Wednesday, December 20, 2023

এন্টোনিও নেগ্রিলৈ শ্রদ্ধাঞ্জলি

এই সপ্তাহটোত ৯০ বছৰ বয়সত মৃত্যু হোৱা এন্টোনিও নেগ্রি আছিল ১৯৬০ আৰু ১৯৭০ দশকৰ ইটালীৰ সামাজিক-ৰাজনৈতিক বিস্ফোৰণে সৃষ্টি কৰা আটাইতকৈ প্ৰভাৱশালী মাৰ্ক্সবাদী চিন্তাবিদ।

ইউৰোপৰ প্রসংগত পৰ্তুগীজ বিপ্লৱৰ উদাহৰণটো বাদ দিলে, ইটালীতেই এই সময়ছোৱাৰ সামাজিক সংগ্রামবিলাক শীর্ষ স্থানত উপনীত হৈছিল বুলি কব পৰা যায়। ১৯৬৯ চনৰ উষ্ম শৰৎকালচোৱাত ছাত্ৰ বিদ্ৰোহৰ সৈতে এলানি স্বতঃস্ফূর্ত শ্রমিক ধর্মঘটৰ মিলন ঘটিছিল। শ্ৰমিক শ্রেণী আৰু ছাত্ৰ সমাজৰ  ক্রমবর্ধমান ৰেডিকেল কার্যকলাপে সমগ্র ইউৰোপৰে সর্ববৃহৎ উগ্র বাওঁপন্থী শক্তিটোৰো জন্ম দিছিল।

Saturday, November 25, 2023

ছিকিমৰ নদীবান্ধ, বানপানী আৰু স্থানীয় ৰাইজৰ বিৰোধিতা

 সাম্প্রতিক প্রতিবেদন

 মূলঃ বৈষ্ণৱী ৰাঠোড়

মূল প্রকাশন - https://scroll.in/article/1057269/ticking-time-bombs-sikkim-floods-a-reminder-of-why-locals-opposed-dams-in-the-himalayas-for-years

চাৰি অক্টোবৰ ২০২৩ চন। পুৱতি নিশা, ছিকিমৰ উত্তৰ অঞ্চল। হঠাৎ অহা এক বানপানীয়ে ছিকিমৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্ৰকল্প ১২০০ মেগাৱাট শক্তিৰ তিস্তা তৃতীয়ক উটুৱাই লৈ গ’ল। নামনিৰ গেংটক, নামচি আৰু পাকয়ং জিলাত ই ভীষণ তাণ্ডৱ সৃষ্টি কৰিলে। ৮ অক্টোবৰৰ সন্ধিয়া ছিকিম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি এতিয়ালৈকে ৩৩ জন লোকৰ মৃত্যু হৈছে আৰু ১০৫ জন নিৰুদ্দেশ হৈছে।

ফেচিবাদ-বিৰোধী তিনিটা স্মৃতিসৌধ

ময়ূৰ চেতিয়া দ্বিতীয় বিশ্বযুদ্ধৰ স্মৃতি বহন কৰা ছোভিয়েট ভাস্কৰ্যসমূহৰ মাজত তিনিটা স্মৃতিসৌধৰ এক বিশেষ গুৰুত্ব আছে। এই তিনিওটা ইটো-সিটোৰ সৈত...