Saturday, January 6, 2024

ৰামৰ অযোধ্যা

 মূলঃ সৰোজ মিশ্ৰ

https://kafila.online/2024/01/02/rams-ayodhya-saroj-mishra/

অনুবাদঃ ময়ূৰ চেতিয়া

 

কোৱা হয় -  ৰামৰ জন্ম অযোধ্যাত হৈছিল, তাতেই খেলা-ধুলা কৰিছিল,  ডাঙৰ-দীঘল হৈছিল, তাৰ পৰাই নিৰ্বাসনলৈ পঠোৱা হৈছিল, তথা উভতি আহি তেওঁ তাতেই শাসন কৰিছিল। এসময়ত তেওঁৰ জীৱনৰ প্ৰতিটো মুহূৰ্তক স্মৰণ কৰি একো-একোটা মন্দিৰ নিৰ্মাণ কৰা হল। তেওঁ য’ত খেলিছিল, তাত নির্মিত হ’ল গুলেলা মন্দিৰ। পঢ়া-শুনা কৰা ঠাইখনত নির্মান কৰা হ’ল বশিষ্ঠ মন্দিৰ। তেওঁ য'ত বহি শাসন কৰিছিল, তাতো এটা মন্দিৰ নির্মান কৰা হ’ল। য’ত খাদ্য খাইছিল, সেয়া হ’লগৈ সীতা ৰচুই। ভৰতে য’ত বাস কৰিছিল, তাত নির্মাণ কৰা হ’ল ভৰত মন্দিৰ। লগতে নির্মাণ কৰা হ’ল হনুমান মন্দিৰ,  কোপ ভৱন, সুমিত্ৰা মন্দিৰ, দশৰথ ভৱন। সম্প্রতি অযোধ্যাত এনে বিশটা মন্দিৰ আছে,  যিবিলাকক ৪০০-৫০০ পূর্বে নির্মাণ কৰা হৈছিল। অৰ্থাৎ ভাৰতবৰ্ষত মোগল বা মুছলমানৰ শাসন চলি থকাৰ সময়তে এই মন্দিৰসমূহ নিৰ্মাণ কৰা হৈছিল।

ফেচিবাদ-বিৰোধী তিনিটা স্মৃতিসৌধ

ময়ূৰ চেতিয়া দ্বিতীয় বিশ্বযুদ্ধৰ স্মৃতি বহন কৰা ছোভিয়েট ভাস্কৰ্যসমূহৰ মাজত তিনিটা স্মৃতিসৌধৰ এক বিশেষ গুৰুত্ব আছে। এই তিনিওটা ইটো-সিটোৰ সৈত...