Thursday, December 29, 2016

প্রাচুর্যৰ ৰঙা সপোন [উপন্যাস] - ১

মূলঃ Red Plenty – by Francis Spufford
প্রকাশ কালঃ ২০১০ চন

অনুবাদকৰ পাতনিঃ


বাস্তৱ পৃথিবীখনৰ বিশ্লেষণৰ ক্ষেত্রত ফিকচন কেতিয়াবা অধিক ফলপ্রসূ হব পাৰে। ফ্রাঞ্চিচ স্পুফর্ডৰ এই কিতাপখনৰ বিষয়েও এই কথাই কব পাৰি। এটা বৈকল্পিক ব্যৱস্থা, এখন বৈকল্পিক অর্থনীতি নির্মাণৰ ক্ষেত্রত ছোভিয়েট ইউনিয়ন কেনেধৰণৰ সমস্যাৰ সমুখীন হব লগা হৈছিল – তাৰ বিস্তৃত বর্ণনা বিভিন্ন গ্রন্থত পোৱা যায়। এইক্ষেত্রত প্রফেচৰ Alec Noveৰ গ্রন্থ An Economic History of the USSR বিশেষভাৱে উল্লেখযোগ্য। কিন্তু এনে সমস্ত সমস্যাবোৰ স্পুফর্ডৰ কিতাপখনত বিভিন্ন  মানৱ চৰিত্র তথা ৰসাল ঘটনাৰ ৰূপত জীৱন্ত হৈ উঠিছে। যিসকলে আর্থিক ইতিহাস পঢ়িবলৈ টান পায়, তেওঁলোকে এই কিতাপখন নিশ্চয় পঢ়া উচিত। আনহাতে এলেক নভৰ কিতাপখন পঢ়া পাঠকেও নিশ্চয় স্পুফর্ডৰ এই গ্রন্থখন উপভোগ কৰিব। তেওঁলোকে নিশ্চয় অনুভৱ কৰিব যে যিবোৰ কথা অতদিনে আমি মাথো বিমূর্ত ৰূপত জানি আহিছিলো, সিবিলাকে এতিয়া ৰক্ত-মাংসৰ চৰিত্রৰ ৰূপ ধাৰণ কৰিছে।

Sunday, December 25, 2016

নাৰীবাদী দৃষ্টিৰে পৃথিৱীখন ৬

মূলঃ Seeing Like a Feminist. নিবেদিতা মেনন
অনুবাদঃ ময়ূৰ চেতিয়া

(যোৱা সংখ্যাৰ পাছৰ পৰা)

(ৰাজহুৱা) নাগৰিকত্ব আৰু (ব্যক্তিগত) পৰিয়াল

জেণ্ডাৰিঙৰ প্রক্রিয়াটোৱে নাগৰিকত্বৰ দৰে ৰাজহুৱা ধাৰণাবোৰকো প্রভাৱিত কৰে। কেনেদৰে প্রাইভেট অসমকামী পিতৃতান্ত্রিক পৰিয়ালৰ ধাৰণাটোৰ জৰিয়তে ৰাজহুৱা নাগৰিকত্বৰ নির্মাণ তথা মধ্যস্থকৰণ কৰা হয় - সেয়া বুজাটো তথা তাৰ বিৰোধিতা কৰাটো প্রয়োজনীয়। নাৰীবাদী তত্ত্বৰ মতে, পিতৃতান্ত্রিক পৰিয়ালেই হৈছে সমাজত মহিলাৰ নিম্নস্থানৰ বাবে প্রধানকৈ জগৰীয়া আৰু গতিকেই নাৰীবাদীসকলে ‘পার্চনেল ইজ পলিটিকেল’ৰ দৰে শ্লোগানত বিশ্বাস কৰে। এই শ্লোগানৰ অর্থ হৈছে - যাক সাধাৰণতে ‘পার্চনেল’ বিষয় বুলি গণ্য কৰা হয়  (যেনে ধৰক পাকঘৰৰ ৰাজনীতি, বেডৰুমৰ ফুচফুচনি) - সিবিলাকো হৈছে বিভিন্ন ক্ষমতা সম্পর্কৰ অধীন আৰু কাজেই ‘ৰাজহুৱা’ বিষয় (যেনে নাগৰিকত্ব, সম্পত্তি, চাকৰি আদি) বিলাকৰ ক্ষেত্রতো সিবিলাকে বিশেষ প্রভাৱ পেলায়; সেয়েহে পাকঘৰ, বেডৰুম আদিকো ‘ৰাজনৈতিক’ বিষয় হিচাপে গণ্য কৰা উচিত।

উদাহৰণস্বৰূপে, ২০০৫ চনত ভাৰতৰ উচ্চতম ন্যায়ালয়ে এটা গোচৰ সংক্রান্তত ঘোষণা কৰিলে যে  একোটা শিশুৱে তাৰ পিতৃৰ জাতি বহন কৰে। গোচৰটোত আদালতে অনুসূচীত জাতিৰ বাবে সংৰক্ষিত এটা সমষ্টিৰ পৰা বিজয় লাভ কৰা এগৰাকী মহিলাৰ বিধায়িকা পদ নাকচ কৰিলে কিয়নো মহিলাগৰাকীৰ পিতৃ এজন উচ্চ বর্ণৰ ব্যক্তি আছিল। পৰাজিত প্রার্থীসকলে ৰূজো কৰা এই গোচৰটোত বিধায়িকা শ্রীমতী শোভা দেৱীয়ে আদালতত আবেদন কৰিছিল যে যিহেতু তেওঁৰ পিতৃয়ে তেওঁৰ নিম্নজাতিৰ মাতৃক কেতিয়াও আনুষ্ঠানিকভাৱে বিয়া কৰোৱা নাছিল, যিহেতু তেওঁৰ পিতৃয়ে বহু আগেয়েই তেওঁৰ মাতৃক পৰিত্যাগ কৰি গুচি গৈছিল আৰু মাতৃৰ সমাজখনৰ মাজতেই তেওঁ ডাঙৰ দীঘল হৈছিল, সেয়েহে মাতৃৰ জাতিসূচক নাম ব্যৱহাৰ কৰিবলৈ তেওঁৰ যোগ্যতা আছে। আদালতে পিছে তেওঁৰ এই যুক্তি মানি নললে আৰু বৰং এইবুলি খেদ প্রকাশহে কৰিলে যে কেৱল ৰাজনৈতিক সা-সুবিধাৰ বাবেই বিধায়িকা গৰাকীয়ে তেওঁৰ নিজা মাতৃক ‘ৰক্ষিতা’ বুলি তথা নিজক তথা নিজৰ পাচোঁটা ভাই-ভন্টিক ‘জাৰজ’ বুলি অভিহিত কৰিছে।

আদালতৰ মগজুত এইক্ষেত্রত কেইটামান বিচিত্র ধাৰণাই ক্রিয়া কৰিছিল। প্রথমঃ আদালতে বিশ্বাস কৰিছিল যে যিকোনো সসন্মানীয় ব্যক্তিয়েই নিশ্চয় নিজৰ ‘জাৰজ’ চৰিত্র লুকুৱাই ৰাখিবলৈ চেষ্টা কৰিব আৰু গতিকেই এগৰাকী সন্মানীয় বিধায়িকাই নিজকে ‘জাৰজ’ বুলি কোৱাৰ অর্থ হৈছে - তেওঁ ৰাজনৈতিক ক্ষমতাৰ লোভতহে এই কথা কৈছে। দ্বিতীয়তে - উচ্চ বর্ণৰ তিনিওজন ন্যায়াধীশে বিশ্বাস কৰিছিল যে অনুসূচীত জাতি-জনজাতিয়ে ভোগ কৰা সংৰক্ষণ ব্যৱস্থা হৈছে এক অন্যায়পূর্ণ ব্যৱস্থা আৰু তাক যিমান পাৰি সিমানলৈ সীমিত কৰি ৰাখিব লাগে। এই ৰায়দানটোৰ এক মুক্তিদায়ী সম্ভাৱনা আছিল – আন্তর্জাতীয় বিবাহক স্বীকৃতি দিয়া তথা অবৈবাহিক মহিলাৰো বৈবাহিক অধিকাৰ স্বীকাৰ কৰা এক আইনী দৃষ্টান্ত হিচাপে ৰায়দানটো ব্যৱহৃত হোৱাৰ থল আছিল। কিন্তু যিটো ৰূপত ৰায়দানটো প্রদান কৰা হল - শেহপর্যন্ত ই জাতিসূচক পৰিচিতিবোৰক পিতৃতন্ত্রৰ জৰিয়তে স্বাভাৱিক যেন কৰি তোলাতহে সহায় কৰিলে।

আন এটা উদাহৰণ দিয়া যাওঁক। মধ্যপ্রদেশৰ চৰকাৰে মাজতে এখন আঁচনি ললে -‘মুখ্যমন্ত্রী কন্যাদান আঁচনি’ যাৰ অধীনত দুখীয়া ঘৰৰ ছোৱালীবোৰক চৰকাৰী খৰছত বিয়া দিয়াৰ ব্যৱস্থা কৰা হল। এনে বিবাহ হৈছে সম্পূর্ণ বিনামূলীয়া আৰু সকলো খৰছ জিলা প্রশাসনেই বহন কৰে। লগতে প্রতিহাল দম্পতীক পাঁচ হাজাৰ টকাৰ ঘৰুৱা সামগ্রীও দিয়াৰ ব্যৱস্থা কৰা হল। আন কথাত, ৰাজ্যিক চৰকাৰে নিজে দেউতাকৰ ভূমিকা লৈ সকলো ছোৱালীৰ বাবে বিবাহ এক অৱধাৰিত নিয়তি বুলি ঘোষণা কৰিলে। এনেকৈ বিবাহৰ বাবে টকা খৰছ কৰি থকাতকৈ গাভৰু ছোৱালীহঁতক কিছু কাৰিকৰী ট্রেইনিং, জীৱিকা চলাবলৈ সৰু-সুৰা ব্যৱসায় আদিৰ প্রশিক্ষণ ইত্যাদিও দিব পৰা গলহেঁতেন। পিছে আঁচনিখনৰ এইজাতীয় সমালোচনা কেতিয়াও বিকশিত কৰা নহল। হঠাতে ২০০৯ চনৰ জুলাইৰ আশে পাশে খবৰ আহিল – এনে বিবাহৰ বাবে চয়ন কৰা ছোৱালীহঁতৰ হেনো ‘কুমাৰীত্ব পৰীক্ষা’(virginity test) লোৱা হৈছে। চাৰিওফালে হুলস্থূল লাগি গল (Ghatwai 2009)। নিশ্চিতভাৱেই ই এক অদ্ভুত কাণ্ড আছিল। পিছে এইখিনিতে এটা কথা মন কৰকঃ বিবাহত ‘কন্যাদান’ কৰা প্রতিজন পিতৃয়েই এক প্রকাৰে তেওঁৰ ছোৱালীৰ কুমাৰীত্বৰ গেৰান্টি নিদিয়ে জানো? কন্যাদান শব্দটোৰ অর্থই জানো সেয়া নহয়? এতিয়া চৰকাৰে যদি দেউতাকৰ ভূমিকা লৈ কন্যাদান কৰিবলৈ লৈছে, তেনেস্থলত দেউতাকে জীয়েকৰ কুমাৰীত্ব পৰীক্ষা কৰিবলৈ লোৱাত আমিবোৰ কিয় আচৰিত হৈছো? অর্থাৎ কেতবোৰ অসাধাৰণ বিশেষ পৰিস্থিতিৰ অধীনতহে পৰিয়াল নামৰ অনুষ্ঠানটোৰ মাজত লুকাই থকা হিংসাৰ প্রকৃত স্বৰূপবোৰ দেখা পোৱা যায়; ‘স্বাভাৱিক’ পৰিস্থিতিত সিবিলাক ‘স্বাভাৱিক’ অর্থাৎ অদৃশ্য হৈ থাকে।

এইক্ষেত্রত যুক্তি দিয়া হৈছিল যে ইতিমধ্যেই বিয়া হৈ যোৱা কিছুমান দম্পত্তীয়ে উপহাৰখিনিৰ লোভত পুণৰ বিবাহৰ বাবে পঞ্জীয়ন কৰাইছিল; তেওঁলোকক ধৰা পেলাই আঁতৰাবলৈ এই কুমাৰীত্ব পৰীক্ষা কৰা হৈছিল। আমোদজনকভাৱে, এইক্ষেত্রত পৰীক্ষকসকলে ধৰি লৈছিল যে অবিবাহিত মহিলাসকল নিশ্চিতভাৱে কুমাৰী হবই হব! এই কন্যাদান আঁচনিখনে এটা মূল পিতৃতান্ত্রিক পূর্বধাৰণা অতি সুন্দৰকৈ আমাক দেখুৱাই দিলে – যে পৰিয়াল আৰু বিবাহৰ মূলতে হৈছে নাৰীৰ যৌনতাৰ নিয়ন্ত্রণ। ব্যক্তিগত স্তৰৰ পৰা ৰাজহুৱা স্তৰলৈ এই পূর্বধাৰণাটোৰ স্থানান্তৰণ কৰি ই তাৰ নাৰী-বিৰোধী চৰিত্রটোৰো মুখা খুলি দিলে।

বিবাহৰ অনুষ্ঠানটোক ৰাষ্ট্রই কি ৰূপত বুজে – সেয়া জানিবলৈ আন এটা উদাহৰণ লওঁ আহকঃ ভাৰতীয় দণ্ড বিধিৰ ৪৯৭ নং ধাৰা মতে যদি কোনো পুৰুষে বিবাহিত মহিলা এগৰাকীৰ সতে সম্পর্ক গঢ়ি তোলে, তেনেহলে মহিলাগৰাকীৰ স্বামীয়ে প্রথম পুৰুষজনৰ বিৰুদ্ধে  অপৰাধী গোচৰ দিব পাৰে। পিছে আমোদজনকভাৱে, স্বামীজনে নিজৰ পত্নীগৰাকীৰ বিৰুদ্ধে কিন্তু এনে কোনো গোচৰ দিব নোৱাৰে! ঠিক তেনেদৰেই, পত্নী একোগৰাকীয়ে তেওঁৰ স্বামীৰ সতে সম্পর্ক ৰখাৰ বাবে দ্বিতীয় এগৰাকী মহিলাৰ ওপৰতো এনে গোচৰ দিব নোৱাৰে বা নিজৰ স্বামীৰ ওপৰতো গোচৰ দিব নোৱাৰে। এনে অদ্ভুত আইনৰ অর্থ কি? ইয়াৰ অর্থ হৈছে – পত্নী একোগৰাকী হৈছে স্বামীৰ নিজা সম্পত্তি, তেওঁ এক নির্জীৱ বস্তু, যাৰ ওপৰত আন কোনো পুৰুষৰ অধিকাৰ থাকিব নোৱাৰে। আন কথাত, আইনৰ এই ধাৰাটো হৈছে এক অতিশয় পিতৃতান্ত্রিক ধাৰা। বিগত কিছু সময় ধৰি ভাৰতীয় আইনী আয়োগ আৰু ভাৰতীয় মহিলা আয়োগে এই ধাৰাটোক জেণ্ডাৰ-নিৰপেক্ষ কৰি মহিলাসকলকো তাৰ অধীনত আনিবলৈ দাবী জনাই আহিছে। পিছে নাৰীবাদীসকলে বিশ্বাস কৰে যে যিহেতু এই সমস্ত কাৰবাৰটোৱেই হৈছে পিতৃতান্ত্রিক, সেয়েহে আইনৰ এই ধাৰাটোৰ অধীনত মহিলাসকলকো অনাৰ বিপৰীতে ধাৰাটোকহে সম্পূর্ণভাৱে আঁতৰাই দিব লাগে। মন কৰা ভাল যে ২০১১ চন পর্যন্ত বম্বে উচ্চ আদালতে এইবুলি মতপোষণ কৰি আছিল যে বিবাহৰ পবিত্রতা ৰক্ষা কৰিবলৈ হলে ‘অবৈধ সম্পর্ক’(adultery)ক অপৰাধ হিচাপে গণ্য কৰিবই লাগিব।

প্রাপ্তবয়স্ক দুজন ব্যক্তিৰ মাজত সহমতি ক্রমে স্থাপন হোৱা যৌন সম্পর্ক অপৰাধ হবই নোৱাৰে। অৱশ্যেই ব্যক্তি একোজনে নিজৰ পার্টনাৰৰ সহমতি অবিহনে আন এজন ব্যক্তিৰ সতে সম্পর্ক স্থাপন কৰিলে ই বিবাহ-বিচ্ছেদৰ কাৰণ নিশ্চয় হব পাৰে, কিন্তু তাক কোনোপধ্যে অপৰাধ বুলি গণ্য কৰিব নোৱাৰি। আধুনিক আইন বিধিত এই ৪৯৭ নং ধাৰাটোৰ কোনো স্থান থাকিব নোৱাৰে আৰু অতি সোনকালেই তাক আঁতৰাই পেলোৱা উচিত। তাৰ বিপৰীতে, একে এক পৰিবেশ সৃষ্টি কৰাৰ প্রয়োজনীয়তা আছে য’ত বিবাহ মানুহৰ বাবে এটা স্বাধীনভাৱে লব পৰা সিদ্ধান্ত হব, য’ত বিয়া কৰাবলৈ কোনো হেঁচা নাথাকিব, য’ত ন্যায়পূর্ণ বিবাহ-বিচ্ছেদৰ সুযোগ থাকিব, য’ত বিবাহ বিচ্ছেদৰ পাছত পৰিয়ালৰ সম্পত্তিৰ সমানুপাতিক বিভাজনৰ ব্যৱস্থা থাকিব। যেতিয়ালৈকে মহিলাসকলে বৈবাহিক সম্পত্তিত সমান অধিকাৰ লাভ নকৰে, তেতিয়ালৈকে গৰিষ্ঠসংখ্যক মহিলা বৈবাহিক সম্পর্কটোৰ দুর্বল পার্টি হিচাপে পৰিগণিত হৈ থাকিব, তেওঁলোকৰ ঘৰুৱা শ্রমৰ অৰিহণা স্বীকাৰ কৰি লোৱা নহব আৰু বিবাহ-বিচ্ছেদৰ পৰিস্থিতিত তেওঁলোকে আর্থিক নিৰাপত্তাহীনতাত ভূগি থাকিব। প্রায়েই দেখা যায় – বিবাহ বিচ্ছেদৰ পাছত মহিলাসকলৰ ওচৰত বসবাস কৰিবলৈ নিজাকৈ এডোখৰি চালিও নাথাকে। চৰকাৰে কিছুবছৰ পূর্বে এখন নতুন বিধেয়ক প্রস্তুত কৰিছে য’ত হিন্দু বিবাহ আইনৰ অধীনত 'বৈবাহিক সম্পর্কৰ স্থায়ী পতন' বিবাহ বিচ্ছেদৰ কাৰণ হব পাৰে বুলি মানি লোৱা হৈছে। পিছে মহিলা সংগঠনসমূহে আশংকা প্রকাশ কৰিছে যে ঘৰুৱা সম্পত্তিৰ সমানুপাতিক বিভাজনৰ ব্যৱস্থা নকৰাকৈ চিধাই এনেকৈ বিবাহ-বিচ্ছেদ সহজ কৰি পেলালে স্থিতি মহিলাৰ বাবে ভাল হোৱাক চাৰি বিপৰীত হোৱাৰহে সম্ভাৱনা আছে (Singh 2012)।

ক্রমশঃ


ফেচিবাদ-বিৰোধী তিনিটা স্মৃতিসৌধ

ময়ূৰ চেতিয়া দ্বিতীয় বিশ্বযুদ্ধৰ স্মৃতি বহন কৰা ছোভিয়েট ভাস্কৰ্যসমূহৰ মাজত তিনিটা স্মৃতিসৌধৰ এক বিশেষ গুৰুত্ব আছে। এই তিনিওটা ইটো-সিটোৰ সৈত...