Showing posts with label সমাজবাদৰ অর্থনীতি. Show all posts
Showing posts with label সমাজবাদৰ অর্থনীতি. Show all posts

Sunday, November 21, 2021

বাস্তৱ-সম্ভৱ সমাজবাদৰ অর্থনীতি (সপ্তম অংশ)

 মূলঃ The Economics of Feasible Socialism by Alec Nove

অনুবাদঃ ময়ূৰ চেতিয়া

শ্রম বিভাজন

মার্ক্সৰ ৰোমান্টিক-য়ুটোপিয়ান চিন্তাধাৰাই ধূসৰ কৰি ৰখা আন এটা বিষয় হৈছে শ্রম-বিভাজন সম্পর্কীয় বিষয়টো  এই যে মার্ক্সবাদীসকলে বাৰম্বাৰ কয় যে সমাজবাদৰ জৰিয়তে শ্রম-বিভাজনৰ অসান ঘটাব লাগিব, এই কথাষাৰৰ আচলতে অর্থ কি?

কলাকস্কিয়ে এইবিষয়ক মার্ক্সৰ দৃষ্টিভংগীৰ এক সাৰাংশ আগবঢ়াইছে - শ্রম বিভাজনৰ ফলত আশ্যকীয়ভাৱেই বাণিজ্য সৃষ্টি হয় - অর্থাৎ মানুহে উৎপাদন কৰা সামগ্রীবোৰ বিমূর্ত শ্রমৰ বাহকলৈ পৰিণত হয়। যেতিয়া সামগ্রীবোৰে পণ্যৰ ৰূপ ধাৰণ কৰে, ই বিচ্ছিন্নতাৰো(alienation) আধাৰ সৃষ্টি কৰে[1] তিনি প্রকাৰৰ “শ্রম বিভাজন” দেখা পোৱা যায়। ইয়াৰে প্রথমবিধ শ্রম বিভাজন সৃষ্টি হয় বিভিন্ন উৎপাদনী ইউনিটৰ মাজত বিশেষীকৰণৰ(specialisation) ফলস্বৰূপে। যেনে ধৰক কিছুমান ফেক্টৰীয়ে মোজা উৎপাদন কৰিছে, কিছুমানে আচাৰ, আন কিছুমানে আকৌ গাড়ীৰ কার্বোৰেটৰ নির্মাণ কৰিছে ইত্যাদি। এই প্রতিটো ফেক্টৰীয়েই আনৰ ব্যহাৰৰ বাবে সামগ্রী উৎপাদন কৰিছে, ইয়াৰ ফলত বিনিময় সৃষ্টি হৈছে, প্রত্যক্ষ ব্যহাৰৰ বিপৰীতে বিক্রয়ৰ বাবে সামগ্রী উৎপাদিত হৈছে, অর্থাৎ পণ্য উৎপাদনৰ সূচনা হৈছে। দ্বিতীয়বিধ শ্রম-বিভাজন সৃষ্টি হয় মানুহৰ মাজত বিভিন্ন পেশা অনুসৰি সৃষ্টি হোৱা বিশেষীকৰণৰ ফলত- কিছুমান মানুহে ইলেকট্রিছিয়ানৰ কাম কৰে, কিছুমানে মহৰীৰ, কিছুমানে একাউনটেন্টৰ, আন কিছুমানে কাঠ-মিস্ত্রীৰ ইত্যাদি। ইবিলাক হৈছে অনুভূমিক(horizontal) শ্রম বিভাজন। তৃতীয়বিধ শ্রম বিভাজন হৈছে উল্লম্ব(vertical) শ্রম বিভাজন। অর্থাৎ এই শ্রম বিভাজনৰ চৰিত্র হয় পদানুক্রমিক- যেনে অফিচাৰ বনাম সাধাৰণ চিপাহী, কমাণ্ডাৰ বনাম সাধাৰণ জোৱান, সংগঠনকর্তা বনাম সংগঠিত জনতা ইত্যাদি। বাহৰো প্রভৃতি কিছু পণ্ডিতে মানসিক আৰু শাৰীৰিক শ্রমৰ মাজত থকা বিভাজনৰ ওপৰত বিশেষ গুৰুত্ব দিছে, কিন্তু মনত ৰখা ভাল যে বেছিভাগ “মানসিক শ্রম”ৰ ক্ষেত্রতে কমাণ্ডসদৃশ গাঁথনি ব্যহাৰ কৰিব পৰা নাযায়। শ্রম বিভাজনৰ এই বিভিন্ন ৰূপবোৰৰ ফালে চালে বুজিব পাৰি যে শ্রমিকসকল বিভিন্ন কাৰণবশতঃ বিচ্ছিন্ন(alienated) হব পাৰে। তেওঁলোকে যিবিলাক সামগ্রী উৎপাদন কৰে সিবিলাক নিজৰ ভোগৰ বাবে কৰা নহয় তথা সিবিলাক ভোগ কৰা লোকসকলৰ সৈতে তেওঁলোকৰ দূৰত্ব বহু অধিক হব পাৰে; শ্রমিকসকলে এনে কেতবোৰ কাম কৰিব লগীয়া হব পাৰে যিবিলাকৰ চৰিত্র পুণৰাবৃত্তিমূলক তথা আমনি লগা বিধৰ হয়; পদানুক্রমত তেওঁলোকৰ অস্থান নিম্ন পর্যায়ৰ হব পাৰে, অর্থাৎ আনৰ আদেশ মানিব লগা হব পাৰে।

বাস্তৱ-সম্ভৱ সমাজবাদৰ অর্থনীতি (সপ্তম অংশ)

  মূলঃ  The Economics of Feasible Socialism by Alec Nove অনুবাদঃ ময়ূৰ চেতিয়া শ্রম বিভাজন মার্ক্সৰ ৰোমান্টিক-য়ুটোপিয়ান চিন্তাধাৰাই ধূসৰ কৰি...