যোৱা বেছ কিছু সময় ধৰি অসমীয়াৰ সংজ্ঞা সম্পর্কে বিতর্ক চলি আহিছে। এইক্ষেত্রত বিভিন্ন জনৰ বিভিন্ন মত। সাধাৰণ ৰাইজেও কথাবোৰ থাওৰিব নোৱাৰি শূণ্যতে গদা ঘূৰাই আছে। ফলত বিষয়টো সম্পর্কে বুদ্ধিদীপ্ত আলোচনা হোৱাৰ বিপৰীতে ই অধিক বিভ্রান্তিহে সৃষ্টি কৰিছে। সেয়েহে সাধাৰণ পাঠকে সহজে বুজিব পৰাকৈ সমস্ত বিষয়টো সম্পর্কে এটি চমু পৰিচয় আগবঢ়োৱা হ’ল।