Saturday, May 23, 2015

নাৰীবাদী দৃষ্টিৰে পৃথিৱীখন


আগকথা

মূলঃ নিবেদিতা মেনন
অনুবাদঃ ময়ূৰ চেতিয়া
............

আপুনি বাৰু কেতিয়াবা ‘ন্যুড মেকআপ’ৰ কথা শুনিছেনে?
কেতিয়াও শুনা নাই? তেনেহলে শুনকঃ

‘ন্যুড মেকআপ হৈছে এনে এবিধ কৌশল যাৰ দ্বাৰা আপোনাৰ ছালখন সতেজ আৰু আর্দ্র যেন দেখুৱাব পৰা যায়।  কেইবিধমান বিশেষ সঁজুলি – এই ধৰক আইলাইনাৰ, মাস্কাৰা, ন্যুড লিপষ্টিক, ব্লাছ আদি প্রয়োগ কৰি আপুনি আপোনাৰ ছালখন প্রাকৃতিকভাৱেই যেন সতেজ – এনে এক ইমেজ সৃষ্টি কৰিব পাৰে! আপোনাৰ সমুখৰ ব্যক্তিজনে গমেই নেপাব যে আচলতে আপুনি মেকআপ কৰি আহিছে!’

আন কথাতঃ ঘণ্টাৰ পাছত ঘন্টা ধৰি আপুনি নিজৰ মুখখনত ৰং ঘঁহি থাকক যাতে মানুহে ভাবিবলৈ বাধ্য হয় – আপোনাৰ ছালখন স্বাভাৱিকভাৱেই ধুনীয়া আৰু আপুনি কোনো মেকআপ কৰা নাই!

আমাৰ সামাজিক ব্যৱস্থাসমূহকো ন্যুড মেকআপৰে নামান্তৰ বুলি কব পাৰি। অন্যায় আৰু অবিচাৰেৰে পৰিপূর্ণ সামাজিক ব্যৱস্থা একোটাক স্বাভাৱিক বা প্রাকৃতিক যেন প্রতীয়মান কৰিবলৈ কেতবোৰ বিশেষ সঁজুলিৰ ব্যৱহাৰ কৰা হয়। কেতবোৰ বিশেষ পৰম্পৰা অহৰহভাৱে পালন কৰি যোৱা হয়; প্রায়েই সিবিলাক হয় অদৃশ্যমান। সাংস্কৃতিক পুনঃউৎপাদনৰ অসংখ্য জটিল নেটৱর্ক কেৱল এই কামটোৰ বাবেই সর্বদা ব্রতী হৈ ৰয় বুলি কব পাৰি। পিছে এই আটাইবোৰৰে অন্তিম লক্ষ্য হৈছে একেটাইঃ সমাজখনৰ অন্যায় অবিচাৰসমূহক স্বাভাৱিক বা প্রাকৃতিক যেন প্রতীয়মান কৰা

Saturday, May 9, 2015

জনগণৰ ইতিহাসবিদ অমলেন্দু গুহ

আজি কিছু বছৰৰ আগৰ কথাঃ দিল্লীৰ এটা গৱেষণা সংস্থাত শ্রমৰ ইতিহাস বিষয়ক এখন একাডেমিক চেমিনাৰ অনুষ্ঠিত হৈছে। বেছ ইলাহী কাৰবাৰ। দেশ বিদেশৰ পৰা পণ্ডিত মানুহ আহিছে। শ্রমিকৰ সংগ্রাম, শ্রমিক মানসৰ ‘মৰেল ইকনমি’, নাইটছ অৱ লেবাৰ... আদি বিভিন্ন বিষয় সম্পর্কে আলোচনা হৈছে। হঠাতে সকলোকে হচকিত কৰি এজন অশীতিপৰ বৃদ্ধ মানুহে এটা প্রস্তাৱ দিলেঃ “সাম্প্রতিক সময়ত ভাৰত চৰকাৰৰ শ্রম বিৰোধী নীতিসমূহক গৰিহনা দি চেমিনাৰখনে এটা প্রস্তাৱ গ্রহণ কৰিব লাগে!” ভালেমান লোক আচৰিত হ’ল; কিছুমানে সমর্থন কৰি হাতচাপৰি মাৰিলে। আয়োজকসকলৰ কিংকর্তব্যবিমূঢ় অৱস্থা। অৱশেষত প্রৱীণ ইতিহাসবিদ সব্যসাচী ভট্টাচার্যৰ হস্তক্ষেপতহে আয়োজকসকল সেইবাৰলৈ ৰক্ষা পৰিল। তেওঁ হাঁহি হাঁহি বৃদ্ধক কলে, “কমৰেড, আপোনাৰ বেদনা মই বুজিছোঁ। পিছে আমি উপায়বিহীন। এইখন একাডেমিক চেমিনাৰহে। ইয়াত পলিটিকেল ৰিজলুচন পাছ কৰাৰ ব্যৱস্থা নাই।”


একাডেমিক চেমিনাৰ আৰু পলিটিকেল এক্টিভিজিমৰ মাজত পার্থক্য বুজি নোপোৱা এই মানুহজনেই হৈছে অমলেন্দু গুহ। আজিৰ সময়ত বহুতো বুদ্ধিজীৱিয়েই বিদ্যায়তনিক গজদন্তমিনাৰত নিজকে সুৰক্ষিত কৰি লোৱাৰ বিপৰীতে অমলেন্দু গুহৰ বাবে প্রগতিশীল ইতিহাস লেখন আৰু প্রগতিশীল এক্টিভিজিমৰ মাজত কোনো চীনৰ প্রাচীৰ নাছিল। তেওঁৰ লেখনীসমূহৰ পাতে পাতে ইয়াৰ প্রমাণ দেখিবলৈ পোৱা যায়। শ্রমিক আন্দোলনৰ কেৱল ইতিহাস লিখিলেইতো নহব; আজিৰ সময়ৰ শ্রমিক আন্দোলনসমূহত সক্রিয়ভাৱে বৰঙনিও যোগাব লাগিব; লাগে প্লেটফর্ম যিয়েই নহওঁক কিয়! Once a partisan, always a partisan! চল্লিছ আৰু পঞ্চাছৰ দশকত কমিউনিজমৰ শিক্ষা গ্রহণ কৰা গুহৰ বাবে সি আছিল সৰল সত্য; আজি একাডেমিয়াৰ মাজতে জীৱন পাত কৰা বহুতৰ বাবে সি হৈছে ইডিঅ’চিংক্রেচী।

Wednesday, April 1, 2015

অসমীয়াৰ সংজ্ঞা বিতর্কঃ কোনে কি কৈছেঃ অপৰিচিতসকলৰ বাবে এটি চমু পৰিচয় আৰু এটা বৈকল্পিক প্রস্তাৱ

যোৱা বেছ কিছু সময় ধৰি অসমীয়াৰ সংজ্ঞা সম্পর্কে বিতর্ক চলি আহিছে। এইক্ষেত্রত বিভিন্ন জনৰ বিভিন্ন মত। সাধাৰণ ৰাইজেও কথাবোৰ থাওৰিব নোৱাৰি শূণ্যতে গদা ঘূৰাই আছে। ফলত বিষয়টো সম্পর্কে বুদ্ধিদীপ্ত আলোচনা হোৱাৰ বিপৰীতে ই অধিক বিভ্রান্তিহে সৃষ্টি কৰিছে। সেয়েহে সাধাৰণ পাঠকে সহজে বুজিব পৰাকৈ সমস্ত বিষয়টো সম্পর্কে এটি চমু পৰিচয় আগবঢ়োৱা হ’ল।

Tuesday, March 24, 2015

অসমীয়া আৰু থলুৱাৰ সংজ্ঞাঃ এটি সমাধান পথঃ ধ্রুৱজ্যোতি বৰা


অসমীয়া আৰু থলুৱাৰ সংজ্ঞা সম্পর্কে চলি থকা বিতর্কৰ পটভূমিত অসম সাহিত্য সভাৰ সভাপতি ধ্রুৱজ্যোতি বৰাই এটি সমাধান সূত্র দাঙি ধৰিছে। তেওঁৰ প্রস্তাখিনিৰ সৈতে কিছু দ্বিমত থাকিলেও অন্ততঃ তেওঁ অনুসৰণ কৰা পদ্ধতিটো ঠিকেই যেন দেখিছোঁ।ৰাইজৰ সুচিন্তিত মন্তব্য আশা কৰিলোঁ। "আছু সুবিধাবাদী" বা "আমছু বাংলাদেশীৰ দল" আদি স্থূল মন্তব্যৰে আলোচনাটো বিভ্রান্তিৰ পথেৰে লৈ নাযাবলৈকো অনুৰোধ জনালোঁ। গালি গালাজ পিছে পৰেও দিয়া যাব পাৰে, প্রথমে সমস্যা সমাধান সম্পর্কে ঠাণ্ডা মগজুৰে আলোচনা কৰাটোহে মূল কথা।

মোৰ বোধেৰে বৰাৰ প্রস্তাৱটোৰ সম্পর্কে কেইটামান আপত্তি এনেধৰণৰ হব পাৰেঃ

১) ধৰক ১৯৫১ৰো পূর্বে অসমলৈ অহা পূর্ববংগীয় মূলৰ ব্যক্তি এজনে (কিছুদূৰৈলৈ হয়তো যুক্তিসংগতভাৱেই) আক্ষেপ কৰিব পাৰে- “আমি ইমানদিন অসমত থাকিলো। তথাপিও অসমীয়া নহলোনে?”


পিছে নহয়, বৰাই তেওঁক “অসমীয়া” নহয় বুলি কোৱা নাই; “খিলঞ্জীয়া” নহয় বুলিহে কৈছে। বাকী অসমীয়া/ভাৰতীয় হোৱাৰ সকলো সুবিধা তেওঁ পাব। ব্যক্তিজন যদি মুছলমান সম্প্রদায়ৰ, তেওঁৰ বাবে চাচাৰ কমিটিয়ে আগবঢ়োৱা বিভিন্ন সা-সুবিধাও নিশ্চয় আগবঢ়াব লাগিব। পিছে খিলঞ্জীয়াৰ বাবে সংৰক্ষিত চিট কেইটাত তেওঁ নির্বাচনী প্রতিদ্বন্দ্বীতা কৰিব নোৱাৰে। ভোট অৱশ্যেই দিব পাৰিব।

২) বিশুদ্ধ ৰাজনৈতিক দিশৰ পৰা চাবলৈ গলে এই প্রস্তাৱটোৱে ১৯৫১ৰ পূর্বৰ পূর্ববংগীয় মূলৰ লোকসকলক পাছৰ কালৰ (১৯৫১-৭১ৰ) অভিবাসী সকলৰ কাষলৈ ঠেলি দিয়াৰ সম্ভাৱনা আছে। সেইটো ভাবিয়েই হয়টো আছুৱে চতুৰামি কৰি ১৯৫১ চনটো ভিত্তিবর্ষ হিচাপে ৰাখিব খুজিছে। পিছে তাৰিখৰ ভিত্তিত খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপন কৰা ভুল কথা। তেনে স্থলত আমছুৱেনো ১৯৭১ চনটো দাবী কৰি কি ভুল কৰিছে? অর্থাৎ তাৰিখৰ ভিত্তিত খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ কৰিবলৈ গলে ই এনেকৈ সদায়েই বিবদমান হৈয়েই থাকিব।

৩) অলপ ভবা চিন্তা কৰাৰ পাছত দেখিছোঁ, অভিবাসী মুছলমানসকলৰ বাবেও অসংৰক্ষিত  চীটকেইটাৰ ভিতৰত কেইটামান চীট তেওঁলোকৰ বাবে সংৰক্ষিত কৰিব পৰা যায়। বিশেষকৈ সেইকেইটা য'ত বহু বছৰ ধৰি অভিবাসী মুছলমানসকলেই জিকি আহিছে। (কিমানসংখ্যক চীট অসংৰক্ষিত ৰখা হব- এই সম্পর্কেও অর্থপূর্ণ আলোচনা নিশ্চয় হব পাৰে; এইক্ষেত্রত সকলোৱেৰা-ধাৰ নীতি পালন কৰাই ভাল)।   অভিবাসী মুছলমানসকল খিলঞ্জীয়া নহব পাৰে, কিন্তু তেওঁলোকো নিশ্চিতভাৱে অনগ্রসৰ এটি গোষ্ঠী। সেয়েহে তেওঁলোককো কেইটামান চীট সুকীয়াকৈ দিলে আপত্তি কৰাৰ কাৰণ নেদেখোঁ।

Saturday, March 21, 2015

গণ মুক্তিৰ সংগ্রাম আৰু বৈকল্পিক ৰাজনীতি

পুঁজিবাদী অর্থনীতিৰ অধীনত শ্রমিকসকল আইনী দৃষ্টিৰে নিজৰ শ্রম-শক্তি বেচিবলৈ স্বাধীন। শ্রমিকে নিজ শ্রম শক্তি বেচে আৰু বিনিময়ত মজুৰী লাভ কৰে। অর্থাৎ সমস্ত প্রক্রিয়াটোত সমান মূল্যৰ বস্তুৰেই আদান প্রদান হোৱা যেন ভাব হয়। শ্রমিকে এটা বস্তু (শ্রম শক্তি ) প্রদান কৰিছে আৰু বিনিময়ত আন এটা বস্তু (মজুৰী) লাভ কৰিছে। অর্থাৎ শোষণৰ প্রক্রিয়াটো ইয়াত স্পষ্ট নহয়। তদুপৰি আপাত দৃষ্টিত পুঁজিপতিজন প্রয়োজনীয় যেনেই অনুভৱ হয় – কিয়নো তেঁৱেই পইছা পাতি যোগাৰ কৰি উদ্যোগটো স্থাপন কৰিছে। পুঁজিপতি নহলে কোনে উদ্যোগ স্থাপন কৰিলেহেঁতেন? কোনে চাকৰি সৃষ্টি কৰিলেহেঁতেন? পুঁজিপতিজনে শ্রমিকক কাম কৰিবলৈ জবৰদস্তি কৰা নাই। শ্রমিকে নিজেহে জীৱিকাৰ সন্ধানত কাম বিচাৰি আহিছে। মন নগলে শ্রমিকজনে চাকৰি পৰিত্যাগ কৰিবও পাৰে!

পিছে প্রাক-পুঁজিবাদী ব্যৱস্থাসমূহত – যেনে ধৰক সামন্তীয় অর্থনীতি একোখনত কৃষকে নিজৰ মাটিত কাম কৰাৰ উপৰিও জমিদাৰৰ মাটিত গেবাৰি খাটিব লগা হয়। লগতে তেওঁ নিজৰ মাটিত উৎপাদিত হোৱা শস্যৰ একাংশও জমিদাৰক দিব লগা হয়। সমস্ত প্রক্রিয়াটোত জমিদাৰে শোষণ কৰাৰ কথাটো স্পষ্ট হৈ পৰে। কিয়নো কৃষকে বুজিব পাৰে যে জমিদাৰ নহলেও কৃষি কর্ম সুন্দৰকৈ চলি থাকিব। সমস্ত উৎপাদনৰ প্রক্রিয়াটোত জমিদাৰৰ কোনো ভূমিকা নাই।

Tuesday, February 3, 2015

কার্ল মার্ক্সৰ বিপ্লৱী চিন্তাধাৰাঃ পঞ্চম অধ্যায়: 'ইতিহাস আৰু শ্রেণী সংগ্রাম'

Original: Revolutionary ideas of Karl Marx
Translation: Mayur Chetia



ইতিহাস বিষয়ক বেছিভাগ প্রচলিত ধাৰণাই শিশুসূলভ বুলি কব পাৰি। এই ধাৰণাবোৰৰ মতে ইতিহাস হৈছে ৰজা মহাৰজা, ৰাজনৈতিক নেতা-পালিনেতা, সেনাপতি, ধর্মগুৰু, বিয়াগোম শিল্পী অথবা ফিল্ম তাৰকা আদিৰ কৃতিত্বৰ লেখা-জোখা মাথো। ইতিহাস বিষয়ক এই ধাৰণাবোৰৰ উৎস হয়তো মধ্যযুগৰ বুৰঞ্জীবিদসকলৰ মাজত পোৱা যাব পাৰে যি ৰজা-মহাৰজাৰ প্রশস্তি লিখিয়েই পেট প্রবর্তন কৰিছিল। দুর্ভাগ্যজনকভাৱে, টেলিভিছন আৰু টেবলয়ডৰ কৃপাত আজিৰ তথ্য-প্রযুক্তিৰ যুগতো এনে ধাৰণাসমূহ অতিশয় সুলভ।


অৱশ্যে এনে শিশুসুলভ ধাৰণাসমূহৰ বিৰোধীৰ সংখ্যাও কম নহয়। এই বিৰোধীসকলে অতীতৰ পৰাই  যুক্তি দর্শাই আহিছে যে ঘটনা প্রবাহৰ আকস্মিকতাৰ আঁৰত কেতবোৰ নিয়মমাফিক ক্রিয়াপদ্ধতি আছে। মধ্যযুগত গীর্জাৰ মতাদর্শগত প্রভুত্বৰ ফলস্বৰূপে এই ক্রিয়াপদ্ধতিসমূহক ধর্মীয় দৃষ্টিৰে বিশ্লেষণ কৰা হৈছিল; মানুহৰ কর্মৰ আঁৰত ভগবানৰ ইচ্ছাই ক্রিয়া কৰে বুলি ভবা হৈছিল। মানুহে নিজ ইচ্ছা আৰু বাসনাবোৰ পূর্ণ কৰোঁতে সিবিলাকে অচেতনভাৱেই ভগবান সৃষ্ট ব্রহ্মাণ্ডৰ ক্রিয়াপদ্ধতি অনুসৰিয়েই আগবাঢ়ে বুলি ভবা হৈছিল। সেই অর্থত হেগেলক অন্তিমজন খ্রীষ্টিয় দার্শনিক বুলি কব পাৰি; তেওঁৰ মতে ইতিহাস হৈছে এনে এটি প্রক্রিয়া যাৰ বিকাশৰ দ্বাৰা পৰমাত্মাই চেতনা লাভ কৰে

১৭ শতিকাৰ বৈজ্ঞানিক বিপ্লৱৰ ফলস্বৰূপে ইতিহাস বিষয়ক কিছু চেকুলাৰ দৃষ্টিভংগী বিকশিত হ’ল। এই নতুন দৃষ্টিভংগীৰ অন্তর্ভাগত ভগবানৰ কোনো স্থান নাছিল। কিন্তু  তথাপিও ‘ইতিহাস মানেই মানসিক বিকাশৰে অগ্রগতি’ বুলি ভবাৰ পৰম্পৰা আলোকপ্রাপ্তিয়ে এৰিব নোৱাৰিলে। অর্থাৎ ঘটনা প্রবাহৰ আকস্মিকতাৰ আঁৰত যদি কোনো প্রাথমিক ক্রিয়াপদ্ধতি আছে, সেয়া মানসিক বিকাশৰ বাহিৰে আন একো নহয়। আলোকপ্রাপ্তিৰ এই দৃষ্টিভংগী মতে বুদ্ধি(reason)ৰ অহৰহ বিকাশৰ কাহিনীয়েই হৈছে ইতিহাস; বাৰম্বাৰ এই বুদ্ধিয়ে বিভিন্ন সামাজিক অন্ধবিশ্বাসৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে, সিবিলাকক পৰাজিত কৰি ই ক্রমশঃ উচ্চতৰ অৱস্থালৈ গতি কৰিছে। অর্থাৎ ইতিহাস বিষয়ক আলোকপ্রাপ্তিৰ এই ধাৰণা ভাববাদী হোৱাৰ লগতে আশাবাদীও কিয়নো ই চিন্তা-চর্চাকেই ইতিহাস পৰিবর্তনৰ মূল কাৰণ হিচাপে গ্রহণ কৰে তথা এইবুলি মতপোষণ কৰে যে ব্যক্তিসকল আলোকপ্রাপ্ত/প্রবুদ্ধ হোৱাৰ লগে লগেই সমাজখনো প্রগতিৰ দিশেৰে ধাৱমান হ’ব।
১৮ তথা ১৯ শতিকাৰ সময়ছোৱাত আলোকপ্রাপ্তিৰ এই আশাবাদী ধাৰণাসমূহ সহজাত যেন অনুভৱ হৈছিল কিয়নো এই সময়ছোৱাতেই ইউৰোপীয় সমাজসমূহে ভীষণ বৈষয়িক তথা বৈজ্ঞানিক প্রগতি লাভ কৰিছিল। কিন্তু বিংশ শতিকাৰ প্রথম ভাগৰে পৰা দেখা গল – ইতিহাসে যেন ওলোটা দিশেৰেহে গতি কৰিছে। দুখনকৈ বিশ্বযুদ্ধ, নাজীবাদৰ ইহুদী নৰসংহাৰ, যোচেফ স্তালিনৰ শ্বাসৰুদ্ধকাৰী আমোলাতান্ত্রিক সমাজবাদ, এফালে পশ্চিমীয়া দেশসমূহৰ চৰম ঐশ্বর্য, আনফালে খাদ্যাভাৱত তৃতীয় বিশ্বৰ মহামাৰী ইত্যাদি অজস্র ঘটনা প্রবাহে আলোকপ্রাপ্তিৰ এই আশাবাদ  ভৰিৰে মোহাৰি পেলালে। বৈজ্ঞানিক প্রগতিৰ ফলত মানৱ জীৱন স্বয়ংক্রিয়ভাৱে উন্নততৰ হোৱাৰ বিপৰীতে, আণৱিক বোমা আদিৰ আৱিষ্কাৰে পৃথিবীখনক ধ্বংসৰ পথেৰেহে লৈ যোৱা যেন পৰিলক্ষিত হল।

ইতিহাসৰ এনে চলনাত হতাশগ্রস্থ হৈ বহুলোকে এইবুলিয়েই যুক্তি দর্শোৱা আৰম্ভ কৰিলে যে দৰাচলতে ইতিহাসৰ  কোনো নিয়মমাফিক ক্রিয়াপদ্ধতি নাই। ই হৈছে বিভিন্ন আকস্মিক তথা ট্রেজিক ঘটনাৰ খিচিৰি মাথো; উদাৰবাদী ৰাজনীতিবিদ হার্বার্ট ফিছাৰৰ মতে, ‘ইটোৰ পাছত সিটোকৈ বিভিন্ন জৰুৰীকালীন অৱস্থাৰ ধাৰাবাহিকতাই হৈছে ইতিহাস’। কবি জেমছ জয়েছৰ এটি চৰিত্রৰ ভাষাত, ‘ইতিহাস হৈছে এটা দুঃস্বপ্ন; মই তাৰ পৰা সাৰ পাবলৈকে চেষ্টা কৰি আছোঁ।’ বহু লোকেই  এই বক্তব্যৰ সৈতে সহমর্মিতা অনুভৱ কৰিলে। যিহেতু ইতিহাসৰ কোনো  নিয়মমাফিক ক্রিয়াপদ্ধতি নাই, সেয়েহে ইতিহাস সলনি কৰিবলৈ চেষ্টা কৰাটোও মূর্খামি মাত্র। অর্থাৎ ইতিহাসৰ দুঃস্বপ্নৰ পৰা ৰক্ষা পাবলৈ ব্যক্তিগত প্রেম আদিৰ মাজতেই আশ্রয় লোৱা উচিত। নতুবা ব্যক্তিবিশেষৰ যদি কিছু প্রতিভা তথা টকা-সিকা আছে, তেনেহলে তেওঁ ব্যক্তিগত কৃতিত্বৰ মাজতেই শান্তি বিচাৰিবলৈ চেষ্টা কৰিব পাৰে

মার্ক্সৰ লেখনীত আলোকপ্রাপ্তিৰ  নিৰীহ আশাবাদ আৰু বিংশ শতিকাসদৃশ ঘোৰ নিৰাশাবাদ – এই দুয়োটাৰে সমালোচনা দেখা পোৱা যায়। মার্ক্সে লিখিছে যে ইতিহাসৰ কেতবোৰ নিয়মমাফিক ক্রিয়াপদ্ধতি নিশ্চয়েই আছে। কিন্তু সেইবুলি কোনো ‘মানৱ মানসৰ অহৰহ বিকাশ’ৰ ৰূপত তাৰ চিনাক্তকৰণ কৰিব নোৱাৰি। বৰঞ্চ মার্ক্সৰ আৰম্ভণি বিন্দুটোৱেই হৈছে যে ‘বাস্তৱিক  মানুহ, তেওঁলোকৰ বাস্তৱিক কাম-কাজ, তেওঁলোকৰ জীৱনধাৰণৰ প্রকৃত স্থিতি...আদি অধ্যয়ন কৰিয়েই  ইতিহাসৰ ক্রিয়াপদ্ধতি সন্ধান কৰিব লাগিব’ (Collected Works, Vol. V, 31) 

Saturday, November 29, 2014

সাম্প্রদায়িকতা, বিদ্যাভাৰতী আৰু চেকুলাৰবাদ

('নতুন পদাতিক' আলোচনীৰ ডিচেম্বৰ, ২০১৪ সংখ্যাত প্রকাশিত)
(১)

আমাৰ দেশৰ সংখ্যালঘূ বিভিন্ন সম্প্রদায় যেনে শিখ, খ্রীষ্টান, মুছলমান আদিসকলক তেওঁলোকৰ
পৰম্পৰা, সংস্কৃতি, ধর্ম আদি ৰক্ষা কৰিবলৈ সুকীয়া শিক্ষানুষ্ঠান খোলাৰ সুবিধা দিয়া হৈছে। তেওঁলোকক কিছুপৰিমাণে চৰকাৰী সাহার্য্যও দিয়া হয়। কথাটো আমাৰ দুখীয়া ৰাজ্যসমূহক বিশেষ আর্থিক পেকেজ দিয়াৰ নিচিনাই। আচলতে যিকোনো এখন সভ্য দেশতেই এনে ধৰণৰ ব্যৱস্থাসমূহ আছে। সেয়েহে আমেৰিকা, ইংলেণ্ড আদিত প্রবাসী হিন্দুসকলকো সুকীয়া বিদ্যালয়, পাঠ্যক্রম আদি চলোৱাৰ সুবিধা দিয়া হৈছে।


চাবলৈ গলে এইক্ষেত্রত আপত্তি কৰিব লগীয়া একো নাই। কিন্তু নীতিগত নহলেও কেতবোৰ প্রেকটিকেল সমস্যা প্রায়েই সৃষ্টি হয়। উদাহৰণস্বৰূপে, সংখ্যালঘূৱে যদি তেওঁলোকৰ লৰা-ছোৱালীৰ বাবে সুকীয়াকৈ স্কুল-পাতি খোলে, তেতিয়া সংখ্যাগুৰুৱে কয় – “আমাকো সুকীয়া স্কুল পাতি লাগিব। সংস্কৃতি, পৰম্পৰা আদি কেৱল সংখ্যালঘূৰহে আছেনে?” (আচলতে সেয়া এক কু-যুক্তি। কিয়নো সংখ্যালঘূক বিশেষ সুবিধা পাতি এইকাৰণেই দিয়া হৈছে যাতে তেওঁলোকৰ সুকীয়া পৰিচয় সংখ্যাগুৰুৰ হেঁচাত পিষ্ট হৈ নপৰে। সংখ্যাগুৰুৰ ক্ষেত্রত সেইটো সমস্যা নাই।)। সি যি কি নহওঁক, এই প্রশ্নৰ কোনো সঠিক উত্তৰ দিব নোৱাৰি চেকুলাৰ চৰকাৰসমূহেও সংখ্যাগুৰুক নিজৰ সম্প্রদায়ৰ বাবে সুকীয়া স্কুল খোলাৰ অনুমতি দিব লগা হয়।

বাস্তৱ-সম্ভৱ সমাজবাদৰ অর্থনীতি (সপ্তম অংশ)

  মূলঃ  The Economics of Feasible Socialism by Alec Nove অনুবাদঃ ময়ূৰ চেতিয়া শ্রম বিভাজন মার্ক্সৰ ৰোমান্টিক-য়ুটোপিয়ান চিন্তাধাৰাই ধূসৰ কৰি...