Sunday, August 16, 2015

গণতন্ত্র আৰু ভাৰতৰ অর্থনৈতিক ৰূপান্তৰ

মূলঃ পার্থ চেটার্জী

লেখক পৰিচিতিঃ পার্থ চেটার্জী কলম্বিয়া বিশ্ববিদ্যালয়ৰ নৃতত্ত্ব বিভাগৰ অধ্যাপক।
(‘ইকনমিক এণ্ড পলিটিকেল ৱিকলী’ৰ ১৯ এপ্রিল, ২০০৮ সংখ্যাত প্রকাশিত)

(অনুবাদকৰ টোকাঃ 'কৃষক মুক্তি সংগ্রাম সমিতি'ৰ আন্দোলনৰ বিষয়ে বহুতো আলোচনা দেখিবলৈ পোৱা যায় । কিন্তু কেনে ধৰণৰ পৰিৱর্তিত পৰিস্থিতিৰ পটভূমিত আন্দোলনটো গঢ় লৈ উঠিছে, এই বিষয়ে মন নকৰাৰ ফলত বেছিভাগ বিশ্লেষণেই আন্দোলনটোৰ তাৎপর্য, সম্ভানীয়তা তথা প্রত্যাহবানসমূহ চিনাক্ত কৰাত ব্যর্থ হয়। পার্থ চেটার্জীৰ এই প্রন্ধটোত এনে পৰিৱর্তিত পৰিস্থিতিৰ এক বিশ্লেষণ পোা যায়। অসমীয়া পাঠক উপকৃত হব বুলি তাৰ এটা অনুবাদ আগবঢ়োা হল।)

“চাবলটার্ণ ষ্টাডিজ”ৰ প্রথমটো খণ্ড প্রকাশিত হৈছিল ১৯৮২ চনত। বিভিন্ন নিম্ন শ্রেণীৰ, বিশেষকৈ কৃষকসকলৰ দৃষ্টিকোণেৰে ভাৰতীয় আধুনিকতাৰ সমালোচনামূলক পর্যালোচনা কৰিবলৈ চেষ্টা কৰা ৰনজিৎ গুহ নেতৃত্বাধীন এই গোটটোৰ ময়ো সম্পাদকীয় সদস্য আছিলোঁ। এয়া প্রায় ২৫ বছৰ আগৰ কথা। এই ২৫ বছৰীয়া সময়ছোৱাত উত্তৰ-ঔপনিবেশিক ভাৰতীয় পৰিস্থিতিৰ এক মৌলিক পৰিবর্তন দেখা পোৱা গৈছে। পুঁজি, পণ্য আৰু মানুহৰ গোলকীয় প্রবাহ নিয়ন্ত্রিত কৰা এক নতুন পৰিস্থিতিৰ জন্ম হৈছে – অনেক জটিল পৰিঘটনাৰ এই নব্য সংমিশ্রণক বহুতে গোলকীকৰণ বুলিও অভিহিত কৰিছে। ই ভাৰতীয় শাসক শ্রেণীসমূহৰ বাবে একেসময়তে বহুতো নিত্য-নতুন সুবিধা তথা প্রতিবন্ধকতাৰ সৃষ্টি কৰিছে। ৬০ৰ দশকৰ বিপৰীতে, ঔপনিবেশিক শোষণ আৰু অনগ্রসৰতাৰে জর্জৰিত তৃতীয় বিশ্বৰ এক সামগ্রিক ধাৰণা বর্তমানৰ সময়ত পুৰণি হৈ পৰা যেন অনুভৱ হৈছে। এছিয়াৰ দেশসমূহৰ অর্থনৈতিক বিকাশৰ গতিপথ আফ্রিকাৰ অধিকাংশ দেশৰ গতিপথতকৈ আমূলভাৱে ভিন্ন হৈ পৰিছে। বর্তমানৰ সময়ত বিশ্বৰ সবাতোকৈ জনাকীর্ণ দুখন কৃষিমূলক দেশ- ভাৰত আৰু চীনৰ অভূতপূর্ব অর্থনৈতিক বিকাশে সামাজিক পৰিবর্তনৰ এক নতুন প্রক্রিয়া ত্বৰাম্বিত কৰি তুলিছে যাৰ গতি আৰু ব্যাপ্তি হয়তো সমগ্র মানব ইতিহাসতে নজিৰবিহীন। 

Saturday, August 15, 2015

কার্ল মার্ক্সৰ বিপ্লৱী চিন্তাধাৰা সপ্তম (অন্তিম) অধ্যায়

Original: 'Revolutionary Ideas of Karl Marx' by Alex Callinicos

শ্রমিক শক্তি
মার্ক্সবাদ এটা অন্যতম প্রাথমিক প্রস্তানা হৈছে যে পুঁজিবাদেই সাম্যবাদৰ বস্তুগত ভূমি নির্মাণ কৰেপুঁজিবাদী উৎপাদন সম্পর্কই শ্রম উৎপাদনশীলতা অতিপাত বৃদ্ধি কৰে কিন্তু একেসময়তে ই উৎপাদিকা শক্তিৰ ভিষ্যত বিকাশৰ ক্ষেত্রত হেঙাৰ হিচাপে থিয় দিয়ে। সমৃদ্ধি আৰু মন্দাস্থাৰ পুণৰাবৃত্তিৰে ভৰা উৎপাদনৰ এক বিৰাট চক্র ইয়েই নির্মাণ কৰে

কথাখিনি এনেকৈয়ো কব পৰা যায়ঃ পুঁজিবাদে সাম্যবাদৰ নির্মাণ একেসময়তে সম্ভপৰ তথা বাঞ্ছনীয় কৰি তুলিছেপুঁজিবাদে এনে এটি সামাজিক শক্তি সৃষ্টি কৰিছে যি শেহত গৈ পুঁজিবাদৰে ধ্বংস মাতি আনিব আৰু শ্রেণীমুক্ত সমাজ এখন নির্মাণ কৰিব। এই সামাজিক শক্তিটো হৈছে শ্রমিক শ্রেণী। মার্ক্স এংগেলছে কমিউনিষ্ট মেনিফেষ্টোত এনেদৰে লিখিছেঃ

বুর্জোৰ অস্তিত্ব আৰু শাসনৰ বাবে প্রয়োজনীয় উপাদানটো হৈছে পুঁজিৰ গঠন আৰু বিকাশ। আনহাতে পুঁজিৰ বাবে প্রয়োজনীয় উপাদানটো হৈছে মজুৰী শ্রম...উদ্যোগৰ বিকাশ তথা প্রতিযোগিতাৰ ফলত শ্রমিকসকলবিচ্ছিন্ন অস্থাসান ঘটে আৰু তাৰ ঠাইত শ্রমিকৰ সহযোগিতা গঢ় লৈ উঠেআধুনিক উদ্যোগৰ বিকাশে সেয়েহে বুর্জোহঁতৰ ভৰিৰ তলৰ মাটি কাঢ়ি আনিছে...বুর্জোহঁতে নিজৰে মৃত্যুদূত নির্মাণ কৰিছে। বুর্জোৰ মৃত্যু আৰু সর্বহাৰাৰ বিজয় অশ্যাম্ভ (CW vi, 496)

কিন্তু সেইবুলি স্বয়ংক্রিয়ভা পুঁজিবাদৰ পতন নঘটে। বৰং তাৰ বাবে শ্রমিক শ্রেণীয়ে সংগঠন, বিপ্ল চেতনা তথা অনুশীলন গঢ়ি তুলিব লাগিব। ১৮৭৯ চনত মার্ক্স-এংগেলছে তেওঁলোকৰ ৰাজনীতিৰ বিষয়ে এনেদৰে লিখিছেঃ

বিগত চল্লিশ বছৰ ধৰি আমি কৈ আহিছোঁ যে শ্রেণী সংগ্রামেই হৈছে ইতিহাসৰ তাৎক্ষণিক চালিকা শক্তি আৰু বুর্জো তথা সর্বহাৰাৰ শ্রেণী সংগ্রাম হৈছে আধুনিক সামাজিক বিপ্লৰ এডাল বৃহৎ বঠাযেতিয়া আন্তর্জাতিক গঠন কৰা হৈছিল, আমি তাৰ যুদ্ধ নিনাদ এনেদৰে তৈয়াৰ কৰিছিলোঃ ‘শ্রমিক শ্রেণীৰ মুক্তি শ্রমিকে নিজে মাতি আনিব লাগিব’ (SC, 327)

শ্রমিকৰ স্ব-মুক্তি হৈছে মার্ক্সৰ চিন্তনৰ অভিন্ন অংগ। হাল ড্রেপাৰে ‘সমাজবাদৰ দুটি আত্মা’ৰ কথা উল্লেখ কৰিছেঃ ‘ওপৰৰ পৰা জাপি দিয়া সমাজবাদ’ তথা ‘তলৰ পৰা নির্মাণ হো সমাজবাদ’। ‘ওপৰৰ পৰা জাপি দিয়া সমাজবাদ’ৰ মতে একাংশ প্রবুদ্ধ নেতাৰ কাৰুকার্যৰ দ্বাৰাই সমাজবাদ নির্মিত হয়; এই নেতাসকলেই ৰাষ্ট্রখন নিয়ন্ত্রণ কৰে তথা শ্রমিকৰ হৈ তেওঁলোকে ৰাষ্ট্রৰ কেতবোৰ সংস্কাৰ সাধন কৰেসংস্কাৰবাদী বাওঁপন্থী দলসমূহে সাধাৰণতে এনে নীতিৰ পোষকতা কৰেতেওঁলোকৰ মতে সংসদৰ বাওঁপন্থী সাংসদ বা পার্টিৰ নেতাসকলেই হৈছে পৰিবর্তনৰ মূল এজেণ্ট। কিন্তু মার্ক্সে ‘তলৰ পৰা নির্মাণ হো সমাজবাদ’ৰহে পোষকতা কৰিছিল – অর্থাৎ য’ত শ্রমিকসকলে স্ব-অনুশীলনৰ জৰিয়তে নিজেই নিজৰ মুক্তি মাতি আনিব।

Sunday, July 26, 2015

কার্ল মার্ক্সৰ বিপ্লৱী চিন্তাধাৰাঃ ষষ্ঠ অধ্যায়: 'পুঁজিবাদ' (চতুর্থ অংশ)

৪) সঞ্চয়ন আৰু সংকট

পূর্বৰ আন আন উৎপাদন প্রণালীৰ বিপৰীতে  পুঁজি সঞ্চয়ন(capital accumulation) হৈছে পুঁজিবাদৰ এটা অন্যতম বৈশিষ্টদাসব্যস্থা বা সামন্তবাদৰ অধীনত শোষকসকলে প্রত্যক্ষ্য উৎপাদনকর্তাৰ পৰা কুক্ষিগত কৰা অধিকাংশ উদ্বৃত্ত সামগ্রী শোষকসকলে খাই-বৈ উপভোগ কৰি সমাপ্ত কৰিছিল। উৎপাদন ক্ষেত্রখনত ব্যহাৰ মূল্য অধিক প্রভাশালী আছিল; উৎপাদনৰ লক্ষ্য আছিল - বস্তুৰ উপভোগ।

পিছে পুঁজিবাদৰ অধীনত ই সলনি হৈ পৰেশ্রমিকৰ পৰা শুহি উলিওৱা সৰহভাগ উদ্বৃত্তকে শাসকে চিধা উপভোগ নকৰেবৰঞ্চ সিবিলাকক পুণৰ উৎপাদনৰ কামত বিনিয়োগ কৰা হয়। এই যে প্রক্রিয়াটো – য’ত উদ্বৃত্ত মূল্যবোৰক  আৰু অধিক উদ্বৃত্ত মূল্য সৃষ্টি কৰিবলৈ পুণৰ বিনিয়োগ কৰা হয় – মার্ক্সে ইয়াক পুঁজি সঞ্চয়ন নাম দিছে। পুঁজি গ্রন্থখনিৰ প্রথম খণ্ডটোত মার্ক্সে লিখিছে – কেনেদৰে ইয়াৰ ফলত পুঁজিপতি শ্রেণীটোৰ মাজত ‘সংযম’ৰ মতাদর্শ এটি বিকশিত হয়; বুর্জোৱাক কোৱা হয় যে কেল উপভোগ কৰি সকলো সম্পদ উৰুৱাই নিদিবা! বৰং যিমান পাৰি সিমান উদ্বৃত্ত মূল্য বচাই ৰাখা যাতে ইয়াক পুণৰ বিনিয়োগ কৰিব পৰা যায়ঃ

Monday, July 20, 2015

নদীবান্ধৰ আপাহতঃ বিশেষজ্ঞৰ একাধিপত্যৰ বিৰূদ্ধে কিছু কথা

বৃহৎ নদীবান্ধ বিষয়ক আলোচনাসমূহত আমি মধ্যবিত্তীয় ৰাইজে আশা কৰোঁ যে প্রশ্নটোৰ এটা বৈজ্ঞানিক সমাধান হব লাগে। গতিকে বিভিন্ন বিশেষজ্ঞই ভিন ভিন কথা কলে আমি বিভ্রান্ত হওঁ। আমাৰ ধাৰণাঃ বিষয়টো যিহেতু বিজ্ঞানৰ সৈতে সম্পর্কযুক্ত, সেয়েহে তাৰ বিশুদ্ধ বৈজ্ঞানিক উত্তৰ এটা ওলোৱাটো সম্ভৱপৰ। এই চিন্তাধাৰাৰ ফলস্বৰূপেই আমি অখিল গগৈ, হীৰেণ গোঁহাই, বান্ধৰ বিৰূদ্ধে সংগ্রাম কৰি থকা ৰাইজ আদিক গৰিহণা দিওঁ। বোলে বিশেষজ্ঞক মাত মাতিবলৈ দিয়কঃ আপোনালোক সাধাৰণ মানুহে নজনা বিষয় এটাত কিয় মাত মাতিছে?

এয়া এটা সম্পূর্ণভাৱে ভুল ধাৰণা। কিয়নো বান্ধৰ বিষয়টো কেৱল কোনো নির্মোহ বৈজ্ঞানিক চর্চাৰ বিষয় নহয়। ইয়াৰ লগত জড়িত হৈ আছে ব্যাপক সমাজৰ কথা, বহুলাংশ ৰাইজৰ জীৱিকাৰ কথা। অর্থাৎ ৰাজনীতি, ক্ষমতা সম্পর্ক এইবোৰ বিষয়ো ইয়াত জড়িত হৈ আছে। কোনোবাই যদি এইক্ষেত্রত কেৱল বিজ্ঞানৰ কথা কয়, বুজিব – সেয়া বিজ্ঞান নহয়, বৰং সি হৈছে ভুৱা বিজ্ঞান (scientism, not science)। প্রকৃত বিজ্ঞানে নিজৰ পৰিসৰ কেতিয়াও পাহৰি নাযায়।

Wednesday, July 15, 2015

কার্ল মার্ক্সৰ বিপ্লৱী চিন্তাধাৰাঃ ষষ্ঠ অধ্যায়: 'পুঁজিবাদ' (তৃতীয় অংশ)

৩) প্রতিযোগিতা, দাম আৰু লাভ

পুঁজি গ্রন্থখনিৰ প্রথম খণ্ডটোত পুঁজিবাদী উৎপাদন প্রক্রিয়া বিষয়ক বিশ্লেষণখিনি যথেষ্ঠ উচ্চ বিমূর্ত পর্যায়ত কৰা হৈছিল। মার্ক্সে সেই সময়ত ধৰি লৈছিল যে পণ্যৰ বিনিময় সিবিলাকত সুমাই থকা মূল্যৰ পৰিমাণ অনুসৰিয়েই হয়; অর্থাৎ পণ্য উৎপাদন কৰোঁতে খৰছ হোৱা সামাজিকভাৱে প্রয়োজনীয় শ্রম সময়ৰ অনুপাত অনুসৰিয়েই হয়। পিছে প্রতিযোগিতাই কেনেধৰণৰ প্রভাৱ পেলায়, পণ্যৰ চাহিদা তথা যোগানে কেনেদৰে বজাৰ দাম নির্ধাৰণ কৰে, এইসমূহ দিশ মার্ক্সে তেতিয়ালৈকে এৰাই চলিছিল।

এই পদ্ধতিটো যুক্তিসংগত আছিল কিয়নো মার্ক্সে পুঁজিবাদী উৎপাদন প্রণালীৰ মূল বৈশিষ্ট্যসমূহ বুজিবলৈ যত্ন কৰিছিল আৰু কেনেদৰে সিবিলাকৰ উৎস উদ্বৃত্ত মূল্য আহৰণৰ মাজত পোৱা যায়, সেয়া দর্শাবলৈ চেষ্টা কৰিছিল। অর্থাৎ কোনো বিশেষ পুঁজিৰ বিপৰীতে মার্ক্সে ‘সাধাৰণ স্তৰত পুঁজিৰ বিশ্লেষণ’ কৰিবলৈ চেষ্টা কৰিছিল। তেওঁ স্বীকাৰ কৰি লৈছিল যে  এক উচ্চ পর্যায়ৰ বিমূর্তকৰণৰ দ্বাৰাহে ই সম্ভৱপৰ হৈছেঃ

Wednesday, June 24, 2015

কার্ল মার্ক্সৰ বিপ্লৱী চিন্তাধাৰাঃ ষষ্ঠ অধ্যায়: 'পুঁজিবাদ' (দ্বিতীয় অংশ)

Original: 'Revolutionary Ideas of Karl Marx' by Alex Callinicos
Translation: Mayur Chetia
২) উদ্বৃত্ত মূল্য আৰু শোষণ
পুঁজিবাদী উৎপাদন ব্যৱস্থা একোটাত দুই ধৰণৰ পৃথকীকৰণ(separation) দেখা যায়ঃ ইয়াৰে প্রথমটো
অর্থাৎ উৎপাদন ইউনিটসমূহৰ পৃথকীকৰণ সম্পর্কে আমি ইতিমধ্যেই আলোচনা কৰিছোঁ; পুঁজিবাদী ব্যৱস্থাটোৰ অধীনত উৎপাদকসকল ইজন সিজনৰ পৰা পৃথক, পৰস্পৰ-নির্ভৰশীল, তথা প্রতিদ্বন্দ্বী উৎপাদকলৈ পৰিণত হয়। পিছে প্রতিটো উৎপাদন ইউনিটৰ মাজতে আকৌ আন এটা গুৰুত্বপূর্ণ বিভাজন থাকেঃ  এফালে উৎপাদন সমলৰ মালিকসকল তথা আনফালে প্রত্যক্ষ উৎপাদকসকল – অর্থাৎ এফালে পুঁজিপতিসকল আৰু আনফালে মজুৰী শ্রমিকসকল।

পুঁজিবাদৰ অবিহনেও পণ্যৰ অস্তিত্ব থাকিব পাৰেটকা আৰু বাণিজ্যৰ উপস্থিতি প্রাক-পুঁজিবাদী সমাজসমূহতো দেখিবলৈ পোৱা যায়। পিছে এনে সমাজসমূহত পণ্যৰ বিনিময় মূলতঃ ব্যৱহাৰ মূল্য লাভ কৰিবলৈকে কৰা হৈছিল। অর্থাৎ এটা পণ্যৰ বিনিময় আন এটা পণ্য লাভ কৰিবলৈকে কৰা হৈছিল। এই সমাজসমূহত পণ্য প্রবাহ (commodity circulation) ৰ ৰূপ আছিল এনেধৰণৰ – C-M-C (Commodity-Money-Commodity) অর্থাৎ পণ্য-টকা-পণ্য। প্রতিজন উৎপাদকেই নিজৰ পণ্য বজাৰলৈ লৈ গৈছিল আৰু তাৰ বিনিময়ত টকা লাভ কৰিছিল। এই টকাৰে তেওঁ নিজৰ ব্যৱহাৰৰ বাবে আন কোনো পণ্য ক্রয় কৰিছিল। অর্থাৎ টকাই  মাথো লেন-দেনৰ  মাধ্যম হিচাপে ক্রিয়া কৰিছিল। পণ্য আছিল মূল; টকা আছিল গৌণ।

কার্ল মার্ক্সৰ বিপ্লৱী চিন্তাধাৰাঃ ষষ্ঠ অধ্যায়: 'পুঁজিবাদ' (প্রথম অংশ)



Original: 'Revolutionary Ideas of Karl Marx' by Alex Callinicos
Translation: Mayur Chetia


ডাচ কেপিটেল বা পুঁজি গ্রন্থখনি মার্ক্সৰ জীৱনৰ সর্বোত্তম কৃতিত্ব বুলি কব পৰা যায়। গ্রন্থখনিৰ প্রথম
খণ্ডৰ পাতনিত মার্ক্সে এনেদৰে লিখিছেঃ  ‘আধুনিক সমাজৰ অর্থনৈতিক ক্রিয়া-পদ্ধতিসমূহ আৱিষ্কাৰ কৰাটোৱেই হৈছে এই গ্রন্থখনিৰ লক্ষ্য’ (Capital, Vol.1, p.92) মার্ক্সৰ পূর্বৰ চিন্তাবিদসকলে পুঁজিবাদী ব্যৱস্থাটোৰ দুই এটা দিশ সম্পর্কে আলোকপাত কৰিছিল সঁচা, পিছে সামগ্রিকভাৱে ব্যৱস্থাটোৰ ক্রিয়াপদ্ধতিসমূহ বুজাৰ ক্ষেত্রত তেওঁলোকে বিশেষ অগ্রগতি লাভ কৰিব পৰা নাছিল। পূর্বৰ অধ্যায়কেইটাত আমি ইতিমধ্যেই উনুকিয়াইছো যে বুর্জোৱা চিন্তাবিদসকলে পুঁজিবাদী ব্যৱস্থাটোক প্রকৃতি-প্রদত্ত বা ইতিহাসৰ অন্তিমটো পর্যায় হিচাপেই গণ্য কৰিছিল। সিবিলাকৰ বিপৰীতে মার্ক্সে পুঁজিবাদক ঐতিহাসিকভাৱে সংক্রমণশীল এটি ব্যৱস্থাৰ ৰূপতহে বিশ্লেষণ কৰাৰ ওপৰত গুৰুত্ব প্রদান কৰিলে, যাৰ আভ্যন্তৰীণ অন্তর্বিৰোধসমূহে এসময়ত তাক বিনাশৰ পথেৰে লৈ যাব।

অর্থনীতিবিদ্যাৰ দৰে (থমাচ কার্লাইলৰ ভাষাত) ‘শোচনীয় বিজ্ঞান’ৰ সৈতে ভালকৈ পৰিচিতি নথকা পাঠকৰ বাবে এইখিনিতে অধ্যায়টোৰ মূল বিষয়বস্তু সম্পর্কে এটি ৰূপৰেখা প্রদান কৰি লোৱাটো ভাল হব। আমি প্রথমতেই পুঁজিৰ কেন্দ্রীয় তত্ত্ব অর্থাৎ মূল্যৰ শ্রম তত্ত্ব সম্পর্কে আলোচনা কৰিম। এই মূল্যৰ শ্রম তত্ত্ব মতে, ‘পণ্য’ - অর্থাৎ বজাৰত বেচা-কিনা কৰিব পৰা সামগ্রীসমূহক – সিবিলাকৰ উৎপাদনত খৰচ হোৱা সামাজিকভাৱে প্রয়োজনীয় শ্রম সময় অনুসৰি বিনিময় কৰা হয়। আমি পাছলৈ দেখিম যে কেনেদৰে মার্ক্সে পুঁজিবাদী শোষণৰ প্রক্রিয়াটো বিশ্লেষণ কৰিবলৈ এই তত্ত্বটোকেই কেন্দ্রীয়ভাৱে ব্যৱহাৰ কৰিছে। শ্রমিকে সৃষ্টি কৰা উদ্বৃত্ত মূল্যয়েই হৈছে পুঁজিপতিৰ মুনাফাৰ উৎস, যাৰ ভৰষাত সমগ্র ব্যৱস্থাটো বর্তি আছে। আটাইতকৈ অধিক পৰিমাণে উদ্বৃত্ত মূল্য হাছিল কৰিবলৈ পুঁজিপতিহঁতৰ মাজত প্রতিযোগিতা সৃষ্টি হয়। এই প্রতিযোগিতাৰ ফলত মুনাফাৰ সাধাৰণ হাৰ এটি অস্তিত্বলৈ আহে। মন কৰিব লগীয়া যে মুনাফাৰ এই সাধাৰণ হাৰে মূল্যৰ শ্রম তত্ত্বৰো এটি পৰিবর্তন ঘটায়। ফলত আপাত দৃষ্টিত মূল্যৰ শ্রম তত্ত্ব ক্রিয়াম্বিত নোহোৱা যেনেই অনুভৱ হয়। সি যি কি নহওঁক, প্রতিযোগিতাৰ ফলত মুনাফাৰ হাৰ নিম্নগামী হোৱাৰ প্রৱণতা (tendency for the rate of profit to fall) এটা সৃষ্টি হয় আৰু মূলতঃ ইয়াৰ বাবেই বাৰম্বাৰ আর্থিক সংকটে পুঁজিবাদী অর্থনীতিখনক ছানি ধৰে

বাস্তৱ-সম্ভৱ সমাজবাদৰ অর্থনীতি (সপ্তম অংশ)

  মূলঃ  The Economics of Feasible Socialism by Alec Nove অনুবাদঃ ময়ূৰ চেতিয়া শ্রম বিভাজন মার্ক্সৰ ৰোমান্টিক-য়ুটোপিয়ান চিন্তাধাৰাই ধূসৰ কৰি...