Showing posts with label সন্ধিক্ষণৰ মন্তব্য. Show all posts
Showing posts with label সন্ধিক্ষণৰ মন্তব্য. Show all posts

Friday, October 30, 2020

ৰাইজে নিজা প্রচেষ্টাত গঢ়ি তোলক শ্রমজীৱী মানুহৰ সংগ্রহালয়!


ময়ূৰ চেতিয়া

এটা জনগোষ্ঠীক সম্পূর্ণভাৱে দানৱ তথা অজীন-পাতকীৰ ৰূপত প্রক্ষেপ কৰা কামটো ইতিমধ্যেই সফল হৈছে। তাৰ বিপৰীত ৰণনীতি কি হব পাৰে – সেয়া আজিও এক মুকলি প্রশ্ন। এটা ৰণনীতি হৈছে জনগোষ্ঠীয় পৰিচয়ভিত্তিক বাগধাৰা গঢ়ি তোলা। পিছে অসমৰ বিভিন্ন পৰিচয়ভিত্তিক জনগোষ্ঠীয় আন্দোলনৰ ইতিহাস ফালি চালে তাৰ শেষ ফলাফল বৰ আশাপ্রদক যেন ভাৱ নহয়। আনফালে আকৌ পৰিচয়ৰ প্রশ্নটো সম্পূর্ণ বাদ দি শ্রেণী ৰাজনীতি কৰাটোও সম্ভৱপৰ নহয়; তাৰ দিন ইতিমধ্যেই উকলিছে। কাজেই পৰিচয় আৰু শ্রেণী- দুয়োৰে সংমিশ্রণৰ মাজতে এটা অভিনৱ বাট উলিয়াব লাগিব। 

বিশুদ্ধ পৰিচয়ভিত্তিক ৰাজনীতিৰ বিপৰীতে শ্রেণী ৰাজনীতিৰ দ্বাৰা প্রভাৱিত অভিনৱ ৰণনীতিয়ে কেতবোৰ নতুন বাট দেখুৱাব পাৰে। 

Monday, July 30, 2018

এন আৰ চিৰ পাছত কি হব?


Mayur Chetia

“এন আৰ চিৰ পাছত কি হোৱা উচিত” আৰু “এন আৰ চিৰ পাছত কি কি হোৱাৰ সম্ভাৱনা আছে” এই দুয়োটা হৈছে আন্তঃসম্পর্কযুক্ত কিন্তু সুকীয়া প্রশ্ন। প্রথম প্রশ্নটোৰ এক সর্বগৃহীত তথা মানবীয় সমাধান সূত্র উলিয়াবলৈ ইচ্ছা কৰা শক্তিবিলাকেও প্রথমে দ্বিতীয় প্রশ্নটো সম্পর্কে কিছু ভবা চিন্তা কৰি লবই লাগিব। এনে এক প্রক্রিয়াৰ অংশ হিচাপেই আমি সদ্যহতে দ্বিতীয় প্রশ্নটো সম্পর্কে কিছু কথা আলোচনা কৰিব বিচাৰিছোঁ। এইক্ষেত্রত আমি ভাৰতীয় ৰাজ্যৰ গঢ়-গতি, আন্তর্জাতিক স্থিতি ইত্যাদি দিশবিলাককো বিবেচনাৰ অধীনলৈ আনিছোঁ। এই আলোচনাটোৰ বাবে আমি এক সম্পূর্ণ নির্মোহ তথা নিষ্ঠুৰ বস্তুনিষ্ঠ দৃষ্টিভংগী গ্রহণ কৰিছোঁ; অর্থাৎ ইয়াত আমাৰ ব্যক্তিগত ইচ্ছা-অনিচ্ছা, মতামত, সমাধান সূত্র ইত্যাদিৰ অৱতাৰণাই কৰা হোৱা নাই।  

কাইলৈ অর্থাৎ ৩০ জুলাই, ২০১৮ তাৰিখে এন আৰ চিৰ সম্পূর্ণ খছৰাখন প্রকাশ পাব। ইয়াত যে বহু লাখ মানুহৰ নাম নাথাকিব, সেই সম্পর্কে কোনো সন্দেহ নাই। কোন কোন সম্প্রদায়ৰ কিমান সংখ্যক মানুহৰ নাম নাথাকিব - ইয়েই অনাগত সময়ছোৱাত বিভিন্ন সংগঠনে উত্থাপন কৰিবলৈ গৈ থকা দাবীবোৰকো প্রভাৱিত কৰিব। ‘খিলঞ্জীয়া’ সম্প্রদায়বিলাকৰ বহুতো লোকৰ নাম নাথাকিলে থলুৱা জাতীয়তাবাদী সংগঠনবোৰে নিশ্চিতভাৱে দাবী কৰিব যে ‘দাবী-আপত্তি’ৰ স্তৰটোত ‘খিলঞ্জীয়া’ লোকসকলক কিছু ৰেহাই প্রদান কৰা হওঁক। আনহাতে ‘অভিবাসী’ সম্প্রদায়বিলাকৰ লোকসকলৰ দলিল পৰীক্ষা কৰোঁতে কর্তৃপক্ষক কঠোৰ হবলৈকো তেওঁলোকে দাবী কৰিব। (‘খিলঞ্জীয়া’ তথা ‘অভিবাসী’ – এই দুয়োটা শব্দ আমি বিশুদ্ধভাৱে বর্ণনামূলক চর্ট-হেণ্ড হিচাপেহে ব্যৱহাৰ কৰিছোঁ। এইক্ষেত্রত আমাৰ আন কোনো অভিপ্রায় নাই)
 

Monday, July 20, 2015

নদীবান্ধৰ আপাহতঃ বিশেষজ্ঞৰ একাধিপত্যৰ বিৰূদ্ধে কিছু কথা

বৃহৎ নদীবান্ধ বিষয়ক আলোচনাসমূহত আমি মধ্যবিত্তীয় ৰাইজে আশা কৰোঁ যে প্রশ্নটোৰ এটা বৈজ্ঞানিক সমাধান হব লাগে। গতিকে বিভিন্ন বিশেষজ্ঞই ভিন ভিন কথা কলে আমি বিভ্রান্ত হওঁ। আমাৰ ধাৰণাঃ বিষয়টো যিহেতু বিজ্ঞানৰ সৈতে সম্পর্কযুক্ত, সেয়েহে তাৰ বিশুদ্ধ বৈজ্ঞানিক উত্তৰ এটা ওলোৱাটো সম্ভৱপৰ। এই চিন্তাধাৰাৰ ফলস্বৰূপেই আমি অখিল গগৈ, হীৰেণ গোঁহাই, বান্ধৰ বিৰূদ্ধে সংগ্রাম কৰি থকা ৰাইজ আদিক গৰিহণা দিওঁ। বোলে বিশেষজ্ঞক মাত মাতিবলৈ দিয়কঃ আপোনালোক সাধাৰণ মানুহে নজনা বিষয় এটাত কিয় মাত মাতিছে?

এয়া এটা সম্পূর্ণভাৱে ভুল ধাৰণা। কিয়নো বান্ধৰ বিষয়টো কেৱল কোনো নির্মোহ বৈজ্ঞানিক চর্চাৰ বিষয় নহয়। ইয়াৰ লগত জড়িত হৈ আছে ব্যাপক সমাজৰ কথা, বহুলাংশ ৰাইজৰ জীৱিকাৰ কথা। অর্থাৎ ৰাজনীতি, ক্ষমতা সম্পর্ক এইবোৰ বিষয়ো ইয়াত জড়িত হৈ আছে। কোনোবাই যদি এইক্ষেত্রত কেৱল বিজ্ঞানৰ কথা কয়, বুজিব – সেয়া বিজ্ঞান নহয়, বৰং সি হৈছে ভুৱা বিজ্ঞান (scientism, not science)। প্রকৃত বিজ্ঞানে নিজৰ পৰিসৰ কেতিয়াও পাহৰি নাযায়।

Wednesday, April 1, 2015

অসমীয়াৰ সংজ্ঞা বিতর্কঃ কোনে কি কৈছেঃ অপৰিচিতসকলৰ বাবে এটি চমু পৰিচয় আৰু এটা বৈকল্পিক প্রস্তাৱ

যোৱা বেছ কিছু সময় ধৰি অসমীয়াৰ সংজ্ঞা সম্পর্কে বিতর্ক চলি আহিছে। এইক্ষেত্রত বিভিন্ন জনৰ বিভিন্ন মত। সাধাৰণ ৰাইজেও কথাবোৰ থাওৰিব নোৱাৰি শূণ্যতে গদা ঘূৰাই আছে। ফলত বিষয়টো সম্পর্কে বুদ্ধিদীপ্ত আলোচনা হোৱাৰ বিপৰীতে ই অধিক বিভ্রান্তিহে সৃষ্টি কৰিছে। সেয়েহে সাধাৰণ পাঠকে সহজে বুজিব পৰাকৈ সমস্ত বিষয়টো সম্পর্কে এটি চমু পৰিচয় আগবঢ়োৱা হ’ল।

বাস্তৱ-সম্ভৱ সমাজবাদৰ অর্থনীতি (সপ্তম অংশ)

  মূলঃ  The Economics of Feasible Socialism by Alec Nove অনুবাদঃ ময়ূৰ চেতিয়া শ্রম বিভাজন মার্ক্সৰ ৰোমান্টিক-য়ুটোপিয়ান চিন্তাধাৰাই ধূসৰ কৰি...