Friday, September 6, 2024

বাওঁপন্থীৰ বিষাদ আৰ নিৰাময়ৰ উপায়

“প্ৰতিটো যুগতে [সংগ্রামী] পৰম্পৰাবিলাকক যথাস্থিতিবাদে(conformism) গ্রাস কৰিবলৈ চেষ্টা কৰি থাকে। সেয়েহে প্রতিটো যুগতে এই পৰম্পৰাবিলাকক ৰক্ষা কৰিবলৈ ন ন প্রচেষ্টাও চলাব লাগিব। যিসকল ইতিহাসবিদে উপলব্ধি কৰিবলৈ সক্ষম হব যে শতৰুৰ হাতত মৃতকসকলো সুৰক্ষিত নহয়, সেইসকল ইতিহাসবিদেহে অতীতৰ বুকুত আশাৰ স্ফুলিংগ সৃষ্টি কৰিব পাৰিব।”

-   ৱাল্টাৰ বেঞ্জামিন, “থেছিছ অন দা ফিলচফি অফ হিস্ট্রি” (Illuminations: Walter Benjamin, Essays, and Reflections)

ফেচিবাদ-বিৰোধী তিনিটা স্মৃতিসৌধ

ময়ূৰ চেতিয়া দ্বিতীয় বিশ্বযুদ্ধৰ স্মৃতি বহন কৰা ছোভিয়েট ভাস্কৰ্যসমূহৰ মাজত তিনিটা স্মৃতিসৌধৰ এক বিশেষ গুৰুত্ব আছে। এই তিনিওটা ইটো-সিটোৰ সৈত...