Showing posts with label বিংশ শতিকাৰ ইতিহাস. Show all posts
Showing posts with label বিংশ শতিকাৰ ইতিহাস. Show all posts

Friday, March 3, 2017

উগ্ৰতাৰ যুগ : চমূ বিংশ শতিকাৰ ইতিহাস: এৰিক হবছবম

মূলঃ 'Age of Extremes',  Eric Hobsbawm. 
অনুবাদঃ ময়ূৰ চেতিয়া
প্রথম অধ্যায়
সর্বগ্রাসী যুদ্ধৰ যুগ

(১)
‘সমগ্র য়ুৰোপৰ বুকুৰ পৰা পোহৰৰ চাকিবোৰ আজি নুমাই গৈছে; আমাৰ জীৱন কালত দুনাই সিবিলাক জ্বলি উঠা হয়তো আমি দেখা নেপাম’ – এই ভাষ্য হৈছে গ্রেট ব্রিটেইনৰ বিদেশ সচিব এডৱার্ড গ্রেৰ; ১৯১৪ চনত জার্মানী আৰু ব্রিটেইনৰ মাজত যুদ্ধ ঘোষণা হোৱাৰ নিশা যেতিয়া ৱাইট হলৰ বন্তিবোৰ এটা এটাকৈ নুমুৱাই পেলোৱা হৈছিল, দৃশ্যটো চাই চাই গ্রেই এনেদৰে স্বগঃতোক্তি কৰিছিল। গ্রেৰ পৰা বহু যোজন দূৰৈত ৱিয়েনা চহৰৰ নিবাসী বিখ্যাত ব্যংগশিল্পী কার্ল ক্রাছেও নিজস্ব উপায়েৰে বিশ্বযুদ্ধৰ সৈতে মুখামুখি হবলৈ প্রস্তুতি চলাইছিল। যুদ্ধৰ বিতং বর্ণনা তথা যুদ্ধক নিন্দা কৰি ৭৯২ পৃষ্ঠাৰ এখন বিয়াগোম বিবৰণপূর্ণ নাটক তেওঁ লিখিবলৈ লৈছিল যাৰ নামাকৰণ তেওঁ এনেদৰে কৰিছিলঃ ‘মানৱ জাতিৰ অন্তিম দিনকেইটা’। গ্রে আৰু ক্রাছ – দুয়োজনেই অনুভৱ কৰিছিল – তেওঁলোকৰ পুৰণা পৃথিৱীখন চাৰখাৰ হৈ গৈছে আৰু এনে অনুভৱ কৰা মানুহ কেৱল তেওঁলোক দুজনেই নাছিল। অৱশ্যেই এয়া মানৱ জীৱনৰ অন্তিম সময় নিশ্চয় নাছিল – কিন্তু তথাপিও দুই বিশ্বযুদ্ধৰ মাজৰ সময়খিনিত –১৯১৪ৰ ২৮ জুলাইত অষ্ট্রিয়াই চার্বিয়াৰ ওপৰত যুদ্ধ ঘোষণা কৰাৰ পৰা  ১৯৪৫ৰ ১৪ আগষ্টলৈকে – যেতিয়া আনৱিক বিস্ফোৰণৰ চাৰি দিন পাছত জাপানে আত্মসমর্পন কৰিছিল – এই নাতিদীর্ঘ একত্রিছটা বছৰত এনে কেবাটাও মুহূর্ত আহিছিল যেতিয়া মানৱ জাতিৰ এক লেখত লবলগীয়া অংশৰ সামগ্রিক বিনাশ নির্ঘাটভাৱে হব পাৰে যেন অনুভৱ হৈছিল। এনে কেবাটাও মুহূর্ত আহিছিল যেতিয়া ঈশ্বৰে - যি পৃথিবীখন সৃষ্টি কৰিছে বুলি ধর্মপ্রাণ মানুহে বিশ্বাস কৰে - এনে ঈশ্বৰেও এই পৃথিবীখন কিয়নো স্রজন কৰিলো বুলি আক্ষেপ কৰাৰ আশা কৰিব পৰা গৈছিল

Wednesday, September 14, 2016

বিহংগম দৃষ্টিৰে বিংশ শতিকা (দ্বিতীয় তথা অন্তিম অংশ)


ৰিক হবছবম
ভাবানুবাদঃ ময়ূ চেতিয়া

১৯৯০ৰ পৃথিবীখনৰ সৈতে ১৯১৪ৰ পৃথিবীখন তুলনা কৰি চালে কেনেধৰণৰ দৃশ্য দেখা পোৱা যায়?  ১৯৯০ চনত বিশ্বৰ মুঠ জনসংখ্যা আছিল পাঁচ বা ছয় বিলিয়ন; ১৯১৪ চনতকৈ প্রায় তিনিগুণ বেছি। অথচ এনে বিপুল জনসংখ্যাবৃদ্ধি এনে এটা শতিকাত ঘটিছিল যিটো শতিকাত পূর্বৰ সমস্ত ইতিহাসৰ তুলনাত আটাইতকৈ বেছি মানুহ আন মানুহৰ সচেতনৰ পৰিকল্পনাৰ ফলত বা অৱহেলাৰ ফলত মৃত্যুমুখত পৰিছিল। এটা শেহতীয়া হিচাপ মতে বিংশ শতিকাত এনেদৰে মৃত্যু হোৱা মানুহৰ সংখ্যা হৈছে প্রায় ১৮৭ মিলিয়ন অর্থাৎ ১৯০০ চনৰ মুঠ বিশ্ব জনসংখ্যাৰ ১/১০ অংশতকৈ অলপমানহে কম। সি যি কি নহওঁক, ১৯৯০ৰ দশকৰ বেছিভাগ মানুহেই তেওঁলোকৰ পিতৃ-মাতৃতকৈ ওখ আছিল, অধিক ভাল খাদ্য খাবলৈ পাইছিল, অধিক ভাল অৱস্থাত জীয়াই আছিল তথা অধিক আয়ু লাভ কৰিছিল। অৱশ্যে ১৯৮০ তথা ৯০ৰ দশকত আফ্রিকা, লেটিন আমেৰিকা তথা প্রাক্তন সমাজবাদী দেশবোৰত সংঘটিত হোৱা গণ্ডগোলবোৰলৈ চালে এনে পৰিসংখ্যাবোৰ অবিশ্বাস্য যেনেই ভাব হয়। পণ্যসামগ্রী তথা সেৱা উৎপাদনৰ ক্ষেত্রত তথা বিভিন্ন  বৈচিত্রপূর্ণ পণ্যৰ উপলভ্যতাৰ ক্ষেত্রত ৯০ৰ দশকৰ পৃথিবীখন পূর্বৰ সমস্ত ইতিহাসতকৈ অধিক ঐশ্বর্যময় হৈ পৰিছিল বুলি কব পাৰি। অন্যথাই এক বিপুল সংখ্যক জনসংখ্যাক খুৱাই-পিন্ধাই ৰখাটো বিশ্বৰ বাবে সম্ভৱপৰ নাছিল। ১৯৮০ৰ দশক পর্যন্ত বেছিভাগ মানুহেই তেওঁলোকৰ পিতৃ-মাতৃতকৈ ভাল জীৱন যাপন যাপন কৰিছিল আৰু বিকশিত দেশবোৰলৈ চালে জীৱন স্তৰৰ বিকাশে কল্পনাৰ সীমাও চেৰাই গৈছিল; মানুহে নিজে আশা কৰাতকৈ বহু ভাল স্তৰত জীৱন অতিবাহিত কৰিবলৈ সুযোগ পাইছিল। শতিকাটোৰ মাজৰ অংশটোত কিছুসময়ৰ বাবে এনে অনুভৱো হৈছিল – যেন সমাজৰ বিপুল সম্পদসমূহ অন্ততঃ ধনী দেশৰ শ্রমজীৱি জনগণৰ মাজত কিছুদূৰৈলৈ ন্যায়সংগতভাৱে বিতৰণ কৰাৰ উপায়ো বিকশিত কৰিব পৰা গৈছে; অৱশ্যেই শতিকাৰ শেহৰছোৱালৈ অসমতা পুণৰ বৃদ্ধি হৈ আহিছিল। পূর্বৰ সমাজবাদী দেশবোৰতো এইবাৰ অসমতাই মূৰ দাঙি উঠিছিল – য’ত পূর্বে নিম্নস্তৰত হলেও সমতাৰ এটা বিশেষ স্তৰ লাভ কৰা হৈছিল। ১৯১৪ চনৰ তুলনাত ১৯৯০ৰ দশকৰ নাগৰিকসকল বহু বেছি পৰিমাণে শিক্ষিত হৈ পৰিছিল। মানৱ ইতিহাসত পোন প্রথমবাৰৰ বাবে বেছিভাগ মানুহকেই অন্ততঃ চৰকাৰী পৰিসংখ্যা অনুসৰি সাক্ষৰ বুলি কব পৰা গৈছিল। অৱশ্যে সমাজৰ এলিট স্তৰত লিখন আৰু পাঠনৰ যেনে উচ্চ স্তৰ বাঞ্চনীয় বুলি ভবা হৈছিল, তাৰ তুলনাত বেছিভাগ চৰকাৰীভাৱে সংজ্ঞায়িত সাক্ষৰ লোকক ‘প্রকৃতার্থত অশিক্ষিত’ বুলিয়েই কব পৰা গৈছিল। অর্থাৎ ১৯৯০ৰ সময়ছোৱাত শিক্ষাৰ এই প্রগতিক কিমানদূৰলৈ তাৎপর্যপূর্ণ বুলি কব পাৰি, সেয়া স্পষ্ট নহয়।

Thursday, August 11, 2016

বিহংগম দৃষ্টিৰে বিংশ শতিকা

ৰিক হবছবম
ভাবানুবাদঃ ময়ূ চেতিয়া

(এয়া হৈছে এৰিক হবছবমৰ ‘এজ অব এক্সট্রিমছঃ দা চর্ট টুৱেন্টিয়েথ চেঞ্চুৰিঃ ১৯১৪-১৯৯১’ শীর্ষক বিখ্যাত গ্রন্থখনৰ প্রস্তাৱনামূলক অধ্যায়। গ্রন্থখন ১৯৯৪ চনত প্রকাশিত হৈছিল। ইয়াত লেখকে বিংশ শতিকাৰ প্রতি এক বিহংগম দৃষ্টি নিক্ষেপ কৰিছে আৰু কেতবোৰ সাধাৰণ সিদ্ধান্ত বিকশিত কৰিছে। অধ্যায়টোক এক সুকীয়া প্রৱন্ধ হিচাপেও পঢ়িব পৰা যায়হবছবমক অনুবাদ কৰা সহজ নহয়। জার্মানমূলৰ অন্যান্য লেখকৰ দৰেই হবছবমেও অতিশয় দীঘল দীঘল বাক্য লিখে। বুজাত সহজ হোৱাকৈ আমি ইয়াত দীঘল বাক্যবোৰ যতসম্ভৱ সৰল কৰিবলৈ চেষ্টা কৰিছোঁ। প্রয়োজনবিশেষে কেতবোৰ অতিৰিক্ত তথ্যপাতিৰো যোগান ধৰিছোঁ। কাজেই এই অসমীয়া সংস্কৰণটোক অনুবাদ বোলাতকৈ ভাবানুবাদ বোলাটোহে অধিক শুদ্ধ হবঅসমীয়া পাঠক লেখনীটো পঢ়ি ভাল পাব বুলি আশা কৰা হল   – অনুবাদক)

১৯৯২ চন ২৮ জুন। ফ্রাঞ্চ ৰাষ্ট্রপতি মিতেঁহই হঠাতে সিদ্ধান্ত ললে যে তেওঁ চাৰাজেভো চহলৈ যাব। য়ুগোশ্লাভিয়া দেশৰ অন্যতম মূল চহৰ চাৰাজেভো তেতিয়া গৃহযুদ্ধৰ আৱর্তত। চৌদিশে মৰামৰি, কটাকটি। যুদ্ধৰ ফলত ইতিমধ্যেই লাখ লাখ মানুহৰ মৃত্যু ঘটিছে। এনে এক অৰাজক পৰিস্থিতিত  হিলৈ আৰু বৰতোপৰ গুলীৰ মাজত ফ্রাচোঁৱা মিতেঁহ  চাৰাজেভোলৈ যোৱাৰ উদ্দেশ্য কি আছিল?

মিতেঁহই আচলতে য়ুগোশ্লাভিয়াৰ সংকট সম্পর্কে বিশ্বৰ অন্যান্য দেশবোৰ যে অতিশয় গম্ভীৰ - এই কথাটো স্থানীয় নেতাসকলক বুজাবলৈ গৈছিল। তেওঁৰ দৰে এজন অশীতিপৰ, বৃদ্ধ তথা সন্মানীয় ৰাজনেতাই  মৃত্যু আশংকাকো নেওচা দি ৰণথলীলৈ এনে সৎ উদ্দেশ্যেৰে যাত্রা কৰাৰ কথাটো বাতৰি কাকতবোৰত বেছ গুৰুত্বসহকাৰে প্রকাশ কৰা হৈছিল তেওঁৰ সাহসক প্রশংসাও কৰা হৈছিল। পিছে মিতেঁহৰ চাৰাজেভো যাত্রাৰ আন এটাও দিশ আছিল। তেওঁ গমন কৰিবলৈ চয়ন কৰা দিনটো আছিল ১৮ জুন; বিশ্ব ইতিহাসত এই দিনটোৰ এক বিশেষ তাৎপর্য আছিল। পিছে কাকত-আলোচনীবোৰে তাৰ তাৎপর্য বুজিবই নোৱাৰিলে। এই দিশটো সম্পর্কে কাকতবোৰ নিমাত হৈয়েই ৰল।

বাস্তৱ-সম্ভৱ সমাজবাদৰ অর্থনীতি (সপ্তম অংশ)

  মূলঃ  The Economics of Feasible Socialism by Alec Nove অনুবাদঃ ময়ূৰ চেতিয়া শ্রম বিভাজন মার্ক্সৰ ৰোমান্টিক-য়ুটোপিয়ান চিন্তাধাৰাই ধূসৰ কৰি...