Pages

Thursday, May 12, 2016

নাৰীবাদী দৃষ্টিৰে পৃথিৱীখন ৪

ঘৰুৱা শ্রম আৰু বেতনভোগী গৃহ-শ্রমিক

ভাৰতত উচ্চ বেতন লাভ কৰা মধ্যবিত্তৰ সংখ্যা হৈছে প্রায় ৩ কোটি। এই পৰিয়ালবোৰৰ আধা সংখ্যকৰ ঘৰত একোগৰাকী বনকৰা কর্মী আছে ধৰিলে দেশত অন্ততঃ ১.৫ কোটি ঘৰুৱা শ্রমিক আছে বুলি অনুমান কৰিব পাৰি।

এটা পৰিসংখ্যাৰ প্রতি মন কৰক ইউনিয়ন-বহির্ভুত মহিলা যৌনকর্মী বিষয়ক দেশৰ প্রথমটো জৰীপ মতে প্রায় ৭১ শতাংশ যৌনকর্মী পূর্বে আন কোনো কর্মত নিযুক্ত হৈ আছিল। কামৰ ভীষণ হেঁচা আৰু কম মজুৰীৰ বাবেই তেওঁলোকে পূর্বৰ পেছা ত্যাগ কৰিছিলতেওঁলোকৰ ভিতৰত সৰহভাগেই আছিল ঘৰুৱা শ্রমিক।  অর্থাৎ এই মহিলাসকলৰ এক বৃহৎ অংশই ঘৰুৱা শ্রমিকৰ কাম বেশ্যাবৃত্তিতকৈও অধিক অপমানজনক, হেঁচা ভৰা তথা নিম্ন মজুৰীৰ যেন অনুভৱ কৰিছিল (Sahni and Shankar, 2011)ঘৰুৱা শ্রমিক মোতায়েন কৰা যিসকল মধ্যবিত্তীয় মালিকে বেশ্যাবৃত্তিক মৃত্যুতকৈ হীন যেন গণ্য কৰে, তেওঁলোকে এই তথ্যটোৰ প্রতি মন কৰি নিজকে চিকুটি চোৱা উচিত। তেওঁলোকে নিজকে প্রশ্ন কৰা উচিত; লজ্জিত হোৱা উচিত।