Showing posts with label প্রভাত পাটনায়ক. Show all posts
Showing posts with label প্রভাত পাটনায়ক. Show all posts

Tuesday, August 29, 2017

মার্ক্সবাদ, উদাৰবাদ আৰু সমকালীন পৃথিৱী

ৰুছ বিপ্লৱৰ শতবার্ষিকী বক্তৃতা -৪ 
মূলঃ প্রভাত পাটনায়ক
ভাবানুবাদঃ ময়ূৰ চেতিয়া

(ৰুছ বিপ্লৱৰ শতবর্ষ উপলক্ষে প্রদান কৰা ভাষণাৱলীৰ চতুর্থ তথা অন্তিমটো ভাষণৰ মুকলি অনুবাদ। ইতিমধ্যেই “অক্টোবৰ বিপ্লৱ আৰু মার্ক্সীয় তত্ত্ব”, “লেনিনীয় সন্ধিক্ষণ”, তথা “পুঁজিবাদৰ স্বতঃস্ফূর্ততা” শীর্ষক প্রথম তিনিটা ভাষণৰ অনুবাদ আগবঢ়োৱা হৈছে – অনুবাদক)।

পূর্বৰ ভাষণটোত মই “পুঁজিবাদৰ স্বতঃস্ফূর্ততা” সম্পর্কে আলোচনা কৰিছিলো। এই স্বতঃস্ফূর্ততাক চিনাক্ত কৰিব পৰাৰ মাজতেই মার্ক্সবাদ তথা উদাৰবাদৰ মূল পার্থক্য লুকাই আছে। মই ভাবো যে ইয়েই মার্ক্সবাদৰ স্বকীয়তাও প্রদর্শন কৰে; ৰিকার্ডো আৰু স্মিথৰ পৰা মার্ক্স কিমানখিনিলৈ আগুৱাই গৈছিল, ই আমাক তাৰো সন্ধান দিয়ে। এই পার্থক্যৰ কথা সাধাৰণতেই মানি লোৱা নহয়। কেৱল পল চেমুৱেলচনৰ দৰে উদাৰবাদীয়েই নহয় - যি মার্ক্সক এজন “সৰু সুৰা উত্তৰ ৰিকার্ডোবাদী” বুলি কৈছিল- আনকি বহুতো মার্ক্সবাদীয়েও এই কথাষাৰৰ ওপৰত গুৰুত্ব নিদিয়ে। এনে বহুতো মার্ক্সবাদীৰ মতে মার্ক্সৰ অৱদান এইখিনিতেই আছিল যে তেওঁ ধ্রুপদী ৰাজনৈতিক অর্থনীতিক এক ঐতিহাসিক দৃষ্টি প্রদান কৰিছিল (বা “ৰিকার্ডোৰ ঐতিহাসিকীকৰণ” কৰিছিল)। কিন্তু কেনেদৰে মার্ক্সে ব্যৱস্থাটোৰ “স্বতঃস্ফূর্ততা”ৰ দিশটোৰ ওপৰত আলোকপাত কৰি সমস্ত ধ্রুপদী ৰাজনৈতিক অর্থনীতিৰ ধাৰাটোকেই উলট-পালট কৰি দিছিল, সেয়া তেওঁলোকে মন নকৰে। 

Saturday, May 27, 2017

পুঁজিবাদৰ স্বতঃস্ফূর্ততা: প্রভাত পাটনায়ক

অনুবাদঃ ময়ূৰ চেতিয়া



(ৰুছ বিপ্লৱৰ শতবর্ষ উপলক্ষে প্রদান কৰা ভাষণাৱলীৰ তৃতীয়টো ভাষণৰ মুকলি অনুবাদ। ইতিমধ্যেই “অক্টোবৰ বিপ্লৱ আৰু মার্ক্সীয় তত্ত্ব” তথা “লেনিনীয় সন্ধিক্ষণ” শীর্ষক প্রথম দুটা ভাষণৰ অনুবাদ আগবঢ়োৱা হৈছে। সোনকালেই চতুর্থটো ভাষণৰো অনুবাদ আগবঢ়োৱা হব – অনুবাদক)। 

উত্তৰ-বিশ্বযুদ্ধ কালছোৱাত পুঁজিবাদৰ এক পুণর্গঠন প্রক্রিয়া সম্পন্ন কৰা হৈছিল যাৰ ভিতৰত উপনিবেশবোৰৰ মুক্তকৰণ, কেইনচীয় চাহিদা মেনেজমেণ্ট নীতি তথা সার্বজনীন ভোটাধিকাৰভিত্তিক গণতন্ত্র স্থাপন অন্যতম উপাদান আছিল। ই আচলতে পুঁজিবাদে আগবঢ়োৱা কেতবোৰ ৰেহাইকেই সূচীত কৰিছিল কিয়নো সেই সময়ছোৱাত কমিউনিজমৰ ভূতে সমগ্র বিশ্বখন পেপুঁৱা লগাই থৈছিল। এফালে ফেচীবাদবিৰোধী সংগ্রামত সিবিলাকৰ ভূমিকাৰ বাবে ছোভিয়েট ইউনিয়ন তথা ইউৰোপৰ বিভিন্ন কমিউনিষ্ট দলবোৰ সকলোৰে সন্মানৰ পাত্র হৈ পৰিছিল, আনফালে চীনত নব্য গণতান্ত্রিক বিপ্লৱ সংঘটিত হৈছিল। পূব ইউৰোপৰ বিভিন্ন দেশো ৰেড আর্মিৰ দখললৈ আহিছিল। অৱশ্যে এইটোও সঁচা যে য়াল্টা চুক্তিয়ে পশ্চিম ইউৰোপত ছোভিয়েট ইউনিয়নৰ হাত বান্ধি থৈছিল; পূব ইউৰোপত সমাজবাদ স্থাপনৰ প্রতিদান হিচাপে ছোভিয়েট ইউনিয়নে ফ্রাঞ্চ, ইটালী তথা গ্রীচৰ কমিউনিষ্ট জনজাগৰণত কোনো হস্তক্ষেপ কৰিব পৰা নাছিল। উত্তৰ যুদ্ধকালৰ প্রথমটো নির্বাচনত ইটালীৰ কমিউনিষ্ট পার্টি দেশখনৰ সর্ববৃহৎ দল হিচাপে আৱির্ভাৱ হোৱা সত্তেও দলটোক চৰকাৰ গঠন কৰিবলৈ দিয়া হোৱা নাছিল। ঠিক তেনেকৈয়ে গ্রীচৰ গৃহযুদ্ধত স্থানীয় কমিউনিষ্ট পার্টিয়ে অকলেই বৃটিছ সাম্রাজ্যবাদৰ আশীর্বাদপুষ্ট প্রতিক্রিয়াশীল শক্তিবোৰৰ সৈতে যুঁজিব লগা হৈছিল। যি কি নহওঁক, মুঠৰ ওপৰত মেট্র’পলিটান পুঁজিবাদে কমিউনিজমৰ ভাবুকিটোক অতি গম্ভীৰভাৱে গ্রহণ কৰিছিল। অতি সোনকালেই শীতল যুদ্ধৰ আৰম্ভণি ঘটিছিল আৰু আমি ইতিমধ্যেই উল্লেখ কৰাৰ দৰে কমিউনিজমৰ প্রত্যাহবানটোৰ সৈতে মোকাবিলা কৰিবলৈ পুঁজিবাদৰ এক পুণর্গঠন প্রক্রিয়া হাতত লোৱা হৈছিল।

Sunday, April 23, 2017

লেনিনীয় সন্ধিক্ষণঃ প্রভাত পাটনায়ক

অনুবাদঃ ময়ূৰ চেতিয়া

(কিছুদিন পূর্বে বিশিষ্ট মার্ক্সবাদী পণ্ডিত প্রভাত পাটনায়কে ৰূছ বিপ্লৱৰ শতবর্ষ উপলক্ষে এলানি বক্তৃতা প্রদান কৰিছিল। প্রথম বক্তৃতাটো কিছুদিন পূর্বে আমি অনুবাদ কৰিছিলো।http://bauponthibotora.blogspot.in/2017/04/blog-post_64.html সদ্যহতে দ্বিতীয় বক্তৃতাটোৰ অনুবাদ আগবঢ়োৱা হৈছে।) 

অক্টোবৰ বিপ্লৱৰ আঁৰৰ মূল তাত্ত্বিক পূর্বধাৰণাটো আছিল এই যে যিহেতু আন্তঃসাম্রাজ্যবাদী সংঘাতে যুদ্ধৰ এটা নতুন যুগ সৃষ্টি কৰিছে, য’ত এখন দেশৰ শ্রমিকে আন দেশৰ শ্রমিকৰ তেজেৰে হাত ৰাঙলী কৰিবলৈ বাধ্য হব, ইয়াৰ অর্থ হৈছে – পুঁজিবাদ এক সংকটকালত উপনীত হৈছে। ই ঐতিহাসিকভাৱে “মৰণোন্মুখ” হৈ পৰিছে। ইয়েই সামাজিক বিপ্লৱৰ এটা নতুন যুগৰো সৃষ্টি কৰিছে যি বিকশিত পুঁজিবাদী দেশবোৰৰ লগতে ঔপনিবেশিক দেশবোৰকো সাঙুৰি লৈছে – যিহেতু ঔপনিবেশিক জনগণকো এই যুদ্ধবোৰলৈ বলিৰ পঠাৰ ৰূপত টানি অনা হৈছে। এনে পৰিস্থিতিত বিপ্লৱক অৱৰূদ্ধ কৰিব পৰা কোনো শক্তি যদি আছিল, সেয়া শ্রমিক শ্রেণীৰ এটা অংশৰ দোধোৰ-মোধোৰ মানসিকতা বুলি চিনাক্ত কৰা হল, যাৰ আঁৰত শ্রমিক নেতৃত্বৰ কেতবোৰ বিশেষ অংশৰ - যেনে “শ্রমিক অভিজাততন্ত্র”ৰ অংশবিশেষ ট্রেড ইউনিয়ন পদাধিকাৰীসকলৰ দোদুল্যমানতা বা দুর্নীতিগ্রস্ততা মূল কাৰক বুলি ভবা হল। ইয়াৰ অর্থ আছিল – বিপ্লৱীসকলে এনে সমস্ত আপোচকামী উপাদানৰ সতে সম্পর্ক চ্ছেদ কৰিব লাগিব আৰু প্রয়োজন হলে “অকলেই আগবাঢ়িব” লাগিব।

Thursday, April 13, 2017

অক্টোবৰ বিপ্লৱ আৰু মার্ক্সীয় তত্ত্ব


প্রভাত পাটনায়ক
অনুবাদঃ ময়ূৰ চেতিয়া

(কিছুদিন পূর্বে বিশিষ্ট মার্ক্সবাদী পণ্ডিত প্রভাত পাটনায়কেৰুছ বিপ্লৱৰ এশবছৰ" উপলক্ষে সম্পর্কে এলানি বক্তৃতা দিছিলবর্তমানৰ প্রৱন্ধটো হৈছে প্রথম বক্তৃতাটোৰ মুকলি অসমীয়া অনুবাদভৱিষ্যতে বাকী তিনিটা বক্তৃতাৰো অনুবাদ আগবঢ়াবলৈ চেষ্টা কৰা হব।)

মার্ক্সৰ তত্ত্ব যেতিয়া পোনপ্রথমবাৰৰ বাবে উপস্থাপিত হৈছিল, ৰাছিয়াৰ বৌদ্ধিক জীৱনটোক অন্যান্য দেশৰ তুলনাত অতি গভীৰভাৱে প্রভাৱিত কৰি পেলাইছিলএই কথা সঁচা যে জার্মানীৰ বিশাল শ্রমিক আন্দোলনযি সেই সময়ৰ আটাইতকৈ শক্তিশালী শ্রমিক আন্দোলন আছিল (প্রথম বিশ্বযুদ্ধৰ প্রাকক্ষণত জার্মান চচিয়েল ডেমক্রেটিক পার্টিয়ে দৈনিক ৮৬ খন বাতৰি কাকত প্রকাশ কৰিছিল), মার্ক্সৰ দ্বাৰা প্রত্যক্ষভাৱে প্রভাৱিত হৈছিল, কিন্তু ৰাছিয়াৰ সামগ্রিক বৌদ্ধিক জীৱনটোকেই মার্ক্সৰ চিন্তনে যেনেদৰে প্রভাৱিত কৰি পেলাইছিল, তাৰ আন কোনো উদাহৰণ সেই সময়ত নাছিল

বাস্তৱ-সম্ভৱ সমাজবাদৰ অর্থনীতি (সপ্তম অংশ)

  মূলঃ  The Economics of Feasible Socialism by Alec Nove অনুবাদঃ ময়ূৰ চেতিয়া শ্রম বিভাজন মার্ক্সৰ ৰোমান্টিক-য়ুটোপিয়ান চিন্তাধাৰাই ধূসৰ কৰি...