ময়ূৰ চেতিয়া
দ্বিতীয় বিশ্বযুদ্ধৰ স্মৃতি বহন কৰা ছোভিয়েট ভাস্কৰ্যসমূহৰ মাজত তিনিটা স্মৃতিসৌধৰ এক বিশেষ গুৰুত্ব আছে। এই তিনিওটা ইটো-সিটোৰ সৈতে গভীৰভাৱে সম্পর্কযুক্ত। তিনিওটাকে সংযুক্ত কৰা উপাদানটো হৈছে - এখন তৰোৱাল। প্রথমটো ভাস্কৰ্য আছে য়ুৰালৰ ঔদ্যোগিক চহৰ মেগনিটোগৰ্স্কত। তাত দেখা যায় - এজন শ্ৰমিকে সৈনিক এজনৰ হাতত এখন তৰোৱাল তুলি দিছে। দ্বিতীয়টো ভাস্কৰ্য আছে স্তালিনগ্ৰাডত (আজিৰ ভলগোগ্রাডত)। তাত ছোভিয়েট মাতৃভূমিয়ে সেই তৰোৱালখন মূৰৰ ওপৰত তুলি সন্তানসকলক জনযুদ্ধৰ বাবে আহ্বান জনাইছে। তৃতীয়টো ভাস্কৰ্য আছে জার্মানীৰ বাৰ্লিনত, ট্ৰেপটাৱাৰ পাৰ্কত। ইয়াত সৈনিকজনে তৰোৱালখনেৰে ফেচীবাদৰ চিহ্ন স্বস্তিকা ভাঙি পেলাইছে, আৰু এটি জার্মান শিশুক কোলাত লৈছে।
এখন তৰোৱাল, তিনিটা মুহূৰ্ত:
ফেচীবাদ বিৰোধী যুদ্ধৰ প্ৰস্তুতি,
ফেচিবাদৰ বিৰুদ্ধে প্ৰতিৰোধ, আৰু
ফেচিবাদৰ পৰাজয়।
১. মেগনিটোগৰ্স্ক: কাৰখানাৰ পৰা ৰণাঙ্গনলৈ
মেগনিটোগৰ্স্কৰ The Rear-Front স্মৃতিসৌধত দুজন ব্যক্তি আছে - এজন শ্ৰমিক, আনজন সৈনিক। শ্ৰমিকজনৰ হাতত এখন সদ্য নিৰ্মিত তৰোৱাল। তেওঁ সেইখন সৈনিকজনৰ হাতত তুলি দিছে।
অর্থাৎ ছোভিয়েটৰ যুদ্ধ-স্মৃতিৰ কাহিনীটো ৰণাঙ্গনৰ পৰা আৰম্ভ হোৱা নাই। বৰং সি আৰম্ভ হৈছে কাৰখানাৰ পৰা।
কথাষাৰ তাৎপৰ্যপূৰ্ণ। কিয়নো আধুনিক যুদ্ধ কেৱল বন্দুক হাতত লৈ সন্মুখত যুঁজাসকলৰ যুদ্ধ মাত্র নহয়। বন্দুকটো কোনে নিৰ্মাণ কৰিলে? টেংকৰ বাবে ইস্পাত কোনে উৎপাদন কৰিলে? ৰে'ল কোনে চলালে? খাদ্য, কাপোৰ, গোলাবাৰুদ কোনে যোগান ধৰিলে?
মেগনিটোগৰ্স্ক আছিল ছোভিয়েট গধুৰ উদ্যোগৰ অন্যতম প্ৰধান কেন্দ্ৰ। সেয়ে ইয়াৰ শ্ৰমিকজন কোনো বিমূৰ্ত ‘শ্ৰম’ৰ প্ৰতীক মাত্ৰ নহয়। তেওঁৰ যুদ্ধৰ পর্দাৰ পিছফালে অৰিহণা যোগোৱা সমস্ত শ্রমজীৱী জনগণৰেই প্রতিনিধিত্ব করিছে।
সৈনিকজনৰ দৃষ্টি পশ্চিমমুখী, অর্থাৎ জার্মানীৰ ফালে। শ্ৰমিকজনৰ দৃষ্টি পূবমুখী, অর্থাৎ কাৰখানাটোৰ ফালে।
তেওঁলোক দুয়োজনকে যুক্ত কৰিছে তৰোৱালখনে।
২. স্তালিনগ্ৰাড: মাতৃভূমিৰ আহ্বান
মেগনিটোগৰ্স্কত সৈনিকৰ হাতত দিয়া তৰোৱালখনে স্তালিনগ্ৰাডলৈ গৈ আন এক ৰূপ লৈছে।
মামায়েভ কুৰ্গানত স্থিত য়েভগেনি ভুচেটিচৰ দ্বারা নির্মিত এক বিশাল মূর্তি হৈছে The Motherland Calls। পিছে এই মাতৃভূমি কোনো শান্ত, স্থিৰ, শোকাহত মাতৃ নহয়। বৰং তেওঁ খঙাল। তেওঁ যেন আগবাঢ়িব বিচাৰিছে। এখন হাত আগলৈ মেলি তেওঁ সন্তানসকলক আহবান কৰিছে। আনখন হাতত তৰোৱালখন আকাশলৈ তুলি ধৰিছে।
এইবাৰ তৰোৱালখন কাৰখানাৰ উৎপাদিত বস্তু হৈ থকা নাই। বৰং ই হৈ পরিছে প্ৰতিৰোধৰ আহ্বান।
মূৰ্তিটোৰ স্থানেও এক বিশেষ অৰ্থ বহন করিছে। মামায়েভ কুৰ্গান স্তালিনগ্ৰাডৰ যুদ্ধৰ অন্যতম যুদ্ধক্ষেত্ৰ আছিল। ১৯৪২-৪৩ৰ সেই যুদ্ধত নাজী জাৰ্মানীৰ পূবমুখী অগ্ৰযাত্ৰাই এক নিৰ্ণায়ক আঘাত লাভ কৰিছিল। একপ্রকাৰে কবলৈ গলে - এয়াই আছিল নাজীবাদৰ পৰাজয়ৰ আৰম্ভণি।
মেগনিটোগৰ্স্কত শ্ৰমিকসকলে অস্ত্ৰ প্ৰস্তুত কৰিছিল। স্তালিনগ্ৰাডত সমগ্ৰ সমাজখনকে সেই অস্ত্ৰ হাতত লৈ মোতায়েন হ'বলৈ আহ্বান জনোৱা হৈছে।
৩. বাৰ্লিন: নামি অহা তৰোৱাল
কাহিনীটোৰ শেষ দৃশ্য সমাপন হৈছে বাৰ্লিনৰ ট্ৰেপটাৱাৰ পাৰ্কত।
ইয়াত পুণৰ ভুচেটিচৰ এক ভাস্কৰ্য স্থাপন কৰা হৈছে। মূল চৰিত্রত আছে এজন ছোভিয়েট সৈনিক। তেওঁৰ কোলাত এটি জার্মান শিশু। আনখন হাতত তৰোৱাল।
কিন্তু স্তালিনগ্ৰাডৰ দৰে তৰোৱালখন আকাশৰ ফালে উন্মুক্ত হৈ থকা নাই।
বৰং তৰোৱালখন তললৈ নামি আহিছে।
সৈনিকজনৰ ভৰিৰ তলত, তৰোৱালৰ মাৰত ভাগি পৰি আছে ফেচিবাদৰ স্বস্তিকা।
সৈনিকজনৰ এখন হাতত অস্ত্ৰ, আনখন হাতত এটি শিশু। ভৰিৰ তলত ফেচিবাদৰ প্ৰতীক। তৰোৱালখনৰ কাম শেষ হৈছে।
অর্থাৎ যুদ্ধক মহিমান্বিত কৰি তৰোৱালখন চিৰকাল আকাশ ফালি মুক্ত হৈ থকা নাই। তৰোৱালখনৰ এটা নিৰ্দিষ্ট কাম আছিল। যেতিয়া স্বস্তিকা ভাঙি পৰিল, তেতিয়া তৰোৱালো নামি আহিল।
এইদৰেই তিনিটা ভাস্কৰ্যই মিলি যুদ্ধখনৰ এক অসাধাৰণ দৃশ্য-কাহিনী গঢ়ি তুলিছে।
শ্ৰমিক।
মাতৃভূমি।
সৈনিক।



No comments:
Post a Comment