Showing posts with label মার্ক্সৰ বিপ্লৱী চিন্তাধাৰা [গ্রন্থ অনুবাদ]. Show all posts
Showing posts with label মার্ক্সৰ বিপ্লৱী চিন্তাধাৰা [গ্রন্থ অনুবাদ]. Show all posts

Saturday, August 15, 2015

কার্ল মার্ক্সৰ বিপ্লৱী চিন্তাধাৰা সপ্তম (অন্তিম) অধ্যায়

Original: 'Revolutionary Ideas of Karl Marx' by Alex Callinicos

শ্রমিক শক্তি
মার্ক্সবাদ এটা অন্যতম প্রাথমিক প্রস্তানা হৈছে যে পুঁজিবাদেই সাম্যবাদৰ বস্তুগত ভূমি নির্মাণ কৰেপুঁজিবাদী উৎপাদন সম্পর্কই শ্রম উৎপাদনশীলতা অতিপাত বৃদ্ধি কৰে কিন্তু একেসময়তে ই উৎপাদিকা শক্তিৰ ভিষ্যত বিকাশৰ ক্ষেত্রত হেঙাৰ হিচাপে থিয় দিয়ে। সমৃদ্ধি আৰু মন্দাস্থাৰ পুণৰাবৃত্তিৰে ভৰা উৎপাদনৰ এক বিৰাট চক্র ইয়েই নির্মাণ কৰে

কথাখিনি এনেকৈয়ো কব পৰা যায়ঃ পুঁজিবাদে সাম্যবাদৰ নির্মাণ একেসময়তে সম্ভপৰ তথা বাঞ্ছনীয় কৰি তুলিছেপুঁজিবাদে এনে এটি সামাজিক শক্তি সৃষ্টি কৰিছে যি শেহত গৈ পুঁজিবাদৰে ধ্বংস মাতি আনিব আৰু শ্রেণীমুক্ত সমাজ এখন নির্মাণ কৰিব। এই সামাজিক শক্তিটো হৈছে শ্রমিক শ্রেণী। মার্ক্স এংগেলছে কমিউনিষ্ট মেনিফেষ্টোত এনেদৰে লিখিছেঃ

বুর্জোৰ অস্তিত্ব আৰু শাসনৰ বাবে প্রয়োজনীয় উপাদানটো হৈছে পুঁজিৰ গঠন আৰু বিকাশ। আনহাতে পুঁজিৰ বাবে প্রয়োজনীয় উপাদানটো হৈছে মজুৰী শ্রম...উদ্যোগৰ বিকাশ তথা প্রতিযোগিতাৰ ফলত শ্রমিকসকলবিচ্ছিন্ন অস্থাসান ঘটে আৰু তাৰ ঠাইত শ্রমিকৰ সহযোগিতা গঢ় লৈ উঠেআধুনিক উদ্যোগৰ বিকাশে সেয়েহে বুর্জোহঁতৰ ভৰিৰ তলৰ মাটি কাঢ়ি আনিছে...বুর্জোহঁতে নিজৰে মৃত্যুদূত নির্মাণ কৰিছে। বুর্জোৰ মৃত্যু আৰু সর্বহাৰাৰ বিজয় অশ্যাম্ভ (CW vi, 496)

কিন্তু সেইবুলি স্বয়ংক্রিয়ভা পুঁজিবাদৰ পতন নঘটে। বৰং তাৰ বাবে শ্রমিক শ্রেণীয়ে সংগঠন, বিপ্ল চেতনা তথা অনুশীলন গঢ়ি তুলিব লাগিব। ১৮৭৯ চনত মার্ক্স-এংগেলছে তেওঁলোকৰ ৰাজনীতিৰ বিষয়ে এনেদৰে লিখিছেঃ

বিগত চল্লিশ বছৰ ধৰি আমি কৈ আহিছোঁ যে শ্রেণী সংগ্রামেই হৈছে ইতিহাসৰ তাৎক্ষণিক চালিকা শক্তি আৰু বুর্জো তথা সর্বহাৰাৰ শ্রেণী সংগ্রাম হৈছে আধুনিক সামাজিক বিপ্লৰ এডাল বৃহৎ বঠাযেতিয়া আন্তর্জাতিক গঠন কৰা হৈছিল, আমি তাৰ যুদ্ধ নিনাদ এনেদৰে তৈয়াৰ কৰিছিলোঃ ‘শ্রমিক শ্রেণীৰ মুক্তি শ্রমিকে নিজে মাতি আনিব লাগিব’ (SC, 327)

শ্রমিকৰ স্ব-মুক্তি হৈছে মার্ক্সৰ চিন্তনৰ অভিন্ন অংগ। হাল ড্রেপাৰে ‘সমাজবাদৰ দুটি আত্মা’ৰ কথা উল্লেখ কৰিছেঃ ‘ওপৰৰ পৰা জাপি দিয়া সমাজবাদ’ তথা ‘তলৰ পৰা নির্মাণ হো সমাজবাদ’। ‘ওপৰৰ পৰা জাপি দিয়া সমাজবাদ’ৰ মতে একাংশ প্রবুদ্ধ নেতাৰ কাৰুকার্যৰ দ্বাৰাই সমাজবাদ নির্মিত হয়; এই নেতাসকলেই ৰাষ্ট্রখন নিয়ন্ত্রণ কৰে তথা শ্রমিকৰ হৈ তেওঁলোকে ৰাষ্ট্রৰ কেতবোৰ সংস্কাৰ সাধন কৰেসংস্কাৰবাদী বাওঁপন্থী দলসমূহে সাধাৰণতে এনে নীতিৰ পোষকতা কৰেতেওঁলোকৰ মতে সংসদৰ বাওঁপন্থী সাংসদ বা পার্টিৰ নেতাসকলেই হৈছে পৰিবর্তনৰ মূল এজেণ্ট। কিন্তু মার্ক্সে ‘তলৰ পৰা নির্মাণ হো সমাজবাদ’ৰহে পোষকতা কৰিছিল – অর্থাৎ য’ত শ্রমিকসকলে স্ব-অনুশীলনৰ জৰিয়তে নিজেই নিজৰ মুক্তি মাতি আনিব।

Sunday, July 26, 2015

কার্ল মার্ক্সৰ বিপ্লৱী চিন্তাধাৰাঃ ষষ্ঠ অধ্যায়: 'পুঁজিবাদ' (চতুর্থ অংশ)

৪) সঞ্চয়ন আৰু সংকট

পূর্বৰ আন আন উৎপাদন প্রণালীৰ বিপৰীতে  পুঁজি সঞ্চয়ন(capital accumulation) হৈছে পুঁজিবাদৰ এটা অন্যতম বৈশিষ্টদাসব্যস্থা বা সামন্তবাদৰ অধীনত শোষকসকলে প্রত্যক্ষ্য উৎপাদনকর্তাৰ পৰা কুক্ষিগত কৰা অধিকাংশ উদ্বৃত্ত সামগ্রী শোষকসকলে খাই-বৈ উপভোগ কৰি সমাপ্ত কৰিছিল। উৎপাদন ক্ষেত্রখনত ব্যহাৰ মূল্য অধিক প্রভাশালী আছিল; উৎপাদনৰ লক্ষ্য আছিল - বস্তুৰ উপভোগ।

পিছে পুঁজিবাদৰ অধীনত ই সলনি হৈ পৰেশ্রমিকৰ পৰা শুহি উলিওৱা সৰহভাগ উদ্বৃত্তকে শাসকে চিধা উপভোগ নকৰেবৰঞ্চ সিবিলাকক পুণৰ উৎপাদনৰ কামত বিনিয়োগ কৰা হয়। এই যে প্রক্রিয়াটো – য’ত উদ্বৃত্ত মূল্যবোৰক  আৰু অধিক উদ্বৃত্ত মূল্য সৃষ্টি কৰিবলৈ পুণৰ বিনিয়োগ কৰা হয় – মার্ক্সে ইয়াক পুঁজি সঞ্চয়ন নাম দিছে। পুঁজি গ্রন্থখনিৰ প্রথম খণ্ডটোত মার্ক্সে লিখিছে – কেনেদৰে ইয়াৰ ফলত পুঁজিপতি শ্রেণীটোৰ মাজত ‘সংযম’ৰ মতাদর্শ এটি বিকশিত হয়; বুর্জোৱাক কোৱা হয় যে কেল উপভোগ কৰি সকলো সম্পদ উৰুৱাই নিদিবা! বৰং যিমান পাৰি সিমান উদ্বৃত্ত মূল্য বচাই ৰাখা যাতে ইয়াক পুণৰ বিনিয়োগ কৰিব পৰা যায়ঃ

Wednesday, July 15, 2015

কার্ল মার্ক্সৰ বিপ্লৱী চিন্তাধাৰাঃ ষষ্ঠ অধ্যায়: 'পুঁজিবাদ' (তৃতীয় অংশ)

৩) প্রতিযোগিতা, দাম আৰু লাভ

পুঁজি গ্রন্থখনিৰ প্রথম খণ্ডটোত পুঁজিবাদী উৎপাদন প্রক্রিয়া বিষয়ক বিশ্লেষণখিনি যথেষ্ঠ উচ্চ বিমূর্ত পর্যায়ত কৰা হৈছিল। মার্ক্সে সেই সময়ত ধৰি লৈছিল যে পণ্যৰ বিনিময় সিবিলাকত সুমাই থকা মূল্যৰ পৰিমাণ অনুসৰিয়েই হয়; অর্থাৎ পণ্য উৎপাদন কৰোঁতে খৰছ হোৱা সামাজিকভাৱে প্রয়োজনীয় শ্রম সময়ৰ অনুপাত অনুসৰিয়েই হয়। পিছে প্রতিযোগিতাই কেনেধৰণৰ প্রভাৱ পেলায়, পণ্যৰ চাহিদা তথা যোগানে কেনেদৰে বজাৰ দাম নির্ধাৰণ কৰে, এইসমূহ দিশ মার্ক্সে তেতিয়ালৈকে এৰাই চলিছিল।

এই পদ্ধতিটো যুক্তিসংগত আছিল কিয়নো মার্ক্সে পুঁজিবাদী উৎপাদন প্রণালীৰ মূল বৈশিষ্ট্যসমূহ বুজিবলৈ যত্ন কৰিছিল আৰু কেনেদৰে সিবিলাকৰ উৎস উদ্বৃত্ত মূল্য আহৰণৰ মাজত পোৱা যায়, সেয়া দর্শাবলৈ চেষ্টা কৰিছিল। অর্থাৎ কোনো বিশেষ পুঁজিৰ বিপৰীতে মার্ক্সে ‘সাধাৰণ স্তৰত পুঁজিৰ বিশ্লেষণ’ কৰিবলৈ চেষ্টা কৰিছিল। তেওঁ স্বীকাৰ কৰি লৈছিল যে  এক উচ্চ পর্যায়ৰ বিমূর্তকৰণৰ দ্বাৰাহে ই সম্ভৱপৰ হৈছেঃ

Wednesday, June 24, 2015

কার্ল মার্ক্সৰ বিপ্লৱী চিন্তাধাৰাঃ ষষ্ঠ অধ্যায়: 'পুঁজিবাদ' (দ্বিতীয় অংশ)

Original: 'Revolutionary Ideas of Karl Marx' by Alex Callinicos
Translation: Mayur Chetia
২) উদ্বৃত্ত মূল্য আৰু শোষণ
পুঁজিবাদী উৎপাদন ব্যৱস্থা একোটাত দুই ধৰণৰ পৃথকীকৰণ(separation) দেখা যায়ঃ ইয়াৰে প্রথমটো
অর্থাৎ উৎপাদন ইউনিটসমূহৰ পৃথকীকৰণ সম্পর্কে আমি ইতিমধ্যেই আলোচনা কৰিছোঁ; পুঁজিবাদী ব্যৱস্থাটোৰ অধীনত উৎপাদকসকল ইজন সিজনৰ পৰা পৃথক, পৰস্পৰ-নির্ভৰশীল, তথা প্রতিদ্বন্দ্বী উৎপাদকলৈ পৰিণত হয়। পিছে প্রতিটো উৎপাদন ইউনিটৰ মাজতে আকৌ আন এটা গুৰুত্বপূর্ণ বিভাজন থাকেঃ  এফালে উৎপাদন সমলৰ মালিকসকল তথা আনফালে প্রত্যক্ষ উৎপাদকসকল – অর্থাৎ এফালে পুঁজিপতিসকল আৰু আনফালে মজুৰী শ্রমিকসকল।

পুঁজিবাদৰ অবিহনেও পণ্যৰ অস্তিত্ব থাকিব পাৰেটকা আৰু বাণিজ্যৰ উপস্থিতি প্রাক-পুঁজিবাদী সমাজসমূহতো দেখিবলৈ পোৱা যায়। পিছে এনে সমাজসমূহত পণ্যৰ বিনিময় মূলতঃ ব্যৱহাৰ মূল্য লাভ কৰিবলৈকে কৰা হৈছিল। অর্থাৎ এটা পণ্যৰ বিনিময় আন এটা পণ্য লাভ কৰিবলৈকে কৰা হৈছিল। এই সমাজসমূহত পণ্য প্রবাহ (commodity circulation) ৰ ৰূপ আছিল এনেধৰণৰ – C-M-C (Commodity-Money-Commodity) অর্থাৎ পণ্য-টকা-পণ্য। প্রতিজন উৎপাদকেই নিজৰ পণ্য বজাৰলৈ লৈ গৈছিল আৰু তাৰ বিনিময়ত টকা লাভ কৰিছিল। এই টকাৰে তেওঁ নিজৰ ব্যৱহাৰৰ বাবে আন কোনো পণ্য ক্রয় কৰিছিল। অর্থাৎ টকাই  মাথো লেন-দেনৰ  মাধ্যম হিচাপে ক্রিয়া কৰিছিল। পণ্য আছিল মূল; টকা আছিল গৌণ।

কার্ল মার্ক্সৰ বিপ্লৱী চিন্তাধাৰাঃ ষষ্ঠ অধ্যায়: 'পুঁজিবাদ' (প্রথম অংশ)



Original: 'Revolutionary Ideas of Karl Marx' by Alex Callinicos
Translation: Mayur Chetia


ডাচ কেপিটেল বা পুঁজি গ্রন্থখনি মার্ক্সৰ জীৱনৰ সর্বোত্তম কৃতিত্ব বুলি কব পৰা যায়। গ্রন্থখনিৰ প্রথম
খণ্ডৰ পাতনিত মার্ক্সে এনেদৰে লিখিছেঃ  ‘আধুনিক সমাজৰ অর্থনৈতিক ক্রিয়া-পদ্ধতিসমূহ আৱিষ্কাৰ কৰাটোৱেই হৈছে এই গ্রন্থখনিৰ লক্ষ্য’ (Capital, Vol.1, p.92) মার্ক্সৰ পূর্বৰ চিন্তাবিদসকলে পুঁজিবাদী ব্যৱস্থাটোৰ দুই এটা দিশ সম্পর্কে আলোকপাত কৰিছিল সঁচা, পিছে সামগ্রিকভাৱে ব্যৱস্থাটোৰ ক্রিয়াপদ্ধতিসমূহ বুজাৰ ক্ষেত্রত তেওঁলোকে বিশেষ অগ্রগতি লাভ কৰিব পৰা নাছিল। পূর্বৰ অধ্যায়কেইটাত আমি ইতিমধ্যেই উনুকিয়াইছো যে বুর্জোৱা চিন্তাবিদসকলে পুঁজিবাদী ব্যৱস্থাটোক প্রকৃতি-প্রদত্ত বা ইতিহাসৰ অন্তিমটো পর্যায় হিচাপেই গণ্য কৰিছিল। সিবিলাকৰ বিপৰীতে মার্ক্সে পুঁজিবাদক ঐতিহাসিকভাৱে সংক্রমণশীল এটি ব্যৱস্থাৰ ৰূপতহে বিশ্লেষণ কৰাৰ ওপৰত গুৰুত্ব প্রদান কৰিলে, যাৰ আভ্যন্তৰীণ অন্তর্বিৰোধসমূহে এসময়ত তাক বিনাশৰ পথেৰে লৈ যাব।

অর্থনীতিবিদ্যাৰ দৰে (থমাচ কার্লাইলৰ ভাষাত) ‘শোচনীয় বিজ্ঞান’ৰ সৈতে ভালকৈ পৰিচিতি নথকা পাঠকৰ বাবে এইখিনিতে অধ্যায়টোৰ মূল বিষয়বস্তু সম্পর্কে এটি ৰূপৰেখা প্রদান কৰি লোৱাটো ভাল হব। আমি প্রথমতেই পুঁজিৰ কেন্দ্রীয় তত্ত্ব অর্থাৎ মূল্যৰ শ্রম তত্ত্ব সম্পর্কে আলোচনা কৰিম। এই মূল্যৰ শ্রম তত্ত্ব মতে, ‘পণ্য’ - অর্থাৎ বজাৰত বেচা-কিনা কৰিব পৰা সামগ্রীসমূহক – সিবিলাকৰ উৎপাদনত খৰচ হোৱা সামাজিকভাৱে প্রয়োজনীয় শ্রম সময় অনুসৰি বিনিময় কৰা হয়। আমি পাছলৈ দেখিম যে কেনেদৰে মার্ক্সে পুঁজিবাদী শোষণৰ প্রক্রিয়াটো বিশ্লেষণ কৰিবলৈ এই তত্ত্বটোকেই কেন্দ্রীয়ভাৱে ব্যৱহাৰ কৰিছে। শ্রমিকে সৃষ্টি কৰা উদ্বৃত্ত মূল্যয়েই হৈছে পুঁজিপতিৰ মুনাফাৰ উৎস, যাৰ ভৰষাত সমগ্র ব্যৱস্থাটো বর্তি আছে। আটাইতকৈ অধিক পৰিমাণে উদ্বৃত্ত মূল্য হাছিল কৰিবলৈ পুঁজিপতিহঁতৰ মাজত প্রতিযোগিতা সৃষ্টি হয়। এই প্রতিযোগিতাৰ ফলত মুনাফাৰ সাধাৰণ হাৰ এটি অস্তিত্বলৈ আহে। মন কৰিব লগীয়া যে মুনাফাৰ এই সাধাৰণ হাৰে মূল্যৰ শ্রম তত্ত্বৰো এটি পৰিবর্তন ঘটায়। ফলত আপাত দৃষ্টিত মূল্যৰ শ্রম তত্ত্ব ক্রিয়াম্বিত নোহোৱা যেনেই অনুভৱ হয়। সি যি কি নহওঁক, প্রতিযোগিতাৰ ফলত মুনাফাৰ হাৰ নিম্নগামী হোৱাৰ প্রৱণতা (tendency for the rate of profit to fall) এটা সৃষ্টি হয় আৰু মূলতঃ ইয়াৰ বাবেই বাৰম্বাৰ আর্থিক সংকটে পুঁজিবাদী অর্থনীতিখনক ছানি ধৰে

Tuesday, February 3, 2015

কার্ল মার্ক্সৰ বিপ্লৱী চিন্তাধাৰাঃ পঞ্চম অধ্যায়: 'ইতিহাস আৰু শ্রেণী সংগ্রাম'

Original: Revolutionary ideas of Karl Marx
Translation: Mayur Chetia



ইতিহাস বিষয়ক বেছিভাগ প্রচলিত ধাৰণাই শিশুসূলভ বুলি কব পাৰি। এই ধাৰণাবোৰৰ মতে ইতিহাস হৈছে ৰজা মহাৰজা, ৰাজনৈতিক নেতা-পালিনেতা, সেনাপতি, ধর্মগুৰু, বিয়াগোম শিল্পী অথবা ফিল্ম তাৰকা আদিৰ কৃতিত্বৰ লেখা-জোখা মাথো। ইতিহাস বিষয়ক এই ধাৰণাবোৰৰ উৎস হয়তো মধ্যযুগৰ বুৰঞ্জীবিদসকলৰ মাজত পোৱা যাব পাৰে যি ৰজা-মহাৰজাৰ প্রশস্তি লিখিয়েই পেট প্রবর্তন কৰিছিল। দুর্ভাগ্যজনকভাৱে, টেলিভিছন আৰু টেবলয়ডৰ কৃপাত আজিৰ তথ্য-প্রযুক্তিৰ যুগতো এনে ধাৰণাসমূহ অতিশয় সুলভ।


অৱশ্যে এনে শিশুসুলভ ধাৰণাসমূহৰ বিৰোধীৰ সংখ্যাও কম নহয়। এই বিৰোধীসকলে অতীতৰ পৰাই  যুক্তি দর্শাই আহিছে যে ঘটনা প্রবাহৰ আকস্মিকতাৰ আঁৰত কেতবোৰ নিয়মমাফিক ক্রিয়াপদ্ধতি আছে। মধ্যযুগত গীর্জাৰ মতাদর্শগত প্রভুত্বৰ ফলস্বৰূপে এই ক্রিয়াপদ্ধতিসমূহক ধর্মীয় দৃষ্টিৰে বিশ্লেষণ কৰা হৈছিল; মানুহৰ কর্মৰ আঁৰত ভগবানৰ ইচ্ছাই ক্রিয়া কৰে বুলি ভবা হৈছিল। মানুহে নিজ ইচ্ছা আৰু বাসনাবোৰ পূর্ণ কৰোঁতে সিবিলাকে অচেতনভাৱেই ভগবান সৃষ্ট ব্রহ্মাণ্ডৰ ক্রিয়াপদ্ধতি অনুসৰিয়েই আগবাঢ়ে বুলি ভবা হৈছিল। সেই অর্থত হেগেলক অন্তিমজন খ্রীষ্টিয় দার্শনিক বুলি কব পাৰি; তেওঁৰ মতে ইতিহাস হৈছে এনে এটি প্রক্রিয়া যাৰ বিকাশৰ দ্বাৰা পৰমাত্মাই চেতনা লাভ কৰে

১৭ শতিকাৰ বৈজ্ঞানিক বিপ্লৱৰ ফলস্বৰূপে ইতিহাস বিষয়ক কিছু চেকুলাৰ দৃষ্টিভংগী বিকশিত হ’ল। এই নতুন দৃষ্টিভংগীৰ অন্তর্ভাগত ভগবানৰ কোনো স্থান নাছিল। কিন্তু  তথাপিও ‘ইতিহাস মানেই মানসিক বিকাশৰে অগ্রগতি’ বুলি ভবাৰ পৰম্পৰা আলোকপ্রাপ্তিয়ে এৰিব নোৱাৰিলে। অর্থাৎ ঘটনা প্রবাহৰ আকস্মিকতাৰ আঁৰত যদি কোনো প্রাথমিক ক্রিয়াপদ্ধতি আছে, সেয়া মানসিক বিকাশৰ বাহিৰে আন একো নহয়। আলোকপ্রাপ্তিৰ এই দৃষ্টিভংগী মতে বুদ্ধি(reason)ৰ অহৰহ বিকাশৰ কাহিনীয়েই হৈছে ইতিহাস; বাৰম্বাৰ এই বুদ্ধিয়ে বিভিন্ন সামাজিক অন্ধবিশ্বাসৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে, সিবিলাকক পৰাজিত কৰি ই ক্রমশঃ উচ্চতৰ অৱস্থালৈ গতি কৰিছে। অর্থাৎ ইতিহাস বিষয়ক আলোকপ্রাপ্তিৰ এই ধাৰণা ভাববাদী হোৱাৰ লগতে আশাবাদীও কিয়নো ই চিন্তা-চর্চাকেই ইতিহাস পৰিবর্তনৰ মূল কাৰণ হিচাপে গ্রহণ কৰে তথা এইবুলি মতপোষণ কৰে যে ব্যক্তিসকল আলোকপ্রাপ্ত/প্রবুদ্ধ হোৱাৰ লগে লগেই সমাজখনো প্রগতিৰ দিশেৰে ধাৱমান হ’ব।
১৮ তথা ১৯ শতিকাৰ সময়ছোৱাত আলোকপ্রাপ্তিৰ এই আশাবাদী ধাৰণাসমূহ সহজাত যেন অনুভৱ হৈছিল কিয়নো এই সময়ছোৱাতেই ইউৰোপীয় সমাজসমূহে ভীষণ বৈষয়িক তথা বৈজ্ঞানিক প্রগতি লাভ কৰিছিল। কিন্তু বিংশ শতিকাৰ প্রথম ভাগৰে পৰা দেখা গল – ইতিহাসে যেন ওলোটা দিশেৰেহে গতি কৰিছে। দুখনকৈ বিশ্বযুদ্ধ, নাজীবাদৰ ইহুদী নৰসংহাৰ, যোচেফ স্তালিনৰ শ্বাসৰুদ্ধকাৰী আমোলাতান্ত্রিক সমাজবাদ, এফালে পশ্চিমীয়া দেশসমূহৰ চৰম ঐশ্বর্য, আনফালে খাদ্যাভাৱত তৃতীয় বিশ্বৰ মহামাৰী ইত্যাদি অজস্র ঘটনা প্রবাহে আলোকপ্রাপ্তিৰ এই আশাবাদ  ভৰিৰে মোহাৰি পেলালে। বৈজ্ঞানিক প্রগতিৰ ফলত মানৱ জীৱন স্বয়ংক্রিয়ভাৱে উন্নততৰ হোৱাৰ বিপৰীতে, আণৱিক বোমা আদিৰ আৱিষ্কাৰে পৃথিবীখনক ধ্বংসৰ পথেৰেহে লৈ যোৱা যেন পৰিলক্ষিত হল।

ইতিহাসৰ এনে চলনাত হতাশগ্রস্থ হৈ বহুলোকে এইবুলিয়েই যুক্তি দর্শোৱা আৰম্ভ কৰিলে যে দৰাচলতে ইতিহাসৰ  কোনো নিয়মমাফিক ক্রিয়াপদ্ধতি নাই। ই হৈছে বিভিন্ন আকস্মিক তথা ট্রেজিক ঘটনাৰ খিচিৰি মাথো; উদাৰবাদী ৰাজনীতিবিদ হার্বার্ট ফিছাৰৰ মতে, ‘ইটোৰ পাছত সিটোকৈ বিভিন্ন জৰুৰীকালীন অৱস্থাৰ ধাৰাবাহিকতাই হৈছে ইতিহাস’। কবি জেমছ জয়েছৰ এটি চৰিত্রৰ ভাষাত, ‘ইতিহাস হৈছে এটা দুঃস্বপ্ন; মই তাৰ পৰা সাৰ পাবলৈকে চেষ্টা কৰি আছোঁ।’ বহু লোকেই  এই বক্তব্যৰ সৈতে সহমর্মিতা অনুভৱ কৰিলে। যিহেতু ইতিহাসৰ কোনো  নিয়মমাফিক ক্রিয়াপদ্ধতি নাই, সেয়েহে ইতিহাস সলনি কৰিবলৈ চেষ্টা কৰাটোও মূর্খামি মাত্র। অর্থাৎ ইতিহাসৰ দুঃস্বপ্নৰ পৰা ৰক্ষা পাবলৈ ব্যক্তিগত প্রেম আদিৰ মাজতেই আশ্রয় লোৱা উচিত। নতুবা ব্যক্তিবিশেষৰ যদি কিছু প্রতিভা তথা টকা-সিকা আছে, তেনেহলে তেওঁ ব্যক্তিগত কৃতিত্বৰ মাজতেই শান্তি বিচাৰিবলৈ চেষ্টা কৰিব পাৰে

মার্ক্সৰ লেখনীত আলোকপ্রাপ্তিৰ  নিৰীহ আশাবাদ আৰু বিংশ শতিকাসদৃশ ঘোৰ নিৰাশাবাদ – এই দুয়োটাৰে সমালোচনা দেখা পোৱা যায়। মার্ক্সে লিখিছে যে ইতিহাসৰ কেতবোৰ নিয়মমাফিক ক্রিয়াপদ্ধতি নিশ্চয়েই আছে। কিন্তু সেইবুলি কোনো ‘মানৱ মানসৰ অহৰহ বিকাশ’ৰ ৰূপত তাৰ চিনাক্তকৰণ কৰিব নোৱাৰি। বৰঞ্চ মার্ক্সৰ আৰম্ভণি বিন্দুটোৱেই হৈছে যে ‘বাস্তৱিক  মানুহ, তেওঁলোকৰ বাস্তৱিক কাম-কাজ, তেওঁলোকৰ জীৱনধাৰণৰ প্রকৃত স্থিতি...আদি অধ্যয়ন কৰিয়েই  ইতিহাসৰ ক্রিয়াপদ্ধতি সন্ধান কৰিব লাগিব’ (Collected Works, Vol. V, 31) 

Wednesday, October 22, 2014

কার্ল মার্ক্সৰ বিপ্লৱী চিন্তাধাৰাঃ চতুর্থ অধ্যায়ঃ মার্ক্সৰ পদ্ধতি

Original: The Revolutionary Ideas of Karl Marx by Alex Callinicos
Translation: Mayur Chetia

হেগেলে এক যুক্তিবাদী পদ্ধতি আৱিষ্কাৰ কৰিছিল, কিন্তু একেসময়তে ই বিভিন্ন প্রকাৰৰ ৰহস্যবাদৰ মাজত আৱদ্ধ হৈ ৰৈছিল।  ভবিষ্যতে আকৌ যদি  কোনো সুযোগ পাওঁ, সাধাৰণ পাঠকৰ সুবিধার্থে এই পদ্ধতি সম্পর্কে দুই বা তিনি পৃষ্ঠা মান লিখাৰ কথা ভাবিছোঁ (এংগেলছলৈ মার্ক্সৰ পত্র, জানুৱাৰী, ১৮৫৮ চন)

মার্ক্সৰ এই ইচ্ছা কেতিয়াও পূর্ণ নহল। ফলতঃ আজি বহুদিন ধৰি মার্ক্সৰ পদ্ধতি বিষয়ক বিভিন্ন আলোচনাই মার্ক্সবাদীসকলৰ মাজত তীব্র বিতর্কৰ সৃষ্টি কৰি আহিছে। বর্তমানৰ অধ্যায়টোত এই সম্পর্কীয় সকলোবোৰ দিশ উল্লেখ কৰাটো সম্ভৱপৰ নহ’ব। বৰঞ্চ থুলমূলকৈ কিছু কথাৰ অৱতাৰণা কৰি পাঠকৰ আগ্রহ বৃদ্ধি কৰাটোৱেই হৈছে এই অধ্যায়ৰ উদ্দেশ্য। 

Monday, September 8, 2014

কার্ল মার্ক্সৰ বিপ্লৱী চিন্তাধাৰাঃ তৃতীয় অধ্যায়ঃ ৰিকার্ডো, ফয়াৰবাখ আৰু হেগেলৰ পৃথিবীত কার্ল মার্ক্স

Original: Chapter 3, "Revolutionary Ideas of Karl Marx" by Alex Callinicos
Translation: Mayur Chetia

ইউট’পিয়ান সমাজবাদীসকলে পুঁজিবাদী ‘সভ্যতা’ৰ  কেতবোৰ সুন্দৰ সমালোচনা আগবঢ়াইছিল আৰু লগতে তেওঁলোকে অনাগত সমাজবাদী সমাজ সম্পর্কে কিছু পূর্বাভাস দিবলৈকো চেষ্টা কৰিছিল কিন্তু পুঁজিবাদৰ পৰা সমাজবাদলৈ  সংক্রমণ কেনেদৰে সম্ভৱপৰ হ’ব –এই বিষয়ে তেওঁলোকে কোনো বাস্তৱসন্মত পথ বিচাৰি পোৱা নাছিল।  আলোকদীপ্তিৰ জাকজমকতাৰ মাজতে ফৰাচী সমাজবাদীসকল আৱদ্ধ হৈ আছিল। সামাজিক আলোচনাৰ ক্ষেত্রত তেওঁলোকে বস্তুবাদৰ প্রয়োগ ঘটাবলৈ সক্ষম হোৱা নাছিলইতিহাস মানেই ‘মানুহৰ মানসিক বিকাশৰ ইতিহাস’ বুলি ভবাৰ পৰম্পৰা তেতিয়াও অক্ষুণ্ণ হৈয়েই ৰৈছিল।  ব্লাংকি  তথা আন আন সমাজবাদীসকলেও পুঁজিবাদৰ কোনো বৈজ্ঞানিক আলোচনা বিকশিত কৰিব পৰা নাছিল এনে স্থলত আগবাঢ়ি যাবলৈ দুটা উপাদান -  ১)আলোকদীপ্তিতকৈ শ্রেষ্ঠ  এক বৈজ্ঞানিক পদ্ধতিৰ বিকাশ তথা ২)পুঁজিবাদ সম্পর্কে এক বৈজ্ঞানিক আলোচনা –অপৰিহার্য হৈ পৰিল

Monday, April 21, 2014

কার্ল মার্ক্সৰ বিপ্লৱী চিন্তাধাৰাঃ দ্বিতীয় অধ্যায়ঃ 'সমাজবাদ -মার্ক্সৰ পূর্বসূৰীসকল'

Original: Chapter 2, "Revolutionary Ideas of Karl Marx" by Alex Callinicos
Translation: Mayur Chetia

"মার্ক্স এজন প্রখৰ প্রতিভাশালী ব্যক্তি আছিল। ঊনবিংশ শতিকাৰ আটাইতকৈ বিকশিত তিনিওখন দেশ- জার্মানী, ইংলেণ্ড আৰু ফ্রাঞ্চে প্রতিনিধিত্ব কৰা মতাদর্শৰ তিনিওটা মূল ধাৰা-ধ্রুপদী জার্মান দর্শন, ইংৰাজী ৰাজনৈতিক অর্থনীতি আৰু ফৰাছী সমাজবাদৰ  বিকাশ অব্যাহত ৰাখি  তেওঁ সিবিলাকৰ মাজত এক সফল সমন্বয় গঢ়ি তুলিছিল।"

১৯১৪ চনত প্রকাশিত মার্ক্সৰ জীৱনী এখনিত লেনিনে এনেদৰে লিখিছে। প্রায়েই দেখা যায় যে বহুতে মার্ক্সকেই সমাজবাদৰ প্রথমজন প্রবক্তা বুলি ভুল কৰে। আচলতে মার্ক্সৰ বহু পূর্বেই সমাজবাদ সম্পর্কীয় ধ্যান-ধাৰণাৰ আৰম্ভণি ঘটিছিল। চাবলৈ গলে গ্রীক তথা ৰোমান সভ্যতাৰ সময়ৰ পৰাই শোষণমুক্ত সমাজ নির্মাণৰ সপোনে মানুহৰ মন দোলায়িত কৰি আহিছে। অৱশ্যে ঊনবিংশ শতিকাৰ প্রথমার্ধৰ পৰাহে সমাজবাদ সম্পর্কীয় ধ্যান-ধাৰণা সমূহে ব্যাপক গণ সমর্থন লাভ কৰিবলৈ সক্ষম হয়। এইক্ষেত্রত ফ্রাঞ্চ বিশেষভাৱে আগৰণুৱা আছিল। এই ফৰাচী দেশতেই সমাজবাদ সম্পর্কীয় ধাৰণা সমূহে তাত্ত্বিক বিকাশ লাভ কৰে। সেয়েহে  সমাজবাদ সম্পর্কীয় মার্ক্সৰ ধাৰণাসমূহ বুজিবলৈ হলে তেওঁৰ পূর্বসূৰী ফৰাচী চিন্তাবিদসকলৰ বৌদ্ধিক জগতখনৰ সৈতে চিনাকি হৈ লোৱাটো  প্রয়োজনীয়। এইক্ষেত্রত কেনেধৰণৰ আর্থসামাজিক তথা বৌদ্ধিক পৰিবেশৰ পটভূমিত সমাজবাদ সম্পর্কীয় ধাৰণাসমূহ ঠন ধৰি উঠিছিল, সেই ফালেও মন দিয়াটো দৰকাৰ

Monday, November 4, 2013

কার্ল মার্ক্সৰ বিপ্লৱী চিন্তাধাৰাঃ প্রথম অধ্যায়ঃ 'এক সংগ্রামী জীৱন' (পঞ্চম খণ্ড)

Original: Part 5, Chapter 1, 'Revolutionary Ideas of Karl Marx' by Alex Callinicos
Translation: Mayur Chetia

অন্তিম বছৰকেইটা

ইন্টাৰনেছনেলৰ পতনৰ পাছত  প্রত্যক্ষ ৰাজনীতি ক্ষেত্রখনৰ পৰা মার্ক্স  পুণৰ আঁতৰি আহিল। বিত্তীয় অৱস্থাৰ ফালৰ পৰা এইছোৱা সময়েই মার্ক্স দম্পত্তীৰ বাবে আটাইতকৈ ভাল সময় বুলি কব পৰা যায়। ১৮৬৯ চনত এংগেলছে তেওঁৰ বিজনেছ সহযোগী আর্মেনছক তেওঁৰ ফালৰ স্বত্তখিনি বিক্রী কৰি দিলে। ফলতঃ জেনেৰেল চাহাবৰ হাতলৈ ভালেখিনি ধন আহিল। এইখিনি ধনেই তেওঁৰ তথা মার্ক্স দম্পত্তীৰ খৰছৰ বাবে যথেষ্ঠ আছিল। কিছুদিনৰ পাছত এংগেলছে লণ্ডনৰ ৰিজেণ্ট পার্ক ৰোডত এটা বৃহৎ ঘৰ ক্রয় কৰিলে। এই ঘৰটোৰ পৰা মার্ক্সৰ ঘৰলৈ  মাত্র ১০ মিনিটৰ পথ আছিল। মার্ক্সৰ মৃত্যৰ পাছত প্রায় তিনিটা দশক ধৰি এইটো ঘৰেই  আন্তঃৰাষ্ট্রীয় শ্রমিক আন্দোলনৰ কেন্দ্রস্থলী হৈ পৰিছিল। 

Saturday, October 26, 2013

কার্ল মার্ক্সৰ বিপ্লৱী চিন্তাধাৰাঃ প্রথম অধ্যায়ঃ এক সংগ্রামী জীৱন (চতুর্থ খণ্ড)

Original: Part 4, Chapter 1, 'revolutionary Ideas of Karl Marx' by Alex Callinicos
Translation: Mayur Chetia

ডাছ কেপিটেল আৰু প্রথম ইন্টাৰনেছনেল 

মার্ক্সে পূর্বানুমান কৰাৰ দৰেই ১৮৫৭ চনত বিশ্ব অর্থনীতিয়ে সংকটৰ এটা নতুন পর্যায়ত প্রবেশ কৰিলেসমগ্র ইউৰোপৰ ষ্টক এক্সচেঞ্জ সমূহত হাহাকাৰ  লাগি গল এংগেলছে মার্ক্সলৈ লিখিলে, ‘মোৰ আকস্মিক ফূর্তি দেখি [ষ্টক এক্সচেঞ্জৰ]  বেটাহঁতে বৰ ভয় খাইছে!’ সংকটৰ আগমনে মার্ক্স-এংগেলছৰ মনত পুণৰ আশাৰ সঞ্চাৰ কৰিলেঃ হয়তো অচিৰেই বিপ্লৱৰ পুনর্গমন ঘটিব।   এংগেলছে লিখিলে ‘১৮৪৮ তেই আমি কৈছিলো, এতিয়া আমাৰ সময় আহিছে; এক সীমিত অর্থত ই আহিছিলেও। পিছে এইবাৰ ই সর্বগ্রাসী ৰূপ লৈ আহিব; এইবাৰৰ যুঁজখন হব জীৱন-মৰণৰ যুঁজ। মোৰ মিলিটেৰী বিষয়ক অধ্যয়ন সমূহ  অৱশেষত বাস্তৱক্ষেত্রত প্রয়োগ কৰাৰ সুযোগ পোৱা যাব’ (মার্ক্সলৈ এংগেলছৰ পত্রঃ ১৫ নবেম্বৰ, ১৮৫৭ চন)

Monday, October 21, 2013

কার্ল মার্ক্সৰ বিপ্লৱী চিন্তাধাৰাঃ প্রথম অধ্যায়ঃ এক সংগ্রামী জীৱন (তৃতীয় খণ্ড)

Original: Part 3, Chapter 1, 'Revolutionary Ideas of Karl Marx' by Alex Callinicos
Translation: Mayur Chetia


দেশান্তৰ আৰু কষ্টকৰ জীৱন সংগ্রাম

আগষ্ট ব্লাংক
জার্মানীৰ পৰা দেশান্তৰিত হোৱাৰ পাছত মার্ক্স কিছুদিনৰ বাবে পেৰিছলৈ আহে আৰু অৱশেষত ১৮৪৯ চনত লণ্ডনলৈ যায়। প্রথমতে তেওঁ দেশান্তৰৰ কাল চোৱা চমু হব বুলিয়েই আশা কৰিছিল। তেওঁ অন্তঃকৰণেৰে বিশ্বাস কৰিছিল – বিপ্লৱৰ তুঁহ জুইকুৰা অতি সোনকালেই পুনৰ দপদপাই জ্বলি উঠিব। আনফালে মার্ক্সৰ দৰেই এংগেলছেও ১৮৪৮ৰ বিপ্লৱত সকলোখিনি সমর্পণ কৰি দিছিল পিছে ১৮৪৯ চনৰ শেহৰ ফাললৈ প্রতিক্রিয়াশীল প্রুছিয়ান সেনাৰ হাতত বিপ্লৱৰ অন্তিমটো দুর্গ পেলেটিনেট অঞ্চলৰ পতনৰ পাছত এংগেলছৰ সমুখতো জার্মানীত কৰিবলগীয়া একো বাকী নাথাকিল(পেলেটিনেটৰ প্রতিৰক্ষা সংগ্রামত এংগেলছে সোঁ-শৰীৰেৰে অংশগ্রহণ কৰিছিল)কিছুদিনৰ পাছত তেৱোঁ  লণ্ডন চহৰত উপস্থিত হলগৈ

Thursday, October 17, 2013

কার্ল মার্ক্সৰ বিপ্লৱী চিন্তাধাৰাঃ প্রথম অধ্যায়ঃ 'এক সংগ্রামী জীৱন' (দ্বিতীয় খণ্ড)

Original: Part 2, Chapter 1, Revolutionary Ideas of Karl Marx by Alex Callinicos
Translation: Mayur Chetia

বন্ধুত্ব আৰু বিপ্লৱ
১৮৪৪ চনৰ আগষ্ট মানত কিছু কাম সংক্রান্তত এংগেলছ পেৰিছ চহৰলৈ আহেএই সময়- ছোৱাতে তেওঁ মার্ক্সৰ সৈতে দীঘলীয়াকৈ কথা পতাৰ সুযোগ পালেমার্ক্স-এংগেলছৰ এই সাক্ষাতেই জীৱন যোৰা বন্ধুত্বৰ ৰূপ ললে

সেই সময়ত এংগেলছৰ বয়স তেইছ বছৰ; মার্ক্সতকৈ তিনি বছৰ কম। পিছে এই বয়সতেই এংগেলছে নিজকে এজন আমূল-পৰিবর্তনকামী সাংবাদিক তথা বিপ্লৱী তৰুণ-হেগেলবাদী ৰুপে পৰিচয় দিবলৈ সক্ষম হৈছিল। Rheinische Zeitung কাকতখনত এংগেলছেও দুই এটা প্রবন্ধ লিখিছিল। অৱশ্যে সেই সময়ত মার্ক্সে তেওঁক বিশ্বাসত লোৱা নাছিল। বার্লিনৰ আন আন বক্তৃতাসর্বস্ব তৰুণ হেগেলবাদীৰ দৰেই এংগেলছকো তেওঁ ‘ফ্রী’ সকলৰ এজন বুলি ভাবিছিল।.এংগেলছৰ পৰিয়ালটোৰ পেছা আছিল ব্যৱসায়; ১৮৪২ চনৰ নৱেম্বৰত পৰিয়ালৰ বিজনেছ ফার্ম ‘আর্মেন এণ্ড এংগেলছ’ৰ কামত মানচেষ্টাৰ চহৰলৈ আহোঁতে এংগেলছে চহৰৰ ঔদ্যোগিক বিপ্লৱৰ আৱহাৱা নিজ চকুৰে প্রত্যক্ষ্য কৰিছিল। লগতে তেওঁ প্রত্যক্ষ্য কৰিছিল শ্রমিক জনগণৰ দুর্বিষহ জীৱন ধাৰা আৰু তেওঁলোকৰ প্রতিনিয়ত প্রতিবাদ আৰু সংগ্রাম। এংগেলছ মানচেষ্টাৰলৈ অহাৰ মাত্র কিছুদিনৰ আগতে ঐতিহাসিক চার্টিষ্ট আন্দোলনে সমগ্র অঞ্চলটো চুই গৈছিল। এই সমূহ অভিজ্ঞতাৰ ভিত্তিত এংগেলছে ৰছনা কৰিছিল The Condition of the Working Class in England গ্রন্থখনি। মার্ক্সৰ দৰেই এংগেলছেও শ্রমিক শ্রেণীৰ বিপুল বৈপ্লৱিক সম্ভাৱনীয়তাসমূহ সঠিককৈ চিহ্নিত কৰিছিল। আন কথাত- দুয়োজনৰে চিন্তাৰ সাদৃশ্য আছিল অভূতপূর্ব। 

Saturday, October 12, 2013

কার্ল মার্ক্সৰ বিপ্লৱী চিন্তাধাৰাঃ প্রথম অধ্যায়ঃ এক সংগ্রামী জীৱন (প্রথম খণ্ড)

Original:  Part 1, Chapter 1,  Revolutionary Ideas of Karl Marx by Alex Callinicos

Translation: Mayur Chetia


ত্রায়াৰ চহৰস্থিত মার্ক্সৰ জন্ম-গৃহ
১৮১৮ চনৰ ৫ মে তাৰিখে  জার্মানীৰ ৰাইনলেণ্ড অঞ্চলৰ ত্রায়াৰ চহৰত এক মধ্যবিত্তীয় পৰিয়ালত কার্ল মার্ক্সৰ জন্ম হয়তেওঁৰ পিতৃ-মাতৃ হেনৰিখ আৰু হেনৰিয়েট মার্ক্স দুয়োজনেই ইহুদী ধর্মযাজক পৰিয়ালৰ বংশধৰ আছিল। কিন্তু ১৮১৭ চনত তেওঁলোকে ইহুদী ধর্ম পৰিত্যাগ কৰি খৃষ্টান ধর্ম গ্রহণ কৰেসেইসময়ত প্রুছিয়াৰ ইহুদী বিৰোধী চৰকাৰী নিয়ম-কানুন সমূহ আছিল যথেষ্ঠ কাঢ়া; আনকি ইহুদী সকলে চৰকাৰী চাকৰি কৰাৰ ক্ষেত্রতো নিষেধাজ্ঞা আৰোপণ কৰা হৈছিল। এই যাতীয় বাধা সমূহৰ পৰা ৰক্ষা পাবলৈকে মার্ক্স দম্পত্তীয়ে ইহুদী ধর্ম পৰিত্যাগ কৰিছিল বুলি জনা যায় অৱশ্যে প্রতিক্রিয়াশীল প্রুছিয়ান সাম্রাজ্যৰ আন আন অঞ্চলৰ বিপৰীতে ৰাইনলেণ্ড ৰাজনৈতিক আৰু অর্থনৈতিক ভাৱে যথেষ্ঠ আগবঢ়া আছিল।  বিশেষকৈ ফৰাচী বিপ্লৱৰ আমূল পৰিবর্তনকামী চিন্তা চর্চাই অঞ্চলটো দকৈ ছুই গৈছিল এনে এক তুলনামূলকভাৱে মুক্ত পৰিবেশতে মার্ক্সৰ শৈশৱ অতিবাহিত হৈছিল

বাস্তৱ-সম্ভৱ সমাজবাদৰ অর্থনীতি (সপ্তম অংশ)

  মূলঃ  The Economics of Feasible Socialism by Alec Nove অনুবাদঃ ময়ূৰ চেতিয়া শ্রম বিভাজন মার্ক্সৰ ৰোমান্টিক-য়ুটোপিয়ান চিন্তাধাৰাই ধূসৰ কৰি...