অসমীয়া প্রগতিশীল ব্লগ।ইন্টাৰনেটৰ যোগেৰে অসমীয়া ভাষাত বাওঁপন্থী চিন্তা চর্চাই এই ব্লগৰ উদ্দেশ্য । পৰিচালকঃ ময়ূৰ চেতিয়া
Wednesday, May 23, 2012
Monday, April 30, 2012
নাৰীবাদেই মোৰ বিয়াখন ৰক্ষা কৰি আহিছে।
মূলঃ Feminism Keeps
My Marriage Together
ক্রিষ্টি চার্চ
নাৰীবাদৰ বিৰুদ্ধে বহুতৰে অভিযোগৰ সীমা সংখ্যা নাই।বিবাহ
বিচ্ছেদৰ পৰা আৰম্ভ কৰি ক্রমহ্রাসমান জন্ম হাৰলৈকে, নিচাসক্তিৰ পৰা গোপন সমকামী
‘অভিসাৰ’লৈকে - অসংখ্য গুৰুতৰ ‘অভিযোগ’ত অভিযুক্ত এই বদনামী দর্শন। গুজৱ আছে যে নাৰীবাদে
হেনো নাৰীক স্বামীগৃহ পৰিত্যাগ কৰিবলৈ, শিশু আৰু ল’ৰা ছোৱালীৰ অনাদৰ কৰিবলৈ আৰু
সমাজ ব্যৱস্থা ধ্বংস কৰিবলৈ উৎসাহ দিয়ে। অথচ যোৱা দুবছৰ ধৰি নাৰীবাদেই আমাৰ সংসাৰখন
নিয়াৰিকৈ চলাই অহাৰ ক্ষেত্রত সহায় কৰি আহিছে। বিয়াৰ দ্বিতীয় বার্ষিকীৰ দিনা আমি
দুয়ো স্বামী-স্ত্রীয়ে নাৰীবাদলৈ আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
দ্বিতীয় প্রজন্মৰ নাৰীবাদীসকলে আঙুলিয়াই দেখুৱাইছে
যে নাৰীবাদী আন্দোলনৰ ফলস্বৰুপে আমি ইতিমধ্যে বহুখিনি সামাজিক অগ্রগতি লাভ কৰিছোঁ।
কিন্তু তাৰ অর্থ এয়া নহয় যে নাৰীবাদ বর্তমান সময়ত অপ্রাসংগিক হৈ পৰিছে। বৰঞ্চ নাৰীবাদী
দর্শনৰ অহৰহ প্রচাৰ এতিয়াও অতিশয় প্রয়োজনীয় হৈয়েই আছে। প্রায়েই দেখা যায় যে পৰিবর্তিত
পৰিস্থিতি সাপেক্ষে বহুতো ন’ ন’ ৰূপত যৌনবাদে(sexism) ভূমুকি মাৰে। এই ক্ষেত্রত নৱ-প্রজন্মৰ
যুবক-যুবতীসকল প্রায়েই দিশহাৰা হৈ পৰা যেন দেখা যায়। নাৰীবাদী দর্শনৰ মার্গ-দর্শন
আৰু সহায় সহযোগিতা অবিহনে এনে অভিজ্ঞতাসমূহ সিবিলাকৰ বিশেষ পটভূমিত পর্যালোচনা কৰি
চোৱাটো প্রায়েই দূৰুহ হৈ পৰে।
নিজৰে প্রেমত নপৰিবা!
স্লাভয় জিজেক
(অকুপাই ৱাল ষ্ট্রীট আন্দোলনৰ অন্যতম কেন্দ্রস্থলী নিউয়র্ক চহৰৰ জুকটি পার্কত
বাওঁপন্থী দার্শনিক স্লাভয় জিজেকে প্রদান কৰা বক্তৃতাৰ মুকলি অসমীয়া ভাবানুবাদ)
সিহঁতে
কয় – আমি হেনো কাম-বন নাইকিয়া-
হতভাগা বেকাৰৰ দল।পিচে প্রকৃত বেকাৰৰ দল সিহঁতহে, যি এতিয়া জনগনৰ টকাৰে নিজৰ ঋণ সুঁজাত লাগিছে।আমাক সমাজবাদী
বুলি চৌধ্য পুৰুষ উজাৰি গালি পৰা হয়। পিচে ৱাল ষ্ট্রীটত দেখোন ধনীৰ দুলালৰ বাবে
সমাজবাদ সদায়েই উপস্থিত। সিহঁতে কয়- আমি হেনো ব্যক্তিগত মালিকানাত বিশ্বাস নকৰোঁ। পিচে, সিহঁতে চপাই অনা ২০০৮ৰ
বিত্তীয় সঙ্কটে যে কিমান শত-সহস্র লোকৰেই তেজ-পানী এক কৰি ঘটা ধন ধূলিত
মিহলাই দিলে, তাৰ হিছাপ বা কোনে ৰাখিছে? সিহঁতে কয়- আমি হেনো
কল্পনাশ্রয়ী। আমি কল্পনাৰ আকাশত বাস কৰোঁ। পিচে সঙ্কটহীন পূঁজিবাদৰ আকাশী চাং সিহঁতেহে পাতিছিল। আমি ক’ব
বিচাৰোঁ যে আমি কল্পনাশ্রয়ী নহয়। বৰঞ্চ আমি এতিয়া এটা ভয়ঙ্কৰ দুঃস্বপ্নৰ পৰা সাৰ
পাইহে উঠিছো আৰু বাস্তবৰ হিচাপ ল’ব বিছাৰিছোঁ।
Subscribe to:
Posts (Atom)
বাস্তৱ-সম্ভৱ সমাজবাদৰ অর্থনীতি (সপ্তম অংশ)
মূলঃ The Economics of Feasible Socialism by Alec Nove অনুবাদঃ ময়ূৰ চেতিয়া শ্রম বিভাজন মার্ক্সৰ ৰোমান্টিক-য়ুটোপিয়ান চিন্তাধাৰাই ধূসৰ কৰি...
-
হেমাংগ বিশ্বাস ...... জোনাক কুঁ ৱলী ঘেৰা বেলতলা পথাৰৰ ৰাতিৰ ধাননি, পাৰ হৈ লাহে লাহে গৈ পালো নিকা ফৰকাল কুলখুৰাৰ চোতাল। এই চ...
-
অনুবাদ আ ৰু পৰিবর্ধনঃ ময়ূৰ চেতিয়া ১৯৪৫ চনৰ গ্রীষ্মকাল। জার্মানী। হেলমুথ নামৰ এটি ১১ বছৰীয়া শিশুৱে ৰাতিপুৱা সাৰ পায়েই শুনা পালেঃ মা...
-
মূলঃ জয়ৰছ বানাজি অনুবাদঃ ময়ূৰ চেতিয়া ['নতুন পদাতিক' আলোচনী ৰ মার্চ ২০১৪ সংখ্যাত প্রকাশিত।] [ ২০০২ চনৰ চেপ্তেম্বৰ ...

