Wednesday, September 14, 2016

বিহংগম দৃষ্টিৰে বিংশ শতিকা (দ্বিতীয় তথা অন্তিম অংশ)


ৰিক হবছবম
ভাবানুবাদঃ ময়ূ চেতিয়া

১৯৯০ৰ পৃথিবীখনৰ সৈতে ১৯১৪ৰ পৃথিবীখন তুলনা কৰি চালে কেনেধৰণৰ দৃশ্য দেখা পোৱা যায়?  ১৯৯০ চনত বিশ্বৰ মুঠ জনসংখ্যা আছিল পাঁচ বা ছয় বিলিয়ন; ১৯১৪ চনতকৈ প্রায় তিনিগুণ বেছি। অথচ এনে বিপুল জনসংখ্যাবৃদ্ধি এনে এটা শতিকাত ঘটিছিল যিটো শতিকাত পূর্বৰ সমস্ত ইতিহাসৰ তুলনাত আটাইতকৈ বেছি মানুহ আন মানুহৰ সচেতনৰ পৰিকল্পনাৰ ফলত বা অৱহেলাৰ ফলত মৃত্যুমুখত পৰিছিল। এটা শেহতীয়া হিচাপ মতে বিংশ শতিকাত এনেদৰে মৃত্যু হোৱা মানুহৰ সংখ্যা হৈছে প্রায় ১৮৭ মিলিয়ন অর্থাৎ ১৯০০ চনৰ মুঠ বিশ্ব জনসংখ্যাৰ ১/১০ অংশতকৈ অলপমানহে কম। সি যি কি নহওঁক, ১৯৯০ৰ দশকৰ বেছিভাগ মানুহেই তেওঁলোকৰ পিতৃ-মাতৃতকৈ ওখ আছিল, অধিক ভাল খাদ্য খাবলৈ পাইছিল, অধিক ভাল অৱস্থাত জীয়াই আছিল তথা অধিক আয়ু লাভ কৰিছিল। অৱশ্যে ১৯৮০ তথা ৯০ৰ দশকত আফ্রিকা, লেটিন আমেৰিকা তথা প্রাক্তন সমাজবাদী দেশবোৰত সংঘটিত হোৱা গণ্ডগোলবোৰলৈ চালে এনে পৰিসংখ্যাবোৰ অবিশ্বাস্য যেনেই ভাব হয়। পণ্যসামগ্রী তথা সেৱা উৎপাদনৰ ক্ষেত্রত তথা বিভিন্ন  বৈচিত্রপূর্ণ পণ্যৰ উপলভ্যতাৰ ক্ষেত্রত ৯০ৰ দশকৰ পৃথিবীখন পূর্বৰ সমস্ত ইতিহাসতকৈ অধিক ঐশ্বর্যময় হৈ পৰিছিল বুলি কব পাৰি। অন্যথাই এক বিপুল সংখ্যক জনসংখ্যাক খুৱাই-পিন্ধাই ৰখাটো বিশ্বৰ বাবে সম্ভৱপৰ নাছিল। ১৯৮০ৰ দশক পর্যন্ত বেছিভাগ মানুহেই তেওঁলোকৰ পিতৃ-মাতৃতকৈ ভাল জীৱন যাপন যাপন কৰিছিল আৰু বিকশিত দেশবোৰলৈ চালে জীৱন স্তৰৰ বিকাশে কল্পনাৰ সীমাও চেৰাই গৈছিল; মানুহে নিজে আশা কৰাতকৈ বহু ভাল স্তৰত জীৱন অতিবাহিত কৰিবলৈ সুযোগ পাইছিল। শতিকাটোৰ মাজৰ অংশটোত কিছুসময়ৰ বাবে এনে অনুভৱো হৈছিল – যেন সমাজৰ বিপুল সম্পদসমূহ অন্ততঃ ধনী দেশৰ শ্রমজীৱি জনগণৰ মাজত কিছুদূৰৈলৈ ন্যায়সংগতভাৱে বিতৰণ কৰাৰ উপায়ো বিকশিত কৰিব পৰা গৈছে; অৱশ্যেই শতিকাৰ শেহৰছোৱালৈ অসমতা পুণৰ বৃদ্ধি হৈ আহিছিল। পূর্বৰ সমাজবাদী দেশবোৰতো এইবাৰ অসমতাই মূৰ দাঙি উঠিছিল – য’ত পূর্বে নিম্নস্তৰত হলেও সমতাৰ এটা বিশেষ স্তৰ লাভ কৰা হৈছিল। ১৯১৪ চনৰ তুলনাত ১৯৯০ৰ দশকৰ নাগৰিকসকল বহু বেছি পৰিমাণে শিক্ষিত হৈ পৰিছিল। মানৱ ইতিহাসত পোন প্রথমবাৰৰ বাবে বেছিভাগ মানুহকেই অন্ততঃ চৰকাৰী পৰিসংখ্যা অনুসৰি সাক্ষৰ বুলি কব পৰা গৈছিল। অৱশ্যে সমাজৰ এলিট স্তৰত লিখন আৰু পাঠনৰ যেনে উচ্চ স্তৰ বাঞ্চনীয় বুলি ভবা হৈছিল, তাৰ তুলনাত বেছিভাগ চৰকাৰীভাৱে সংজ্ঞায়িত সাক্ষৰ লোকক ‘প্রকৃতার্থত অশিক্ষিত’ বুলিয়েই কব পৰা গৈছিল। অর্থাৎ ১৯৯০ৰ সময়ছোৱাত শিক্ষাৰ এই প্রগতিক কিমানদূৰলৈ তাৎপর্যপূর্ণ বুলি কব পাৰি, সেয়া স্পষ্ট নহয়।

ৰামৰ অযোধ্যা

  মূলঃ সৰোজ মিশ্ৰ https://kafila.online/2024/01/02/rams-ayodhya-saroj-mishra/ অনুবাদঃ ময়ূ ৰ চেতিয়া   কোৱা হয় -   ৰামৰ জন্ম অযোধ্য...