Sunday, June 17, 2012

মুনাফা আৰু সঞ্চয়নৰ গর্ভত প্রকৃতি (NSI Manifesto, Part 4/7)

মানৱ সমাজ হৈছে প্রকৃতিৰে অংশস্বৰূপ কিন্তু এটা বিশেষ কাৰণবশতঃ ই প্রকৃতিৰ আন আন অংশবোৰতকৈ কিছু সুকীয়া। প্রকৃতিৰ আন আন অংশৰ বিপৰীতে কেৱল মানৱ সমাজেই সচেতনভাৱে তথা ইচ্ছাপূর্বকভাৱে প্রকৃতিৰ বুকুত হস্তক্ষেপ কৰিব পাৰে। এনে হস্তক্ষেপৰ ভিত্তিতেই তাহানিৰে পৰা মানৱ সভ্যতাৰ বিকাশ সাধন হৈছে। সামাজিক উৎপাদন আৰু পুনৰুৎপাদনৰ বিভিন্ন মাধ্যমৰ দ্বাৰাই মানুহে প্রকৃতিৰ লগত খেলা কৰে। জীৱন ধাৰণৰ সুগম পৰিস্থিতি গঢ়াৰ দ্বাৰাই মানুহে প্রকৃতিকো ‘গঢ়ি’ তোলে। সমগ্রৰ এটা অংশই (অন্ততঃ পৃথিৱীৰ স্তৰত) সমগ্রৰ পুনর্গঠনৰ দায়িত্ব গ্রহণ কৰে। 

Sunday, June 10, 2012

সামাজিক বাস্তৱৰ বিভিন্ন দিশঃ পৰিচয়, অসমতা, উৎপীড়ন (NSI Manifesto - Part 3/7)

কেৱল শ্রমিকৰ পৰিচয়েই শ্রমিক ব্যক্তি একোজনৰ সম্পূর্ণ পৰিচয় নহয়। ঠিক তেনেকৈয়ে মাত্র পুঁজিপতিৰ পৰিচয়েই পুঁজিপতি ব্যক্তি একোজনৰ সম্পূর্ণ পৰিচয় হ’ব নোৱাৰে। আজিলৈকে পৰিলক্ষিত হোৱা ইতিহাসৰ প্রায় সকলো সমাজেই শ্রেণী সমাজ ৰূপে পৰিগণিত হৈ আহিছে, কিন্তু মাত্র শ্রেণীৰ অক্ষৰ(axis) দ্বাৰাই সংজ্ঞায়িত হোৱা কোনো সমাজ আজিলৈকে উদ্ভৱ হোৱা নাই। সামাজিক সত্তা হিচাপে প্রতিজন ব্যক্তিৰে নানান পৰিচয় থাকে, তেওঁৰ সমগ্র সত্তাক সংজ্ঞায়িত কৰা সামাজিক বাস্তৱৰ বহুতো অক্ষ থাকে। সামাজিক বাস্তৱৰ সামগ্রিক ছবিখন আঁকিবলৈ এনে সকলো অক্ষৰে হিচাপ লোৱাৰ প্রয়োজনীয়তা আছে।

Saturday, June 9, 2012

শ্রমিকৰ পৃথিৱী (NSI Manifesto, Part 2/7)

...কিন্তু আজি শ্রমিক ক'ত? আমিতো বেংকাৰ, এক্সিকিউটিভ, বিনোদনকাৰী তথা টাইকুনেৰে ভৰা পৃথিৱী এখনত বাস কৰোঁ? সিবিলাকৰ চৌদিশে সদা-বৃদ্ধিমান এক মধ্যবিত্ত শ্রেণীয়ে আগুৰি থকা এইখন পৃথিৱীত শ্রমিক আছে জানো? এই পুঁজিবাদী ভূ-স্বর্গৰ আশে-পাশে শ্লামৰ পৃথিৱী একোখন নিশ্চয়েই গঢ় লৈ উঠিব পাৰে, কিন্তু সেইবুলিতো আৰু এই নব্য-স্বর্গৰ উপস্থিতি আৰু কেন্দ্রীয়তা অস্বীকাৰ কৰা নাযায়? আৰু যদিওবা পুঁজি-সাম্রাজ্যৰ মেট্র’পলিছবোৰ এতিয়াও তৃতীয় বিশ্বৰ দৈন্যতাই আগুৰি আছে, যদিওবা মেট্র’পলিছৰ নাগৰিক সংখ্যা কৃষক, বনবাসী, কাৰিকৰ অথবা কুলীতকৈ এতিয়াও হাজাৰগুণে কম, কিন্তু সেইবুলিতো এই নব্য-ব্যৱস্থাৰ উপস্থিতি আৰু কেন্দ্রীয়তা অস্বীকাৰ কৰা নাযায়? কেন্দ্রবোৰ ক্রমশঃ বাঢ়ি আহিছে আৰু দাঁতিবিলাকৰ সীমা অস্পষ্ট হৈ পৰিছে। কেন্দ্রৰ ৰূপতেই দাঁতিবিলাককো নব্য-ৰূপ দিয়া হৈছে আৰু সিবিলাকে নিজস্ব কেন্দ্র আৰু দাঁতি গঢ়ি তুলিছে। প্রথম বিশ্বকেই তৃতীয় বিশ্বৰ ভৱিষ্যত ৰূপ বুলি দাঙি ধৰা হৈছে। আৰু এনেও- কেতিয়াৰ পৰা বাৰু কৃষক,বনবাসী, কাৰিকৰ, কুলী, শ্লাম-সর্বহাৰা অথবা গৃহ-ভৃত্যসকল শ্রমিক শ্রেণীৰ আদর্শ ৰূপ আছিল? সিবিলাকতো সদায়েই ‘বিশ্বৰ দীন-হীন নিথৰুৱা’ বুলিয়েই চিহ্নিত হৈ আহিছে? যোৱাটো শতিকাত তেঁওলোককেই বিপ্লৱ কৰিবলৈ দিয়া হ’ল আৰু তেওঁলোকে সমাজবাদৰ নিজস্ব ৰূপ গঢ়ি তুলিলে। পুঁজিৰ নব্য-সাম্রাজ্যই হৈছে এতিয়া তেওঁলোকৰ ভৱিষ্যত পথ। পুঁজিৰ সাম্রাজ্যই মাজে-সময়ে দুৱাৰ খুলি দিব আৰু তেওঁলোকৰ ভৱিষ্যত প্রজন্মই মধ্যবিত্তৰ জীৱন ভোগ কৰিব। এয়াই হৈছে নতুন সময়ৰ নির্মোহ বাস্তৱ। পুঁজিৰ স্বর্গৰ কেন্দ্রত অৱস্থিত পুঁজিপতি আৰু মধ্যবিত্ত শ্রেণী আৰু দুৱাৰৰ সিপাৰে প্রবেশপত্রৰ আশাত দীন-হীন নিথৰুৱাৰ দীর্ঘ শাৰী। ইতিহাসৰ এতিয়া অন্ত পৰিছে, শ্রমিক শ্রেণীৰ নিপাত ঘটিছে!

Friday, June 8, 2012

শ্রমিকৰ পৃথিৱী, পৃথিৱীৰ ভৱিষ্যত (NSI Manifesto, Part 1/7)

ইতিহাস সদায়েই বিভিন্ন আকস্মিক ঘটনাৰে পৰিপূর্ণ। তথাপিও এনে সময় খুবেই বিৰল যেতিয়া ইতিহাসৰ দীর্ঘ যাত্রাই কোনো বৃহৎ পৰিৱর্তনৰ দিশেৰে আগবাঢ়ে। কাৰোবাৰ হৃদয়ত ই সন্ত্রাসৰ সৃষ্টি কৰে, কোনোবাই কৰে এনে দিনৰ দীর্ঘ অপেক্ষা। সন্ত্রসিতসকলে কল্পনা কৰে - ইতিহাস যেন ইতিমধ্যেই কোনো সীমাহীন মালভূমিত উপনীত হৈছেহি; নতুন কোনো পৰিবর্তন, নতুন কোনো পথৰ সম্ভাৱনা এতিয়া যেন বাকী নাই। আনহাতে অপেক্ষা কৰাসকলে সৰু বৰ সকলো কেঁকুৰিতে দিক পৰিবর্তনৰ সপোন দেখি, পুৰণা ৰণনীতি আৰু ৰণকৌশলৰ দ্বাৰাই সেই সপোন বাস্তৱায়িত কৰিবলৈ প্রাত্যহিক সংগ্রামৰ ৰণথলীত নামি ইমানেই আত্মবিস্মৃত, ব্যতিব্যস্ত আৰু ক্লান্ত হৈ পৰিছে যে তেওঁলোকে বর্তমানৰ কার্যভাৰ আৰু ভৱিষ্যতৰ সম্ভাৱনীয়তা চিহ্নিত কৰোঁতে উজুটি খাবলৈ আৰম্ভ কৰিছে। হয়তো এনে এক সময়তে ভৱিষ্যতৰ নতুন সপোনে পোখা মেলে, নতুন ৰণনীতিৰ অংকুৰণ হয়, ইতিহাসৰ গতিপথ সলাবলৈ নতুন শক্তিয়ে জন্ম লাভ কৰে।

Monday, April 30, 2012

নাৰীবাদেই মোৰ বিয়াখন ৰক্ষা কৰি আহিছে।


মূলঃ Feminism Keeps My Marriage Together

ক্রিষ্টি চার্চ

নাৰীবাদৰ বিৰুদ্ধে বহুতৰে অভিযোগৰ সীমা সংখ্যা নাই।বিবাহ বিচ্ছেদৰ পৰা আৰম্ভ কৰি ক্রমহ্রাসমান জন্ম হাৰলৈকে, নিচাসক্তিৰ পৰা গোপন সমকামী ‘অভিসাৰ’লৈকে - অসংখ্য গুৰুতৰ ‘অভিযোগ’ত অভিযুক্ত এই বদনামী দর্শন। গুজৱ আছে যে নাৰীবাদে হেনো নাৰীক স্বামীগৃহ পৰিত্যাগ কৰিবলৈ, শিশু আৰু ল’ৰা ছোৱালীৰ অনাদৰ কৰিবলৈ আৰু সমাজ ব্যৱস্থা ধ্বংস কৰিবলৈ উৎসাহ দিয়ে। অথচ যোৱা দুবছৰ ধৰি নাৰীবাদেই আমাৰ সংসাৰখন নিয়াৰিকৈ চলাই অহাৰ ক্ষেত্রত সহায় কৰি আহিছে। বিয়াৰ দ্বিতীয় বার্ষিকীৰ দিনা আমি দুয়ো স্বামী-স্ত্রীয়ে নাৰীবাদলৈ আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

দ্বিতীয় প্রজন্মৰ নাৰীবাদীসকলে আঙুলিয়াই দেখুৱাইছে যে নাৰীবাদী আন্দোলনৰ ফলস্বৰুপে আমি ইতিমধ্যে বহুখিনি সামাজিক অগ্রগতি লাভ কৰিছোঁ। কিন্তু তাৰ অর্থ এয়া নহয় যে নাৰীবাদ বর্তমান সময়ত অপ্রাসংগিক হৈ পৰিছে। বৰঞ্চ নাৰীবাদী দর্শনৰ অহৰহ প্রচাৰ এতিয়াও অতিশয় প্রয়োজনীয় হৈয়েই আছে। প্রায়েই দেখা যায় যে পৰিবর্তিত পৰিস্থিতি সাপেক্ষে বহুতো ন’ ন’ ৰূপত যৌনবাদে(sexism) ভূমুকি মাৰেএই ক্ষেত্রত নৱ-প্রজন্মৰ যুবক-যুবতীসকল প্রায়েই দিশহাৰা হৈ পৰা যেন দেখা যায়। নাৰীবাদী দর্শনৰ মার্গ-দর্শন আৰু সহায় সহযোগিতা অবিহনে এনে অভিজ্ঞতাসমূহ সিবিলাকৰ বিশেষ পটভূমিত পর্যালোচনা কৰি চোৱাটো প্রায়েই দূৰুহ হৈ পৰে

নিজৰে প্রেমত নপৰিবা!


স্লাভয় জিজেক

(অকুপাই ৱাল ষ্ট্রীট আন্দোলনৰ অন্যতম কেন্দ্রস্থলী নিউয়র্ক চহৰৰ জুকটি পার্কত বাওঁপন্থী দার্শনিক স্লাভয় জিজেকে প্রদান কৰা বক্তৃতাৰ মুকলি অসমীয়া ভাবানুবাদ)

  সিহঁতে কয় আমি হেনো কাম-বন নাইকিয়া- হতভাগা বেকাৰৰ দল।পিচে প্রকৃত বেকাৰৰ দল সিহঁতহে, যি এতিয়া জনগনৰ টকাৰে নিজৰ ঋণ সুঁজাত লাগিছে।আমাক সমাজবাদী বুলি চৌধ্য পুৰুষ উজাৰি গালি পৰা হয়। পিচে ৱাল ষ্ট্রীটত দেখোন ধনীৰ দুলালৰ বাবে সমাজবাদ সদায়েই উপস্থিত। সিহঁতে কয়- আমি হেনো ব্যক্তিগত মালিকানাত বিশ্বাস নকৰোঁপিচে, সিহঁতে চপাই অনা ২০০৮ৰ বিত্তীয় সঙ্কটে যে কিমান শত-সহস্র লোকৰেই তেজ-পানী এক কৰি ঘটা ধন ধূলিত মিহলাই দিলে, তাৰ হিছাপ বা কোনে ৰাখিছে? সিহঁতে কয়- আমি হেনো কল্পনাশ্রয়ী। আমি কল্পনাৰ আকাশত বাস কৰোঁ পিচে সঙ্কটহীন পূঁজিবাদৰ আকাশী চাং সিহঁতেহে পাতিছিল। আমি ক’ব বিচাৰোঁ যে আমি কল্পনাশ্রয়ী নহয়। বৰঞ্চ আমি এতিয়া এটা ভয়ঙ্কৰ দুঃস্বপ্নৰ পৰা সাৰ পাইহে উঠিছো আৰু বাস্তবৰ হিচাপ ল’ব বিছাৰিছোঁ

বাস্তৱ-সম্ভৱ সমাজবাদৰ অর্থনীতি (সপ্তম অংশ)

  মূলঃ  The Economics of Feasible Socialism by Alec Nove অনুবাদঃ ময়ূৰ চেতিয়া শ্রম বিভাজন মার্ক্সৰ ৰোমান্টিক-য়ুটোপিয়ান চিন্তাধাৰাই ধূসৰ কৰি...