Tuesday, March 24, 2015

অসমীয়া আৰু থলুৱাৰ সংজ্ঞাঃ এটি সমাধান পথঃ ধ্রুৱজ্যোতি বৰা


অসমীয়া আৰু থলুৱাৰ সংজ্ঞা সম্পর্কে চলি থকা বিতর্কৰ পটভূমিত অসম সাহিত্য সভাৰ সভাপতি ধ্রুৱজ্যোতি বৰাই এটি সমাধান সূত্র দাঙি ধৰিছে। তেওঁৰ প্রস্তাখিনিৰ সৈতে কিছু দ্বিমত থাকিলেও অন্ততঃ তেওঁ অনুসৰণ কৰা পদ্ধতিটো ঠিকেই যেন দেখিছোঁ।ৰাইজৰ সুচিন্তিত মন্তব্য আশা কৰিলোঁ। "আছু সুবিধাবাদী" বা "আমছু বাংলাদেশীৰ দল" আদি স্থূল মন্তব্যৰে আলোচনাটো বিভ্রান্তিৰ পথেৰে লৈ নাযাবলৈকো অনুৰোধ জনালোঁ। গালি গালাজ পিছে পৰেও দিয়া যাব পাৰে, প্রথমে সমস্যা সমাধান সম্পর্কে ঠাণ্ডা মগজুৰে আলোচনা কৰাটোহে মূল কথা।

মোৰ বোধেৰে বৰাৰ প্রস্তাৱটোৰ সম্পর্কে কেইটামান আপত্তি এনেধৰণৰ হব পাৰেঃ

১) ধৰক ১৯৫১ৰো পূর্বে অসমলৈ অহা পূর্ববংগীয় মূলৰ ব্যক্তি এজনে (কিছুদূৰৈলৈ হয়তো যুক্তিসংগতভাৱেই) আক্ষেপ কৰিব পাৰে- “আমি ইমানদিন অসমত থাকিলো। তথাপিও অসমীয়া নহলোনে?”


পিছে নহয়, বৰাই তেওঁক “অসমীয়া” নহয় বুলি কোৱা নাই; “খিলঞ্জীয়া” নহয় বুলিহে কৈছে। বাকী অসমীয়া/ভাৰতীয় হোৱাৰ সকলো সুবিধা তেওঁ পাব। ব্যক্তিজন যদি মুছলমান সম্প্রদায়ৰ, তেওঁৰ বাবে চাচাৰ কমিটিয়ে আগবঢ়োৱা বিভিন্ন সা-সুবিধাও নিশ্চয় আগবঢ়াব লাগিব। পিছে খিলঞ্জীয়াৰ বাবে সংৰক্ষিত চিট কেইটাত তেওঁ নির্বাচনী প্রতিদ্বন্দ্বীতা কৰিব নোৱাৰে। ভোট অৱশ্যেই দিব পাৰিব।

২) বিশুদ্ধ ৰাজনৈতিক দিশৰ পৰা চাবলৈ গলে এই প্রস্তাৱটোৱে ১৯৫১ৰ পূর্বৰ পূর্ববংগীয় মূলৰ লোকসকলক পাছৰ কালৰ (১৯৫১-৭১ৰ) অভিবাসী সকলৰ কাষলৈ ঠেলি দিয়াৰ সম্ভাৱনা আছে। সেইটো ভাবিয়েই হয়টো আছুৱে চতুৰামি কৰি ১৯৫১ চনটো ভিত্তিবর্ষ হিচাপে ৰাখিব খুজিছে। পিছে তাৰিখৰ ভিত্তিত খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপন কৰা ভুল কথা। তেনে স্থলত আমছুৱেনো ১৯৭১ চনটো দাবী কৰি কি ভুল কৰিছে? অর্থাৎ তাৰিখৰ ভিত্তিত খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ কৰিবলৈ গলে ই এনেকৈ সদায়েই বিবদমান হৈয়েই থাকিব।

৩) অলপ ভবা চিন্তা কৰাৰ পাছত দেখিছোঁ, অভিবাসী মুছলমানসকলৰ বাবেও অসংৰক্ষিত  চীটকেইটাৰ ভিতৰত কেইটামান চীট তেওঁলোকৰ বাবে সংৰক্ষিত কৰিব পৰা যায়। বিশেষকৈ সেইকেইটা য'ত বহু বছৰ ধৰি অভিবাসী মুছলমানসকলেই জিকি আহিছে। (কিমানসংখ্যক চীট অসংৰক্ষিত ৰখা হব- এই সম্পর্কেও অর্থপূর্ণ আলোচনা নিশ্চয় হব পাৰে; এইক্ষেত্রত সকলোৱেৰা-ধাৰ নীতি পালন কৰাই ভাল)।   অভিবাসী মুছলমানসকল খিলঞ্জীয়া নহব পাৰে, কিন্তু তেওঁলোকো নিশ্চিতভাৱে অনগ্রসৰ এটি গোষ্ঠী। সেয়েহে তেওঁলোককো কেইটামান চীট সুকীয়াকৈ দিলে আপত্তি কৰাৰ কাৰণ নেদেখোঁ।

Saturday, March 21, 2015

গণ মুক্তিৰ সংগ্রাম আৰু বৈকল্পিক ৰাজনীতি

পুঁজিবাদী অর্থনীতিৰ অধীনত শ্রমিকসকল আইনী দৃষ্টিৰে নিজৰ শ্রম-শক্তি বেচিবলৈ স্বাধীন। শ্রমিকে নিজ শ্রম শক্তি বেচে আৰু বিনিময়ত মজুৰী লাভ কৰে। অর্থাৎ সমস্ত প্রক্রিয়াটোত সমান মূল্যৰ বস্তুৰেই আদান প্রদান হোৱা যেন ভাব হয়। শ্রমিকে এটা বস্তু (শ্রম শক্তি ) প্রদান কৰিছে আৰু বিনিময়ত আন এটা বস্তু (মজুৰী) লাভ কৰিছে। অর্থাৎ শোষণৰ প্রক্রিয়াটো ইয়াত স্পষ্ট নহয়। তদুপৰি আপাত দৃষ্টিত পুঁজিপতিজন প্রয়োজনীয় যেনেই অনুভৱ হয় – কিয়নো তেঁৱেই পইছা পাতি যোগাৰ কৰি উদ্যোগটো স্থাপন কৰিছে। পুঁজিপতি নহলে কোনে উদ্যোগ স্থাপন কৰিলেহেঁতেন? কোনে চাকৰি সৃষ্টি কৰিলেহেঁতেন? পুঁজিপতিজনে শ্রমিকক কাম কৰিবলৈ জবৰদস্তি কৰা নাই। শ্রমিকে নিজেহে জীৱিকাৰ সন্ধানত কাম বিচাৰি আহিছে। মন নগলে শ্রমিকজনে চাকৰি পৰিত্যাগ কৰিবও পাৰে!

পিছে প্রাক-পুঁজিবাদী ব্যৱস্থাসমূহত – যেনে ধৰক সামন্তীয় অর্থনীতি একোখনত কৃষকে নিজৰ মাটিত কাম কৰাৰ উপৰিও জমিদাৰৰ মাটিত গেবাৰি খাটিব লগা হয়। লগতে তেওঁ নিজৰ মাটিত উৎপাদিত হোৱা শস্যৰ একাংশও জমিদাৰক দিব লগা হয়। সমস্ত প্রক্রিয়াটোত জমিদাৰে শোষণ কৰাৰ কথাটো স্পষ্ট হৈ পৰে। কিয়নো কৃষকে বুজিব পাৰে যে জমিদাৰ নহলেও কৃষি কর্ম সুন্দৰকৈ চলি থাকিব। সমস্ত উৎপাদনৰ প্রক্রিয়াটোত জমিদাৰৰ কোনো ভূমিকা নাই।

Tuesday, February 3, 2015

কার্ল মার্ক্সৰ বিপ্লৱী চিন্তাধাৰাঃ পঞ্চম অধ্যায়: 'ইতিহাস আৰু শ্রেণী সংগ্রাম'

Original: Revolutionary ideas of Karl Marx
Translation: Mayur Chetia



ইতিহাস বিষয়ক বেছিভাগ প্রচলিত ধাৰণাই শিশুসূলভ বুলি কব পাৰি। এই ধাৰণাবোৰৰ মতে ইতিহাস হৈছে ৰজা মহাৰজা, ৰাজনৈতিক নেতা-পালিনেতা, সেনাপতি, ধর্মগুৰু, বিয়াগোম শিল্পী অথবা ফিল্ম তাৰকা আদিৰ কৃতিত্বৰ লেখা-জোখা মাথো। ইতিহাস বিষয়ক এই ধাৰণাবোৰৰ উৎস হয়তো মধ্যযুগৰ বুৰঞ্জীবিদসকলৰ মাজত পোৱা যাব পাৰে যি ৰজা-মহাৰজাৰ প্রশস্তি লিখিয়েই পেট প্রবর্তন কৰিছিল। দুর্ভাগ্যজনকভাৱে, টেলিভিছন আৰু টেবলয়ডৰ কৃপাত আজিৰ তথ্য-প্রযুক্তিৰ যুগতো এনে ধাৰণাসমূহ অতিশয় সুলভ।


অৱশ্যে এনে শিশুসুলভ ধাৰণাসমূহৰ বিৰোধীৰ সংখ্যাও কম নহয়। এই বিৰোধীসকলে অতীতৰ পৰাই  যুক্তি দর্শাই আহিছে যে ঘটনা প্রবাহৰ আকস্মিকতাৰ আঁৰত কেতবোৰ নিয়মমাফিক ক্রিয়াপদ্ধতি আছে। মধ্যযুগত গীর্জাৰ মতাদর্শগত প্রভুত্বৰ ফলস্বৰূপে এই ক্রিয়াপদ্ধতিসমূহক ধর্মীয় দৃষ্টিৰে বিশ্লেষণ কৰা হৈছিল; মানুহৰ কর্মৰ আঁৰত ভগবানৰ ইচ্ছাই ক্রিয়া কৰে বুলি ভবা হৈছিল। মানুহে নিজ ইচ্ছা আৰু বাসনাবোৰ পূর্ণ কৰোঁতে সিবিলাকে অচেতনভাৱেই ভগবান সৃষ্ট ব্রহ্মাণ্ডৰ ক্রিয়াপদ্ধতি অনুসৰিয়েই আগবাঢ়ে বুলি ভবা হৈছিল। সেই অর্থত হেগেলক অন্তিমজন খ্রীষ্টিয় দার্শনিক বুলি কব পাৰি; তেওঁৰ মতে ইতিহাস হৈছে এনে এটি প্রক্রিয়া যাৰ বিকাশৰ দ্বাৰা পৰমাত্মাই চেতনা লাভ কৰে

১৭ শতিকাৰ বৈজ্ঞানিক বিপ্লৱৰ ফলস্বৰূপে ইতিহাস বিষয়ক কিছু চেকুলাৰ দৃষ্টিভংগী বিকশিত হ’ল। এই নতুন দৃষ্টিভংগীৰ অন্তর্ভাগত ভগবানৰ কোনো স্থান নাছিল। কিন্তু  তথাপিও ‘ইতিহাস মানেই মানসিক বিকাশৰে অগ্রগতি’ বুলি ভবাৰ পৰম্পৰা আলোকপ্রাপ্তিয়ে এৰিব নোৱাৰিলে। অর্থাৎ ঘটনা প্রবাহৰ আকস্মিকতাৰ আঁৰত যদি কোনো প্রাথমিক ক্রিয়াপদ্ধতি আছে, সেয়া মানসিক বিকাশৰ বাহিৰে আন একো নহয়। আলোকপ্রাপ্তিৰ এই দৃষ্টিভংগী মতে বুদ্ধি(reason)ৰ অহৰহ বিকাশৰ কাহিনীয়েই হৈছে ইতিহাস; বাৰম্বাৰ এই বুদ্ধিয়ে বিভিন্ন সামাজিক অন্ধবিশ্বাসৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে, সিবিলাকক পৰাজিত কৰি ই ক্রমশঃ উচ্চতৰ অৱস্থালৈ গতি কৰিছে। অর্থাৎ ইতিহাস বিষয়ক আলোকপ্রাপ্তিৰ এই ধাৰণা ভাববাদী হোৱাৰ লগতে আশাবাদীও কিয়নো ই চিন্তা-চর্চাকেই ইতিহাস পৰিবর্তনৰ মূল কাৰণ হিচাপে গ্রহণ কৰে তথা এইবুলি মতপোষণ কৰে যে ব্যক্তিসকল আলোকপ্রাপ্ত/প্রবুদ্ধ হোৱাৰ লগে লগেই সমাজখনো প্রগতিৰ দিশেৰে ধাৱমান হ’ব।
১৮ তথা ১৯ শতিকাৰ সময়ছোৱাত আলোকপ্রাপ্তিৰ এই আশাবাদী ধাৰণাসমূহ সহজাত যেন অনুভৱ হৈছিল কিয়নো এই সময়ছোৱাতেই ইউৰোপীয় সমাজসমূহে ভীষণ বৈষয়িক তথা বৈজ্ঞানিক প্রগতি লাভ কৰিছিল। কিন্তু বিংশ শতিকাৰ প্রথম ভাগৰে পৰা দেখা গল – ইতিহাসে যেন ওলোটা দিশেৰেহে গতি কৰিছে। দুখনকৈ বিশ্বযুদ্ধ, নাজীবাদৰ ইহুদী নৰসংহাৰ, যোচেফ স্তালিনৰ শ্বাসৰুদ্ধকাৰী আমোলাতান্ত্রিক সমাজবাদ, এফালে পশ্চিমীয়া দেশসমূহৰ চৰম ঐশ্বর্য, আনফালে খাদ্যাভাৱত তৃতীয় বিশ্বৰ মহামাৰী ইত্যাদি অজস্র ঘটনা প্রবাহে আলোকপ্রাপ্তিৰ এই আশাবাদ  ভৰিৰে মোহাৰি পেলালে। বৈজ্ঞানিক প্রগতিৰ ফলত মানৱ জীৱন স্বয়ংক্রিয়ভাৱে উন্নততৰ হোৱাৰ বিপৰীতে, আণৱিক বোমা আদিৰ আৱিষ্কাৰে পৃথিবীখনক ধ্বংসৰ পথেৰেহে লৈ যোৱা যেন পৰিলক্ষিত হল।

ইতিহাসৰ এনে চলনাত হতাশগ্রস্থ হৈ বহুলোকে এইবুলিয়েই যুক্তি দর্শোৱা আৰম্ভ কৰিলে যে দৰাচলতে ইতিহাসৰ  কোনো নিয়মমাফিক ক্রিয়াপদ্ধতি নাই। ই হৈছে বিভিন্ন আকস্মিক তথা ট্রেজিক ঘটনাৰ খিচিৰি মাথো; উদাৰবাদী ৰাজনীতিবিদ হার্বার্ট ফিছাৰৰ মতে, ‘ইটোৰ পাছত সিটোকৈ বিভিন্ন জৰুৰীকালীন অৱস্থাৰ ধাৰাবাহিকতাই হৈছে ইতিহাস’। কবি জেমছ জয়েছৰ এটি চৰিত্রৰ ভাষাত, ‘ইতিহাস হৈছে এটা দুঃস্বপ্ন; মই তাৰ পৰা সাৰ পাবলৈকে চেষ্টা কৰি আছোঁ।’ বহু লোকেই  এই বক্তব্যৰ সৈতে সহমর্মিতা অনুভৱ কৰিলে। যিহেতু ইতিহাসৰ কোনো  নিয়মমাফিক ক্রিয়াপদ্ধতি নাই, সেয়েহে ইতিহাস সলনি কৰিবলৈ চেষ্টা কৰাটোও মূর্খামি মাত্র। অর্থাৎ ইতিহাসৰ দুঃস্বপ্নৰ পৰা ৰক্ষা পাবলৈ ব্যক্তিগত প্রেম আদিৰ মাজতেই আশ্রয় লোৱা উচিত। নতুবা ব্যক্তিবিশেষৰ যদি কিছু প্রতিভা তথা টকা-সিকা আছে, তেনেহলে তেওঁ ব্যক্তিগত কৃতিত্বৰ মাজতেই শান্তি বিচাৰিবলৈ চেষ্টা কৰিব পাৰে

মার্ক্সৰ লেখনীত আলোকপ্রাপ্তিৰ  নিৰীহ আশাবাদ আৰু বিংশ শতিকাসদৃশ ঘোৰ নিৰাশাবাদ – এই দুয়োটাৰে সমালোচনা দেখা পোৱা যায়। মার্ক্সে লিখিছে যে ইতিহাসৰ কেতবোৰ নিয়মমাফিক ক্রিয়াপদ্ধতি নিশ্চয়েই আছে। কিন্তু সেইবুলি কোনো ‘মানৱ মানসৰ অহৰহ বিকাশ’ৰ ৰূপত তাৰ চিনাক্তকৰণ কৰিব নোৱাৰি। বৰঞ্চ মার্ক্সৰ আৰম্ভণি বিন্দুটোৱেই হৈছে যে ‘বাস্তৱিক  মানুহ, তেওঁলোকৰ বাস্তৱিক কাম-কাজ, তেওঁলোকৰ জীৱনধাৰণৰ প্রকৃত স্থিতি...আদি অধ্যয়ন কৰিয়েই  ইতিহাসৰ ক্রিয়াপদ্ধতি সন্ধান কৰিব লাগিব’ (Collected Works, Vol. V, 31) 

Saturday, November 29, 2014

সাম্প্রদায়িকতা, বিদ্যাভাৰতী আৰু চেকুলাৰবাদ

('নতুন পদাতিক' আলোচনীৰ ডিচেম্বৰ, ২০১৪ সংখ্যাত প্রকাশিত)
(১)

আমাৰ দেশৰ সংখ্যালঘূ বিভিন্ন সম্প্রদায় যেনে শিখ, খ্রীষ্টান, মুছলমান আদিসকলক তেওঁলোকৰ
পৰম্পৰা, সংস্কৃতি, ধর্ম আদি ৰক্ষা কৰিবলৈ সুকীয়া শিক্ষানুষ্ঠান খোলাৰ সুবিধা দিয়া হৈছে। তেওঁলোকক কিছুপৰিমাণে চৰকাৰী সাহার্য্যও দিয়া হয়। কথাটো আমাৰ দুখীয়া ৰাজ্যসমূহক বিশেষ আর্থিক পেকেজ দিয়াৰ নিচিনাই। আচলতে যিকোনো এখন সভ্য দেশতেই এনে ধৰণৰ ব্যৱস্থাসমূহ আছে। সেয়েহে আমেৰিকা, ইংলেণ্ড আদিত প্রবাসী হিন্দুসকলকো সুকীয়া বিদ্যালয়, পাঠ্যক্রম আদি চলোৱাৰ সুবিধা দিয়া হৈছে।


চাবলৈ গলে এইক্ষেত্রত আপত্তি কৰিব লগীয়া একো নাই। কিন্তু নীতিগত নহলেও কেতবোৰ প্রেকটিকেল সমস্যা প্রায়েই সৃষ্টি হয়। উদাহৰণস্বৰূপে, সংখ্যালঘূৱে যদি তেওঁলোকৰ লৰা-ছোৱালীৰ বাবে সুকীয়াকৈ স্কুল-পাতি খোলে, তেতিয়া সংখ্যাগুৰুৱে কয় – “আমাকো সুকীয়া স্কুল পাতি লাগিব। সংস্কৃতি, পৰম্পৰা আদি কেৱল সংখ্যালঘূৰহে আছেনে?” (আচলতে সেয়া এক কু-যুক্তি। কিয়নো সংখ্যালঘূক বিশেষ সুবিধা পাতি এইকাৰণেই দিয়া হৈছে যাতে তেওঁলোকৰ সুকীয়া পৰিচয় সংখ্যাগুৰুৰ হেঁচাত পিষ্ট হৈ নপৰে। সংখ্যাগুৰুৰ ক্ষেত্রত সেইটো সমস্যা নাই।)। সি যি কি নহওঁক, এই প্রশ্নৰ কোনো সঠিক উত্তৰ দিব নোৱাৰি চেকুলাৰ চৰকাৰসমূহেও সংখ্যাগুৰুক নিজৰ সম্প্রদায়ৰ বাবে সুকীয়া স্কুল খোলাৰ অনুমতি দিব লগা হয়।

Sunday, November 2, 2014

বেচেৰা জীৱ

এই গ্ৰহত আমি কি যে দাম ভৰিব লাগে
শান্তিৰে ইজনে সিজনক প্ৰেম কৰিবলৈ !
গোটেই দুনীয়াই চকু ৰাখে বিচনা-চাদৰবোৰত,
সকলোৱে মাথোঁ হস্তক্ষেপ কৰে তোমাৰ প্ৰেমত।
আৰু তেওঁলোকে ভয়ংকৰ কেতবোৰ কথা ৰটে
এজন পুৰুষ আৰু এজনী নাৰীৰ বিষয়ে
যি বহুতো হেহোঁ-নেহোঁ
বহু গুণা-গুথাৰ মূৰকত
এক সম্পূৰ্ণৰূপে অনন্য কাম কৰে-
একে শয্যাত দুয়ো ইজনে সিজনৰ কাষত বাগৰি পৰে।
মই কেতিয়াবা বিভোৰ হওঁ,ভেকুলীবোৰেও
এটাই আনটোৰ ওপৰত চোৰাংচোৱাগিৰি কৰে নে
এটাই আনটোক নাক সিঙায় নে
পখুৰীত সিহঁতে নিয়ম নমনা ভেকুলীৰ বিৰুদ্ধে
ফুচুৰি মেল পাতে নে
উভচৰী জীৱনৰ সুখৰ বিৰোধিতা কৰে নে;
মই নিজকে সোধোঁ পখীয়েও
আন পখীৰ সৈতে এনে বৈৰিতা আচৰে নেকি,
আৰু বলদে ষাড়গৰুৰ কথাত কাণ উনায় নেকি
গাই এজনীৰ সৈতে মুকলিলৈ যোৱাৰ আগতে।
আজিকালি ৰাস্তাবোৰৰো চকু আছে,
আৰু পাৰ্কবোৰত পুলিচ।
হোটেলবোৰ গোপন,
আৰু খিৰিকীবোৰে টুকি ৰাখে নামবোৰ।
সেনাদল আৰু কামানবোৰ পঠোৱা হয়
প্ৰেমৰ বিৰুদ্ধে,
বিৰামবিহীনভাৱে ব্যস্ত থাকে
কাণ আৰু গলাবোৰ,
আৰু এজন ল’ৰা আৰু এজনী ছোৱালী
ফুললৈ বিস্ফোৰিত হ’বলৈ বাধ্য হয়
এখন চলন্ত বাইকত।


বিদ্যুৎ সাগৰ বৰুৱা (পাবলো নেৰুদাৰ Pobres muchachos শীৰ্ষক কবিতাৰ ইংৰাজী ভাঙনিৰ পৰা; Alastair Reid-ৰ অনুবাদ Poor Boys আৰু A. S. Klines-ৰ অনুবাদ Poor Creatures ৰ অনুসৰণ কৰা হৈছে)

Tuesday, October 28, 2014

বিতর্ক: ফেচীবাদ আৰু মার্ক্সবাদ

ময়ূৰ চেতিয়া

(নতুন পদাতিক,  ডিচেম্বৰ ২০১৪ সংখ্যাত প্রকাশিত)


জয়ৰছ বানাজীৰ ‘ফেচীবাদৰ ৰাজনৈতিক সংস্কৃতি’ শীর্ষক লেখনীটোৰ বিষয়ে অৱনী বৰঠাকুৰদেৱে (নতুন পদাতিক, জুলাই ২০১৪ সংখ্যাত) কৰা মন্তব্যখিনিৰ পটভূমিত আমিও কিছু কথা কব বিচাৰিছোঁ। আলোচনাৰ সুবিধাৰ বাবে আমাৰ বক্তব্যখিনি পইণ্ট অনুসৰি শ্রেণীৱদ্ধ কৰি লৈছোঁ :


১) আমি বুজি পোৱা মতে বানাজীয়ে ফেচীবাদৰ সৈতে পুঁজিৰ এটি ওচৰ সম্পর্ক (relation) থকাৰ কথাটো অস্বীকাৰ কৰা নাই। কিন্তু ‘সম্পর্ক থকা’ আৰু ‘পুঁজিপতিসকলে নিজেই ফেচীবাদৰ সৃষ্টি কৰা’ – এই দুটা কথাৰ মাজত তফাৎ আছে। বানাজীয়ে সঠিকভাৱেই কৈছে যে পুঁজিপতিসকলে ফেচীবাদীহঁতক সহায় সমর্থন কৰাৰ কথাটোৰ প্রতি আঙুলিয়াই দিয়েই ফেচীবাদৰ গতিৰেখা (dynamics) বা লজিক বুজিব পৰা নাযাব। শেষ অর্থত(in the last instance) ফেচীবাদে পুঁজিপতিসকলক নিশ্চয়েই লাভাম্বিত কৰে আৰু সেয়েহে সংকটত পৰা যেন অনুভৱ কৰিলেই প্রায়ে পুঁজিপতিসকলে ফেচীবাদী দল সংগঠনক সমর্থন কৰা আৰম্ভ কৰে। কিন্তু তাৰ অর্থ এইটো নহয় যে খোদ পুঁজিপতিসকলে নিজেই ফেচীবাদৰ সৃষ্টি কৰিছে। ফেচীবাদ হৈছে আপেক্ষিকভাৱে স্বায়ত্ত(relatively autonomous) এক সামাজিক-ৰাজনৈতিক আন্দোলন। আমি বুজা মতে মূলতঃ সমাজৰ বিভিন্ন পেটি-বুর্জোৱা অংশসমূহৰ পৰাই ফেচীবাদী মতাদর্শৰ জন্ম হয় (এই কথাটো হয়তো বানাজীয়ে স্পষ্টকৈ উল্লেখ কৰাটো প্রয়োজনীয় আছিল)। পুঁজিবাদী সামাজিক ব্যৱস্থাৰ বিভিন্ন ধৰণৰ ৰাজনৈতিক-আর্থিক তথা সামাজিক-আধ্যাত্মিক সংঘাত/অন্যায়/প্রশ্নৰ উত্তৰ বিচাৰি পেটি বুর্জোৱাই হাবাথুৰি খায়। তেওঁলোকে শ্রমিকৰ দর্শন অর্থাৎ মার্ক্সবাদৰ ওচৰত এই প্রশ্নসমূহৰ উত্তৰ বিচাৰিব পাৰিলেহেতেন। কিন্তু পেটি বুর্জোৱাই শ্রমিকক অৱজ্ঞাৰ দৃষ্টিৰে চায়। সেয়েহে নিজৰ সামাজিক স্থিতিৰ পৰা তললৈ গৈ শ্রমিকৰ মার্ক্সবাদ গ্রহণ কৰাৰ প্রশ্ন সাধাৰণতে নুঠে। আনহাতে পেটি বুর্জোৱাই বৃহৎ পুঁজিপতিসকলকো ঘৃণা কৰে। সেয়েহে তেওঁলোকে এখন বৈকল্পিক পৃথিবীৰ কল্পনা কৰে য’ত বৃহৎ পুঁজিপতিৰ দপদপনিও নাথাকিব আৰু ‘সকলোৱেই’ (অর্থাৎ পেটি বুর্জোৱাহঁতে) সমতামূলকভাৱে থাকিব পাৰিব (অৱশ্যে দেশ কাল ভেদে বৃহৎ বুর্জোৱাৰ প্রতি পেটি বুর্জোৱাৰ দৃষ্টিভংগীৰ কিছুপৰিমাণে পার্থক্যও থাকিব পাৰে)। সমস্যাটো হৈছে যে এনে এক বৈকল্পিক ব্যৱস্থা নির্মাণ কৰাটো অসম্ভৱ। ‘পেটি বুর্জোৱা সমাজ ব্যৱস্থা’ বুলি কোনো ব্যৱস্থা থাকিব নোৱাৰে; হয় সি এক প্রকাৰৰ পুঁজিবাদেই হব লাগিব নতুবা সমাজবাদ হব লাগিব। আন কথাত কবলৈ গলে সমাজৰ প্রকৃত প্রশ্নসমূহ বিশ্লেষণ কৰাৰ ক্ষেত্রত পেটি-বুর্জোৱাহঁত অক্ষম। পুঁজিবাদৰ কোনো বৈজ্ঞানিক বিশ্লেষণ দাঙি ধৰিব নোৱাৰাৰ বাবে অৱশেষত সিহঁতে পুঁজিবাদৰ ওচৰতেই আত্ম-সমর্পণ কৰে। এইখিনিতে বানাজি কথিত বিভিন্ন ধৰণৰ অৱদমনৰ সংস্কৃতিৰ প্রাদূর্ভাৱৰ প্রসংগটো আহে। সিবিলাকৰ অহৰহ প্রভাৱৰ ফলস্বৰূপে, অর্থনৈতিক সংকটৰ সময়ত উদাৰবাদী বা বাওঁপন্থীসকলৰ বিপৰীতে জনগনে ফেচীবাদৰ ফালেই ঢাপলি মেলাটো সহজ হৈ পৰে। ফেচীবাদীহঁতে কঠিন প্রশ্ন একোটাৰ সৰল আৰু বিভ্রান্তিকৰ উত্তৰ একোটাহঁত দাঙি ধৰে। তদুপৰি সিহঁত সর্বদা কোনো বলিৰ পঠাৰ ধাণ্ডাত থাকে। কেতিয়াবা এই বলিৰ পঠাৰ চিনাক্তকৰণ ইহুদীসকলৰ ৰূপত কৰা হয়, কেতিয়াবা মুছলমানসকলৰ ৰূপত। আবেগসর্বস্বতা হৈছে ফেচীবাদী মানসিকতাৰ অন্যতম মূল বৈশিষ্ট। এনে স্থিতিত সমাজত পূর্বৰে পৰা থকা বিভিন্ন ধৰণৰ অৱদমনমূলক সংস্কৃতিৰ প্রাদূর্ভাৱৰ ফলত ফেচীবাদৰ বিকাশৰ পথ আৰু অধিক সূচল হৈ পৰে। সেয়েহে বানাজিয়ে বাৰম্বাৰ বিভিন্ন ধৰণৰ অৱদমনমূলক সামাজিক-সাংস্কৃতিক গাঁথনি, পূর্বাগ্রহ আদিৰ বিৰুদ্ধে সংগ্রামৰ প্রয়োজনীয়তাৰ কথা দোহাৰিছে। 

Monday, October 27, 2014

লিভ ইন টুগেদাৰ কৰা এজনী ছোৱালীৰ চিঠি

মূলঃ scroll.in
অনুবাদঃ ময়ূৰ চেতিয়া
('নতুন পদাতিক' আলোচনীৰ ডিচেম্বৰ, ২০১৪ সংখ্যাত প্রকাশিত)

আজি কিছুদিন ধৰি ভাৰতৰ বিভিন্ন অঞ্চলত ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ(RSS)ৰ ছাত্র সংগঠন অখিল ভাৰতীয় বিদ্যার্থী পৰিষদে(ABVP) লিভ-ইন-টুগেদাৰৰ বিৰুদ্ধে অভিযান চলাই ফুৰিছে। তেওঁলোকৰ যুক্তি হৈছে ই বোলে “ভাৰতীয় সংস্কৃতি তথা বৈবাহিক-অনুষ্ঠান বিৰোধী বস্তু।” আমোদজনকভাৱে, বিদ্যার্থী পৰিষদে দাবী কৰা মতে, এই পদক্ষেপটি হেনো “মহিলাৰ ওপৰত হোৱা অত্যাচাৰ সম্পর্কে সামাজিক সচেতনতা বৃদ্ধি কৰা” অভিযানৰ অংশবিশেষ হিচাপেই হাতত লোৱা হৈছে!

বিদ্যার্থী পৰিষদৰ দিল্লী শাখাৰ চেক্রেটেৰী চাকেট বহুগুণাই বাতৰি কাকতৰ সৈতে হোৱা এটি কথোপকথনত দাবী কৰিছে, “এনে বেছিভাগ সম্পর্কই দীর্ঘস্থায়ী নহয়।...আমি দিল্লীৰ বিভিন্ন কলেজলৈ গৈ এই সম্পর্কীয় কেচসমূহ অধ্যয়ন কৰিম আৰু মহিলাসকলক এনে সম্পর্কৰ অপকাৰিতা সম্পর্কে সচেতন কৰিম”। বিদ্যার্থী পৰিষদৰ ৰাষ্ট্রীয় চেক্রেটেৰী ৰোহিত চেহেলৰ মতে – “আমি লক্ষ্মৌ চহৰত কিছু দিন আগেয়ে এই বিষয়ে এখনি কর্মশালা আয়োজন কৰিছিলোঁ, যত আমি ছোৱালী অংশগ্রহণকাৰীসকলৰ সৈতে আলোচনা কৰিছিলোঁ”।

শ্রীমান চেহেল আদিৰ বক্তব্যৰ প্রত্যুত্তৰ হিচাপে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ এগৰাকী বাওঁপন্থী নাৰীবাদী ছাত্রীয়ে এই মুকলি চিঠিখন লিখিছেঃ


...................................................................

চেহেল মহাশয়,

মোৰ এজন বয়ফ্রেণ্ড আছে। সি ঘৰুৱা কাম-কাজতো পাকৈত আৰু আমি দুয়োজনেই সমানে ঘৰৰ কামবোৰ ভগাই লওঁ। কেৱল সেয়াই নহয়; জীৱনত কোনো সংকট বা সমস্যা আহিলে আমি ইজনে সিজনৰ ওপৰত ভৰষা কৰিব পাৰোঁ; মানসিকভাৱে ইজন সিজনৰ আশা, আকাংক্ষা, আবেগ-অনুভূতিৰ সমভাগী হব পাৰোঁ। দিনটোৰ কামৰ শেহত (সময়ৰ কোনো বাধা নিষেধ নোহোৱাকৈ) তাৰ কাষলৈ, ঘৰলৈ ঘূৰি আহোঁতে কেনে সুন্দৰ অনুভৱ হয়, সেয়া হয়তো আপুনি বুজিব নোৱাৰিব।

মই আৰ এছ এছৰ কর্মীৰে পূর্ণ ঘৰ এখনৰ পৰা অহা ছোৱালী। মা-দেউতাই মোক বি এ পাছ কৰাৰ পাছতেই (তেওঁলোকে জাত-পাত, ধর্ম ইত্যাদি চাই পচণ্ড কৰা) লৰা এজনলৈ বিয়া দি দিব খুজিছিল।মই আগলৈ পঢ়িব খোজোঁ বুলি বাৰম্বাৰ কোৱাৰ পাছতো তেওঁলোকে বিষয়টো বাৰে বাৰে উত্থাপন কৰি মোক অশান্তি কৰিবলৈ নেৰিলে। মই আনকি শান্তিত পঢ়িবও নোৱাৰা হলোঁ।

এইমাত্র বাতৰিত পঢ়িলো – আপোনালোকে হেনো মহিলাসকলৰ বাবে সন্মান দাবী কৰিছে। পিছে মহিলাক সন্মান কৰাৰ অর্থ এইটো নহয় যে আপোনালোকে মহিলাৰ বাবে ভাল কি, বেয়া কি – সেইটো ঠিৰাং কৰি দিব। বৰঞ্চ মহিলাসকলে নিজে নিজৰ জীৱনৰ বিষয়ে লোৱা সিদ্ধান্তসমূহক সন্মান জনাব পাৰিলেহে তেওঁলোকক প্রকৃত সন্মান জনোৱা হব। কেতিয়াবা মহিলাই NO বুলিও কব; সেইটোকো আপোনালোকে সন্মান কৰিব পাৰিব লাগিব। মানুহ হিচাপে মহিলাসকলৰো নিজস্ব বিবেচনা-বুদ্ধি, শক্তি আছে। নিজৰ জীৱনটোৰ বিষয়ে নিজেই সিদ্ধান্ত লব পৰাকৈ তেওঁলোক সক্ষম; এই কথাটো প্রথমে স্বীকাৰ কৰিব পাৰিলেহে আপোনালোকে মহিলাসকলক প্রকৃতপক্ষে সন্মান জনাব পাৰিব।

মোৰ বয়ফ্রেণ্ডৰ সৈতে মোৰ সম্পর্কটো যদি সফল নহয়ো, তথাপিও মই নাভাবোঁ যে তাতেই মোৰ জীৱনটো শেষ হৈ যাব (অৱশ্যে আপোনাৰ পিতৃতান্ত্রিক দুনীয়াখনত সেইটোৱেই হব পাৰে, নহয় জানো?)। মোৰ বাবে সেইটো কোনো জীৱন-মৰণৰ প্রশ্ন নহয়; কিয়নো মোৰ অস্তিত্ব, মোৰ পৰিচিতি মই ভালপোৱা লৰাজনৰ ওপৰত নির্ভৰশীল নহয়। মই কোনজন পুৰুষক সংগী হিচাপে লৈছোঁ – এই কথাটোৱেই মোৰ পৰিচিতি, মোৰ অস্তিত্বক সংজ্ঞায়িত কৰিব নোৱাৰে। সম্পর্কটো শেষ কৰাৰ সিদ্ধান্ত ময়োতো লব পাৰোঁ! আৰু এনেও, মোৰ সম্পর্কটো সফলেই হওঁক বা বিফলেই হওঁক, তাৰ চিন্তা মই নিজেই কৰিম। সেয়া আপোনাৰ বিজনেছ নহয়। লিভ-ইন সম্পর্কবোৰ, ভাল পোৱাৰ অনুভৱবোৰ বৰ সুন্দৰ, জানেনে?

আৰু এটা কথা কওঁ – মই ভাল পোৱা লৰাজন আক’ মুছলমান [হিন্দুত্ববাদী কথিত লাভ জেহাদৰ প্রতি লেখিকাৰ কটাক্ষ - অনুবাদক]। অৱশ্যে আমি দুয়োজনেই নাস্তিক, আমাৰ ধর্ম বা জাত-পাত সূচক পৰিচিতিৰ সৈতে আমাৰ সম্পর্কটোৰ কোনো সম্বন্ধ নাই। আপুনি হয়তো এইবোৰ কথা বুজিয়েই নেপাব, নহয় জানো?

বিঃ দ্রঃ মাজে সময়ে আমি একেলগে ড্রিংকছো কৰোঁ; ঘৰৰ বেলকনিত একেলগে বহোঁ, সংসাৰৰ অজস্র কথা পাতোঁ। আনফালে আপোনালোকৰ সৈতে, আপোনালোকৰ দৰে মানসিকতাৰ লোকসকলৰ সৈতে (যাৰ ভিতৰত মোৰ মা-দেউতাও আছে), আমাৰ সংগ্রামখনো চলি থাকিব।

মৰমেৰে, চাহিল কুৰেশ্বিৰ সৈতে

অপর্ণা মাহিয়াৰিয়া

বাস্তৱ-সম্ভৱ সমাজবাদৰ অর্থনীতি (সপ্তম অংশ)

  মূলঃ  The Economics of Feasible Socialism by Alec Nove অনুবাদঃ ময়ূৰ চেতিয়া শ্রম বিভাজন মার্ক্সৰ ৰোমান্টিক-য়ুটোপিয়ান চিন্তাধাৰাই ধূসৰ কৰি...