Thursday, May 12, 2016

নাৰীবাদী দৃষ্টিৰে পৃথিৱীখন ৪

ঘৰুৱা শ্রম আৰু বেতনভোগী গৃহ-শ্রমিক

ভাৰতত উচ্চ বেতন লাভ কৰা মধ্যবিত্তৰ সংখ্যা হৈছে প্রায় ৩ কোটি। এই পৰিয়ালবোৰৰ আধা সংখ্যকৰ ঘৰত একোগৰাকী বনকৰা কর্মী আছে ধৰিলে দেশত অন্ততঃ ১.৫ কোটি ঘৰুৱা শ্রমিক আছে বুলি অনুমান কৰিব পাৰি।

এটা পৰিসংখ্যাৰ প্রতি মন কৰক ইউনিয়ন-বহির্ভুত মহিলা যৌনকর্মী বিষয়ক দেশৰ প্রথমটো জৰীপ মতে প্রায় ৭১ শতাংশ যৌনকর্মী পূর্বে আন কোনো কর্মত নিযুক্ত হৈ আছিল। কামৰ ভীষণ হেঁচা আৰু কম মজুৰীৰ বাবেই তেওঁলোকে পূর্বৰ পেছা ত্যাগ কৰিছিলতেওঁলোকৰ ভিতৰত সৰহভাগেই আছিল ঘৰুৱা শ্রমিক।  অর্থাৎ এই মহিলাসকলৰ এক বৃহৎ অংশই ঘৰুৱা শ্রমিকৰ কাম বেশ্যাবৃত্তিতকৈও অধিক অপমানজনক, হেঁচা ভৰা তথা নিম্ন মজুৰীৰ যেন অনুভৱ কৰিছিল (Sahni and Shankar, 2011)ঘৰুৱা শ্রমিক মোতায়েন কৰা যিসকল মধ্যবিত্তীয় মালিকে বেশ্যাবৃত্তিক মৃত্যুতকৈ হীন যেন গণ্য কৰে, তেওঁলোকে এই তথ্যটোৰ প্রতি মন কৰি নিজকে চিকুটি চোৱা উচিত। তেওঁলোকে নিজকে প্রশ্ন কৰা উচিত; লজ্জিত হোৱা উচিত।

Monday, April 4, 2016

কমন ছেন্স আৰু ননছেন্স

জিতেন বেজবৰুৱা

‘বিজেপিক ভোট দিব’, আক্ষৰিক অৰ্থত এনেকুৱা এটা আহ্বান নিউজ লাইভ বা আন কোনো সহধৰ্মী চেনেলে আজিলৈকে নিশ্চয় কেতিয়াও জনোৱা নাই বা জনোৱাৰ সম্ভাৱনাও নাই। ‘কংগ্ৰেছক ভোট দিব’, আক্ষৰিক অৰ্থত এনেকুৱা এটা আহ্বান আছাম টকছ চেনেলে কেতিয়াও জনোৱা নাই আৰু নজনায়। এই চেনেলসমূহৰ টক শ্ব’বোৰত নিৰ্বাচন আৰু বিভিন্ন ৰাজনৈতিক দল সম্পৰ্কে ‘আলোচনা’, ‘বিশ্লেষণ’ কৰে বিভিন্ন সাংবাদিক, বুদ্ধিজীৱী, ৰাজনীতিকসকলে। দলীয় ৰাজনীতিকসকলক বাদ দি তাত অংশগ্ৰহণ কৰা বিভিন্ন আলোচকসকলক ‘মই অমুক দলকে সমৰ্থন কৰো বা ভাল পাওঁ’, এনেকুৱা কথা কেতিয়াবা কোৱা শুনিছে জানো? বা আলোচনাৰ আঁত ধৰা সাংবাদিকসকলৰ মুখতো জানো তেনে কিবা কথা শুনিছে? নিশ্চয় শুনা নাই, নুশুনিবও কিজানি। নিৰ্বাচনৰ আগমুহূৰ্ততো নিশ্চয় সকলোৱে নিজা নিজাধৰণে ‘বিবেক ভোট’ (এই বস্তুটো অৱশ্যে বৰ ৰহস্যময়, ভোট দিবৰ সময়ত উলিয়াই ব্যৱহাৰ কৰিব পৰাকৈ এই ‘বিবেক’টো নো কেনেকুৱা সুৰক্ষিত লকাৰত সোমাই থাকে বুজিব পৰা নাযায়) দিবলৈকে ৰাইজক আহ্বান জনাইছে। কাৰণ তেওঁলোক হ’ল নিৰপেক্ষ, তেওঁলোক হ’ল গণতান্ত্ৰিক। নিৰপেক্ষ এইকাৰণেই যে তেওঁলোকে কোনো দলৰে পক্ষপাতিতা নকৰে, গণতান্ত্ৰিক এইকাৰণেই যে তেওঁলোকে ৰাইজক নিজে নিজৰ সিদ্ধান্ত ল’বলৈ উৎসাহিত কৰে – কোনো মত কেতিয়াও জাপি নিদিয়ে। নিৰপেক্ষতা আৰু গণতন্ত্ৰৰ এই নিৰ্ভেজাল আৰু পৱিত্ৰ পৰিবেশত প্ৰতিদিন টাইম বা নিতুমণি শইকীয়াও জানো তেনেকুৱা নহৈ পাৰে? বৰং সেইসকল বেছিহে নিৰপেক্ষ আৰু বেছিহে গণতান্ত্ৰিক – সেইকাৰণে কোনোবাই মনে মনে পক্ষপাতিতা কৰিব খুজিলে, অগণতান্ত্ৰিক কাম কৰিব খুজিলে পটকৈ ধৰা পেলাই দিব পাৰে। সেইকাৰণে হীৰেন গোহাঁইকে আদি কৰি ৪২জন বুদ্ধিজীৱী-লেখকে চিধাচিধিকৈ ‘বিজেপিক প্ৰতিহত কৰক’ বুলি ৰাইজলৈ আহ্বান জনোৱাৰ পাছত তাৰ আঁৰত লুকাই থকা ভয়ংকৰ অপৰাধ তথা জাতিদ্ৰোহী ষড়যন্ত্ৰৰ মুখা খুলি দিবলৈ নিতুমণি শইকীয়া আগ বাঢ়ি আহিছে – জাতিৰ স্বাৰ্থত, মাটিৰ স্বাৰ্থত। সুখৰ বিষয় যে নিতুমণিৰ কণ্ঠত এতিয়া অৰ্ণৱ গোস্বামীৰ প্ৰতিধ্বনিকে শুনিবলৈ পোৱা গৈছে। গতিকে অসমীয়া জাতিৰ মুখপাত্ৰ হৈ হীৰেন গোহাঁইহঁতৰ জাতিদ্ৰোহী ভণ্ডামি উন্মোচন নকৰিব সেইটোতো হ’ব নোৱাৰে। সেইবাবে তেওঁ ‘সসন্মানে’ সেই ‘নমস্য’ ব্যক্তিসকলৰ ভণ্ডামি উন্মোচন কৰিছে। পিছে সেই উন্মোচনৰ কাৰ্যটো বৰ এটা পাগত নুঠিল, কিবা ডন কুইক্সট টাইপ হ’ল। আমি সেইটোতহে অসুবিধা পাইছো, অসমীয়া জাতিৰ মুখপাত্ৰজনৰনো সেইটো কেনেকৈ হ’বলৈ পালে?

Sunday, March 20, 2016

মহুবাৰ মহিষাসুৰ




উৎসঃ ‘ৱার্ড প্রেছ’ আলোচনী, নৱেম্বৰ ২০১৫ সংখ্যা
https://www.forwardpress.in/2016/02/mahishasur-in-mahoba/
মূলঃ প্রমোদ ৰঞ্জন
অনুবাদঃ ময়ূৰ চেতিয়া

ইতিহাসবিদ ডি ডি কৌশাম্বিৰ মতে মহিষাসুৰৰ ৰাজ্য আছিল বুন্দেলখণ্ডৰ মহুবাত। মহিষাসুৰ বিষয়ক এখন গৱেষণামূলক গ্রন্থ লিখাৰ বাবে তথ্য বিচাৰি মই বিগত বছৰটোৰ ২ অক্টোবৰ তাৰিখে মহুবাত উপস্থিত হৈছিলো। মই মন কৰিছিলো যে অঞ্চলটোৰ লোক-পৰম্পৰাসমূহত এতিয়াও  মহিষাসুৰৰ উপস্থিতি দেখা পোৱা যায়।
.........
বিগত কিছুসময় ধৰি মই Mahisasur Movement: Debrahmanising a Myth শীর্ষক এখন গ্রন্থ সম্পাদনা কৰি আছোঁ। কেতসংখ্যক ইতিহাসবিদে মতপোষণ কৰিছে যে মহিষাসুৰ আচলতে ভাৰতৰ ‘বহুজন’ সম্প্রদায়সমূহৰ পৌৰাণিক নায়ক আছিল। ইতিহাসবিদ ডি ডি কৌশাম্বিৰ মতে মহিষাসুৰৰ ৰাজ্য আছিল বুন্দেলখণ্ডৰ মহুবাত। মহিষাসুৰ বিষয়ক গৱেষণামূলক গ্রন্থখনৰ বাবে তথ্য বিচাৰি মই বিগত বছৰটোৰ ২ অক্টোবৰ তাৰিখে মহুবাত উপস্থিত হৈছিলো। মই মন কৰিছিলো যে অঞ্চলটোৰ লোক-পৰম্পৰাসমূহত এতিয়াও  মহিষাসুৰৰ উপস্থিতি দেখা পোৱা যায়। মাইকাসুৰ, কৰসদেৱ, গোৱাল বাবা আদি বিভিন্ন নামেৰে মহিষাসুৰক এই অঞ্চলটোত সম্বোধন কৰা হয়। মহুবাৰ প্রতিখন গাঁৱতে মহিষাসুৰৰ উপস্থিতি অতিশয় স্পষ্টঅৱশ্যে মহিষাসুৰৰ কোনো প্রতিমাৰ বিপৰীতে তেওঁৰ নামত মাটিৰ থাপনাহে নির্মান কৰা হয়। ব্রাহ্মণবাদী পৰম্পৰাসমূহৰ বিপৰীতে, মন্দিৰৰ ভিতৰত কোনো প্রতিমাৰ ৰূপত মহিষাসুৰে বাস নকৰে; বৰং তেওঁ বাস কৰে মুক্ত আকাশত তলত, ৰাইজে নির্মান কৰা মাটিৰ থাপনাত মাজত।

ঐতিহাসিক ভুলঃ হিন্দুত্ববাদী আৰু সাম্যবাদীসকল

 ময়ূৰ চেতিয়া

(লেখনীটো আংশিকভাবে শ্বেয়াৰ কৰিব নোৱাৰিব; শ্বেয়াৰ কৰিব বিচাৰিলে গোটেই লেখনীটোৱেই লেখকৰ নাম আৰু ব্লগৰ URL সতে শ্বেয়াৰ কৰিব লাগিব।)


১৯২০ৰ দশকৰ আশে পাশে হিন্দুত্ববাদী আৰু সাম্যবাদী – এই দুয়োটা মতাদর্শই ভাৰতত সাংগঠনিক ৰূপ লবলৈ আৰম্ভ কৰিছিল। এফালে নির্মিত হৈছিল কমিউনিষ্ট পার্টি, হিন্দুস্থান চলিয়েলিষ্ট ৰিপাব্লিকান এচচিয়েচন, ৱর্কার্চ এণ্ড পিজেণ্টছ পার্টি আদি দলবোৰ, আৰু আনহাতে গঠন হৈছিল হিন্দু মহাসভা, ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ আদি হিন্দুত্ববাদী সংগঠনসমূহ।

আজি প্রায় নব্বৈ বছৰৰ পাছত হিন্দুত্ববাদীসকলে দেশত শাসন কৰিছে। আনহাতে সাম্যবাদীসকল দেশৰ কেতবোৰ বিশেষ অঞ্চল তথা গণ-আন্দোলনৰ মাজতে সীমাৱদ্ধ হৈ আছে। বিপ্লৱতো বাদেই ভাৰতীয় সাম্যবাদীসকলে আজিলৈকে কেন্দ্রত কল্যাণমূলক চৰকাৰ এখনো গঠন কৰিব পৰা নাই। 

Monday, February 1, 2016

নাৰীবাদী দৃষ্টিৰে পৃথিৱীখন ৩


লৈংগিক শ্রম বিভাজন

ইউৰোপ আমেৰিকাৰ বহুতো বন্ধুৱে মোক প্রায়েই আচৰিত হৈ সোধেঃ “তোমালোকৰ দেশত এতিয়াও এৰেঞ্জড মেৰিজ আছে যে? কথাটো কি?” মই মাজেসময়ে ভাবোঁ – এৰেঞ্জড মেৰিজ হওঁক, লাভ মেৰিজ হওঁক – মেৰিজতো মেৰিজেই!  এটা পর্যায়ৰ পাছত দুয়োটায়েতো বিবাহ বোলা অনুষ্ঠানটোক ন্যায্যতা প্রদান কৰে? বহুতে ভবাৰ দৰে প্রেমবিবাহ সঁচাকৈয়ে ইমান ৰেডিকেল বস্তুনে? শেহত গৈ ইয়োতো বিবাহ বোলা [অবাঞ্ছনীয়] অনুষ্ঠানটোকেই মজবুত কৰে?

বিবাহ অনুষ্ঠানটোৰ এটা মূল বৈশিষ্ট হৈছে লৈংগিক শ্রম বিভাজন। মহিলাসকলকেই ঘৰুৱা কামৰ বাবে জগৰীয়া কৰা হয়; অর্থাৎ শ্রম শক্তিৰ পুণঃউৎপাদনৰ বাবে প্রয়োজনীয় শ্রমখিনি নাৰীসকলেই সমাপন কৰে ব্যক্তি একোজনক দিনৰ পাছত দিন ধৰি কর্মক্ষম কৰি ৰাখিবলৈ প্রয়োজন হোৱা চর্তখিনি – (যেনে খাদ্য, পৰিষ্কাৰ ঘৰ, পৰিষ্কাৰ কাপোৰ আদিৰ প্রয়োজনসমূহ) মহিলাসকলেই পূৰণ কৰেমহিলাসকলে হয়বা নিজেই এই কামখিনি কৰিব লাগিব নতুবা কোনো বনকৰা মহিলাৰ দ্বাৰা এইখিনি কৰোৱাই লব লাগিব অর্থাৎ যেনেকৈয়ে নহওঁক কিয় – শেহপর্যন্ত ঘৰৰ কামখিনি সমাপন কৰাটো মহিলা একোগৰাকীৰ মূখ্য দায়িত্ব বুলি  ভবা হয়। আনকি যিসকল মহিলাই ঘৰ-পৰিয়ালৰ বাহিৰত, কোনো অফিচ আদিত কাম কৰে, তেওঁলোকৰো মূল দায়িত্ব ঘৰুৱা কামখিনি বুলিয়েই গণ্য কৰা হয়। গৃহকর্মী নিয়োগ কৰি মধ্যবিত্তীয় মহিলাগৰাকীয়ে হয়তো এই হেঁচাৰ পৰা কিছু পৰিমাণে সাময়িক সকাহ লাভ কৰিব পাৰে কিন্তু তাৰ পৰা সম্পূর্ণ নিষ্কৃতি তেৱো লাভ কৰিব নোৱাৰে।[বনকৰা মহিলাগৰাকীয়ে মালিকৰ ঘৰত কাম কৰে বাবে তেওঁৰ কর্মস্থলীক ফেক্টৰীৰ দৰে প্রকৃত কর্মস্থলী বুলি গণ্য কৰা নহয়। সেয়েহে শ্রমিকৰ প্রাপ্য বহুতো সামাজিক সুৰক্ষা যেনে নূন্যতম বেতন, কামৰ সুৰক্ষা আদিৰ পৰা তেওঁক বঞ্চিত কৰা হয়। আনহাতে বন কৰা মহিলাগৰাকীয়ে ভালকৈ কাম কাজ কৰিছেনে নাই – সেয়া চোৱাচিতা কৰাৰ দায়িত্ব মালিকনী অর্থাৎ মধ্যবিত্তীয় মহিলাগৰাকীৰ ওপৰতেই এৰি দিয়া হয়। কিবা গণ্ডগোল হলে মধ্যবিত্তীয় মহিলাগৰাকীকেই স্বামীয়ে দায়ী সাব্যস্ত কৰে। ঘৰুৱা কামৰ দায়িত্বৰ হেঁচাৰ পৰা এতিয়াও মধ্যবিত্তীয় মহিলাগৰাকীয়ে সম্পূর্ণ মুক্তি নাপায় কিন্তু বনকৰা শ্রমিক নিয়োগ কৰি তেওঁ কিছু সকাহ নিশ্চয় লাভ কৰে। এইদৰেই পিতৃতন্ত্রৰ কিছু বোজা মধ্যবিত্তীয় মহিলাগৰাকীৰ পৰা বনকৰা মহিলাগৰাকীলৈ স্থানান্তৰিত কৰা হয়। আনহাতে মালিকনী আৰু বনকৰা মহিলাগৰাকীৰ মাজৰ দ্বন্দ্ব বৃদ্ধি হয়। কথাখিনি ঠিক শ্রমিক আৰু চুপাৰভাইজাৰৰ মাজত থকা দ্বন্দ্বৰ দৰে। শেহ পর্যন্ত চুপাৰভাইজাৰজনেও সুচল জীৱন উপভোগ কৰিব নোৱাৰে। শেষ অর্থত পুঁজিপতিৰ দ্বাৰা শ্রমিক আৰু চুপাৰভাইজাৰ – দুয়ো শোষিত হয়। কিন্তু সংকীর্ণ দৃষ্টিৰে চালে শ্রমিক আৰু চুপাৰভাইজাৰৰ দ্বন্দ্বই মূল দ্বন্দ্ব যেন প্রতিভাত হয়। পুঁজিপতিৰ ভূমিকাৰ কথাটো তল পৰে  - অনুবাদক] ।

নাৰীবাদী দৃষ্টিৰে পৃথিৱীখন ২



প্রথম অধ্যায়ঃ
পৰিয়াল



  পৰিয়াল
 
  'If marriage  is  the end  of life, 

  how  can  it  also  be  the  goal  of life?'


মণিৰ কাহিনী

কাপোৰ কানি, ব্যহাৰ-পাতি আদি বিভিন্ন ক্ষেত্রত সমাজে “প্রাকৃতিক” বুলি নির্ধাৰণ কৰি দিয়া সীমাৰেখাডাল উলংঘন কৰিলে সমাজে সহ্য নকৰেকেইবছৰমান পূর্বে পশ্চিম বংগৰ গাওঁ এখনত মণি নামৰ কম বয়সীয়া যুবতী এগৰাকীক মাৰ-পিট কৰি নগ্ন কৰি পেলো হল। ছোৱালীজনীৰ অপৰাধ আছিল তাই হেনো ল’ৰাৰ দৰে আচ কৰে আৰু লৰাৰ দৰে কাপোৰ-কানি পিন্ধেঅর্থাৎ সামাজিক ব্যৱস্থাটো ৰক্ষা কৰাৰ ক্ষেত্রত সমাজ কিমান দূৰৈলৈকে যাব পাৰে, এই আপাত সংস্কৃতি ৰক্ষাৰ আঁৰত কিমান বীভৎস ৰূপৰ হিংসা লুকাই থাকে, মণিৰ ঘটনাটো আমাক তাৰ কথাই সোঁৰাই দিয়ে। মণিক অত্যাচাৰ কৰা গাওঁবাসীসকলক পিশাচ, অপৰাধী, গোঁৰ, অশিক্ষিত আদি নানান বিভূষণেৰে গালি দিয়াটো সহজ; পিছে তাৰ আগেয়ে আপুনি নিজৰ কথাই কল্পনা কৰক। ধৰক চহৰৰ কোনো নামী দামী কর্পৰেট  কোম্পানী এটাত আপুনি কাম কৰেআপোনাৰে সহকর্মী পুৰুষ এজনে এদিন ঘোষণা ৰিলে যে তেওঁ কাইলৈৰ পৰা  শাৰী  পিন্ধি, ফোঁট লৈ কামলৈ আহিব; শাৰী পিন্ধিয়েই তেওঁ ভাল পায়; তেওঁ তেনেকৈয়ে সহজবোধ কৰেআপোনাৰ প্রতিক্রিয়া কেনেধৰণৰ হব?  মণিক মাৰপিট কৰা গাওঁবাসীসকলতকৈ আপোনাৰ ব্যহাৰ ঠিক কিমানখিনিলৈকে পৃথক হব? আপুনি সহকর্মীজনক সহজভা গ্রহণ কৰিবনে? তেওঁ নিজৰ জীন সম্পর্কে লোৱা সিদ্ধান্তখিনিক আপুনি যথোচিত সন্মান জনাব পাৰিবনে? 

Thursday, November 5, 2015

হিটলাৰ আৰু নাজীবাদঃ এক প্রাথমিক পৰিচয়ঃ

অনুবাদ আৰু পৰিবর্ধনঃ ময়ূৰ চেতিয়া

১৯৪৫ চনৰ গ্রীষ্মকাল। জার্মানী।

হেলমুথ নামৰ এটি ১১ বছৰীয়া শিশুৱে ৰাতিপুৱা সাৰ পায়েই শুনা পালেঃ মাক দেউতাকে চেপা মাতেৰে কিবা গম্ভীৰ বিষয় সম্পর্কে কথা পাতি আছেহেলমুথৰ চিকিৎসক দেউতাকে মাকৰ লগত আলোচনা কৰিছেঃ “তেওঁ গোটেই পৰিয়ালটোকে মাৰি পেলোৱা উচিত, নে কেৱল নিজে আত্মহত্যা কৰা উচিত? সকলোকে মাৰি পেলাবলৈ তেওঁ ওচৰত সিমান সময় আছেনে?”  দেউতাকে লগতে কিবা প্রতিশোধৰ কথাও কৈ আছিলঃ “আগেয়ে আমি বিকলাংগ তথা ইহুদীসকলৰ সতে যেনে ব্যৱহাৰ কৰিছিলো, এতিয়া আমেৰিকা আৰু চোভিয়েট মিত্রশক্তিয়েও আমাৰ সতে তেনেকুৱাই ব্যৱহাৰ কৰিব”পিছদিনা দেউতাকে হেলমুথসহিত গোটেই পৰিয়ালটোকে পিকনিকৰ বাবে ওচৰৰ উদ্যানখনলৈ লৈ গল।  লৰা-ছোৱালী কেইটিয়ে গীত গালে, লৰা ধপৰা কৰি হাঁহি-ফুর্তি কৰিলে। শেষবাৰৰ বাবে পৰিয়ালটোৱে আনন্দেৰে দিনটো কটালে। সন্ধিয়ালৈ হেলমুথৰ দেউতাক জীয়াই নাথাকিল। নিজৰ অফিচতে মূৰত গুলিয়াই তেওঁ আত্মহত্যা কৰিলে। হেলমুথে কিছুসময়ৰ পাছত দেখিলেঃ  দেউতাকৰ তেজসিক্ত ইউনিফর্মযোৰ ঘৰৰ জুইশালিত পুৰি পেলোৱা হৈছে। এই ঘটনাৱলীয়ে হেলমুথক ইমানেই সন্ত্রসিত কৰি তুলিলে যে অনাগত ৯ বছৰৰ বাবে লৰাটিয়ে ঘৰত খাদ্য গ্রহণ কৰা বন্ধ কৰিলে। হেলমুথে ভয় কৰিছিল যে মাকে হয়তো খাদ্যত বিহ মিলাই তাক হত্যা কৰিব।

বাস্তৱ-সম্ভৱ সমাজবাদৰ অর্থনীতি (সপ্তম অংশ)

  মূলঃ  The Economics of Feasible Socialism by Alec Nove অনুবাদঃ ময়ূৰ চেতিয়া শ্রম বিভাজন মার্ক্সৰ ৰোমান্টিক-য়ুটোপিয়ান চিন্তাধাৰাই ধূসৰ কৰি...