মূলঃ চেদ্ৰিক ডুৰাঁ (New Left Review)
অনুবাদঃ ময়ূৰ চেতিয়া
যোৱা এটা দশকত এআই-সম্পৰ্কীয় কোম্পানীবোৰৰ শ্বেয়াৰ বজাৰৰ মূল্যায়ন(valuation) দহগুণ বৃদ্ধি পাইছে। জন লেনচেষ্টাৰে শেহতীয়াকৈ উল্লেখ কৰাৰ দৰে, পৃথিৱীৰ দহটা সৰ্ববৃহৎ কোম্পানীৰ এটাৰ বাহিৰে বাকী সকলোৰে মূল্য কৃত্ৰিম বুদ্ধিমত্তাৰ ভৱিষ্যৎ সম্ভাৱনাৰ সৈতে জড়িত। এই কোম্পানীবোৰৰ এটাৰ বাহিৰে বাকী সকলো আমেৰিকান, আৰু আটাইকেইটাৰ সন্মিলিত বজাৰ-মূল্য আমেৰিকাৰ মুঠ অৰ্থনীতিৰ আধাতকৈও বহু বেছি। যোৱা কেইবছৰমানত ‘এআই বিপ্লৱ’ৰ প্ৰত্যাশাই এই আমেৰিকান প্ৰযুক্তি কোম্পানীবোৰলৈ বিনিয়োগৰ ঢল নমাইছে। মানৱোত্তৰ বুদ্ধিমত্তাৰ (post-human intelligence) ক্ষেত্ৰত আমূল যুগান্তৰৰ প্ৰত্যাশা আৰু উৎপাদনশীলতাৰ অলৌকিক বৃদ্ধিৰ প্ৰতিশ্ৰুতিয়ে বিনিয়োগকাৰীৰ ‘এনিমেল স্পিৰিট’ ইমানেই উচটাই তুলিছে যে ‘ফাইনেন্সিয়েল টাইমছ’ৰ ৰুচিৰ শৰ্মাৰ ভাষাত, ‘আমেৰিকা এতিয়া এআইৰ ওপৰত লগোৱা এটা বিৰাট বাজিলৈ (big bet) পৰিণত হৈছে’। এই খণ্ডত স্থায়ী মূলধনী বিনিয়োগৰ পৰিমাণ ইমানেই বিপুল যে ২০২৫ চনত ই আমেৰিকাৰ অৰ্থনৈতিক বৃদ্ধিৰ প্ৰধান চালিকাশক্তি আছিল। এআই মডেলবিলাকৰ প্ৰশিক্ষণ আৰু পৰিচালনাৰ বাবে ডাটা চেণ্টাৰ, কম্পিউটিং সঁজুলি, শীতলীকৰণ ব্যৱস্থা, নেটৱৰ্ক হাৰ্ডৱেৰ, বিদ্যুৎ-গ্ৰীডৰ সংযোগ আৰু বিদ্যুৎ যোগানৰ এক বিশাল আন্তঃগাঁথনি অতিশয় প্ৰয়োজনীয় হৈ পৰিছে। ২০৩০ চনলৈকে হব পৰা এনে বিপুল আন্তঃগাঁথনিৰ চাহিদা পূৰণ কৰিবলৈ প্ৰযুক্তি কোম্পানীবোৰে ৫ ট্ৰিলিয়ন ডলাৰ পৰ্যন্ত খৰচ কৰিব বুলি অনুমান কৰা হৈছে। এনে আন্তঃগাঁথনিবিলাক এতিয়াও প্ৰধানতঃ আমেৰিকাতেই কেন্দ্ৰীভূত।
সমস্যাটো হৈছে যে, এই সমস্ত অংকবিলাকৰ মাজত ভীষণ বিসংগতি আছে। নিজৰ বিপুল পুঁজিৰ প্ৰয়োজন পূৰণ কৰিবলৈ এই খণ্ডটোৱে নিজা নগদ তথা শ্বেয়াৰ বিক্ৰীৰে পুঁজি সংগ্ৰহ কৰা (cash-flow and equity financing) মডেলটোৰ পৰা ক্ৰমশঃ ঋণ-ভিত্তিক অৰ্থায়নৰ (debt financing) মডেললৈ গতি কৰিব ধৰিছে। সাধাৰণ দৃষ্টিৰে চাবলৈ গলে, ঋণৰ দিশেৰে ঢাল খোৱা এই গতি “লাভৰ সুযোগ বৃদ্ধি” আৰু “আহিবলগীয়া সমৃদ্ধিৰ প্ৰত্যাশাৰ ফল” মাত্ৰ যেন লাগিব পাৰে। পিছে সম্প্ৰতি আৱিৰ্ভাৱ হব ধৰা এই বিষয়ক অভিনৱ তথা অদ্ভুত বিত্তীয় চুক্তিবোৰলৈ চালে সি অন্য দিশৰ প্ৰতিহে ইংগিত দিয়ে।
এআই উন্মাদনাত ইন্ধন যোগোৱা কেতবোৰ অদ্ভুত বিত্তীয় জেলেপী সৃষ্টি হব ধৰিছে। দেখা গৈছে - যোগানকাৰীয়ে নিজৰ গ্ৰাহকৰ কোম্পানীতেই বিনিয়োগ কৰিছে আৰু গ্ৰাহকেও ওলোটাই যোগানকাৰীত বিনিয়োগ কৰিছে। অপেন এআই (OpenAI) হৈছে ইয়াৰ এক স্পষ্ট উদাহৰণ। অপেন এআই-ৰ মুখ্য চিপ যোগানকাৰী হৈছে এনভিডিয়া (Nvidia), যি বৰ্তমান পৃথিৱীৰ সৰ্বাধিক মূল্যৱান কোম্পানীলৈ পৰিণত হৈছে। অপেন এআই-ত সম্প্ৰতি এনভিডিয়াই ১০০ বিলিয়ন ডলাৰ বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে। অৰ্থাৎ কাৰ্যতঃ নিজৰ উৎপাদিত সামগ্ৰীৰ চাহিদা বৃদ্ধিৰ বাবে এনভিডিয়াই নিজেই পুঁজি যোগান দিব ধৰিছে! আন এটা উদাহৰণঃ মাইক্রোচফট(Microsoft) হৈছে অপেন এআই-ৰ প্ৰধান বিত্তীয় পৃষ্ঠপোষক; কিন্তু অপেন এআই-ৰ সেৱাসমূহ চলাবলৈ প্ৰয়োজনীয় কম্পিউটিং শক্তিও মাইক্রোচফটেই অপেন এআই-ক বিক্ৰী কৰে! অপেন এআই-এ নিজৰ মডেলসমূহ মাইক্রোচফটৰ আজুৰে (Azure) ক্লাউড প্লেটফৰ্মত চলায় আৰু তাৰ বাবে আজুৰে-ক অপেন এআই-য়ে নিজৰ (গ্ৰাহকৰ পৰা হোৱা) মুঠ উপাৰ্জনৰ প্ৰায় দুগুণ ধন দিয়ে! ফলত মাইক্রোচফটে অপেন এআই-ত বিনিয়োগ কৰা ধনৰ এটা অংশ আজুৰে(Azure)-ৰ মাচুল হিচাপে আকৌ মাইক্রোচফটৰ হাতলৈকে ঘূৰি আহে। আনহাতে, নিজৰ উপাৰ্জন আৰু কম্পিউটিং ব্যয়ৰ মাজৰ ব্যৱধান পূৰণ কৰিবলৈ অপেন এআই-এ অধিক ঋণ ল’বলগীয়া হয়। অৰ্থাৎ মাইক্রোচফটে অপেন এআই-ৰ সম্প্ৰসাৰণৰ বাবে পুঁজি যোগায়, অপেন এআই-য়ে সেই পুঁজিৰে মাইক্রোচফট-ৰ সেৱা কিনে, আৰু মাইক্রোচফটে সেই ধন আজুৰে(Azure)-ৰ ৰাজহ হিচাপে দেখুৱায়!
এনে নানান কাৰচাজি চলি আছে। লুইজিয়ানাত এটা বিশাল ডাটা চেণ্টাৰ নিৰ্মাণৰ বাবে মেটা (Meta)-ৰ পৰিকল্পনাটোকে লোৱা যাওক। ৩০ বিলিয়ন ডলাৰৰ এই প্ৰতিষ্ঠানটোৰ মালিক হ’ব বেইগনেট ইনভেষ্টৰ এল এল চি (Beignet Investor LLC), যিটো মেটা আৰু ব্লু আউল (Blue Owl) নামৰ ব্যক্তিগত পুঁজি ব্যৱস্থাপনা প্ৰতিষ্ঠান এটাৰ যৌথ উদ্যোগ। কিন্তু এই নিৰ্মাণৰ সৰহভাগ ধন মেটা বা ব্লু আউলে নিদিয়ে; ধন আহিব বেইগনেট-ৰ bond issue-ৰ ৰূপত, অৰ্থাৎ এনে বণ্ড ক্ৰয় কৰা বিত্তীয় সংস্থাবিলাকৰ পৰা। মেটাই এই ডাটা চেণ্টাৰটো ব্যৱহাৰ কৰিবলৈ দীৰ্ঘম্যাদী লীজ বা ভাড়াৰ চুক্তি কৰাৰ প্ৰতিশ্ৰুতি দিছে (মেটাই বেইগনেট-ক প্ৰদান কৰা ভাড়াৰ বলতেই বেইগনেটে এসময়ত লাভৰ মুখ দেখিব বুলি আশা কৰা হৈছে)। ‘ফাইনেন্সিয়েল টাইমছ’ৰ ভাষাত, ‘এই চতুৰ ব্যৱস্থাটোৰ ফলত বেইগনেটে মেটা-ৰ ঋণযোগ্যতা(credit-worthiness)ৰ সুবিধা লাভ কৰিছে; যাৰ বলত বেইগনেটে বণ্ড ইছ্যু কৰিব পাৰিছে। কিন্তু দীৰ্ঘম্যাদী লীজৰ নিশ্চয়তাৰ ৰূপত মেটাই বহন কৰা বিত্তীয় দায়িত্বই কিন্তু মেটা-ৰ নিজস্ব ঋণযোগ্যতাত কোনো প্ৰভাৱ নেপেলাব বুলি ধৰি লোৱা হৈছে। যেন যাদুৰ বলতহে এনে হৈছে।’
মন কৰক যে ডাটা চেণ্টাৰটো নিৰ্মাণৰ বাবে মেটা-ই নিজৰ বেলেন্স শ্বীটৰ মাত্ৰ ১ শতাংশ ধনহে দিবলৈ সন্মত হৈছে। ইয়াৰ কাৰণ হ’ল, বণ্ড ক্ৰেতাসকলৰ আগত দোহাৰি থকা দাবীবোৰৰ বিপৰীতে, superintelligence আৰু superabundance-ৰ সোণালী সপোন বিফল হবলৈ হলে মেটা-ই নিজকে সুৰক্ষিত কৰি ৰাখিব বিচাৰে। মেটা-ৰ এই ডাটা চেণ্টাৰৰ কাহিনীটো বৰ্তমানৰ বজাৰ-পৰিস্থিতিৰ প্ৰতীক বুলি ধৰিব পাৰি। এজন বিত্তীয় বিশ্লেষকে এই পৰিস্থিতিটো এনেদৰে বৰ্ণনা কৰিছে: ‘এফালে পুঁজিৰ বিপুল প্ৰয়োজন, আনফালে নিজৰ নগদ ধন খৰছ কৰিবলৈ কোম্পানীবিলাকৰ অনিচ্ছা।’ এনে অৱস্থাত ইনভেষ্টমেণ্ট বেংকবিলাকৰ কামেই হ’ল বণ্ড-ক্ৰেতাসকলক প্ৰায় অবোধ্যমান ৰিস্ক বহন কৰিবলৈ মান্তি কৰোৱা। বিশ্লেষকজনে সতৰ্ক কৰি দিছে, ‘আমি এনে কাহিনী বহুবাৰ দেখি আহিছোঁ’, বিশেষকৈ ২০০৮ চনৰ বিত্তীয় সংকটৰ ঠিক আগমুহূৰ্তত।
এমেজন, মেটা, মাইক্রোচফট আৰু এলফাবেটৰ দৰে মুখ্য হাইপাৰস্কেলাৰ, অৰ্থাৎ অতি বৃহৎ পৰিসৰত কম্পিউটিং আন্তঃগাঁথনি চলোৱা কোম্পানীবোৰৰ শক্তিশালী বেলেন্স শ্বীটবিলাকলৈ চালে এআইৰ উত্থানটো বহনক্ষম হব যেনেই লাগে। কিন্তু অৰেকল-ৰ দৰে প্ৰতিষ্ঠানৰ শেহতীয়া অৱস্থা আৰু এআই ব্যৱসায়ৰ কিছুমান অংশত ফাট দেখা দিয়াৰ লগে লগে ভীষণ শংকাও বৃদ্ধি পাইছে। বহুতেই কবলৈ ধৰিছে যে সমগ্ৰ ব্যৱস্থাটোত এই গতি অক্ষুন্ন ৰাখিব পৰাকৈ পৰ্যাপ্ত লাভ হয়তো সৃষ্টি নহ’ব। বহু বছৰ ধৰি উৰ্ধ্বমুখী হৈ থকা আমেৰিকান শ্বেয়াৰ বজাৰ আৰু দশকজুৰি চলা fictitious capital-ৰ supercycle-ৰ পাছত এআই-ৰ এই দৌৰ আৰম্ভ হৈছে। অৰ্থাত বিপদ যিকোনো সময়তে আহিব পাৰে। সেইবাবেই বেংক অফ ইন্টাৰনেছনেল চেটলমেন্টৰ আমোলাতান্ত্ৰিক ভাষাৰ মাজতো ক্ৰমবৰ্ধমান উদ্বেগ স্পষ্ট দেখা গৈছেঃ ‘এআই বিনিয়োগৰ পতনৰ লগে লগে যদি শ্বেয়াৰ বজাৰত উল্লেখযোগ্য সংশোধন, অৰ্থাৎ মূল্যৰ ডাঙৰ পতন, ঘটে, তেন্তে ইয়াৰ নেতিবাচক পাৰ্শ্বক্ৰিয়া পূৰ্বৰ boom-বোৰৰ পাৰ্শ্বক্ৰিয়াতকৈ ডাঙৰ হ’ব পাৰে। এআই কোম্পানীৰ অংশীদাৰ হ’বলৈ বিনিয়োগকাৰীসকলে আমেৰিকান শ্বেয়াৰক অগ্ৰাধিকাৰ দিছে, আৰু গুপ্ত ঋণ-নিৰ্ভৰতাই ঋণ বজাৰলৈও সংকট বিয়পাব পাৰে।’
ক্ষেত্ৰভিত্তিক অধ্যয়নৰ সীমিত প্ৰমাণে ইংগিত দিছে যে এআই প্ৰয়োগৰ ফলত লিখা-মেলা, কম্পিউটাৰ কোড প্ৰস্তুত কৰা আৰু কল চেণ্টাৰত গ্ৰাহকক সহায় কৰাৰ দৰে কামত বেছ উৎপাদনশীলতা বৃদ্ধি পাব। কামফেৰা হবলৈ প্ৰথমে কিছু সময় লাগিব, কিয়নো “এআই প্ৰযুক্তিটো কেনেকৈ নিজৰ কামৰ বাবে ব্যৱহাৰ কৰিব পাৰি” - সেয়া শিকি-বুজি লবলৈ প্ৰতিষ্ঠানবোৰে বেচ খৰচ বহন কৰিব লাগিব। কিন্তু সময়ৰ লগেলগে এআই-ক গ্ৰহণ কৰা প্ৰতিষ্ঠানবোৰ লাভৱান হব। গৱেষণা, innovation তথা improvement প্ৰক্ৰিয়াত এআই-য়ে বেছ ভূমিকা লব বুলি আশা কৰা হৈছে। কাজেই এআই-ৰ অৰ্থনৈতিক সুফলক লৈ প্ৰত্যাশাবিলাকো বেছ ডাঙৰ যেন দেখা গৈছে। এআই-য়ে প্ৰতিশ্ৰুতি দিয়াৰ দৰে উৎপাদনশীলতা বৃদ্ধি কৰিলে, ব্যৱহাৰকাৰীয়ে তাৰ বাবে বেচ মূল্য ভৰিবলৈও সাজু হ’ব।
জেপি মর্গান-ৰ হিচাপ অনুসৰি, প্ৰত্যাশিত মূলধনী ব্যয়ৰ পৰিমাণ বিবেচনা কৰিলে ১০ শতাংশ মুনাফা অৰ্জন কৰিবলৈ এআই সেৱা-প্ৰদানকাৰীসকলক ‘অনিৰ্দিষ্ট কাললৈ প্ৰতি বছৰে প্ৰায় ৬৫০ বিলিয়ন ডলাৰৰ ৰাজহ লাগিব’। এইটো এটা ‘অবিশ্বাস্যভাৱে ডাঙৰ সংখ্যা’। ই বিশ্বৰ ১.৫ বিলিয়ন সক্ৰিয় আই-ফোন ব্যৱহাৰকাৰীৰ প্ৰতিজনৰ পৰা মাহে প্ৰায় ৩৫ ডলাৰকৈ লোৱাৰ সমান, অথবা বিশ্বৰ মুঠ GDP-ৰ ০.৫৫ শতাংশ। এইটোও মন কৰক যে বৰ্তমানে এআই কোম্পানীবোৰে গ্ৰাহকসকলক নিজৰ মুঠিৰ ভিতৰলৈ আনিবলৈ নিজৰ প্ৰডাক্টবিলাকৰ দাম কৃত্ৰিমভাৱে কম কৰি ৰাখিছে। প্ৰতিশ্ৰুত efficiency gains বাস্তৱায়িত হ’লে বাৰু সমস্যা সমাধান হব; সমৃদ্ধ ব্যৱসায়বোৰে এআই-ৰ বাবে অতিৰিক্ত টকা পৰিশোধ কৰিবলৈ সন্মত হব। পিছে মজাৰ কথা যে প্ৰত্যাশিত efficiency gains আশা কৰাতকৈ কম হ’লেও কিন্তু এআই বিনিয়োগকাৰীসকলে বিপুল লাভ পকেটস্থ কৰিব পাৰে! কেইবছৰমানৰ পাছত এআইৰ প্ৰয়োগ কৰ্মপ্ৰক্ৰিয়াবিলাকৰ ভিতৰত ইমানেই গভীৰভাৱে সোমাই পৰিব পাৰে যে এআই-ক কামৰ পৰা বাহিৰ কৰাটো অসম্ভৱ হৈ পৰিব। তেতিয়া গ্ৰাহকসকলেও সহজে এআইৰ চাবক্ৰিপচন এৰিব নোৱাৰিব আৰু অধিক মূল্য ভৰিবলৈ বাধ্য হ’ব। পৃথিৱীখন এআই-ৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিব, আৰু প্ৰযুক্তি কোম্পানীবোৰে মোটা মাল সংগ্ৰহ কৰিব।
এয়া যে বিগ-টেকৰ (Big Tech) দুষ্ট কৌশল, তাক লৈ কোনো সন্দেহ নাই। এআই ব্যৱসায়ত এটাৰ পাছত এটাকৈ নানান বিফলতাৰ উদয় হলেও বিগ-টেকে(Big Tech) এই বদমাছি এৰি নিদিয়ে। পুঁজিবাদৰ ইতিহাস চালে বাৰম্বাৰ দেখা যায় যে সংকটৰ পাছত উদ্যোগসমূহ হঠাতে কিছুমান শক্তিশালী কোম্পানীৰ হাতত কেন্দ্ৰীভূত হৈছে। অৰ্থাৎ উদ্যোগটোৰ অস্থিৰতাৰ পৰাও আগশাৰীৰ প্ৰযুক্তি কোম্পানীবোৰে লাভ আহৰণ কৰিব পাৰে। তদুপৰি আমেৰিকান চৰকাৰৰ ওপৰত চিলিকন ভেলীৰ (Silicon Valley) ধনকুবেৰসকলৰ আজি বিপুল ৰাজনৈতিক প্ৰভাৱ আছে। কাজেই নিজৰ লক্ষ্য পূৰণৰ বাবে ৰাজনৈতিক সমৰ্থন আদায় কৰিবলৈ তেওঁলোকে প্ৰাণপণে যুঁজিব। প্ৰয়োজন হ’লে তেওঁলোকে প্ৰমেথিয়ান যুক্তিৰ লগতে ভূ-ৰাজনৈতিক যুক্তিও যোগ কৰিব পাৰে: চীনৰ বিৰুদ্ধে এআইৰ দৌৰত জয়ী হোৱাটো দেশখনৰ অস্তিত্ব ৰক্ষাৰ প্ৰশ্ন বুলি তেওঁলোকে দাঙি ধৰিব আৰু নানান লাভজনক সামৰিক চুক্তি তেওঁলোকে হস্তগত কৰিব।
তথাপি, পুঁজিৰ সমস্যা শেষ হৈছে বুলি কব নোৱাৰি। বৰং বাঢ়িছেহে। ২০২২ চনৰ ৩০ নৱেম্বৰত ChatGPT-ক বজাৰত মুকলি কৰি দিয়াৰ পাছতে এআইৰ বিপুল প্ৰয়োগ জনগণৰ মাজত অতি দ্ৰুতগতিত বিয়পি পৰিছিল আৰু সংশ্লিষ্ট এআই-কোম্পানীবোৰৰ মূল্য আকাশলংঘী হৈছিল। কিন্তু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে এতিয়াও আশা কৰা হাৰত এআই-ক গ্ৰহণ কৰা নাই। বিপুল প্ৰচাৰ সত্ত্বেও কৰ্মক্ষেত্ৰত এআইৰ ব্যৱহাৰ উৰ্ধ্বগামী হোৱা নাই; বৰং ই মন্থৰ হোৱা যেনহে দেখা গৈছে। এতিয়াও কৰ্মশক্তিৰ অতি সৰু এটা অংশইহে এআই-ৰ প্ৰয়োগ কৰে। শেহতীয়া গৱেষণাই এআই ব্যৱহাৰৰ ফলত তাৎক্ষণিক উৎপাদনশীলতা বৃদ্ধি হোৱা নাই বুলিয়েই দেখুৱাইছে। অৰ্থাৎ কিছু পৰিমাণে এআই-যুক্ত automation বৃদ্ধি পালেও, পূৰ্বানুমান অনুসৰি বিপুল অৰ্থনৈতিক লাভ সৃষ্টি কৰিব পৰা, ৰূপান্তৰ সৃষ্টি কৰিব পৰা দৃশ্য পৰিলক্ষিত হোৱা নাই।
ডাৰন আজেমঅলু, ছাইমন জনছন (Daron Acemoglu, Simon Johnson) আদি সমালোচকে দৰ্শাইছে যে “দক্ষতা বৃদ্ধিৰ দ্বাৰা চালিত পুঁজিবাদী বিকাশ” বুলি কোনো বস্তু নাই। আচলতে প্ৰযুক্তিগত দক্ষতা বৃদ্ধিয়ে সামগ্ৰিক অৰ্থনীতিৰ প্ৰকৃত উৎপাদনশীলতা বৃদ্ধি কৰিব নে নকৰে, সেয়া প্ৰতিষ্ঠানগত(institutional) প্ৰশ্নবিলাকৰ ওপৰত নিৰ্ভৰ কৰে। বজাৰৰ গাঁথনিয়ে বিনিয়োগকাৰীক পৰ্যাপ্ত লাভ আহৰণ কৰিবলৈ নিদিলে শক্তিশালী প্ৰযুক্তিও অলাভজনক হৈ থাকিব পাৰে, আৰু সিবিলাকৰ প্ৰয়োগ মুঠেই নোহোৱাকৈয়ো থাকি যাব পাৰে। লগতেই, প্ৰযুক্তিৰ বিকাশে ব্যাপক চাটাই ঘটালে ই শ্ৰমিকৰ জীৱন অধিক দুৰ্বিষহ কৰি পেলাব পাৰে। এআইৰ প্ৰয়োগৰ ক্ষেত্ৰত আটাইতকৈ তাৎক্ষণিক বিপদটো হৈছে - কৰ্মচাৰীসকলৰ মাজত ভীষণ নিৰুৎসাহৰ সৃষ্টি। তাক একপ্ৰকাৰে মহামাৰী বুলিয়েই কব পৰা যায়। গৱেষণাই দৰ্শাইছে যে এআইৰ ভীষণ প্ৰয়োগে কৰ্মচাৰীজনৰ কৰ্ম প্ৰেৰণা আৰু দক্ষতা দুয়োটা হ্ৰাস কৰিব পাৰে। একঘেয়ামি, বিৰক্তিকৰ আৰু নিম্ন মানৰ কাম বৃদ্ধি হব পাৰে। আনকি ওলোটাবিধৰ ‘productivity J-curve’ দেখা যাবও পাৰে। অৰ্থাৎ অতি সোনকালেই শ্ৰমৰ গুণগত মানৰ অৱনতিয়ে আৰম্ভণিৰ হ্ৰস্বম্যাদী উৎপাদনশীলতা বৃদ্ধিক ঘেৰি পেলাব পাৰে, তাক অৰ্থহীন কৰি পেলাব পাৰে।
আন এটা সমস্যা হৈছে, এআইৰ ওপৰত বিগ টেকে লগোৱা প্ৰায় ধৰ্মীয় বিশ্বাসসদৃশ বাজিৰ ফলত সৃষ্টি হ’ব পৰা অপচয় (waste)। এআই উদ্যোগটোৰ নেতৃত্ব ব্যক্তিগত কোম্পানীৰ হাতত থকা বাবেই আৰু উন্মাদনাপ্ৰৱণ বজাৰে তেওঁলোকক সহায় কৰাৰ বাবেই এনে বাজি সম্ভৱ হৈছে। এআইৰ ক্ষেত্ৰত আমেৰিকা আৰু চীনৰ দৃষ্টিভংগীৰ পাৰ্থক্যৰ কথাটোও লক্ষণীয়। মাইকেল ৰবার্টছৰ মতে এআই-ৰ প্ৰশ্নটোৰ ক্ষেত্ৰত পুঁজিবাদী অৰ্থনীতিবোৰত এক গভীৰ সমন্বয়ৰ সমস্যা ( coordination problem) দেখা গৈছে। সিবিবিলাকৰ বিপৰীতে, চীনত এক বৃহৎ পৰিকল্পনা অনুসৰি সমগ্ৰ অৰ্থনীতিখনক আগবঢ়াই নিয়াৰ বাবে এআই-ৰ প্ৰয়োগ কৰাৰ চেষ্টা দেখা গৈছে। সেই অনুসৰি কেতবোৰ প্ৰযুক্তিগত লক্ষ্যও বাচি লোৱা হৈছে। কিন্তু পশ্চিমীয়া পুঁজিবাদী অৰ্থনীতিবোৰত এআইৰ প্ৰশ্নটোক মাত্ৰ সাতটা বৃহৎ কোম্পানীৰ হাতত এৰি দিয়া হৈছে। এই কোম্পানীবিলাকৰ বাবে লাভেই হৈছে মূল লক্ষ্য, প্ৰযুক্তিগত বিকাশ নহয়।
অনাগত দিনত এই খণ্ডটোৰ ওপৰত বিত্তীয় চাপ বৃদ্ধি পালে তাৰ বস্তুগত ফলাফল কেনে হব - সেয়া স্পষ্ট নহয়। আচলতে ডাটা চেণ্টাৰ নিৰ্মাণৰ বাবে ঘৰ নিৰ্মাণ তথা সাধাৰণ আন্তঃগাঁথনিৰ বিকাশ মূল কথা নহয়। ডাটা চেণ্টাৰ নিৰ্মাণৰ বাবে দৰকাৰ হোৱা প্ৰায় তিনি-চতুৰ্থাংশ ধন তথ্য-প্ৰযুক্তিগত সঁজুলিৰ ক্ৰয়ৰ বাবে, মূলতঃ উন্নতমানৰ Graphics Processing Unit বা GPU চিপ ক্ৰয়ৰ বাবে খৰছ হয়। ডট-কম যুগৰ ফাইবাৰ-অপ্টিক কেব’ল বা ঊনবিংশ শতিকাৰ ৰে’লপথৰ বিপৰীতে, এআই চিপবোৰ ঘনাই সলনি কৰিব লগা হয়, কিয়নো সিহঁতৰ কাৰ্যক্ষমতা দ্ৰুতগতিৰে হ্ৰাস হয়, আৰু উন্নত প্ৰযুক্তিয়ে পুৰণি চিপক অতি সোনকালেই অপ্ৰাসংগিক কৰি তোলে। তত্ত্বগতভাৱে কবলৈ গলে, এআই চলোৱাৰ খৰচ যি হাৰত কমিব, কোম্পানীবোৰে যদি তাতকৈও বেছি হাৰত নতুন ডাটা চেণ্টাৰ আৰু চিপত বিনিয়োগ কমাই দিয়ে, তেন্তে আজিৰ এই এআই প্ৰাচুৰ্য বেছি দিন টিকি নাথাকিব। এআইৰ উত্থানে দীৰ্ঘস্থায়ী উত্তৰাধিকাৰ বুলিবলৈ বিশেষ একো এৰি নেযাব; আনকি সাধাৰণ প্ৰশ্ন একোটাৰ উত্তৰ দিবলৈ উপলব্ধ কম্পিউটিং শক্তিও সংকুচিত হ’ব পাৰে।
সময়ৰ আগতেই নিজৰ মূল্য হেৰুওৱাৰ (obsolescence) ফলত নানান বিত্তীয় পৰিণাম সৃষ্টি হব পাৰে। ডাটা চেণ্টাৰৰ ঋণবোৰ হৈছে non-amortizing loans, অৰ্থাৎ নিয়মীয়া পৰিশোধে মূল ঋণৰ পৰিমাণ কমাই নিনিয়ে; বৰং সেয়া সুদৰ বাবদেই যায়। বহুসময় পাছতহে মূল ঋণৰ পৰিমাণ কমিবলৈ আৰম্ভ কৰে। অনন্তকালীন এটা সম্পদ বাবে লোৱা এই ঋণৰ স্বৰূপো হৈছে অনন্তকালীন। বাৰম্বাৰ এনে ঋণ লৈ থাকিব লাগিব। অৰ্থাৎ প্ৰতিটো ঋণৰ ম্যাদ শেষ হোৱাৰ সময়ত - ধৰক ৫ বছৰৰ পাছত - বাকী থকা বেলেঞ্চখিনিক নতুনকৈ refinance কৰি লব লাগিব। কিন্তু পাঁচ বছৰৰ পাছতেই যদি চিপবোৰ প্ৰায় মূল্যহীন হৈ পৰে, তেন্তে সিবিলাকৰ বিনিময়ত নতুন ঋণ দিব কোনে?
ডাটা চেণ্টাৰ চলাবলৈ প্ৰয়োজনীয় ভূমি, বিজুলী আৰু পানীৰ বৰ্ধিত চাহিদাই সৃষ্টি কৰা পৰিৱেশগত চাপৰ কথা আমি এতিয়াও আলোচনা কৰাই নাই। এই চাপে সমগ্ৰ এআই পৰিঘটনাটোকে দীৰ্ঘম্যাদীভাৱে অবহনক্ষম কৰি তুলিছে। এনে পৰিস্থিতিত বিগ টেক (Big Tech) বিলাকে কৈ থকা “মহাকাশ জয়”ৰ আখ্যানবিলাকে আচলতে এক বদমাছিমূলক মতাদৰ্শগত কাম কৰি আছে। সিবিলাকে “সৰ্বগ্ৰাসী ডিজিটেল ভৱিষ্যত”ৰ কল্পনাটোক বিশ্বাসযোগ্য কৰিব বিচাৰিছে। ‘গুগল’ৰ ‘প্রজেক্ট চানকেটচাৰ’ৰ দাবী মতে, ‘এআই কম্পিউটিং আৰু শক্তিৰ চাহিদা অনাগত দিনত বৃদ্ধি পাই থাকিব’, আৰু ‘উপযুক্ত কক্ষপথত স্থাপিত একোখন সৌৰ-পেনেলে পৃথিৱীৰ তুলনাত আঠগুণ পৰ্যন্ত অধিক উৎপাদন দিব পাৰিব, আৰু প্ৰায় অবিৰতভাৱে বিদ্যুৎ উৎপাদন কৰি থাকিব, আৰু ই বেটাৰীৰ প্ৰয়োজনো কমাই পেলাব’। কাজেই ‘অনাগত দিনত এআই কম্পিউটিঙৰ পৰিসৰ বৃদ্ধি কৰাৰ বাবে মহাকাশেই হয়তো সৰ্বোত্তম স্থান হব।’
পিছে পৃথিৱীলৈ নামি আহি চালে দেখা যায়, সস্তীয়া শক্তি(energy) আৰু দুষ্প্ৰাপ্য খনিজৰ বৰ্ধিত চাহিদাই পুৰণি বিধৰ সাম্ৰাজ্যবাদৰেই যেন ৰূপ লৈছে। আমেৰিকাৰ নতুন নিৰাপত্তা নীতিয়ে স্পষ্টভাৱে কৈছে যে ই এনে এক গোলাৰ্ধ (অৰ্থাৎ লেটিন আমেৰিকা) নিৰ্মাণ কৰিব বিচাৰিছে, যি আমেৰিকাৰ বাবে প্ৰয়োজনীয় “critical supply chains-বিলাক নিৰ্মাণ কৰাত সহায়ক হব”। ট্ৰাম্প প্ৰশাসনে ভেনেজুৱেলাৰ তেল দখল কৰা আৰু খনিজৰ বাবে গ্ৰীনলেণ্ডৰ ওপৰত তোলা সম্প্ৰসাৰণবাদী দাবীয়ে দৰ্শাইছে যে তেওঁলোক সঁচাকৈয়ে এই বিষয়ক লৈ চিৰিয়াছ। এআইৰ সপোনটো যদি এতিয়াৰ দৰেই কুহুমীয়া বিধৰেই হৈ থাকে, অৰ্থাৎ তাৰ ৰূপান্তৰৰ সপোনটো যদি ব্যৰ্থ হয়, তেনে স্থিতিত সাম্ৰাজ্যবাদী অভিযানবিলাক অধিক তীব্ৰতৰো হৈ পৰিব পাৰে। ডেভিড হাৰ্ভেই কোৱাৰ দৰে ‘বেদখলীকৰণৰ জৰিয়তে পুঁজি সঞ্চয়’ৰ এটা নতুন যুগৰ আৰম্ভণি ঘটিব, ডিজিটেল দক্ষতা বৃদ্ধিৰ সপোনময় অন্বেষণৰ ঠাই গ্ৰহণ কৰিব ব্যয় কমোৱাৰ এক নতুন হিংস্ৰ প্ৰতিযোগিতাই।