Sunday, September 20, 2026

ফেচিবাদ-বিৰোধী তিনিটা স্মৃতিসৌধ

ময়ূৰ চেতিয়া

দ্বিতীয় বিশ্বযুদ্ধৰ স্মৃতি বহন কৰা ছোভিয়েট ভাস্কৰ্যসমূহৰ মাজত তিনিটা স্মৃতিসৌধৰ এক বিশেষ গুৰুত্ব আছে। এই তিনিওটা ইটো-সিটোৰ সৈতে গভীৰভাৱে সম্পর্কযুক্ত। তিনিওটাকে সংযুক্ত কৰা উপাদানটো হৈছে - এখন তৰোৱাল।  প্রথমটো ভাস্কৰ্য আছে য়ুৰালৰ ঔদ্যোগিক চহৰ মেগনিটোগৰ্স্কত। তাত দেখা যায় - এজন শ্ৰমিকে সৈনিক এজনৰ হাতত এখন তৰোৱাল তুলি দিছে।  দ্বিতীয়টো ভাস্কৰ্য আছে স্তালিনগ্ৰাডত (আজিৰ ভলগোগ্রাডত)। তাত ছোভিয়েট মাতৃভূমিয়ে সেই তৰোৱালখন মূৰৰ ওপৰত তুলি সন্তানসকলক জনযুদ্ধৰ বাবে আহ্বান জনাইছে। তৃতীয়টো ভাস্কৰ্য আছে জার্মানীৰ বাৰ্লিনত, ট্ৰেপটাৱাৰ পাৰ্কত।  ইয়াত সৈনিকজনে তৰোৱালখনেৰে ফেচীবাদৰ চিহ্ন স্বস্তিকা  ভাঙি পেলাইছে, আৰু এটি জার্মান শিশুক কোলাত লৈছে। 

এখন তৰোৱাল, তিনিটা মুহূৰ্ত: 

  • ফেচীবাদ বিৰোধী যুদ্ধৰ প্ৰস্তুতি,

  • ফেচিবাদৰ বিৰুদ্ধে প্ৰতিৰোধ, আৰু 

  • ফেচিবাদৰ পৰাজয়।

১. মেগনিটোগৰ্স্ক: কাৰখানাৰ পৰা ৰণাঙ্গনলৈ

মেগনিটোগৰ্স্কৰ The Rear-Front স্মৃতিসৌধত দুজন ব্যক্তি আছে - এজন শ্ৰমিক, আনজন সৈনিক। শ্ৰমিকজনৰ হাতত এখন সদ্য নিৰ্মিত তৰোৱাল। তেওঁ সেইখন সৈনিকজনৰ হাতত তুলি দিছে।



অর্থাৎ ছোভিয়েটৰ যুদ্ধ-স্মৃতিৰ কাহিনীটো ৰণাঙ্গনৰ পৰা আৰম্ভ হোৱা নাই। বৰং সি আৰম্ভ হৈছে কাৰখানাৰ পৰা।

কথাষাৰ তাৎপৰ্যপূৰ্ণ। কিয়নো আধুনিক যুদ্ধ কেৱল বন্দুক হাতত লৈ সন্মুখত যুঁজাসকলৰ যুদ্ধ মাত্র নহয়। বন্দুকটো কোনে নিৰ্মাণ কৰিলে? টেংকৰ বাবে ইস্পাত কোনে উৎপাদন কৰিলে? ৰে'ল কোনে চলালে? খাদ্য, কাপোৰ, গোলাবাৰুদ কোনে যোগান ধৰিলে?

মেগনিটোগৰ্স্ক আছিল ছোভিয়েট গধুৰ উদ্যোগৰ অন্যতম প্ৰধান কেন্দ্ৰ। সেয়ে ইয়াৰ শ্ৰমিকজন কোনো বিমূৰ্ত ‘শ্ৰম’ৰ প্ৰতীক মাত্ৰ নহয়। তেওঁৰ যুদ্ধৰ পর্দাৰ পিছফালে অৰিহণা যোগোৱা সমস্ত শ্রমজীৱী জনগণৰেই প্রতিনিধিত্ব করিছে।

সৈনিকজনৰ দৃষ্টি পশ্চিমমুখী, অর্থাৎ জার্মানীৰ ফালে। শ্ৰমিকজনৰ দৃষ্টি পূবমুখী, অর্থাৎ কাৰখানাটোৰ ফালে।

তেওঁলোক দুয়োজনকে যুক্ত কৰিছে  তৰোৱালখনে।

২. স্তালিনগ্ৰাড: মাতৃভূমিৰ আহ্বান

মেগনিটোগৰ্স্কত সৈনিকৰ হাতত দিয়া তৰোৱালখনে স্তালিনগ্ৰাডলৈ গৈ আন এক ৰূপ লৈছে।

মামায়েভ কুৰ্গানত স্থিত য়েভগেনি ভুচেটিচৰ দ্বারা নির্মিত এক বিশাল মূর্তি হৈছে The Motherland Calls। পিছে এই মাতৃভূমি কোনো শান্ত, স্থিৰ, শোকাহত মাতৃ নহয়। বৰং তেওঁ খঙাল।  তেওঁ যেন আগবাঢ়িব বিচাৰিছে। এখন হাত আগলৈ মেলি তেওঁ সন্তানসকলক  আহবান কৰিছে। আনখন হাতত তৰোৱালখন আকাশলৈ তুলি ধৰিছে।



এইবাৰ তৰোৱালখন কাৰখানাৰ উৎপাদিত বস্তু হৈ থকা নাই। বৰং  ই হৈ পরিছে প্ৰতিৰোধৰ আহ্বান।

মূৰ্তিটোৰ স্থানেও এক বিশেষ অৰ্থ বহন করিছে। মামায়েভ কুৰ্গান স্তালিনগ্ৰাডৰ যুদ্ধৰ অন্যতম যুদ্ধক্ষেত্ৰ আছিল। ১৯৪২-৪৩ৰ সেই যুদ্ধত নাজী জাৰ্মানীৰ পূবমুখী অগ্ৰযাত্ৰাই এক নিৰ্ণায়ক আঘাত লাভ কৰিছিল। একপ্রকাৰে কবলৈ গলে - এয়াই আছিল নাজীবাদৰ পৰাজয়ৰ আৰম্ভণি।

মেগনিটোগৰ্স্কত শ্ৰমিকসকলে অস্ত্ৰ প্ৰস্তুত কৰিছিল। স্তালিনগ্ৰাডত সমগ্ৰ সমাজখনকে সেই অস্ত্ৰ হাতত লৈ মোতায়েন হ'বলৈ আহ্বান জনোৱা হৈছে।

৩. বাৰ্লিন: নামি অহা তৰোৱাল

কাহিনীটোৰ শেষ দৃশ্য সমাপন হৈছে বাৰ্লিনৰ ট্ৰেপটাৱাৰ পাৰ্কত।

ইয়াত পুণৰ ভুচেটিচৰ এক ভাস্কৰ্য স্থাপন কৰা হৈছে। মূল চৰিত্রত আছে এজন ছোভিয়েট সৈনিক। তেওঁৰ কোলাত এটি জার্মান শিশু। আনখন হাতত তৰোৱাল।



কিন্তু স্তালিনগ্ৰাডৰ দৰে তৰোৱালখন আকাশৰ  ফালে উন্মুক্ত হৈ থকা নাই।

বৰং তৰোৱালখন  তললৈ নামি আহিছে।

সৈনিকজনৰ ভৰিৰ তলত, তৰোৱালৰ মাৰত ভাগি পৰি আছে ফেচিবাদৰ স্বস্তিকা।

সৈনিকজনৰ এখন হাতত অস্ত্ৰ, আনখন হাতত এটি শিশু। ভৰিৰ তলত ফেচিবাদৰ প্ৰতীক। তৰোৱালখনৰ কাম শেষ হৈছে।

অর্থাৎ যুদ্ধক মহিমান্বিত কৰি তৰোৱালখন চিৰকাল আকাশ ফালি মুক্ত হৈ থকা নাই। তৰোৱালখনৰ এটা নিৰ্দিষ্ট কাম আছিল। যেতিয়া স্বস্তিকা ভাঙি পৰিল, তেতিয়া তৰোৱালো নামি আহিল।


এইদৰেই তিনিটা ভাস্কৰ্যই মিলি যুদ্ধখনৰ এক অসাধাৰণ দৃশ্য-কাহিনী গঢ়ি তুলিছে।


শ্ৰমিক। 

মাতৃভূমি। 

সৈনিক।


এআই-ৰ পাছত

মূলঃ চেদ্ৰিক ডুৰাঁ (New Left Review)

অনুবাদঃ ময়ূৰ চেতিয়া


যোৱা এটা দশকত এআই-সম্পৰ্কীয় কোম্পানীবোৰৰ শ্বেয়াৰ বজাৰৰ মূল্যায়ন(valuation) দহগুণ বৃদ্ধি পাইছে। জন লেনচেষ্টাৰে শেহতীয়াকৈ উল্লেখ কৰাৰ দৰে, পৃথিৱীৰ দহটা সৰ্ববৃহৎ কোম্পানীৰ এটাৰ বাহিৰে বাকী সকলোৰে মূল্য কৃত্ৰিম বুদ্ধিমত্তাৰ ভৱিষ্যৎ সম্ভাৱনাৰ সৈতে জড়িত। এই কোম্পানীবোৰৰ এটাৰ বাহিৰে বাকী সকলো আমেৰিকান, আৰু আটাইকেইটাৰ সন্মিলিত বজাৰ-মূল্য আমেৰিকাৰ মুঠ অৰ্থনীতিৰ আধাতকৈও বহু বেছি। যোৱা কেইবছৰমানত ‘এআই বিপ্লৱ’ৰ প্ৰত্যাশাই এই আমেৰিকান প্ৰযুক্তি কোম্পানীবোৰলৈ বিনিয়োগৰ ঢল নমাইছে। মানৱোত্তৰ বুদ্ধিমত্তাৰ (post-human intelligence) ক্ষেত্ৰত আমূল যুগান্তৰৰ প্ৰত্যাশা  আৰু উৎপাদনশীলতাৰ অলৌকিক বৃদ্ধিৰ প্ৰতিশ্ৰুতিয়ে বিনিয়োগকাৰীৰ ‘এনিমেল স্পিৰিট’ ইমানেই উচটাই তুলিছে যে ‘ফাইনেন্সিয়েল টাইমছ’ৰ ৰুচিৰ শৰ্মাৰ ভাষাত, ‘আমেৰিকা এতিয়া এআইৰ ওপৰত লগোৱা এটা বিৰাট বাজিলৈ (big bet) পৰিণত হৈছে’। এই খণ্ডত স্থায়ী মূলধনী বিনিয়োগৰ পৰিমাণ ইমানেই বিপুল যে ২০২৫ চনত ই আমেৰিকাৰ অৰ্থনৈতিক বৃদ্ধিৰ প্ৰধান চালিকাশক্তি আছিল। এআই মডেলবিলাকৰ প্ৰশিক্ষণ আৰু পৰিচালনাৰ বাবে ডাটা চেণ্টাৰ, কম্পিউটিং সঁজুলি, শীতলীকৰণ ব্যৱস্থা, নেটৱৰ্ক হাৰ্ডৱেৰ, বিদ্যুৎ-গ্ৰীডৰ সংযোগ আৰু বিদ্যুৎ যোগানৰ এক বিশাল আন্তঃগাঁথনি অতিশয় প্ৰয়োজনীয় হৈ পৰিছে। ২০৩০ চনলৈকে হব পৰা এনে বিপুল আন্তঃগাঁথনিৰ চাহিদা পূৰণ কৰিবলৈ প্ৰযুক্তি কোম্পানীবোৰে ৫ ট্ৰিলিয়ন ডলাৰ পৰ্যন্ত খৰচ কৰিব বুলি অনুমান কৰা হৈছে। এনে আন্তঃগাঁথনিবিলাক এতিয়াও প্ৰধানতঃ  আমেৰিকাতেই কেন্দ্ৰীভূত।

সমস্যাটো হৈছে যে, এই সমস্ত অংকবিলাকৰ মাজত ভীষণ বিসংগতি আছে। নিজৰ বিপুল পুঁজিৰ প্ৰয়োজন পূৰণ কৰিবলৈ এই খণ্ডটোৱে নিজা নগদ তথা শ্বেয়াৰ বিক্ৰীৰে পুঁজি সংগ্ৰহ কৰা (cash-flow and equity financing) মডেলটোৰ পৰা ক্ৰমশঃ ঋণ-ভিত্তিক অৰ্থায়ন (debt financing) মডেললৈ গতি কৰিধৰিছে। সাধাৰণ দৃষ্টিৰে চাবলৈ গলে, ঋণৰ দিশেৰে ঢাল খোৱা এই গতি  “লাভৰ সুযোগ বৃদ্ধি” আৰু “আহিবলগীয়া সমৃদ্ধিৰ প্ৰত্যাশাৰ ফল” মাত্ৰ যেন লাগিব পাৰে। পিছে সম্প্ৰতি আৱিৰ্ভাৱ হব ধৰা এই বিষয়ক অভিনৱ তথা অদ্ভুত বিত্তীয় চুক্তিবোৰলৈ চালে সি অন্য দিশৰ প্ৰতিহে ইংগিত দিয়ে।  

এআই উন্মাদনাত ইন্ধন যোগোৱা কেতবোৰ অদ্ভুত বিত্তীয় জেলেপী সৃষ্টি হব ধৰিছে। দেখা গৈছে -  যোগানকাৰীয়ে নিজৰ গ্ৰাহকৰ কোম্পানীতেই বিনিয়োগ কৰিছে আৰু গ্ৰাহকেও ওলোটাই যোগানকাৰীত বিনিয়োগ কৰিছে। অপেন এআই (OpenAI) হৈছে ইয়াৰ এক স্পষ্ট উদাহৰণ। অপেন এআই-ৰ মুখ্য চিপ যোগানকাৰী হৈছে এনভিডিয়া (Nvidia), যি বৰ্তমান পৃথিৱীৰ সৰ্বাধিক মূল্যৱান কোম্পানীলৈ পৰিণত হৈছে। অপেন এআই-ত সম্প্ৰতি এনভিডিয়াই  ১০০ বিলিয়ন ডলাৰ বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে। অৰ্থাৎ কাৰ্যতঃ নিজৰ উৎপাদিত সামগ্ৰীৰ চাহিদা বৃদ্ধিৰ বাবে এনভিডিয়াই নিজেই পুঁজি যোগান দিব ধৰিছে! আন এটা উদাহৰণঃ  মাইক্রোচফট(Microsoft) হৈছে অপেন এআই-ৰ প্ৰধান বিত্তীয় পৃষ্ঠপোষক; কিন্তু অপেন এআই-ৰ সেৱাসমূহ চলাবলৈ প্ৰয়োজনীয় কম্পিউটিং শক্তিও মাইক্রোচফটেই  অপেন এআই-ক বিক্ৰী কৰে! অপেন এআই-এ নিজৰ মডেলসমূহ মাইক্রোচফটৰ আজুৰে (Azure) ক্লাউড প্লেটফৰ্মত চলায় আৰু তাৰ বাবে আজুৰে-ক অপেন এআই-য়ে নিজৰ (গ্ৰাহকৰ পৰা হোৱা) মুঠ উপাৰ্জনৰ প্ৰায় দুগুণ ধন দিয়ে! ফলত মাইক্রোচফটে অপেন এআই-ত বিনিয়োগ কৰা ধনৰ এটা অংশ আজুৰে(Azure)-ৰ মাচুল হিচাপে আকৌ মাইক্রোচফটৰ হাতলৈকে ঘূৰি আহে। আনহাতে, নিজৰ উপাৰ্জন আৰু কম্পিউটিং ব্যয়ৰ মাজৰ ব্যৱধান পূৰণ কৰিবলৈ অপেন এআই-এ অধিক ঋণ ল’বলগীয়া হয়। অৰ্থাৎ মাইক্রোচফটে অপেন এআই-ৰ সম্প্ৰসাৰণৰ বাবে পুঁজি যোগায়, অপেন এআই-য়ে সেই পুঁজিৰে মাইক্রোচফট-ৰ সেৱা কিনে, আৰু মাইক্রোচফটে সেই ধন আজুৰে(Azure)-ৰ ৰাজহ হিচাপে দেখুৱায়!

এনে নানান কাৰচাজি চলি আছে। লুইজিয়ানাত এটা বিশাল ডাটা চেণ্টাৰ নিৰ্মাণৰ বাবে মেটা (Meta)-ৰ পৰিকল্পনাটোকে লোৱা যাওক। ৩০ বিলিয়ন ডলাৰৰ এই প্ৰতিষ্ঠানটোৰ মালিক হ’ব বেইগনেট ইনভেষ্টৰ এল এল চি (Beignet Investor LLC), যিটো মেটা আৰু ব্লু আউল (Blue Owl) নামৰ ব্যক্তিগত পুঁজি ব্যৱস্থাপনা প্ৰতিষ্ঠান এটাৰ যৌথ উদ্যোগ। কিন্তু এই নিৰ্মাণৰ সৰহভাগ ধন মেটা বা ব্লু আউলে নিদিয়ে; ধন আহিব বেইগনেট-ৰ bond issue-ৰ ৰূপত, অৰ্থাৎ এনে বণ্ড ক্ৰয় কৰা বিত্তীয় সংস্থাবিলাকৰ পৰা। মেটাই এই ডাটা চেণ্টাৰটো ব্যৱহাৰ কৰিবলৈ দীৰ্ঘম্যাদী লীজ বা ভাড়াৰ চুক্তি কৰাৰ প্ৰতিশ্ৰুতি দিছে (মেটাই বেইগনেট-ক প্ৰদান কৰা ভাড়াৰ বলতেই বেইগনেটে এসময়ত লাভৰ মুখ দেখিব বুলি আশা কৰা হৈছে)। ‘ফাইনেন্সিয়েল টাইমছ’ৰ ভাষাত, ‘এই চতুৰ ব্যৱস্থাটোৰ ফলত বেইগনেটে মেটা-ৰ ঋণযোগ্যতা(credit-worthiness)ৰ সুবিধা লাভ কৰিছে; যাৰ বলত  বেইগনেটে বণ্ড ইছ্যু কৰিব পাৰিছে। কিন্তু দীৰ্ঘম্যাদী লীজৰ নিশ্চয়তাৰ ৰূপত মেটাই বহন কৰা বিত্তীয় দায়িত্বই কিন্তু মেটা-ৰ নিজস্ব ঋণযোগ্যতাত কোনো প্ৰভাৱ নেপেলাব বুলি ধৰি লোৱা হৈছে। যেন যাদুৰ বলতহে এনে হৈছে।’

মন কৰক যে ডাটা চেণ্টাৰটো নিৰ্মাণৰ বাবে মেটা-ই নিজৰ বেলেন্স শ্বীটৰ মাত্ৰ ১ শতাংশ ধনহে দিবলৈ সন্মত হৈছে। ইয়াৰ কাৰণ হ’ল, বণ্ড ক্ৰেতাসকলৰ আগত দোহাৰি থকা দাবীবোৰৰ বিপৰীতে, superintelligence আৰু superabundance-ৰ সোণালী সপোন বিফল হবলৈ হলে মেটা-ই নিজকে সুৰক্ষিত কৰি ৰাখিব বিচাৰে। মেটা-ৰ এই ডাটা চেণ্টাৰৰ কাহিনীটো বৰ্তমানৰ বজাৰ-পৰিস্থিতিৰ প্ৰতীক বুলি ধৰিব পাৰি। এজন বিত্তীয় বিশ্লেষকে এই পৰিস্থিতিটো এনেদৰে বৰ্ণনা কৰিছে: ‘এফালে পুঁজিৰ বিপুল প্ৰয়োজন, আনফালে নিজৰ নগদ ধন খৰছ কৰিবলৈ কোম্পানীবিলাকৰ অনিচ্ছা।’ এনে অৱস্থাত ইনভেষ্টমেণ্ট বেংকবিলাকৰ কামেই হ’ল বণ্ড-ক্ৰেতাসকলক প্ৰায় অবোধ্যমান ৰিস্ক বহন কৰিবলৈ মান্তি কৰোৱা। বিশ্লেষকজনে সতৰ্ক কৰি দিছে, ‘আমি এনে কাহিনী বহুবাৰ দেখি আহিছোঁ’, বিশেষকৈ ২০০৮ চনৰ বিত্তীয় সংকটৰ ঠিক আগমুহূৰ্তত।

এমেজন, মেটা, মাইক্রোচফট আৰু এলফাবেটৰ দৰে মুখ্য হাইপাৰস্কেলাৰ, অৰ্থাৎ অতি বৃহৎ পৰিসৰত কম্পিউটিং আন্তঃগাঁথনি চলোৱা কোম্পানীবোৰৰ শক্তিশালী বেলেন্স শ্বীটবিলাকলৈ চালে এআইৰ উত্থানটো বহনক্ষম  হব যেনেই লাগে। কিন্তু অৰেকল-ৰ দৰে প্ৰতিষ্ঠানৰ শেহতীয়া অৱস্থা আৰু এআই ব্যৱসায়ৰ কিছুমান অংশত ফাট দেখা দিয়াৰ লগে লগে ভীষণ শংকাও বৃদ্ধি পাইছে। বহুতেই কবলৈ ধৰিছে যে সমগ্ৰ ব্যৱস্থাটোত এই গতি অক্ষুন্ন ৰাখিব পৰাকৈ পৰ্যাপ্ত লাভ হয়তো সৃষ্টি নহ’ব। বহু বছৰ ধৰি উৰ্ধ্বমুখী হৈ থকা আমেৰিকান শ্বেয়াৰ বজাৰ আৰু দশকজুৰি চলা fictitious capital-supercycle-ৰ পাছত এআই-ৰ এই দৌৰ আৰম্ভ হৈছে। অৰ্থাত বিপদ যিকোনো সময়তে আহিব পাৰে।  সেইবাবেই বেংক অফ ইন্টাৰনেছনেল চেটলমেন্টৰ আমোলাতান্ত্ৰিক ভাষাৰ মাজতো ক্ৰমবৰ্ধমান উদ্বেগ স্পষ্ট দেখা গৈছেঃ ‘এআই বিনিয়োগৰ পতনৰ লগে লগে যদি শ্বেয়াৰ বজাৰত উল্লেখযোগ্য সংশোধন, অৰ্থাৎ মূল্যৰ ডাঙৰ পতন, ঘটে, তেন্তে ইয়াৰ নেতিবাচক পাৰ্শ্বক্ৰিয়া পূৰ্বৰ boom-বোৰৰ পাৰ্শ্বক্ৰিয়াতকৈ ডাঙৰ হ’ব পাৰে। এআই কোম্পানীৰ অংশীদাৰ হ’বলৈ বিনিয়োগকাৰীসকলে আমেৰিকান শ্বেয়াৰক অগ্ৰাধিকাৰ দিছে, আৰু গুপ্ত ঋণ-নিৰ্ভৰতাই ঋণ বজাৰলৈও সংকট বিয়পাব পাৰে।’

ক্ষেত্ৰভিত্তিক অধ্যয়নৰ সীমিত প্ৰমাণে ইংগিত দিছে যে এআই প্ৰয়োগৰ ফলত লিখা-মেলা, কম্পিউটাৰ কোড প্ৰস্তুত কৰা আৰু কল চেণ্টাৰত গ্ৰাহকক সহায় কৰাৰ দৰে কামত বেছ উৎপাদনশীলতা বৃদ্ধি পাব। কামফেৰা হবলৈ প্ৰথমে  কিছু সময় লাগিব, কিয়নো “এআই প্ৰযুক্তিটো কেনেকৈ নিজৰ কামৰ বাবে ব্যৱহাৰ কৰিব পাৰি” - সেয়া শিকি-বুজি লবলৈ প্ৰতিষ্ঠানবোৰে বেচ খৰচ বহন কৰিব লাগিব।  কিন্তু সময়ৰ লগেলগে এআই-ক গ্ৰহণ কৰা প্ৰতিষ্ঠানবোৰ লাভৱান হব। গৱেষণা, innovation তথা improvement প্ৰক্ৰিয়াত  এআই-য়ে বেছ ভূমিকা লব বুলি আশা কৰা হৈছে। কাজেই এআই-ৰ অৰ্থনৈতিক সুফলক লৈ প্ৰত্যাশাবিলাকো বেছ ডাঙৰ যেন দেখা গৈছে। এআই-য়ে প্ৰতিশ্ৰুতি দিয়াৰ দৰে উৎপাদনশীলতা বৃদ্ধি কৰিলে, ব্যৱহাৰকাৰীয়ে তাৰ বাবে বেচ মূল্য ভৰিবলৈও সাজু হ’ব। 

জেপি মর্গান-ৰ হিচাপ অনুসৰি, প্ৰত্যাশিত মূলধনী ব্যয়ৰ পৰিমাণ বিবেচনা কৰিলে ১০ শতাংশ মুনাফা অৰ্জন কৰিবলৈ এআই সেৱা-প্ৰদানকাৰীসকলক ‘অনিৰ্দিষ্ট কাললৈ প্ৰতি বছৰে প্ৰায় ৬৫০ বিলিয়ন ডলাৰৰ ৰাজহ লাগিব’। এইটো এটা ‘অবিশ্বাস্যভাৱে ডাঙৰ সংখ্যা’। ই বিশ্বৰ ১.৫ বিলিয়ন সক্ৰিয় আই-ফোন ব্যৱহাৰকাৰীৰ প্ৰতিজনৰ পৰা মাহে প্ৰায় ৩৫ ডলাৰকৈ লোৱাৰ সমান, অথবা বিশ্বৰ মুঠ GDP-ৰ ০.৫৫ শতাংশ। এইটোও মন কৰক যে বৰ্তমানে এআই কোম্পানীবোৰে গ্ৰাহকসকলক নিজৰ মুঠিৰ ভিতৰলৈ আনিবলৈ নিজৰ প্ৰডাক্টবিলাকৰ দাম কৃত্ৰিমভাৱে কম কৰি ৰাখিছে। প্ৰতিশ্ৰুত efficiency gains বাস্তৱায়িত হ’লে বাৰু সমস্যা সমাধান হব; সমৃদ্ধ ব্যৱসায়বোৰে এআই-ৰ বাবে অতিৰিক্ত টকা পৰিশোধ কৰিবলৈ সন্মত হব। পিছে মজাৰ কথা যে প্ৰত্যাশিত efficiency gains আশা কৰাতকৈ কম হ’লেও কিন্তু এআই বিনিয়োগকাৰীসকলে বিপুল লাভ পকেটস্থ কৰিব পাৰে! কেইবছৰমানৰ পাছত এআইৰ প্ৰয়োগ কৰ্মপ্ৰক্ৰিয়াবিলাকৰ ভিতৰত ইমানেই গভীৰভাৱে সোমাই পৰিব পাৰে যে এআই-ক কামৰ পৰা বাহিৰ কৰাটো অসম্ভৱ হৈ পৰিব। তেতিয়া গ্ৰাহকসকলেও সহজে এআইৰ চাবক্ৰিপচন এৰিব নোৱাৰিব আৰু অধিক মূল্য ভৰিবলৈ বাধ্য হ’ব। পৃথিৱীখন এআই-ৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিব, আৰু প্ৰযুক্তি কোম্পানীবোৰে মোটা মাল সংগ্ৰহ কৰিব।

এয়া যে বিগ-টেকৰ (Big Tech) দুষ্ট কৌশল, তাক লৈ কোনো সন্দেহ নাই। এআই ব্যৱসায়ত এটাৰ পাছত এটাকৈ নানান বিফলতাৰ উদয় হলেও বিগ-টেকে(Big Tech) এই বদমাছি এৰি নিদিয়ে। পুঁজিবাদৰ ইতিহাস চালে বাৰম্বাৰ দেখা যায় যে সংকটৰ পাছত উদ্যোগসমূহ হঠাতে কিছুমান শক্তিশালী কোম্পানীৰ হাতত কেন্দ্ৰীভূত হৈছে। অৰ্থাৎ উদ্যোগটোৰ অস্থিৰতাৰ পৰাও আগশাৰীৰ প্ৰযুক্তি কোম্পানীবোৰে লাভ আহৰণ কৰিব পাৰে। তদুপৰি আমেৰিকান চৰকাৰৰ ওপৰত চিলিকন ভেলীৰ (Silicon Valley) ধনকুবেৰসকলৰ আজি বিপুল ৰাজনৈতিক প্ৰভাৱ আছে। কাজেই  নিজৰ লক্ষ্য পূৰণৰ বাবে ৰাজনৈতিক সমৰ্থন আদায় কৰিবলৈ তেওঁলোকে প্ৰাণপণে যুঁজিব। প্ৰয়োজন হ’লে তেওঁলোকে প্ৰমেথিয়ান যুক্তিৰ লগতে ভূ-ৰাজনৈতিক যুক্তিও যোগ কৰিব পাৰে: চীনৰ বিৰুদ্ধে এআইৰ দৌৰত জয়ী হোৱাটো দেশখনৰ অস্তিত্ব ৰক্ষাৰ প্ৰশ্ন বুলি তেওঁলোকে দাঙি ধৰিব আৰু নানান লাভজনক সামৰিক চুক্তি তেওঁলোকে হস্তগত কৰিব।

তথাপি, পুঁজিৰ সমস্যা শেষ হৈছে বুলি কব নোৱাৰি। বৰং বাঢ়িছেহে। ২০২২ চনৰ ৩০ নৱেম্বৰত ChatGPT-ক বজাৰত মুকলি কৰি দিয়াৰ পাছতে এআইৰ বিপুল প্ৰয়োগ জনগণৰ মাজত অতি দ্ৰুতগতিত বিয়পি পৰিছিল আৰু সংশ্লিষ্ট এআই-কোম্পানীবোৰৰ মূল্য আকাশলংঘী হৈছিল। কিন্তু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে এতিয়াও আশা কৰা হাৰত এআই-ক গ্ৰহণ কৰা নাই। বিপুল প্ৰচাৰ সত্ত্বেও কৰ্মক্ষেত্ৰত এআইৰ ব্যৱহাৰ উৰ্ধ্বগামী হোৱা নাই; বৰং  ই মন্থৰ হোৱা যেনহে দেখা গৈছে। এতিয়াও কৰ্মশক্তিৰ অতি সৰু এটা অংশইহে এআই-ৰ প্ৰয়োগ কৰে। শেহতীয়া গৱেষণাই এআই ব্যৱহাৰৰ ফলত তাৎক্ষণিক উৎপাদনশীলতা বৃদ্ধি হোৱা নাই বুলিয়েই দেখুৱাইছে। অৰ্থাৎ   কিছু পৰিমাণে এআই-যুক্ত automation বৃদ্ধি পালেও, পূৰ্বানুমান অনুসৰি বিপুল অৰ্থনৈতিক লাভ সৃষ্টি কৰিব পৰা, ৰূপান্তৰ সৃষ্টি কৰিব পৰা দৃশ্য পৰিলক্ষিত হোৱা নাই।

ডাৰন আজেমঅলু, ছাইমন জনছন (Daron Acemoglu, Simon Johnson) আদি সমালোচকে দৰ্শাইছে যে “দক্ষতা বৃদ্ধিৰ দ্বাৰা চালিত পুঁজিবাদী বিকাশ” বুলি কোনো বস্তু নাই। আচলতে প্ৰযুক্তিগত দক্ষতা বৃদ্ধিয়ে সামগ্ৰিক অৰ্থনীতিৰ প্ৰকৃত উৎপাদনশীলতা বৃদ্ধি কৰিব নে নকৰে, সেয়া প্ৰতিষ্ঠানগত(institutional) প্ৰশ্নবিলাকৰ ওপৰত নিৰ্ভৰ কৰে। বজাৰৰ গাঁথনিয়ে বিনিয়োগকাৰীক পৰ্যাপ্ত লাভ আহৰণ কৰিবলৈ নিদিলে শক্তিশালী প্ৰযুক্তিও অলাভজনক হৈ থাকিব পাৰে, আৰু সিবিলাকৰ প্ৰয়োগ মুঠেই নোহোৱাকৈয়ো থাকি যাব পাৰে। লগতেই, প্ৰযুক্তিৰ বিকাশে ব্যাপক চাটাই ঘটালে ই শ্ৰমিকৰ জীৱন অধিক দুৰ্বিষহ কৰি পেলাব পাৰে। এআইৰ প্ৰয়োগৰ ক্ষেত্ৰত আটাইতকৈ তাৎক্ষণিক বিপদটো হৈছে - কৰ্মচাৰীসকলৰ মাজত ভীষণ নিৰুৎসাহৰ সৃষ্টি। তাক একপ্ৰকাৰে মহামাৰী বুলিয়েই কব পৰা যায়। গৱেষণাই দৰ্শাইছে যে এআইৰ ভীষণ প্ৰয়োগে কৰ্মচাৰীজনৰ কৰ্ম প্ৰেৰণা আৰু দক্ষতা দুয়োটা হ্ৰাস কৰিব পাৰে।  একঘেয়ামি, বিৰক্তিকৰ আৰু নিম্ন মানৰ কাম বৃদ্ধি হব পাৰে। আনকি ওলোটাবিধৰ ‘productivity J-curve’ দেখা যাবও পাৰে। অৰ্থাৎ অতি সোনকালেই শ্ৰমৰ গুণগত মানৰ অৱনতিয়ে আৰম্ভণিৰ হ্ৰস্বম্যাদী উৎপাদনশীলতা বৃদ্ধিক ঘেৰি পেলাব পাৰে, তাক অৰ্থহীন কৰি পেলাব পাৰে।

আন এটা সমস্যা হৈছে, এআইৰ ওপৰত বিগ টেকে লগোৱা প্ৰায় ধৰ্মীয় বিশ্বাসসদৃশ বাজিৰ ফলত সৃষ্টি হ’ব পৰা অপচয় (waste)। এআই উদ্যোগটোৰ নেতৃত্ব ব্যক্তিগত কোম্পানীৰ হাতত থকা বাবেই আৰু উন্মাদনাপ্ৰৱণ বজাৰে তেওঁলোকক সহায় কৰাৰ বাবেই এনে বাজি সম্ভৱ হৈছে। এআইৰ ক্ষেত্ৰত আমেৰিকা আৰু চীনৰ দৃষ্টিভংগীৰ পাৰ্থক্যৰ কথাটোও লক্ষণীয়। মাইকেল  ৰবার্টছৰ মতে এআই-ৰ প্ৰশ্নটোৰ ক্ষেত্ৰত পুঁজিবাদী অৰ্থনীতিবোৰত এক গভীৰ সমন্বয়ৰ সমস্যা ( coordination problem) দেখা গৈছে। সিবিবিলাকৰ বিপৰীতে, চীনত এক বৃহৎ পৰিকল্পনা অনুসৰি সমগ্ৰ অৰ্থনীতিখনক আগবঢ়াই নিয়াৰ বাবে এআই-ৰ প্ৰয়োগ কৰাৰ চেষ্টা দেখা গৈছে। সেই অনুসৰি কেতবোৰ প্ৰযুক্তিগত লক্ষ্যও বাচি লোৱা হৈছে।  কিন্তু পশ্চিমীয়া পুঁজিবাদী অৰ্থনীতিবোৰত এআইৰ প্ৰশ্নটোক মাত্ৰ সাতটা বৃহৎ কোম্পানীৰ হাতত এৰি দিয়া হৈছে। এই কোম্পানীবিলাকৰ বাবে লাভেই হৈছে মূল লক্ষ্য,  প্ৰযুক্তিগত বিকাশ নহয়।

অনাগত দিনত এই খণ্ডটোৰ ওপৰত বিত্তীয় চাপ বৃদ্ধি পালে তাৰ বস্তুগত ফলাফল কেনে হব -  সেয়া স্পষ্ট নহয়। আচলতে ডাটা চেণ্টাৰ নিৰ্মাণৰ বাবে ঘৰ নিৰ্মাণ তথা সাধাৰণ আন্তঃগাঁথনিৰ বিকাশ মূল কথা নহয়। ডাটা চেণ্টাৰ নিৰ্মাণৰ বাবে দৰকাৰ হোৱা প্ৰায় তিনি-চতুৰ্থাংশ ধন তথ্য-প্ৰযুক্তিগত  সঁজুলিৰ ক্ৰয়ৰ বাবে, মূলতঃ উন্নতমানৰ Graphics Processing Unit বা GPU চিপ ক্ৰয়ৰ বাবে খৰছ হয়। ডট-কম যুগৰ ফাইবাৰ-অপ্টিক কেব’ল বা ঊনবিংশ শতিকাৰ ৰে’লপথৰ বিপৰীতে, এআই চিপবোৰ ঘনাই সলনি কৰিব লগা হয়, কিয়নো সিহঁতৰ কাৰ্যক্ষমতা দ্ৰুতগতিৰে হ্ৰাস হয়, আৰু উন্নত প্ৰযুক্তিয়ে পুৰণি চিপক অতি সোনকালেই অপ্ৰাসংগিক কৰি তোলে। তত্ত্বগতভাৱে কবলৈ গলে, এআই চলোৱাৰ খৰচ যি হাৰত কমিব, কোম্পানীবোৰে যদি তাতকৈও বেছি হাৰত নতুন ডাটা চেণ্টাৰ আৰু চিপত বিনিয়োগ কমাই দিয়ে, তেন্তে আজিৰ এই এআই প্ৰাচুৰ্য বেছি দিন টিকি নাথাকিব। এআইৰ উত্থানে দীৰ্ঘস্থায়ী উত্তৰাধিকাৰ বুলিবলৈ বিশেষ একো এৰি নেযাব; আনকি সাধাৰণ প্ৰশ্ন একোটাৰ উত্তৰ দিবলৈ উপলব্ধ কম্পিউটিং শক্তিও সংকুচিত হ’ব পাৰে। 

সময়ৰ আগতেই নিজৰ মূল্য হেৰুওৱাৰ (obsolescence) ফলত  নানান বিত্তীয় পৰিণাম সৃষ্টি হব পাৰে। ডাটা চেণ্টাৰৰ ঋণবোৰ হৈছে non-amortizing loans, অৰ্থাৎ নিয়মীয়া পৰিশোধে মূল ঋণৰ পৰিমাণ কমাই নিনিয়ে; বৰং সেয়া  সুদৰ বাবদেই যায়। বহুসময় পাছতহে মূল ঋণৰ পৰিমাণ কমিবলৈ আৰম্ভ কৰে।  অনন্তকালীন এটা সম্পদ বাবে লোৱা এই ঋণৰ স্বৰূপো হৈছে অনন্তকালীন।  বাৰম্বাৰ এনে ঋণ লৈ থাকিব লাগিব। অৰ্থাৎ প্ৰতিটো ঋণৰ ম্যাদ শেষ হোৱাৰ সময়ত - ধৰক ৫ বছৰৰ পাছত -  বাকী থকা বেলেঞ্চখিনিক নতুনকৈ  refinance কৰি লব লাগিব। কিন্তু পাঁচ বছৰৰ পাছতেই যদি চিপবোৰ প্ৰায় মূল্যহীন হৈ পৰে, তেন্তে সিবিলাকৰ বিনিময়ত  নতুন ঋণ দিব কোনে?

ডাটা চেণ্টাৰ চলাবলৈ প্ৰয়োজনীয়  ভূমি, বিজুলী আৰু পানীৰ বৰ্ধিত চাহিদাই সৃষ্টি কৰা পৰিৱেশগত চাপৰ কথা আমি এতিয়াও আলোচনা কৰাই নাই।  এই চাপে সমগ্ৰ এআই পৰিঘটনাটোকে দীৰ্ঘম্যাদীভাৱে অবহনক্ষম কৰি তুলিছে। এনে পৰিস্থিতিত বিগ টেক (Big Tech) বিলাকে কৈ থকা “মহাকাশ জয়”ৰ আখ্যানবিলাকে আচলতে এক বদমাছিমূলক মতাদৰ্শগত কাম কৰি আছে।  সিবিলাকে  “সৰ্বগ্ৰাসী ডিজিটেল ভৱিষ্যত”ৰ কল্পনাটোক বিশ্বাসযোগ্য কৰিব বিচাৰিছে। ‘গুগল’ৰ ‘প্রজেক্ট চানকেটচাৰ’ৰ দাবী মতে, ‘এআই কম্পিউটিং আৰু শক্তিৰ চাহিদা অনাগত দিনত  বৃদ্ধি পাই থাকিব’, আৰু ‘উপযুক্ত কক্ষপথত স্থাপিত একোখন সৌৰ-পেনেলে পৃথিৱীৰ তুলনাত আঠগুণ পৰ্যন্ত অধিক উৎপাদন দিব পাৰিব,  আৰু প্ৰায় অবিৰতভাৱে বিদ্যুৎ উৎপাদন কৰি থাকিব, আৰু ই বেটাৰীৰ প্ৰয়োজনো কমাই পেলাব’।  কাজেই ‘অনাগত দিনত এআই কম্পিউটিঙৰ পৰিসৰ বৃদ্ধি কৰাৰ বাবে মহাকাশেই হয়তো সৰ্বোত্তম স্থান হব।’

পিছে পৃথিৱীলৈ নামি আহি চালে দেখা যায়, সস্তীয়া শক্তি(energy) আৰু দুষ্প্ৰাপ্য খনিজৰ বৰ্ধিত চাহিদাই পুৰণি বিধৰ সাম্ৰাজ্যবাদৰেই যেন ৰূপ লৈছে। আমেৰিকাৰ নতুন নিৰাপত্তা নীতিয়ে স্পষ্টভাৱে কৈছে যে ই এনে এক গোলাৰ্ধ (অৰ্থাৎ লেটিন আমেৰিকা) নিৰ্মাণ কৰিব বিচাৰিছে, যি আমেৰিকাৰ বাবে প্ৰয়োজনীয় “critical supply chains-বিলাক নিৰ্মাণ কৰাত সহায়ক হব”।  ট্ৰাম্প প্ৰশাসনে ভেনেজুৱেলাৰ তেল দখল কৰা আৰু খনিজৰ বাবে গ্ৰীনলেণ্ডৰ ওপৰত তোলা সম্প্ৰসাৰণবাদী দাবীয়ে দৰ্শাইছে যে তেওঁলোক সঁচাকৈয়ে  এই বিষয়ক লৈ চিৰিয়াছ।  এআইৰ সপোনটো যদি এতিয়াৰ দৰেই কুহুমীয়া বিধৰেই হৈ থাকে, অৰ্থাৎ তাৰ ৰূপান্তৰৰ সপোনটো যদি  ব্যৰ্থ হয়, তেনে স্থিতিত সাম্ৰাজ্যবাদী অভিযানবিলাক অধিক তীব্ৰতৰো হৈ পৰিব পাৰে। ডেভিড হাৰ্ভেই  কোৱাৰ দৰে ‘বেদখলীকৰণৰ জৰিয়তে পুঁজি সঞ্চয়’ৰ এটা নতুন যুগৰ আৰম্ভণি ঘটিব, ডিজিটেল দক্ষতা বৃদ্ধিৰ সপোনময় অন্বেষণৰ ঠাই গ্ৰহণ কৰিব ব্যয় কমোৱাৰ এক নতুন হিংস্ৰ প্ৰতিযোগিতাই। 

 

Monday, August 4, 2025

বাস্তৱ-সম্ভৱ সমাজবাদৰ অর্থনীতি (সপ্তম অংশ)

 মূলঃ The Economics of Feasible Socialism by Alec Nove

অনুবাদঃ ময়ূৰ চেতিয়া

শ্রম বিভাজন

মার্ক্সৰ ৰোমান্টিক-য়ুটোপিয়ান চিন্তাধাৰাই ধূসৰ কৰি ৰখা আন এটা বিষয় হৈছে শ্রম-বিভাজন সম্পর্কীয় বিষয়টো  এই যে মার্ক্সবাদীসকলে বাৰম্বাৰ কয় যে সমাজবাদৰ জৰিয়তে শ্রম-বিভাজনৰ অসান ঘটাব লাগিব, এই কথাষাৰৰ আচলতে অর্থ কি?

কলাকস্কিয়ে এইবিষয়ক মার্ক্সৰ দৃষ্টিভংগীৰ এক সাৰাংশ আগবঢ়াইছে - শ্রম বিভাজনৰ ফলত আশ্যকীয়ভাৱেই বাণিজ্য সৃষ্টি হয় - অর্থাৎ মানুহে উৎপাদন কৰা সামগ্রীবোৰ বিমূর্ত শ্রমৰ বাহকলৈ পৰিণত হয়। যেতিয়া সামগ্রীবোৰে পণ্যৰ ৰূপ ধাৰণ কৰে, ই বিচ্ছিন্নতাৰো(alienation) আধাৰ সৃষ্টি কৰে[1] তিনি প্রকাৰৰ “শ্রম বিভাজন” দেখা পোৱা যায়। ইয়াৰে প্রথমবিধ শ্রম বিভাজন সৃষ্টি হয় বিভিন্ন উৎপাদনী ইউনিটৰ মাজত বিশেষীকৰণৰ(specialisation) ফলস্বৰূপে। যেনে ধৰক কিছুমান ফেক্টৰীয়ে মোজা উৎপাদন কৰিছে, কিছুমানে আচাৰ, আন কিছুমানে আকৌ গাড়ীৰ কার্বোৰেটৰ নির্মাণ কৰিছে ইত্যাদি। এই প্রতিটো ফেক্টৰীয়েই আনৰ ব্যহাৰৰ বাবে সামগ্রী উৎপাদন কৰিছে, ইয়াৰ ফলত বিনিময় সৃষ্টি হৈছে, প্রত্যক্ষ ব্যহাৰৰ বিপৰীতে বিক্রয়ৰ বাবে সামগ্রী উৎপাদিত হৈছে, অর্থাৎ পণ্য উৎপাদনৰ সূচনা হৈছে। দ্বিতীয়বিধ শ্রম-বিভাজন সৃষ্টি হয় মানুহৰ মাজত বিভিন্ন পেশা অনুসৰি সৃষ্টি হোৱা বিশেষীকৰণৰ ফলত- কিছুমান মানুহে ইলেকট্রিছিয়ানৰ কাম কৰে, কিছুমানে মহৰীৰ, কিছুমানে একাউনটেন্টৰ, আন কিছুমানে কাঠ-মিস্ত্রীৰ ইত্যাদি। ইবিলাক হৈছে অনুভূমিক(horizontal) শ্রম বিভাজন। তৃতীয়বিধ শ্রম বিভাজন হৈছে উল্লম্ব(vertical) শ্রম বিভাজন। অর্থাৎ এই শ্রম বিভাজনৰ চৰিত্র হয় পদানুক্রমিক- যেনে অফিচাৰ বনাম সাধাৰণ চিপাহী, কমাণ্ডাৰ বনাম সাধাৰণ জোৱান, সংগঠনকর্তা বনাম সংগঠিত জনতা ইত্যাদি। বাহৰো প্রভৃতি কিছু পণ্ডিতে মানসিক আৰু শাৰীৰিক শ্রমৰ মাজত থকা বিভাজনৰ ওপৰত বিশেষ গুৰুত্ব দিছে, কিন্তু মনত ৰখা ভাল যে বেছিভাগ “মানসিক শ্রম”ৰ ক্ষেত্রতে কমাণ্ডসদৃশ গাঁথনি ব্যহাৰ কৰিব পৰা নাযায়। শ্রম বিভাজনৰ এই বিভিন্ন ৰূপবোৰৰ ফালে চালে বুজিব পাৰি যে শ্রমিকসকল বিভিন্ন কাৰণবশতঃ বিচ্ছিন্ন(alienated) হব পাৰে। তেওঁলোকে যিবিলাক সামগ্রী উৎপাদন কৰে সিবিলাক নিজৰ ভোগৰ বাবে কৰা নহয় তথা সিবিলাক ভোগ কৰা লোকসকলৰ সৈতে তেওঁলোকৰ দূৰত্ব বহু অধিক হব পাৰে; শ্রমিকসকলে এনে কেতবোৰ কাম কৰিব লগীয়া হব পাৰে যিবিলাকৰ চৰিত্র পুণৰাবৃত্তিমূলক তথা আমনি লগা বিধৰ হয়; পদানুক্রমত তেওঁলোকৰ অস্থান নিম্ন পর্যায়ৰ হব পাৰে, অর্থাৎ আনৰ আদেশ মানিব লগা হব পাৰে।

সমাজবাদৰ অধীনত সেই শ্রম-বিভাজনৰ অসান ঘটোৱা হব। পিছে কেনেকৈ? মন কৰা ভাল যে মার্ক্সে এখন উচ্চ উৎপাদনশীল ঔদ্যোগিক সমাজৰ কল্পনা কৰিছিল; আত্মনির্ভৰশীল কোনো ক্ষুদ্র গ্রাম্য সম্প্রদায়ৰ সাধাৰণ জীনলৈ ঘূৰি যোৱাটো তেওঁৰ সমাজবাদৰ লক্ষ্য নাছিল। এতিয়া প্রশ্ন হৈছে যে যিহেতু আমি ইতিমধ্যেই আলোচনা কৰা প্রথম দুই বিধৰ শ্রম বিভাজন যিকোনো ঔদ্যোগিক সমাজতে দেখা পোৱা যাব তথা পণ্য উৎপাদন আৰু বিচ্ছিন্নতাও সৃষ্টি হব, তেনেস্থলত শ্রম বিভাজন সমূলি নাশ কৰা দাবীটোৰ কিবা কার্যকৰী অর্থ আছেনে? এইটোও মন কৰক যে উৎপাদনৰ বিভিন্ন ইউনিটবোৰৰ মাজত সমন্বয় সৃষ্টি কৰাৰ প্রয়োজনার্থে কেতবোৰ নির্দেশ জাৰি কৰা বিভাগ তথা পদবীও দৰকাৰী হৈ পৰিব, অর্থাৎ সমাজখনত উল্লম্ব(vertical) শ্রম বিভাজনো দেখা পোৱা যাব। অর্থাৎ এই তিনিওপ্রকাৰৰ শ্রম-বিভাজনৰ ভিতৰত এটাৰো অসান সমাজবাদৰ অধীনত সম্ভপৰ নহয়।

বিভিন্ন উৎপাদনী কার্যকলাপৰ মাজত বিকশিত হোৱা বিশেষীকৰণৰ পৰা ৰক্ষা পোৱাৰ কিবা উপায় আছেনে? এনে বিশেষীকৰণ আঁতৰাই তাৰ ঠাইত কি বিকল্প স্থাপন কৰা হব? এই প্রসংগত ব্যক্তিগত সম্পত্তিৰ অসান ঘটালেও ইয়াৰ জৰিয়তে শ্রম বিভাজনৰ বিলুপ্তিকৰণ সম্ভপৰ হবনে? কেল এইবুলি কলেই যথেষ্ঠ হবনে - যে সমাজবাদৰ অধীনত সকলো উৎপাদনকেই এটা বৃহৎ ফেক্টৰীসদৃশ কৰি পেলোৱা হব আৰু বিভিন্ন মানুহক বিভিন্ন ধৰণৰ দায়িত্ব প্রদানৰ জৰিয়তে বিশেষীকৰণৰ সমস্যাটো আঁতৰাই পেলোৱা হব?

অনুভূমিক দিশটো সম্পর্কে প্রথমে আলোচনা কৰা যাওঁক। এই প্রসংগত মার্ক্সৰ এটা বেছ বিখ্যাত উক্তি আছেঃ “কমিউনিজমৰ অধীনত ব্যক্তিয়ে ৰাতিপুৱা চিকাৰ কৰিব পাৰিব, আবেলি মাছ ধৰিব পাৰিব, গধুলি জন্তু পালন কৰিব আৰু ডিনাৰত সাহিত্য সমালোচক হব পাৰিব। পিছে এই কামকেইটা কৰিবলৈ ব্যক্তিজন চিকাৰী, মাছুৱৈ, জন্তু-পালক বা সাহিত্য সমালোচকলৈ পৰিণত হোৱাৰ প্রয়োজন নাই”[2] মার্ক্সৰ এই উদাহৰণটো মুঠেও সঠিক নহয়। এই আটাইবোৰ কামেই ব্যক্তিয়ে অকলেই কৰিব পাৰে আৰু ইয়াৰে কিছুমানক হবি বুলিও কব পৰা যায়। পিছে বেছিভাগ শ্রমৰে চৰিত্র হৈছে সামাজিক - অর্থাৎ সিবিলাক সম্পন্ন কৰিবলৈ কেইবাজনো ব্যক্তিৰ সহযোগিতাৰ প্রয়োজন হয় আৰু ইয়াৰে কোনোবা এজনে নিজৰ ভাগৰ কামখিনি কৰিব নোৱাৰিলে সমগ্র শ্রম প্রক্রিয়াটোৱেই স্তব্ধ হৈ পৰেঅর্থাৎ সকলো শ্রমকে চখতে পুখুৰীত বৰশী বাবলৈ যোৱাৰ সৈতে তুলনা কৰিব নোৱাৰি। জটিল শ্রমবিলাকৰ উদাহৰণৰ জৰিয়তে মার্ক্সৰ উক্তিখিনি যদি পুণৰ লিখা হয়, সেয়া কেনেধৰণৰ হব? “কমিউনিজমৰ অধীনত ব্যক্তিয়ে ৰাতিপুৱা এৰোপ্লেনৰ ইঞ্জিন মেৰামতি কৰিব পাৰিব, আবেলি দন্ত চিকিৎসা কৰিব পাৰিব, গধুলি ট্রাক চলাব পাৰিব আৰু ডিনাৰৰ সময়ত কোনো ৰেস্তোঁৰাত ৰান্ধনীৰ কাম কৰিব পাৰিব। পিছে এই কামকেইটা কৰিবলৈ ব্যক্তিজন ইঞ্জিনিয়াৰ, ডাক্টৰ, ট্রাক চালক বা ৰান্ধনীলৈ পৰিণত হোৱাৰ প্রয়োজন নাই”। কেনে লাগিছে কথাখিনি? ননছেঞ্চ যেন লগা নাইনে? এই সমস্যাটোৰ আংশিক সমাধান হিচাপে বাহৰোৱে লিখিছে যে প্রতিজন ব্যক্তিকে ২২ বছৰ বয়স পর্যন্ত উচ্চ শিক্ষা প্রদান কৰা হব আৰু আটায়ে গণিতশাস্ত্র, ছাইবাৰনেটিক্স, দর্শন আৰু কলাৰ শিক্ষা লাভ কৰিব। পিছে এয়া সম্ভপৰ হলেও সমস্যাটোৰ সামগ্রিক সমাধান পোৱা নাযায়। উচ্চ শিক্ষাৰ জৰিয়তে প্রতিজন ব্যক্তিয়েই স্থাপত্যবিদ, সাহিত্যৰ শিক্ষক, এয়াৰ লাইনৰ পাইলট তথা ট্রাক চালকে সমুখীন হোৱা সমস্যাবিলাকৰ কিছু সম্যক জ্ঞান লাভ কৰিব পাৰে, কিন্তু সেইবুলি এই আটাইখিনি কাম কৰিব পৰাকৈ প্রতিজন ব্যক্তি যোগ্য হৈ উঠিব বুলি দাবী কৰিব নোৱাৰি!

ধ্রুপদী সংগীত বিশাৰদ ব্যক্তি একোজনে হয়তো প্রাকৃতিক দৃশ্য সুন্দৰকৈ অংকণ কৰিব নোৱাৰিব পাৰে, হার্প বজাবলৈ অসুবিধা পাব পাৰে, অর্কেষ্ট্রা পৰিচালনা কৰিবলৈ অক্ষম হব পাৰে লগতে নিশ্চয়কৈ এই কথা কব পাৰি যে কাপোৰ চিলোৱা, ঔষধ সম্পর্কে গৱেষণা কৰা, ক্রিকেট খেলৰ সাংবাদিকতা কৰা, কচাইৰ কাম কৰা ইত্যাদি শ্রমৰ প্রতি তেওঁৰ কোনো ধাউতি বা প্রতিভা থকাৰ সম্ভানা কম

তেনেস্থলত শ্রম-বিভাজনৰ অসান ঘটোৱাৰ দাবীবিলাক কৰি থকাৰ অর্থ কি? এই বিষয়ে কোনো সন্দেহ নাই যে আজিৰ দিনত কামৰ যিধৰণৰ সংকীর্ণ বিশেষীকৰণ দেখা পোৱা যায়, সেয়া নিশ্চয় সলনি হব লাগে তথা সকলো মানুহেই যথোচিত শিক্ষা লাভ কৰিব লাগে যাতে তেওঁলোকে ইচ্ছা কৰিলে নিজৰ পেছা সলনি কৰি লব পাৰে।  অর্থাৎ কোনোবা সাহিত্যৰ শিক্ষকে যদি ৰাজমিস্ত্রী বা ট্রেইন চালক হব খোজে, তাৰ সুবিধা (যেনে নতুনকৈ ট্রেইনিং লাভ কৰাৰ সুবিধা) নিশ্চয়কৈ থকা উচিত। অশ্যে এইখিনিতে সমাজখনৰ প্রয়োজনীয়তাবিলাকৰ দিশটোও মনত ৰাখিব লাগিব (অর্থনীতিখনত ট্রেইন চালকৰ বা ৰাজমিস্ত্রীৰ নতুন চাহিদা থাকিব লাগিব)। এইটোও মন কৰা ভাল যে ইচ্ছা থাকিলেও কিছুমান বিশেষ ধৰণৰ কাম কৰাৰ ক্ষমতা বহুতৰে নাথাকিবও পাৰে (যেনে মহাকাশচাৰীৰ কাম)। পিছে মার্ক্সৰ সমস্যাটো হৈছে যে তেওঁ এইবুলি কোৱা নাই যে মানুহে ইচ্ছা কৰিলে নিজৰ পেছা সলনি কৰাৰ সুযোগ-সুবিধা লাভ কৰা উচিত; বৰং তেওঁ এইবুলিহে কৈছে যে সকলো ধৰণৰেই শ্রম-বিশেষীকৰণৰ অসান ঘটিব!

উল্লম্ব শ্রম বিভাজনৰ প্রশ্নটো আৰু অধিক জটিলকিছুসংখ্যক মার্ক্সবাদীয়ে বাহৰোৰ সমালোচনা কৰি কৈছে যে তেওঁৰ মডেলটোৰ অধীনত শ্রমিক শ্রেণীৰ সুকীয়া পৰিচয়েই নাথাকিব। এইজাতীয় সমালোচনাবিলাক ন্যায্য নহয়। বাহৰোৱে মাত্র শ্রম-বিভাজনৰ সামগ্রিক নির্মূলকৰণৰ কেনে ফলাফল সৃষ্টি হব, সেইটো আমাক সোঁৰাই দিছে। সকলো চাকৰিয়েই যদি ইটো-সিটোৰ সদৃশ ধৰণৰ হৈ পৰে, যদি মানুহে ইচ্ছা কৰিলেই তৎক্ষণাৎ ইটো চাকৰিৰ পৰা সিটোলৈ বগাই ফুৰিব পাৰে, যদি মানসিক আৰু শাৰীৰিক সকলো শ্রমৰ মাজৰ বিভাজন নাইকিয়া হৈ পৰে, তেনেস্থলত স্বাভাৱিকতে শ্রমিক শ্রেণী বোলা কোনো সুকীয়া শ্রেণী দেখা নাযাব আৰু আটায়ে “শ্রমিক-বুদ্ধিজীৱী”লৈ পৰিণত হ’ব। শ্রম-বিশেষীকৰণ সম্পর্কে আমি ইতিমধ্যেই দাঙি ধৰা যুক্তিখিনি বাহৰোৰ মডেলটোৰ ক্ষেত্রতো খাটিব ইবিলাকৰ লগতে আন আন কেতবোৰ প্রসংগও আছে। যেনে সক্ষমতা, ৰাপ ইত্যাদি। একোজন দক্ষ হস্তশিল্পীয়ে তেওঁৰ শিল্পকর্মৰ বাবে নিশ্চয়কৈ স্বীকৃতি তথা সন্মান লাভ কৰা উচিত। এই শিল্পীজনে দর্শন অধ্যয়ন কৰিবলৈ নিবিচাৰিবও পাৰে বা কোনো প্রশাসনিক বা “বৌদ্ধিক” বৃত্তিত লিপ্ত হ’বলৈ নিবিচাৰিবও পাৰে। তাতোকৈয়ো গুৰুত্বপূর্ণভাৱে, মূল প্রশ্নটো হৈছে যে নিয়ন্ত্রণ, নির্দেশ তথা সমন্বয়ৰ বাবে প্রয়োজনীয় পদানুক্রমিক আমোলাতান্ত্রিক গাঁথনিৰ সলনি বিকল্প হিচাপে ঠিক কি বস্তু খাৰা কৰোৱা হব? কেনেকৈ এনে পদানুক্রমিক শ্রম-বিভাজনৰ অসান ঘটোৱাটো সম্ভপৰ হ’ব? যিহেতু বস্তুগত কাৰণতেই “অফিচাৰ শ্রেণী” একোটাৰ জন্ম হয়, তেনেস্থলত নতুন অফিচাৰ শ্রেণীৰ উদয় কেনেকৈ ৰূদ্ধ কৰা হব? কেল গণতান্ত্রিক নির্বাচন, ৰটেছন তথা প্রতিনিধি চয়নৰ যোগেদিয়েই এই প্রশ্নটোৰ উত্তৰ উলিওৱাটো সম্ভপৰ হবনে? পদানুক্রমিক শ্রম-বিভাজনৰ অবিহনে, মেনেজমেণ্টক কেনেকৈ কামৰ ফলাফলৰ বাবে দায়দ্ধ কৰা হব আৰু কাৰ প্রতি দায়দ্ধ কৰা হব? উদাহৰণ হিচাপে, ৰেলৱেৰ মেনেজমেণ্ট ৰেলৱেৰ কর্মচাৰীসকলৰ প্রতি দায়দ্ধ হব, নে পেছেঞ্জাৰসকলৰ প্রতি দায়দ্ধ হব?

মার্ক্স তথা তেওঁৰ অনুগামীসকলৰ কিছুমান লেখনীৰ উদ্ধৃতি নিশ্চয়কৈ দিবই পৰা যায় য’ত তেওঁলোকে কর্তৃপক্ষৰ প্রয়োজনীয়তাৰ কথা স্বীকাৰ কৰিছে - “যিবিলাক শ্রমৰ ক্ষেত্রত বহুতো লোকৰ সহযোগিতাৰ প্রয়োজন হয়, তাত সমন্বয় আৰু ঐক্য স্থাপন কৰাৰ বাবে এক কামাণ্ডিং ইচ্ছাশক্তিৰো প্রয়োজন হয়”(মার্ক্স, ডাছ কেপিটেল, তৃতীয় খণ্ড)এনে এক একমুষ্ট ইচ্ছাশক্তিৰ প্রয়োজন হব, যি  সকলো মেহনতী জনগণকে ঘড়ীৰ কাটাসদৃশ নির্ভুল পদ্ধতিৰে একত্রিত কৰিব” (লেনিন) সমন্বয় আৰু নির্দেশৰ পালন সুনিশ্চিত কৰা হব দিক-নির্দেশকাৰী কর্তৃপক্ষৰ দ্বাৰা” (ইছাক ৰুবিন) “বৃহৎ আকাৰৰ উদ্যোগবিলাকত কর্তৃপক্ষৰ ভূমিকা সমূলি নাশ কৰিবলৈ চেষ্টা কৰাৰ অর্থ হৈছে স্বয়ং বৃহৎ আকাৰৰ উদ্যোগকেই নষ্ট কৰিবলৈ চেষ্টা কৰা” (এংগেলছ)।

এই সমাজবাদী ব্যস্থাটোৰ কেন্দ্রীভূত চৰিত্রটো অটুট থকা পর্যন্ত প্লেনাৰ-প্রশাসকসকলৰ ভূমিকা নাইকীয়া কৰিব পৰা যাবনে? এই কেন্দ্রীভূত ব্যস্থাটোত প্লেনাৰ-প্রশাসকসকলৰ ভূমিকা কেল টেকনিকেল পৰামর্শদাতালৈ সংকোচিত কৰিব পৰা যাবনে? আৰু এই “কমাণ্ডিং ইচ্ছাশক্তি” বস্তুটো কি? কোনে এই ব্যস্থাটোত নির্দেশ প্রদান কৰিব?

অতি-উৎসাহৰ ফলত বিশ্লেষণ শক্তি কেনেকৈ লোপ পায়, তাৰ এক উদাহৰণ চীনৰ সাংস্কৃতিক বিপ্ল সম্পর্কে কৱার্ড তথা ইলিছে লিখা নিম্নোক্ত কথাখিনিৰ মাজত পোৱা যায়- “মতাদর্শৰ স্তৰত চীনত আন এক বিপ্ল সংঘটিত হব ধৰিছে। প্রতিনিধিত্ব, মেনেজমেণ্ট, নির্বাচিত প্রতিনিধিৰ হাতলৈ ক্ষমতা হস্তান্তৰ আদি বুর্জোৱা ধাৰণাবোৰৰ স্থান এতিয়া সমূহীয়া সিদ্ধান্ত গ্রহণ প্রক্রিয়া তথা জনগণৰ সক্রিয় চিন্তন মননে লব ধৰিছে”[3]

এইবিলাক আচলতে অবাস্তৱিক ৰোমান্টিক দাবীৰ বাহিৰে আন একো নহয়। এনে একো পৰিঘটনা চীনত ঘটা নাই। চীন কিয়, পৃথিৱীৰ কোনো ঠাইতে এনে পৰিঘটনা সম্ভপৰ নহয়। কোনো প্রতিনিধিত্ব ব্যস্থা নাথাকিব? সকলোৱে প্রত্যক্ষভাৱে অংশগ্রহণ কৰিব? কোনো মেনেজমেন্ট নাথাকিব? দায়িত্বভাৰ কান্ধ পাতি লোৱা কোনো সুনির্দিষ্ট দায়দ্ধ ব্যক্তি নাথাকিব? বৃহৎ উদ্যোগতো বাদেই, শিশুৰ বিদ্যালয় এখনো এইজাতীয় নীতিৰ জৰিয়তে চলোৱাটো সম্ভপৰ নহয়! এনেধৰণৰ যথেচ্ছাচাৰৰ বাবে মার্ক্সক নিশ্চয়কৈ জগৰীয়া কৰিব নোৱাৰি তথাপিও এই কথা অস্বীকাৰ কৰা নাযায় যে মার্ক্সে বহুতো প্রসংগত জনগণৰ দ্বাৰা প্রত্যক্ষ নিয়ন্ত্রণৰ কথা লিখিছে, যেন কোনো অনুষ্ঠান বা পদ্ধতিৰ মধ্যস্থতাৰ অবিহনেই  জনগণে উৎপাদনৰ ক্ষেত্রখন নিয়ন্ত্রণ কৰিবলৈ সক্ষম হব। মোৰ এজন সহকর্মীৰ মতে এয়া হৈছে “বিশুদ্ধ কেন্দ্রীকৰণৰ মডেল, য’ত গণ সহযোগিতাও দেখা যাব”। নকলেও চলে যে এই মডেলটো পদানুক্রমিকেই হব লাগিব।

আধুনিক উৎপাদন হৈছে অতিশয় জটিল তথা আন্তঃসম্পর্কযুক্তআচলতে আন্তঃসম্পর্কযুক্ত নহলে আধুনিক উৎপাদন প্রক্রিয়াটো বাচি থকাই টান হব। বিভিন্ন শাখাৰ মাজত সমন্বয় তথা একতা স্থাপন - এইটো বৰ জটিল তথা দায়িত্বগধুৰ কাম। ৰটেছনৰ জৰিয়তে যিকোনো মানুহেই অন্যান্য কামৰ মাজতে (যেনে ৰাতিপুৱা ট্রাক চলোৱা আৰু গধুলি দন্ত চিকিৎসা কৰাৰ মাজতে) সমন্বয় স্থাপনৰো দায়িত্ব লব পাৰিব বুলি ধৰি লোৱা অনুচিত। প্লেনাৰসকলে তেওঁলোকৰ দায়িত্বখিনি ভালকৈ পালন কৰিবলৈ হলে প্রথমে তাৰ বাবে  প্রশিক্ষণ লব লাগিব (যেনেকৈ কোনো উৎপাদন ইউনিটৰ মেনেজাৰ বা গাড়ীৰ মেকানিকেও কামত যোগদান কৰাৰ আগেয়ে প্রশিক্ষণ লাভ কৰে) প্রশিক্ষণ নোহোৱাকৈ হঠাতে যিকোনো মানুহেই যিকোনো কামেই কৰিব পাৰিব বুলি ভবাটো যুক্তিসঙ্গত নহয়। কেতবোৰ কাম নিশ্চয়কৈ প্রশিক্ষণহীন সাধাৰণ লোকেও কৰিব পাৰে। কিন্তু সকলোৱেই নিজৰ কামবিলাকৰ বাবে দায়দ্ধ হবই লাগিব। দায়দ্ধ হোৱাৰ অর্থই হৈছে কর্তৃত্ব লাভ কৰা কোনো কামৰ বাবে, যাৰ ওপৰত আপোনাৰ কোনো নিয়ন্ত্রণেই (অর্থাৎ কর্তৃত্বই) নাই, তাৰ বাবে আপোনাক দায়দ্ধ কৰাৰ কোনো অর্থ আছেনে? এইবুলি কবই পাৰি যে কর্তৃত্বৰ প্রয়োগ শেহতহে কৰা উচিত, যেতিয়া বুজনি আৰু পৰামর্শৰ প্রচেষ্টা বিফল হয়। কিন্তু তথাপিও এই কথা অস্বীকাৰ কৰিব নোৱাৰি যে সর্বশেষত জাহাজখন ঠিক মতে চলি আছেনে নাই, তাৰ বাবে কেপ্টেইনজনেই দায়দ্ধ হব আৰু সেয়েহে তেওঁৰ কথাই শেহত সকলোৱে মানিবলৈ বাধ্য। ঠিক তেনেদৰেই, সম্পাদকৰ সিদ্ধান্তই শেষ সিদ্ধান্ত হব, ঘৰ নির্মাণ কৰোঁতে স্থাপত্যবিদৰ সিদ্ধান্তই শেষ সিদ্ধান্ত হব ইত্যাদি।

আমি ইতিমধ্যেই ছোভিয়েট ইন্ধন খণ্ডৰ সাংগঠনিক ৰূপ সম্পর্কে আলোচনা কৰিছোঁ। সদ্যহতে এটা এয়াৰপর্টৰ উদাহৰণ লোৱা যাওঁক, য’ত উল্লম্ব আৰু অনুভূমিক- দুয়োধৰণৰ শ্রম বিভাজন দেখা যায়। এয়াৰপর্টটো ঠিকমতে চলিবলৈ হলে নিম্নোক্ত কামবোৰ নিয়মীয়াকৈ চলি থাকিব লাগিবঃ

১) এৰোপ্লেন চলোৱা

২) এয়াৰ ট্রেফিক কন্ট্রোল

৩)প্লেনত ইন্ধন ভৰোৱা

৪) ইন্ধনৰ যোগান তথা সঠিক স্থানত ইন্ধন জমা কৰি ৰখা

৫) এৰোপ্লেনবিলাকৰ মেৰামতি আৰু মেইনটিনেঞ্চ

৬) যাত্রীৰ লাগেজ ইত্যাদিৰ বাবে সুকীয়া ব্যস্থা কৰা

৭) ছীট ৰিজার্ভেশ্বন ব্যস্থা

৮) পেছেঞ্জাৰৰ বাবে প্লেনৰ ভিতৰত তথা এয়াৰপর্টত খাদ্য-যোগান (কেটাৰিং)

৯) নিয়মীয়া টাইম-টেবুলৰ ব্যস্থা কৰা তথা বিভিন্ন এয়াৰলাইন আৰু সিবিলাকৰ কর্মচাৰীসকলৰ বাবে প্রশাসনিক ব্যস্থা।

১০) এয়াৰপর্টটোৰ সামগ্রিক প্রশাসন; মেৰামতি, ৰানৱেৰ নিয়মীয়া পৰীক্ষণ, বিভিন্ন বিল্ডিং তথা স্থানৰ মেৰামতি

১১) এয়াৰপর্টৰ কর্মচাৰীসকলৰ মকৰল তথা তেওঁলোকক বিভিন্ন ধৰণৰ সা-সুবিধা যোগান ধৰা

এই প্রতিবিধ কামৰ বাবে নির্দিষ্ট বিষয়া কিছুমানে দায়িত্বভাৰ লব লাগিব, আৰু তেওঁলোকেই যিকোনো ধৰণৰ বিজুতি বাবেও জগৰীয়া হব। পিছে এই বিষয়াসকল কাৰ  ওচৰত দায়দ্ধ (responsible) হব? মেৰামতিৰ দায়িত্বত থকা বিষয়াজন মেকানিকসকলৰ প্রতি তথা লডিঙৰ দায়িত্বত থকা বিষয়াজন ল’ডাৰসকলৰ প্রতি  দায়দ্ধ হব? নে তেওঁলোক সমস্ত এয়াৰপর্টটোৰ দায়িত্বত থকা বিষয়াজনৰ প্রতি দায়দ্ধ হব? নে সমস্ত পেছেঞ্জাৰ জনতাৰ প্রতিয়েই তেওঁলোক দায়দ্ধ হব? এয়াৰপর্টত চলি থকা বিভিন্ন কার্যকলাপবোৰৰ মাজত সমন্বয় কোনে স্থাপন কৰিব, কোনে সুনিশ্চিত কৰিব যে য’ত যেনেকৈ প্রয়োজন, তেনেকৈ কর্মী তথা সামগ্রীৰ যোগান ধৰা হৈছে? মেৰামতিৰ সামগ্রী, এৰোপ্লেনৰ বাবে ইন্ধন, এয়াৰপর্টৰ ৰেস্তোঁৰাবিলাকত খাদ্য-সামগ্রীৰ সঠিক সময়ত সঠিক পৰিমাণে যোগান কোনে সুনিশ্চিত কৰিব? এই সামগ্রীবিলাকৰ যোগান কোনে ধৰিব? কোনবিলাক ছাপ্লায়াৰে কোনখিনি সামগ্রীৰ যোগান ধৰিব আৰু কিবা সমস্যাৰ সৃষ্টি হলে বিকল্প ছাপ্লায়াৰ কোনে বিচাৰি উলিয়াব?

এই উদাহৰণটোৰ পৰা স্পষ্ট হৈ পৰে যে কিছুমান প্রসংগত কর্তৃত্ব তথা দায়িত্বভাৰৰ প্রশ্নটো শাৰিৰীক বনাম মানসিক শ্রমৰ বিভাজনৰ প্রশ্নটোতকৈয়ো অধিক গুৰুত্বপূর্ণ হৈ পৰে। এনে বহুতো মানসিক শ্রম আছে, যিবিলাকৰ বাবে বিশেষ কোনো কর্তৃত্বৰ প্রয়োজন নহয় - যেনে ধৰক ফার্মাছিষ্ট বা ৰেডিঅৰ ঘোষকৰ কাম। উদ্যোগবিলাকৰ যেতিয়া প্রযুক্তিগত সালসলনি হয়, তেতিয়া প্রায়ে “নীলা” আৰু “বগা” শ্রেণীৰ কর্মীসকলৰ মাজত কিছুমান সমাপতন ঘটা দেখা যায়। একোজন দক্ষ শ্রমিক বা একোজন লেবৰেটৰী এছিষ্টেণ্টৰ ভালেখিনি মূল্যবান তথা উচ্চমানৰ জ্ঞান থকা দেখা যায় কর্তৃত্বৰ সৈতে জড়িত আন এটা দিশ হৈছে আধিপত্য আৰু অধীনতাৰ দিশ আৰু এইটো নিশ্চয়কৈ এক গুৰুত্বপূর্ণ প্রশ্ন কর্তৃত্বৰ অপপ্রয়োগ নিশ্চয়কৈ কৰিব পাৰি তথা কৰা হয়। পিছে সেইবুলি পৰম্পৰাগত মার্ক্সবাদীসকলৰ দৰে এইবুলি দাবী কৰিব নোৱাৰি যে “প্রকৃত সমাজবাদ”ত কোনো কর্তৃপক্ষ তথা কর্তৃত্বই নাথাকিব। ঠিক তেনেদৰেই, এইবুলিও কব নোৱাৰি যে সমাজবাদী (বা শ্রমিক-শ্রেণীৰ) চৰকাৰবিলাকৰ ক্ষমতাৰ ওপৰত কোনোধৰণৰ বাধা-নিষেধ নাথাকিব। সমাজবাদৰ অধীনতো যে ক্ষমতাৰ অপপ্রয়োগ হব পাৰে, সেয়া মার্ক্স-লেনিনে নিশ্চয়কৈ বুজি পাইছিল। সেয়েহে মার্ক্সে জনগণৰ দ্বাৰা অযোগ্য জনপ্রতিনিধিৰ অপসাৰণৰ কথা লিখি গৈছে আৰু লেনিনেও পার্টি সদস্যসকলে নিজা স্বার্থ বিকশিত কৰাৰ বিপদ সম্পর্কে লিখি গৈছে। কিন্তু তথাপিও মার্ক্স-লেনিনে সমস্যাটো খুব ডাঙৰ হব বুলি নিশ্চয়কৈ ভবা নাছিল আৰু ক্ষমতাৰ অপপ্রয়োগৰ পৰা ৰক্ষা পাবলৈ ৰক্ষা-কচমূলক ব্যস্থা নির্মাণৰ প্রয়োজনীয়তাৰ কথাটোও আওকাণ কৰিছিল। বজাৰবিহীন কেন্দ্রীয় পৰিকল্পনাই কেনে বিশাল পদানুক্রমিক-আমোলাতান্ত্রিক ব্যস্থা একোটা নির্মাণ কৰিব, সেয়া মার্ক্স-লেনিনে ভালকৈ অনুধান কৰিব পৰা নাছিল বুলিয়েই কব লাগিব। তেওঁলোকে বুজিব পৰা নাছিল যে তেওঁলোকৰ সমাজবাদী কার্যসূচী গ্রহণ কৰিলে ৰাজ্যৰ সামাজিক আৰু আর্থিক ভূমিকা ভীষণভাৱে বৃদ্ধি হব, স্বাধীন উৎপাদক আৰু বিতৰকসকলৰ ভূমিকাৰ অন্ত পৰিব তথা সমাজখনৰ পৰিচালনাৰ ক্ষেত্রত কেন্দ্রীয় সংস্থাবিলাকৰ ওপৰত নির্ভৰশীলতা অত্যাধিক বৃদ্ধি হব।

পাঠকে মন কৰিব যে মই কোনো অনিবার্য ছুপাৰ-পদানুক্রমিক-আমোলাতান্ত্রিক ব্যস্থাৰ পোষকতা কৰা নাই, য’ত গণতন্ত্রৰ কোনো ভূমিকা নাথাকিব। বৰং মই এইটোহে দর্শাব খুজিছোঁ যে (১) উৎপাদন আয়োজন কৰিবৰ বাবে কিছু পৰিমাণে হলেও পদানুক্রম প্রয়োজনীয় হবই তথা যিমানেই উৎপাদক তথা বজাৰৰ ভূমিকা কম হব, ঠিক সিমানেই আমোলাতন্ত্র আৰু পদানুক্রমৰ ভূমিকাও বৃদ্ধি হব (২) আর্থিক সিদ্ধান্ত-গ্রহণ প্রক্রিয়াত গণতান্ত্রিক পদ্ধতি অলম্বন কৰোঁতে এনে পদ্ধতিৰ সীমাদ্ধতা তথা ভূমিকাৰ প্রতি মন দিব লাগিব। চব বস্তুতে গণতান্ত্রিক পদ্ধতি অলম্বন কৰিব নোৱাৰি এইবিষয়ে পাছলৈ আৰু বিতংকৈ আমি আলোচনা কৰিম। সদ্যহতে এইবুলি কলেই যথেষ্ঠ হব যে নির্বাচিত প্রতিনিধিৰ সংসদে অর্থনীতি সম্পর্কীয় আলোচনাবিলাকত সকলোবিলাক দিশ সম্পর্কে বিতংকৈ আলোচনা কৰা (তথা সিদ্ধান্ত লোৱা) সম্ভপৰ নহয়। ইয়াৰ বিপৰীতে, অর্থনীতিখনৰ অগ্রাধিকাৰবিলাক মোটামুটি কেনেধৰণৰ হোৱা উচিত তথা কেনেধৰণৰ নিয়মৰ অধীনত প্লেনাৰ, মেনেজাৰ, শ্রমিক তথা বিশেষজ্ঞসকলে কাম কৰিব তথা আন্তঃসম্বন্ধ স্থাপন কৰিব- এই বিষয়বিলাকহে সংসদে আলোচনা কৰাটো সম্ভপৰ হবইবিলাকৰ বিপৰীতে, microeconomic স্তৰত বিতং আলোচনা সংসদৰ জৰিয়তে কৰিব পৰা নাযাব (অশ্যে কেতবোৰ বিশেষ ক্ষেত্রত গভীৰ বিসংগতি দেখা পালে সিবিলাক সম্পর্কে নিশ্চয়েই সংসদত আলোচনা কৰা হব)। কেন্দ্রীয় স্তৰটোৰ তলত, আঞ্চলিক তথা স্থানীয় পর্যায়ৰ কর্তৃপক্ষৰ ক্ষমতা অতিশয় সীমিত হব আচলতে বজাৰবিহীন কমাণ্ড অর্থনীতিখনত বিশেষ/আংশিক/স্থানীয় স্বার্থৰ বিপৰীতে সাধাৰণ স্বার্থক অগ্রাধিকাৰ দিবলৈ হলে ইয়াৰ বাহিৰে আন উপায় নাই। বাহৰোৱে ঠিকেই লিখিছে যে “স্থানীয় আৰু বিশেষ ধৰণৰ স্বার্থবিলাকৰ ওপৰত কেনেকৈ নাকী লগাব পৰা যায় - সেইটোৱেই আটাইতকৈ কঠিন প্রশ্ন[4]” স্থানীয় প্রতিনিধি তথা ভোটদাতাসকলে স্বাভাৱিকতে স্থানীয় প্রয়োজনবিলাককে অগ্রাধিকাৰ দিব, কিয়নো তেওঁলোকে স্থানীয় প্রয়োজনবিলাকহে ভালকৈ অনুধান কৰিবলৈ সক্ষম হব (স্থানীয় পর্যায়ত দেশৰ অর্থনীতিৰ বৃহত্তৰ সমস্যাবিলাক কেনেকৈ চকুৰ পৰা লুকাই থাকে, এই বিষয়ে আমি ইতিমধ্যেই আলোচনা কৰিছোঁ)। উৎপাদনী ইউনিটৰ ভিতৰছোৱাতো মেনেজাৰ আৰু শ্রমিকসকলৰ আন্তঃসম্বন্ধৰ প্রশ্নটোৱে নানান জটিলতাৰ সৃষ্টি কৰে, যাৰ বাবে এক দীঘলীয়া আলোচনাৰ দৰকাৰ হব। য়ুগোশ্লাভিয়াৰ অভিজ্ঞতাৰ জৰিয়তে এনে কিছুমান প্রশ্ন সম্পর্কে আমি আলোচনা কৰিম। যথা- নির্বাচনৰ জৰিয়তে ফেক্টৰীৰ মেনেজাৰসকলক চয়ন কৰাটো যুগুত হবনে? এই চয়নৰ ক্ষেত্রত কিমান দূৰৈলৈ ৰটেচনৰ প্রক্রিয়াটো প্রয়োগ কৰাটো সম্ভপৰ হব- বিশেষকৈ যদি মেনেজাৰৰ পদবীৰ বাবে বিশেষ ধৰণৰ জ্ঞান, প্রশিক্ষণ তথা অভিক্ষমতাৰ(aptitude) প্রয়োজন হয়? এই মেনেজাৰজন কাৰ প্রতি দায়দ্ধ হব? শ্রমিকসকলৰ প্রতি? গ্রাহকসকলৰ প্রতি? সমগ্র সমাজখনৰ প্রতি? মেনেজমেণ্ট আৰু শ্রমিকসকলৰ মাজত সংঘাত সৃষ্টি হলে কেনেকৈ তাৰ নিৰাময় কৰা হব? এণ্টাৰপ্রাইজ আৰু প্লেনাৰসকলৰ সংঘাত কেনেকৈ সমাধা কৰা হব? পদানুক্রমৰ কোনবিলাক পর্যায়ত কোনবোৰ সিদ্ধান্ত লোৱা হব? কি তথ্যৰ আধাৰত সিদ্ধান্তবিলাক লোৱা হব?

এনে নানান জটিলতাৰ বিষয়ে লিখিয়েই থাকিব পৰা পৰা যায়। এতিয়ালৈকে নিশ্চয় স্পষ্ট হৈ পৰিছে যে উল্লম্ব শ্রম বিভাজন সমাজবাদৰ অধীনতো থাকিব। লগতে কর্তৃত্বৰ সমস্যা (তথা তাৰ অপপ্রয়োগৰ সম্ভানা), অনুশাসনৰ সমস্যা, সুনির্দিষ্ট ব্যক্তিক দায়িত্বভাৰ দিয়াৰ প্রয়োজনীয়তা, বিফলতাৰ সৈতে মোকাবিলা কৰিবলৈ যথোচিত পদ্ধতি বিকশিত কৰাৰ প্রয়োজনীয়তা ইত্যাদি নানান প্রশ্নই সমাজবাদতো ভূমুকি মাৰিব। মার্ক্সীয় পৰম্পৰাই এই বিষয়বিলাকক আজিলৈকে আওকান কৰি আহিছে।



[1]L. Kolakowski, Main Currents of Marxism, Vol. I (Oxford: Clarendon Press, 1980),
p. 172.

[2]K. Karx, ‘The German ideology’ in Collected Works, Vol. V (London: Lawrence &
Wishart, 1976), p. 47.

[3] Quoted from a critical review in Radical Philosophy, Winter 1979, p. 8.

[4] Bahro, op. cit. (n. 65), German edn, p. 537.


ফেচিবাদ-বিৰোধী তিনিটা স্মৃতিসৌধ

ময়ূৰ চেতিয়া দ্বিতীয় বিশ্বযুদ্ধৰ স্মৃতি বহন কৰা ছোভিয়েট ভাস্কৰ্যসমূহৰ মাজত তিনিটা স্মৃতিসৌধৰ এক বিশেষ গুৰুত্ব আছে। এই তিনিওটা ইটো-সিটোৰ সৈত...