মূলঃ জয়ৰছ বানাজি
অনুবাদঃ ময়ূৰ চেতিয়া
['নতুন পদাতিক' আলোচনীৰ মার্চ ২০১৪ সংখ্যাত প্রকাশিত।]
[২০০২ চনৰ চেপ্তেম্বৰ মাহত মুম্বাইস্থিত ‘বিকাশ অধ্যয়ন কেন্দ্র’ই আয়োজন কৰা গুজৰাট সম্পর্কীয় আলোচনাচক্রত প্রদান কৰা ভাষণৰ লিখিত ৰূপ। ]
[২০০২ চনৰ চেপ্তেম্বৰ মাহত মুম্বাইস্থিত ‘বিকাশ অধ্যয়ন কেন্দ্র’ই আয়োজন কৰা গুজৰাট সম্পর্কীয় আলোচনাচক্রত প্রদান কৰা ভাষণৰ লিখিত ৰূপ। ]
সংস্কৃতি’ বাক্যাংশটো ব্যৱহাৰ কৰিছোঁ যাতে বাওঁপন্থী মহলসমূহত সততে পৰিলক্ষিত ফেচীবাদ সম্পর্কীয় পৰম্পৰাগত চিন্তাচর্চাৰ পৰা কিছুদূৰৈলৈ আঁতৰি আহি আন কেতবোৰ উপেক্ষিত কিন্তু গুৰুত্বপূর্ণ দিশ সম্পর্কে আলোচনা কৰিব পৰা যায়[1]। এই দিশসমূহ সম্পর্কে পৰম্পৰাগত বাওঁপন্থী চিন্তাধাৰা নিমাত বুলিয়েই কব পাৰি, অথচ সমাজত সিবিলাকৰ ব্যাপ্তি অতিশয় গভীৰ। প্রথমতেই মই ফেচীবাদ সম্পর্কীয় সবাটোকৈ যান্ত্রিক কিন্তু বহুল আলোচিত (তথা দুর্ভাগ্যজনকভাৱে প্রভাৱশালী) বাওঁপন্থী তত্ত্বসমূহৰ বিষয়ে আলোচনা কৰিম। এইক্ষেত্রত পোনপ্রথমেই ২০ তথা ৩০ৰ দশকৰ আশে-পাশে বহুল প্রচাৰিত ‘কমিন্টার্ণ লাইন’ৰ বিষয়ে উল্লেখ কৰিব পাৰি। কমিন্টার্ণৰ এই লাইন মতে ফেচীবাদ হৈছে “বিত্তীয় পুঁজিৰ সবাটোকৈ প্রতিক্রিয়াশীল, উৎকট জাতীয়তাবাদী তথা সাম্রাজ্যবাদী অংশসমূহৰ মুক্ত সন্ত্রাসবাদী স্বৈৰতন্ত্র”। “ই একাধিপত্যবাদী পুঁজিৰ বাবে পেটি-বুর্জোৱা অংশটোৰ মাজত এক গণ আধাৰ তৈয়াৰ কৰিবলৈ চেষ্টা কৰে” (এই “চেষ্টা কৰে” বাক্যাংশলৈ মন কৰক)। “ই সাধাৰণ জীৱনৰ পৰা ছিন্নমূল হৈ পৰা, বিশেষকৈ বৃহৎ চহৰসমূহত শ্রেণী-বিচ্ছিন্ন হৈ পৰা কৃষক, কাৰিকৰ, অফিচ কর্মচাৰী, প্রশাসনিক বিষয়া আদিৰ প্রতি আহবান জনায়। ই আনকি শ্রমিক শ্রেণীৰ মাজতো প্রবেশ কৰিবলৈ চেষ্টা চলোৱা দেখা যায়” (Roger Griffin, Fascism, পৃষ্ঠা ২৬২)। অর্থাৎ, চমুকৈ কবলৈ গলে, কমিন্টার্ণৰ লাইন মতে, ফেচীবাদ হৈছে বিত্তীয় পুঁজিৰ সবাটোকৈ প্রতিক্রিয়াশীল অংশটোৰ স্বৈৰতন্ত্র। পিছে এইখিনিতে এটা আমোদজনক দিশৰ প্রতি মন কৰকঃ জার্মানীৰ নাজী পার্টিয়ে আনুষ্ঠানিকভাৱে কিন্তু নিজকে এটি “শ্রমিক দল” হিচাপেই চিনাকি দিছিল। অর্থাৎ অতিশয় স্থূল ৰূপত হলেও বাগাড়ম্বৰৰ স্তৰত নাজীহঁতে নিজকে শ্রমিক সমর্থনৰ বাবে আহ্বান জনোৱা দল হিচাপেই গণ্য কৰিছিল। ইয়াৰ পৰাই বুজিব পাৰি যে কেৱল পুঁজিৰ স্বৈৰতন্ত্র বুলি ঘোষণা কৰিয়েই ফেচীবাদৰ সামগ্রিক স্বৰূপ চিনাক্ত কৰিব পৰা নাযাব।
বাওঁপন্থীসকলৰ এটা বৃহৎ অংশই এতিয়াও ভাবে যে
ফেচীবাদ মূলতঃ বৃহৎ পুঁজিপতিহঁতৰ কাৰচাজীৰে ফল। পিছে এই জাতীয় দৃষ্টিভংগীৰ
কেইবাটাও গুৰুতৰ দুর্বলতা আছে। উদাহৰণ স্বৰূপে, ফেচীবাদৰ ৰাজনৈতিক সংস্কৃতিনো কি তথা কেনেকৈনো
এক বৃহৎ আন্দোলনৰ ৰূপত ফেচীবাদে গণসমর্থন লাভ কৰে, এনেবোৰ প্রশ্নৰ উত্তৰ এইজাতীয় দৃষ্টিভংগীয়ে
দিব নোৱাৰে। তদুপৰি পৰম্পৰাগত বাওঁপন্থী চিন্তাধাৰাত
এক প্রকাৰৰ ফলবাদ(instrumentalism) দেখিবলৈ পোৱা যায়।
এই যে ফেচীবাদী আন্দোলনসমূহক পুঁজিপতিহঁতৰ এটা অংশই ধন-বিতৰ যোগান ধৰে – এই তথ্যটিৰ
মাজেদিয়েই কিছুসংখ্যক বাওঁপন্থীয়ে ফেচীবাদৰ
গতিৰেখা(dynamics) বুজিবলৈকো চেষ্টা কৰে। এই দৃষ্টিভংগীৰ
মতে ফেচীবাদ হৈছে এক ৰোগৰ দৰে; ই যেন স্বাভাৱিক অৱস্থাৰ বিপৰীতে
এক অস্বাভাৱিক, বিকৃত অৱস্থা। পিছে আমাৰ
দৈনন্দিন সাধাৰণ জীৱনযাত্রাৰ
সৈতেও যে ফেচীবাদৰ কেতবোৰ অতিশয় ঘনিষ্ঠ সম্পর্ক থাকিব পাৰে– এই বিষয়ে এনে দৃষ্টিভংগীয়ে
কোনো আলোকপাত কৰিব নোৱাৰে। তদুপৰি এই দৃষ্টিভংগীৰ
মতে ফেচীবাদ এক ধুমুহা, প্রলয় বা ভূমিকম্পসদৃশ ব্যাপক সংকটৰ দৰে।
যেন সমগ্র ৰাজনৈতিক
পৃথিবীখন ওলট-পালট হৈ পৰিলেহে ফেচীবাদৰ আগমনৰ কথা গম পোৱা যাব।
পিছে ভাৰতীয় পৰিস্থিতিৰ প্রতি লক্ষ্য কৰিলেই বুজিব পাৰি – এনে ধুমুহাসদৃশ গতিৰে
ফেচীবাদে বিকাশ লাভ কৰিবই লাগিব বুলি কোনো
কথা নাই। বৰঞ্চ ভাৰতত ফেচীবাদ বিকশিত হৈছে অত্যন্ত লেহেমীয়া গতিৰে; বহুদশক ধৰি এখোজ
দুখোজকৈ ফেচীবাদী উপাদানসমূহে সমাজৰ বিভিন্ন অংশত প্রবেশ কৰি আহিছে। এনে মন্থৰ গতিৰে
সমাজত খোপনি পোতাৰ পাছতহে ভাৰতীয় ফেচীবাদে প্রত্যক্ষভাৱে আত্মপ্রকাশ কৰিছে। ফেচীবাদ সম্পর্কীয় চর্চাৰ ক্ষেত্রখনত ভাৰতীয় ফেচীবাদৰ এই বৈশিষ্ট্যৰ অধ্যয়নে কিছু বিশেষ অৰিহণা যোগাব পাৰে। সহজ ভাষাত
কবলৈ গলে ‘ফেচীবাদ অধ্যয়ন’ৰ ক্ষেত্রখনত এই প্রলয়সদৃশ উপমাৰ প্রয়োগ এৰি পেলোৱাই
ভাল। ইয়াৰ উপৰিও আন আন দুটি ত্রুটিপূর্ণ দৃষ্টিভংগী আছে, যাক মই ফলবাদ(instrumentalism) আৰু
বিকাৰবাদ(pathological) নামেৰে নামাকৰণ কৰিব বিচাৰিছো। কোৱা বাহুল্য যে ফেচীবাদৰ বিৰূদ্ধে ভাৰতীয় বাওঁপন্থীসকলে পর্যাপ্ত প্রতিৰোধ গঢ়ি তুলিব
নোৱাৰাৰ আৰঁত এই জাতীয় ভুল দৃষ্টিভংগীসমূহৰ যথেষ্ঠ অৰিহণা আছে।
কমিন্টার্ণ
প্রভৃতিৰ এই ‘অফিচিয়েল’ সূত্রসমূহৰ বিপৰীতে
ফেচীবাদ সম্পর্কীয় বাওঁপন্থী চর্চাৰ আন এটি ধাৰাও আছে। নাজীবাদী অত্যাচাৰৰ সমানেই
ভুক্তভোগী এই ধাৰাটি অৱশ্যে সম্পূর্ণভাৱে অসংগঠিত তথা কোনো বিশেষ ‘স্কুলে’ এই ধাৰাটিৰ প্রতিনিধিত্ব নকৰে। এইক্ষেত্রত
দুটি নাম বিশেষভাৱে লব পাৰি - ৱিলহেম ৰাইখ(Wilhelm
Reich) আৰু আর্থাৰ ৰজেনবার্গ(Arthur Rosenberg)। ৱিলহেম ৰাইখ
৩০ৰ দশকত সক্রিয় এজন জার্মান সমাজবাদী তথা মনোবিশ্লেষক( psychoanalyst) আছিল। এজন প্রফেচনেল মনোবিশ্লেষক হিচাপে বার্লিনৰ অসংখ্য
নাজীবাদ-সমর্থক ব্যক্তিৰ সৈতে তেওঁ সুপৰিচিত আছিল। হিটলাৰৰ উদয়ৰ পাছত দেশত থকাটো অসম্ভৱ হৈ পৰাত
ৱিলহেমে জার্মানীৰ পৰা পলায়ন কৰে। অৱশেষত
১৯৫৭ চনত এক বিচিত্র পৰিস্থিতিৰ মাজেৰে আমেৰিকাৰ এখন কাৰাগাৰত বন্দী হৈ তেওঁৰ মৃত্যু হয়।
ৱিলহেম ৰাইখৰ
বিপৰীতে, আর্থাৰ ৰজেনবার্গৰ নামটো বিশেষ প্রসিদ্ধ নহয়। ২০ৰ দশকৰ মাজভাগত তেওঁ জার্মান
ৰেখষ্টেগ(সংসদ)ৰ এজন কমিউনিষ্ট ডেপুটি (সাংসদ) আছিল। এজন ইতিহাসবিদ হিচাপেও তেওঁৰ
কিছু ব্যুপত্তি থকাৰ কথা জনা যায়। ১৯৩৪ চনত তেওঁৰ ফেচীবাদ সম্পর্কীয় এটি
চিন্তাকর্ষক প্রবন্ধ প্রকাশিত হয়। Fascism
as a Mass Movement শীর্ষক এই প্রবন্ধটো আমি সত্তৰৰ দশকত ইংৰাজীলৈ অনুবাদ কৰিছিলো[2]। আনহাতে ১৯৩৩
চনত প্রকাশিত হয় The Mass Psychology of
Fascism শীর্ষক ৰাইখৰ কিতাপখন[3]। এই লেখনিকেইটিৰ
নামৰ পৰাই অনুমান কৰিব পাৰি - সিবিলাকে ফেচীবাদ সম্পর্কে পৰম্পৰাগত চর্বিত-চর্বণৰ
বিপৰীতে কিছু বৈকল্পিক বিশ্লেষণ আগবঢ়াইছে।
ফেচীবাদ বিষয়ক
কমিন্টার্ণ-সৃষ্ট তত্ত্বসমূহ সম্পর্কে আলোচনা করোঁতে আমি ‘ফেচীবাদে গণ আধাৰ তৈয়াৰ কৰিবলৈ চেষ্টা কৰে’ এই
বাক্যাংশৰ প্রতি পাঠকৰ দৃষ্টি আকর্ষণ কৰিছিলো। আচৰিত কথা যে কমিন্টার্ণে এই জাতীয়
তত্ত্বসমূহ প্রচাৰ কৰি থকাৰ সময়ছোৱালৈকে জার্মানীত
ইতিমধ্যেই হিটলাৰে ৰাজনৈতিক ক্ষমতা দখল কৰিছিল!
তেনেস্থলত এই ‘চেষ্টা কৰে’ জাতীয় তত্ত্ব প্রচাৰ কৰি থকাৰ অর্থ কি? হয়তো ইয়াৰ আঁৰত এক পলায়নবাদী মানসিকতাই ক্রিয়া কৰিছিল; যদিহে
ফেচীবাদে গণসমর্থন হাছিল কৰাৰ
কথাটো সত্য বুলি মানি লবলৈ হয়, তেনেস্থলত কেনেদৰে এই গণসমর্থন আদায় কৰাটো
সম্ভৱপৰ হল – এই বিষয়েও বিশ্লেষণ কৰিব লাগিব। অর্থাৎ তেতিয়া কেৱল ‘ফেচীবাদ
হৈছে বিত্তীয় পুঁজিৰ সবাটোকৈ প্রতিক্রিয়াশীল অংশটোৰ স্বৈৰতন্ত্র’ - জাতীয় মন্ত্র
আওঁৰাই ফুৰাৰ বিপৰীতে প্রশ্নটো সম্পর্কে নতুনকৈ ভবা-চিন্তা কৰিব লাগিব। পিছে
কমিন্টার্ণৰ তাত্ত্বিকসকলে এই সাহস গোটাব নোৱাৰিলে।
ফলতঃ বহুতো গুৰুত্বপূর্ণ প্রশ্ন অৱহেলিত হৈয়েই ৰল।
কেনেকৈনো ফেচীবাদে নিজৰ বাবে এক গণ আধাৰ তৈয়াৰ কৰে, বা সোঁপন্থী বিভিন্ন দল-সংগঠনে
কিয় জনগণৰ সমর্থন লাভ কৰে – ইত্যাদি প্রশ্নসমূহৰ কোনো উত্তৰ কমিন্টার্ণে আগবঢ়াব নোৱাৰিলে।
মন কৰিবলগীয়া
যে এই প্রশ্নসমূহ আজিৰ দিনতো সমানেই গুৰুত্বপূর্ণ। সাম্প্রতিক ভাৰতীয় ফেচীবাদৰ
প্রত্যাহবানসমূহ ভালকৈ বুজাৰ ক্ষেত্রত সিবিলাকৰ গুৰুত্ব অপৰিসীম। এইক্ষেত্রত কেৱল
কেতবোৰ খেয়ালী ব্যাখ্যা যেনে ‘ফেচীবাদ বিশ্ব অর্থনৈতিক সংকটৰ ফচল’ আদি আওঁৰাই
থাকিলেই নহব। বৰঞ্চ অর্থনৈতিক সংকটৰ সময়ত উদাৰবাদী বা বাওঁপন্থীসকলৰ বিপৰীতে জনগনে
ফেচীবাদৰ ফালে কিয় ঢাপলি মেলে - এই প্রশ্নবোৰৰো উত্তৰ বিচাৰিবলৈ চেষ্টা কৰিব
লাগিব। চমু ভাষাত, জনগন কিয় ফেচীবাদৰ প্রতি আকর্ষিত হয় – এইটোৱেই হৈছে
এই বিষয়ক আটাইতকৈ গুৰুত্বপূর্ণ প্রশ্ন।
এইখিনিতে ৰেইখ তথা ৰজেনবার্গৰ তত্ত্বসমূহ প্রাসংগিক হৈ পৰে। তেওঁলোক দুয়োজনেই ফেচীবাদৰ গণ-আধাৰসমূহ বুজাৰ ক্ষেত্রত বিশেষ মনোযোগ দিছিল। ৰেইখে তেওঁৰ গ্রন্থখনিত এনেদৰে লিখিছে -“আন আন সোঁ-পন্থী দল সংগঠনৰ সৈতে ফেচীবাদৰ পার্থক্য এইখিনিতে যে জনগণৰ মাজৰ পৰাই ফেচীবাদী আন্দোলনৰ উদ্ভৱ হয় তথা জনগণৰ ব্যাপক সমর্থনৰ আধাৰতেই ফেচীবাদে বিকাশ লাভ কৰে”। এজন মনোবিশ্লেষক হিচাপে ৰেইখে এই সম্পর্কীয় মনস্তাত্ত্বিক দিশসমূহ বুজিবলৈ চেষ্টা কৰিছিল। নিম্ন মধ্যবিত্তকে আদি কৰি কেতবোৰ বিশেষ শ্রেণীৰ ব্যক্তিসকলৰ মনস্তাত্ত্বিক গাঁঠনিসমূহত এনে কি ৰহস্য লুকাই আছে যি তেওঁক ফেচীবাদৰ প্রতি আকর্ষিত কৰে; এইক্ষেত্রত কোনো বিশেষ সাংস্কৃতিক লজিকে(logic) ক্রিয়া কৰে নেকি – এই জাতীয় প্রশ্নৰ সন্ধান ৰেইখৰ বিশ্লেষণৰ মূল উপজীব্য আছিল। আনহাতে ৰজেনবার্গে ‘ঐতিহাসিকভাৱে ফেচীবাদে কেনেকৈ গণ আধাৰ তৈয়াৰ কৰে’ এই প্রশ্নটো বুজিবলৈ চেষ্টা কৰিছিল। আচলতে এই দুয়োধৰণৰ বিশ্লেষণেই ইটোৱে সিটোৰ পৰিপূৰক আছিল বুলি কব পাৰি। ৰেইখে ফেচীবাদক সাৰ পানী যোগোৱা বিশেষ সাংস্কৃতিক তথা চাৰিত্রিক গাঁঠনিসমূহৰ সন্ধান কৰিছিল; তেওঁ বুজিবলৈ চেষ্টা কৰিছিল যে কেনেদৰে বিভিন্ন প্রকাৰৰ সামাজিক অৱদমনে ফেচীবাদৰ বাবে এক অনুকূল ভূমি নির্মান কৰে। আনহাতে ৰজেনবার্গে এক বৃহৎ ঐতিহাসিক প্রেক্ষাপটত কেনেদৰে ইউৰোপৰ বিভিন্ন সোঁ-পন্থী মতাদর্শ তথা আন্দোলনসমূহে বিকাশ লাভ কৰিছিল তথা কেনেদৰে ৰক্ষণশীল এলিটহতে গণ সমর্থন গোটাবলৈ সক্ষম হৈছিল –এই বিষয়ে বহুলকৈ আলোচনা কৰিছে।
ৰজেনবার্গৰ ভাষাত, সাধাৰণ অর্থত ফেচীবাদ হৈছে “উদাৰতাবাদ-বিৰোধী এক গণ-আন্দোলন”। উদাৰতাবাদ বোলোতে ইয়াত মূলতঃ ৰাজনৈতিক তথা চেকুলাৰ উদাৰতাবাদৰ কথা কোৱা হৈছে। এই উদাৰতাবাদৰ মতে ৰাষ্ট্রযন্ত্র তথা ধর্মীয় অনুষ্ঠানসমূহৰ হেঁচাৰ বিপৰীতে ব্যক্তি একোজনৰ কেতবোৰ অধিকাৰ থকা উচিত। দেখা যায় যে ঊনবিংশ শতিকাৰ শেহৰ ফাললৈ এই উদাৰতাবাদৰ পৰাজয়ৰ পাছতেই ফেচীবাদী প্রবণতাসমূহে আত্মপ্রকাশ কৰিলে।
এইখিনিতে ৰেইখ তথা ৰজেনবার্গৰ তত্ত্বসমূহ প্রাসংগিক হৈ পৰে। তেওঁলোক দুয়োজনেই ফেচীবাদৰ গণ-আধাৰসমূহ বুজাৰ ক্ষেত্রত বিশেষ মনোযোগ দিছিল। ৰেইখে তেওঁৰ গ্রন্থখনিত এনেদৰে লিখিছে -“আন আন সোঁ-পন্থী দল সংগঠনৰ সৈতে ফেচীবাদৰ পার্থক্য এইখিনিতে যে জনগণৰ মাজৰ পৰাই ফেচীবাদী আন্দোলনৰ উদ্ভৱ হয় তথা জনগণৰ ব্যাপক সমর্থনৰ আধাৰতেই ফেচীবাদে বিকাশ লাভ কৰে”। এজন মনোবিশ্লেষক হিচাপে ৰেইখে এই সম্পর্কীয় মনস্তাত্ত্বিক দিশসমূহ বুজিবলৈ চেষ্টা কৰিছিল। নিম্ন মধ্যবিত্তকে আদি কৰি কেতবোৰ বিশেষ শ্রেণীৰ ব্যক্তিসকলৰ মনস্তাত্ত্বিক গাঁঠনিসমূহত এনে কি ৰহস্য লুকাই আছে যি তেওঁক ফেচীবাদৰ প্রতি আকর্ষিত কৰে; এইক্ষেত্রত কোনো বিশেষ সাংস্কৃতিক লজিকে(logic) ক্রিয়া কৰে নেকি – এই জাতীয় প্রশ্নৰ সন্ধান ৰেইখৰ বিশ্লেষণৰ মূল উপজীব্য আছিল। আনহাতে ৰজেনবার্গে ‘ঐতিহাসিকভাৱে ফেচীবাদে কেনেকৈ গণ আধাৰ তৈয়াৰ কৰে’ এই প্রশ্নটো বুজিবলৈ চেষ্টা কৰিছিল। আচলতে এই দুয়োধৰণৰ বিশ্লেষণেই ইটোৱে সিটোৰ পৰিপূৰক আছিল বুলি কব পাৰি। ৰেইখে ফেচীবাদক সাৰ পানী যোগোৱা বিশেষ সাংস্কৃতিক তথা চাৰিত্রিক গাঁঠনিসমূহৰ সন্ধান কৰিছিল; তেওঁ বুজিবলৈ চেষ্টা কৰিছিল যে কেনেদৰে বিভিন্ন প্রকাৰৰ সামাজিক অৱদমনে ফেচীবাদৰ বাবে এক অনুকূল ভূমি নির্মান কৰে। আনহাতে ৰজেনবার্গে এক বৃহৎ ঐতিহাসিক প্রেক্ষাপটত কেনেদৰে ইউৰোপৰ বিভিন্ন সোঁ-পন্থী মতাদর্শ তথা আন্দোলনসমূহে বিকাশ লাভ কৰিছিল তথা কেনেদৰে ৰক্ষণশীল এলিটহতে গণ সমর্থন গোটাবলৈ সক্ষম হৈছিল –এই বিষয়ে বহুলকৈ আলোচনা কৰিছে।
ৰজেনবার্গৰ ভাষাত, সাধাৰণ অর্থত ফেচীবাদ হৈছে “উদাৰতাবাদ-বিৰোধী এক গণ-আন্দোলন”। উদাৰতাবাদ বোলোতে ইয়াত মূলতঃ ৰাজনৈতিক তথা চেকুলাৰ উদাৰতাবাদৰ কথা কোৱা হৈছে। এই উদাৰতাবাদৰ মতে ৰাষ্ট্রযন্ত্র তথা ধর্মীয় অনুষ্ঠানসমূহৰ হেঁচাৰ বিপৰীতে ব্যক্তি একোজনৰ কেতবোৰ অধিকাৰ থকা উচিত। দেখা যায় যে ঊনবিংশ শতিকাৰ শেহৰ ফাললৈ এই উদাৰতাবাদৰ পৰাজয়ৰ পাছতেই ফেচীবাদী প্রবণতাসমূহে আত্মপ্রকাশ কৰিলে।
সত্তৰৰ দশকৰ
আশে পাশে মই ফেচীবাদ সম্পর্কে কাম-কাজ আৰম্ভ করোঁতে এটা কথা সোনকালেই স্পষ্ট হৈ পৰিছিল
যে নাজী পার্টিয়ে জার্মান ফেচীবাদৰ জন্ম দিয়া নাছিল। বৰঞ্চ জার্মান ফেচীবাদেহে
নাৎসী দলৰ
সৃষ্টি সম্ভৱপৰ কৰি তুলিছিল। নাজী দলৰ জন্মৰ বহু পূর্বেই জার্মান
সমাজখনত ফেচীবাদৰ বাবে এক সুচল পৰিবেশ
তৈয়াৰ হৈ উঠিছিল। অর্থাৎ প্রকাশ্যভাৱে ফেচীবাদৰ
আগমনৰ বাবে প্রয়োজন আছিল কেৱল কোনো
আকর্ষণীয় নেতা বা দলৰ যি সমাজত ইতিমধ্যেই গা কৰি উঠা ফেচীবাদী প্রৱণতাসমূহক
গতি তথা দিক প্রদান কৰিব পাৰে। অৱশ্যে
কোনো কেন্দ্রীয় পৰিকল্পনা বা সুশৃংখল আঁচনিৰ বিপৰীতে, এখোজ দুখোজকৈ তথা
বিক্ষিপ্তভাৱেহে ফেচীবাদী লক্ষণসমূহে গা কৰি উঠিছিল। এইক্ষেত্রত
২০ৰ দশকৰ আশে পাশে সক্রিয় বিভিন্ন উগ্র-জাতীয়তাবাদী(völkisch) দল-সংগঠন তথা প্রাক্তন সৈনিকৰ গোট ইত্যাদিৰ কথা উল্লেখ কৰিব পাৰি। উগ্র-জাতীয়তাবাদী সংগঠনসমূহে এই সময়ছোৱাত
নিয়মীয়াকৈ ইহুদীবিৰোধী ঘৃণা অভিযান তথা হত্যাযজ্ঞৰ আয়োজন কৰি ফুৰিছিল। আনহাতে
প্রাক্তন সৈনিকৰ গোটসমূহ আছিল তীব্রভাৱে গণতন্ত্রবিৰোধী। প্রথম
বিশ্বযুদ্ধত জার্মানীৰ পৰাজয়ে তেওঁলোকৰ জাতীয়তাবোধত বিশেষকৈ আঘাট হানিছিল। ইয়াৰ উপৰিও,
জার্মান সেনাবাহিনীৰ উচ্চ পর্যায়ৰ এটা বৃহৎ অংশই জার্মানীৰ নৱেম্বৰ
বিপ্লৱ তথা ৰাজতন্ত্রৰ পতনৰ ঘটনাটো সহজতে মানি লব পৰা নাছিল। ই জার্মান জাতীয়তাবাদৰ প্রতি
এক মোক্ষম আঘাট বুলিয়েই তেওঁলোকে গণ্য কৰিছিল। অর্থাৎ সামগ্রিকভাৱে চাবলৈ গলে নাজী দলৰ উদয়ৰ বহু পূর্বেই বিভিন্ন সোঁ-পন্থী দল সংগঠনে নাজীবাদৰ বাবে
এক অনুকূল পৰিস্থিতি নির্মান কৰি পেলাইছিল।
ৰজেনবার্গে
সুন্দৰকৈ দেখুৱাইছে- কেনেদৰে ইউৰোপীয় সমাজসমূহত প্রথম বিশ্বযুদ্ধৰ
পূর্বৰ সময়ছোৱাতেই বিভিন্ন ধৰণৰ প্রতিক্রিয়াশীল ধ্যান-ধাৰণাৰ ভীষণ
প্রসাৰ ঘটিছিল। পাছলৈ বহুক্ষেত্রত ফেচীবাদীহঁতে
এই ধ্যান ধাৰণাসমূহৰে পুণৰাবৃত্তি কৰিছিল বুলি কব পাৰি। সংসদীয়
গণতন্ত্র তথা গণ-ৰাজনীতিৰ উত্থানৰ কালত ঊনবিংশ শতিকাৰ ৰক্ষণশীল এলিটসকলে আক্রামক-জাতীয়তাবাদী
আবেগ সৃষ্টি কৰিয়েই দুয়োটাৰে জৱাব দিবলৈ
চেষ্টা কৰিছিল। জাতীয়তাবাদৰ সকলো উদাৰ উপাদান নসাৎ কৰি তেওঁলোকে বিশ্বৰ অন্যান্য ঠাইত উপনিবেশ স্থাপন কৰিব পৰাকৈ
একোখন শক্তিশালী ৰাষ্ট্র নির্মাণৰ পোষকতা কৰিছিল। লগতেই, দেশৰ শ্রমিক আন্দোলনসমূহ
মষিমূৰ কৰিবলৈ তথা মধ্যবিত্তীয় ভোটদাতাসকলক বাওঁপন্থীসকলৰ প্রভাৱৰ পৰা ৰক্ষা
কৰিবলৈ নির্লজ্জভাৱে এন্টি-চেমেটিজিমকো ব্যৱহাৰ কৰিবলৈ
তেওঁলোকে কুণ্ঠাবোধ কৰা নাছিল (Weiss, ‘Conservatism
in Europe 1770-1945’, পৃষ্ঠা ৮৯)। ইউৰোপৰ পৰম্পৰাবাদী শক্তিসমূহে এইজাতীয় জেন’ফবিক(xenophobic) আবেদন আৰু
দেশপ্রেমমূলক এজেণ্ডাৰ দ্বাৰাই এক জনপ্রিয় ৰক্ষণশীলতাবাদৰ নির্মাণ কৰিছিল আৰু ইয়াৰ সহায়তেই ১৮৪৮ৰ বিপ্লৱে উজ্জীবিত
কৰি তোলা উদাৰবাদক পৰাস্ত কৰি বিভিন্ন দেশত সংসদীয় সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ
সক্ষম হৈছিল।
আন কথাত,
উনবিংশ শতিকাৰ উদাৰবাদী ধাৰাটোক পৰাস্ত কৰি কেতবোৰ নতুন বিধৰ সোঁ-পন্থী মতাদর্শই গা
কৰি উঠিছিল। বর্ণবাদ, মিলিটেৰীবাদ, সাম্রাজ্যবাদ তথা কর্তৃত্ব-পূজন(cult
of authority) এই মতাদর্শসমূহৰ অন্যতম উপাদান আছিল। এনে এক পটভূমিতে ইউৰোপীয়
ফেচীবাদৰ আৱির্ভাৱৰ প্রশ্নটো আমি
চালি-জাৰি চাব লাগিব। মই ভাবো যে সাংস্কৃতিকভাৱে তিনিটা ভিন ভিন স্তৰত ফেচীবাদৰ বিনির্মাণ(deconstruction) কৰা
উচিত। ইয়াৰে প্রথমটো স্তৰ হৈছে জাতীয়তাবাদ; প্রতিটো ফেচীবাদী মতাদর্শৰে যৌক্তিক
শাহটো হৈছে জাতীয়তাবাদ। ফেচীবাদী আন্দোলনে জাতিটো বা দেশখনৰ দেৱত্বাৰোপন(deification) কৰে। ফেচীবাদীসকলৰ দৃষ্টিত আন আন দেৱ-দেৱীৰ দৰেই
জাতিটোও যেন সাক্ষাৎ এক দেৱতা বা দেৱী। ফেচীবাদ সমর্থকসকলে সেয়েহে প্রায়েই নিজৰ
মতাদর্শক একপ্রকাৰৰ চেকুলাৰ ধর্ম বুলিও প্রচাৰ কৰা দেখা যায়। এইক্ষেত্রত তেওঁলোক সহজতে সফলো হয় কিয়নো এই দেৱত্বাৰোপণৰ
সমস্ত ক্রিয়াপদ্ধতিসমূহ (মিথক, প্রতীক, আচাৰ-বিধি, সঁজুলি আদি) ধর্মৰ পৰাই আহৰণ কৰা হয়। সেয়েহে ‘ফেচীবাদৰ
কেনেকৈ বিৰোধিতা কৰা যায়’ বুলি প্রশ্নৰ উত্থাপন হলে আমি এইবুলি কব লাগিব যে -
এইক্ষেত্রত অন্যতম উপায় হৈছে জাতীয়তাবাদৰ বিৰুদ্ধে এক সবল অৱস্থান
লোৱা তথা জাতীয়তাবাদী মতাদর্শৰ বিৰুদ্ধে এক প্রতিৰোধ গঢ়ি তোলা।
ফেচীবাদ-বিনির্মাণৰ
দ্বিতীয়টো স্তৰ হৈছে কর্তৃত্বমূলক সংস্কৃতি(authoritarian culture) তথা অৱদমন(repression)ৰ আলোচনা। এই অৱদমন
বিভিন্ন ধৰণৰ হব পাৰে, সামাজিক, পৰিয়াল-কেন্দ্রিক অথবা যৌনিক। এইক্ষেত্রত ১৯৬০
তথা ৭০ৰ দশকত আৱির্ভাৱ হোৱা নাৰীবাদী
আন্দোলনৰ অৰিহণা বিশেষভাৱে উল্লেখযোগ্য, কিয়নো এই নাৰীবাদী
আন্দোলনেই পোন প্রথমবাৰৰ বাবে যৌনিকতাৰ ৰাজনীতি(sexual politics)ৰ
প্রশ্নটো আলোচনাৰ কেন্দ্রত স্থাপন কৰিলে। ফেচীবাদ
বিৰোধী সংগ্রামখনিত এই নাৰীবাদী যৌনিক ৰাজনীতিয়ে বিশেষভাৱে অৰিহণা
যোগাই আহিছে। মোৰ দৃঢ় বিশ্বাস যে নাৰীবাদৰ উপস্থিতিৰ অবিহনে ইউৰোপৰ নব্য-নাজী
দলসমূহ বর্তমানতকৈ বহু অধিক শক্তিশালী হৈ
পৰিল হয়।
তৃতীয়টো স্তৰ হৈছে -
ছার্ত্রে(Sartre)ৰ ভাষাত ‘অন্য-দিশ’ৰ ফেচীবাদী প্রয়োগ আৰু লগতে
সাধাৰণ অনুশীলনৰ ৰূপত হিংসাৰ ব্যৱহাৰ
অর্থাৎ সংগঠিত গোটসমূহৰ হিংসাত্মক কার্যকলাপ। ৰজেনবার্গৰ
মতে মতাদর্শৰ ফালৰ পৰা ফেচীবাদৰ কোনো বিশেষত্ব
নাই; ফেচীবাদৰ উদয়ৰ বহু পূর্বেই অর্থাৎ শতিকাটোৰ প্রথমছোৱাতে বিভিন্ন
ধৰণৰ সোঁ-পন্থী মতাদর্শ ইউৰোপীয় সমাজসমূহত জনপ্রিয় হৈ পৰিছিল। তাৰ বিপৰীতে,
ফেচীবাদৰ
অনন্য বিশেষত্ব হৈছে ‘ধুমুহা বাহিনী’(storm troppers)ৰ প্রয়োগ। সাধাৰণভাৱে, নৃগোষ্ঠীয়-শুদ্ধিকৰণ
বা গণসংহাৰ প্রতিটো ফেচীবাদী আন্দোলনৰে
কার্যসূচীৰ অংশবিশেষ বুলি কব পাৰি। ভাৰতীয় ফেচীবাদী সংগঠন আৰ.এছ.এছৰ দ্বিতীয়জনা সংঘচালক গোলবলকাৰ মহাশয়েতো ‘জার্মান নৃ-গোষ্ঠীয় অভিমান’
তথা ইহুদী-গণহত্যাৰ প্রশংসা পর্যন্ত কৰি গৈছে। কিন্তু মন কৰা ভাল যে মহা-নৰসংহাৰ(holocaust)ৰ দৰে ঘটনা এক দীর্ঘ-দিনীয়া প্রচেষ্টাৰ পাছতহে সম্ভৱ হয়।
ইয়াৰ বাবে প্রয়োজন হয় অহৰহ হিংসাক উদগনি জনোৱা বা
হিংসাত্মক ঘটনা সংঘটিত কৰা এক নিৰন্তৰ আয়োজনৰ। বিভিন্ন বিক্ষিপ্ত
প্রতিক্রিয়াৰ মাজেদি ফেচীবাদী হিংসাই বিকাশ লাভ কৰি শেহান্তৰত ই এক সার্বজনীন প্রচেষ্টাৰ
ৰূপ ধাৰণ কৰে। ছাঁত্রেৰ ভাষাত, ‘কোনো নির্জীৱ পদার্থৰ
দৰেই ইয়াৰ পুণঃর্নিমান তথা পুনর্গঠন কৰা হয়’ (Sartre, ‘Critique
of Dialectical Reason’, পৃষ্ঠা ৬৪৯-৫০)। ফেচীবাদী
সংগঠনসমূহ এনে পৰিস্থিতিত বেছি কার্যক্ষম হৈ উঠে য’ত সমাজৰ ভুক্তভোগী সম্প্রদায়সমূহ
যেনে ইহুদী, মুছলমান বা কৃষ্ণাঙ্গসকলৰ বিৰুদ্ধে
ইতিমধ্যেই গোষ্ঠী-বিদ্বেষ সক্রিয় হৈ থাকে; বিদ্বেষৰ মাত্রা বৃদ্ধি কৰিবলৈ ফেচীবাদীহঁতে বিভিন্ন
ধৰণৰ পূর্বাগ্রহ, মিথক আদিৰ নির্মাণ/পুণঃনির্মান কৰে তথা সম্ভাবনাৰ(virtual) ৰূপত ভূক্তভোগীসকলৰ
হত্যাকাণ্ডৰ প্রতি ইংগিত কৰে।
ভাৰতীয় পৰিস্থিতিত
ফেচীবাদে সাম্প্রদায়িক ৰূপ লৈছে। গণহত্যা অভিযানৰ অংশ স্বৰূপেই সাম্প্রদায়িক
সংগঠনসমূহে নিয়মীয়াকৈ বিভিন্ন ধৰণৰ ধর্মীয় মিথকৰ নির্মাণ কৰা দেখা যায়। মুছলমান-বিদ্বেষী
এইজাতীয় প্রপাগাণ্ডাৰ ফলত বাস্তবিকতে নহলেও সম্ভাব্য অর্থত নৰসংহাৰ ইতিমধ্যেই কল্পনীয়
হৈ পৰে। এনে সর্বগ্রাসী প্রচাৰে “শত্রু”ৰ এনে
এখন ছবি তৈয়াৰ কৰে যাৰ নির্মূলকৰণ সম্ভৱপৰ, সমর্থনযোগ্য
তথা বাঞ্ছনীয় হৈ পৰে। বিদ্বেষমূলক এই মুকলি প্রপাগাণ্ডাই শাৰীৰিক আক্রমণ
তথা গণহত্যাৰ ভূমি নির্মাণ কৰে তথা সাম্প্রদায়িক দাংগা(অর্থাৎ প’গ্রম) “সংঘটিত হ’ব
পৰা”(অর্থাৎ আয়োজন কৰিব পৰা) “পৰিস্থিতি”ৰ সৃষ্টি কৰে। আন কথাত এই “পৰিস্থিতি” হৈছে এক নির্মিত
পৰিস্থিতি; ইয়াৰ নির্মানৰ ক্ষেত্রত ফেচীবাদীহতঁৰ সন্মিলিত অনুশীলনৰ প্রভাৱ
সুস্পষ্ট।
বলিৰ পঠা সজোৱা,
গোষ্ঠী-বিদ্ধেষ, সম্ভাব্য(virtual) ৰূপত গণহত্যা – এইবোৰেই হৈছে
ফেচীবাদ-বিনির্মাণৰ তৃতীয় স্তৰটোৰ কেন্দ্রীয় উপাদান। এই আটাইবোৰৰ বাবে বহুল,
সূক্ষ্ম তথা বিৰাট সাংগঠনিক শক্তি আৰু পৰিকল্পনাৰ প্রয়োজন হয়। ইয়াৰ দ্বাৰাই
প্রতীয়মান হয় যে ফেচীবাদ হৈছে সংগঠিত দল-সংগঠনৰ সংঘবদ্ধ একচন; এই একচনৰ লক্ষ্য
হৈছে বিভিন্ন প্রকাৰৰ মানৱ চিৰিজ।[4] আন
কথাত, ফেচীবাদী স্বতঃস্ফূর্ততা হৈছে পৰিকল্পিত বা সাংগঠনিক স্বতঃস্ফূর্ততা। আচলতে
কোনোধৰণৰ হিংসাত্মক উদ্গীৰণকেই স্বতঃস্ফূর্তভাৱে হোৱা উদ্গীৰণ বুলি কব নোৱাৰি। এইক্ষেত্রত
বৃহৎ পৰিমাণৰ সাংগঠনিক পৰিকল্পনা যুক্ত হৈ থাকে। উদাহৰণস্বৰূপে ২০০২ৰ গুজৰাট-গণহত্যাৰ
কথাই আঙুলিয়াব পাৰি। এটা সীমাত থাকে ৰাষ্ট্র, অর্থাৎ আটাইতকৈ সার্বভৌম তথা
সংগঠিত গ্রুপটো; এই ৰাষ্ট্র–তন্ত্রৰ বিভিন্ন সম্পদসমূহ আন আন সংগঠিত গোটসমূহক সহায়
কৰিবলৈ ব্যৱহাৰ কৰা হয়। আনহাতেদি আনটো সীমাত থাকে অসংগঠিত মানৱ চিৰিজসমূহ,
যাক অহৰহ বিভ্রান্তিৰ দিশেৰে লৈ যোৱা হয়। এই দুয়োটাৰে
মাজতে থাকে সংগঠিত গোটসমূহ, যি ফেচীবাদী আন্দোলনটো গঠন কৰে; এই সংগঠিত
গোটসমূহে চিৰিজ তথা ৰাষ্ট্র- দুয়োৰে ওপৰত প্রেছাৰ
গ্রুপ হিচাপেও কাম কৰে। বিভিন্ন
নেটৱর্কৰ যোগেদি চিৰিজ আৰু ৰাষ্ট্রৰ ওপৰত নিয়ন্ত্রণ হাছিল কৰি
এই সংগঠিত গোটসমূহে হিংসাৰ ধাৰাটোৰ নেতৃত্ব প্রদান কৰে। গুজৰাট
দাংগাৰ আটাইতকৈ শোচনীয় সময়খিনিতে তীস্তা ছিটলৱাৰে দাখিল কৰা এক প্রতিবেদন মতে, “হঠাতে
গঠিত হোৱা” ৫,০০০ পৰা ১৫,০০০ লৈকে বৃহৎ দাংগাকাৰী “ভীৰ”
কিছুমানে বিভিন্ন স্থানত “নির্ভুলভাৱে” হত্যাকাণ্ডবোৰ
সম্পন্ন কৰিছিল। “লক্ষণীয় যে আহমেদাবাদতকৈ বহু ডাঙৰ মুম্বাই চহৰতো হঠাতে এনে বৃহৎ হাৰৰ
ভীৰ গোটোৱাটো সহজ কথা নহয়।”[5]
অর্থাৎ এই দাংগাকাৰী ভীৰসমূহত পৰিচালক (অর্থাৎ সংগঠিত দল সংগঠন) তথা পৰিচালিত (অর্থাৎ
অসংগঠিত মানৱ চিৰিজ) – দুয়োটাই অন্তর্ভুক্ত আছিল আৰু বিশ্ব
হিন্দু পৰিষদ, বজৰং দল আদিৰ নেতৃত্বত ভীৰসমূহে হত্যালীলা তথা ধ্বংসযজ্ঞ চলাই
গৈছিল। আন কথাত, ভি এইচ পি, বজৰং দল আদিয়ে এই ভীৰসমূহত সংগঠিত উপাদানৰ ভূমিকা লৈছিল
আৰু অসংগঠিত মানৱ চিৰিজসমূহৰ পৰা জৈৱিক একচন
হাছিল কৰিছিল। কোৱা বাহুল্য যে যি
গণতন্ত্রই এইজাতীয় ষ্টর্ম-ট্রুপাৰ গোটসমূহক নিৰস্ত্র কৰিব নোৱাৰে, অনাগত
সময়ত ফেচীবাদী আগ্রাসনে তেনে গণতন্ত্রৰ পতন ঘটোৱাটো নিশ্চিত।
এনেদৰে মই প্রস্তুত কৰিব বিচৰা ফ্রেমৱর্কটো
তিনিটা স্তৰত গঠিত হৈছে। ইয়াৰে প্রথমটো
স্তৰত আছে জাতীয়তাবাদ; ফেচীবাদী মতাদর্শৰ যৌক্তিক শাহটোৱেই হৈছে
জাতীয়তাবাদ। ফেচীবাদীহঁতে জাতিটো বা দেশখনক এক জীৱন্ত
সত্তাৰ ৰূপত কল্পনা কৰে যি সম্প্রতি
গণতন্ত্র নামৰ ৰোগত আক্রান্ত তথা সংখ্যালঘুৰ
উপস্থিতিৰ ফলত প্রদূষিত; অর্থাৎ সিবিলাকৰ নির্মূল সাধন কৰি দেশখন বিশুদ্ধ কৰি
তোলাৰ প্রয়োজনীয়তা আছে! দ্বিতীয়টো স্তৰত আছে পৌৰুষ হিংসা তথা পুৰুষতন্ত্রৰ
প্রশ্নটো। পুৰুষতন্ত্র বা পিতৃতন্ত্রই এনে কেতবোৰ অৱদমনমূলক
পাৰিবাৰিক সংস্কৃতিৰ নির্মাণ কৰে যি মহিলা তথা যুব প্রজন্মটোক “স্বেচ্ছাচাৰীসদৃশ মূৰব্বী
একোজনৰ প্রতি আজ্ঞাকাৰী হবলৈ তথা গোলামসদৃশ বশ্যতা মানি চলিবলৈ দীক্ষা দিয়ে।” কণ কণ
লৰা-ছোৱালীহঁতক নিজৰ তথা বিশ্বৰ বিষয়ে সমালোচনামূলকভাৱে ভাবিবলৈ, আধিপত্যৰ বিৰোধিতা কৰিবলৈ তথা নিজ ইচ্ছা মতে বন্ধুত্ব গঢ়ি তুলিবলৈ শিকোৱাৰ পৰিবর্তে,
পিতৃতন্ত্রই সিহঁতৰ ব্যক্তিত্ব তথা মানবীয় গুণসমূহৰ বিকাশৰ ক্ষেত্রত হেঙাৰ হিচাপে
থিয় দিয়ে। ভাৰতীয় পৰিস্থিতিত এইজাতীয় অৱদমনৰ
লগতে জাত-পাতৰ বিচাৰ, সংখ্যালঘূৰ ওপৰত অত্যাচাৰ
তথা শিশুৰ প্রতি অমানৱীয় ব্যৱহাৰ আদি আন আন অৱদমনো
যুক্ত হৈ পৰিছে। অর্থাৎ এক সভ্যতা হিচাপে আমাৰ ভাৰতীয় সভ্যতাৰ শিৰাই-শিৰাই অসংখ্য অৱদমনমূলক
সংস্কৃতিৰ অদৃশ্য উপস্থিতি এক নির্মম সত্য। মই এই উপস্থিতি “অদৃশ্য” বুলি কৈছোঁ
কিয়নো আমাৰ সমাজত এই অৱদমনসমূহ
ইমানেই সর্বগ্রাসী যে সাধাৰণতে সিবিলাক আমাৰ চকুতেই নপৰে; বৰঞ্চ সিবিলাক সাধাৰণ জীৱনযাত্রাৰ
অংশবিশেষ যেনহে প্রতীয়মান হয়।প্রতিবাদী
কার্যসূচী গঢ়ি তোলাৰ জৰিয়তেহে সিবিলাকৰ উপস্থিতি দৃশ্যমান কৰিব পৰা যায়। তৃতীয় বা
সর্বশেষ স্তৰত আছে সংগঠিত বর্বৰতা বা দৈনন্দিন অনুশীলনৰ ৰূপত হিংসাৰ প্রয়োগ। এইক্ষেত্রত
বিভিন্ন ধৰণৰ ধর্মীয় বা গোষ্ঠীগত মিথক গঢ়া, অপপ্রচাৰ চলোৱা,
সংগঠিত গ্রুপ তথা চিৰিজসমূহৰ সমূহীয়া অনুশীলনৰ ৰূপত গণহত্যাৰ আয়োজন কৰা ইত্যাদি
বিষয়সমূহো সাঙোৰ খাই আছে।
এই আটাইকেওটা স্তৰকে সামৰি ফেচীবাদ-বিৰোধী
সংগ্রামখনিৰ এজেণ্ডা নির্মাণ কৰাৰ সময়খিনিত আমি নিজকে প্রশ্ন কৰা উচিতঃ এই তিনিওটা
স্তৰৰ ভিতৰত এটাতো আমি আমাৰ এজেণ্ডা আগবঢ়াব পাৰিছোঁনে? ভাৰতীয় ফেচীবাদৰ বিৰুদ্ধে সঁচাকৈয়ে
আমাৰ কোনো স্পষ্ট এজেণ্ডা আছেনে? মূখ্যধাৰাৰ সংস্কৃতিৰ মর্মস্থলীত প্রবেশ কৰি চিৰিজলৈ
পৰিবর্তিত হোৱা লক্ষ লক্ষ মানুহক মোকলাই আনিব পৰাকৈ আমাৰ কোনো
কার্যক্ষম এজেণ্ডা আছেনে? সকলো হিন্দুৰে নামত সংঘটিত ফেচীবাদী হিংসা আৰু এই হিংসাত
নিজৰে মৌন অংশীদাৰিত্ব দেখি হতভম্ভ তথা নিঃসহায় অনুভৱ কৰা শত সহস্র জনগণক মুকুটিৰ পথ দেখুৱাবলৈ
আমি কোনো এজেণ্ডা প্রস্তুত কৰিব পাৰিছোঁনে?
এই প্রশ্নৰসমূহৰ
সৈতে মোকাবিলা কৰাৰ এটা উপায় হৈছে “নীৰৱতাৰ সংস্কৃতি”ৰ
বিৰোধিতা কৰা। স্পর্শকাতৰ বুলি মৌনতা অৱলম্বন কৰাৰ বিপৰীতে,
এই বিষয়সমূহ সম্পর্কে মুকলি চর্চা আৰু যুক্তি-তর্কৰ পৰিবেশ তৈয়াৰ কৰা; ঘৰতেই হওঁক
বা বাহিৰতে হওঁক সকলোতে এই বিষয়সমূহ
সম্পর্কে খোলা আলোচনাৰ পোষকতা কৰা; খোলা মনেৰে কথা পতা। এই বিষয়সমূহক গাপ দিয়াৰ প্রতিটো
প্রচেষ্টাকে প্রতিহত কৰা। উদাহৰণ
স্বৰুপে মোৰ এজন সাংবাদিক বন্ধুৱে তেওঁৰ ইউনিয়নৰ
সদস্যসকলৰ সৈতে এই বিষয়ে কথা পাতিবলৈ চেষ্টা কৰোঁতে তেওঁক এইবুলি কোৱা হৈছিল “যি হ’ব লগা আছিল হ’ল। আকৌ গুজৰাটৰ বিষয়ে পাতিবলৈ কি কথা আছে? এইবোৰ পুৰণি
কথা পাহৰি যোৱাই ভাল।” এই যে “পাহৰি যোৱাই ভাল”
বোলা কথাষাৰ – এইজাতীয় কথা আৰু মানসিকতাৰ ফলতেই সংঘ পৰিয়ালৰ শ্রীবৃদ্ধি দিনক দিনে
বাঢ়িবলৈ ধৰিছে।
‘স্মৃতি আৰু
পাহৰণি’ এই বিষয়ে বিখ্যাত পেলেষ্টাইনী কবি
মেহমুদ দাৰৱিছৰ জীৱনৰ পৰা
কিছু মূল্যবান কথা শিকিব পাৰি। ১৯৮২ চনত ইজৰাইলী
নৌ-সেনা আৰু বিমানবাহিনীয়ে বেইৰুট চহৰৰ ওপৰত ধাৰাষাৰে বোমাবর্ষণ কৰাৰ সময়ছোৱাত দাৰৱিছ বেইৰুট
চহৰতেই আছিল। প্রায় দুমাহ ধৰা অহৰহ বোমাবর্ষণৰ ফলত প্রতিদিনেই দুইৰ পৰা তিনিহেজাৰলৈকে
অসামৰিক লেবানিজ তথা পেলেষ্টাইনী লোকৰ মৃত্যু ঘটিছিল। এই ভয়াবহ অভিজ্ঞতাৰ সৈতে
মোকাবিলা কৰিবলৈ দাৰৱিছে এখন ডায়েৰী লিখিবলৈ আৰম্ভ কৰিলে;
ডায়েৰীখনৰ নাম দিয়া হল ‘পাহৰণিৰ স্মৃতি’(Memory
for forgetfulness)। এই নামটোৰ কি অর্থ হব পাৰে – এই সম্পর্কে কিছু ভবা-চিন্তা কৰা
ভাল।
মূল প্রসংগলৈ
ঘূৰি অহা যাওঁক। ফেচীবাদ-বিনির্মাণৰ এই তিনিওটা স্তৰৰ বৈশিষ্ট্যসমূহৰ বিষয়ে আলোকপাত
কৰিবলৈ প্রথমতে জাতীয়তাবাদৰ পৰাই আৰম্ভ কৰা যাওঁক। আমি সকলোৱেই
জানো যে জাতীয়তাবাদ হৈছে এনে এক পৃষ্ঠভূমি
য’ত দেশৰ সোঁ-পন্থী তথা বাওঁপন্থী – দুয়োটা শক্তিয়েই বিচৰণ কৰে। আংশিকভাৱে এই
জাতীয়তাবাদী কাঠামোৰ হেঁচাতেই বাওঁপন্থীসকলে কবলৈ বাধ্য হয় যে সোঁ-পন্থীসকল
‘স্বদেশী’ৰ এজেণ্ডা সম্পর্কে চিৰিয়াছ নহয়। আচলতে বাওঁপন্থীসকলে নিজকে ‘জাতীয়-স্বাধীনতা’ৰ ৰক্ষক
বুলিয়েই গণ্য কৰে; অৱশ্যে আর্থিক পটভূমিতেই এই
‘জাতীয়-স্বাধীনতা’ৰ ব্যাখ্যা কৰা হয়। বাওঁপন্থীসকলৰ এই জাতীয়তাবাদ হৈছে একাংগী(isolationist) জাতীয়তাবাদ; অর্থাৎ বাওঁপন্থীসকলৰ দৃষ্টিত আপেক্ষিকভাৱে স্বায়ত্ত্ব
বিভিন্ন জাতীয়-অর্থনীতিৰ সমষ্টি(collection) স্বৰূপেই গোলকীয় অর্থনীতিৰ
নির্মাণ হৈছে। কিন্তু পুঁজিবাদে যে
ইতিমধ্যেই জাতীয়-স্বাৱলম্বিতাৰ পর্য্যায়টো
ধ্বংস কৰি পেলাইছে এই কথাটো ভাৰতীয় বাওঁপন্থীসকলে বুজিব নোখোজে। আচলতে পুণৰ
জাতীয়-স্বাৱলম্বিতাৰ পর্যায়টোলৈ ঘূৰি যোৱাৰ বাওঁপন্থী
প্রচেষ্টাসমূহ সফল হোৱাৰ আশা অতিশয় কম।[6]
উল্লেখযোগ্য
যে বাগাড়ম্বৰৰ স্তৰত ফেচীবাদী জাতীয়তাবাদ বাওঁপন্থীসকলতকৈও অধিক একাংগীবাদী তথা আন্তঃৰাষ্ট্রীয় পুঁজিৰ ঘোৰ বিৰোধী। কিন্তু
ফেচীবাদী জাতীয়তাবাদৰ আন এটি বিশেষ দিশ আছে যিটো
আন ৰাজনৈতিক ধাৰাসমূহত বিচাৰি পোৱা নাযায়। ফেচীবাদী
আন্দোলনসমূহে এক বিশেষ প্রকাৰৰ জাতীয়তাবাদৰ পোষকতা কৰে; এই জাতীয়তাবাদৰ মূলতে আছে
palingenesia(পুণর্গঠন)ৰ এক অভিনৱ
প্রতিশ্রুতি। এই palingenesia শব্দটো বিভিন্ন ফেচীবাদী লেখকৰ প্রবন্ধ সংকলন ‘Fascism’
গ্রন্থখনিৰ পৰা লোৱা হৈছে (Griffin, ‘Fascism’ Oxford 1995)। Palingenesiaৰ
অর্থ হৈছে পুণর্গঠন বা পুনর্জীৱন। অর্থাৎ ইয়াৰ মতে
জাতি হৈছে এক জীৱন্ত বা ব্যৱহাৰিক সত্তা;
এই সত্তাটি সম্প্রতি বিভিন্ন জটিল ৰোগেৰে আক্রান্ত হৈ শর্য্যাশায়ী হৈ পৰিছে।
এইক্ষেত্রত ফেচীবাদ হৈছে এনে এপালি মহৌষধ, যি এই সমস্ত ৰোগৰ চিকিৎসা কৰি জাতিক পুণৰ
নকৈ গঢ়ি তুলিব। নতুন পুৰণি সকলো ফেচীবাদী আন্দোলনতেই এই বৈশিষ্ট দেখিবলৈ পোৱা যায়।
‘We
or Our Nationhood
Defined’ গ্রন্থখনিত গোলৱলকাৰে হিন্দু জাতিক পুনর্জীৱিত কৰি
জাতীয় পুনর্গঠন কৰাৰ কথা লিখিছে। আৰ এছ এছৰ বাবে তেওঁ তৈয়াৰ কৰা কার্যসূচীৰ লক্ষ্য
হৈছে – ভাৰতবর্ষক এখন হিন্দু ৰাষ্ট্রলৈ পৰিবর্তিত কৰি হিন্দু জাতিৰ (কল্পিত) হৃত পৰিচয়
তথা বিশুদ্ধতা পুণৰ প্রতিষ্ঠা কৰা। অর্থাৎ গোলৱলকাৰৰ
দৃষ্টিত হিন্দু(সম্প্রদায়) তথা ভাৰত(ৰাষ্ট্র)
হৈছে ইটো সিটোৰ সমার্থক। কোৱা বাহুল্য যে নাজী বর্ণবাদী তত্ত্বসমূহৰ দৰেই গোলৱলকাৰৰ
কল্পিত হিন্দু ৰাষ্ট্রখনো ভীষণভাৱে সাম্প্রদায়িক।
‘কর্তৃত্ব তথা
উৎপীড়নৰ সংস্কৃতি’ৰ প্রশ্নটোৰ ক্ষেত্রত কেন্দ্রীয় সমস্যাটো হৈছে যে প্রায়েই
উৎপীড়িতসকলে কর্তৃত্বৰ সৈতে নিজৰ একাত্মতা অনুভৱ কৰে। এই সমস্যাটোৰে সৈতে
দৃঢ়তাৰে যুঁজাৰ সময় এতিয়া সমাগত। স্কুল,
কর্মস্থলী, পৰিয়াল, কমিউনিটি সকলোতে এই কর্তৃত্ববাদী সংস্কৃতিৰ গভীৰ প্রভাৱ
দেখিবলৈ পোৱা যায়। চিধা ভাষাত কবলৈ হলে এই আটাইবোৰেই হৈছে
‘প্রতিক্রিয়াশীল মতাদর্শ’ৰ জন্মস্থলী; ইহঁতেই লক্ষ লক্ষ যথাস্থিতিবাদী মানৱ চিৰিজ
নির্মাণ কৰে। শিক্ষা আৰু সামাজিকীকৰণৰ এই স্থলীসমূহত মানুহে নিজাকৈ ভবা চিন্তা কৰিবলৈ
শিকাৰ পৰিবর্তে ভীৰৰ সৈতে কেনেকৈ নিজকে যন্ত্রসদৃশভাৱে একাত্ম
কৰি লোৱা যায়, বা
কেনেকৈ আন দহজনৰ দৰেই নিজৰো চিন্তা-চর্চা একৰূপী কৰা যায় ইত্যাদিৰহে শিক্ষা
লাভ কৰে। অর্থাৎ সামাজিকীকৰণৰ এই স্থলীসমূহে মানৱীয় গুণ
তথা বৈশিষ্ট্যসমূহ বিকশিত কৰি উজলাই তোলাৰ বিপৰীতে মানৱীয় সম্ভাৱনীয়তাসমূহকেই
মষিমূৰ কৰে। ফলত
এসময়ত বাহ্যিকভাৱে একতাবদ্ধ কেতবোৰ অতি-অনুশাসিত গণ-সমষ্টি(regimented mass)ৰ জন্ম হয়। ইউৰোপীয় ফেচীবাদৰ অভিজ্ঞতাৰ পৰা আমি জানো যে সিবিলাক ফেচীবাদৰ উত্থানৰেই প্রতিনিধিস্বৰূপ।
উল্লেখযোগ্য যে ৰেইখৰ মতে যৌনিকতা আৰু মানৱ
আকাংক্ষ্যাৰ সংস্থাগত অৱদমনৰ মাজতেই কর্তৃত্ববাদৰো মূল শিপাদাল
বিচাৰি পোৱা যাব। পৰিয়াল, নীতিশিক্ষা আদিৰ দ্বাৰা এই অৱদমনসমূহে এক ‘কৃত্রিম
স্বার্থ’ৰ নির্মাণ কৰে যি সক্রিয়ভাৱে কর্তৃত্ববাদী
ব্যৱস্থাটোকেই সমর্থন প্রদান কৰে।
ভাৰতীয় সমাজত কর্তৃত্বই কেনেকৈ ক্রিয়া কৰে তথা
ই কেনেকৈ ৰাজনৈতিক ৰণনীতিৰ সৈতে যুক্ত হৈ পৰে – এইসম্পর্কে এটি সামগ্রিক ধাৰণা বিকশিত
কৰাৰ প্রয়োজনীয়তা আছে। যৌনিকতাৰ ৰাজনীতি এইক্ষেত্রত বিশেষভাবে গুৰুত্বপূর্ণ কিয়নো যেতিয়াই
মানুহক (বিশেষকৈ নৱ প্রজন্মটোক) তেওঁলোকৰ আশা-আকাংক্ষ্যাসমূহ অৱদমিত কৰি
ৰাখিবলৈ বা এইসম্পর্কে অপৰাধবোধত ভুগিবলৈ
বাধ্য কৰোৱা হয়,
তেতিয়াই ই ৰক্ষণশীল
শক্তিসমূহৰ উত্থানত সহায়ক হয়। কর্তৃত্ববাদৰ
সুদৃঢ়-কৰণ তথা ফেচীবাদী আন্দোলনৰ উদয়ৰ ক্ষেত্রত যৌনিকতাৰ এই অৱদমনে
বিশেষ কাৰকৰ ভূমিকা পালন কৰে। অর্থাৎ
এই ৰক্ষণশীল আন্দোলনসমূহৰ সৈতে মোকাবিলা কৰিবলৈ হলে পাৰস্পৰিকতা(reciprocity)ৰ সংস্কৃতি(অর্থাৎ স্বাধীনতাৰ ভিত্তিত ব্যক্তিসকলৰ আন্তঃসম্পর্ক নির্মানৰ
সংস্কৃতি)সমূহ উৎসাহিত কৰি সামাজিক স্বাধীনতাৰ পোষকতা কৰিব পাৰিবই লাগিব।
এই আটাইকেওটা
স্তৰ ইমানেই নিবিঢ়ভাৱে আন্তঃসম্পর্কযুক্ত যে সিবিলাকক পৃথক কৰি
চোৱাটো প্রায়েই টান হৈ পৰে। হিংসা আৰু
আক্রামকতা এই তিনিওটা স্তৰৰে বিশেষ উপজীব্য। শেহতীয়া দশককেইটাত জাতীয়তাবাদে ধাৰণ কৰা
অধিকাংশ ৰূপ হিংসাৰ সংস্কৃতিৰ সমার্থক হৈ
পৰিছে। উদাহৰণস্বৰূপে য়ুগোশ্লাভিয়াৰ পতনৰ
পাছত বিভিন্ন স্লাভ জাতিসমূহে ইটোৱে সিটোৰ ওপৰত কৰা
আক্রমণৰ কথাই কব পাৰি। মিলোচেভিকৰ চার্ব জাতীয়তাবাদেতো গোষ্ঠী-সংহাৰৰেই ৰূপ
ললে। দ্বিতীয়টো স্তৰ অর্থাৎ ‘কর্তৃত্বমূলক সংস্কৃতি আৰু অৱদমন’ –
এই ক্ষেত্রতো একেটা কথাই কব পাৰি। হিংসা হৈছে কর্তৃত্বৰ চিৰ-সহচৰ। অর্থাৎ কর্তৃত্বৰ
দাবী স্তৰীভূত হিংসাৰেই অন্য এটি নাম। হিংসাৰ এনে সংস্থাগত(institutionalised) ৰূপসমূহৰ
বিৰোধিতা কৰাটো অতিশয় প্রয়োজনীয়। তৃতীয়টো
স্তৰ- ‘অর্থাৎ দৈনন্দিন অনুশীলনৰ ৰূপত হিংসাৰ প্রয়োগ’ এইক্ষেত্রত মূল প্রশ্নটো
হৈছে যে এনে সংগঠিত ফেচীবাদী গোটসমূহৰ মোকাবিলা
কেনেকৈ কৰা যায়? এইক্ষেত্রত আন আন সংগঠিত গোটসমূহৰ সবল ৰাজনৈতিক পদক্ষেপৰ
অবিহনে এই মোকাবিলা সম্ভৱনে? এই আন আন সংগঠিত গোটসমূহ কোন, সমাজত
সিবিলাকৰ বর্তমান অৱস্থিতি কি?
শেষ কৰাৰ
আগেয়ে, প্রদর্শনকামিতা(spectacle) আৰু ফেচীবাদৰ আন্তঃসম্পর্ক
সম্পর্কে দুই এটা কথা উল্লেখ কৰাটো ভাল হব। ফেচীবাদী ৰাজনীতি হৈছে প্রদর্শনকামী ৰাজনীতি।
জাকজমকতাৰে ভৰা সুদৃশ্য প্রদর্শনীৰ আয়োজন কৰি সংগঠিত ফেচীবাদী গোটসমূহে মানৱ-চিৰিজসমূহৰ
ওপৰত সিহঁতৰ আধিপত্য তথা ক্ষমতা সাব্যস্ত কৰে। আচলতে সকলোধৰণৰ কর্তৃত্ববাদী আন্দোলনেই এইজাতীয় কুটকৌশল প্রয়োগ
কৰি জনগণৰ ভয়মিশ্রিত শ্রদ্ধা আদায় কৰিবলৈ চেষ্টা কৰে। সিবিলাকে চিৰিজসমূহৰ
নপুংসকতা অব্যাহত ৰাখি বিভিন্ন প্রতীক তথা চিহ্নৰ সহায়ত জনগনক সন্মোহিত কৰি ৰাখে। মুছোলিনীৰ
নাটকীয় শৈলীৰ বিকাশৰ ক্ষেত্রত গুস্তাভ লে বন(Gustav Le Bon)ৰ
তত্ত্বসমূহৰ যথেষ্ঠ প্রভাৱ পৰিছিল। লে বনে বিশ্বাস কৰিছিল যে মানৱ ‘ভীৰ’সমূহ
সহজাতভাৱেই অযৌক্তিক হয় আৰু সেয়েহে তেওঁ ৰাজনেতাসকলক প্রচুৰ
পৰিমাণে অতিনাটকীয় শৈলী প্রয়োগ কৰিবলৈ পৰামর্শ দিছিল। ‘জনতাক কাবু কৰিবলৈ’ তেওঁ
দিয়া এই পৰামর্শসমূহ ১৯ শতিকাৰ শেহৰছোৱাত ফ্রাঞ্চত
সম্পন্ন সম্মোহনী-বিদ্যা(hypnotism) বিষয়ক কেতবোৰ গৱেষণাৰ
ওপৰত আধাৰিত আছিল। লে বনে যুক্তি দর্শাইছিল যে মিথক ইত্যাদিৰ নির্মাণৰ দ্বাৰা ৰাজনেতাসকলে
জনগণক উত্তেজিত কৰি নিজৰ অধীন কৰি লব পাৰে। নেতাসকলক প্রচুৰ পৰিমাণে
প্রতীকাদিৰ প্রয়োগ কৰিবলৈও তেওঁ পৰামর্শ দিছিল (Falasca-Zamponi, ‘Fascist Spectacle:The Aesthetics of Power in Mussolini's Italy’ পৃষ্ঠা ২০)। সেয়েহে ধর্মীয় শোভাযাত্রা,
মূর্তি, শিল্পকর্ম আদিবোৰ হিন্দুত্বৰো অভিন্ন অংগ, কিয়নো ফেচীবাদৰ ৰাজনৈতিক
সংস্কৃতিৰ বিকাশৰ ক্ষেত্রত প্রদর্শনীৰ ভূমিকা হৈছে অপৰিসীম।
শেহান্তৰত মই এইবুলি কব বিচাৰোঁ যে এই আটাইকেওটা স্তৰতে আমি
প্রতিবাদী ধাৰাটো সবল কৰি তুলিব লাগিব। হস্তক্ষেপৰ
স্থান প্রতিটো স্তৰতে থাকিব লাগিব, কিন্তু ইয়াৰ বাবে এটি শক্তিশালী তথা কর্তৃত্ববাদ-বিৰোধী
ৰাজনৈতিক ধাৰা বিকশিত কৰাটো প্রয়োজনীয় হব। কোৱা বাহুল্য যে এই ৰাজনৈতিক ধাৰাটিয়ে জনগণক সমালোচনাত্মকভাৱে(critically) ভাবিবলৈ তথা পৰস্পৰ সন্মানৰ ওপৰত আধাৰিত মানৱীয় সম্পর্ক বিকশিত কৰিবলৈ প্রেৰণা দিব লাগিব। ই এনে এক সামাজিক-ৰাজনৈতিক সংস্কৃতিৰ পৃষ্ঠপোষক হব লাগিব
যি জাতীয়তাবাদ, অধিক্রমবাদ(hierarchy) তথা চিৰিজ-সৃষ্টিকাৰী
আধিপত্যৰ সন্মোহন দুর্বল তথা মষিমূৰ কৰিব পৰাকৈ স্বাধীনতাৰ প্রমূল্যসমূহক যথাযথ
মূল্য দিব।
**************************
লেখক পৰিচিতিঃ প্রফেচাৰ
জয়ৰছ বানাজী ভাৰতৰ এজন আগশাৰীৰ মার্ক্সবাদী তাত্ত্বিক। সম্প্রতি লণ্ডনস্থিত ‘স্কুল
অৱ অৰিয়েণ্টেল এণ্ড আফ্রিকান ষ্টাডিজ’ৰ শাখা ‘ডিপার্টমেণ্ট অৱ ডেভেলপমেণ্ট ষ্টাডিজ’ৰ
প্রফেচাৰিয়েল ৰিচার্চ এচচিয়েট বানাজীয়ে ‘ইকনমিক এণ্ড পলিটিকেল ৱিকলী’ত অনুষ্ঠিত ভাৰতীয় ‘মড অৱ প্রডাকচন’ বিতর্কতো বিশেষ অৱদান
আগবঢ়াইছিল। তেওঁৰ ‘থিয়ৰী এজ হিষ্টৰী’ গ্রন্থখনিয়ে ২০১১ চনৰ ‘আইজাক এণ্ড তামাৰা
ডয়েচাৰ মেমৰীয়েল প্রাইজ’ লাভ কৰিছে। দুটা
দশকৰো অধিক কাল ধৰি মুম্বাইৰ শ্রমিক
আন্দোলনৰ সৈতে জড়িত হৈ থকা বানাজীৰ শেহতীয়া গ্রন্থখনি হৈছে Fascism: Essays on Europe and India (2013).
[1] মূল ইংৰাজীত লেখনীটো পঢ়িবলৈ এইটো লিংক চাব পাৰে: http://nsi-delhi.blogspot.in/2013/09/the-political-culture-of-fascism.html
[2] ৰজেনবার্গৰ
প্রবন্ধটো জয়ৰছ বানাজী সম্পাদিত Fascism: Essays on Europe and India নামৰ
সদ্য প্রকাশিত গ্রন্থখনিত সন্নিবিষ্ট কৰা হৈছে।
[4]
“এইখিনিতে এটা কথা উল্লেখ কৰাটো ভাল হব- বানাজীয়ে এই প্রবন্ধটোত জ্য পল ছাঁত্রেৰ কেতবোৰ ধাৰণাৰ ব্যৱহাৰ
কৰিছে। ছাঁত্রেয়ে মানৱ সমষ্টি সমূহক দুটা
ভাগত ভাগ কৰিছেঃ গ্রুপ আৰু চিৰিজ। গ্রুপ হৈছে কোনো সমূহীয়া বিশেষ উদ্দেশ্যৰ বাবে
সচেতনভাৱে একেলগ হোৱা মানৱ সমষ্টিঃ যেনে-
কোনো অধ্যয়ন চক্র, কমিউনিষ্ট পার্টি, কর্মশালা আদিৰ সদস্য বা
অংশগ্রহণকাৰীসকল। আনহাতেদি চিৰিজ বা চিৰিয়েলিটি হৈছে কোনো বস্তুগত পৰিস্থিতি হেতু অসচেতনভাৱে একেলগ হব লগা হোৱা মানৱ সমষ্টিঃ যেনে বাচৰ বাবে
অপেক্ষা কৰি থকা যাত্রীৰ সমষ্টি, জেলৰ কয়দীসকল ইত্যাদি।” --অনুবাদক
ৰিপর্টটো অনলাইন পঢ়িবলৈ এইটো
লিংক চাওঁক http://www.sabrang.com/gujarat/7mar1.htm
[6] বানাজীৰ সতীর্থ ৰোহিনী হেঞ্চমেনৰ গ্রন্থ ‘Workers, Union and Global Capitalism’খনিত এই বিষয়ে বিস্তৰ আলোচনা কৰা হৈছে। বানাজী তথা হেঞ্চমেনৰ যুক্তি হৈছে যে জাতীয় স্বাৱলম্বিতাৰ ভিত্তিত গোলকীকৰণৰ বিৰোধিতা কৰাতকৈ আন্তর্জাতিক পুঁজিবাদী ব্যৱস্থাই সম্প্রতি সম্ভৱপৰ তথা অনিবার্য কৰি তোলা শ্রমিকৰ আন্তর্জাতিক সমিলমিল তথা সংগ্রামেহে পুঁজিবাদী ব্যৱস্থাটোৰ অৱসান ঘটাব পাৰিব। -অনুবাদক
ভাল কাম কৰিলে অনুবাদ কৰি।
ReplyDeleteভাল লিখা, চিন্তা কৰিব লগীয়া বহু কথা আছে।
ReplyDelete