Monday, July 30, 2018

এন আৰ চিৰ পাছত কি হব?


Mayur Chetia

“এন আৰ চিৰ পাছত কি হোৱা উচিত” আৰু “এন আৰ চিৰ পাছত কি কি হোৱাৰ সম্ভাৱনা আছে” এই দুয়োটা হৈছে আন্তঃসম্পর্কযুক্ত কিন্তু সুকীয়া প্রশ্ন। প্রথম প্রশ্নটোৰ এক সর্বগৃহীত তথা মানবীয় সমাধান সূত্র উলিয়াবলৈ ইচ্ছা কৰা শক্তিবিলাকেও প্রথমে দ্বিতীয় প্রশ্নটো সম্পর্কে কিছু ভবা চিন্তা কৰি লবই লাগিব। এনে এক প্রক্রিয়াৰ অংশ হিচাপেই আমি সদ্যহতে দ্বিতীয় প্রশ্নটো সম্পর্কে কিছু কথা আলোচনা কৰিব বিচাৰিছোঁ। এইক্ষেত্রত আমি ভাৰতীয় ৰাজ্যৰ গঢ়-গতি, আন্তর্জাতিক স্থিতি ইত্যাদি দিশবিলাককো বিবেচনাৰ অধীনলৈ আনিছোঁ। এই আলোচনাটোৰ বাবে আমি এক সম্পূর্ণ নির্মোহ তথা নিষ্ঠুৰ বস্তুনিষ্ঠ দৃষ্টিভংগী গ্রহণ কৰিছোঁ; অর্থাৎ ইয়াত আমাৰ ব্যক্তিগত ইচ্ছা-অনিচ্ছা, মতামত, সমাধান সূত্র ইত্যাদিৰ অৱতাৰণাই কৰা হোৱা নাই।  

কাইলৈ অর্থাৎ ৩০ জুলাই, ২০১৮ তাৰিখে এন আৰ চিৰ সম্পূর্ণ খছৰাখন প্রকাশ পাব। ইয়াত যে বহু লাখ মানুহৰ নাম নাথাকিব, সেই সম্পর্কে কোনো সন্দেহ নাই। কোন কোন সম্প্রদায়ৰ কিমান সংখ্যক মানুহৰ নাম নাথাকিব - ইয়েই অনাগত সময়ছোৱাত বিভিন্ন সংগঠনে উত্থাপন কৰিবলৈ গৈ থকা দাবীবোৰকো প্রভাৱিত কৰিব। ‘খিলঞ্জীয়া’ সম্প্রদায়বিলাকৰ বহুতো লোকৰ নাম নাথাকিলে থলুৱা জাতীয়তাবাদী সংগঠনবোৰে নিশ্চিতভাৱে দাবী কৰিব যে ‘দাবী-আপত্তি’ৰ স্তৰটোত ‘খিলঞ্জীয়া’ লোকসকলক কিছু ৰেহাই প্রদান কৰা হওঁক। আনহাতে ‘অভিবাসী’ সম্প্রদায়বিলাকৰ লোকসকলৰ দলিল পৰীক্ষা কৰোঁতে কর্তৃপক্ষক কঠোৰ হবলৈকো তেওঁলোকে দাবী কৰিব। (‘খিলঞ্জীয়া’ তথা ‘অভিবাসী’ – এই দুয়োটা শব্দ আমি বিশুদ্ধভাৱে বর্ণনামূলক চর্ট-হেণ্ড হিচাপেহে ব্যৱহাৰ কৰিছোঁ। এইক্ষেত্রত আমাৰ আন কোনো অভিপ্রায় নাই)
 

Wednesday, May 9, 2018

(মার্ক্সৰ জন্মৰ দুশবছৰ উপলক্ষে ) ডাছ কেপিটেলৰ দৃষ্টিৰে - এক শেহতীয়া উপস্থাপন

ময়ূৰ চেতিয়া
(ডাছ কেপিটেলৰ সৈতে ইতিমধ্যেই পৰিচয় থকা লোকসকলে এই লেখনীটোত চিন্তাৰ বিশেষ খোৰাক বিচাৰি পাব। অৱশ্যে নতুন পাঠকসকলেও যাতে কথাবোৰ বুজি পায়, তাৰ বাবে যথাসম্ভৱ চেষ্টা কৰা হৈছেএক নতুন ষ্টাইলত কথাবোৰ উপস্থাপন কৰিবলৈ চেষ্টা কৰা হৈছে। লেখনীটোৰ প্রস্তুতিৰ ক্ষেত্রত আমাৰ কোনো মৌলিক কৃতিত্ব নাই। বিভিন্ন কিতাপ-পত্রৰ সহায়তেই লেখনীটো প্রস্তুত কৰা হৈছে।)

যিটো আর্থিক ব্যৱস্থাৰ অধীনত আমি বসবাস কৰি আছোঁ, সেই ব্যৱস্থাটো মূলতে হৈছে এক বজাৰ ব্যৱস্থা – অর্থাৎ যত বিভিন্ন সামগ্রীৰ ক্রয়-বিক্রয় কৰা হয়। আমি আমাৰ দৈনন্দিন প্রয়োজনৰ সামগ্রীবোৰ – যেনে খাদ্য, কাপোৰ, নিত্য ব্যৱহার্য  বিভিন্ন বৈদ্যুতিন উপকৰণ ইত্যাদি বজাৰত ক্রয় কৰোঁ। আনহাতে এই বিভিন্ন ধৰণৰ ক্রয়বোৰ সম্ভৱপৰ কৰিবলৈ আমি কিছু সামগ্রী বিক্রয়ো কৰিব লগা হয়। বিশ্বৰ গৰিষ্ঠসংখ্যক লোকে এইক্ষেত্রত বিক্রয় কৰা সামগ্রীবিধ হৈছে –তেওঁলোকৰ কাম কৰিব পৰাৰ সক্ষমতা। অর্থাৎ আমি আমাৰ ‘শ্রম ক্ষমতা’ আন কাৰোবাৰ ওচৰত বিক্রয় কৰোঁ। এইদৰেই আমাৰ জীৱনবোৰ পণ্যৰ ক্রয়-বিক্রয়ৰ ওপৰত নির্ভৰ কৰে। আৰু ঠিক এইখিনিতে মার্ক্সে ‘ডাছ কেপিটেল’ৰ আৰম্ভণি কৰিছে।

মার্ক্সৰ ভাষাত –
“যিবোৰ সমাজত পুঁজিবাদী উৎপাদন পদ্ধতিয়ে প্রভুত্ব লাভ কৰিছে, এনে সমাজবিলাকত সম্পদে পণ্যৰ বিশাল ভঁৰালৰ ৰূপ ধাৰণ কৰিছে।”

মার্ক্সে এনে এক সময়ত ডাছ কেপিটেলখন লিখিছিল, যেতিয়া বিশ্বৰ এক বিশাল অংশত যেতিয়া বজৰুৱা সম্বন্ধবোৰে প্রবেশেই কৰা নাছিল। এনে বহুতো সমাজ সেই সময়ত অস্তিত্বমান আছিল য’ত উৎপাদনৰ লক্ষ্য আছিল মানুহৰ তাৎক্ষণিক প্রয়োজনবোৰ পূর্ণ কৰা, তেহেলৈ সেই সমাজবোৰ চিকাৰ তথা লঘূ কৃষি কর্ম কৰা আদিম সমাজেই হওঁক বা কোনো সামন্তীয় প্রভুৰ শাসনত পিষ্ট কৃষক সমাজেই হওঁক। আনকি যিবিলাক সমাজত বহু পূর্বৰে পৰা বজাৰ অস্তিত্বমান আছিল – সেই সমাজবিলাকতো গৰিষ্ঠসংখ্যক লোক আছিল ক্ষুদ্র খেতিয়ক আৰু তেওঁলোকে জীৱনৰ বাবে প্রয়োজনীয় অধিকাংশ সামগ্রী নিজেই উৎপাদন কৰি লৈছিল। খুব কম পৰিমাণৰ সামগ্রীহে এই পুৰণি সমাজবিলাকত ক্রয়-বিক্রয় কৰা হৈছিল। আজি পিছে বজাৰে সমগ্র বিশ্বতে সর্বগ্রাসী ৰূপ ধাৰণ কৰিছে। সেয়েহে মার্ক্সৰ কথাখিনি কিছু সলনি কৰি আজি আমি কব পাৰোঁ – “কিছু ব্যতিক্রম বাদে, সমগ্র বিশ্বৰে সম্পদবোৰে আজি পণ্যৰ বিশাল ভঁৰালৰ ৰূপ ধাৰণ কৰিছে”।

ৰামৰ অযোধ্যা

  মূলঃ সৰোজ মিশ্ৰ https://kafila.online/2024/01/02/rams-ayodhya-saroj-mishra/ অনুবাদঃ ময়ূ ৰ চেতিয়া   কোৱা হয় -   ৰামৰ জন্ম অযোধ্য...