Showing posts with label প্রগতিশীল সংস্কৃতি. Show all posts
Showing posts with label প্রগতিশীল সংস্কৃতি. Show all posts

Saturday, January 21, 2017

নাচ গান কৰি ভাল পোৱা মানুহজন

মূলঃ সুহৃদ শংক চট্টোপাধ্যায়, 
‘ফ্রণ্টলাইন’ আলোচনী, ১১ নৱেম্ব, ২০১৬ সংখ্যা
অনুবাদঃ ময়ূ চেতিয়া

১৯৬৫ চনৰ এটা সাক্ষাৎকাৰত মানুহজনক  সোধা হৈছিল – তেওঁ নিজকে এজন কবি বুলি ভাবে নে গায়ক বুলি ভাবে। উত্তৰত মানুহজনে কৈছিল – “মই নিজকে এজন নাচ গান কৰি ভাল পোৱা মানুহ বুলিহে ভাবো”
এই সাক্ষাৎকাৰৰ সুদীর্ঘ ৫১ বছৰৰ পাছত মানুহজনক সাহিত্যৰ নবেল বঁটা প্রদান কৰা হল। কোৱা হল “আমেৰিকান সংগীত পৰম্পৰাৰ জগতখনত অভিন কাব্যিক প্রকাশভংগী সৃষ্টি কৰাৰ বাবে তেওঁক এই বঁটা প্রদান কৰা হৈছে”। কথাষাৰ মিছা নহয়। এই পাঁচোটা দশকত তেওঁ জনপ্রিয় সংগীতৰ সমস্ত ধাৰাটোকেই সলনি কৰি পেলালে, গীত ৰছনাৰ কলাটিক তেওঁ নতুনকৈ সংজ্ঞায়িত কৰিলে, তাক তেওঁ কবিতাৰ স্তৰলৈ লৈ গল। তেওঁ যে আধুনিক যুগৰ এজন অন্যতম সাংস্কৃতিক পুৰোধা ব্যক্তি – এই বিষয়ে কোনো সন্দেহ নাই।

আজিৰ যুগৰ সামগ্রিক সাংস্কৃতিক জগতখনৰ বিষয়ে ভাবক আৰু কল্পনা কৰক যে বব ডিলান বোলা ব্যক্তিজন কেতিয়াও নাছিলেই। কথাষাৰ অদ্ভুত নালাগিবনে? এইবুলি কলে হয়তো বেছি কোৱা নহব যে তেওঁৰ অবিহনে এই পৃথিবীখন বহুখিনি বেলেগ হলহেতেন। বিগত পঞ্চাছ বছৰ ধৰি ডিলানে তেওঁৰ গীতসমূহৰ জৰিয়তে মানুহক বৈকল্পিকভাৱে চিন্তা কৰিবলৈ শিকাই আহিছে। জীন আৰু সমাজৰ বিষয়ে তেওঁ এক বৈকল্পিক দৃষ্টিভংগী প্রদান কৰিছে আৰু পূর্বাগ্রহ, সংঘাত আৰু লোভেৰে পৰিপূর্ণ এই জগতখনত তেওঁ অনিচ্ছা স্বত্তেও যেন এক বিবেকৰ ভূমিকা পালন কৰি আহিছে।
 “Hey, hey, Woody Guthrie, I wrote you a song
’Bout a funny ol’ world that’s a-comin’ along
Seems sick an’ it’s hungry, it’s tired an’ it’s torn
It looks like it’s a-dyin’ an’ it’s hardly been born” (Bob Dylan, 1962).

কিন্তু একেসময়তে ডিলান প্রেম আৰু সৌন্দর্যৰো কবি, সুখ আৰু যন্ত্রণাৰ ক্ষণভঙ্গুৰ মুহূর্তবোৰো তেওঁৰ কবিতাত জীন্ত হৈ উঠে, তেওঁ আমাক গৰিমা আৰু মূঢ়তাৰে পৰিপূর্ণ জীনৰ কাহিনী শুনায়। তেওঁ প্রতিবাদৰ চিৰমুখৰ কণ্ঠ, শোষিতজনৰ কবি, চিৰসেউজ বিদ্রোহী গানৰ ৰচয়িতা, শব্দৰ খনিকৰতেওঁ কলাক তাৰ সংকীর্ণ বিভাজনবোৰৰ পৰা উলিয়াই আনি মুক্ত কৰে, সৃষ্টিৰ চূড়ান্ত সীমালৈকে তেওঁ তাক লৈ যায়। কিন্তু এই সমস্ত কৃতিত্বৰ পাছতো তেওঁ ৰাইজৰ সমুখত, মঞ্চত গীত গাবলৈ এৰা নাই – তেওঁ যে নাচ গান কৰি ভাল পোৱা মানুহ!

Tuesday, February 12, 2013

ভূপেন হাজৰিকাৰ গীত-মাতেৰে এটা পুৰণা শ্রেণী সংগ্রামৰ গান...



[ভূপেন হাজৰিকা দ্বাৰা চিত এই গীতটি কেইবাটাও সংস্কণ শুনিবলৈ পোৱা যায়। ভাতীয় গণ নাট্য সংঘত থকা সময়তে হাজৰিকাই গীতটি ছনা কৰিছিল। থলুৱা সু মাতেৰে প্রস্তুত কৰা গীতটিত শ্রেণী সংগ্রাম সু সুস্পষ্ট। গণ নাট্য সংঘ এৰি অহা পাছত অৱশ্যে হাজৰিকাই নিজেই গানটো ৰেডিকেল অংশখিনি বাদ দি নতুনকৈ ৰেকর্ড কৰাইছিল।]     

http://www.asomtube.com/audio/2510/sagar-saal-selabar-old-ipta-version


ছাগৰ ছাল চেলাবৰ ডবুৱা কটাৰী
পহুৰ ছাল চেলাবৰ মিট
দেশৰ বুঢ়া মেথা দায়ে নধৰিবা
গা‍ই যাওঁ আজিৰে গীত

লুইতত ভুটুঙাই ওলাল শিহু
আজি বোলে ৰঙালী বিহু বিহু
ধেমালি চাই যা, ধেমালি চা
যেন লেতেকুৰে থোক
দলদোপ দলদোপ হেন্দোলদোপ

Thursday, January 17, 2013

জ্যোতিপ্রসাদ


হেমাংগ বিশ্বাস
.........

তুমি আছা
কঠীয়াতলীত
কৃষকৰ সেউজীয়া স্বপ্নত
ধান য’ত মূৰ দাঙি গান হৈ
জাগে।
চাহ বনুৱাৰ মাদলে মাদলে
তেজৰ বুলনি সনা বাগিছাৰ
পাতে পাতে
বিদ্রোহৰ কঁপনি তোলা
ৰূদ্র সংগীতত।
ধনতন্ত্রী দুষ্কৃতিৰ
ধ্বংসকামী,
তুমি আছা
সাম্যবাদী সংস্কৃতিৰ
ৰঙা দিগন্তত।

Wednesday, January 9, 2013

কুল খুৰাৰ চোতাল


হেমাংগ বিশ্বাস
......

জোনাক কুঁৱলী ঘেৰা
বেলতলা পথাৰৰ ৰাতিৰ ধাননি, পাৰ হৈ
লাহে লাহে গৈ পালো নিকা ফৰকাল
কুলখুৰাৰ চোতাল।
এই চোতালত
কৃষি বিপ্লৱৰ মন্ত্রণা;
খুৰা তাৰেই সভাপতি।
এন্ধাৰ জুপুৰীত
লেমৰ ঢিমিক-ঢামাক পোহৰত
সুধিলোঁ- খুৰা এতিয়া কেনে পাইছা?
এটি খীন আঙুলিৰে ডিঙিত চেপা দি উলিয়াইছিল মাথোঁ
এষাৰ অস্পষ্ট মাতঃ
বৰ কষ্ট কমৰেড।
যুগে যুগে শোষিতৰ কষ্ট পান কৰি
নীলকণ্ঠ খুৰা,
যুগে যুগে বসুমতাৰ গর্ভ বিদাৰি
লখিমী উলিয়াই
খুৰা হ’ল বসুমতাৰী;
নাঙলৰ সীৰলুত মানিকীমধুৰী কাব্য
যুগে যুগে ৰচি
মহাকবি খুৰা
বাৰে বাৰে শোষকৰ পাল খেদি
বীৰ বসুমতাৰী ৰণক্লান্ত আজি।
কুলখুৰা নাই।
বাতৰি কাকতত খবৰ নোলাল
আজিৰ বাতৰিত শিৰোনামা নাপায় খুৰাই।
কুলখুৰা, সপ্তাহৰ মানুহ যে নহয়,
নহয় বছৰৰ,
কুলখুৰা শত-শতিকাৰ,
কমৰেড বসুমতাৰী
বাতৰি নহয়,
ইতিহাস।

বাস্তৱ-সম্ভৱ সমাজবাদৰ অর্থনীতি (সপ্তম অংশ)

  মূলঃ  The Economics of Feasible Socialism by Alec Nove অনুবাদঃ ময়ূৰ চেতিয়া শ্রম বিভাজন মার্ক্সৰ ৰোমান্টিক-য়ুটোপিয়ান চিন্তাধাৰাই ধূসৰ কৰি...