Sunday, July 31, 2016

গুৰুপত্নী সত্যা আই

মনোৰমা দাস মেধি

সত্যা আই বৈষ্ণৱ সাহিত্যৰ কোনো অলৌকিক চৰিত্ৰ নহয়। নিতান্তই সাধাৰণ এজনী মানুহ। কথা গুৰু চৰিতৰ শেষৰপিনে ‘হৰিহৰ আতাৰ চৰিত’ শীর্ষক এটা অধ্যায় আছে। সেই হৰিহৰ আতাৰে বিবাহিতা পত্নী সত্যা আই‌। পিতৃৰ নাম সত্য বৰদলৈ‌। চৰিত পুথিত সাধাৰণতে বৈষ্ণৱ গুৰু দুজনাৰ কাৰ্য-কলাপসমূহ ভক্তি সহকাৰে বৰ্ণনা কৰা হয়। শঙ্কৰদেৱৰ তিৰোধানৰ পিছত মাধৱদেৱে চৈধ্য প্রসংগৰ সময়ত গুৰুজনাৰ চৰিত চর্চা কৰিবলৈ আৰম্ভ কৰে। এই চর্চা চলিছিল আলাপ আলোচনাৰ ৰূপত। শঙ্কৰদেৱৰ সোঁহাত-স্বৰূপ আছিল তেওঁৰ প্রিয় শিষ্য মাধৱদেৱ। গতিকে অন্যান্য ভকতসকলৰ তুলনাত তেওঁ শঙ্কৰদেৱক ঘনিষ্ঠভাৱে জানিছিল আৰু বুজিছিল। বিভিন্ন পৰিস্থিতিত শঙ্কৰদেৱৰ ভূমিকা বা কাৰ্য-কলাপসমূহ তেওঁ যেনেভাৱে নিৰীক্ষণ কৰিছিল, তেনেভাৱে ভকতসকলৰ আগত বর্ণনা কৰি তেওঁ নিশ্চয় গুৰুৰ মাহাত্ম্য প্রচাৰত ব্ৰতী হৈছিল। মাধৱদেৱৰো যেতিয়া তিৰোধান ঘটিল, তেতিয়া ভকতসকলে শঙ্কৰদেৱৰ লগতে মাধৱদেৱৰো চৰিত চর্চা কৰিবলৈ ধৰে। পৰৱৰ্তী কালৰ ভকতসকলে আলাপ-আলোচনাৰ মাজেদি চৰিত চর্চা কৰাৰ উপৰিও এইবোৰ লিপিৱদ্ধ কৰিবলৈ ল'লে। সেইয়া বোধহয় সপ্তদশ শতিকাৰ দ্বিতীয়-তৃতীয় দশকমানৰ কথা। এই কাৰণেই চৰিত-পুথিৰ বৰ্ণনা-ৰীতিত স্বাভাৱিক কথন-ভঙ্গীমাটো থাকি গ’ল।

যিহেতু ‘হৰিহৰ আতাৰ চৰিত’ নামৰ অধ্যায় এটা কথা ‘গুৰু চৰিত’ৰ শেষৰ পিনে আছে, গতিকে বুজা যায় যে, হৰিহৰ এগৰাকী প্রভাৱশালী বৈষ্ণৱ গুৰু আছিল। তেওঁৰো গুণমুগ্ধ ভকতসকল আছিল। তেওঁৰ মাহাত্ম্য বা চৰিতৰ বিষয়ে চৈধ্য প্রসঙ্গৰ সময়ত ভক্তিভাৱে শ্ৰৱণ-কীৰ্ত্তন কৰা হৈছিল। সম্ভৱতঃ তেওঁ কেৱল বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰকাৰ্যতে ব্ৰতী আছিল আৰু শাস্ত্রৰ ব্যাখ্যা বা ধর্ম-তত্ত্বৰ ব্যাখ্যাত অতি পাৰদৰ্শী ব্যক্তি আছিল। কাব্য বা নাট ৰচনা কৰাহেঁতেন, তেওঁৰ নামটো নিশ্চয় অসমীয়া সাহিত্যৰ বুৰঞ্জীত পোৱা গ'লহেঁতেন। হৰিদেৱ নামৰ এগৰাকী বৈষ্ণৱ কবিৰ নাম অৱশ্যে আছে, যিয়ে বৰপেটাত থাকি ভাগৱতৰ ৫ম স্কন্ধৰ পদ ৰচনা কৰিছিল। হৰিহৰ দেৱ বা কেৱল হৰিহৰ নামৰ কোনো বৈষ্ণৱ সাহিত্যিকৰ উল্লেখ পোৱা নাযায়।

Saturday, June 25, 2016

বুর্জোৱা ৰাষ্ট্র, সংসদীয় গণতন্ত্র আৰু সংগ্রামী ৰণনীতি


ময়ূৰ চেতিয়া


আমাৰ মুলুকৰ প্রগতিশীল সংগ্রামী দলবোৰৰ মাজত প্রায়েই পুঁজিবাদ-বিৰোধিতাৰ সলনি চৰকাৰ-বিৰোধিতাহে অধিক দেখিবলৈ পোৱা যায়। উপস্থিত বুর্জোৱা চৰকাৰ একোখনৰ বিৰুদ্ধে জনগনক সংগঠিত কৰাটো তুলনামূলকভাবে সহজঃ ভাত, মাটি, কাপোৰ আদিৰ দাবীত জনগনক একত্রিত কৰি চৰকাৰবিৰোধী ধর্ণা আয়োজন কৰিব পৰাটো যিকোনো সংগ্রামী দলৰেই ঈপ্সিত লক্ষ্য। সিবিলাকৰ প্রয়োজনো নিশ্চয় নুই কৰিব পৰা নাযায়। কিন্তু কথা হৈছে যে পুঁজিবাদবিৰোধী সংগ্রাম এখন আগুৱাই নিবলৈ হলে সংগ্রামী দল একোটাই শেষপর্যন্ত চৰকাৰৰ সলনি পুঁজিবাদী ব্যৱস্থাটোকহে মূলতঃ লক্ষ্য কৰি লব লাগিব তথা সেই অনুসৰি সংগ্রামী ৰণনীতি নির্মাণ কৰিব লাগিব।

মুলুকৰ সংগ্রামীসকলে প্রেকটিকেল অভিজ্ঞতাৰ পৰাই জানে যে পুৰণি সময়ৰ লেখীয়াকৈ সশস্ত্র সংগ্রামৰ দ্বাৰা ভাৰতীয় ব্যৱস্থাটোক মষিমূঢ় কৰাটো অতিশয় দুৰুহ কাম। পিছে তাৰ কোনো সন্তোষজনক বিকল্পও তেওঁলোকে বিচাৰি পোৱা নাই। যিহেতু চৰকাৰবিৰোধী কার্যসূচী আয়োজন কৰাতেই তেওঁলোক সিদ্ধহস্ত, সেয়েহে এসময়ত গৈ ৰাইজ তথা স্বয়ং সংগ্রামী দলটোৰ একাংশই নেতৃত্বক দাবী কৰে যে এইবাৰ দলটোৱে উপস্থিত চৰকাৰখনৰ বিপৰীতে এখন কল্যাণমূলক চৰকাৰ নির্মাণৰ উদ্দেশ্যেৰে নির্বাচনত অংশগ্রহণ কৰা উচিত। দলৰ পুৰণি অভিজ্ঞ নেতাসকলে অনুভব কৰে যে বুর্জোৱা ব্যৱস্থাৰ অধীনত সংগ্রামী দল একোটাই সংসদীয় ৰাজনীতিতেই মনোনিবেশ কৰিলে দলটো পথভ্রষ্ট হোৱাৰ আশংকা থাকে আৰু সেয়েহে এনে পদক্ষেপৰ সম্ভাৱনা তেওঁলোকে নাকচ কৰেকিন্তু  বুর্জোৱা গণতান্ত্রিক নির্বাচনত সংগ্রামীসকলে কিয় অংশগ্রহণ কৰিব নালাগে তথা তাৰ কি বিকল্প আছে – এনে প্রশ্নবোৰৰ কোনো সন্তোষজনক উত্তৰ দিবলৈও তেওঁলোক ব্যর্থ হয়। শেহত গৈ “বুর্জোৱা গণতন্ত্র হৈছে গাহৰিৰ গড়াল” এইজাতীয় বাগাড়ম্বৰৰ দ্বাৰাই তাত্ত্বিক প্রশ্নবোৰৰ পালমৰা উত্তৰ দিয়া হয়। বহুতো সংগ্রামী নিৰুৎসাহিত হৈ পৰে; তেওঁলোকৰ মনত এনে ভাব হয়ঃ “আমি কি সদায়েই কেৱল আন্দোলনেই কৰি থাকিম নেকি?”। সংগ্রামী দলটোৰ মাজত ভাঙোন সৃষ্টি হয়। ইফালে  সংগ্রামী দলটোৱে দীর্ঘদিন ধৰি চলাই অহা চৰকাৰবিৰোধী গণআন্দোলনবোৰৰ সুফল আন কোনোবা বুর্জোৱা দলে গ্রহণ কৰেৰকাৰখনৰ গণবিৰোধী নীতিবোৰৰ বিৰুদ্ধে সংগ্রামী দলটোৱেই ইমানদিনে আন্দোলন চলাই আছিল, চৰকাৰখনৰ জনপ্রিয়তা তেওঁলোকেই জনচক্ষুৰ সমুখত হ্রাস কৰিছিল, অথচ ইয়াৰ সমস্ত সুফল এতিয়া আন কোনোবা বুর্জোৱা দলেহে লাভ কৰিলে!

এয়া হৈছে সাম্প্রতিক সময়ৰ বিপ্লৱী আন্দোলনৰ এখন পৰিচিত চিত্র। বিভিন্ন দেশ তথা অঞ্চলত তাৰ পুণৰাবৃত্তি দেখিবলৈ পোৱা যায়। এনে ট্রেজেদিৰ কোনো উত্তৰ বিচাৰিবলৈ হলে তত্ত্বগত প্রশ্নবোৰৰ পুণঃপৰীক্ষণ কৰাৰ বাহিৰে আন কোনো উপায় নাই।

এই লেখনীটোত বুর্জোৱা গণতন্ত্রৰ বৈশিষ্ট সম্পর্কে কিছু কথা আলোচনা কৰা হৈছে তথা বুর্জোৱা গণতন্ত্রৰ অধীনত প্রগতিশীল সংগ্রামী দল একোটাই কেনেধৰণৰ ৰণকৌশল বিকশিত কৰিব পাৰে – এই বিষয়ক কিছু সংকেত দিবলৈ চেষ্টা কৰা হৈছে। যিমান দূৰ পাৰি প্রচলিত বাওঁ-বাগাড়ম্বৰ আমি ত্যাগ কৰিবলৈ চেষ্টা কৰিছোঁ। আমাৰ মূল যুক্তি হৈছে যে সঁচাকৈয়ে আজিৰ দিনত সশস্ত্র সংগ্রাম প্রায় দূৰুহ হৈ পৰিছে আৰু বুর্জোৱা গণতন্ত্রৰ অধীনত প্রগতিশীল চৰকাৰ গঠনৰ জৰিয়তেই সংগ্রাম আগবঢ়োৱাটো প্রয়োজনীয় হৈ পৰিছে। পিছে একেসময়তে আমি বুর্জোৱা গণতন্ত্রৰ কেতবোৰ সীমাৱদ্ধতাও চিনাক্ত কৰিছোঁ আৰু কেনেদৰে সিবিলাকৰ সীমা চেৰাই যাব পৰা যায়, এইবিষয়েও কিছু কথা আলোচনা কৰিছোঁ। এনে কৰাটো জৰুৰী কিয়নো অন্যথাই বুর্জোৱা গণতন্ত্র সম্পর্কে বহুতৰে মনত কেতবোৰ অবাঞ্চিত প্রত্যাশাৰো সৃষ্টি হয় আৰু ইয়েই পাছলৈ সংশোধনবাদৰো জন্ম দিয়ে। এটা বাক্যত কবলৈ গলে, আমাৰ বক্তব্য হৈছে – শ্রমজীৱি জনগণৰ স্ব-নিয়ন্ত্রণৰ ৰাজনৈতিক সংগ্রামখন আর্থিক ভিত্তিক সংগঠিত কৰি লব নোৱাৰিলে পুঁজিবাদবিৰোধী সংগ্রামখনো বিজয়ী হব নোৱাৰে

Wednesday, June 15, 2016

ৰুছ বিপ্লৱৰ ইতিহাস ২

প্রথম অধ্যায়

ৰুছ দেশ বিকাশৰ বৈশিষ্ট্যসমূহ

লিয়ন ট্রটস্কী


ৰুছ ইতিহাসৰ আটাইতকৈ মূল তথা স্থায়ী বৈশিষ্ট্যটো হৈছে – সামাজিক বিকাশৰ মন্থৰ গতি, আর্থিক অনগ্রসৰতা আৰু তাৰ ফলস্বৰূপে সৃষ্টি হোৱা সংস্কৃতিৰ নিম্ন স্তৰ তথা সামাজিক ৰূপবোৰৰ আদিমতাপূবালী বতাহ আৰু এচীয় প্রব্রজনৰ প্রতি উন্মুক্ত এই বিশাল আৰু অনাড়ম্বৰ  ভূখণ্ড প্রকৃতিৰ দ্বাৰাই দীর্ঘ অনগ্রসৰতাৰ বাবে অভিশপ্ত আছিল। অঘৰী জাতিবোৰৰ  সতে  মাস্কোৱিৰ সংঘাত ১৭ শতিকা পর্যন্ত চলিছিল।  চেঁচা বতাহ, শীতৰ ভয়ানক জাৰ আৰু গ্রীষ্মৰ খৰাঙৰ সতে সংঘাত আজিও ওৰ পৰা নাইসমস্ত প্রগতিৰ মূল আধাৰ – কৃষিৰ বিকাশ প্রসাৰিত(extensive) ৰূপতহে সংঘটিত হৈছিল। উত্তৰৰ ফালে গছ কাটি, অৰণ্যত জুই লগাই মাটি মোকলোৱা হৈছিল। দক্ষিণৰ ফালে কুমাৰী তৃণভূমিবোৰ কামত লগোৱা হৈছিল। প্রকৃতিৰ ওপৰত বিজয়ৰ ৰূপ গভীৰ হোৱাৰ বিপৰীতে প্রসাৰিতহে আছিল।

পশ্চিমৰ ফালে বর্বৰসকলে ৰোমান সংস্কৃতিৰ ধ্বংসাৱশেষৰ ছাঁয়াত থিতাপি লবলৈ সুযোগ পাইছিল। পুৰণা সভ্যতাৰ শিলাবোৰে নির্মাণ সামগ্রীৰ যোগান ধৰিছিল। পূবৰ ফালে শ্লাৱসকল ইমান ভাগ্যবান নাছিল; বিশাল জনশূণ্য এই সমভূমিত তেওঁলোকৰ পূর্বসূৰীসকলৰ সংস্কৃতি তেওঁলোকতকৈও নিম্নবিধৰ আছিল। পশ্চিম ইউৰোপৰ জাতিবোৰে অতি সোনকালেই তেওঁলোকৰ প্রাকৃতিক সীমাৰেখাবোৰ আৱিষ্কাৰ কৰি সাংস্কৃতিক আৰু আর্থিক প্রগতিৰ সূচনা কৰিছিল; বাণিজ্যিক চহৰসমূহ অস্তিত্বলৈ আহিছিল। পূবৰ সমভূমিৰ জাতিবোৰে জনসংখ্যা কিছু বৃদ্ধি হোৱা যেন দেখিলেই নতুন মাটিৰ সন্ধানত কুমাৰী জংগল আৰু তৃণভূমিসমূহত প্রসাৰিত হৈ পৰিছিল। পশ্চিমীয়া কৃষক সমাজৰ উদ্যোগী অংশটোৱে চহৰবাসী, কাৰিকৰ আৰু বনিকৰ ৰূপ ধাৰণ কৰিছিল। পূবৰ উৎসাহী আৰু সাহসী অংশটোৰ কিছুসংখ্যকেহে বেপাৰত হাত দিছিল; অধিকাংশই কছেক, সীমান্তবাসী বা অভিযাত্রীলৈ পৰিণত হৈছিল। সামাজিক বিভাজনৰ প্রক্রিয়াটোৱে পশ্চিমত সঘন ৰূপ লৈছিল; পূবত বিকাশৰ প্রসাৰিত চৰিত্রটোৰ ফলত ই লেহেমীয়া আৰু তৰাং হৈ পৰিছিল। পিটাৰ প্রথমৰ সমসাময়িক ইটালীয় দার্শনিক জিয়’ৱান ৱিক’ৱে লিখিছে, “মাস্কোৱিয়াৰ জাৰ নামত খ্রীষ্টান হলেও দৰাচলতে তেওঁ এটা সোৰোপা জাতিৰ ওপৰতহে শাসন কৰে”মাস্কোৱিয়াবাসীৰ  এই “সোৰোপা” মানসিকতাই আচলতে আর্থিক বিকাশৰ লেহেমীয়া গতি, শ্রেণী সম্পর্কৰ আকাৰহীনতা আৰু আভ্যন্তৰীণ ইতিহাসৰ দৰিদ্র চৰিত্রটোকেই প্রতিফলিত কৰে

Sunday, June 12, 2016

দেৱকান্ত সন্দিকৈৰ মার্ক্সবাদ সমালোচনাঃ এক প্রত্যুত্তৰ


দেৱকান্ত সন্দিকৈ অসমৰ যুক্তিবাদী মহলটোৰ বেছ সসন্মানীয় ব্যক্তি। আমি নিজেও শৈশৱতে তেওঁৰ ৰছনা পঢ়িয়েই যুক্তিবাদৰ প্রতি আকর্ষিত হৈছিলোঁ। এনে এজন মানুহে যেতিয়া মার্ক্সবাদক সমালোচনা কৰি কোনো লেখনী লিখে, তেনেস্থলত লেখকৰ উচ্চস্থানৰ প্রতি সন্মান জনায়েই লেখনীটো সম্পর্কে কিছু কথা আলোচনা  কৰাটো প্রয়োজনীয়অৱশ্যে ৫ জুন তাৰিখে ‘অসমীয়া খবৰ’ত ওলোৱা সন্দিকৈৰ লেখনীটো আমি এক ব্যতিক্রম বুলিহে অনুভৱ কৰোঁ। তেওঁৰ উচ্চ প্রতিভাৰ প্রকাশ লেখনীটোত নঘটিল। বৰং কেতবোৰ পৰিচিত স্থূল যুক্তিৰেই তেওঁ লেখনীটো সামৰিলে। ভৱিষ্যতে আমাৰ পৰিচিত প্রিয় লেখকজনৰ পৰা পুণৰ উচ্চমানৰ লেখনীবোৰ আশা কৰিলো।

এই প্রত্যুত্তৰটো লিখাৰ আন এটাও কাৰণ আছে। সম্প্রতি সমাজবাদ সম্পর্কে সাম্যবাদীসকলৰ মাজতে বিভিন্ন ন ন চিন্তাৰ উন্মেষ ঘটিছে। এই লেখনীটোত সিবিলাকৰ এটা সোৱাদ  দিবলৈ যত্ন কৰা হৈছে। অধিক তাত্ত্বিক ভাষাত একেখিনি কথাকে বিতং ৰূপত জানিবলৈ আগ্রহী পাঠকে ‘নতুন পদাতিক’ৰ ডিচেম্বৰ ২০১৫ সংখ্যাত প্রকাশিত আমাৰ “সমাজবাদঃ অতীত বর্তমান তথা ভৱিষ্যত” শীর্ষক লেখনীটো পঢ়ি চাব পাৰে  

Thursday, June 9, 2016

ভাৰতৰ আঞ্চলিক বাওঁপন্থী চৰকাৰসমূহঃ এক তুলনামূলক অধ্যয়ন


ময়ূৰ চেতিয়া

তথাকথিত “বুর্জোৱা-লেণ্ডলর্ড” ব্যৱস্থাটোৰ ভিতৰতে জনগণক কিছু সকাহ দিবলৈ চিপিএম দলটোৱে অন্যান্য দলৰ লগত মিলি দেশৰ তিনিখন ৰাজ্যত বিভিন্ন সময়ত আঞ্চলিক চৰকাৰ গঠন কৰি আহিছে। কিছুদূৰৈলৈ তেওঁলোক সফলো হৈছে – পশ্চিমবংগত আধিয়াৰসকলে উৎপাদিত সামগ্রীৰ ওপৰত বেছ কিছু অধিকাৰ লাভ কৰিলে, কেৰালাত যথেষ্ঠ পৰিমাণে ঘৰমাটি দুখীয়া কৃষকে লাভ কৰিলে, ত্রিপুৰাত নৃগোষ্ঠীয় সংঘাত বহুখিনি হ্রাস পালে। বিভিন্ন সামাজিক সূচক – যেনে শিক্ষা, স্বাস্থ্যসেৱা, খোৱাপানী  আদিৰ ক্ষেত্রত কেৰালা আৰু ত্রিপুৰাৰ ৰেকর্ড আজি দেশৰ ভিতৰতে অন্যতম। অৱশ্যে পশ্চিমবংগৰ  ৰেকর্ড সিমানখিনি ভাল নহয়। এইক্ষেত্রত এখন এখনকৈ চিপিএমশাসিত ৰাজ্যসমূহৰ ৰেকর্ড চোৱা যাওঁক।

Thursday, May 12, 2016

নাৰীবাদী দৃষ্টিৰে পৃথিৱীখন ৪

ঘৰুৱা শ্রম আৰু বেতনভোগী গৃহ-শ্রমিক

ভাৰতত উচ্চ বেতন লাভ কৰা মধ্যবিত্তৰ সংখ্যা হৈছে প্রায় ৩ কোটি। এই পৰিয়ালবোৰৰ আধা সংখ্যকৰ ঘৰত একোগৰাকী বনকৰা কর্মী আছে ধৰিলে দেশত অন্ততঃ ১.৫ কোটি ঘৰুৱা শ্রমিক আছে বুলি অনুমান কৰিব পাৰি।

এটা পৰিসংখ্যাৰ প্রতি মন কৰক ইউনিয়ন-বহির্ভুত মহিলা যৌনকর্মী বিষয়ক দেশৰ প্রথমটো জৰীপ মতে প্রায় ৭১ শতাংশ যৌনকর্মী পূর্বে আন কোনো কর্মত নিযুক্ত হৈ আছিল। কামৰ ভীষণ হেঁচা আৰু কম মজুৰীৰ বাবেই তেওঁলোকে পূর্বৰ পেছা ত্যাগ কৰিছিলতেওঁলোকৰ ভিতৰত সৰহভাগেই আছিল ঘৰুৱা শ্রমিক।  অর্থাৎ এই মহিলাসকলৰ এক বৃহৎ অংশই ঘৰুৱা শ্রমিকৰ কাম বেশ্যাবৃত্তিতকৈও অধিক অপমানজনক, হেঁচা ভৰা তথা নিম্ন মজুৰীৰ যেন অনুভৱ কৰিছিল (Sahni and Shankar, 2011)ঘৰুৱা শ্রমিক মোতায়েন কৰা যিসকল মধ্যবিত্তীয় মালিকে বেশ্যাবৃত্তিক মৃত্যুতকৈ হীন যেন গণ্য কৰে, তেওঁলোকে এই তথ্যটোৰ প্রতি মন কৰি নিজকে চিকুটি চোৱা উচিত। তেওঁলোকে নিজকে প্রশ্ন কৰা উচিত; লজ্জিত হোৱা উচিত।

Monday, April 4, 2016

কমন ছেন্স আৰু ননছেন্স

জিতেন বেজবৰুৱা

‘বিজেপিক ভোট দিব’, আক্ষৰিক অৰ্থত এনেকুৱা এটা আহ্বান নিউজ লাইভ বা আন কোনো সহধৰ্মী চেনেলে আজিলৈকে নিশ্চয় কেতিয়াও জনোৱা নাই বা জনোৱাৰ সম্ভাৱনাও নাই। ‘কংগ্ৰেছক ভোট দিব’, আক্ষৰিক অৰ্থত এনেকুৱা এটা আহ্বান আছাম টকছ চেনেলে কেতিয়াও জনোৱা নাই আৰু নজনায়। এই চেনেলসমূহৰ টক শ্ব’বোৰত নিৰ্বাচন আৰু বিভিন্ন ৰাজনৈতিক দল সম্পৰ্কে ‘আলোচনা’, ‘বিশ্লেষণ’ কৰে বিভিন্ন সাংবাদিক, বুদ্ধিজীৱী, ৰাজনীতিকসকলে। দলীয় ৰাজনীতিকসকলক বাদ দি তাত অংশগ্ৰহণ কৰা বিভিন্ন আলোচকসকলক ‘মই অমুক দলকে সমৰ্থন কৰো বা ভাল পাওঁ’, এনেকুৱা কথা কেতিয়াবা কোৱা শুনিছে জানো? বা আলোচনাৰ আঁত ধৰা সাংবাদিকসকলৰ মুখতো জানো তেনে কিবা কথা শুনিছে? নিশ্চয় শুনা নাই, নুশুনিবও কিজানি। নিৰ্বাচনৰ আগমুহূৰ্ততো নিশ্চয় সকলোৱে নিজা নিজাধৰণে ‘বিবেক ভোট’ (এই বস্তুটো অৱশ্যে বৰ ৰহস্যময়, ভোট দিবৰ সময়ত উলিয়াই ব্যৱহাৰ কৰিব পৰাকৈ এই ‘বিবেক’টো নো কেনেকুৱা সুৰক্ষিত লকাৰত সোমাই থাকে বুজিব পৰা নাযায়) দিবলৈকে ৰাইজক আহ্বান জনাইছে। কাৰণ তেওঁলোক হ’ল নিৰপেক্ষ, তেওঁলোক হ’ল গণতান্ত্ৰিক। নিৰপেক্ষ এইকাৰণেই যে তেওঁলোকে কোনো দলৰে পক্ষপাতিতা নকৰে, গণতান্ত্ৰিক এইকাৰণেই যে তেওঁলোকে ৰাইজক নিজে নিজৰ সিদ্ধান্ত ল’বলৈ উৎসাহিত কৰে – কোনো মত কেতিয়াও জাপি নিদিয়ে। নিৰপেক্ষতা আৰু গণতন্ত্ৰৰ এই নিৰ্ভেজাল আৰু পৱিত্ৰ পৰিবেশত প্ৰতিদিন টাইম বা নিতুমণি শইকীয়াও জানো তেনেকুৱা নহৈ পাৰে? বৰং সেইসকল বেছিহে নিৰপেক্ষ আৰু বেছিহে গণতান্ত্ৰিক – সেইকাৰণে কোনোবাই মনে মনে পক্ষপাতিতা কৰিব খুজিলে, অগণতান্ত্ৰিক কাম কৰিব খুজিলে পটকৈ ধৰা পেলাই দিব পাৰে। সেইকাৰণে হীৰেন গোহাঁইকে আদি কৰি ৪২জন বুদ্ধিজীৱী-লেখকে চিধাচিধিকৈ ‘বিজেপিক প্ৰতিহত কৰক’ বুলি ৰাইজলৈ আহ্বান জনোৱাৰ পাছত তাৰ আঁৰত লুকাই থকা ভয়ংকৰ অপৰাধ তথা জাতিদ্ৰোহী ষড়যন্ত্ৰৰ মুখা খুলি দিবলৈ নিতুমণি শইকীয়া আগ বাঢ়ি আহিছে – জাতিৰ স্বাৰ্থত, মাটিৰ স্বাৰ্থত। সুখৰ বিষয় যে নিতুমণিৰ কণ্ঠত এতিয়া অৰ্ণৱ গোস্বামীৰ প্ৰতিধ্বনিকে শুনিবলৈ পোৱা গৈছে। গতিকে অসমীয়া জাতিৰ মুখপাত্ৰ হৈ হীৰেন গোহাঁইহঁতৰ জাতিদ্ৰোহী ভণ্ডামি উন্মোচন নকৰিব সেইটোতো হ’ব নোৱাৰে। সেইবাবে তেওঁ ‘সসন্মানে’ সেই ‘নমস্য’ ব্যক্তিসকলৰ ভণ্ডামি উন্মোচন কৰিছে। পিছে সেই উন্মোচনৰ কাৰ্যটো বৰ এটা পাগত নুঠিল, কিবা ডন কুইক্সট টাইপ হ’ল। আমি সেইটোতহে অসুবিধা পাইছো, অসমীয়া জাতিৰ মুখপাত্ৰজনৰনো সেইটো কেনেকৈ হ’বলৈ পালে?

বাস্তৱ-সম্ভৱ সমাজবাদৰ অর্থনীতি (সপ্তম অংশ)

  মূলঃ  The Economics of Feasible Socialism by Alec Nove অনুবাদঃ ময়ূৰ চেতিয়া শ্রম বিভাজন মার্ক্সৰ ৰোমান্টিক-য়ুটোপিয়ান চিন্তাধাৰাই ধূসৰ কৰি...