Monday, June 23, 2014

ভাৰতীয় মড অৱ প্রডাকচনঃ প্রথম খণ্ড – কৃষি

মূলঃ অমিত বাছলে, দীপংকৰ বসু

অনুবাদঃ ময়ূৰ চেতিয়া

ভাৰতীয় অর্থনৈতিক বিকাশৰ চৰিত্র আৰু গঢ়-গতিৰ বুজ লোৱাটো আজিৰ সময়ত তাত্ত্বিক তথা ব্যৱহাৰিক দুয়োফালৰে পৰা অতিশয় জৰুৰী হৈ পৰিছে; ইয়াৰ ৰাজনৈতিক তথা সামাজিক তাৎপর্যও হৈছে প্রভুত। এই সম্পর্কে সন্দেহৰ কোনো থল নাই যে সমাজ পৰিবর্তনৰ প্রতি প্রতিশ্রুতিবদ্ধ শক্তিসমূহে নিজকে আকাশ কুসুম ইউট’পিয়াৰ মায়াজালৰ পৰা মুক্ত কৰিবলৈ হলে বহুলাংশ জনগণৰ বস্তুগত জীৱন পৰিক্রমাৰ বিভিন্ন ঐতিহাসিক প্রৱণতাসমূহৰ ভিত্তিত দীর্ঘকালীন ৰণনীতি তৈয়াৰ কৰিব পাৰিব লাগিব। সমাজৰ আমূল পৰিবর্তনকামী সংগ্রামখনিৰ অংশ হিচাপে এই বিষয়ক অতীতৰ কেতবোৰ বিতর্কৰ আঁত ধৰি এই প্রৱন্ধটিত ভাৰতীয় অর্থনীতিৰ কেতবোৰ মূল গাঁথনিগত বৈশিষ্ট্যৰ বিৱর্তনধাৰাৰ এটি সাৰসংগ্রহ প্রস্তুত কৰিবলৈ চেষ্টা কৰা হৈছে। 

এই সাৰসংগ্রহখিনি প্রস্তুত কৰোঁতে আমি ভাৰতীয় সমাজৰ চৰিত্র বিষয়ক অতীতৰ কিছু লেখনীৰ সৈতেও এটি সংবাদ প্রক্রিয়া স্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ। এইক্ষেত্রত ১৯৭০ তথা ১৯৮০ৰ দশকৰ আশে পাশে ভাৰতীয় বাওঁপন্থী কর্মকর্তা তথা বুদ্ধিজীৱিসকলৰ মাজত অনুষ্ঠিত ‘উৎপাদন প্রণালী’ বা ‘মড অৱ প্রডাকচন’(‘Mode of Production’) শীর্ষক বিতর্কৰ কথা বিশেষকৈ উল্লেখ কৰিব পাৰি। এই প্রবন্ধটোত আমি কিছু নতুন তথ্যৰ পোহৰত উক্ত বিতর্কখনিৰ কিছু সাম্প্রতিক মূল্যায়ণ কৰিবলৈ চেষ্টা কৰিম। পূর্বৰ বিপৰীতে, আমি কৃষি খণ্ডৰ লগতে এইবাৰ অনানুষ্ঠানিক ঔদ্যোগিক খণ্ড টোকো বিশ্লেষণৰ আওঁতালৈ আনিম। মন কৰিবলগীয়া যে যদিও পূর্বৰ দৰেই এতিয়াও কৃষি খণ্ডতেই বহুলাংশ শ্রমজীৱি জনগণ নিয়োজিত হৈ আছে, তথাপিও বিগত দশক কেইটাত মন্থৰ অথচ অহৰহ গতিৰে ঔদ্যোগিক তথা সেৱা খণ্ডৰো যথেষ্ঠ বিকাশ ঘটিছে। শ্রমিক জনগণৰ এক বৃহৎ অংশই আজিৰ সময়ত এই বিভিন্ন খণ্ডসমূহৰ মাজত অগা-দেৱা কৰি ফুৰিছে; জীৱিকাৰ সন্ধানত তেওঁলোকে বিভিন্ন ৰাজ্য তথা অঞ্চলৰ মাজত ঢপলিয়াই ফুৰিছে। গতিকেই ভাৰতীয় অর্থনীতিৰ বিৱর্তন সম্পর্কীয় যিকোনো আলোচনাত এই উদীয়মান অনা-কৃষিজাত খণ্ডৰো কিছু বিশ্লেষণ জৰুৰী হৈ পৰিছে। অনা-কৃষিপাম সংস্থাপনৰ এই বর্ধিত সুযোগে গ্রাম্য অঞ্চলৰ বহুলাংশ দুখীয়া জনগণৰ বস্তুগত তথা সামাজিক জীৱনত ভালেখিনি পৰিবর্তন অনাৰ সম্ভাৱনা আছে।

Sunday, June 22, 2014

ভাৰতীয় মড অৱ প্রডাকচনঃ দ্বিতীয় খণ্ড – অনানুষ্ঠানিক ঔদ্যোগিক খণ্ড

মূলঃ অমিত বাচ'লে, দীপংকৰ বসু



অনুবাদঃ ময়ূৰ চেতিয়া

অনা-পুঁজিবাদী উৎপাদন পদ্ধতিৰে ভৰা সমাজসমূহত কেনেদৰে পুঁজি-কেন্দ্রিক ঔদ্যোগিক খণ্ড কেতবোৰ বিকশিত কৰি আর্থিক উন্নতি সম্ভৱপৰ কৰিব পৰা যায় – এই বিষয়ে আজিও বিতর্কৰ ওৰ পৰা নাই। বৰঞ্চ এই প্রশ্নটো আজিও এক জীৱন্ত প্রশ্ন বুলিয়েই গণ্য কৰিব পাৰি। এই ঔদ্যোগীকৰণৰ নামতেই আজিও ভাৰতৰ বহুতো অঞ্চলত (ভূমি-অধিগ্রহণ বা অন্যান্য সম্পদৰ অধিকাৰৰ বিষয়লৈ) কৃষক তথা ৰাষ্ট্রৰ মাজত তুমুল যুদ্ধ চলি আছে। চাবলৈ গলেআজিও ভাৰতবর্ষৰ অর্থনীতিখনিক এক দ্বৈত অর্থনীতি বুলিয়েই কব পাৰি। এই দ্বৈততাৰ কাৰণ হৈছে – ঔপনিবেশিকতাবাদৰ উত্তৰাধিকাৰ। সহজ ভাষাত, ঔপনিবেশিক যুগতেই এই দ্বৈত অর্থনীতিৰ আৱির্ভাৱ ঘটিছিল। পিছে স্বাধীনতাৰ ৬০ বছৰৰ পাছতো ঔপনিবেশিক যুগৰ‘আধুনিক’ তথা ‘পৰম্পৰাগত’ অর্থনীতিৰ দ্বৈততাৰ দৰেই আজিও এফালে কৃষক, কাৰিকৰ, ক্ষুদ্র উৎপাদক, গৃহ-আধাৰিত শ্রমিক আদিৰে গঠিত অনানুষ্ঠানিক খণ্ড, আৰু আনফালে দেশী বিদেশী বৃহৎ পুঁজিৰে পৰিপূর্ণ আনুষ্ঠানিক খণ্ডৰ দ্বৈততা দেখিবলৈ পোৱা যায়।বিশেষকৈ ক্ষুদ্র স্তৰৰ কৃষি খণ্ডৰ বিপৰীতে বৃহদাকাৰ তথা পুঁজি কেন্দ্রিক বস্তু-নির্মাণ(manufacturing) খণ্ডত এই দ্বৈততা অতিশয় স্পষ্ট ৰূপত দেখা পোৱা যায়।





Monday, April 21, 2014

কার্ল মার্ক্সৰ বিপ্লৱী চিন্তাধাৰাঃ দ্বিতীয় অধ্যায়ঃ 'সমাজবাদ -মার্ক্সৰ পূর্বসূৰীসকল'

Original: Chapter 2, "Revolutionary Ideas of Karl Marx" by Alex Callinicos
Translation: Mayur Chetia

"মার্ক্স এজন প্রখৰ প্রতিভাশালী ব্যক্তি আছিল। ঊনবিংশ শতিকাৰ আটাইতকৈ বিকশিত তিনিওখন দেশ- জার্মানী, ইংলেণ্ড আৰু ফ্রাঞ্চে প্রতিনিধিত্ব কৰা মতাদর্শৰ তিনিওটা মূল ধাৰা-ধ্রুপদী জার্মান দর্শন, ইংৰাজী ৰাজনৈতিক অর্থনীতি আৰু ফৰাছী সমাজবাদৰ  বিকাশ অব্যাহত ৰাখি  তেওঁ সিবিলাকৰ মাজত এক সফল সমন্বয় গঢ়ি তুলিছিল।"

১৯১৪ চনত প্রকাশিত মার্ক্সৰ জীৱনী এখনিত লেনিনে এনেদৰে লিখিছে। প্রায়েই দেখা যায় যে বহুতে মার্ক্সকেই সমাজবাদৰ প্রথমজন প্রবক্তা বুলি ভুল কৰে। আচলতে মার্ক্সৰ বহু পূর্বেই সমাজবাদ সম্পর্কীয় ধ্যান-ধাৰণাৰ আৰম্ভণি ঘটিছিল। চাবলৈ গলে গ্রীক তথা ৰোমান সভ্যতাৰ সময়ৰ পৰাই শোষণমুক্ত সমাজ নির্মাণৰ সপোনে মানুহৰ মন দোলায়িত কৰি আহিছে। অৱশ্যে ঊনবিংশ শতিকাৰ প্রথমার্ধৰ পৰাহে সমাজবাদ সম্পর্কীয় ধ্যান-ধাৰণা সমূহে ব্যাপক গণ সমর্থন লাভ কৰিবলৈ সক্ষম হয়। এইক্ষেত্রত ফ্রাঞ্চ বিশেষভাৱে আগৰণুৱা আছিল। এই ফৰাচী দেশতেই সমাজবাদ সম্পর্কীয় ধাৰণা সমূহে তাত্ত্বিক বিকাশ লাভ কৰে। সেয়েহে  সমাজবাদ সম্পর্কীয় মার্ক্সৰ ধাৰণাসমূহ বুজিবলৈ হলে তেওঁৰ পূর্বসূৰী ফৰাচী চিন্তাবিদসকলৰ বৌদ্ধিক জগতখনৰ সৈতে চিনাকি হৈ লোৱাটো  প্রয়োজনীয়। এইক্ষেত্রত কেনেধৰণৰ আর্থসামাজিক তথা বৌদ্ধিক পৰিবেশৰ পটভূমিত সমাজবাদ সম্পর্কীয় ধাৰণাসমূহ ঠন ধৰি উঠিছিল, সেই ফালেও মন দিয়াটো দৰকাৰ

Wednesday, January 29, 2014

ফেচীবাদৰ ৰাজনৈতিক সংস্কৃতি

মূলঃ জয়ৰছ বানাজি
অনুবাদঃ ময়ূৰ চেতিয়া

 ['নতুন পদাতিক' আলোচনী মার্চ ২০১৪ সংখ্যাত প্রকাশিত।]

[২০০২ চনৰ চেপ্তেম্বৰ মাহত মুম্বাইস্থিত ‘বিকাশ অধ্যয়ন কেন্দ্র’ই আয়োজন কৰা গুজৰাট সম্পর্কীয় আলোচনাচক্রত প্রদান কৰা ভাষণৰ লিখিত ৰূপ। ]

আজিৰ আলোচনাৰ শীর্ষক হৈছে ‘ফেচীবাদৰ ৰাজনৈতিক সংস্কৃতি’; মই সচেতনভাৱেই এই ‘ৰাজনৈতিক
সংস্কৃতি’ বাক্যাংশটো ব্যহাৰ কৰিছোঁ যাতে বাওঁপন্থী মহলসমূহত সততে পৰিলক্ষিত ফেচীবাদ সম্পর্কীয় পৰম্পৰাগত চিন্তাচর্চাৰ পৰা কিছুদূৰৈলৈ আঁতৰি আহি আন কেতবোৰ উপেক্ষিত কিন্তু গুৰুত্বপূর্ণ  দিশ সম্পর্কে আলোচনা কৰিব পৰা যায়[1] এই দিশসমূহ সম্পর্কে পৰম্পৰাগত বাওঁপন্থী চিন্তাধাৰা নিমাত বুলিয়েই কব পাৰি, অথচ সমাজত সিবিলাকৰ ব্যাপ্তি অতিশয় গভীৰপ্রথমতেই মই ফেচীবাদ সম্পর্কীয় সবাটোকৈ যান্ত্রিক কিন্তু বহুল আলোচিত (তথা দুর্ভাগ্যজনকভাৱে প্রভাশালী) বাওঁপন্থী তত্ত্বসমূহৰ বিষয়ে আলোচনা কৰিম। এইক্ষেত্রত পোনপ্রথমেই ২০ তথা ৩০ৰ দশকৰ আশে-পাশে বহুল প্রচাৰিত ‘কমিন্টার্ণ লাইন’ৰ বিষয়ে উল্লেখ কৰিব পাৰি কমিন্টার্ণৰ এই লাইন মতে ফেচীবাদ হৈছে “বিত্তীয় পুঁজিৰ সবাটোকৈ প্রতিক্রিয়াশীল, উৎকট জাতীয়তাবাদী তথা সাম্রাজ্যবাদী অংশসমূহৰ মুক্ত সন্ত্রাসবাদী স্বৈৰতন্ত্র”। “ই একাধিপত্যবাদী পুঁজিৰ বাবে পেটি-বুর্জোৱা অংশটোৰ মাজত এক গণ আধাৰ তৈয়াৰ কৰিবলৈ চেষ্টা কৰে” (এই “চেষ্টা কৰে” বাক্যাংশলৈ মন কৰক)। “ই সাধাৰণ জীনৰ পৰা ছিন্নমূল হৈ পৰা, বিশেষকৈ বৃহৎ চহৰসমূহত শ্রেণী-বিচ্ছিন্ন হৈ পৰা  কৃষক, কাৰিকৰ, অফিচ কর্মচাৰী, প্রশাসনিক বিষয়া আদিৰ প্রতি আহবান জনায়ই আনকি শ্রমিক শ্রেণীৰ মাজতো প্রবেশ কৰিবলৈ চেষ্টা চলোৱা দেখা যায়” (Roger Griffin, Fascism, পৃষ্ঠা ২৬২) অর্থাৎ, চমুকৈ কবলৈ গলে, কমিন্টার্ণৰ লাইন মতে, ফেচীবাদ হৈছে বিত্তীয় পুঁজিৰ সবাটোকৈ প্রতিক্রিয়াশীল অংশটোৰ স্বৈৰতন্ত্র। পিছে এইখিনিতে এটা আমোদজনক দিশৰ প্রতি মন কৰকঃ জার্মানীৰ নাজী পার্টিয়ে আনুষ্ঠানিকভাৱে কিন্তু নিজকে এটি “শ্রমিক দল” হিচাপেই চিনাকি দিছিল। অর্থাৎ অতিশয় স্থূল ৰূপত  হলেও বাগাড়ম্বৰৰ স্তৰত নাজীহঁতে নিজকে শ্রমিক সমর্থনৰ বাবে  আহ্বান জনোৱা দল হিচাপেই গণ্য কৰিছিল।  ইয়াৰ পৰাই বুজিব পাৰি যে  কেল পুঁজিৰ স্বৈৰতন্ত্র বুলি ঘোষণা কৰিয়েই ফেচীবাদৰ সামগ্রিক স্বৰূপ চিনাক্ত কৰিব পৰা নাযাব।

Thursday, January 23, 2014

বিভ্রান্তিৰ দলিল ময়ূৰ বৰাৰ ‘মার্ক্স-গ্রন্থ’

বিভিন্ন বিতর্কমূলক বিষয় সম্পর্কে সাহসী তথা স্পষ্ট ভাষাত নিজ অভিমত তথা বিশ্লেষণ আগবঢ়াই
পাঠকৰ ভূয়সী প্রশংসা লাভ কৰিবলৈ সক্ষম হোৱা মননশীল লেখক ময়ূৰ বৰাৰ শেহতীয়া গ্রন্থ “মার্ক্সেই বজালে নেকি কমিউনিজমৰ মৃত্যুঘণ্টা”খনি পঢ়ি অতিশয় হতাশ হলোঁ। বিভিন্ন তৰল যুক্তি তথা  বিভ্রান্তিকৰ তথ্যৰে পৰিপূর্ণ এই গ্রন্থখনিয়ে বৰাৰ ঈপ্সিত “ধর্মনিৰপেক্ষ সোঁ-পন্থী” চিন্তাৰ ধাৰাটোক সমৃদ্ধ কৰাৰ বিপৰীতে বৌদ্ধিক আলোচনাৰ স্তৰটোক নিম্নগামীহে কৰিব বুলি আমাৰ আশংকা হৈছে। উদাৰবাদী গণতন্ত্রৰ প্রতি থকা বৰাৰ গভীৰ আস্থাখিনিৰ প্রতি সন্মান জনায়ো আমি কবলৈ বাধ্য হৈছো যে মার্ক্সবাদৰ সমালোচনাৰ বাবে প্রয়োজনীয়  নূন্যতম পঢ়াশুনাখিনিও বৰাই কৰা নাই। কোনো সমকালীন মার্ক্সবাদী চিন্তাবিদৰ লেখনী আদি অধ্যয়ন কৰাটো বাদেই, বৰাই উদাৰবাদী ধাৰাটোৰ মার্ক্সবাদ-বিৰোধী সসন্মানীয় পণ্ডিতসকলৰো মূল ৰছনাসমূহ পঢ়ি চোৱাৰ কোনো প্রয়োজনবোধ নকৰিলে। ফলতঃ বৰাৰ মার্ক্সবাদ বিৰোধিতাই বৌদ্ধিক ঊৎকর্ষৰ ৰূপ লোৱাৰ বিপৰীতে কুৎসা ৰটনাৰ পিনেহে ধাবমান হোৱা যেন দেখা গল। সোঁ-পন্থী বৌদ্ধিক ধাৰাটোৰ ভবিষ্যতৰ বাবে ই কোনো শুভ লক্ষণ নহয়। 

Saturday, January 18, 2014

মুক্তিৰ শৃংখলঃ নেলচন মাণ্ডেলাৰ জটিল ঐতিহ্য

মূলঃ এজাজ আহমেদ
অনুবাদঃ ময়ূৰ চেতিয়া

('নতুন পদাতিক' আলোচনীৰ ফেব্রুৱাৰী ২০১৪ সংখ্যাত প্রকাশিত)

মানুহজনৰ নাম নেলচন মাণ্ডেলা। বন্ধুবর্গ আৰু সতীর্থগণৰ মৰমৰ ‘মাদিবা’। মাণ্ডেলা আৰু নাই। এক ঘটনাবহুল তথা দীর্ঘ জীৱন পৰিক্রমাৰ অন্ত পেলাই ২০১৩ চনৰ ৫ ডিচেম্বৰ তাৰিখে মাণ্ডেলাই ইহসংসাৰ ত্যাগ কৰিলে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল- ৯৫ বছৰদ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ সময়ছোৱাৰ আটাইতকৈ প্রেৰণাদায়ী ব্যক্তিসকলৰ মাজত তেওঁৰ নাম সর্বদা অন্যতম হৈ ৰবএক মানবীয় স্বপ্নদ্রষ্টা, অতুলনীয় সাহসৰ জীৱন্ত প্রতীক মাণ্ডেলা আছিল সদায়েই মৃদুভাষী কিন্তু ব্যৱহাৰ তথা চালচলনৰ ক্ষেত্রত অতিশয় দৃঢ় এই বিষয়ে কোনো সন্দেহ নাই যে তেওঁৰ অপৰিসীম ধৈর্য, বর্ণবাদী অপমানৰ সমুখত সগর্বে ঠিয় হৈ ৰোৱাৰ অদম্য সাহস আৰু হাৰ নমনা সংগ্রামী সত্তাই যুগ যুগ ধৰি মানুহক বৈষম্য আৰু অত্যাচাৰৰ বিৰুদ্ধে যুঁজাৰ প্রেৰণা দি যাব নব্বৈৰ দশকত দক্ষিণ আফ্রিকাৰ বর্ণবাদী ব্যৱস্থাটোৰ পৰিসমাপ্তি সমগ্র বিংশ শতিকাটোৰে এক উল্লেখযোগ্য ঘটনা বুলি কব পাৰিঅৱশ্যে যিটো প্রক্রিয়াৰ দ্বাৰা এই ব্যৱস্থাটোৰ পৰিসমাপ্তি ঘটোৱা হল, সেয়া মুঠেও প্রশ্নৰ ঊর্ধত নাছিললক্ষণীয়ভাৱে, এই বিষয়ক আটাইতকৈ চূড়ান্ত তথা নির্ণায়ক পর্যায়ৰ আলোচনা আৰম্ভ হোৱালৈকে ইতিমধ্যেই চোভিয়েট ইউনিয়নৰ পতন ঘটিছিল। বিশ্বৰ ভূ-ৰাজনৈতিক আবহাৱাৰ এই বৃহৎ পৰিবর্তনে  দক্ষিণ আফ্রিকাৰ আলোচনা প্রক্রিয়াটোকো গভীৰভাৱে প্রভাৱিত কৰিছিল এইক্ষেত্রত আন এটা সমসাময়িক উদাহৰণৰ  হৈছে ইজৰাইল-পেলেষ্টাইনৰ শান্তি বার্তা আৰু  ১৯৯৩ চনৰ অচল’ সন্ধি (Oslo Accord) আপাত দৃষ্টিত মাণ্ডেলা আৰু য়াছেৰ আৰাফাটৰ মাজত বিশেষ কোনো মিল নথকা যেন লাগিলেও দুয়োজনে সম্মুখীন হোৱা পৰিস্থিতিৰ সামঞ্জস্যতা মন কৰিবলগীয়া।  দুয়োৰে শত্রু আছিল বসতি ঔপনিবেশকাৰী(settler colonial) একোখন ৰাষ্ট্র – দক্ষিণ আফ্রিকা আৰু ইজৰাইল। দুয়োজনে সশস্ত্র বিপ্লৱী পন্থাৰে সংগ্রাম আৰম্ভ কৰিছিল, জীৱনৰ শেহৰছোৱা সময়ত দুয়োজনে মুখামুখি হব লগা হৈছিল একেটি কঠিন প্রশ্নৰঃ বিপ্লৱৰ পৰিপন্থী সময়ছোৱাত কেনেকৈ অতি শক্তিশালী শত্রুৰ সৈতে এক সন্মানজনক সমাধান সূত্র বিকশিত কৰা যায়? এনে স্থিতিত সন্মানৰ লগতে সমতাও প্রতিষ্ঠা কৰা সম্ভৱনে?

Friday, November 15, 2013

মোডী-প্রেমৰ ৰহস্য আৰু ভাৰতীয় গণতন্ত্রৰ ভবিষ্যত

মূলঃ শংকৰ গোপালকৃষ্ণণ
ভাবানুবাদ আৰু সংযোজনঃ ময়ূৰ চেতিয়া
('নতুন পদাতিক' আলোচনীৰ ডিচেম্বৰ, ২০১৩ সংখ্যাত প্রকাশিত)
............
বিগত কেইবাটাও মাহ ধৰি যেনেধৰণৰ বিপুল উৎসাহেৰে  বিভিন্ন কর্পৰেট মিডিয়াই প্রধানমন্ত্রী পদৰ
বাবে নৰেন্দ্র মোদীক প্রক্ষেপ কৰি আহিছে সেয়া হয়তো সমগ্র ভাৰতীয় সংবাদ মাধ্যমৰ ইতিহাসতে এটা বিৰল ঘটনা। নৰেন্দ্র মোদীয়ে উচ্চাৰণ কৰা প্রায় প্রতিটো বাক্যকে জনগণৰ কর্ণকুহৰত বাৰে বাৰে পেলাই থাকিবলৈ  তেওঁলোক যেন প্রতিশ্রুতিবদ্ধ। এই সম্পর্কে কোনো সন্দেহ নাই যে মূলতঃ কর্পৰেট মিডিয়াৰ কৃপাতেই সম্প্রতি দেশত  মোডী চাহাবৰ ধূম উঠিছে। এইখিনিতে এটা প্রশ্নৰ উদ্রেগ হয়ঃ নৰেন্দ্র মোডীৰ প্রতি কর্পৰেট মিডিয়াৰ এই প্রীতিৰ কাৰণ কি? দেশৰ পুঁজিপতি সকলৰ বাবে মোদীয়েনো এনে কি সুবিধা আগবঢ়াইছে, যাৰ বাবে কর্পৰেট মিডিয়া সমূহ মোডী  প্রেমত নিমগ্ন হৈ পৰিছে?

বাস্তৱ-সম্ভৱ সমাজবাদৰ অর্থনীতি (সপ্তম অংশ)

  মূলঃ  The Economics of Feasible Socialism by Alec Nove অনুবাদঃ ময়ূৰ চেতিয়া শ্রম বিভাজন মার্ক্সৰ ৰোমান্টিক-য়ুটোপিয়ান চিন্তাধাৰাই ধূসৰ কৰি...