অনুবাদঃ ময়ূৰ চেতিয়া
শ্রম বিভাজন
মার্ক্সৰ ৰোমান্টিক-য়ুটোপিয়ান চিন্তাধাৰাই ধূসৰ কৰি ৰখা আন এটা বিষয় হৈছে
শ্রম-বিভাজন সম্পর্কীয় বিষয়টো। এই যে মার্ক্সবাদীসকলে বাৰম্বাৰ কয় যে সমাজবাদৰ জৰিয়তে
শ্রম-বিভাজনৰ অৱসান ঘটাব লাগিব, এই কথাষাৰৰ আচলতে
অর্থ কি?
কলাকৱস্কিয়ে এইবিষয়ক মার্ক্সৰ দৃষ্টিভংগীৰ
এক সাৰাংশ আগবঢ়াইছে - শ্রম বিভাজনৰ ফলত আৱশ্যকীয়ভাৱেই বাণিজ্য সৃষ্টি হয় - অর্থাৎ
মানুহে উৎপাদন কৰা সামগ্রীবোৰ বিমূর্ত শ্রমৰ বাহকলৈ পৰিণত হয়। যেতিয়া সামগ্রীবোৰে
পণ্যৰ ৰূপ ধাৰণ কৰে, ই বিচ্ছিন্নতাৰো(alienation) আধাৰ সৃষ্টি কৰে। তিনি প্রকাৰৰ “শ্রম বিভাজন” দেখা পোৱা যায়। ইয়াৰে প্রথমবিধ
শ্রম বিভাজন সৃষ্টি হয় বিভিন্ন উৎপাদনী ইউনিটৰ মাজত বিশেষীকৰণৰ(specialisation) ফলস্বৰূপে। যেনে ধৰক
কিছুমান ফেক্টৰীয়ে মোজা উৎপাদন কৰিছে, কিছুমানে আচাৰ, আন কিছুমানে আকৌ গাড়ীৰ
কার্বোৰেটৰ নির্মাণ কৰিছে ইত্যাদি। এই প্রতিটো ফেক্টৰীয়েই আনৰ ব্যৱহাৰৰ বাবে সামগ্রী উৎপাদন কৰিছে, ইয়াৰ ফলত বিনিময় সৃষ্টি হৈছে,
প্রত্যক্ষ ব্যৱহাৰৰ বিপৰীতে বিক্রয়ৰ বাবে সামগ্রী
উৎপাদিত হৈছে, অর্থাৎ পণ্য উৎপাদনৰ সূচনা হৈছে। দ্বিতীয়বিধ শ্রম-বিভাজন সৃষ্টি হয় মানুহৰ মাজত বিভিন্ন পেশা অনুসৰি
সৃষ্টি হোৱা বিশেষীকৰণৰ ফলত- কিছুমান মানুহে
ইলেকট্রিছিয়ানৰ কাম কৰে, কিছুমানে মহৰীৰ, কিছুমানে একাউনটেন্টৰ, আন কিছুমানে
কাঠ-মিস্ত্রীৰ ইত্যাদি। ইবিলাক হৈছে অনুভূমিক(horizontal) শ্রম বিভাজন। তৃতীয়বিধ
শ্রম বিভাজন হৈছে উল্লম্ব(vertical) শ্রম বিভাজন। অর্থাৎ এই শ্রম বিভাজনৰ চৰিত্র হয়
পদানুক্রমিক- যেনে অফিচাৰ বনাম সাধাৰণ চিপাহী, কমাণ্ডাৰ বনাম সাধাৰণ জোৱান, সংগঠনকর্তা বনাম সংগঠিত জনতা
ইত্যাদি। বাহৰো প্রভৃতি কিছু পণ্ডিতে মানসিক আৰু শাৰীৰিক শ্রমৰ মাজত থকা বিভাজনৰ
ওপৰত বিশেষ গুৰুত্ব দিছে, কিন্তু মনত ৰখা ভাল যে বেছিভাগ “মানসিক শ্রম”ৰ ক্ষেত্রতে
কমাণ্ডসদৃশ গাঁথনি ব্যৱহাৰ কৰিব পৰা নাযায়। শ্রম বিভাজনৰ এই বিভিন্ন ৰূপবোৰৰ ফালে চালে বুজিব পাৰি যে
শ্রমিকসকল বিভিন্ন কাৰণবশতঃ বিচ্ছিন্ন(alienated) হব পাৰে। তেওঁলোকে যিবিলাক সামগ্রী উৎপাদন কৰে সিবিলাক নিজৰ ভোগৰ বাবে কৰা
নহয় তথা সিবিলাক ভোগ কৰা লোকসকলৰ সৈতে তেওঁলোকৰ দূৰত্ব বহু অধিক হব পাৰে;
শ্রমিকসকলে এনে কেতবোৰ কাম কৰিব লগীয়া হব পাৰে যিবিলাকৰ চৰিত্র পুণৰাবৃত্তিমূলক
তথা আমনি লগা বিধৰ হয়; পদানুক্রমত তেওঁলোকৰ অৱস্থান নিম্ন পর্যায়ৰ হব পাৰে, অর্থাৎ আনৰ আদেশ মানিব লগা হব
পাৰে।
সমাজবাদৰ অধীনত সেই শ্রম-বিভাজনৰ অৱসান ঘটোৱা হব। পিছে কেনেকৈ? মন কৰা ভাল যে
মার্ক্সে এখন উচ্চ উৎপাদনশীল ঔদ্যোগিক সমাজৰ কল্পনা কৰিছিল; আত্মনির্ভৰশীল কোনো
ক্ষুদ্র গ্রাম্য সম্প্রদায়ৰ সাধাৰণ জীৱনলৈ ঘূৰি যোৱাটো তেওঁৰ সমাজবাদৰ লক্ষ্য নাছিল।
এতিয়া প্রশ্ন হৈছে যে যিহেতু আমি ইতিমধ্যেই আলোচনা কৰা প্রথম দুই বিধৰ শ্রম বিভাজন
যিকোনো ঔদ্যোগিক সমাজতে দেখা পোৱা যাব তথা পণ্য উৎপাদন আৰু বিচ্ছিন্নতাও সৃষ্টি হব, তেনেস্থলত শ্রম বিভাজন
সমূলি নাশ কৰা দাবীটোৰ কিবা কার্যকৰী অর্থ আছেনে? এইটোও মন কৰক যে উৎপাদনৰ বিভিন্ন
ইউনিটবোৰৰ মাজত সমন্বয় সৃষ্টি কৰাৰ প্রয়োজনার্থে কেতবোৰ নির্দেশ জাৰি কৰা বিভাগ
তথা পদবীও দৰকাৰী হৈ পৰিব, অর্থাৎ সমাজখনত উল্লম্ব(vertical) শ্রম বিভাজনো দেখা পোৱা যাব। অর্থাৎ এই তিনিওপ্রকাৰৰ শ্রম-বিভাজনৰ ভিতৰত এটাৰো অৱসান সমাজবাদৰ অধীনত সম্ভৱপৰ নহয়।
বিভিন্ন উৎপাদনী কার্যকলাপৰ মাজত বিকশিত হোৱা বিশেষীকৰণৰ পৰা ৰক্ষা পোৱাৰ কিবা উপায় আছেনে? এনে বিশেষীকৰণ আঁতৰাই তাৰ ঠাইত কি
বিকল্প স্থাপন কৰা হব? এই প্রসংগত ব্যক্তিগত সম্পত্তিৰ অৱসান ঘটালেও ইয়াৰ জৰিয়তে শ্রম বিভাজনৰ বিলুপ্তিকৰণ সম্ভৱপৰ হবনে? কেৱল এইবুলি কলেই যথেষ্ঠ হবনে - যে সমাজবাদৰ অধীনত সকলো উৎপাদনকেই এটা বৃহৎ
ফেক্টৰীসদৃশ কৰি পেলোৱা হব আৰু বিভিন্ন মানুহক বিভিন্ন ধৰণৰ দায়িত্ব প্রদানৰ জৰিয়তে বিশেষীকৰণৰ
সমস্যাটো আঁতৰাই পেলোৱা হব?
অনুভূমিক দিশটো সম্পর্কে প্রথমে আলোচনা কৰা যাওঁক। এই প্রসংগত মার্ক্সৰ এটা
বেছ বিখ্যাত উক্তি আছেঃ “কমিউনিজমৰ অধীনত ব্যক্তিয়ে ৰাতিপুৱা চিকাৰ কৰিব পাৰিব, আবেলি মাছ ধৰিব পাৰিব, গধুলি জন্তু
পালন কৰিব আৰু ডিনাৰত সাহিত্য সমালোচক হব পাৰিব। পিছে এই কামকেইটা কৰিবলৈ
ব্যক্তিজন চিকাৰী, মাছুৱৈ, জন্তু-পালক বা সাহিত্য সমালোচকলৈ পৰিণত হোৱাৰ প্রয়োজন নাই”। মার্ক্সৰ এই উদাহৰণটো মুঠেও সঠিক নহয়। এই আটাইবোৰ কামেই ব্যক্তিয়ে অকলেই কৰিব
পাৰে আৰু ইয়াৰে কিছুমানক হবি বুলিও কব পৰা যায়। পিছে বেছিভাগ শ্রমৰে চৰিত্র হৈছে
সামাজিক - অর্থাৎ সিবিলাক সম্পন্ন কৰিবলৈ কেইবাজনো ব্যক্তিৰ সহযোগিতাৰ প্রয়োজন হয়
আৰু ইয়াৰে কোনোবা এজনে নিজৰ ভাগৰ কামখিনি কৰিব নোৱাৰিলে সমগ্র শ্রম প্রক্রিয়াটোৱেই স্তব্ধ হৈ পৰে। অর্থাৎ সকলো শ্রমকে চখতে পুখুৰীত বৰশী বাবলৈ যোৱাৰ সৈতে তুলনা কৰিব নোৱাৰি। জটিল শ্রমবিলাকৰ উদাহৰণৰ জৰিয়তে মার্ক্সৰ উক্তিখিনি যদি পুণৰ লিখা হয়,
সেয়া কেনেধৰণৰ হব? “কমিউনিজমৰ অধীনত ব্যক্তিয়ে ৰাতিপুৱা এৰোপ্লেনৰ ইঞ্জিন মেৰামতি কৰিব পাৰিব, আবেলি দন্ত চিকিৎসা
কৰিব পাৰিব, গধুলি ট্রাক চলাব পাৰিব আৰু ডিনাৰৰ সময়ত কোনো ৰেস্তোঁৰাত ৰান্ধনীৰ কাম
কৰিব পাৰিব। পিছে এই কামকেইটা কৰিবলৈ ব্যক্তিজন ইঞ্জিনিয়াৰ, ডাক্টৰ, ট্রাক চালক বা
ৰান্ধনীলৈ পৰিণত হোৱাৰ প্রয়োজন নাই”। কেনে লাগিছে কথাখিনি? ননছেঞ্চ যেন লগা নাইনে? এই সমস্যাটোৰ
আংশিক সমাধান হিচাপে বাহৰোৱে লিখিছে যে প্রতিজন ব্যক্তিকে ২২ বছৰ বয়স পর্যন্ত উচ্চ শিক্ষা প্রদান কৰা হব
আৰু আটায়ে গণিতশাস্ত্র, ছাইবাৰনেটিক্স, দর্শন আৰু কলাৰ শিক্ষা লাভ কৰিব। পিছে এয়া
সম্ভৱপৰ হলেও সমস্যাটোৰ সামগ্রিক সমাধান
পোৱা নাযায়। উচ্চ শিক্ষাৰ জৰিয়তে
প্রতিজন ব্যক্তিয়েই স্থাপত্যবিদ, সাহিত্যৰ শিক্ষক, এয়াৰ লাইনৰ পাইলট তথা ট্রাক
চালকে সমুখীন হোৱা সমস্যাবিলাকৰ কিছু সম্যক জ্ঞান লাভ
কৰিব পাৰে, কিন্তু সেইবুলি এই আটাইখিনি কাম কৰিব পৰাকৈ প্রতিজন ব্যক্তি যোগ্য হৈ
উঠিব বুলি দাবী কৰিব নোৱাৰি!
ধ্রুপদী সংগীত বিশাৰদ ব্যক্তি একোজনে হয়তো প্রাকৃতিক দৃশ্য সুন্দৰকৈ অংকণ কৰিব
নোৱাৰিব পাৰে, হার্প বজাবলৈ অসুবিধা পাব
পাৰে, অর্কেষ্ট্রা পৰিচালনা কৰিবলৈ অক্ষম হব পাৰে। লগতে নিশ্চয়কৈ এই কথা কব পাৰি যে কাপোৰ চিলোৱা, ঔষধ সম্পর্কে গৱেষণা কৰা, ক্রিকেট খেলৰ সাংবাদিকতা কৰা, কচাইৰ কাম কৰা ইত্যাদি শ্রমৰ প্রতি
তেওঁৰ কোনো ধাউতি বা প্রতিভা থকাৰ সম্ভাৱনা কম।
তেনেস্থলত শ্রম-বিভাজনৰ অৱসান ঘটোৱাৰ দাবীবিলাক কৰি থকাৰ অর্থ কি? এই
বিষয়ে কোনো সন্দেহ নাই যে আজিৰ দিনত কামৰ যিধৰণৰ সংকীর্ণ বিশেষীকৰণ দেখা পোৱা যায়, সেয়া নিশ্চয় সলনি হব লাগে তথা সকলো মানুহেই যথোচিত
শিক্ষা লাভ কৰিব লাগে যাতে তেওঁলোকে ইচ্ছা কৰিলে নিজৰ পেছা সলনি কৰি লব পাৰে। অর্থাৎ কোনোবা সাহিত্যৰ শিক্ষকে যদি
ৰাজমিস্ত্রী বা ট্রেইন চালক হব খোজে, তাৰ সুবিধা (যেনে নতুনকৈ ট্রেইনিং লাভ কৰাৰ
সুবিধা) নিশ্চয়কৈ থকা উচিত। অৱশ্যে এইখিনিতে সমাজখনৰ প্রয়োজনীয়তাবিলাকৰ দিশটোও মনত ৰাখিব লাগিব (অর্থনীতিখনত
ট্রেইন চালকৰ বা ৰাজমিস্ত্রীৰ নতুন চাহিদা থাকিব লাগিব)। এইটোও মন কৰা ভাল যে
ইচ্ছা থাকিলেও কিছুমান বিশেষ ধৰণৰ কাম কৰাৰ ক্ষমতা বহুতৰে নাথাকিবও পাৰে (যেনে
মহাকাশচাৰীৰ কাম)। পিছে মার্ক্সৰ সমস্যাটো হৈছে যে তেওঁ এইবুলি কোৱা নাই যে মানুহে ইচ্ছা কৰিলে নিজৰ পেছা সলনি কৰাৰ
সুযোগ-সুবিধা লাভ কৰা উচিত; বৰং তেওঁ এইবুলিহে কৈছে যে সকলো ধৰণৰেই
শ্রম-বিশেষীকৰণৰ অৱসান ঘটিব!
উল্লম্ব শ্রম বিভাজনৰ প্রশ্নটো আৰু অধিক জটিল। কিছুসংখ্যক
মার্ক্সবাদীয়ে বাহৰোৰ সমালোচনা কৰি কৈছে যে তেওঁৰ মডেলটোৰ অধীনত শ্রমিক শ্রেণীৰ
সুকীয়া পৰিচয়েই নাথাকিব। এইজাতীয় সমালোচনাবিলাক ন্যায্য নহয়। বাহৰোৱে মাত্র শ্রম-বিভাজনৰ সামগ্রিক নির্মূলকৰণৰ কেনে ফলাফল সৃষ্টি হব, সেইটো আমাক
সোঁৱৰাই দিছে। সকলো চাকৰিয়েই যদি ইটো-সিটোৰ
সদৃশ ধৰণৰ হৈ পৰে, যদি মানুহে ইচ্ছা কৰিলেই তৎক্ষণাৎ ইটো চাকৰিৰ পৰা সিটোলৈ বগাই
ফুৰিব পাৰে, যদি মানসিক আৰু শাৰীৰিক সকলো শ্রমৰ মাজৰ বিভাজন নাইকিয়া হৈ পৰে,
তেনেস্থলত স্বাভাৱিকতে শ্রমিক শ্রেণী বোলা কোনো সুকীয়া
শ্রেণী দেখা নাযাব আৰু আটায়ে “শ্রমিক-বুদ্ধিজীৱী”লৈ পৰিণত হ’ব। শ্রম-বিশেষীকৰণ সম্পর্কে আমি ইতিমধ্যেই
দাঙি ধৰা যুক্তিখিনি বাহৰোৰ মডেলটোৰ ক্ষেত্রতো খাটিব। ইবিলাকৰ লগতে আন
আন কেতবোৰ প্রসংগও আছে। যেনে সক্ষমতা, ৰাপ ইত্যাদি। একোজন দক্ষ হস্তশিল্পীয়ে তেওঁৰ
শিল্পকর্মৰ বাবে নিশ্চয়কৈ স্বীকৃতি তথা সন্মান লাভ
কৰা উচিত। এই শিল্পীজনে দর্শন অধ্যয়ন কৰিবলৈ নিবিচাৰিবও পাৰে বা কোনো প্রশাসনিক বা
“বৌদ্ধিক” বৃত্তিত লিপ্ত হ’বলৈ নিবিচাৰিবও পাৰে। তাতোকৈয়ো গুৰুত্বপূর্ণভাৱে, মূল প্রশ্নটো হৈছে যে নিয়ন্ত্রণ, নির্দেশ তথা সমন্বয়ৰ
বাবে প্রয়োজনীয় পদানুক্রমিক আমোলাতান্ত্রিক গাঁথনিৰ সলনি বিকল্প হিচাপে ঠিক কি
বস্তু খাৰা কৰোৱা হব? কেনেকৈ এনে পদানুক্রমিক
শ্রম-বিভাজনৰ অৱসান ঘটোৱাটো সম্ভৱপৰ হ’ব? যিহেতু বস্তুগত কাৰণতেই “অফিচাৰ শ্রেণী” একোটাৰ জন্ম হয়, তেনেস্থলত
নতুন অফিচাৰ শ্রেণীৰ উদয় কেনেকৈ ৰূদ্ধ কৰা হব? কেৱল গণতান্ত্রিক নির্বাচন, ৰটেছন তথা প্রতিনিধি চয়নৰ
যোগেদিয়েই এই প্রশ্নটোৰ উত্তৰ উলিওৱাটো সম্ভৱপৰ হবনে? পদানুক্রমিক শ্রম-বিভাজনৰ
অবিহনে, মেনেজমেণ্টক কেনেকৈ কামৰ ফলাফলৰ বাবে দায়ৱদ্ধ কৰা হব আৰু কাৰ প্রতি দায়ৱদ্ধ কৰা হব? উদাহৰণ হিচাপে, ৰেলৱেৰ মেনেজমেণ্ট ৰেলৱেৰ কর্মচাৰীসকলৰ প্রতি দায়ৱদ্ধ হব, নে পেছেঞ্জাৰসকলৰ প্রতি দায়ৱদ্ধ হব?
মার্ক্স তথা তেওঁৰ অনুগামীসকলৰ কিছুমান লেখনীৰ উদ্ধৃতি নিশ্চয়কৈ দিবই পৰা যায়
য’ত তেওঁলোকে কর্তৃপক্ষৰ প্রয়োজনীয়তাৰ কথা স্বীকাৰ কৰিছে - “যিবিলাক শ্রমৰ ক্ষেত্রত বহুতো লোকৰ সহযোগিতাৰ প্রয়োজন হয়,
তাত সমন্বয় আৰু ঐক্য স্থাপন কৰাৰ বাবে এক কামাণ্ডিং ইচ্ছাশক্তিৰো প্রয়োজন
হয়”(মার্ক্স, ডাছ কেপিটেল, তৃতীয় খণ্ড)। “এনে এক একমুষ্ট ইচ্ছাশক্তিৰ প্রয়োজন
হব, যি সকলো মেহনতী
জনগণকে ঘড়ীৰ কাটাসদৃশ নির্ভুল পদ্ধতিৰে একত্রিত কৰিব” (লেনিন)। “সমন্বয় আৰু নির্দেশৰ পালন
সুনিশ্চিত কৰা হব দিক-নির্দেশকাৰী কর্তৃপক্ষৰ দ্বাৰা” (ইছাক ৰুবিন)। “বৃহৎ আকাৰৰ উদ্যোগবিলাকত কর্তৃপক্ষৰ ভূমিকা সমূলি নাশ কৰিবলৈ চেষ্টা কৰাৰ
অর্থ হৈছে স্বয়ং বৃহৎ আকাৰৰ উদ্যোগকেই নষ্ট কৰিবলৈ চেষ্টা কৰা” (এংগেলছ)।
এই সমাজবাদী ব্যৱস্থাটোৰ কেন্দ্রীভূত চৰিত্রটো অটুট থকা পর্যন্ত প্লেনাৰ-প্রশাসকসকলৰ ভূমিকা
নাইকীয়া কৰিব পৰা যাবনে? এই কেন্দ্রীভূত ব্যৱস্থাটোত প্লেনাৰ-প্রশাসকসকলৰ ভূমিকা কেৱল টেকনিকেল পৰামর্শদাতালৈ সংকোচিত কৰিব পৰা যাবনে? আৰু এই
“কমাণ্ডিং ইচ্ছাশক্তি” বস্তুটো কি? কোনে এই ব্যৱস্থাটোত নির্দেশ প্রদান কৰিব?
অতি-উৎসাহৰ ফলত বিশ্লেষণ শক্তি কেনেকৈ লোপ পায়, তাৰ এক উদাহৰণ চীনৰ সাংস্কৃতিক
বিপ্লৱ সম্পর্কে কৱার্ড তথা ইলিছে লিখা নিম্নোক্ত কথাখিনিৰ মাজত পোৱা যায়- “মতাদর্শৰ স্তৰত চীনত আন এক বিপ্লৱ সংঘটিত হব ধৰিছে। প্রতিনিধিত্ব, মেনেজমেণ্ট, নির্বাচিত
প্রতিনিধিৰ হাতলৈ ক্ষমতা হস্তান্তৰ আদি বুর্জোৱা ধাৰণাবোৰৰ স্থান এতিয়া সমূহীয়া সিদ্ধান্ত গ্রহণ প্রক্রিয়া
তথা জনগণৰ সক্রিয় চিন্তন মননে লব ধৰিছে”।
এইবিলাক আচলতে অবাস্তৱিক ৰোমান্টিক দাবীৰ বাহিৰে আন একো নহয়। এনে একো পৰিঘটনা চীনত ঘটা নাই। চীন
কিয়, পৃথিৱীৰ কোনো ঠাইতে এনে পৰিঘটনা সম্ভৱপৰ নহয়। কোনো প্রতিনিধিত্ব ব্যৱস্থা নাথাকিব? সকলোৱে প্রত্যক্ষভাৱে অংশগ্রহণ কৰিব? কোনো মেনেজমেন্ট
নাথাকিব? দায়িত্বভাৰ কান্ধ পাতি লোৱা কোনো সুনির্দিষ্ট দায়ৱদ্ধ ব্যক্তি নাথাকিব? বৃহৎ উদ্যোগতো বাদেই, শিশুৰ বিদ্যালয় এখনো এইজাতীয় নীতিৰ
জৰিয়তে চলোৱাটো সম্ভৱপৰ নহয়! এনেধৰণৰ যথেচ্ছাচাৰৰ বাবে মার্ক্সক নিশ্চয়কৈ জগৰীয়া
কৰিব নোৱাৰি। তথাপিও এই কথা অস্বীকাৰ কৰা নাযায় যে মার্ক্সে বহুতো প্রসংগত জনগণৰ দ্বাৰা
প্রত্যক্ষ নিয়ন্ত্রণৰ কথা লিখিছে, যেন কোনো অনুষ্ঠান বা
পদ্ধতিৰ মধ্যস্থতাৰ অবিহনেই জনগণে উৎপাদনৰ
ক্ষেত্রখন নিয়ন্ত্রণ কৰিবলৈ সক্ষম হব। মোৰ এজন সহকর্মীৰ মতে এয়া হৈছে “বিশুদ্ধ
কেন্দ্রীকৰণৰ মডেল, য’ত গণ সহযোগিতাও দেখা যাব”। নকলেও চলে যে এই মডেলটো
পদানুক্রমিকেই হব লাগিব।
আধুনিক উৎপাদন হৈছে অতিশয় জটিল তথা আন্তঃসম্পর্কযুক্ত। আচলতে
আন্তঃসম্পর্কযুক্ত নহলে আধুনিক উৎপাদন প্রক্রিয়াটো বাচি থকাই টান হব। বিভিন্ন
শাখাৰ মাজত সমন্বয় তথা একতা স্থাপন - এইটো বৰ জটিল তথা
দায়িত্বগধুৰ কাম। ৰটেছনৰ জৰিয়তে যিকোনো মানুহেই অন্যান্য কামৰ মাজতে (যেনে ৰাতিপুৱা ট্রাক চলোৱা আৰু গধুলি দন্ত চিকিৎসা কৰাৰ মাজতে) সমন্বয় স্থাপনৰো দায়িত্ব লব পাৰিব বুলি
ধৰি লোৱা অনুচিত। প্লেনাৰসকলে তেওঁলোকৰ
দায়িত্বখিনি ভালকৈ পালন কৰিবলৈ হলে প্রথমে তাৰ বাবে প্রশিক্ষণ লব লাগিব (যেনেকৈ কোনো উৎপাদন ইউনিটৰ
মেনেজাৰ বা গাড়ীৰ মেকানিকেও কামত যোগদান কৰাৰ আগেয়ে প্রশিক্ষণ লাভ কৰে)। প্রশিক্ষণ নোহোৱাকৈ হঠাতে যিকোনো মানুহেই যিকোনো
কামেই কৰিব পাৰিব বুলি ভবাটো যুক্তিসঙ্গত নহয়। কেতবোৰ কাম নিশ্চয়কৈ প্রশিক্ষণহীন
সাধাৰণ লোকেও কৰিব পাৰে। কিন্তু সকলোৱেই নিজৰ কামবিলাকৰ বাবে দায়ৱদ্ধ হবই লাগিব। দায়ৱদ্ধ হোৱাৰ অর্থই হৈছে কর্তৃত্ব লাভ কৰা। কোনো কামৰ বাবে, যাৰ ওপৰত আপোনাৰ কোনো নিয়ন্ত্রণেই
(অর্থাৎ কর্তৃত্বই) নাই, তাৰ বাবে আপোনাক দায়ৱদ্ধ কৰাৰ কোনো অর্থ আছেনে? এইবুলি কবই পাৰি যে কর্তৃত্বৰ
প্রয়োগ শেহতহে কৰা উচিত, যেতিয়া বুজনি আৰু পৰামর্শৰ প্রচেষ্টা বিফল হয়। কিন্তু
তথাপিও এই কথা অস্বীকাৰ কৰিব নোৱাৰি যে সর্বশেষত জাহাজখন ঠিক মতে চলি আছেনে নাই, তাৰ বাবে কেপ্টেইনজনেই দায়ৱদ্ধ হব আৰু সেয়েহে তেওঁৰ কথাই শেহত সকলোৱে মানিবলৈ বাধ্য। ঠিক তেনেদৰেই, সম্পাদকৰ সিদ্ধান্তই শেষ
সিদ্ধান্ত হব, ঘৰ নির্মাণ কৰোঁতে স্থাপত্যবিদৰ সিদ্ধান্তই শেষ সিদ্ধান্ত হব
ইত্যাদি।
আমি ইতিমধ্যেই ছোভিয়েট ইন্ধন খণ্ডৰ সাংগঠনিক ৰূপ সম্পর্কে আলোচনা কৰিছোঁ।
সদ্যহতে এটা এয়াৰপর্টৰ উদাহৰণ লোৱা যাওঁক, য’ত উল্লম্ব আৰু অনুভূমিক- দুয়োধৰণৰ শ্রম বিভাজন দেখা যায়।
এয়াৰপর্টটো ঠিকমতে চলিবলৈ হলে নিম্নোক্ত কামবোৰ নিয়মীয়াকৈ চলি থাকিব লাগিবঃ
১) এৰোপ্লেন চলোৱা
২) এয়াৰ ট্রেফিক কন্ট্রোল
৩)প্লেনত ইন্ধন ভৰোৱা
৪) ইন্ধনৰ যোগান তথা সঠিক স্থানত ইন্ধন জমা কৰি ৰখা।
৫) এৰোপ্লেনবিলাকৰ মেৰামতি আৰু মেইনটিনেঞ্চ।
৬) যাত্রীৰ লাগেজ ইত্যাদিৰ বাবে সুকীয়া ব্যৱস্থা কৰা।
৭) ছীট ৰিজার্ভেশ্বন ব্যৱস্থা।
৮) পেছেঞ্জাৰৰ বাবে প্লেনৰ ভিতৰত তথা এয়াৰপর্টত খাদ্য-যোগান (কেটাৰিং)।
৯) নিয়মীয়া টাইম-টেবুলৰ ব্যৱস্থা কৰা তথা বিভিন্ন এয়াৰলাইন আৰু
সিবিলাকৰ কর্মচাৰীসকলৰ বাবে প্রশাসনিক ব্যৱস্থা।
১০) এয়াৰপর্টটোৰ সামগ্রিক প্রশাসন; মেৰামতি, ৰানৱেৰ নিয়মীয়া পৰীক্ষণ, বিভিন্ন বিল্ডিং তথা স্থানৰ মেৰামতি।
১১) এয়াৰপর্টৰ কর্মচাৰীসকলৰ মকৰল তথা তেওঁলোকক বিভিন্ন ধৰণৰ সা-সুবিধা যোগান
ধৰা।
এই প্রতিবিধ কামৰ বাবে নির্দিষ্ট বিষয়া কিছুমানে দায়িত্বভাৰ লব লাগিব, আৰু
তেওঁলোকেই যিকোনো ধৰণৰ বিজুতি বাবেও জগৰীয়া হব। পিছে এই বিষয়াসকল কাৰ ওচৰত দায়ৱদ্ধ (responsible) হব? মেৰামতিৰ দায়িত্বত থকা বিষয়াজন মেকানিকসকলৰ প্রতি তথা
লডিঙৰ দায়িত্বত থকা বিষয়াজন ল’ডাৰসকলৰ প্রতি
দায়ৱদ্ধ হব? নে তেওঁলোক সমস্ত
এয়াৰপর্টটোৰ দায়িত্বত থকা বিষয়াজনৰ প্রতি দায়ৱদ্ধ হব? নে সমস্ত পেছেঞ্জাৰ জনতাৰ প্রতিয়েই তেওঁলোক দায়ৱদ্ধ হব? এয়াৰপর্টত চলি থকা বিভিন্ন কার্যকলাপবোৰৰ মাজত
সমন্বয় কোনে স্থাপন কৰিব, কোনে সুনিশ্চিত কৰিব যে য’ত যেনেকৈ প্রয়োজন, তেনেকৈ
কর্মী তথা সামগ্রীৰ যোগান ধৰা হৈছে? মেৰামতিৰ সামগ্রী, এৰোপ্লেনৰ বাবে ইন্ধন,
এয়াৰপর্টৰ ৰেস্তোঁৰাবিলাকত খাদ্য-সামগ্রীৰ সঠিক সময়ত সঠিক পৰিমাণে যোগান কোনে
সুনিশ্চিত কৰিব? এই সামগ্রীবিলাকৰ যোগান কোনে ধৰিব? কোনবিলাক ছাপ্লায়াৰে কোনখিনি
সামগ্রীৰ যোগান ধৰিব আৰু কিবা সমস্যাৰ সৃষ্টি হলে বিকল্প ছাপ্লায়াৰ কোনে বিচাৰি
উলিয়াব?
এই উদাহৰণটোৰ পৰা স্পষ্ট হৈ পৰে যে কিছুমান প্রসংগত কর্তৃত্ব তথা দায়িত্বভাৰৰ
প্রশ্নটো শাৰিৰীক বনাম মানসিক শ্রমৰ বিভাজনৰ প্রশ্নটোতকৈয়ো অধিক গুৰুত্বপূর্ণ হৈ
পৰে। এনে বহুতো মানসিক শ্রম আছে, যিবিলাকৰ বাবে বিশেষ কোনো কর্তৃত্বৰ প্রয়োজন নহয়
- যেনে ধৰক ফার্মাছিষ্ট বা ৰেডিঅৰ ঘোষকৰ কাম। উদ্যোগবিলাকৰ যেতিয়া প্রযুক্তিগত
সালসলনি হয়, তেতিয়া প্রায়ে “নীলা” আৰু “বগা” শ্রেণীৰ কর্মীসকলৰ মাজত কিছুমান
সমাপতন ঘটা দেখা যায়। একোজন দক্ষ শ্রমিক বা একোজন লেবৰেটৰী এছিষ্টেণ্টৰ ভালেখিনি
মূল্যবান তথা উচ্চমানৰ জ্ঞান থকা দেখা যায়।
কর্তৃত্বৰ সৈতে জড়িত আন এটা দিশ হৈছে আধিপত্য আৰু অধীনতাৰ
দিশ আৰু এইটো নিশ্চয়কৈ এক গুৰুত্বপূর্ণ প্রশ্ন। কর্তৃত্বৰ অপপ্রয়োগ নিশ্চয়কৈ কৰিব পাৰি তথা কৰা হয়। পিছে সেইবুলি পৰম্পৰাগত মার্ক্সবাদীসকলৰ দৰে এইবুলি দাবী কৰিব নোৱাৰি যে “প্রকৃত সমাজবাদ”ত কোনো কর্তৃপক্ষ তথা কর্তৃত্বই
নাথাকিব। ঠিক তেনেদৰেই, এইবুলিও কব নোৱাৰি যে সমাজবাদী (বা শ্রমিক-শ্রেণীৰ) চৰকাৰবিলাকৰ ক্ষমতাৰ ওপৰত কোনোধৰণৰ বাধা-নিষেধ নাথাকিব। সমাজবাদৰ অধীনতো যে
ক্ষমতাৰ অপপ্রয়োগ হব পাৰে, সেয়া মার্ক্স-লেনিনে নিশ্চয়কৈ বুজি পাইছিল। সেয়েহে
মার্ক্সে জনগণৰ দ্বাৰা অযোগ্য জনপ্রতিনিধিৰ অপসাৰণৰ কথা লিখি গৈছে আৰু লেনিনেও
পার্টি সদস্যসকলে নিজা স্বার্থ বিকশিত কৰাৰ বিপদ সম্পর্কে লিখি গৈছে। কিন্তু
তথাপিও মার্ক্স-লেনিনে সমস্যাটো খুব ডাঙৰ হব বুলি নিশ্চয়কৈ ভবা নাছিল আৰু ক্ষমতাৰ
অপপ্রয়োগৰ পৰা ৰক্ষা পাবলৈ ৰক্ষা-কৱচমূলক ব্যৱস্থা নির্মাণৰ প্রয়োজনীয়তাৰ কথাটোও
আওকাণ কৰিছিল। বজাৰবিহীন কেন্দ্রীয় পৰিকল্পনাই কেনে বিশাল
পদানুক্রমিক-আমোলাতান্ত্রিক ব্যৱস্থা একোটা নির্মাণ কৰিব, সেয়া মার্ক্স-লেনিনে ভালকৈ অনুধাৱন কৰিব পৰা নাছিল বুলিয়েই কব লাগিব। তেওঁলোকে বুজিব পৰা
নাছিল যে তেওঁলোকৰ সমাজবাদী কার্যসূচী গ্রহণ কৰিলে ৰাজ্যৰ সামাজিক আৰু আর্থিক
ভূমিকা ভীষণভাৱে বৃদ্ধি হব, স্বাধীন উৎপাদক আৰু
বিতৰকসকলৰ ভূমিকাৰ অন্ত পৰিব তথা সমাজখনৰ পৰিচালনাৰ ক্ষেত্রত কেন্দ্রীয়
সংস্থাবিলাকৰ ওপৰত নির্ভৰশীলতা অত্যাধিক বৃদ্ধি হব।
পাঠকে মন কৰিব যে মই কোনো অনিবার্য ছুপাৰ-পদানুক্রমিক-আমোলাতান্ত্রিক ব্যৱস্থাৰ পোষকতা কৰা নাই, য’ত গণতন্ত্রৰ কোনো ভূমিকা নাথাকিব।
বৰং মই এইটোহে দর্শাব খুজিছোঁ যে (১) উৎপাদন আয়োজন কৰিবৰ বাবে কিছু পৰিমাণে হলেও পদানুক্রম প্রয়োজনীয়
হবই তথা যিমানেই উৎপাদক তথা বজাৰৰ ভূমিকা কম হব, ঠিক সিমানেই আমোলাতন্ত্র আৰু
পদানুক্রমৰ ভূমিকাও বৃদ্ধি হব (২) আর্থিক সিদ্ধান্ত-গ্রহণ প্রক্রিয়াত গণতান্ত্রিক
পদ্ধতি অৱলম্বন কৰোঁতে এনে পদ্ধতিৰ সীমাৱদ্ধতা তথা ভূমিকাৰ প্রতি মন দিব লাগিব। চব বস্তুতে গণতান্ত্রিক পদ্ধতি অৱলম্বন কৰিব নোৱাৰি। এইবিষয়ে পাছলৈ আৰু বিতংকৈ আমি আলোচনা কৰিম। সদ্যহতে এইবুলি
কলেই যথেষ্ঠ হব যে নির্বাচিত প্রতিনিধিৰ সংসদে অর্থনীতি সম্পর্কীয় আলোচনাবিলাকত
সকলোবিলাক দিশ সম্পর্কে বিতংকৈ আলোচনা কৰা (তথা সিদ্ধান্ত লোৱা) সম্ভৱপৰ নহয়। ইয়াৰ বিপৰীতে, অর্থনীতিখনৰ অগ্রাধিকাৰবিলাক মোটামুটি কেনেধৰণৰ হোৱা উচিত তথা কেনেধৰণৰ নিয়মৰ অধীনত প্লেনাৰ, মেনেজাৰ, শ্রমিক
তথা বিশেষজ্ঞসকলে কাম কৰিব তথা আন্তঃসম্বন্ধ স্থাপন কৰিব- এই বিষয়বিলাকহে সংসদে
আলোচনা কৰাটো সম্ভৱপৰ হব। ইবিলাকৰ বিপৰীতে, microeconomic স্তৰত বিতং আলোচনা সংসদৰ জৰিয়তে কৰিব পৰা নাযাব (অৱশ্যে কেতবোৰ বিশেষ ক্ষেত্রত গভীৰ বিসংগতি দেখা পালে সিবিলাক
সম্পর্কে নিশ্চয়েই সংসদত আলোচনা কৰা হব)। কেন্দ্রীয় স্তৰটোৰ তলত, আঞ্চলিক তথা
স্থানীয় পর্যায়ৰ কর্তৃপক্ষৰ ক্ষমতা অতিশয় সীমিত হব। আচলতে বজাৰবিহীন কমাণ্ড অর্থনীতিখনত বিশেষ/আংশিক/স্থানীয় স্বার্থৰ বিপৰীতে সাধাৰণ স্বার্থক অগ্রাধিকাৰ দিবলৈ হলে ইয়াৰ
বাহিৰে আন উপায় নাই। বাহৰোৱে ঠিকেই লিখিছে যে “স্থানীয় আৰু বিশেষ ধৰণৰ স্বার্থবিলাকৰ ওপৰত কেনেকৈ নাকী
লগাব পৰা যায় - সেইটোৱেই আটাইতকৈ কঠিন প্রশ্ন।” স্থানীয়
প্রতিনিধি তথা ভোটদাতাসকলে স্বাভাৱিকতে স্থানীয় প্রয়োজনবিলাককে অগ্রাধিকাৰ দিব, কিয়নো তেওঁলোকে স্থানীয়
প্রয়োজনবিলাকহে ভালকৈ অনুধাৱন কৰিবলৈ সক্ষম হব (স্থানীয় পর্যায়ত দেশৰ অর্থনীতিৰ বৃহত্তৰ সমস্যাবিলাক
কেনেকৈ চকুৰ পৰা লুকাই থাকে, এই বিষয়ে আমি ইতিমধ্যেই আলোচনা কৰিছোঁ)। উৎপাদনী
ইউনিটৰ ভিতৰছোৱাতো মেনেজাৰ আৰু শ্রমিকসকলৰ
আন্তঃসম্বন্ধৰ প্রশ্নটোৱে নানান জটিলতাৰ সৃষ্টি কৰে, যাৰ বাবে এক দীঘলীয়া আলোচনাৰ দৰকাৰ হব।
য়ুগোশ্লাভিয়াৰ অভিজ্ঞতাৰ জৰিয়তে এনে কিছুমান প্রশ্ন সম্পর্কে আমি আলোচনা কৰিম।
যথা- নির্বাচনৰ জৰিয়তে ফেক্টৰীৰ মেনেজাৰসকলক চয়ন কৰাটো যুগুত হবনে? এই চয়নৰ
ক্ষেত্রত কিমান দূৰৈলৈ ৰটেচনৰ প্রক্রিয়াটো প্রয়োগ কৰাটো সম্ভৱপৰ হব- বিশেষকৈ যদি মেনেজাৰৰ পদবীৰ বাবে বিশেষ ধৰণৰ জ্ঞান,
প্রশিক্ষণ তথা অভিক্ষমতাৰ(aptitude) প্রয়োজন হয়? এই মেনেজাৰজন কাৰ প্রতি দায়ৱদ্ধ হব? শ্রমিকসকলৰ প্রতি? গ্রাহকসকলৰ প্রতি? সমগ্র সমাজখনৰ
প্রতি? মেনেজমেণ্ট আৰু শ্রমিকসকলৰ মাজত সংঘাত সৃষ্টি হলে কেনেকৈ তাৰ নিৰাময় কৰা
হব? এণ্টাৰপ্রাইজ আৰু প্লেনাৰসকলৰ সংঘাত কেনেকৈ সমাধা কৰা হব? পদানুক্রমৰ কোনবিলাক
পর্যায়ত কোনবোৰ সিদ্ধান্ত লোৱা হব? কি তথ্যৰ আধাৰত সিদ্ধান্তবিলাক লোৱা হব?
এনে নানান জটিলতাৰ বিষয়ে লিখিয়েই থাকিব পৰা পৰা যায়। এতিয়ালৈকে নিশ্চয় স্পষ্ট
হৈ পৰিছে যে উল্লম্ব শ্রম বিভাজন সমাজবাদৰ অধীনতো থাকিব। লগতে কর্তৃত্বৰ সমস্যা
(তথা তাৰ অপপ্রয়োগৰ সম্ভাৱনা), অনুশাসনৰ সমস্যা, সুনির্দিষ্ট ব্যক্তিক দায়িত্বভাৰ দিয়াৰ প্রয়োজনীয়তা,
বিফলতাৰ সৈতে মোকাবিলা কৰিবলৈ যথোচিত পদ্ধতি বিকশিত কৰাৰ প্রয়োজনীয়তা ইত্যাদি
নানান প্রশ্নই সমাজবাদতো ভূমুকি মাৰিব। মার্ক্সীয় পৰম্পৰাই এই বিষয়বিলাকক আজিলৈকে
আওকান কৰি আহিছে।