Sunday, August 16, 2015

গণতন্ত্র আৰু ভাৰতৰ অর্থনৈতিক ৰূপান্তৰ

মূলঃ পার্থ চেটার্জী

লেখক পৰিচিতিঃ পার্থ চেটার্জী কলম্বিয়া বিশ্ববিদ্যালয়ৰ নৃতত্ত্ব বিভাগৰ অধ্যাপক।
(‘ইকনমিক এণ্ড পলিটিকেল ৱিকলী’ৰ ১৯ এপ্রিল, ২০০৮ সংখ্যাত প্রকাশিত)

(অনুবাদকৰ টোকাঃ 'কৃষক মুক্তি সংগ্রাম সমিতি'ৰ আন্দোলনৰ বিষয়ে বহুতো আলোচনা দেখিবলৈ পোৱা যায় । কিন্তু কেনে ধৰণৰ পৰিৱর্তিত পৰিস্থিতিৰ পটভূমিত আন্দোলনটো গঢ় লৈ উঠিছে, এই বিষয়ে মন নকৰাৰ ফলত বেছিভাগ বিশ্লেষণেই আন্দোলনটোৰ তাৎপর্য, সম্ভাৱনীয়তা তথা প্রত্যাহবানসমূহ চিনাক্ত কৰাত ব্যর্থ হয়। পার্থ চেটার্জীৰ এই প্রৱন্ধটোত এনে পৰিৱর্তিত পৰিস্থিতিৰ এক বিশ্লেষণ পোৱা যায়। অসমীয়া পাঠক উপকৃত হব বুলি তাৰ এটা অনুবাদ আগবঢ়োৱা হল।)

“চাবলটার্ণ ষ্টাডিজ”ৰ প্রথমটো খণ্ড প্রকাশিত হৈছিল ১৯৮২ চনত। বিভিন্ন নিম্ন শ্রেণীৰ, বিশেষকৈ কৃষকসকলৰ দৃষ্টিকোণেৰে ভাৰতীয় আধুনিকতাৰ সমালোচনামূলক পর্যালোচনা কৰিবলৈ চেষ্টা কৰা ৰনজিৎ গুহ নেতৃত্বাধীন এই গোটটোৰ ময়ো সম্পাদকীয় সদস্য আছিলোঁ। এয়া প্রায় ২৫ বছৰ আগৰ কথা। এই ২৫ বছৰীয়া সময়ছোৱাত উত্তৰ-ঔপনিবেশিক ভাৰতীয় পৰিস্থিতিৰ এক মৌলিক পৰিবর্তন দেখা পোৱা গৈছে। পুঁজি, পণ্য আৰু মানুহৰ গোলকীয় প্রবাহ নিয়ন্ত্রিত কৰা এক নতুন পৰিস্থিতিৰ জন্ম হৈছে – অনেক জটিল পৰিঘটনাৰ এই নব্য সংমিশ্রণক বহুতে গোলকীকৰণ বুলিও অভিহিত কৰিছে। ই ভাৰতীয় শাসক শ্রেণীসমূহৰ বাবে একেসময়তে বহুতো নিত্য-নতুন সুবিধা তথা প্রতিবন্ধকতাৰ সৃষ্টি কৰিছে। ৬০ৰ দশকৰ বিপৰীতে, ঔপনিবেশিক শোষণ আৰু অনগ্রসৰতাৰে জর্জৰিত তৃতীয় বিশ্বৰ এক সামগ্রিক ধাৰণা বর্তমানৰ সময়ত পুৰণি হৈ পৰা যেন অনুভৱ হৈছে। এছিয়াৰ দেশসমূহৰ অর্থনৈতিক বিকাশৰ গতিপথ আফ্রিকাৰ অধিকাংশ দেশৰ গতিপথতকৈ আমূলভাৱে ভিন্ন হৈ পৰিছে। বর্তমানৰ সময়ত বিশ্বৰ সবাতোকৈ জনাকীর্ণ দুখন কৃষিমূলক দেশ- ভাৰত আৰু চীনৰ অভূতপূর্ব অর্থনৈতিক বিকাশে সামাজিক পৰিবর্তনৰ এক নতুন প্রক্রিয়া ত্বৰাম্বিত কৰি তুলিছে যাৰ গতি আৰু ব্যাপ্তি হয়তো সমগ্র মানব ইতিহাসতে নজিৰবিহীন। 

Saturday, August 15, 2015

কার্ল মার্ক্সৰ বিপ্লৱী চিন্তাধাৰা সপ্তম (অন্তিম) অধ্যায়

Original: 'Revolutionary Ideas of Karl Marx' by Alex Callinicos

শ্রমিক শক্তি
মার্ক্সবাদৰ এটা অন্যতম প্রাথমিক প্রস্তাৱনা হৈছে যে পুঁজিবাদেই সাম্যবাদৰ বস্তুগত ভূমি নির্মাণ কৰে। পুঁজিবাদী উৎপাদন সম্পর্কই শ্রমৰ উৎপাদনশীলতা অতিপাত বৃদ্ধি কৰে কিন্তু একেসময়তে ই উৎপাদিকা শক্তিৰ ভৱিষ্যত বিকাশৰ ক্ষেত্রত হেঙাৰ হিচাপে থিয় দিয়ে। সমৃদ্ধি আৰু মন্দাৱস্থাৰ পুণৰাবৃত্তিৰে ভৰা উৎপাদনৰ এক বিৰাট চক্র ইয়েই নির্মাণ কৰে।

কথাখিনি এনেকৈয়ো কব পৰা যায়ঃ পুঁজিবাদে সাম্যবাদৰ নির্মাণ একেসময়তে সম্ভৱপৰ তথা বাঞ্ছনীয় কৰি তুলিছে। পুঁজিবাদে এনে এটি সামাজিক শক্তি সৃষ্টি কৰিছে যি শেহত গৈ পুঁজিবাদৰে ধ্বংস মাতি আনিব আৰু শ্রেণীমুক্ত সমাজ এখন নির্মাণ কৰিব। এই সামাজিক শক্তিটো হৈছে শ্রমিক শ্রেণী। মার্ক্স এংগেলছে কমিউনিষ্ট মেনিফেষ্টোত এনেদৰে লিখিছেঃ

বুর্জোৱাৰ অস্তিত্ব আৰু শাসনৰ বাবে প্রয়োজনীয় উপাদানটো হৈছে পুঁজিৰ গঠন আৰু বিকাশ। আনহাতে পুঁজিৰ বাবে প্রয়োজনীয় উপাদানটো হৈছে মজুৰী শ্রম...উদ্যোগৰ বিকাশ তথা প্রতিযোগিতাৰ ফলত শ্রমিকসকলৰ বিচ্ছিন্ন অৱস্থাৰ অৱসান ঘটে আৰু তাৰ ঠাইত শ্রমিকৰ সহযোগিতা গঢ় লৈ উঠে। আধুনিক উদ্যোগৰ বিকাশে সেয়েহে বুর্জোৱাহঁতৰ ভৰিৰ তলৰ মাটি কাঢ়ি আনিছে...বুর্জোৱাহঁতে নিজৰে মৃত্যুদূত নির্মাণ কৰিছে। বুর্জোৱাৰ মৃত্যু আৰু সর্বহাৰাৰ বিজয় অৱশ্যাম্ভৱী (CW vi, 496)।

কিন্তু সেইবুলি স্বয়ংক্রিয়ভাৱে পুঁজিবাদৰ পতন নঘটে। বৰং তাৰ বাবে শ্রমিক শ্রেণীয়ে সংগঠন, বিপ্লৱী চেতনা তথা অনুশীলন গঢ়ি তুলিব লাগিব। ১৮৭৯ চনত মার্ক্স-এংগেলছে তেওঁলোকৰ ৰাজনীতিৰ বিষয়ে এনেদৰে লিখিছেঃ

বিগত চল্লিশ বছৰ ধৰি আমি কৈ আহিছোঁ যে শ্রেণী সংগ্রামেই হৈছে ইতিহাসৰ তাৎক্ষণিক চালিকা শক্তি আৰু বুর্জোৱা তথা সর্বহাৰাৰ শ্রেণী সংগ্রাম হৈছে আধুনিক সামাজিক বিপ্লৱৰ এডাল বৃহৎ বঠা। যেতিয়া আন্তর্জাতিক গঠন কৰা হৈছিল, আমি তাৰ যুদ্ধ নিনাদ এনেদৰে তৈয়াৰ কৰিছিলোঃ ‘শ্রমিক শ্রেণীৰ মুক্তি শ্রমিকে নিজে মাতি আনিব লাগিব’ (SC, 327)।

শ্রমিকৰ স্ব-মুক্তি হৈছে মার্ক্সৰ চিন্তনৰ অভিন্ন অংগ। হাল ড্রেপাৰে ‘সমাজবাদৰ দুটি আত্মা’ৰ কথা উল্লেখ কৰিছেঃ ‘ওপৰৰ পৰা জাপি দিয়া সমাজবাদ’ তথা ‘তলৰ পৰা নির্মাণ হোৱা সমাজবাদ’। ‘ওপৰৰ পৰা জাপি দিয়া সমাজবাদ’ৰ মতে একাংশ প্রবুদ্ধ নেতাৰ কাৰুকার্যৰ দ্বাৰাই সমাজবাদ নির্মিত হয়; এই নেতাসকলেই ৰাষ্ট্রখন নিয়ন্ত্রণ কৰে তথা শ্রমিকৰ হৈ তেওঁলোকে ৰাষ্ট্রৰ কেতবোৰ সংস্কাৰ সাধন কৰে। সংস্কাৰবাদী বাওঁপন্থী দলসমূহে সাধাৰণতে এনে নীতিৰ পোষকতা কৰে। তেওঁলোকৰ মতে সংসদৰ বাওঁপন্থী সাংসদ বা পার্টিৰ নেতাসকলেই হৈছে পৰিবর্তনৰ মূল এজেণ্ট। কিন্তু মার্ক্সে ‘তলৰ পৰা নির্মাণ হোৱা সমাজবাদ’ৰহে পোষকতা কৰিছিল – অর্থাৎ য’ত শ্রমিকসকলে স্ব-অনুশীলনৰ জৰিয়তে নিজেই নিজৰ মুক্তি মাতি আনিব।

ফেচিবাদ-বিৰোধী তিনিটা স্মৃতিসৌধ

ময়ূৰ চেতিয়া দ্বিতীয় বিশ্বযুদ্ধৰ স্মৃতি বহন কৰা ছোভিয়েট ভাস্কৰ্যসমূহৰ মাজত তিনিটা স্মৃতিসৌধৰ এক বিশেষ গুৰুত্ব আছে। এই তিনিওটা ইটো-সিটোৰ সৈত...