো গোচৰ দিব নোৱাৰে! ঠিক তেনেদৰেই, পত্নী একোগৰাকীয়ে তেওঁৰ স্বামীৰ সতে সম্পর্ক ৰখাৰ বাবে দ্বিতীয় এগৰাকী মহিলাৰ ওপৰতো এনে গোচৰ দিব নোৱাৰে বা নিজৰ স্বামীৰ ওপৰতো গোচৰ দিব নোৱাৰেএনে অদ্ভুত আইনৰ অর্থ কি? ইয়াৰ অর্থ হৈছে – পত্নী একোগৰাকী হৈছে স্বামীৰ নিজা সম্পত্তি, তেওঁ এক নির্জীৱ বস্তু, যাৰ ওপৰত আন কোনো পুৰুষৰ অধিকাৰ থাকিব নোৱাৰেআন কথাত, আইনৰ এই ধাৰাটো হৈছে এক অতিশয় পিতৃতান্ত্রিক ধাৰাবিগত কিছু সময় ধৰি ভাৰতীয় আইনী আয়োগ আৰু ভাৰতীয় মহিলা আয়োগে এই ধাৰাটোক জেণ্ডাৰ-নিৰপেক্ষ কৰি মহিলাসকলকো তাৰ অধীনত আনিবলৈ দাবী জনাই আহিছে। পিছে নাৰীবাদীসকলে বিশ্বাস কৰে যে যিহেতু এই সমস্ত কাৰবাৰটোৱেই হৈছে পিতৃতান্ত্রিক, সেয়েহে আইনৰ এই ধাৰাটোৰ অধীনত মহিলাসকলকো অনাৰ বিপৰীতে ধাৰাটোকহে সম্পূর্ণভাৱে আঁতৰাই দিব লাগে। মন কৰা ভাল যে ২০১১ চন পর্যন্ত বম্বে উচ্চ আদালতে এইবুলি মতপোষণ কৰি আছিল যে বিবাহৰ পবিত্রতা ৰক্ষা কৰিবলৈ হলে ‘অবৈধ সম্পর্ক’(adultery)ক অপৰাধ হিচাপে গণ্য কৰিবই লাগিব।

প্রাপ্তবয়স্ক দুজন ব্যক্তিৰ মাজত সহমতি ক্রমে স্থাপন হোৱা যৌন সম্পর্ক অপৰাধ হবই নোৱাৰেৱশ্যেই ব্যক্তি একোজনে নিজৰ পার্টনাৰৰ সহমতি অবিহনে আন এজন ব্যক্তিৰ সতে সম্পর্ক স্থাপন কৰিলে ই বিবাহ-বিচ্ছেদৰ কাৰণ নিশ্চয় হব পাৰে, কিন্তু তাক কোনোপধ্যে অপৰাধ বুলি গণ্য কৰিব নোৱাৰিআধুনিক আইন বিধিত এই ৪৯৭ নং ধাৰাটোৰ কোনো স্থান থাকিব নোৱাৰে আৰু অতি সোনকালেই তাক আঁতৰাই পেলোৱা উচিত। তাৰ বিপৰীতে, একে এক পৰিবেশ সৃষ্টি কৰাৰ প্রয়োজনীয়তা আছে য’ত বিবাহ মানুহৰ বাবে এটা স্বাধীনভাৱে লব পৰা সিদ্ধান্ত হব, য’ত বিয়া কৰাবলৈ কোনো হেঁচা নাথাকিব, য’ত ন্যায়পূর্ণ বিবাহ-বিচ্ছেদৰ সুযোগ থাকিব, য’ত বিবাহ বিচ্ছেদৰ পাছত পৰিয়ালৰ সম্পত্তিৰ সমানুপাতিক বিভাজনৰ ব্যৱস্থা থাকিব। যেতিয়ালৈকে মহিলাসকলে বৈবাহিক সম্পত্তিত সমান অধিকাৰ লাভ নকৰে, তেতিয়ালৈকে গৰিষ্ঠসংখ্যক মহিলা বৈবাহিক সম্পর্কটোৰ দুর্বল পার্টি হিচাপে পৰিগণিত হৈ থাকিব, তেওঁলোকৰ ঘৰুৱা শ্রমৰ অৰিহণা স্বীকাৰ কৰি লোৱা নহব আৰু বিবাহ-বিচ্ছেদৰ পৰিস্থিতিত তেওঁলোকে আর্থিক নিৰাপত্তাহীনতাত ভূগি থাকিব। প্রায়েই দেখা যায় – বিবাহ বিচ্ছেদৰ পাছত মহিলাসকলৰ ওচৰত বসবাস কৰিবলৈ নিজাকৈ এডোখৰি চালিও নাথাকে। চৰকাৰে কিছুবছৰ পূর্বে এখন নতুন বিধেয়ক প্রস্তুত কৰিছে য’ত হিন্দু বিবাহ আইনৰ অধীনত 'বৈবাহিক সম্পর্কৰ স্থায়ী পতন' বিবাহ বিচ্ছেদৰ কাৰণ হব পাৰে বুলি মানি লোৱা হৈছে। পিছে মহিলা সংগঠনসমূহে আশংকা প্রকাশ কৰিছে যে ঘৰুৱা সম্পত্তিৰ সমানুপাতিক বিভাজনৰ ব্যৱস্থা নকৰাকৈ চিধাই এনেকৈ বিবাহ-বিচ্ছেদ সহজ কৰি পেলালে স্থিতি মহিলাৰ বাবে ভাল হোৱাক চাৰি বিপৰীত হোৱাৰহে সম্ভাৱনা আছে (Singh 2012)

ক্রমশঃ


Monday, October 10, 2016

শৰতৰ সুসমাচাৰ

হীৰেন গোহাঁই

আধা শতিকা পূর্বে দুর্গা পূজা এক আকাংক্ষিত, প্রত্যাশিত উৎসৱ আছিল কঠোৰ জীৱন সংগ্রামক এক সুফলা পৰিসমাপ্তি আনিব পৰা এক অনুষ্ঠান হিচাপে। ৰদ-বৰষুণে কৃষকৰ দেহ আৰু পথাৰৰ মাটি গচকি যোৱাৰ পাছত আদৰি লোৱা, কিঞ্চিত জিৰণি লোৱাৰ আৰু ধান পকাৰ বতৰলৈ বাট চোৱাৰ বতৰ। নানা উৎসৱ-পার্বণে পৰিশ্রান্ত দেহ-মন জুৰ পেলাইছিল, দেৱী শক্তিৰ ওচৰত প্রার্থনাও কৰা হৈছিল পৰিশ্রমৰ জোখাৰে ফলপ্রাপ্তিৰ বাবে। তাহানিৰ চহৰীয়া জীৱনতো ছাঁ পৰিছিল এই গ্রামীণ বাস্তৱতাৰ। আজি চহৰীয়া জীৱনেহে গাৱঁ জীৱনৰ ওপৰত বেছি প্রভাৱ পেলাইছে।

চহৰীয়া জীৱন এতিয়া অহর্নিশে ধন উৎপাদনত নিমগ্ন, বিৰাম-বিশ্রামৰ নিয়ম নমনা এক জীৱন-যাত্রা। প্রতি পদে পদে অপাৰ আশাৰ লগতে উৎকণ্ঠা, সপোনৰ সতে মিহলি আতংক। পৰিবেশৰ পৰা সময়ে-অসময়ে ভাহি আহে নিঃসীম নৈৰাশ্য, আত্মহত্যা অথবা অন্ধ আক্রোশ আৰু হিংসা, অন্তহীন হৃদয়হীনতা আৰু নিষ্ঠুৰতাৰ বার্তাবাহী শব্দ তথা দৃশ্যৰ তৰংগ। সেয়ে শাৰদীয় উৎসৱো সেই যন্ত্রণাৰ পৰা সমূহীয়া পলায়নৰ এটা চেলু হৈ পৰিছে। উপভোগত মন-প্রাণ সঁপি সেই মৰুময়তা দূৰলৈ ঠেলি দিয়াৰ এক সাময়িক প্রচেষ্টা। আশী ফুট ওখ দুর্গাই ষাঠি ফুট দৈর্ঘ-প্রস্থৰ মহিষাসুৰৰ বক্ষ বিদীর্ণ কৰাৰ উত্তেজনাত যেন দৈনন্দিন জীৱন অসহনীয় ৰূঢ়তা তল পেলাব পাৰি, তাৰ বাবে যেন কি এক অধীৰ বাসনা। পূজা মণ্ডপৰ বিজ্ঞাপন-বিকিৰিত আলোকমালাই তাৰ বাবেই সকলোকে হাতবাউল দি মাতে।

এই অচিন ৰম্যপুৰীত মানুহৰ আত্মাই বাট হেৰুৱায় নেকি? যি আনন্দই মানুহৰ চকু-মুখ উজলাই ৰাখে, হৃদয়ৰ গভীৰলৈ নিগৰি-নিজৰি সি শান্তি আৰু তৃপ্তি আনেনে? আমি নাজানো। কেৱল জানো সেই সকলোৱেই মানুহ। নিজৰ অজ্ঞাতে সকলোৱে বিচাৰে সেই হেৰুৱা আনন্দৰ ঠিকনা – যেন ঘোপৰা অৰণ্যৰ কোনোবাখিনিত বৈ থকা নির্মল, নির্ভয় নিজৰাৰ কলধ্বনি।

অস্বীকাৰ কৰি লাভ নাই যে অপ্লাৱিত ধন-ঐশ্বর্যৰ আকাংক্ষাই টানি নিয়া সমাজখন আজি সংকটগ্রস্ত। তাৰেই পৰিণামত আমাৰ কেউফালে উফৰি-ছিটিকি পৰিছে হেজাৰ আশাভংগ, প্রতাৰণা, নিপীড়ন, হিংসাৰ টুকুৰা, যেন এক অন্তহীন যেন লগা বোমা বিস্ফোৰণৰ অগ্নিপিণ্ড। কিন্তু মানুহে নিৰলে কান্দিবলৈ পাহৰি গলেও পাহৰা নাই, যে সি আন কিবা বিচাৰিহে এইপিনে আহিছিল। আৰু বহুজনৰ সংগ্রাম, ব্যর্থতা, নৈৰাশ্যৰ পিচতো অনন্ত জনপ্রবাহে জীয়াই ৰাখে সেই সন্ধানৰ আকূতি। যৌৱনৰ অফুৰন্ত শক্তিয়ে বাৰে বাৰে খুন্দা মাৰে ৰূদ্ধ দেৱালত। জীয়াই থাকে আশাৰ স্বর্গীয় বন্তিগছি- নিশ্ছিদ্র এন্ধাৰৰ মাজতো।

নৰৰ দুৱাৰত সেয়েহে মহাকবি ডাণ্টেই দেখিছিল সেই বাক্যষাৰি –
‘Abandon all hope, you who enter here.’
























(‘অসমীয়া প্রতিদিন’ কাকতত প্রথম প্রকাশিত)

Wednesday, September 14, 2016

বিহংগম দৃষ্টিৰে বিংশ শতিকা (দ্বিতীয় তথা অন্তিম অংশ)


ৰিক হবছবম
ভাবানুবাদঃ ময়ূ চেতিয়া

১৯৯০ৰ পৃথিবীখনৰ সৈতে ১৯১৪ৰ পৃথিবীখন তুলনা কৰি চালে কেনেধৰণৰ দৃশ্য দেখা পোৱা যায়?  ১৯৯০ চনত বিশ্বৰ মুঠ জনসংখ্যা আছিল পাঁচ বা ছয় বিলিয়ন; ১৯১৪ চনতকৈ প্রায় তিনিগুণ বেছি। অথচ এনে বিপুল জনসংখ্যাবৃদ্ধি এনে এটা শতিকাত ঘটিছিল যিটো শতিকাত পূর্বৰ সমস্ত ইতিহাসৰ তুলনাত আটাইতকৈ বেছি মানুহ আন মানুহৰ সচেতনৰ পৰিকল্পনাৰ ফলত বা অৱহেলাৰ ফলত মৃত্যুমুখত পৰিছিল। এটা শেহতীয়া হিচাপ মতে বিংশ শতিকাত এনেদৰে মৃত্যু হোৱা মানুহৰ সংখ্যা হৈছে প্রায় ১৮৭ মিলিয়ন অর্থাৎ ১৯০০ চনৰ মুঠ বিশ্ব জনসংখ্যাৰ ১/১০ অংশতকৈ অলপমানহে কম। সি যি কি নহওঁক, ১৯৯০ৰ দশকৰ বেছিভাগ মানুহেই তেওঁলোকৰ পিতৃ-মাতৃতকৈ ওখ আছিল, অধিক ভাল খাদ্য খাবলৈ পাইছিল, অধিক ভাল অৱস্থাত জীয়াই আছিল তথা অধিক আয়ু লাভ কৰিছিল। অৱশ্যে ১৯৮০ তথা ৯০ৰ দশকত আফ্রিকা, লেটিন আমেৰিকা তথা প্রাক্তন সমাজবাদী দেশবোৰত সংঘটিত হোৱা গণ্ডগোলবোৰলৈ চালে এনে পৰিসংখ্যাবোৰ অবিশ্বাস্য যেনেই ভাব হয়। পণ্যসামগ্রী তথা সেৱা উৎপাদনৰ ক্ষেত্রত তথা বিভিন্ন  বৈচিত্রপূর্ণ পণ্যৰ উপলভ্যতাৰ ক্ষেত্রত ৯০ৰ দশকৰ পৃথিবীখন পূর্বৰ সমস্ত ইতিহাসতকৈ অধিক ঐশ্বর্যময় হৈ পৰিছিল বুলি কব পাৰি। অন্যথাই এক বিপুল সংখ্যক জনসংখ্যাক খুৱাই-পিন্ধাই ৰখাটো বিশ্বৰ বাবে সম্ভৱপৰ নাছিল। ১৯৮০ৰ দশক পর্যন্ত বেছিভাগ মানুহেই তেওঁলোকৰ পিতৃ-মাতৃতকৈ ভাল জীৱন যাপন যাপন কৰিছিল আৰু বিকশিত দেশবোৰলৈ চালে জীৱন স্তৰৰ বিকাশে কল্পনাৰ সীমাও চেৰাই গৈছিল; মানুহে নিজে আশা কৰাতকৈ বহু ভাল স্তৰত জীৱন অতিবাহিত কৰিবলৈ সুযোগ পাইছিল। শতিকাটোৰ মাজৰ অংশটোত কিছুসময়ৰ বাবে এনে অনুভৱো হৈছিল – যেন সমাজৰ বিপুল সম্পদসমূহ অন্ততঃ ধনী দেশৰ শ্রমজীৱি জনগণৰ মাজত কিছুদূৰৈলৈ ন্যায়সংগতভাৱে বিতৰণ কৰাৰ উপায়ো বিকশিত কৰিব পৰা গৈছে; অৱশ্যেই শতিকাৰ শেহৰছোৱালৈ অসমতা পুণৰ বৃদ্ধি হৈ আহিছিল। পূর্বৰ সমাজবাদী দেশবোৰতো এইবাৰ অসমতাই মূৰ দাঙি উঠিছিল – য’ত পূর্বে নিম্নস্তৰত হলেও সমতাৰ এটা বিশেষ স্তৰ লাভ কৰা হৈছিল। ১৯১৪ চনৰ তুলনাত ১৯৯০ৰ দশকৰ নাগৰিকসকল বহু বেছি পৰিমাণে শিক্ষিত হৈ পৰিছিল। মানৱ ইতিহাসত পোন প্রথমবাৰৰ বাবে বেছিভাগ মানুহকেই অন্ততঃ চৰকাৰী পৰিসংখ্যা অনুসৰি সাক্ষৰ বুলি কব পৰা গৈছিল। অৱশ্যে সমাজৰ এলিট স্তৰত লিখন আৰু পাঠনৰ যেনে উচ্চ স্তৰ বাঞ্চনীয় বুলি ভবা হৈছিল, তাৰ তুলনাত বেছিভাগ চৰকাৰীভাৱে সংজ্ঞায়িত সাক্ষৰ লোকক ‘প্রকৃতার্থত অশিক্ষিত’ বুলিয়েই কব পৰা গৈছিল। অর্থাৎ ১৯৯০ৰ সময়ছোৱাত শিক্ষাৰ এই প্রগতিক কিমানদূৰলৈ তাৎপর্যপূর্ণ বুলি কব পাৰি, সেয়া স্পষ্ট নহয়।

Friday, August 26, 2016

জীৱনৰ শেষপ্রহৰত নিকোলাই বুখাৰিন


মূলঃ ‘Bukharin’s Last Years’,  Roy Medvedev,  New Left Review, May-June 1978
অনুবাদঃ ময়ূৰ চেতিয়া




অনুবাদকৰ টোকাঃ

এই প্রৱন্ধটোত কোনো তাত্ত্বিক আলোচনা নাই; সাধাৰণ ৰাইজেও তাক সহজতে বুজি পাব। প্রৱন্ধটোৰ  বিষয়বস্তু হৈছে বলছেভিক দলৰ অন্যতম নেতা নিকোলাই বুখাৰিনৰ জীৱনৰ অন্তিম সময়খিনি। কেনেধৰণৰ এক ট্রেজিক পৰিস্থিতিৰ মাজত তেওঁ মৃত্যুমুখত পৰিব লগা হল – এই বিষয়ে লেখকে বিতংকৈ আলোচনা কৰিছে আৰু ইয়েই স্তালিনবাদী ব্যৱস্থাটোৰ ভয়াবহ দিশটোও উদঙাই দিছে। প্রৱন্ধটোৰ লেখক ৰয় মেডভেদেভ হৈছে ৰুছ দেশৰ এজন বয়োবৃদ্ধ মার্ক্সবাদী বুদ্ধিজীৱি। তেওঁ এতিয়াও জীয়াই আছে। স্তালিনবাদৰ বিভিন্ন ৰেকর্ড সম্পর্কে তেওঁ ১৯৭২ চনতেই ‘Let History Judge’ বোলা এখন বৃহৎ গ্রন্থ প্রণয়ন কৰিছিল। কিছুবছৰ পূর্বে গ্রন্থখনৰ এক পৰিবর্ধিত সংস্কৰণো প্রকাশ পাইছে।

স্তালিনবাদ বিষয়ক কোনোধৰণৰ নির্মোহ আলোচনা আজিও অসমীয়া ভাষাত দেখা পোৱা নাযায়। এই বিষয়ক প্রাথমিক ঘটনাৱলী সম্পর্কেই ৰাইজ অৱগত নহয়; কাজেই এনে পৰিস্থিতিত কোনো গম্ভীৰ আলোচনাও সম্ভৱপৰ নহয়। ভৱিষ্যতে স্তালিনবাদ বিষয়ক বিভিন্ন বিশ্লেষণ অসমীয়ালৈ অনুবাদ কৰাৰ এটা পৰিকল্পনা আমি কৰিছোঁ। কিন্তু তাৰ আগেয়ে হাড়-মাংসৰ স্তালিনবাদ বোলা বস্তুটোনো কি আছিল, মানুহে কেনেদৰে তাক অনুভৱ কৰিছিল, এই বিষয়েও পাঠক কিছু পৰিমাণে অৱগত হোৱাৰ প্রয়োজন আছে। এই দিশটোৰ প্রতি লক্ষ্য কৰিয়েই মেডভেদেভৰ বর্তমান প্রৱন্ধটো অনুবাদ কৰাৰ কথা ভবা হল।

Thursday, August 25, 2016

নাৰীবাদী দৃষ্টিৰে পৃথিৱীখন ৫

মূলঃ নিবেদিতা মেনন
অনুবাদঃ ময়ূ চেতিয়া

( যোৱা সংখ্যাৰ পাছৰ পৰা )

হিন্দু পৰিয়ালৰ পৰিবর্তিত ৰূপবোৰ
আজিৰ দিনত পৰিয়াল বুলিলে কেনেধৰণৰ ছবি এখন আমাৰ মনলৈ আহে? ১) এই পৰিয়ালটো হব এক একক (nuclear) পৰিয়াল – অর্থাৎ যত স্বামী, স্ত্রী তথা তেওঁলোকৰ সন্তান থাকিব ২) ই হব এক পিতৃতান্ত্রিক (patriarchal) পৰিয়াল - অর্থাৎ য’ত পৰিয়ালৰ মূৰব্বীজন সাধাৰণতেই এজন পুৰুষ হোৱা দেখা যায়। ৩) ই হব এক পিতৃজাত(patrilineal) পৰিয়াল অর্থাৎ যত পৰিয়ালৰ বংশবৃক্ষদালৰ শিপা পূর্বমাতৃসকলৰ বিপৰীতে পূর্বপূৰুষসকলৰ হিচাপ কৰি উলিওৱা হয় [মোৰ দেউতা, তাৰ আগেয়ে মোৰ ককা, তাৰ আগেয়ে আজোককা ইত্যাদি; এইক্ষেত্রত মোৰ মা, আইতা তথা আজোআইতা কোনটো বংশ বা পৰিয়ালৰ আছিল – সেয়া মূখ্য বিষয় নহয়। মা বা আইতাৰ নামেৰে মোৰ বংশ পৰিয়ালৰ চিনাকী নির্ধাৰিত হব নোৱাৰে - অনুবাদক]পিতৃজাত পৰিয়ালৰ আন এক অর্থ হৈছে – পৰিয়ালৰ সম্পত্তিৰ স্থানান্তৰণ ইটো প্রজন্মৰ পুৰুষসকলৰ পৰা সিটো প্রজন্মৰ পুৰুষসকললৈ কৰা হয় [পুৰুষ হিচাপে মোৰ দেউতাৰ সম্পত্তি মই লাভ কৰিম; মোৰ পাছত মোৰ পুত্র সন্তানে লাভ কৰিব - অনুবাদক]

আমোদজনজভাৱে, পৰিয়ালৰ এই আদর্শ ছবিখন কিন্তু মুঠেও প্রাকৃতিক, স্বাভাৱিক বা সার্বজনীন বুলি কব পৰা নাযায়; আচলতে বৃটিছ অহাৰ আগলৈকে ভাৰতৰ বহুতো অংশত পৰিয়ালৰ এই ৰূপটো দেখিবলৈকে পোৱা নগৈছিল। কেনেদৰে আজিৰ দিনৰ একক, পিতৃতান্ত্রিক তথা পিতৃজাত হিন্দু পৰিয়ালৰ ধাৰণাটো ঔপনিবেশিক কালৰ সময়ত নির্মান কৰা হৈছিল, কেনেদৰে পৰিয়ালৰ এই বিশিষ্ট ৰূপটোকেই এসময়ত স্বাভাৱিক, আদর্শ তথা প্রাকৃতিক ৰূপ বুলি ঘোষণা কৰা  হল - সম্প্রতি এই বিষয়েই আমি আলোচনা কৰিম।

Thursday, August 11, 2016

বিহংগম দৃষ্টিৰে বিংশ শতিকা

ৰিক হবছবম
ভাবানুবাদঃ ময়ূ চেতিয়া

(এয়া হৈছে এৰিক হবছবমৰ ‘এজ অব এক্সট্রিমছঃ দা চর্ট টুৱেন্টিয়েথ চেঞ্চুৰিঃ ১৯১৪-১৯৯১’ শীর্ষক বিখ্যাত গ্রন্থখনৰ প্রস্তাৱনামূলক অধ্যায়। গ্রন্থখন ১৯৯৪ চনত প্রকাশিত হৈছিল। ইয়াত লেখকে বিংশ শতিকাৰ প্রতি এক বিহংগম দৃষ্টি নিক্ষেপ কৰিছে আৰু কেতবোৰ সাধাৰণ সিদ্ধান্ত বিকশিত কৰিছে। অধ্যায়টোক এক সুকীয়া প্রৱন্ধ হিচাপেও পঢ়িব পৰা যায়হবছবমক অনুবাদ কৰা সহজ নহয়। জার্মানমূলৰ অন্যান্য লেখকৰ দৰেই হবছবমেও অতিশয় দীঘল দীঘল বাক্য লিখে। বুজাত সহজ হোৱাকৈ আমি ইয়াত দীঘল বাক্যবোৰ যতসম্ভৱ সৰল কৰিবলৈ চেষ্টা কৰিছোঁ। প্রয়োজনবিশেষে কেতবোৰ অতিৰিক্ত তথ্যপাতিৰো যোগান ধৰিছোঁ। কাজেই এই অসমীয়া সংস্কৰণটোক অনুবাদ বোলাতকৈ ভাবানুবাদ বোলাটোহে অধিক শুদ্ধ হবঅসমীয়া পাঠক লেখনীটো পঢ়ি ভাল পাব বুলি আশা কৰা হল   – অনুবাদক)

১৯৯২ চন ২৮ জুন। ফ্রাঞ্চ ৰাষ্ট্রপতি মিতেঁহই হঠাতে সিদ্ধান্ত ললে যে তেওঁ চাৰাজেভো চহলৈ যাব। য়ুগোশ্লাভিয়া দেশৰ অন্যতম মূল চহৰ চাৰাজেভো তেতিয়া গৃহযুদ্ধৰ আৱর্তত। চৌদিশে মৰামৰি, কটাকটি। যুদ্ধৰ ফলত ইতিমধ্যেই লাখ লাখ মানুহৰ মৃত্যু ঘটিছে। এনে এক অৰাজক পৰিস্থিতিত  হিলৈ আৰু বৰতোপৰ গুলীৰ মাজত ফ্রাচোঁৱা মিতেঁহ  চাৰাজেভোলৈ যোৱাৰ উদ্দেশ্য কি আছিল?

মিতেঁহই আচলতে য়ুগোশ্লাভিয়াৰ সংকট সম্পর্কে বিশ্বৰ অন্যান্য দেশবোৰ যে অতিশয় গম্ভীৰ - এই কথাটো স্থানীয় নেতাসকলক বুজাবলৈ গৈছিল। তেওঁৰ দৰে এজন অশীতিপৰ, বৃদ্ধ তথা সন্মানীয় ৰাজনেতাই  মৃত্যু আশংকাকো নেওচা দি ৰণথলীলৈ এনে সৎ উদ্দেশ্যেৰে যাত্রা কৰাৰ কথাটো বাতৰি কাকতবোৰত বেছ গুৰুত্বসহকাৰে প্রকাশ কৰা হৈছিল তেওঁৰ সাহসক প্রশংসাও কৰা হৈছিল। পিছে মিতেঁহৰ চাৰাজেভো যাত্রাৰ আন এটাও দিশ আছিল। তেওঁ গমন কৰিবলৈ চয়ন কৰা দিনটো আছিল ১৮ জুন; বিশ্ব ইতিহাসত এই দিনটোৰ এক বিশেষ তাৎপর্য আছিল। পিছে কাকত-আলোচনীবোৰে তাৰ তাৎপর্য বুজিবই নোৱাৰিলে। এই দিশটো সম্পর্কে কাকতবোৰ নিমাত হৈয়েই ৰল।

Sunday, July 31, 2016

গুৰুপত্নী সত্যা আই

মনোৰমা দাস মেধি

সত্যা আই বৈষ্ণৱ সাহিত্যৰ কোনো অলৌকিক চৰিত্ৰ নহয়। নিতান্তই সাধাৰণ এজনী মানুহ। কথা গুৰু চৰিতৰ শেষৰপিনে ‘হৰিহৰ আতাৰ চৰিত’ শীর্ষক এটা অধ্যায় আছে। সেই হৰিহৰ আতাৰে বিবাহিতা পত্নী সত্যা আই‌। পিতৃৰ নাম সত্য বৰদলৈ‌। চৰিত পুথিত সাধাৰণতে বৈষ্ণৱ গুৰু দুজনাৰ কাৰ্য-কলাপসমূহ ভক্তি সহকাৰে বৰ্ণনা কৰা হয়। শঙ্কৰদেৱৰ তিৰোধানৰ পিছত মাধৱদেৱে চৈধ্য প্রসংগৰ সময়ত গুৰুজনাৰ চৰিত চর্চা কৰিবলৈ আৰম্ভ কৰে। এই চর্চা চলিছিল আলাপ আলোচনাৰ ৰূপত। শঙ্কৰদেৱৰ সোঁহাত-স্বৰূপ আছিল তেওঁৰ প্রিয় শিষ্য মাধৱদেৱ। গতিকে অন্যান্য ভকতসকলৰ তুলনাত তেওঁ শঙ্কৰদেৱক ঘনিষ্ঠভাৱে জানিছিল আৰু বুজিছিল। বিভিন্ন পৰিস্থিতিত শঙ্কৰদেৱৰ ভূমিকা বা কাৰ্য-কলাপসমূহ তেওঁ যেনেভাৱে নিৰীক্ষণ কৰিছিল, তেনেভাৱে ভকতসকলৰ আগত বর্ণনা কৰি তেওঁ নিশ্চয় গুৰুৰ মাহাত্ম্য প্রচাৰত ব্ৰতী হৈছিল। মাধৱদেৱৰো যেতিয়া তিৰোধান ঘটিল, তেতিয়া ভকতসকলে শঙ্কৰদেৱৰ লগতে মাধৱদেৱৰো চৰিত চর্চা কৰিবলৈ ধৰে। পৰৱৰ্তী কালৰ ভকতসকলে আলাপ-আলোচনাৰ মাজেদি চৰিত চর্চা কৰাৰ উপৰিও এইবোৰ লিপিৱদ্ধ কৰিবলৈ ল'লে। সেইয়া বোধহয় সপ্তদশ শতিকাৰ দ্বিতীয়-তৃতীয় দশকমানৰ কথা। এই কাৰণেই চৰিত-পুথিৰ বৰ্ণনা-ৰীতিত স্বাভাৱিক কথন-ভঙ্গীমাটো থাকি গ’ল।

যিহেতু ‘হৰিহৰ আতাৰ চৰিত’ নামৰ অধ্যায় এটা কথা ‘গুৰু চৰিত’ৰ শেষৰ পিনে আছে, গতিকে বুজা যায় যে, হৰিহৰ এগৰাকী প্রভাৱশালী বৈষ্ণৱ গুৰু আছিল। তেওঁৰো গুণমুগ্ধ ভকতসকল আছিল। তেওঁৰ মাহাত্ম্য বা চৰিতৰ বিষয়ে চৈধ্য প্রসঙ্গৰ সময়ত ভক্তিভাৱে শ্ৰৱণ-কীৰ্ত্তন কৰা হৈছিল। সম্ভৱতঃ তেওঁ কেৱল বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰকাৰ্যতে ব্ৰতী আছিল আৰু শাস্ত্রৰ ব্যাখ্যা বা ধর্ম-তত্ত্বৰ ব্যাখ্যাত অতি পাৰদৰ্শী ব্যক্তি আছিল। কাব্য বা নাট ৰচনা কৰাহেঁতেন, তেওঁৰ নামটো নিশ্চয় অসমীয়া সাহিত্যৰ বুৰঞ্জীত পোৱা গ'লহেঁতেন। হৰিদেৱ নামৰ এগৰাকী বৈষ্ণৱ কবিৰ নাম অৱশ্যে আছে, যিয়ে বৰপেটাত থাকি ভাগৱতৰ ৫ম স্কন্ধৰ পদ ৰচনা কৰিছিল। হৰিহৰ দেৱ বা কেৱল হৰিহৰ নামৰ কোনো বৈষ্ণৱ সাহিত্যিকৰ উল্লেখ পোৱা নাযায়।

Saturday, June 25, 2016

বুর্জোৱা ৰাষ্ট্র, সংসদীয় গণতন্ত্র আৰু সংগ্রামী ৰণনীতি


ময়ূৰ চেতিয়া


আমাৰ মুলুকৰ প্রগতিশীল সংগ্রামী দলবোৰৰ মাজত প্রায়েই পুঁজিবাদ-বিৰোধিতাৰ সলনি চৰকাৰ-বিৰোধিতাহে অধিক দেখিবলৈ পোৱা যায়। উপস্থিত বুর্জোৱা চৰকাৰ একোখনৰ বিৰুদ্ধে জনগনক সংগঠিত কৰাটো তুলনামূলকভাবে সহজঃ ভাত, মাটি, কাপোৰ আদিৰ দাবীত জনগনক একত্রিত কৰি চৰকাৰবিৰোধী ধর্ণা আয়োজন কৰিব পৰাটো যিকোনো সংগ্রামী দলৰেই ঈপ্সিত লক্ষ্য। সিবিলাকৰ প্রয়োজনো নিশ্চয় নুই কৰিব পৰা নাযায়। কিন্তু কথা হৈছে যে পুঁজিবাদবিৰোধী সংগ্রাম এখন আগুৱাই নিবলৈ হলে সংগ্রামী দল একোটাই শেষপর্যন্ত চৰকাৰৰ সলনি পুঁজিবাদী ব্যৱস্থাটোকহে মূলতঃ লক্ষ্য কৰি লব লাগিব তথা সেই অনুসৰি সংগ্রামী ৰণনীতি নির্মাণ কৰিব লাগিব।

মুলুকৰ সংগ্রামীসকলে প্রেকটিকেল অভিজ্ঞতাৰ পৰাই জানে যে পুৰণি সময়ৰ লেখীয়াকৈ সশস্ত্র সংগ্রামৰ দ্বাৰা ভাৰতীয় ব্যৱস্থাটোক মষিমূঢ় কৰাটো অতিশয় দুৰুহ কাম। পিছে তাৰ কোনো সন্তোষজনক বিকল্পও তেওঁলোকে বিচাৰি পোৱা নাই। যিহেতু চৰকাৰবিৰোধী কার্যসূচী আয়োজন কৰাতেই তেওঁলোক সিদ্ধহস্ত, সেয়েহে এসময়ত গৈ ৰাইজ তথা স্বয়ং সংগ্রামী দলটোৰ একাংশই নেতৃত্বক দাবী কৰে যে এইবাৰ দলটোৱে উপস্থিত চৰকাৰখনৰ বিপৰীতে এখন কল্যাণমূলক চৰকাৰ নির্মাণৰ উদ্দেশ্যেৰে নির্বাচনত অংশগ্রহণ কৰা উচিত। দলৰ পুৰণি অভিজ্ঞ নেতাসকলে অনুভব কৰে যে বুর্জোৱা ব্যৱস্থাৰ অধীনত সংগ্রামী দল একোটাই সংসদীয় ৰাজনীতিতেই মনোনিবেশ কৰিলে দলটো পথভ্রষ্ট হোৱাৰ আশংকা থাকে আৰু সেয়েহে এনে পদক্ষেপৰ সম্ভাৱনা তেওঁলোকে নাকচ কৰেকিন্তু  বুর্জোৱা গণতান্ত্রিক নির্বাচনত সংগ্রামীসকলে কিয় অংশগ্রহণ কৰিব নালাগে তথা তাৰ কি বিকল্প আছে – এনে প্রশ্নবোৰৰ কোনো সন্তোষজনক উত্তৰ দিবলৈও তেওঁলোক ব্যর্থ হয়। শেহত গৈ “বুর্জোৱা গণতন্ত্র হৈছে গাহৰিৰ গড়াল” এইজাতীয় বাগাড়ম্বৰৰ দ্বাৰাই তাত্ত্বিক প্রশ্নবোৰৰ পালমৰা উত্তৰ দিয়া হয়। বহুতো সংগ্রামী নিৰুৎসাহিত হৈ পৰে; তেওঁলোকৰ মনত এনে ভাব হয়ঃ “আমি কি সদায়েই কেৱল আন্দোলনেই কৰি থাকিম নেকি?”। সংগ্রামী দলটোৰ মাজত ভাঙোন সৃষ্টি হয়। ইফালে  সংগ্রামী দলটোৱে দীর্ঘদিন ধৰি চলাই অহা চৰকাৰবিৰোধী গণআন্দোলনবোৰৰ সুফল আন কোনোবা বুর্জোৱা দলে গ্রহণ কৰেৰকাৰখনৰ গণবিৰোধী নীতিবোৰৰ বিৰুদ্ধে সংগ্রামী দলটোৱেই ইমানদিনে আন্দোলন চলাই আছিল, চৰকাৰখনৰ জনপ্রিয়তা তেওঁলোকেই জনচক্ষুৰ সমুখত হ্রাস কৰিছিল, অথচ ইয়াৰ সমস্ত সুফল এতিয়া আন কোনোবা বুর্জোৱা দলেহে লাভ কৰিলে!

এয়া হৈছে সাম্প্রতিক সময়ৰ বিপ্লৱী আন্দোলনৰ এখন পৰিচিত চিত্র। বিভিন্ন দেশ তথা অঞ্চলত তাৰ পুণৰাবৃত্তি দেখিবলৈ পোৱা যায়। এনে ট্রেজেদিৰ কোনো উত্তৰ বিচাৰিবলৈ হলে তত্ত্বগত প্রশ্নবোৰৰ পুণঃপৰীক্ষণ কৰাৰ বাহিৰে আন কোনো উপায় নাই।

এই লেখনীটোত বুর্জোৱা গণতন্ত্রৰ বৈশিষ্ট সম্পর্কে কিছু কথা আলোচনা কৰা হৈছে তথা বুর্জোৱা গণতন্ত্রৰ অধীনত প্রগতিশীল সংগ্রামী দল একোটাই কেনেধৰণৰ ৰণকৌশল বিকশিত কৰিব পাৰে – এই বিষয়ক কিছু সংকেত দিবলৈ চেষ্টা কৰা হৈছে। যিমান দূৰ পাৰি প্রচলিত বাওঁ-বাগাড়ম্বৰ আমি ত্যাগ কৰিবলৈ চেষ্টা কৰিছোঁ। আমাৰ মূল যুক্তি হৈছে যে সঁচাকৈয়ে আজিৰ দিনত সশস্ত্র সংগ্রাম প্রায় দূৰুহ হৈ পৰিছে আৰু বুর্জোৱা গণতন্ত্রৰ অধীনত প্রগতিশীল চৰকাৰ গঠনৰ জৰিয়তেই সংগ্রাম আগবঢ়োৱাটো প্রয়োজনীয় হৈ পৰিছে। পিছে একেসময়তে আমি বুর্জোৱা গণতন্ত্রৰ কেতবোৰ সীমাৱদ্ধতাও চিনাক্ত কৰিছোঁ আৰু কেনেদৰে সিবিলাকৰ সীমা চেৰাই যাব পৰা যায়, এইবিষয়েও কিছু কথা আলোচনা কৰিছোঁ। এনে কৰাটো জৰুৰী কিয়নো অন্যথাই বুর্জোৱা গণতন্ত্র সম্পর্কে বহুতৰে মনত কেতবোৰ অবাঞ্চিত প্রত্যাশাৰো সৃষ্টি হয় আৰু ইয়েই পাছলৈ সংশোধনবাদৰো জন্ম দিয়ে। এটা বাক্যত কবলৈ গলে, আমাৰ বক্তব্য হৈছে – শ্রমজীৱি জনগণৰ স্ব-নিয়ন্ত্রণৰ ৰাজনৈতিক সংগ্রামখন আর্থিক ভিত্তিক সংগঠিত কৰি লব নোৱাৰিলে পুঁজিবাদবিৰোধী সংগ্রামখনো বিজয়ী হব নোৱাৰে

Wednesday, June 15, 2016

ৰুছ বিপ্লৱৰ ইতিহাস ২

প্রথম অধ্যায়

ৰুছ দেশ বিকাশৰ বৈশিষ্ট্যসমূহ

লিয়ন ট্রটস্কী


ৰুছ ইতিহাসৰ আটাইতকৈ মূল তথা স্থায়ী বৈশিষ্ট্যটো হৈছে – সামাজিক বিকাশৰ মন্থৰ গতি, আর্থিক অনগ্রসৰতা আৰু তাৰ ফলস্বৰূপে সৃষ্টি হোৱা সংস্কৃতিৰ নিম্ন স্তৰ তথা সামাজিক ৰূপবোৰৰ আদিমতাপূবালী বতাহ আৰু এচীয় প্রব্রজনৰ প্রতি উন্মুক্ত এই বিশাল আৰু অনাড়ম্বৰ  ভূখণ্ড প্রকৃতিৰ দ্বাৰাই দীর্ঘ অনগ্রসৰতাৰ বাবে অভিশপ্ত আছিল। অঘৰী জাতিবোৰৰ  সতে  মাস্কোৱিৰ সংঘাত ১৭ শতিকা পর্যন্ত চলিছিল।  চেঁচা বতাহ, শীতৰ ভয়ানক জাৰ আৰু গ্রীষ্মৰ খৰাঙৰ সতে সংঘাত আজিও ওৰ পৰা নাইসমস্ত প্রগতিৰ মূল আধাৰ – কৃষিৰ বিকাশ প্রসাৰিত(extensive) ৰূপতহে সংঘটিত হৈছিল। উত্তৰৰ ফালে গছ কাটি, অৰণ্যত জুই লগাই মাটি মোকলোৱা হৈছিল। দক্ষিণৰ ফালে কুমাৰী তৃণভূমিবোৰ কামত লগোৱা হৈছিল। প্রকৃতিৰ ওপৰত বিজয়ৰ ৰূপ গভীৰ হোৱাৰ বিপৰীতে প্রসাৰিতহে আছিল।

পশ্চিমৰ ফালে বর্বৰসকলে ৰোমান সংস্কৃতিৰ ধ্বংসাৱশেষৰ ছাঁয়াত থিতাপি লবলৈ সুযোগ পাইছিল। পুৰণা সভ্যতাৰ শিলাবোৰে নির্মাণ সামগ্রীৰ যোগান ধৰিছিল। পূবৰ ফালে শ্লাৱসকল ইমান ভাগ্যবান নাছিল; বিশাল জনশূণ্য এই সমভূমিত তেওঁলোকৰ পূর্বসূৰীসকলৰ সংস্কৃতি তেওঁলোকতকৈও নিম্নবিধৰ আছিল। পশ্চিম ইউৰোপৰ জাতিবোৰে অতি সোনকালেই তেওঁলোকৰ প্রাকৃতিক সীমাৰেখাবোৰ আৱিষ্কাৰ কৰি সাংস্কৃতিক আৰু আর্থিক প্রগতিৰ সূচনা কৰিছিল; বাণিজ্যিক চহৰসমূহ অস্তিত্বলৈ আহিছিল। পূবৰ সমভূমিৰ জাতিবোৰে জনসংখ্যা কিছু বৃদ্ধি হোৱা যেন দেখিলেই নতুন মাটিৰ সন্ধানত কুমাৰী জংগল আৰু তৃণভূমিসমূহত প্রসাৰিত হৈ পৰিছিল। পশ্চিমীয়া কৃষক সমাজৰ উদ্যোগী অংশটোৱে চহৰবাসী, কাৰিকৰ আৰু বনিকৰ ৰূপ ধাৰণ কৰিছিল। পূবৰ উৎসাহী আৰু সাহসী অংশটোৰ কিছুসংখ্যকেহে বেপাৰত হাত দিছিল; অধিকাংশই কছেক, সীমান্তবাসী বা অভিযাত্রীলৈ পৰিণত হৈছিল। সামাজিক বিভাজনৰ প্রক্রিয়াটোৱে পশ্চিমত সঘন ৰূপ লৈছিল; পূবত বিকাশৰ প্রসাৰিত চৰিত্রটোৰ ফলত ই লেহেমীয়া আৰু তৰাং হৈ পৰিছিল। পিটাৰ প্রথমৰ সমসাময়িক ইটালীয় দার্শনিক জিয়’ৱান ৱিক’ৱে লিখিছে, “মাস্কোৱিয়াৰ জাৰ নামত খ্রীষ্টান হলেও দৰাচলতে তেওঁ এটা সোৰোপা জাতিৰ ওপৰতহে শাসন কৰে”মাস্কোৱিয়াবাসীৰ  এই “সোৰোপা” মানসিকতাই আচলতে আর্থিক বিকাশৰ লেহেমীয়া গতি, শ্রেণী সম্পর্কৰ আকাৰহীনতা আৰু আভ্যন্তৰীণ ইতিহাসৰ দৰিদ্র চৰিত্রটোকেই প্রতিফলিত কৰে

Sunday, June 12, 2016

দেৱকান্ত সন্দিকৈৰ মার্ক্সবাদ সমালোচনাঃ এক প্রত্যুত্তৰ


দেৱকান্ত সন্দিকৈ অসমৰ যুক্তিবাদী মহলটোৰ বেছ সসন্মানীয় ব্যক্তি। আমি নিজেও শৈশৱতে তেওঁৰ ৰছনা পঢ়িয়েই যুক্তিবাদৰ প্রতি আকর্ষিত হৈছিলোঁ। এনে এজন মানুহে যেতিয়া মার্ক্সবাদক সমালোচনা কৰি কোনো লেখনী লিখে, তেনেস্থলত লেখকৰ উচ্চস্থানৰ প্রতি সন্মান জনায়েই লেখনীটো সম্পর্কে কিছু কথা আলোচনা  কৰাটো প্রয়োজনীয়অৱশ্যে ৫ জুন তাৰিখে ‘অসমীয়া খবৰ’ত ওলোৱা সন্দিকৈৰ লেখনীটো আমি এক ব্যতিক্রম বুলিহে অনুভৱ কৰোঁ। তেওঁৰ উচ্চ প্রতিভাৰ প্রকাশ লেখনীটোত নঘটিল। বৰং কেতবোৰ পৰিচিত স্থূল যুক্তিৰেই তেওঁ লেখনীটো সামৰিলে। ভৱিষ্যতে আমাৰ পৰিচিত প্রিয় লেখকজনৰ পৰা পুণৰ উচ্চমানৰ লেখনীবোৰ আশা কৰিলো।

এই প্রত্যুত্তৰটো লিখাৰ আন এটাও কাৰণ আছে। সম্প্রতি সমাজবাদ সম্পর্কে সাম্যবাদীসকলৰ মাজতে বিভিন্ন ন ন চিন্তাৰ উন্মেষ ঘটিছে। এই লেখনীটোত সিবিলাকৰ এটা সোৱাদ  দিবলৈ যত্ন কৰা হৈছে। অধিক তাত্ত্বিক ভাষাত একেখিনি কথাকে বিতং ৰূপত জানিবলৈ আগ্রহী পাঠকে ‘নতুন পদাতিক’ৰ ডিচেম্বৰ ২০১৫ সংখ্যাত প্রকাশিত আমাৰ “সমাজবাদঃ অতীত বর্তমান তথা ভৱিষ্যত” শীর্ষক লেখনীটো পঢ়ি চাব পাৰে  

Thursday, June 9, 2016

ভাৰতৰ আঞ্চলিক বাওঁপন্থী চৰকাৰসমূহঃ এক তুলনামূলক অধ্যয়ন


ময়ূৰ চেতিয়া

তথাকথিত “বুর্জোৱা-লেণ্ডলর্ড” ব্যৱস্থাটোৰ ভিতৰতে জনগণক কিছু সকাহ দিবলৈ চিপিএম দলটোৱে অন্যান্য দলৰ লগত মিলি দেশৰ তিনিখন ৰাজ্যত বিভিন্ন সময়ত আঞ্চলিক চৰকাৰ গঠন কৰি আহিছে। কিছুদূৰৈলৈ তেওঁলোক সফলো হৈছে – পশ্চিমবংগত আধিয়াৰসকলে উৎপাদিত সামগ্রীৰ ওপৰত বেছ কিছু অধিকাৰ লাভ কৰিলে, কেৰালাত যথেষ্ঠ পৰিমাণে ঘৰমাটি দুখীয়া কৃষকে লাভ কৰিলে, ত্রিপুৰাত নৃগোষ্ঠীয় সংঘাত বহুখিনি হ্রাস পালে। বিভিন্ন সামাজিক সূচক – যেনে শিক্ষা, স্বাস্থ্যসেৱা, খোৱাপানী  আদিৰ ক্ষেত্রত কেৰালা আৰু ত্রিপুৰাৰ ৰেকর্ড আজি দেশৰ ভিতৰতে অন্যতম। অৱশ্যে পশ্চিমবংগৰ  ৰেকর্ড সিমানখিনি ভাল নহয়। এইক্ষেত্রত এখন এখনকৈ চিপিএমশাসিত ৰাজ্যসমূহৰ ৰেকর্ড চোৱা যাওঁক।

Thursday, May 12, 2016

নাৰীবাদী দৃষ্টিৰে পৃথিৱীখন ৪

ঘৰুৱা শ্রম আৰু বেতনভোগী গৃহ-শ্রমিক

ভাৰতত উচ্চ বেতন লাভ কৰা মধ্যবিত্তৰ সংখ্যা হৈছে প্রায় ৩ কোটি। এই পৰিয়ালবোৰৰ আধা সংখ্যকৰ ঘৰত একোগৰাকী বনকৰা কর্মী আছে ধৰিলে দেশত অন্ততঃ ১.৫ কোটি ঘৰুৱা শ্রমিক আছে বুলি অনুমান কৰিব পাৰি।

এটা পৰিসংখ্যাৰ প্রতি মন কৰক ইউনিয়ন-বহির্ভুত মহিলা যৌনকর্মী বিষয়ক দেশৰ প্রথমটো জৰীপ মতে প্রায় ৭১ শতাংশ যৌনকর্মী পূর্বে আন কোনো কর্মত নিযুক্ত হৈ আছিল। কামৰ ভীষণ হেঁচা আৰু কম মজুৰীৰ বাবেই তেওঁলোকে পূর্বৰ পেছা ত্যাগ কৰিছিলতেওঁলোকৰ ভিতৰত সৰহভাগেই আছিল ঘৰুৱা শ্রমিক।  অর্থাৎ এই মহিলাসকলৰ এক বৃহৎ অংশই ঘৰুৱা শ্রমিকৰ কাম বেশ্যাবৃত্তিতকৈও অধিক অপমানজনক, হেঁচা ভৰা তথা নিম্ন মজুৰীৰ যেন অনুভৱ কৰিছিল (Sahni and Shankar, 2011)ঘৰুৱা শ্রমিক মোতায়েন কৰা যিসকল মধ্যবিত্তীয় মালিকে বেশ্যাবৃত্তিক মৃত্যুতকৈ হীন যেন গণ্য কৰে, তেওঁলোকে এই তথ্যটোৰ প্রতি মন কৰি নিজকে চিকুটি চোৱা উচিত। তেওঁলোকে নিজকে প্রশ্ন কৰা উচিত; লজ্জিত হোৱা উচিত।

Monday, April 4, 2016

কমন ছেন্স আৰু ননছেন্স

জিতেন বেজবৰুৱা

‘বিজেপিক ভোট দিব’, আক্ষৰিক অৰ্থত এনেকুৱা এটা আহ্বান নিউজ লাইভ বা আন কোনো সহধৰ্মী চেনেলে আজিলৈকে নিশ্চয় কেতিয়াও জনোৱা নাই বা জনোৱাৰ সম্ভাৱনাও নাই। ‘কংগ্ৰেছক ভোট দিব’, আক্ষৰিক অৰ্থত এনেকুৱা এটা আহ্বান আছাম টকছ চেনেলে কেতিয়াও জনোৱা নাই আৰু নজনায়। এই চেনেলসমূহৰ টক শ্ব’বোৰত নিৰ্বাচন আৰু বিভিন্ন ৰাজনৈতিক দল সম্পৰ্কে ‘আলোচনা’, ‘বিশ্লেষণ’ কৰে বিভিন্ন সাংবাদিক, বুদ্ধিজীৱী, ৰাজনীতিকসকলে। দলীয় ৰাজনীতিকসকলক বাদ দি তাত অংশগ্ৰহণ কৰা বিভিন্ন আলোচকসকলক ‘মই অমুক দলকে সমৰ্থন কৰো বা ভাল পাওঁ’, এনেকুৱা কথা কেতিয়াবা কোৱা শুনিছে জানো? বা আলোচনাৰ আঁত ধৰা সাংবাদিকসকলৰ মুখতো জানো তেনে কিবা কথা শুনিছে? নিশ্চয় শুনা নাই, নুশুনিবও কিজানি। নিৰ্বাচনৰ আগমুহূৰ্ততো নিশ্চয় সকলোৱে নিজা নিজাধৰণে ‘বিবেক ভোট’ (এই বস্তুটো অৱশ্যে বৰ ৰহস্যময়, ভোট দিবৰ সময়ত উলিয়াই ব্যৱহাৰ কৰিব পৰাকৈ এই ‘বিবেক’টো নো কেনেকুৱা সুৰক্ষিত লকাৰত সোমাই থাকে বুজিব পৰা নাযায়) দিবলৈকে ৰাইজক আহ্বান জনাইছে। কাৰণ তেওঁলোক হ’ল নিৰপেক্ষ, তেওঁলোক হ’ল গণতান্ত্ৰিক। নিৰপেক্ষ এইকাৰণেই যে তেওঁলোকে কোনো দলৰে পক্ষপাতিতা নকৰে, গণতান্ত্ৰিক এইকাৰণেই যে তেওঁলোকে ৰাইজক নিজে নিজৰ সিদ্ধান্ত ল’বলৈ উৎসাহিত কৰে – কোনো মত কেতিয়াও জাপি নিদিয়ে। নিৰপেক্ষতা আৰু গণতন্ত্ৰৰ এই নিৰ্ভেজাল আৰু পৱিত্ৰ পৰিবেশত প্ৰতিদিন টাইম বা নিতুমণি শইকীয়াও জানো তেনেকুৱা নহৈ পাৰে? বৰং সেইসকল বেছিহে নিৰপেক্ষ আৰু বেছিহে গণতান্ত্ৰিক – সেইকাৰণে কোনোবাই মনে মনে পক্ষপাতিতা কৰিব খুজিলে, অগণতান্ত্ৰিক কাম কৰিব খুজিলে পটকৈ ধৰা পেলাই দিব পাৰে। সেইকাৰণে হীৰেন গোহাঁইকে আদি কৰি ৪২জন বুদ্ধিজীৱী-লেখকে চিধাচিধিকৈ ‘বিজেপিক প্ৰতিহত কৰক’ বুলি ৰাইজলৈ আহ্বান জনোৱাৰ পাছত তাৰ আঁৰত লুকাই থকা ভয়ংকৰ অপৰাধ তথা জাতিদ্ৰোহী ষড়যন্ত্ৰৰ মুখা খুলি দিবলৈ নিতুমণি শইকীয়া আগ বাঢ়ি আহিছে – জাতিৰ স্বাৰ্থত, মাটিৰ স্বাৰ্থত। সুখৰ বিষয় যে নিতুমণিৰ কণ্ঠত এতিয়া অৰ্ণৱ গোস্বামীৰ প্ৰতিধ্বনিকে শুনিবলৈ পোৱা গৈছে। গতিকে অসমীয়া জাতিৰ মুখপাত্ৰ হৈ হীৰেন গোহাঁইহঁতৰ জাতিদ্ৰোহী ভণ্ডামি উন্মোচন নকৰিব সেইটোতো হ’ব নোৱাৰে। সেইবাবে তেওঁ ‘সসন্মানে’ সেই ‘নমস্য’ ব্যক্তিসকলৰ ভণ্ডামি উন্মোচন কৰিছে। পিছে সেই উন্মোচনৰ কাৰ্যটো বৰ এটা পাগত নুঠিল, কিবা ডন কুইক্সট টাইপ হ’ল। আমি সেইটোতহে অসুবিধা পাইছো, অসমীয়া জাতিৰ মুখপাত্ৰজনৰনো সেইটো কেনেকৈ হ’বলৈ পালে?

Sunday, March 20, 2016

মহুবাৰ মহিষাসুৰ




উৎসঃ ‘ৱার্ড প্রেছ’ আলোচনী, নৱেম্বৰ ২০১৫ সংখ্যা
https://www.forwardpress.in/2016/02/mahishasur-in-mahoba/
মূলঃ প্রমোদ ৰঞ্জন
অনুবাদঃ ময়ূৰ চেতিয়া

ইতিহাসবিদ ডি ডি কৌশাম্বিৰ মতে মহিষাসুৰৰ ৰাজ্য আছিল বুন্দেলখণ্ডৰ মহুবাত। মহিষাসুৰ বিষয়ক এখন গৱেষণামূলক গ্রন্থ লিখাৰ বাবে তথ্য বিচাৰি মই বিগত বছৰটোৰ ২ অক্টোবৰ তাৰিখে মহুবাত উপস্থিত হৈছিলো। মই মন কৰিছিলো যে অঞ্চলটোৰ লোক-পৰম্পৰাসমূহত এতিয়াও  মহিষাসুৰৰ উপস্থিতি দেখা পোৱা যায়।
.........
বিগত কিছুসময় ধৰি মই Mahisasur Movement: Debrahmanising a Myth শীর্ষক এখন গ্রন্থ সম্পাদনা কৰি আছোঁ। কেতসংখ্যক ইতিহাসবিদে মতপোষণ কৰিছে যে মহিষাসুৰ আচলতে ভাৰতৰ ‘বহুজন’ সম্প্রদায়সমূহৰ পৌৰাণিক নায়ক আছিল। ইতিহাসবিদ ডি ডি কৌশাম্বিৰ মতে মহিষাসুৰৰ ৰাজ্য আছিল বুন্দেলখণ্ডৰ মহুবাত। মহিষাসুৰ বিষয়ক গৱেষণামূলক গ্রন্থখনৰ বাবে তথ্য বিচাৰি মই বিগত বছৰটোৰ ২ অক্টোবৰ তাৰিখে মহুবাত উপস্থিত হৈছিলো। মই মন কৰিছিলো যে অঞ্চলটোৰ লোক-পৰম্পৰাসমূহত এতিয়াও  মহিষাসুৰৰ উপস্থিতি দেখা পোৱা যায়। মাইকাসুৰ, কৰসদেৱ, গোৱাল বাবা আদি বিভিন্ন নামেৰে মহিষাসুৰক এই অঞ্চলটোত সম্বোধন কৰা হয়। মহুবাৰ প্রতিখন গাঁৱতে মহিষাসুৰৰ উপস্থিতি অতিশয় স্পষ্টঅৱশ্যে মহিষাসুৰৰ কোনো প্রতিমাৰ বিপৰীতে তেওঁৰ নামত মাটিৰ থাপনাহে নির্মান কৰা হয়। ব্রাহ্মণবাদী পৰম্পৰাসমূহৰ বিপৰীতে, মন্দিৰৰ ভিতৰত কোনো প্রতিমাৰ ৰূপত মহিষাসুৰে বাস নকৰে; বৰং তেওঁ বাস কৰে মুক্ত আকাশত তলত, ৰাইজে নির্মান কৰা মাটিৰ থাপনাত মাজত।

ৰামৰ অযোধ্যা

  মূলঃ সৰোজ মিশ্ৰ https://kafila.online/2024/01/02/rams-ayodhya-saroj-mishra/ অনুবাদঃ ময়ূ ৰ চেতিয়া   কোৱা হয় -   ৰামৰ জন্ম অযোধ্য...