প্রথম
অধ্যায়
ৰুছ দেশৰ বিকাশৰ বৈশিষ্ট্যসমূহ
লিয়ন
ট্রটস্কী
ৰুছ ইতিহাসৰ আটাইতকৈ মূল তথা স্থায়ী বৈশিষ্ট্যটো হৈছে – সামাজিক বিকাশৰ মন্থৰ গতি,
আর্থিক অনগ্রসৰতা আৰু তাৰ ফলস্বৰূপে সৃষ্টি হোৱা সংস্কৃতিৰ নিম্ন স্তৰ তথা সামাজিক ৰূপবোৰৰ আদিমতা।পূবালী বতাহ আৰু এচীয় প্রব্রজনৰ প্রতি উন্মুক্ত
এই বিশাল আৰু অনাড়ম্বৰ ভূখণ্ড প্রকৃতিৰ দ্বাৰাই দীর্ঘ অনগ্রসৰতাৰ বাবে
অভিশপ্ত আছিল। অঘৰী জাতিবোৰৰ সতে মাস্কোৱিৰ সংঘাত ১৭ শতিকা পর্যন্ত চলিছিল। চেঁচা বতাহ, শীতৰ ভয়ানক জাৰ আৰু গ্রীষ্মৰ খৰাঙৰ
সতে সংঘাত আজিও ওৰ পৰা নাই। সমস্ত প্রগতিৰ মূল আধাৰ – কৃষিৰ বিকাশ প্রসাৰিত(extensive) ৰূপতহে সংঘটিত হৈছিল।
উত্তৰৰ ফালে গছ কাটি, অৰণ্যত জুই লগাই মাটি মোকলোৱা হৈছিল। দক্ষিণৰ ফালে কুমাৰী
তৃণভূমিবোৰ কামত লগোৱা হৈছিল। প্রকৃতিৰ ওপৰত বিজয়ৰ ৰূপ গভীৰ হোৱাৰ বিপৰীতে প্রসাৰিতহে আছিল।
পশ্চিমৰ ফালে বর্বৰসকলে ৰোমান সংস্কৃতিৰ ধ্বংসাৱশেষৰ
ছাঁয়াত থিতাপি লবলৈ সুযোগ পাইছিল। পুৰণা সভ্যতাৰ শিলাবোৰে নির্মাণ সামগ্রীৰ যোগান
ধৰিছিল। পূবৰ ফালে শ্লাৱসকল ইমান ভাগ্যবান নাছিল; বিশাল জনশূণ্য এই সমভূমিত
তেওঁলোকৰ পূর্বসূৰীসকলৰ সংস্কৃতি তেওঁলোকতকৈও নিম্নবিধৰ আছিল। পশ্চিম ইউৰোপৰ
জাতিবোৰে অতি সোনকালেই তেওঁলোকৰ প্রাকৃতিক সীমাৰেখাবোৰ আৱিষ্কাৰ কৰি সাংস্কৃতিক আৰু
আর্থিক প্রগতিৰ সূচনা কৰিছিল; বাণিজ্যিক চহৰসমূহ অস্তিত্বলৈ আহিছিল। পূবৰ সমভূমিৰ
জাতিবোৰে জনসংখ্যা কিছু বৃদ্ধি হোৱা যেন দেখিলেই নতুন মাটিৰ সন্ধানত কুমাৰী জংগল আৰু
তৃণভূমিসমূহত প্রসাৰিত হৈ পৰিছিল। পশ্চিমীয়া কৃষক সমাজৰ উদ্যোগী অংশটোৱে চহৰবাসী,
কাৰিকৰ আৰু বনিকৰ ৰূপ ধাৰণ কৰিছিল। পূবৰ উৎসাহী আৰু সাহসী অংশটোৰ কিছুসংখ্যকেহে
বেপাৰত হাত দিছিল; অধিকাংশই কছেক, সীমান্তবাসী বা অভিযাত্রীলৈ পৰিণত হৈছিল। সামাজিক বিভাজনৰ
প্রক্রিয়াটোৱে পশ্চিমত সঘন ৰূপ লৈছিল; পূবত বিকাশৰ প্রসাৰিত চৰিত্রটোৰ ফলত ই লেহেমীয়া
আৰু তৰাং হৈ পৰিছিল। পিটাৰ প্রথমৰ সমসাময়িক ইটালীয় দার্শনিক জিয়’ৱান ৱিক’ৱে
লিখিছে, “মাস্কোৱিয়াৰ জাৰ নামত খ্রীষ্টান হলেও দৰাচলতে তেওঁ এটা সোৰোপা জাতিৰ ওপৰতহে
শাসন কৰে”। মাস্কোৱিয়াবাসীৰ এই
“সোৰোপা” মানসিকতাই আচলতে আর্থিক বিকাশৰ লেহেমীয়া গতি, শ্রেণী সম্পর্কৰ আকাৰহীনতা
আৰু আভ্যন্তৰীণ ইতিহাসৰ দৰিদ্র চৰিত্রটোকেই প্রতিফলিত কৰে।