Sunday, April 23, 2017

লেনিনীয় সন্ধিক্ষণঃ প্রভাত পাটনায়ক

অনুবাদঃ ময়ূৰ চেতিয়া

(কিছুদিন পূর্বে বিশিষ্ট মার্ক্সবাদী পণ্ডিত প্রভাত পাটনায়কে ৰূছ বিপ্লৱৰ শতবর্ষ উপলক্ষে এলানি বক্তৃতা প্রদান কৰিছিল। প্রথম বক্তৃতাটো কিছুদিন পূর্বে আমি অনুবাদ কৰিছিলো।http://bauponthibotora.blogspot.in/2017/04/blog-post_64.html সদ্যহতে দ্বিতীয় বক্তৃতাটোৰ অনুবাদ আগবঢ়োৱা হৈছে।) 

অক্টোবৰ বিপ্লৱৰ আঁৰৰ মূল তাত্ত্বিক পূর্বধাৰণাটো আছিল এই যে যিহেতু আন্তঃসাম্রাজ্যবাদী সংঘাতে যুদ্ধৰ এটা নতুন যুগ সৃষ্টি কৰিছে, য’ত এখন দেশৰ শ্রমিকে আন দেশৰ শ্রমিকৰ তেজেৰে হাত ৰাঙলী কৰিবলৈ বাধ্য হব, ইয়াৰ অর্থ হৈছে – পুঁজিবাদ এক সংকটকালত উপনীত হৈছে। ই ঐতিহাসিকভাৱে “মৰণোন্মুখ” হৈ পৰিছে। ইয়েই সামাজিক বিপ্লৱৰ এটা নতুন যুগৰো সৃষ্টি কৰিছে যি বিকশিত পুঁজিবাদী দেশবোৰৰ লগতে ঔপনিবেশিক দেশবোৰকো সাঙুৰি লৈছে – যিহেতু ঔপনিবেশিক জনগণকো এই যুদ্ধবোৰলৈ বলিৰ পঠাৰ ৰূপত টানি অনা হৈছে। এনে পৰিস্থিতিত বিপ্লৱক অৱৰূদ্ধ কৰিব পৰা কোনো শক্তি যদি আছিল, সেয়া শ্রমিক শ্রেণীৰ এটা অংশৰ দোধোৰ-মোধোৰ মানসিকতা বুলি চিনাক্ত কৰা হল, যাৰ আঁৰত শ্রমিক নেতৃত্বৰ কেতবোৰ বিশেষ অংশৰ - যেনে “শ্রমিক অভিজাততন্ত্র”ৰ অংশবিশেষ ট্রেড ইউনিয়ন পদাধিকাৰীসকলৰ দোদুল্যমানতা বা দুর্নীতিগ্রস্ততা মূল কাৰক বুলি ভবা হল। ইয়াৰ অর্থ আছিল – বিপ্লৱীসকলে এনে সমস্ত আপোচকামী উপাদানৰ সতে সম্পর্ক চ্ছেদ কৰিব লাগিব আৰু প্রয়োজন হলে “অকলেই আগবাঢ়িব” লাগিব।

Thursday, April 13, 2017

অক্টোবৰ বিপ্লৱ আৰু মার্ক্সীয় তত্ত্ব


প্রভাত পাটনায়ক
অনুবাদঃ ময়ূৰ চেতিয়া

(কিছুদিন পূর্বে বিশিষ্ট মার্ক্সবাদী পণ্ডিত প্রভাত পাটনায়কে “ৰুছ বিপ্লৱৰ এশবছৰ" উপলক্ষে সম্পর্কে এলানি বক্তৃতা দিছিল। বর্তমানৰ প্রৱন্ধটো হৈছে প্রথম বক্তৃতাটোৰ মুকলি অসমীয়া অনুবাদ। ভৱিষ্যতে বাকী তিনিটা বক্তৃতাৰো অনুবাদ আগবঢ়াবলৈ চেষ্টা কৰা হব।)

মার্ক্সৰ তত্ত্ব যেতিয়া পোনপ্রথমবাৰৰ বাবে উপস্থাপিত হৈছিল, ই ৰাছিয়াৰ বৌদ্ধিক জীৱনটোক অন্যান্য দেশৰ তুলনাত অতি গভীৰভাৱে প্রভাৱিত কৰি পেলাইছিল। এই কথা সঁচা যে জার্মানীৰ বিশাল শ্রমিক আন্দোলন – যি সেই সময়ৰ আটাইতকৈ শক্তিশালী শ্রমিক আন্দোলন আছিল (প্রথম বিশ্বযুদ্ধৰ প্রাকক্ষণত জার্মান চচিয়েল ডেমক্রেটিক পার্টিয়ে দৈনিক ৮৬ খন বাতৰি কাকত প্রকাশ কৰিছিল), মার্ক্সৰ দ্বাৰা প্রত্যক্ষভাৱে প্রভাৱিত হৈছিল, কিন্তু ৰাছিয়াৰ সামগ্রিক বৌদ্ধিক জীৱনটোকেই মার্ক্সৰ চিন্তনে যেনেদৰে প্রভাৱিত কৰি পেলাইছিল, তাৰ আন কোনো উদাহৰণ সেই সময়ত নাছিল।

ফেচিবাদ-বিৰোধী তিনিটা স্মৃতিসৌধ

ময়ূৰ চেতিয়া দ্বিতীয় বিশ্বযুদ্ধৰ স্মৃতি বহন কৰা ছোভিয়েট ভাস্কৰ্যসমূহৰ মাজত তিনিটা স্মৃতিসৌধৰ এক বিশেষ গুৰুত্ব আছে। এই তিনিওটা ইটো-সিটোৰ সৈত...