Friday, March 3, 2017

উগ্ৰতাৰ যুগ : চমূ বিংশ শতিকাৰ ইতিহাস: এৰিক হবছবম

মূলঃ 'Age of Extremes',  Eric Hobsbawm. 
অনুবাদঃ ময়ূৰ চেতিয়া
প্রথম অধ্যায়
সর্বগ্রাসী যুদ্ধৰ যুগ

(১)
‘সমগ্র য়ুৰোপৰ বুকুৰ পৰা পোহৰৰ চাকিবোৰ আজি নুমাই গৈছে; আমাৰ জীৱন কালত দুনাই সিবিলাক জ্বলি উঠা হয়তো আমি দেখা নেপাম’ – এই ভাষ্য হৈছে গ্রেট ব্রিটেইনৰ বিদেশ সচিব এডৱার্ড গ্রেৰ; ১৯১৪ চনত জার্মানী আৰু ব্রিটেইনৰ মাজত যুদ্ধ ঘোষণা হোৱাৰ নিশা যেতিয়া ৱাইট হলৰ বন্তিবোৰ এটা এটাকৈ নুমুৱাই পেলোৱা হৈছিল, দৃশ্যটো চাই চাই গ্রেই এনেদৰে স্বগঃতোক্তি কৰিছিল। গ্রেৰ পৰা বহু যোজন দূৰৈত ৱিয়েনা চহৰৰ নিবাসী বিখ্যাত ব্যংগশিল্পী কার্ল ক্রাছেও নিজস্ব উপায়েৰে বিশ্বযুদ্ধৰ সৈতে মুখামুখি হবলৈ প্রস্তুতি চলাইছিল। যুদ্ধৰ বিতং বর্ণনা তথা যুদ্ধক নিন্দা কৰি ৭৯২ পৃষ্ঠাৰ এখন বিয়াগোম বিবৰণপূর্ণ নাটক তেওঁ লিখিবলৈ লৈছিল যাৰ নামাকৰণ তেওঁ এনেদৰে কৰিছিলঃ ‘মানৱ জাতিৰ অন্তিম দিনকেইটা’। গ্রে আৰু ক্রাছ – দুয়োজনেই অনুভৱ কৰিছিল – তেওঁলোকৰ পুৰণা পৃথিৱীখন চাৰখাৰ হৈ গৈছে আৰু এনে অনুভৱ কৰা মানুহ কেৱল তেওঁলোক দুজনেই নাছিল। অৱশ্যেই এয়া মানৱ জীৱনৰ অন্তিম সময় নিশ্চয় নাছিল – কিন্তু তথাপিও দুই বিশ্বযুদ্ধৰ মাজৰ সময়খিনিত –১৯১৪ৰ ২৮ জুলাইত অষ্ট্রিয়াই চার্বিয়াৰ ওপৰত যুদ্ধ ঘোষণা কৰাৰ পৰা  ১৯৪৫ৰ ১৪ আগষ্টলৈকে – যেতিয়া আনৱিক বিস্ফোৰণৰ চাৰি দিন পাছত জাপানে আত্মসমর্পন কৰিছিল – এই নাতিদীর্ঘ একত্রিছটা বছৰত এনে কেবাটাও মুহূর্ত আহিছিল যেতিয়া মানৱ জাতিৰ এক লেখত লবলগীয়া অংশৰ সামগ্রিক বিনাশ নির্ঘাটভাৱে হব পাৰে যেন অনুভৱ হৈছিল। এনে কেবাটাও মুহূর্ত আহিছিল যেতিয়া ঈশ্বৰে - যি পৃথিবীখন সৃষ্টি কৰিছে বুলি ধর্মপ্রাণ মানুহে বিশ্বাস কৰে - এনে ঈশ্বৰেও এই পৃথিবীখন কিয়নো স্রজন কৰিলো বুলি আক্ষেপ কৰাৰ আশা কৰিব পৰা গৈছিল

ৰামৰ অযোধ্যা

  মূলঃ সৰোজ মিশ্ৰ https://kafila.online/2024/01/02/rams-ayodhya-saroj-mishra/ অনুবাদঃ ময়ূ ৰ চেতিয়া   কোৱা হয় -   ৰামৰ জন্ম অযোধ্য...