Saturday, October 30, 2021

বাস্তৱ-সম্ভৱ সমাজবাদৰ অর্থনীতি (চতুর্থ অংশ)

 মূলঃ The Economics of Feasible Socialism by Alec Nove

অনুবাদঃ ময়ূৰ চেতিয়া

সমাজবাদৰ অধীনত মূল্য নিয়ম

এতিয়ালৈকে হোৱা আলোচনাৰ ভিত্তিত আমি দেখিলো যে সমাজবাদৰ অধীনতো আর্থিক হিচাপ-নিকাচ, সুযোগ ব্যয়, বিকল্পৰ মাজত চয়ন ইত্যাদিৰ উপস্থিতি থাকিব লাগিব এইখিনিতে এটা প্রশ্ন সুধিব পাৰি - মার্ক্সৰ মূল্য তত্ত্বই এনে হিচাপ নিকাচত কিবা অৰিহনা যোগাব পাৰিব নেকি? যদি পাৰে, তেনেহলে তাৰ ৰূপ কি হব? যদি নোৱাৰে, আর্থিক হিচাপ নিকাচৰ বৈকল্পিক ৰূপ কেনেধৰণৰ হব? আমি ইতিমধ্যেই আলোচনা কৰিলোঁ যে বুখাৰিনৰ দৰে বহুতো মার্ক্সবাদীয়ে ভাবিছিল যে সমাজবাদৰ অধীনত স্বয়ং অর্থশাস্ত্রৰে বিলুপ্তি ঘটিব।  আমি এইটোও দেখিলোঁ যে লেনিনে এই ধাৰণাটোৰ সৈতে সহজবোধ কৰিব পৰা নাছিল। পাছৰ কালৰ অভিজ্ঞতাই স্পষ্টকৈ দর্শাইছে যে সমাজবাদৰ অধীনতো বিভিন্ন বিকল্পৰ হিচাপ-নিকাচ, মূল্যায়ন, মানদণ্ড আদিৰ প্রয়োজন হব। মার্ক্সীয় অর্থশাস্ত্রৰ এইখিনিত কিবা ভূমিকা থাকিবনে?

Friday, October 29, 2021

বাস্তৱ-সম্ভৱ সমাজবাদৰ অর্থনীতি (তৃতীয় অংশ)

 মূলঃ The Economics of Feasible Socialism by Alec Nove

অনুবাদঃ ময়ূৰ চেতিয়া

প্রাচুর্যতা, অভা আৰু নতুন মানুহ

মার্ক্সে বিশ্বাস কৰিছিল যে পুঁজিবাদে প্রচণ্ড প্রযুক্তিগত বিকাশৰ জৰিয়তে ইতিমধ্যেই উৎপাদনৰ সমস্যাটো সমাধা কৰি পেলাইছে, কিন্তু পুঁজিবাদী উৎপাদন সম্বন্ধবিলাকে সৃষ্টি কৰা হেঙাৰবিলাকৰ ফলত এই সমাধান বাস্তক্ষেত্রত কার্যকৰী হব পৰা নাই। বহুতো লিখনীত তেওঁ “উৎপাদনৰ সীমাহীন বিকাশ” তথা “সামাজিক শ্রমৰ চৰম বিকাশ”ৰ কথা লিখিছে যি “অহৰহ আপেক্ষিক অতি-উৎপাদন” সম্ভপৰ কৰি তুলিছে[1] শ্যে বর্ধিত উৎপাদনৰ লগতে মানুহৰ প্রয়োজনবিলাকো যে বৃদ্ধি হয়, সেই সম্পর্কে মার্ক্স সচেতন আছিল। ফৰাচী অর্থনীতিবিদ টার্টাৰিনে ঠিকেই লিখিছে যে মার্ক্সে মান প্রয়োজনবিলাক অসীম বুলি মানি লোৱা নাছিল, সিবিলাকৰ সীমাসংখ্যা থাকে বুলি তেওঁ গণ্য কৰিছিল, কিন্তু একেসময়তে মান প্রয়োজনবোৰ ক্রমান্বয়ে বৃদ্ধি হৈ গৈ থাকে বুলিও তেওঁ স্বীকাৰ কৰিছিল। মার্ক্সে কোনো স্থানু স্বর্ণযুগৰ সপোন দেখুওৱা নাছিল, তথা কমিউনিজমৰ অধীনতো বিনিয়োগ ফাণ্ডৰ প্রয়োজনীয়তা থাকিব বুলি তেওঁ স্বীকাৰ কৰিছিল। একেষাৰ কথাত কবলৈ গলে, মার্ক্সৰ মতে কমিউনিজমৰ অধীনত মানুহৰ ক্রমবর্ধমান প্রয়োজনবিলাক অহৰহভাবে পূর্ণ কৰি যোৱা হব[2] অর্থাৎ প্রথম অৱস্থাত মান প্রয়োজনবিলাকৰ বিপৰীতে সম্পদৰ কিছু আপেক্ষিক অভা দেখা পোৱা যাব, কিন্তু সেই স্থিতি দীর্ঘ দিন ধৰি বর্তি নাথাকিব।

Thursday, October 28, 2021

বাস্তৱ-সম্ভৱ সমাজবাদৰ অর্থনীতি (দ্বিতীয় অংশ)


মূলঃ The Economics of Feasible Socialism by Alec Nove

অনুবাদঃ ময়ূৰ চেতিয়া


প্রথম অধ্যায়

মার্ক্সৰ ঐতিহ্য আৰু সমাজবাদ

মার্ক্সে সমাজবাদী অর্থনীতিৰ বিষয়ে খুউব কমেই লিখি থৈ গৈছে আৰু যিখিনি লিখি থৈ গৈছে তাৰ অধিকাংশই আজিৰ দিনত অপ্রাসঙ্গিক তথা বিভ্রান্তিকৰ বুলিয়েই কব লাগিব। “বাস্ত-সম্ভ সমাজবাদ” - শীর্ষক শব্দালীৰ জৰিয়তে মই সমাজবাদৰ যিকোনো য়ুটোপিয়ান পৰিকল্পনাৰ পৰা মোৰ বিশিষ্ট মডেলটোক ৰক্ষা কৰিবলৈ যত্ন কৰিছোঁ। প্রায়েই দেখা যায় যে সমাজবাদ শব্দটো এনেকৈ সংজ্ঞায়িত কৰা হয় যেন ইয়াৰ অধীনত কোনো আর্থিক সমস্যা থাকিবই নোৱাৰে যদি আপুনি ধৰি লয় যে সমাজবাদৰ অধীনত সকলো সম্পদৰেই “প্রাচুর্যতা”(abundance)  দেখা পোৱা যাব, ইয়াৰ অর্থ হৈছে যে তেনে সমাজত কোনো “সুযোগ ব্যয়”(opportunity-cost) নাথাকিব অর্থাৎ কোনো এবিধ সম্পদ কি কামত ব্যহাৰ কৰা হব তথা কি কামত ব্যহাৰ কৰা নহব, এইজাতীয় বিভিন্ন বিকল্পৰ মাজত চয়ন কৰাৰ সমস্যাই নাথাকিব। ঠিক  তেনেকৈয়ে যদি এইবুলি ধৰি লোৱা হয় যে সমাজবাদৰ অধীনত এক নতুন মানৰ আৱির্ভা হব - যি বুদ্ধিমান, যুক্তিবাদী, সামাজিক, বিবেকবান তথা লালসাহীন হব - তেনে এখন সমাজত  অনুশাসনৰ সমস্যা, প্রেৰণাৰ(incentive) সমস্যা - ইত্যাদিবিলাক নাথাকিবই যদি ধৰি লোৱা হয় যে সমাজবাদৰ অধীনত সকলোৱেই সমাজৰ সাধাৰণ স্বার্থৰ সৈতে আত্মীয়তাবোধ অনুভ কৰিব, তেনেস্থলত সাধাৰণ স্বার্থ বনাম আংশিক/ব্যক্তিগত/গোষ্ঠীয় স্বার্থৰ সংঘাত জাতীয় প্রশ্নবোৰো অপ্রাসংগিক হৈ পৰিব, কেন্দ্রীকৰণ বনাম বিকেন্দ্রীকৰণ জাতীয় প্রশ্নবোৰৰো প্রাসঙ্গিকতা নাথাকিব। যদি ধৰি লোৱা হয় যে উৎপাদন সম্পর্কীয় বিভিন্ন প্রশ্ন যেনে - কি কি উৎপাদন কৰা হব, কিমান পৰিমাণে উৎপাদন কৰা হব, কি পদ্ধতিৰে উৎপাদন কৰা হব, উৎপাদিত সামগ্রী কি কি কামত ব্যহাৰ কৰা হব - ইত্যাদিবিলাক পূর্বেই(ex-ante) সঠিকভাবে নির্ধাৰণ কৰি লব পৰা যায়, তেনেস্থলত পাছলৈ(ex-post) সেই সম্পর্কীয় তথ্যবোৰ পৰীক্ষণ কৰি লোৱাৰো কোনো প্রয়োজনীয়তা নাথাকিব। উপযোগী মূল্য আৰু বিনিময় মূল্যৰ মাজত বজাৰৰ জৰিয়তে যি পৰোক্ষ(তথা ত্রুটিপূর্ণ) সম্পর্ক গঢ় লৈ উঠে, তাৰ প্রয়োজনীয়তাও নাকচ কৰিব পৰা যাব তথা সচেতন মান সিদ্ধান্তৰ যোগেৰে কেব্যহাৰৰ বাবে মানুহে বিভিন্ন সামগ্রী নির্মাণ কৰিব। বহুমুখী মান প্রতিভাৰ তীব্র বিকাশৰ ফলত শ্রম বিভাজনো এনে সমাজত নাথাকিব আৰু “চবেই একোজন লিয়োনার্ডো দা ভিঞ্চি হব নোৱাৰিলেও সকলোৱে খুউব সুন্দৰ পেইণ্টিং কৰিব পাৰিব”। চবেই শাসন কৰিব, শাসিত কোনো নাথাকিব। যিহেতু সকলো ন্যস্ত স্বার্থৰ নাশ ঘটিব, কোনো প্রকাৰৰ অধিকাৰ দাবী কৰাৰো প্রয়োজনীয়তা নাথাকিব; কোনো বাধানিষেধমূলক আইন নাথাকিব; আদালত, বিধানপালিকা তথা ন্যায়াধীশৰো প্রয়োজনীয়তা নাথাকিব।  নিশ্চিতভাৱেই ৰাজ্যও নাথাকিব, জাতি-ৰাজ্যও নাথাকিব, বৈদেশিক বা অন্যান্য বেহা-বেপাৰো নাথাকিব। মজুৰী ব্যস্থাটোৰ অন্ত পৰিব আৰু লগতে নাশ হৈ পৰিব মুদ্রা-ব্যস্থাটোৰো

কিছুবছৰ পূর্বে বার্টিল্ অলমানে কমিউনিষ্ট সমাজ সম্পর্কীয় মার্ক্সৰ বিভিন্ন মন্তব্য একগোট কৰি  এখন সাৰ-সংকলন প্রস্তুত কৰি উলিয়াইছে। অলমানে দর্শাইছে যে মার্ক্সে আমাক কমিউনিষ্ট সমাজৰ কোনো পদ্ধতিগত বর্ণনা প্রদান কৰি থৈ যোৱা নাই[1] এনে যিকোনো প্রচেষ্টাক মার্ক্সে আনকি “মূর্খামিপূর্ণ”, “কাম-বন নাইকীয়া”, তথা  “প্রতিক্রিয়াশীল” বুলিও অভিহিত কৰি গৈছে। মার্ক্সৰ বিভিন্ন লেখনীৰ মাজত - বিশেষকৈ পুঁজিবাদী ব্যস্থাৰ সমালোচনামূলক লেখনীৰ  মাজত ভৱিষ্যত ব্যস্থাৰ কিছু বহল ইংগিত মাথো দেখিবলৈ পোৱা যায়

Tuesday, October 26, 2021

বাস্তৱ-সম্ভৱ সমাজবাদৰ অর্থনীতি (প্রথম অংশ)


মূলঃ The Economics of Feasible Socialism by Alec Nove

অনুবাদঃ ময়ূৰ চেতিয়া


অনুবাদকৰ আগকথা

“ভৱিষ্যত সমাজবাদৰ মডেল কেনে হোৱা উচিত”- এই সম্পর্কে বিগত কেইবাদশক ধৰি ভালেখিনি চিন্তা-চর্চা চলিছে। ছোভিয়েট বিশেষজ্ঞ তথা অর্থশাস্ত্রৰ অধ্যাপক এলেক নভৰ ১৯৮৩ চনত প্রকাশিত The Economics of Feasible Socialism শীর্ষক গ্রন্থখন এই চর্চাৰ ক্ষেত্রখনলৈ অন্যতম অদান বুলি কব পৰা যায়। অসমীয়া পাঠকেও যাতে এই চর্চাৰ সৈতে এক পৰিচয় লাভ কৰিব পাৰে, সেয়ে এই গ্রন্থখনৰ এক অনুবাদ আগবঢ়োৱাৰ কথা ভবা হল।

প্রফেছৰ এলেক নভ(১৯১৫-১৯৯৪)-ৰ জন্ম হৈছিল জাৰকালীন ৰাছিয়াত। তেওঁ পিতৃ-মাতৃ দুয়োজনেই আছিল মেনচেভিক বিপ্লৱী অক্টোবৰ বিপ্লৰ পাছত পৰিয়ালটোৱে বৃটেইনলৈ পলায়ন কৰে আৰু তাতেই লণ্ডন স্কুল অফ ইকনমিক্সৰ পৰা তেওঁ শিক্ষা গ্রহণ কৰে। প্রথমে লণ্ডন বিশ্ববিদ্যালয় আৰু পাছলৈ গ্লাছগো বিশ্ববিদ্যালয়ত তেওঁ অধ্যাপনা কৰে। ছোভিয়েট ইউনিয়নৰ অধ্যয়নৰ ক্ষেত্রত প্রফেছৰ নভক বাটকটীয়া বুলি কব পাৰি। ছোভিয়েট অর্থনীতি সম্পর্কে তেওঁ কেইবাখনো গ্রন্থ প্রনয়ণ কৰি গৈছে।

Friday, October 30, 2020

ৰাইজে নিজা প্রচেষ্টাত গঢ়ি তোলক শ্রমজীৱী মানুহৰ সংগ্রহালয়!


ময়ূৰ চেতিয়া

এটা জনগোষ্ঠীক সম্পূর্ণভাৱে দানৱ তথা অজীন-পাতকীৰ ৰূপত প্রক্ষেপ কৰা কামটো ইতিমধ্যেই সফল হৈছে। তাৰ বিপৰীত ৰণনীতি কি হব পাৰে – সেয়া আজিও এক মুকলি প্রশ্ন। এটা ৰণনীতি হৈছে জনগোষ্ঠীয় পৰিচয়ভিত্তিক বাগধাৰা গঢ়ি তোলা। পিছে অসমৰ বিভিন্ন পৰিচয়ভিত্তিক জনগোষ্ঠীয় আন্দোলনৰ ইতিহাস ফালি চালে তাৰ শেষ ফলাফল বৰ আশাপ্রদক যেন ভাৱ নহয়। আনফালে আকৌ পৰিচয়ৰ প্রশ্নটো সম্পূর্ণ বাদ দি শ্রেণী ৰাজনীতি কৰাটোও সম্ভৱপৰ নহয়; তাৰ দিন ইতিমধ্যেই উকলিছে। কাজেই পৰিচয় আৰু শ্রেণী- দুয়োৰে সংমিশ্রণৰ মাজতে এটা অভিনৱ বাট উলিয়াব লাগিব। 

বিশুদ্ধ পৰিচয়ভিত্তিক ৰাজনীতিৰ বিপৰীতে শ্রেণী ৰাজনীতিৰ দ্বাৰা প্রভাৱিত অভিনৱ ৰণনীতিয়ে কেতবোৰ নতুন বাট দেখুৱাব পাৰে। 

Monday, July 30, 2018

এন আৰ চিৰ পাছত কি হব?


Mayur Chetia

“এন আৰ চিৰ পাছত কি হোৱা উচিত” আৰু “এন আৰ চিৰ পাছত কি কি হোৱাৰ সম্ভাৱনা আছে” এই দুয়োটা হৈছে আন্তঃসম্পর্কযুক্ত কিন্তু সুকীয়া প্রশ্ন। প্রথম প্রশ্নটোৰ এক সর্বগৃহীত তথা মানবীয় সমাধান সূত্র উলিয়াবলৈ ইচ্ছা কৰা শক্তিবিলাকেও প্রথমে দ্বিতীয় প্রশ্নটো সম্পর্কে কিছু ভবা চিন্তা কৰি লবই লাগিব। এনে এক প্রক্রিয়াৰ অংশ হিচাপেই আমি সদ্যহতে দ্বিতীয় প্রশ্নটো সম্পর্কে কিছু কথা আলোচনা কৰিব বিচাৰিছোঁ। এইক্ষেত্রত আমি ভাৰতীয় ৰাজ্যৰ গঢ়-গতি, আন্তর্জাতিক স্থিতি ইত্যাদি দিশবিলাককো বিবেচনাৰ অধীনলৈ আনিছোঁ। এই আলোচনাটোৰ বাবে আমি এক সম্পূর্ণ নির্মোহ তথা নিষ্ঠুৰ বস্তুনিষ্ঠ দৃষ্টিভংগী গ্রহণ কৰিছোঁ; অর্থাৎ ইয়াত আমাৰ ব্যক্তিগত ইচ্ছা-অনিচ্ছা, মতামত, সমাধান সূত্র ইত্যাদিৰ অৱতাৰণাই কৰা হোৱা নাই।  

কাইলৈ অর্থাৎ ৩০ জুলাই, ২০১৮ তাৰিখে এন আৰ চিৰ সম্পূর্ণ খছৰাখন প্রকাশ পাব। ইয়াত যে বহু লাখ মানুহৰ নাম নাথাকিব, সেই সম্পর্কে কোনো সন্দেহ নাই। কোন কোন সম্প্রদায়ৰ কিমান সংখ্যক মানুহৰ নাম নাথাকিব - ইয়েই অনাগত সময়ছোৱাত বিভিন্ন সংগঠনে উত্থাপন কৰিবলৈ গৈ থকা দাবীবোৰকো প্রভাৱিত কৰিব। ‘খিলঞ্জীয়া’ সম্প্রদায়বিলাকৰ বহুতো লোকৰ নাম নাথাকিলে থলুৱা জাতীয়তাবাদী সংগঠনবোৰে নিশ্চিতভাৱে দাবী কৰিব যে ‘দাবী-আপত্তি’ৰ স্তৰটোত ‘খিলঞ্জীয়া’ লোকসকলক কিছু ৰেহাই প্রদান কৰা হওঁক। আনহাতে ‘অভিবাসী’ সম্প্রদায়বিলাকৰ লোকসকলৰ দলিল পৰীক্ষা কৰোঁতে কর্তৃপক্ষক কঠোৰ হবলৈকো তেওঁলোকে দাবী কৰিব। (‘খিলঞ্জীয়া’ তথা ‘অভিবাসী’ – এই দুয়োটা শব্দ আমি বিশুদ্ধভাৱে বর্ণনামূলক চর্ট-হেণ্ড হিচাপেহে ব্যৱহাৰ কৰিছোঁ। এইক্ষেত্রত আমাৰ আন কোনো অভিপ্রায় নাই)
 

Wednesday, May 9, 2018

(মার্ক্সৰ জন্মৰ দুশবছৰ উপলক্ষে ) ডাছ কেপিটেলৰ দৃষ্টিৰে - এক শেহতীয়া উপস্থাপন

ময়ূৰ চেতিয়া
(ডাছ কেপিটেলৰ সৈতে ইতিমধ্যেই পৰিচয় থকা লোকসকলে এই লেখনীটোত চিন্তাৰ বিশেষ খোৰাক বিচাৰি পাব। অৱশ্যে নতুন পাঠকসকলেও যাতে কথাবোৰ বুজি পায়, তাৰ বাবে যথাসম্ভৱ চেষ্টা কৰা হৈছেএক নতুন ষ্টাইলত কথাবোৰ উপস্থাপন কৰিবলৈ চেষ্টা কৰা হৈছে। লেখনীটোৰ প্রস্তুতিৰ ক্ষেত্রত আমাৰ কোনো মৌলিক কৃতিত্ব নাই। বিভিন্ন কিতাপ-পত্রৰ সহায়তেই লেখনীটো প্রস্তুত কৰা হৈছে।)

যিটো আর্থিক ব্যৱস্থাৰ অধীনত আমি বসবাস কৰি আছোঁ, সেই ব্যৱস্থাটো মূলতে হৈছে এক বজাৰ ব্যৱস্থা – অর্থাৎ যত বিভিন্ন সামগ্রীৰ ক্রয়-বিক্রয় কৰা হয়। আমি আমাৰ দৈনন্দিন প্রয়োজনৰ সামগ্রীবোৰ – যেনে খাদ্য, কাপোৰ, নিত্য ব্যৱহার্য  বিভিন্ন বৈদ্যুতিন উপকৰণ ইত্যাদি বজাৰত ক্রয় কৰোঁ। আনহাতে এই বিভিন্ন ধৰণৰ ক্রয়বোৰ সম্ভৱপৰ কৰিবলৈ আমি কিছু সামগ্রী বিক্রয়ো কৰিব লগা হয়। বিশ্বৰ গৰিষ্ঠসংখ্যক লোকে এইক্ষেত্রত বিক্রয় কৰা সামগ্রীবিধ হৈছে –তেওঁলোকৰ কাম কৰিব পৰাৰ সক্ষমতা। অর্থাৎ আমি আমাৰ ‘শ্রম ক্ষমতা’ আন কাৰোবাৰ ওচৰত বিক্রয় কৰোঁ। এইদৰেই আমাৰ জীৱনবোৰ পণ্যৰ ক্রয়-বিক্রয়ৰ ওপৰত নির্ভৰ কৰে। আৰু ঠিক এইখিনিতে মার্ক্সে ‘ডাছ কেপিটেল’ৰ আৰম্ভণি কৰিছে।

মার্ক্সৰ ভাষাত –
“যিবোৰ সমাজত পুঁজিবাদী উৎপাদন পদ্ধতিয়ে প্রভুত্ব লাভ কৰিছে, এনে সমাজবিলাকত সম্পদে পণ্যৰ বিশাল ভঁৰালৰ ৰূপ ধাৰণ কৰিছে।”

মার্ক্সে এনে এক সময়ত ডাছ কেপিটেলখন লিখিছিল, যেতিয়া বিশ্বৰ এক বিশাল অংশত যেতিয়া বজৰুৱা সম্বন্ধবোৰে প্রবেশেই কৰা নাছিল। এনে বহুতো সমাজ সেই সময়ত অস্তিত্বমান আছিল য’ত উৎপাদনৰ লক্ষ্য আছিল মানুহৰ তাৎক্ষণিক প্রয়োজনবোৰ পূর্ণ কৰা, তেহেলৈ সেই সমাজবোৰ চিকাৰ তথা লঘূ কৃষি কর্ম কৰা আদিম সমাজেই হওঁক বা কোনো সামন্তীয় প্রভুৰ শাসনত পিষ্ট কৃষক সমাজেই হওঁক। আনকি যিবিলাক সমাজত বহু পূর্বৰে পৰা বজাৰ অস্তিত্বমান আছিল – সেই সমাজবিলাকতো গৰিষ্ঠসংখ্যক লোক আছিল ক্ষুদ্র খেতিয়ক আৰু তেওঁলোকে জীৱনৰ বাবে প্রয়োজনীয় অধিকাংশ সামগ্রী নিজেই উৎপাদন কৰি লৈছিল। খুব কম পৰিমাণৰ সামগ্রীহে এই পুৰণি সমাজবিলাকত ক্রয়-বিক্রয় কৰা হৈছিল। আজি পিছে বজাৰে সমগ্র বিশ্বতে সর্বগ্রাসী ৰূপ ধাৰণ কৰিছে। সেয়েহে মার্ক্সৰ কথাখিনি কিছু সলনি কৰি আজি আমি কব পাৰোঁ – “কিছু ব্যতিক্রম বাদে, সমগ্র বিশ্বৰে সম্পদবোৰে আজি পণ্যৰ বিশাল ভঁৰালৰ ৰূপ ধাৰণ কৰিছে”।

বাস্তৱ-সম্ভৱ সমাজবাদৰ অর্থনীতি (সপ্তম অংশ)

  মূলঃ  The Economics of Feasible Socialism by Alec Nove অনুবাদঃ ময়ূৰ চেতিয়া শ্রম বিভাজন মার্ক্সৰ ৰোমান্টিক-য়ুটোপিয়ান চিন্তাধাৰাই ধূসৰ কৰি...