Saturday, June 25, 2022

নির্বাচনী সফলতাৰ দিশেৰে বেলজিয়ামৰ মার্ক্সবাদী দল

 দল নেতা ৰাউল হেডেবউ সৈতে সাক্ষাৎকা

মূলঃ

 https://www.jacobinmag.com/2021/12/workers-party-of-belgium-ptb-raoul-hedebouw-interview

অনুবাদঃ ময়ূ চেতিয়া

 

“১৮৬৯ চনত মার্ক্সে বেলজিয়াম বিষয়ে লিখিছিল যে এইখন হৈছে জমিদা, পুঁজিপতি আৰু পুৰোহিতৰ ক্ষুদ্র ভূস্বর্গ। অথচ আজিৰ দিনত সমগ্র য়ুৰোপৰ ভিতৰতে এই বেলজিয়ামতেই মার্ক্সৰ নামত জন্ম হোৱা মতাদর্শটোৰ বাবে সর্বাধিক আশাৰ বতৰা সৃষ্টি হৈছে” - ইক’নমিষ্ট আলোচনীখনে বেলজিয়ামৰ “পার্টিজ ভেন দে আর্বেইদ ভেন বেলজি (পিটিবি)” বা “বেলজিয়ান শ্রমিক পার্টি”ৰ বিষয়ে লিখিবলৈ গৈ এইদৰে ঘোষণা কৰিছে। বিগত চাৰি দশক ধৰি পিটিবি আছিল এক ক্ষুদ্র আকাৰৰ পৰম্পৰাগত মার্ক্সবাদী-লেনিনবাদী দল, যাৰ সদস্য সংখ্যা কেইশমানৰ মাজতে সীমাদ্ধ আছিলপিছে যোৱা দশকটোত পিটিবিৰ আকাৰ আৰু প্রভা ভীষণভাৱে বৃদ্ধি পাইছে আৰু দেশৰ ৰাজনীতিত ই এক প্রধান শক্তি হিচাপে আত্মপ্রকাশ কৰিছে।

 

২০০৮ চনৰ পাছৰে পৰা দলটোৰ প্রভা ক্রমান্বয়ে বৃদ্ধি হোৱা দেখা যায়। এই সময়ছোৱাতে গোলকীয় আর্থিক সংকটৰ আৰম্ভণি হৈছিল আৰু তাৰ সমান্তৰালভাৱে পিটিবিৰ আভ্যন্তৰীন গাঁথনিটোৰো পৰির্তন সাধন কৰা হৈছিল। ২০০৮ চনত দলটোৰ “নৱায়ন কংগ্রেছ” (ৰিনিৱেল কংগ্রেছ) সম্পন্ন হয় আৰু পিটাৰ মার্টেঞ্চ দলটোৰ নতুন প্রেচিডেণ্ট হিচাপে নিযুক্ত হয়। এই কংগ্রেছতেই দলটোৱে পূর্ব সংকীর্ণতা ত্যাগ কৰাৰ কথা ঘোষণা কৰে আৰু বেলজিয়ামৰ শ্রমিক শ্রেণীটোৰ প্রয়োজনবিলাক মূর্তমান কৰিব পৰাকৈ দলৰ কার্যসূচীসমূহ নতুনকৈ গঢ়াৰ ওপৰত গুৰুত্ব প্রদান কৰেঅচিৰেই এই নৱায়ন কার্যসূচীৰ সফলতা দেখা পোৱা গল দলটোৰ পৰা প্রথমজন সাংসদ নির্বাচিত হল আৰু “জনগণৰ বাবে ঔষধ”ৰ দৰে পার্টি গণমুখী কার্যসূচীসমূহে ব্যাপক জনপ্রিয়তা লাভ কৰিলে। এই কার্যসূচী অধীনত দেশ বিভিন্ন অঞ্চলত প্রাথমিক স্বাস্থ্য কেন্দ্র স্থাপন কৰা হ’ল আৰু শ শ ভলণ্টিয়াৰে সিবিলাকৰিয়তে শ্রমিকসকলক স্বাস্থ্য সেৱা প্রদান কৰিবলৈ ধৰিলে।

 

এই সমগ্র সময়ছোৱাত দলৰ এজন প্রধান নেতা হিচাপে ৰাউল হেডেবউৱে আত্মপ্রকাশ কৰিলে। ২০১৪ চনত দেশৰ সংসদলৈ নির্বাচিত হোৱা দলৰ দুজন নেতাৰ ভিতৰত তেওঁ আছিল অন্যতম।

সংসদত তেওঁ উত্থাপন কৰা তীক্ষ্ণ প্রশ্নবিলাকে অচিৰেই তেওঁক জনগণৰ মাজত জনপ্রিয় কৰি তুলিলে। ২০১৯ চনত দলৰ পৰা ১৮ জনকৈ সাংসদ নির্বাচিত হল আৰু হেডেবউ এই সংসদীয় দলটোৰ নেতা হিচাপে পৰিগণিত হল। ২০২১ চনৰ ডিচেম্বৰ মাহত দলটোৰ “ইউনিটি কংগ্রেছ” অনুষ্ঠিত হল আৰু এইবাৰ হেডেবউ পিটিবিৰ নতুন প্রেচিডেণ্ট হিচাপে নিযুক্ত হল। নতুন পদাতিকৰ অনুসন্ধিৎসু পাঠকৰ বাবে ‘জেকোবিন’ আলোচনীয়ে লোৱা ৰাউল হেডেবউৰ এক সাক্ষাৎকাৰৰ অসমীয়া অনুবাদ আগবঢ়োৱা হল

 

Sunday, November 21, 2021

বাস্তৱ-সম্ভৱ সমাজবাদৰ অর্থনীতি (সপ্তম অংশ)

 মূলঃ The Economics of Feasible Socialism by Alec Nove

অনুবাদঃ ময়ূৰ চেতিয়া

শ্রম বিভাজন

মার্ক্সৰ ৰোমান্টিক-য়ুটোপিয়ান চিন্তাধাৰাই ধূসৰ কৰি ৰখা আন এটা বিষয় হৈছে শ্রম-বিভাজন সম্পর্কীয় বিষয়টো  এই যে মার্ক্সবাদীসকলে বাৰম্বাৰ কয় যে সমাজবাদৰ জৰিয়তে শ্রম-বিভাজনৰ অসান ঘটাব লাগিব, এই কথাষাৰৰ আচলতে অর্থ কি?

কলাকস্কিয়ে এইবিষয়ক মার্ক্সৰ দৃষ্টিভংগীৰ এক সাৰাংশ আগবঢ়াইছে - শ্রম বিভাজনৰ ফলত আশ্যকীয়ভাৱেই বাণিজ্য সৃষ্টি হয় - অর্থাৎ মানুহে উৎপাদন কৰা সামগ্রীবোৰ বিমূর্ত শ্রমৰ বাহকলৈ পৰিণত হয়। যেতিয়া সামগ্রীবোৰে পণ্যৰ ৰূপ ধাৰণ কৰে, ই বিচ্ছিন্নতাৰো(alienation) আধাৰ সৃষ্টি কৰে[1] তিনি প্রকাৰৰ “শ্রম বিভাজন” দেখা পোৱা যায়। ইয়াৰে প্রথমবিধ শ্রম বিভাজন সৃষ্টি হয় বিভিন্ন উৎপাদনী ইউনিটৰ মাজত বিশেষীকৰণৰ(specialisation) ফলস্বৰূপে। যেনে ধৰক কিছুমান ফেক্টৰীয়ে মোজা উৎপাদন কৰিছে, কিছুমানে আচাৰ, আন কিছুমানে আকৌ গাড়ীৰ কার্বোৰেটৰ নির্মাণ কৰিছে ইত্যাদি। এই প্রতিটো ফেক্টৰীয়েই আনৰ ব্যহাৰৰ বাবে সামগ্রী উৎপাদন কৰিছে, ইয়াৰ ফলত বিনিময় সৃষ্টি হৈছে, প্রত্যক্ষ ব্যহাৰৰ বিপৰীতে বিক্রয়ৰ বাবে সামগ্রী উৎপাদিত হৈছে, অর্থাৎ পণ্য উৎপাদনৰ সূচনা হৈছে। দ্বিতীয়বিধ শ্রম-বিভাজন সৃষ্টি হয় মানুহৰ মাজত বিভিন্ন পেশা অনুসৰি সৃষ্টি হোৱা বিশেষীকৰণৰ ফলত- কিছুমান মানুহে ইলেকট্রিছিয়ানৰ কাম কৰে, কিছুমানে মহৰীৰ, কিছুমানে একাউনটেন্টৰ, আন কিছুমানে কাঠ-মিস্ত্রীৰ ইত্যাদি। ইবিলাক হৈছে অনুভূমিক(horizontal) শ্রম বিভাজন। তৃতীয়বিধ শ্রম বিভাজন হৈছে উল্লম্ব(vertical) শ্রম বিভাজন। অর্থাৎ এই শ্রম বিভাজনৰ চৰিত্র হয় পদানুক্রমিক- যেনে অফিচাৰ বনাম সাধাৰণ চিপাহী, কমাণ্ডাৰ বনাম সাধাৰণ জোৱান, সংগঠনকর্তা বনাম সংগঠিত জনতা ইত্যাদি। বাহৰো প্রভৃতি কিছু পণ্ডিতে মানসিক আৰু শাৰীৰিক শ্রমৰ মাজত থকা বিভাজনৰ ওপৰত বিশেষ গুৰুত্ব দিছে, কিন্তু মনত ৰখা ভাল যে বেছিভাগ “মানসিক শ্রম”ৰ ক্ষেত্রতে কমাণ্ডসদৃশ গাঁথনি ব্যহাৰ কৰিব পৰা নাযায়। শ্রম বিভাজনৰ এই বিভিন্ন ৰূপবোৰৰ ফালে চালে বুজিব পাৰি যে শ্রমিকসকল বিভিন্ন কাৰণবশতঃ বিচ্ছিন্ন(alienated) হব পাৰে। তেওঁলোকে যিবিলাক সামগ্রী উৎপাদন কৰে সিবিলাক নিজৰ ভোগৰ বাবে কৰা নহয় তথা সিবিলাক ভোগ কৰা লোকসকলৰ সৈতে তেওঁলোকৰ দূৰত্ব বহু অধিক হব পাৰে; শ্রমিকসকলে এনে কেতবোৰ কাম কৰিব লগীয়া হব পাৰে যিবিলাকৰ চৰিত্র পুণৰাবৃত্তিমূলক তথা আমনি লগা বিধৰ হয়; পদানুক্রমত তেওঁলোকৰ অস্থান নিম্ন পর্যায়ৰ হব পাৰে, অর্থাৎ আনৰ আদেশ মানিব লগা হব পাৰে।

Wednesday, November 3, 2021

বাস্তৱ-সম্ভৱ সমাজবাদৰ অর্থনীতি (ষষ্ঠ অংশ)

 মূলঃ The Economics of Feasible Socialism by Alec Nove

অনুবাদঃ ময়ূৰ চেতিয়া

পূর্ব পৰিকল্পনাৰ দিৱা-স্বপ্ন

মার্ক্স তথা তেওঁৰ বহুতো অনুগামীয়ে চেতনশীল আর্থিক পৰিকল্পনা আৰু নৈৰাজ্যবাদী বজাৰ - এই দুয়োৰে মাজৰ পার্থক্যটোৰ ওপৰত জোৰ দি আহিছে। তেওঁলোকৰ মতে পৰিকল্পিত সমাজবাদী অর্থনীতিৰ অধীনত শ্রমে “প্রত্যক্ষভাৱেে সামাজিক ৰূপ” গ্রহণ কৰিব। অর্থাৎ বিভিন্ন কাম সমাপন কৰিবলৈ পৰিকল্পিতভাৱে শ্রমৰ বিতৰণ কৰা হব। বিভিন্ন কামৰ হিচাপ পূর্বেই (ex-ante) কৰি লোৱা হব, সমাজৰ বিভিন্ন প্রয়োজনবিলাক পূর্বেই ঠিৰাং কৰি লোৱা হব। ইয়াৰ বিপৰীতে পুঁজিবাদী বজাৰৰ চৰিত্র হৈছে অৰাজক ধৰণৰ - য’ত শ্রম-প্রয়োগৰ প্রক্রিয়াটোৱে সামগ্রীৰ বিক্রীৰ পাছতহে (ex-post) পূর্ণতা লাভ কৰে সমাজবাদৰ অধীনত পিছে সকলো পৰিকল্পনাই পূর্বে কৰি লোৱা হব[1] চমুকৈ কবলৈ গলে - পুঁজিবাদৰ চৰিত্র হৈছে ex-post আৰু সমাজবাদৰ চৰিত্র হৈছে ex-ante

Monday, November 1, 2021

বাস্তৱ-সম্ভৱ সমাজবাদৰ অর্থনীতি (পঞ্চম অংশ)

 মার্ক্সীয় অর্থশাস্ত্রৰ বিষয়ে এটা অতিৰিক্ত টোকা

মূলঃ The Economics of Feasible Socialism by Alec Nove

অনুবাদঃ ময়ূৰ চেতিয়া

যিহেতু এই কিতাপখনৰ মূল বিষয়বস্তু হৈছে সমাজবাদৰ অর্থনীতি, সেয়েহে মার্ক্সীয় ৰাজনৈতিক অর্থনীতিৰ আন কিছুমান অস্পষ্টতাৰ বিষয়েও আলোচনা কৰি লোৱা যাওঁক। মই পূর্বেই উল্লেখ কৰিছোঁ যে মার্ক্সৰ মতে মূল্যই (অর্থাৎ সামাজিকভাৱে প্রয়োজনীয় শ্রম সময়ে) দামৰ “আধাৰ" সৃষ্টি কৰে মূল্য হৈছে সাৰমর্ম, দাম হৈছে উপৰুৱা পৰিঘটনা মাত্র। পিছে মার্ক্সে নিজেই প্রায়ে পাহৰি গৈছিল যে এই আধাৰমূলক মূল্য কোনো দৃশ্যমান বস্তু নহয়; অর্থাৎ তাৰ কোনো গাণিতিক ধৰণৰ আয়তন নাথাকে। শ্রমিকেই হওঁক বা মালিকেই হওঁক, কোনেও মূল্য বস্তুটো চকুৰে দেখা নাপায় সাধাৰণতে আমি যি দেখা পাওঁ, সেয়া হৈছে বস্তুৰ দাম, মজুৰী ইত্যাদি ঠিক এইখিনিৰে পৰা মার্ক্সে তেওঁৰ “মুনাফা হাৰৰ নিম্নগামী প্রণতা” শীর্ষক তত্ত্বটোৰ বিকাশ আৰম্ভ কৰিছিল। এইটো সত্য যে বিভিন্ন উৎপাদন ইউনিটৰ মাজত শোষণৰ হাৰ (উৎপাদিত উদ্বৃত্ত্ব ÷ গতিশীল পুঁজি বা মজুৰী বিল) যদি ক্রমান্বয়ে সমান হবলৈ ধৰে, তেনেস্থলত নিশ্চয়কৈ পুঁজিৰ জৈৱিক গঠন বৃদ্ধি হলে মুনাফাৰ হাৰো হ্রাস পাব। লক্ষ্যণীয় যে মার্ক্সে উৎপাদনশীলতা বৃদ্ধিৰ দিশটো পাহৰি যোৱা নাছিল আৰু মুনাফা হাৰ নিম্নগামী হোৱাৰ অন্যতম কাৰণ হিচাপে তেওঁ উৎপাদনশীলতা বৃদ্ধিক চিহ্নিত কৰিছিল। লগতে মার্ক্সে কেতবোৰ প্রতি-প্রণতাও (countervailing tendencies) চিনাক্ত কৰিছিল, কিন্তু তেওঁ প্রায়ে পাহৰি গৈছিল যে পুঁজিবাদৰ অধীনত এনে কোনো শক্তি বা কার্যপদ্ধতি নাই যিয়ে শোষণৰ হাৰ ক্রমান্বয়ে সকলোতে সমান কৰি আনিব (আমি ভিন ভিন জৈৱিক গঠনৰ পুঁজিৰ কথা কৈছোঁ)। পুঁজিপতিয়ে আচলতে মুঠ বিনিময়ৰ (গতিশীল পুঁজি+স্থানু পুঁজি) বিপৰীতে কিমানখিনি মুনাফা আহৰণ কৰিব পাৰিছে, সেইবিষয়েহে চিন্তা কৰে লগতে পুঁজিপতি আৰু শ্রমিকৰ মাজত মজুৰী লৈ বিভিন্ন ধৰণৰ আলোচনা তথা সংঘাত হয়। স্থিতিস্থাপকতাৰ স্থিতি লাভ কৰাৰ সময়ত প্রতিযোগিতাৰ শক্তিয়ে ক্রমান্বয়ে বিভিন্ন পুঁজিৰ মাজত মুনাফা হাৰ তথা মজুৰী হাৰ সমান কৰিবলৈ ধৰে কিন্তু মুনাফা হাৰ সমান কৰাৰ অর্থই হৈছে যে ভিন ভিন জৈৱিক গঠনৰ পুঁজিৰ শোষণৰ হাৰ ভিন ভিন (অর্থাৎ অসমান) হব লাগিব। স্বয়ং মার্ক্সৰ মতেই, উৎপাদনৰ ভিন ভিন টেকনিকেল প্রয়োজন অনুসৰি বিভিন্ন উদ্যোগত পুঁজিৰ জৈৱিক গঠন ভিন ভিন ধৰণৰ হব। অর্থাৎ বিভিন্ন উদ্যোগ তথা খণ্ডত কাহানি কেতিয়াবা শোষণৰ হাৰ একে হৈ পৰিব  বুলি ভবাৰ কোনো সকামেই নাই। বাস্তক্ষেত্রতো আপুনি দেখিব যে যিকোনো পুঁজিপতিয়ে তেতিয়াহে কোনো শ্রম বচাব পৰা নতুন প্রযুক্তি ব্যহাৰ কৰে, যেতিয়া মজুৰী বিলৰ তুলনাত ই মুনাফাৰ পৰিমাণ বৃদ্ধি কৰে

Saturday, October 30, 2021

বাস্তৱ-সম্ভৱ সমাজবাদৰ অর্থনীতি (চতুর্থ অংশ)

 মূলঃ The Economics of Feasible Socialism by Alec Nove

অনুবাদঃ ময়ূৰ চেতিয়া

সমাজবাদৰ অধীনত মূল্য নিয়ম

এতিয়ালৈকে হোৱা আলোচনাৰ ভিত্তিত আমি দেখিলো যে সমাজবাদৰ অধীনতো আর্থিক হিচাপ-নিকাচ, সুযোগ ব্যয়, বিকল্পৰ মাজত চয়ন ইত্যাদিৰ উপস্থিতি থাকিব লাগিব এইখিনিতে এটা প্রশ্ন সুধিব পাৰি - মার্ক্সৰ মূল্য তত্ত্বই এনে হিচাপ নিকাচত কিবা অৰিহনা যোগাব পাৰিব নেকি? যদি পাৰে, তেনেহলে তাৰ ৰূপ কি হব? যদি নোৱাৰে, আর্থিক হিচাপ নিকাচৰ বৈকল্পিক ৰূপ কেনেধৰণৰ হব? আমি ইতিমধ্যেই আলোচনা কৰিলোঁ যে বুখাৰিনৰ দৰে বহুতো মার্ক্সবাদীয়ে ভাবিছিল যে সমাজবাদৰ অধীনত স্বয়ং অর্থশাস্ত্রৰে বিলুপ্তি ঘটিব।  আমি এইটোও দেখিলোঁ যে লেনিনে এই ধাৰণাটোৰ সৈতে সহজবোধ কৰিব পৰা নাছিল। পাছৰ কালৰ অভিজ্ঞতাই স্পষ্টকৈ দর্শাইছে যে সমাজবাদৰ অধীনতো বিভিন্ন বিকল্পৰ হিচাপ-নিকাচ, মূল্যায়ন, মানদণ্ড আদিৰ প্রয়োজন হব। মার্ক্সীয় অর্থশাস্ত্রৰ এইখিনিত কিবা ভূমিকা থাকিবনে?

Friday, October 29, 2021

বাস্তৱ-সম্ভৱ সমাজবাদৰ অর্থনীতি (তৃতীয় অংশ)

 মূলঃ The Economics of Feasible Socialism by Alec Nove

অনুবাদঃ ময়ূৰ চেতিয়া

প্রাচুর্যতা, অভা আৰু নতুন মানুহ

মার্ক্সে বিশ্বাস কৰিছিল যে পুঁজিবাদে প্রচণ্ড প্রযুক্তিগত বিকাশৰ জৰিয়তে ইতিমধ্যেই উৎপাদনৰ সমস্যাটো সমাধা কৰি পেলাইছে, কিন্তু পুঁজিবাদী উৎপাদন সম্বন্ধবিলাকে সৃষ্টি কৰা হেঙাৰবিলাকৰ ফলত এই সমাধান বাস্তক্ষেত্রত কার্যকৰী হব পৰা নাই। বহুতো লিখনীত তেওঁ “উৎপাদনৰ সীমাহীন বিকাশ” তথা “সামাজিক শ্রমৰ চৰম বিকাশ”ৰ কথা লিখিছে যি “অহৰহ আপেক্ষিক অতি-উৎপাদন” সম্ভপৰ কৰি তুলিছে[1] শ্যে বর্ধিত উৎপাদনৰ লগতে মানুহৰ প্রয়োজনবিলাকো যে বৃদ্ধি হয়, সেই সম্পর্কে মার্ক্স সচেতন আছিল। ফৰাচী অর্থনীতিবিদ টার্টাৰিনে ঠিকেই লিখিছে যে মার্ক্সে মান প্রয়োজনবিলাক অসীম বুলি মানি লোৱা নাছিল, সিবিলাকৰ সীমাসংখ্যা থাকে বুলি তেওঁ গণ্য কৰিছিল, কিন্তু একেসময়তে মান প্রয়োজনবোৰ ক্রমান্বয়ে বৃদ্ধি হৈ গৈ থাকে বুলিও তেওঁ স্বীকাৰ কৰিছিল। মার্ক্সে কোনো স্থানু স্বর্ণযুগৰ সপোন দেখুওৱা নাছিল, তথা কমিউনিজমৰ অধীনতো বিনিয়োগ ফাণ্ডৰ প্রয়োজনীয়তা থাকিব বুলি তেওঁ স্বীকাৰ কৰিছিল। একেষাৰ কথাত কবলৈ গলে, মার্ক্সৰ মতে কমিউনিজমৰ অধীনত মানুহৰ ক্রমবর্ধমান প্রয়োজনবিলাক অহৰহভাবে পূর্ণ কৰি যোৱা হব[2] অর্থাৎ প্রথম অৱস্থাত মান প্রয়োজনবিলাকৰ বিপৰীতে সম্পদৰ কিছু আপেক্ষিক অভা দেখা পোৱা যাব, কিন্তু সেই স্থিতি দীর্ঘ দিন ধৰি বর্তি নাথাকিব।

Thursday, October 28, 2021

বাস্তৱ-সম্ভৱ সমাজবাদৰ অর্থনীতি (দ্বিতীয় অংশ)


মূলঃ The Economics of Feasible Socialism by Alec Nove

অনুবাদঃ ময়ূৰ চেতিয়া


প্রথম অধ্যায়

মার্ক্সৰ ঐতিহ্য আৰু সমাজবাদ

মার্ক্সে সমাজবাদী অর্থনীতিৰ বিষয়ে খুউব কমেই লিখি থৈ গৈছে আৰু যিখিনি লিখি থৈ গৈছে তাৰ অধিকাংশই আজিৰ দিনত অপ্রাসঙ্গিক তথা বিভ্রান্তিকৰ বুলিয়েই কব লাগিব। “বাস্ত-সম্ভ সমাজবাদ” - শীর্ষক শব্দালীৰ জৰিয়তে মই সমাজবাদৰ যিকোনো য়ুটোপিয়ান পৰিকল্পনাৰ পৰা মোৰ বিশিষ্ট মডেলটোক ৰক্ষা কৰিবলৈ যত্ন কৰিছোঁ। প্রায়েই দেখা যায় যে সমাজবাদ শব্দটো এনেকৈ সংজ্ঞায়িত কৰা হয় যেন ইয়াৰ অধীনত কোনো আর্থিক সমস্যা থাকিবই নোৱাৰে যদি আপুনি ধৰি লয় যে সমাজবাদৰ অধীনত সকলো সম্পদৰেই “প্রাচুর্যতা”(abundance)  দেখা পোৱা যাব, ইয়াৰ অর্থ হৈছে যে তেনে সমাজত কোনো “সুযোগ ব্যয়”(opportunity-cost) নাথাকিব অর্থাৎ কোনো এবিধ সম্পদ কি কামত ব্যহাৰ কৰা হব তথা কি কামত ব্যহাৰ কৰা নহব, এইজাতীয় বিভিন্ন বিকল্পৰ মাজত চয়ন কৰাৰ সমস্যাই নাথাকিব। ঠিক  তেনেকৈয়ে যদি এইবুলি ধৰি লোৱা হয় যে সমাজবাদৰ অধীনত এক নতুন মানৰ আৱির্ভা হব - যি বুদ্ধিমান, যুক্তিবাদী, সামাজিক, বিবেকবান তথা লালসাহীন হব - তেনে এখন সমাজত  অনুশাসনৰ সমস্যা, প্রেৰণাৰ(incentive) সমস্যা - ইত্যাদিবিলাক নাথাকিবই যদি ধৰি লোৱা হয় যে সমাজবাদৰ অধীনত সকলোৱেই সমাজৰ সাধাৰণ স্বার্থৰ সৈতে আত্মীয়তাবোধ অনুভ কৰিব, তেনেস্থলত সাধাৰণ স্বার্থ বনাম আংশিক/ব্যক্তিগত/গোষ্ঠীয় স্বার্থৰ সংঘাত জাতীয় প্রশ্নবোৰো অপ্রাসংগিক হৈ পৰিব, কেন্দ্রীকৰণ বনাম বিকেন্দ্রীকৰণ জাতীয় প্রশ্নবোৰৰো প্রাসঙ্গিকতা নাথাকিব। যদি ধৰি লোৱা হয় যে উৎপাদন সম্পর্কীয় বিভিন্ন প্রশ্ন যেনে - কি কি উৎপাদন কৰা হব, কিমান পৰিমাণে উৎপাদন কৰা হব, কি পদ্ধতিৰে উৎপাদন কৰা হব, উৎপাদিত সামগ্রী কি কি কামত ব্যহাৰ কৰা হব - ইত্যাদিবিলাক পূর্বেই(ex-ante) সঠিকভাবে নির্ধাৰণ কৰি লব পৰা যায়, তেনেস্থলত পাছলৈ(ex-post) সেই সম্পর্কীয় তথ্যবোৰ পৰীক্ষণ কৰি লোৱাৰো কোনো প্রয়োজনীয়তা নাথাকিব। উপযোগী মূল্য আৰু বিনিময় মূল্যৰ মাজত বজাৰৰ জৰিয়তে যি পৰোক্ষ(তথা ত্রুটিপূর্ণ) সম্পর্ক গঢ় লৈ উঠে, তাৰ প্রয়োজনীয়তাও নাকচ কৰিব পৰা যাব তথা সচেতন মান সিদ্ধান্তৰ যোগেৰে কেব্যহাৰৰ বাবে মানুহে বিভিন্ন সামগ্রী নির্মাণ কৰিব। বহুমুখী মান প্রতিভাৰ তীব্র বিকাশৰ ফলত শ্রম বিভাজনো এনে সমাজত নাথাকিব আৰু “চবেই একোজন লিয়োনার্ডো দা ভিঞ্চি হব নোৱাৰিলেও সকলোৱে খুউব সুন্দৰ পেইণ্টিং কৰিব পাৰিব”। চবেই শাসন কৰিব, শাসিত কোনো নাথাকিব। যিহেতু সকলো ন্যস্ত স্বার্থৰ নাশ ঘটিব, কোনো প্রকাৰৰ অধিকাৰ দাবী কৰাৰো প্রয়োজনীয়তা নাথাকিব; কোনো বাধানিষেধমূলক আইন নাথাকিব; আদালত, বিধানপালিকা তথা ন্যায়াধীশৰো প্রয়োজনীয়তা নাথাকিব।  নিশ্চিতভাৱেই ৰাজ্যও নাথাকিব, জাতি-ৰাজ্যও নাথাকিব, বৈদেশিক বা অন্যান্য বেহা-বেপাৰো নাথাকিব। মজুৰী ব্যস্থাটোৰ অন্ত পৰিব আৰু লগতে নাশ হৈ পৰিব মুদ্রা-ব্যস্থাটোৰো

কিছুবছৰ পূর্বে বার্টিল্ অলমানে কমিউনিষ্ট সমাজ সম্পর্কীয় মার্ক্সৰ বিভিন্ন মন্তব্য একগোট কৰি  এখন সাৰ-সংকলন প্রস্তুত কৰি উলিয়াইছে। অলমানে দর্শাইছে যে মার্ক্সে আমাক কমিউনিষ্ট সমাজৰ কোনো পদ্ধতিগত বর্ণনা প্রদান কৰি থৈ যোৱা নাই[1] এনে যিকোনো প্রচেষ্টাক মার্ক্সে আনকি “মূর্খামিপূর্ণ”, “কাম-বন নাইকীয়া”, তথা  “প্রতিক্রিয়াশীল” বুলিও অভিহিত কৰি গৈছে। মার্ক্সৰ বিভিন্ন লেখনীৰ মাজত - বিশেষকৈ পুঁজিবাদী ব্যস্থাৰ সমালোচনামূলক লেখনীৰ  মাজত ভৱিষ্যত ব্যস্থাৰ কিছু বহল ইংগিত মাথো দেখিবলৈ পোৱা যায়

বাস্তৱ-সম্ভৱ সমাজবাদৰ অর্থনীতি (সপ্তম অংশ)

  মূলঃ  The Economics of Feasible Socialism by Alec Nove অনুবাদঃ ময়ূৰ চেতিয়া শ্রম বিভাজন মার্ক্সৰ ৰোমান্টিক-য়ুটোপিয়ান চিন্তাধাৰাই ধূসৰ কৰি...