Friday, March 3, 2017

উগ্ৰতাৰ যুগ : চমূ বিংশ শতিকাৰ ইতিহাস: এৰিক হবছবম

মূলঃ 'Age of Extremes',  Eric Hobsbawm. 
অনুবাদঃ ময়ূৰ চেতিয়া
প্রথম অধ্যায়
সর্বগ্রাসী যুদ্ধৰ যুগ

(১)
‘সমগ্র য়ুৰোপৰ বুকুৰ পৰা পোহৰৰ চাকিবোৰ আজি নুমাই গৈছে; আমাৰ জীৱন কালত দুনাই সিবিলাক জ্বলি উঠা হয়তো আমি দেখা নেপাম’ – এই ভাষ্য হৈছে গ্রেট ব্রিটেইনৰ বিদেশ সচিব এডৱার্ড গ্রেৰ; ১৯১৪ চনত জার্মানী আৰু ব্রিটেইনৰ মাজত যুদ্ধ ঘোষণা হোৱাৰ নিশা যেতিয়া ৱাইট হলৰ বন্তিবোৰ এটা এটাকৈ নুমুৱাই পেলোৱা হৈছিল, দৃশ্যটো চাই চাই গ্রেই এনেদৰে স্বগঃতোক্তি কৰিছিল। গ্রেৰ পৰা বহু যোজন দূৰৈত ৱিয়েনা চহৰৰ নিবাসী বিখ্যাত ব্যংগশিল্পী কার্ল ক্রাছেও নিজস্ব উপায়েৰে বিশ্বযুদ্ধৰ সৈতে মুখামুখি হবলৈ প্রস্তুতি চলাইছিল। যুদ্ধৰ বিতং বর্ণনা তথা যুদ্ধক নিন্দা কৰি ৭৯২ পৃষ্ঠাৰ এখন বিয়াগোম বিবৰণপূর্ণ নাটক তেওঁ লিখিবলৈ লৈছিল যাৰ নামাকৰণ তেওঁ এনেদৰে কৰিছিলঃ ‘মানৱ জাতিৰ অন্তিম দিনকেইটা’। গ্রে আৰু ক্রাছ – দুয়োজনেই অনুভৱ কৰিছিল – তেওঁলোকৰ পুৰণা পৃথিৱীখন চাৰখাৰ হৈ গৈছে আৰু এনে অনুভৱ কৰা মানুহ কেৱল তেওঁলোক দুজনেই নাছিল। অৱশ্যেই এয়া মানৱ জীৱনৰ অন্তিম সময় নিশ্চয় নাছিল – কিন্তু তথাপিও দুই বিশ্বযুদ্ধৰ মাজৰ সময়খিনিত –১৯১৪ৰ ২৮ জুলাইত অষ্ট্রিয়াই চার্বিয়াৰ ওপৰত যুদ্ধ ঘোষণা কৰাৰ পৰা  ১৯৪৫ৰ ১৪ আগষ্টলৈকে – যেতিয়া আনৱিক বিস্ফোৰণৰ চাৰি দিন পাছত জাপানে আত্মসমর্পন কৰিছিল – এই নাতিদীর্ঘ একত্রিছটা বছৰত এনে কেবাটাও মুহূর্ত আহিছিল যেতিয়া মানৱ জাতিৰ এক লেখত লবলগীয়া অংশৰ সামগ্রিক বিনাশ নির্ঘাটভাৱে হব পাৰে যেন অনুভৱ হৈছিল। এনে কেবাটাও মুহূর্ত আহিছিল যেতিয়া ঈশ্বৰে - যি পৃথিবীখন সৃষ্টি কৰিছে বুলি ধর্মপ্রাণ মানুহে বিশ্বাস কৰে - এনে ঈশ্বৰেও এই পৃথিবীখন কিয়নো স্রজন কৰিলো বুলি আক্ষেপ কৰাৰ আশা কৰিব পৰা গৈছিল

Saturday, January 21, 2017

নাচ গান কৰি ভাল পোৱা মানুহজন

মূলঃ সুহৃদ শংক চট্টোপাধ্যায়, 
‘ফ্রণ্টলাইন’ আলোচনী, ১১ নৱেম্ব, ২০১৬ সংখ্যা
অনুবাদঃ ময়ূ চেতিয়া

১৯৬৫ চনৰ এটা সাক্ষাৎকাৰত মানুহজনক  সোধা হৈছিল – তেওঁ নিজকে এজন কবি বুলি ভাবে নে গায়ক বুলি ভাবে। উত্তৰত মানুহজনে কৈছিল – “মই নিজকে এজন নাচ গান কৰি ভাল পোৱা মানুহ বুলিহে ভাবো”
এই সাক্ষাৎকাৰৰ সুদীর্ঘ ৫১ বছৰৰ পাছত মানুহজনক সাহিত্যৰ নবেল বঁটা প্রদান কৰা হল। কোৱা হল “আমেৰিকান সংগীত পৰম্পৰাৰ জগতখনত অভিন কাব্যিক প্রকাশভংগী সৃষ্টি কৰাৰ বাবে তেওঁক এই বঁটা প্রদান কৰা হৈছে”। কথাষাৰ মিছা নহয়। এই পাঁচোটা দশকত তেওঁ জনপ্রিয় সংগীতৰ সমস্ত ধাৰাটোকেই সলনি কৰি পেলালে, গীত ৰছনাৰ কলাটিক তেওঁ নতুনকৈ সংজ্ঞায়িত কৰিলে, তাক তেওঁ কবিতাৰ স্তৰলৈ লৈ গল। তেওঁ যে আধুনিক যুগৰ এজন অন্যতম সাংস্কৃতিক পুৰোধা ব্যক্তি – এই বিষয়ে কোনো সন্দেহ নাই।

আজিৰ যুগৰ সামগ্রিক সাংস্কৃতিক জগতখনৰ বিষয়ে ভাবক আৰু কল্পনা কৰক যে বব ডিলান বোলা ব্যক্তিজন কেতিয়াও নাছিলেই। কথাষাৰ অদ্ভুত নালাগিবনে? এইবুলি কলে হয়তো বেছি কোৱা নহব যে তেওঁৰ অবিহনে এই পৃথিবীখন বহুখিনি বেলেগ হলহেতেন। বিগত পঞ্চাছ বছৰ ধৰি ডিলানে তেওঁৰ গীতসমূহৰ জৰিয়তে মানুহক বৈকল্পিকভাৱে চিন্তা কৰিবলৈ শিকাই আহিছে। জীন আৰু সমাজৰ বিষয়ে তেওঁ এক বৈকল্পিক দৃষ্টিভংগী প্রদান কৰিছে আৰু পূর্বাগ্রহ, সংঘাত আৰু লোভেৰে পৰিপূর্ণ এই জগতখনত তেওঁ অনিচ্ছা স্বত্তেও যেন এক বিবেকৰ ভূমিকা পালন কৰি আহিছে।
 “Hey, hey, Woody Guthrie, I wrote you a song
’Bout a funny ol’ world that’s a-comin’ along
Seems sick an’ it’s hungry, it’s tired an’ it’s torn
It looks like it’s a-dyin’ an’ it’s hardly been born” (Bob Dylan, 1962).

কিন্তু একেসময়তে ডিলান প্রেম আৰু সৌন্দর্যৰো কবি, সুখ আৰু যন্ত্রণাৰ ক্ষণভঙ্গুৰ মুহূর্তবোৰো তেওঁৰ কবিতাত জীন্ত হৈ উঠে, তেওঁ আমাক গৰিমা আৰু মূঢ়তাৰে পৰিপূর্ণ জীনৰ কাহিনী শুনায়। তেওঁ প্রতিবাদৰ চিৰমুখৰ কণ্ঠ, শোষিতজনৰ কবি, চিৰসেউজ বিদ্রোহী গানৰ ৰচয়িতা, শব্দৰ খনিকৰতেওঁ কলাক তাৰ সংকীর্ণ বিভাজনবোৰৰ পৰা উলিয়াই আনি মুক্ত কৰে, সৃষ্টিৰ চূড়ান্ত সীমালৈকে তেওঁ তাক লৈ যায়। কিন্তু এই সমস্ত কৃতিত্বৰ পাছতো তেওঁ ৰাইজৰ সমুখত, মঞ্চত গীত গাবলৈ এৰা নাই – তেওঁ যে নাচ গান কৰি ভাল পোৱা মানুহ!

Thursday, December 29, 2016

প্রাচুর্যৰ ৰঙা সপোন [উপন্যাস] - ১

মূলঃ Red Plenty – by Francis Spufford
প্রকাশ কালঃ ২০১০ চন

অনুবাদকৰ পাতনিঃ


বাস্ত পৃথিবীখন বিশ্লেষণ ক্ষেত্রত ফিকচন কেতিয়াবা অধিক ফলপ্রসূ হব পাৰে। ফ্রাঞ্চিচ স্পুফর্ড এই কিতাপখন বিষয়েও এই কথাই কব পাৰি। এটা বৈকল্পিক ব্যস্থা, এখন বৈকল্পিক অর্থনীতি নির্মাণ ক্ষেত্রত ছোভিয়েট ইউনিয়ন কেনেধ সমস্যা সমুখীন হব লগা হৈছিল – তা বিস্তৃত বর্ণনা বিভিন্ন গ্রন্থত পোৱা যায়। এইক্ষেত্রত প্রফেচ Alec Nove গ্রন্থ An Economic History of the USSR বিশেষভাৱে উল্লেখযোগ্য। কিন্তু এনে সমস্ত সমস্যাবো স্পুফর্ড কিতাপখনত বিভিন্ন  মানৰিত্র তথা সাল ঘটনা ৰূপত জীন্ত হৈ উঠিছে। যিসকলে আর্থিক ইতিহাস পঢ়িবলৈ টান পায়, তেওঁলোকে এই কিতাপখন নিশ্চয় পঢ়া উচিত। আনহাতে এলেক নভ কিতাপখন পঢ়া পাঠকেও নিশ্চয় স্পুফর্ড এই গ্রন্থখন উপভোগ কৰিব। তেওঁলোকে নিশ্চয় অনুভৰিব যে যিবো কথা অতদিনে আমি মাথো বিমূর্ত ৰূপত জানি আহিছিলো, সিবিলাকে এতিয়া ক্ত-মাংসৰিত্র ৰূপ ধাণ কৰিছে।

Sunday, December 25, 2016

নাৰীবাদী দৃষ্টিৰে পৃথিৱীখন ৬

মূলঃ Seeing Like a Feminist. নিবেদিতা মেনন
অনুবাদঃ ময়ূৰ চেতিয়া

(যোৱা সংখ্যাৰ পাছৰ পৰা)

(ৰাজহুৱা) নাগৰিকত্ব আৰু (ব্যক্তিগত) পৰিয়াল

জেণ্ডাৰিঙৰ প্রক্রিয়াটোৱে নাগৰিকত্বৰ দৰে ৰাজহুৱা ধাৰণাবোৰকো প্রভাৱিত কৰেকেনেদৰে প্রাইভেট অসমকামী পিতৃতান্ত্রিক পৰিয়ালৰ ধাৰণাটোৰ জৰিয়তে ৰাজহুৱা নাগৰিকত্বৰ নির্মাণ তথা মধ্যস্থকৰণ কৰা হয় - সেয়া বুজাটো তথা তাৰ বিৰোধিতা কৰাটো প্রয়োজনীয়। নাৰীবাদী তত্ত্বৰ মতে, পিতৃতান্ত্রিক পৰিয়ালেই হৈছে সমাজত মহিলাৰ নিম্নস্থানৰ বাবে প্রধানকৈ জগৰীয়া আৰু গতিকেই নাৰীবাদীসকলে ‘পার্চনেল ইজ পলিটিকেল’ৰ দৰে শ্লোগানত বিশ্বাস কৰেএই শ্লোগানৰ অর্থ হৈছে - যাক সাধাৰণতে ‘পার্চনেল’ বিষয় বুলি গণ্য কৰা হয়  (যেনে ধৰক পাকঘৰৰ ৰাজনীতি, বেডৰুমৰ ফুচফুচনি) - সিবিলাকো হৈছে বিভিন্ন ক্ষমতা সম্পর্কৰ অধীন আৰু কাজেই ‘ৰাজহুৱা’ বিষয় (যেনে নাগৰিকত্ব, সম্পত্তি, চাকৰি আদি) বিলাকৰ ক্ষেত্রতো সিবিলাকে বিশেষ প্রভাৱ পেলায়; সেয়েহে পাকঘৰ, বেডৰুম আদিকো ‘ৰাজনৈতিক’ বিষয় হিচাপে গণ্য কৰা উচিত

উদাহৰণস্বৰূপে, ২০০৫ চনত ভাৰতৰ উচ্চতম ন্যায়ালয়ে এটা গোচৰ সংক্রান্তত ঘোষণা কৰিলে যে  একোটা শিশুৱে তাৰ পিতৃৰ জাতি বহন কৰেগোচৰটোত আদালতে অনুসূচীত জাতিৰ বাবে সংৰক্ষিত এটা সমষ্টিৰ পৰা বিজয় লাভ কৰা এগৰাকী মহিলাৰ বিধায়িকা পদ নাকচ কৰিলে কিয়নো মহিলাগৰাকীৰ পিতৃ এজন উচ্চ বর্ণৰ ব্যক্তি আছিল। পৰাজিত প্রার্থীসকলে ৰূজো কৰা এই গোচৰটোত বিধায়িকা শ্রীমতী শোভা দেৱীয়ে আদালতত আবেদন কৰিছিল যে যিহেতু তেওঁৰ পিতৃয়ে তেওঁৰ নিম্নজাতিৰ মাতৃক কেতিয়াও আনুষ্ঠানিকভাৱে বিয়া কৰোৱা নাছিল, যিহেতু তেওঁৰ পিতৃয়ে বহু আগেয়েই তেওঁৰ মাতৃক পৰিত্যাগ কৰি গুচি গৈছিল আৰু মাতৃৰ সমাজখনৰ মাজতেই তেওঁ ডাঙৰ দীঘল হৈছিল, সেয়েহে মাতৃৰ জাতিসূচক নাম ব্যৱহাৰ কৰিবলৈ তেওঁৰ যোগ্যতা আছে। আদালতে পিছে তেওঁৰ এই যুক্তি মানি নললে আৰু বৰং এইবুলি খেদ প্রকাশহে কৰিলে যে কেৱল ৰাজনৈতিক সা-সুবিধাৰ বাবেই বিধায়িকা গৰাকীয়ে তেওঁৰ নিজা মাতৃক ‘ৰক্ষিতা’ বুলি তথা নিজক তথা নিজৰ পাচোঁটা ভাই-ভন্টিক ‘জাৰজ’ বুলি অভিহিত কৰিছে।

আদালতৰ মগজুত এইক্ষেত্রত কেইটামান বিচিত্র ধাৰণাই ক্রিয়া কৰিছিল। প্রথমঃ আদালতে বিশ্বাস কৰিছিল যে যিকোনো সসন্মানীয় ব্যক্তিয়েই নিশ্চয় নিজৰ ‘জাৰজ’ চৰিত্র লুকুৱাই ৰাখিবলৈ চেষ্টা কৰিব আৰু গতিকেই এগৰাকী সন্মানীয় বিধায়িকাই নিজকে ‘জাৰজ’ বুলি কোৱাৰ অর্থ হৈছে - তেওঁ ৰাজনৈতিক ক্ষমতাৰ লোভতহে এই কথা কৈছে। দ্বিতীয়তে - উচ্চ বর্ণৰ তিনিওজন ন্যায়াধীশে বিশ্বাস কৰিছিল যে অনুসূচীত জাতি-জনজাতিয়ে ভোগ কৰা সংৰক্ষণ ব্যৱস্থা হৈছে এক অন্যায়পূর্ণ ব্যৱস্থা আৰু তাক যিমান পাৰি সিমানলৈ সীমিত কৰি ৰাখিব লাগেএই ৰায়দানটোৰ এক মুক্তিদায়ী সম্ভাৱনা আছিল – আন্তর্জাতীয় বিবাহক স্বীকৃতি দিয়া তথা অবৈবাহিক মহিলাৰো বৈবাহিক অধিকাৰ স্বীকাৰ কৰা এক আইনী দৃষ্টান্ত হিচাপে ৰায়দানটো ব্যৱহৃত হোৱাৰ থল আছিল। কিন্তু যিটো ৰূপত ৰায়দানটো প্রদান কৰা হল - শেহপর্যন্ত ই জাতিসূচক পৰিচিতিবোৰক পিতৃতন্ত্রৰ জৰিয়তে স্বাভাৱিক যেন কৰি তোলাতহে সহায় কৰিলে।

আন এটা উদাহৰণ দিয়া যাওঁক। মধ্যপ্রদেশৰ চৰকাৰে মাজতে এখন আঁচনি ললে -‘মুখ্যমন্ত্রী কন্যাদান আঁচনি’ যাৰ অধীনত দুখীয়া ঘৰৰ ছোৱালীবোৰক চৰকাৰী খৰছত বিয়া দিয়াৰ ব্যস্থা কৰা হল। এনে বিবাহ হৈছে সম্পূর্ণ বিনামূলীয়া আৰু সকলো খৰছ জিলা প্রশাসনেই বহন কৰেলগতে প্রতিহাল দম্পতীক পাঁচ হাজাৰ টকাৰ ঘৰুা সামগ্রীও দিয়াৰ ব্যস্থা কৰা হলআন কথাত, ৰাজ্যিক চৰকাৰে নিজে দেউতাকৰ ভূমিকা লৈ সকলো ছোালীৰ বাবে বিবাহ এক অধাৰিত নিয়তি বুলি ঘোষণা কৰিলে এনেকৈ বিবাহৰ বাবে টকা খৰছ কৰি থকাতকৈ গাভৰু ছোালীহঁতক কিছু কাৰিকৰী ট্রেইনিং, জীিকা চলাবলৈ সৰু-সুৰা ব্যসায় আদি প্রশিক্ষণ ইত্যাদিও দিব পৰা গলহেঁতেন। পিছে আঁচনিখনৰ এইজাতীয় সমালোচনা কেতিয়াও বিকশিত কৰা নহল। হঠাতে ২০০৯ চনৰ জুলাইৰ আশে পাশে খবৰ আহিল – এনে বিবাহৰ বাবে চয়ন কৰা ছোালীহঁতৰ হেনো ‘কুমাৰীত্ব পৰীক্ষা’(virginity test) লোা হৈছে চাৰিওফালে হুলস্থূল লাগি গল (Ghatwai 2009) নিশ্চিতভাৱেই ই এক অদ্ভুত কাণ্ড আছিলপিছে এইখিনিতে এটা কথা মন কৰকঃ বিবাহত ‘কন্যাদান’ কৰা প্রতিজন পিতৃয়েই এক প্রকাৰে তেওঁৰ ছোৱালীৰ কুমাৰীত্বৰ গেৰান্টি নিদিয়ে জানো? কন্যাদান শব্দটোৰ অর্থই জানো সেয়া নহয়? এতিয়া চৰকাৰে যদি দেউতাকৰ ভূমিকা লৈ কন্যাদান কৰিবলৈ লৈছে, তেনেস্থলত দেউতাকে জীয়েকৰ কুমাৰীত্ব পৰীক্ষা কৰিবলৈ লোৱাত আমিবোৰ কিয় আচৰিত হৈছো? অর্থাৎ কেতবোৰ অসাধাৰণ বিশেষ পৰিস্থিতিৰ অধীনতহে পৰিয়াল নামৰ অনুষ্ঠানটোৰ মাজত লুকাই থকা হিংসাৰ প্রকৃত স্বৰূপবোৰ দেখা পোৱা যায়; ‘স্বাভাৱিক’ পৰিস্থিতিত সিবিলাক ‘স্বাভাৱিক’ অর্থাৎ অদৃশ্য হৈ থাকে।

এইক্ষেত্রত যুক্তি দিয়া হৈছিল যে ইতিমধ্যেই বিয়া হৈ যোৱা কিছুমান দম্পত্তীয়ে উপহাৰখিনিৰ লোভত পুণৰ বিবাহৰ বাবে পঞ্জীয়ন কৰাইছিল; তেওঁলোকক ধৰা পেলাই আঁতৰাবলৈ এই কুমাৰীত্ব পৰীক্ষা কৰা হৈছিল। আমোদজনকভাৱে, এইক্ষেত্রত পৰীক্ষকসকলে ধৰি লৈছিল যে অবিবাহিত মহিলাসকল নিশ্চিতভাৱে কুমাৰী হবই হব! এই কন্যাদান আঁচনিখনে এটা মূল পিতৃতান্ত্রিক পূর্বধাৰণা অতি সুন্দৰকৈ আমাক দেখুৱাই দিলে – যে পৰিয়াল আৰু বিবাহৰ মূলতে হৈছে নাৰীৰ যৌনতাৰ নিয়ন্ত্রণ। ব্যক্তিগত স্তৰৰ পৰা ৰাজহুৱা স্তৰলৈ এই পূর্বধাৰণাটোৰ স্থানান্তৰণ কৰি ই তাৰ নাৰী-বিৰোধী চৰিত্রটোৰো মুখা খুলি দিলে।

বিবাহৰ অনুষ্ঠানটোক ৰাষ্ট্রই কি ৰূপত বুজে – সেয়া জানিবলৈ আন এটা উদাহৰণ লওঁ আহকঃ ভাৰতীয় দণ্ড বিধিৰ ৪৯৭ নং ধাৰা মতে যদি কোনো পুৰুষে বিবাহিত মহিলা এগৰাকীৰ সতে সম্পর্ক গঢ়ি তোলে, তেনেহলে মহিলাগৰাকীৰ স্বামীয়ে প্রথম পুৰুষজনৰ বিৰুদ্ধে  অপৰাধী গোচৰ দিব পাৰেপিছে আমোদজনকভাৱে, স্বামীজনে নিজৰ পত্নীগৰাকীৰ বিৰুদ্ধে কিন্তু এনে কোনো গোচৰ দিব নোৱাৰে! ঠিক তেনেদৰেই, পত্নী একোগৰাকীয়ে তেওঁৰ স্বামীৰ সতে সম্পর্ক ৰখাৰ বাবে দ্বিতীয় এগৰাকী মহিলাৰ ওপৰতো এনে গোচৰ দিব নোৱাৰে বা নিজৰ স্বামীৰ ওপৰতো গোচৰ দিব নোৱাৰেএনে অদ্ভুত আইনৰ অর্থ কি? ইয়াৰ অর্থ হৈছে – পত্নী একোগৰাকী হৈছে স্বামীৰ নিজা সম্পত্তি, তেওঁ এক নির্জীৱ বস্তু, যাৰ ওপৰত আন কোনো পুৰুষৰ অধিকাৰ থাকিব নোৱাৰেআন কথাত, আইনৰ এই ধাৰাটো হৈছে এক অতিশয় পিতৃতান্ত্রিক ধাৰাবিগত কিছু সময় ধৰি ভাৰতীয় আইনী আয়োগ আৰু ভাৰতীয় মহিলা আয়োগে এই ধাৰাটোক জেণ্ডাৰ-নিৰপেক্ষ কৰি মহিলাসকলকো তাৰ অধীনত আনিবলৈ দাবী জনাই আহিছে। পিছে নাৰীবাদীসকলে বিশ্বাস কৰে যে যিহেতু এই সমস্ত কাৰবাৰটোৱেই হৈছে পিতৃতান্ত্রিক, সেয়েহে আইনৰ এই ধাৰাটোৰ অধীনত মহিলাসকলকো অনাৰ বিপৰীতে ধাৰাটোকহে সম্পূর্ণভাৱে আঁতৰাই দিব লাগে। মন কৰা ভাল যে ২০১১ চন পর্যন্ত বম্বে উচ্চ আদালতে এইবুলি মতপোষণ কৰি আছিল যে বিবাহৰ পবিত্রতা ৰক্ষা কৰিবলৈ হলে ‘অবৈধ সম্পর্ক’(adultery)ক অপৰাধ হিচাপে গণ্য কৰিবই লাগিব।

প্রাপ্তবয়স্ক দুজন ব্যক্তিৰ মাজত সহমতি ক্রমে স্থাপন হোৱা যৌন সম্পর্ক অপৰাধ হবই নোৱাৰেৱশ্যেই ব্যক্তি একোজনে নিজৰ পার্টনাৰৰ সহমতি অবিহনে আন এজন ব্যক্তিৰ সতে সম্পর্ক স্থাপন কৰিলে ই বিবাহ-বিচ্ছেদৰ কাৰণ নিশ্চয় হব পাৰে, কিন্তু তাক কোনোপধ্যে অপৰাধ বুলি গণ্য কৰিব নোৱাৰিআধুনিক আইন বিধিত এই ৪৯৭ নং ধাৰাটোৰ কোনো স্থান থাকিব নোৱাৰে আৰু অতি সোনকালেই তাক আঁতৰাই পেলোৱা উচিত। তাৰ বিপৰীতে, একে এক পৰিবেশ সৃষ্টি কৰাৰ প্রয়োজনীয়তা আছে য’ত বিবাহ মানুহৰ বাবে এটা স্বাধীনভাৱে লব পৰা সিদ্ধান্ত হব, য’ত বিয়া কৰাবলৈ কোনো হেঁচা নাথাকিব, য’ত ন্যায়পূর্ণ বিবাহ-বিচ্ছেদৰ সুযোগ থাকিব, য’ত বিবাহ বিচ্ছেদৰ পাছত পৰিয়ালৰ সম্পত্তিৰ সমানুপাতিক বিভাজনৰ ব্যৱস্থা থাকিব। যেতিয়ালৈকে মহিলাসকলে বৈবাহিক সম্পত্তিত সমান অধিকাৰ লাভ নকৰে, তেতিয়ালৈকে গৰিষ্ঠসংখ্যক মহিলা বৈবাহিক সম্পর্কটোৰ দুর্বল পার্টি হিচাপে পৰিগণিত হৈ থাকিব, তেওঁলোকৰ ঘৰুৱা শ্রমৰ অৰিহণা স্বীকাৰ কৰি লোৱা নহব আৰু বিবাহ-বিচ্ছেদৰ পৰিস্থিতিত তেওঁলোকে আর্থিক নিৰাপত্তাহীনতাত ভূগি থাকিব। প্রায়েই দেখা যায় – বিবাহ বিচ্ছেদৰ পাছত মহিলাসকলৰ ওচৰত বসবাস কৰিবলৈ নিজাকৈ এডোখৰি চালিও নাথাকে। চৰকাৰে কিছুবছৰ পূর্বে এখন নতুন বিধেয়ক প্রস্তুত কৰিছে য’ত হিন্দু বিবাহ আইনৰ অধীনত 'বৈবাহিক সম্পর্কৰ স্থায়ী পতন' বিবাহ বিচ্ছেদৰ কাৰণ হব পাৰে বুলি মানি লোৱা হৈছে। পিছে মহিলা সংগঠনসমূহে আশংকা প্রকাশ কৰিছে যে ঘৰুৱা সম্পত্তিৰ সমানুপাতিক বিভাজনৰ ব্যৱস্থা নকৰাকৈ চিধাই এনেকৈ বিবাহ-বিচ্ছেদ সহজ কৰি পেলালে স্থিতি মহিলাৰ বাবে ভাল হোৱাক চাৰি বিপৰীত হোৱাৰহে সম্ভাৱনা আছে (Singh 2012)

ক্রমশঃ


Monday, October 10, 2016

শৰতৰ সুসমাচাৰ

হীৰেন গোহাঁই

আধা শতিকা পূর্বে দুর্গা পূজা এক আকাংক্ষিত, প্রত্যাশিত উৎসৱ আছিল কঠোৰ জীৱন সংগ্রামক এক সুফলা পৰিসমাপ্তি আনিব পৰা এক অনুষ্ঠান হিচাপে। ৰদ-বৰষুণে কৃষকৰ দেহ আৰু পথাৰৰ মাটি গচকি যোৱাৰ পাছত আদৰি লোৱা, কিঞ্চিত জিৰণি লোৱাৰ আৰু ধান পকাৰ বতৰলৈ বাট চোৱাৰ বতৰ। নানা উৎসৱ-পার্বণে পৰিশ্রান্ত দেহ-মন জুৰ পেলাইছিল, দেৱী শক্তিৰ ওচৰত প্রার্থনাও কৰা হৈছিল পৰিশ্রমৰ জোখাৰে ফলপ্রাপ্তিৰ বাবে। তাহানিৰ চহৰীয়া জীৱনতো ছাঁ পৰিছিল এই গ্রামীণ বাস্তৱতাৰ। আজি চহৰীয়া জীৱনেহে গাৱঁ জীৱনৰ ওপৰত বেছি প্রভাৱ পেলাইছে।

চহৰীয়া জীৱন এতিয়া অহর্নিশে ধন উৎপাদনত নিমগ্ন, বিৰাম-বিশ্রামৰ নিয়ম নমনা এক জীৱন-যাত্রা। প্রতি পদে পদে অপাৰ আশাৰ লগতে উৎকণ্ঠা, সপোনৰ সতে মিহলি আতংক। পৰিবেশৰ পৰা সময়ে-অসময়ে ভাহি আহে নিঃসীম নৈৰাশ্য, আত্মহত্যা অথবা অন্ধ আক্রোশ আৰু হিংসা, অন্তহীন হৃদয়হীনতা আৰু নিষ্ঠুৰতাৰ বার্তাবাহী শব্দ তথা দৃশ্যৰ তৰংগ। সেয়ে শাৰদীয় উৎসৱো সেই যন্ত্রণাৰ পৰা সমূহীয়া পলায়নৰ এটা চেলু হৈ পৰিছে। উপভোগত মন-প্রাণ সঁপি সেই মৰুময়তা দূৰলৈ ঠেলি দিয়াৰ এক সাময়িক প্রচেষ্টা। আশী ফুট ওখ দুর্গাই ষাঠি ফুট দৈর্ঘ-প্রস্থৰ মহিষাসুৰৰ বক্ষ বিদীর্ণ কৰাৰ উত্তেজনাত যেন দৈনন্দিন জীৱন অসহনীয় ৰূঢ়তা তল পেলাব পাৰি, তাৰ বাবে যেন কি এক অধীৰ বাসনা। পূজা মণ্ডপৰ বিজ্ঞাপন-বিকিৰিত আলোকমালাই তাৰ বাবেই সকলোকে হাতবাউল দি মাতে।

এই অচিন ৰম্যপুৰীত মানুহৰ আত্মাই বাট হেৰুৱায় নেকি? যি আনন্দই মানুহৰ চকু-মুখ উজলাই ৰাখে, হৃদয়ৰ গভীৰলৈ নিগৰি-নিজৰি সি শান্তি আৰু তৃপ্তি আনেনে? আমি নাজানো। কেৱল জানো সেই সকলোৱেই মানুহ। নিজৰ অজ্ঞাতে সকলোৱে বিচাৰে সেই হেৰুৱা আনন্দৰ ঠিকনা – যেন ঘোপৰা অৰণ্যৰ কোনোবাখিনিত বৈ থকা নির্মল, নির্ভয় নিজৰাৰ কলধ্বনি।

অস্বীকাৰ কৰি লাভ নাই যে অপ্লাৱিত ধন-ঐশ্বর্যৰ আকাংক্ষাই টানি নিয়া সমাজখন আজি সংকটগ্রস্ত। তাৰেই পৰিণামত আমাৰ কেউফালে উফৰি-ছিটিকি পৰিছে হেজাৰ আশাভংগ, প্রতাৰণা, নিপীড়ন, হিংসাৰ টুকুৰা, যেন এক অন্তহীন যেন লগা বোমা বিস্ফোৰণৰ অগ্নিপিণ্ড। কিন্তু মানুহে নিৰলে কান্দিবলৈ পাহৰি গলেও পাহৰা নাই, যে সি আন কিবা বিচাৰিহে এইপিনে আহিছিল। আৰু বহুজনৰ সংগ্রাম, ব্যর্থতা, নৈৰাশ্যৰ পিচতো অনন্ত জনপ্রবাহে জীয়াই ৰাখে সেই সন্ধানৰ আকূতি। যৌৱনৰ অফুৰন্ত শক্তিয়ে বাৰে বাৰে খুন্দা মাৰে ৰূদ্ধ দেৱালত। জীয়াই থাকে আশাৰ স্বর্গীয় বন্তিগছি- নিশ্ছিদ্র এন্ধাৰৰ মাজতো।

নৰৰ দুৱাৰত সেয়েহে মহাকবি ডাণ্টেই দেখিছিল সেই বাক্যষাৰি –
‘Abandon all hope, you who enter here.’
























(‘অসমীয়া প্রতিদিন’ কাকতত প্রথম প্রকাশিত)

Wednesday, September 14, 2016

বিহংগম দৃষ্টিৰে বিংশ শতিকা (দ্বিতীয় তথা অন্তিম অংশ)


ৰিক হবছবম
ভাবানুবাদঃ ময়ূ চেতিয়া

১৯৯০ৰ পৃথিবীখনৰ সৈতে ১৯১৪ৰ পৃথিবীখন তুলনা কৰি চালে কেনেধৰণৰ দৃশ্য দেখা পোৱা যায়?  ১৯৯০ চনত বিশ্বৰ মুঠ জনসংখ্যা আছিল পাঁচ বা ছয় বিলিয়ন; ১৯১৪ চনতকৈ প্রায় তিনিগুণ বেছি। অথচ এনে বিপুল জনসংখ্যাবৃদ্ধি এনে এটা শতিকাত ঘটিছিল যিটো শতিকাত পূর্বৰ সমস্ত ইতিহাসৰ তুলনাত আটাইতকৈ বেছি মানুহ আন মানুহৰ সচেতনৰ পৰিকল্পনাৰ ফলত বা অৱহেলাৰ ফলত মৃত্যুমুখত পৰিছিল। এটা শেহতীয়া হিচাপ মতে বিংশ শতিকাত এনেদৰে মৃত্যু হোৱা মানুহৰ সংখ্যা হৈছে প্রায় ১৮৭ মিলিয়ন অর্থাৎ ১৯০০ চনৰ মুঠ বিশ্ব জনসংখ্যাৰ ১/১০ অংশতকৈ অলপমানহে কম। সি যি কি নহওঁক, ১৯৯০ৰ দশকৰ বেছিভাগ মানুহেই তেওঁলোকৰ পিতৃ-মাতৃতকৈ ওখ আছিল, অধিক ভাল খাদ্য খাবলৈ পাইছিল, অধিক ভাল অৱস্থাত জীয়াই আছিল তথা অধিক আয়ু লাভ কৰিছিল। অৱশ্যে ১৯৮০ তথা ৯০ৰ দশকত আফ্রিকা, লেটিন আমেৰিকা তথা প্রাক্তন সমাজবাদী দেশবোৰত সংঘটিত হোৱা গণ্ডগোলবোৰলৈ চালে এনে পৰিসংখ্যাবোৰ অবিশ্বাস্য যেনেই ভাব হয়। পণ্যসামগ্রী তথা সেৱা উৎপাদনৰ ক্ষেত্রত তথা বিভিন্ন  বৈচিত্রপূর্ণ পণ্যৰ উপলভ্যতাৰ ক্ষেত্রত ৯০ৰ দশকৰ পৃথিবীখন পূর্বৰ সমস্ত ইতিহাসতকৈ অধিক ঐশ্বর্যময় হৈ পৰিছিল বুলি কব পাৰি। অন্যথাই এক বিপুল সংখ্যক জনসংখ্যাক খুৱাই-পিন্ধাই ৰখাটো বিশ্বৰ বাবে সম্ভৱপৰ নাছিল। ১৯৮০ৰ দশক পর্যন্ত বেছিভাগ মানুহেই তেওঁলোকৰ পিতৃ-মাতৃতকৈ ভাল জীৱন যাপন যাপন কৰিছিল আৰু বিকশিত দেশবোৰলৈ চালে জীৱন স্তৰৰ বিকাশে কল্পনাৰ সীমাও চেৰাই গৈছিল; মানুহে নিজে আশা কৰাতকৈ বহু ভাল স্তৰত জীৱন অতিবাহিত কৰিবলৈ সুযোগ পাইছিল। শতিকাটোৰ মাজৰ অংশটোত কিছুসময়ৰ বাবে এনে অনুভৱো হৈছিল – যেন সমাজৰ বিপুল সম্পদসমূহ অন্ততঃ ধনী দেশৰ শ্রমজীৱি জনগণৰ মাজত কিছুদূৰৈলৈ ন্যায়সংগতভাৱে বিতৰণ কৰাৰ উপায়ো বিকশিত কৰিব পৰা গৈছে; অৱশ্যেই শতিকাৰ শেহৰছোৱালৈ অসমতা পুণৰ বৃদ্ধি হৈ আহিছিল। পূর্বৰ সমাজবাদী দেশবোৰতো এইবাৰ অসমতাই মূৰ দাঙি উঠিছিল – য’ত পূর্বে নিম্নস্তৰত হলেও সমতাৰ এটা বিশেষ স্তৰ লাভ কৰা হৈছিল। ১৯১৪ চনৰ তুলনাত ১৯৯০ৰ দশকৰ নাগৰিকসকল বহু বেছি পৰিমাণে শিক্ষিত হৈ পৰিছিল। মানৱ ইতিহাসত পোন প্রথমবাৰৰ বাবে বেছিভাগ মানুহকেই অন্ততঃ চৰকাৰী পৰিসংখ্যা অনুসৰি সাক্ষৰ বুলি কব পৰা গৈছিল। অৱশ্যে সমাজৰ এলিট স্তৰত লিখন আৰু পাঠনৰ যেনে উচ্চ স্তৰ বাঞ্চনীয় বুলি ভবা হৈছিল, তাৰ তুলনাত বেছিভাগ চৰকাৰীভাৱে সংজ্ঞায়িত সাক্ষৰ লোকক ‘প্রকৃতার্থত অশিক্ষিত’ বুলিয়েই কব পৰা গৈছিল। অর্থাৎ ১৯৯০ৰ সময়ছোৱাত শিক্ষাৰ এই প্রগতিক কিমানদূৰলৈ তাৎপর্যপূর্ণ বুলি কব পাৰি, সেয়া স্পষ্ট নহয়।

Friday, August 26, 2016

জীৱনৰ শেষপ্রহৰত নিকোলাই বুখাৰিন


মূলঃ ‘Bukharin’s Last Years’,  Roy Medvedev,  New Left Review, May-June 1978
অনুবাদঃ ময়ূৰ চেতিয়া




অনুবাদকৰ টোকাঃ

এই প্রৱন্ধটোত কোনো তাত্ত্বিক আলোচনা নাই; সাধাৰণ ৰাইজেও তাক সহজতে বুজি পাব। প্রৱন্ধটোৰ  বিষয়বস্তু হৈছে বলছেভিক দলৰ অন্যতম নেতা নিকোলাই বুখাৰিনৰ জীৱনৰ অন্তিম সময়খিনি। কেনেধৰণৰ এক ট্রেজিক পৰিস্থিতিৰ মাজত তেওঁ মৃত্যুমুখত পৰিব লগা হল – এই বিষয়ে লেখকে বিতংকৈ আলোচনা কৰিছে আৰু ইয়েই স্তালিনবাদী ব্যৱস্থাটোৰ ভয়াবহ দিশটোও উদঙাই দিছে। প্রৱন্ধটোৰ লেখক ৰয় মেডভেদেভ হৈছে ৰুছ দেশৰ এজন বয়োবৃদ্ধ মার্ক্সবাদী বুদ্ধিজীৱি। তেওঁ এতিয়াও জীয়াই আছে। স্তালিনবাদৰ বিভিন্ন ৰেকর্ড সম্পর্কে তেওঁ ১৯৭২ চনতেই ‘Let History Judge’ বোলা এখন বৃহৎ গ্রন্থ প্রণয়ন কৰিছিল। কিছুবছৰ পূর্বে গ্রন্থখনৰ এক পৰিবর্ধিত সংস্কৰণো প্রকাশ পাইছে।

স্তালিনবাদ বিষয়ক কোনোধৰণৰ নির্মোহ আলোচনা আজিও অসমীয়া ভাষাত দেখা পোৱা নাযায়। এই বিষয়ক প্রাথমিক ঘটনাৱলী সম্পর্কেই ৰাইজ অৱগত নহয়; কাজেই এনে পৰিস্থিতিত কোনো গম্ভীৰ আলোচনাও সম্ভৱপৰ নহয়। ভৱিষ্যতে স্তালিনবাদ বিষয়ক বিভিন্ন বিশ্লেষণ অসমীয়ালৈ অনুবাদ কৰাৰ এটা পৰিকল্পনা আমি কৰিছোঁ। কিন্তু তাৰ আগেয়ে হাড়-মাংসৰ স্তালিনবাদ বোলা বস্তুটোনো কি আছিল, মানুহে কেনেদৰে তাক অনুভৱ কৰিছিল, এই বিষয়েও পাঠক কিছু পৰিমাণে অৱগত হোৱাৰ প্রয়োজন আছে। এই দিশটোৰ প্রতি লক্ষ্য কৰিয়েই মেডভেদেভৰ বর্তমান প্রৱন্ধটো অনুবাদ কৰাৰ কথা ভবা হল।

বাস্তৱ-সম্ভৱ সমাজবাদৰ অর্থনীতি (সপ্তম অংশ)

  মূলঃ  The Economics of Feasible Socialism by Alec Nove অনুবাদঃ ময়ূৰ চেতিয়া শ্রম বিভাজন মার্ক্সৰ ৰোমান্টিক-য়ুটোপিয়ান চিন্তাধাৰাই ধূসৰ কৰি...