Friday, November 29, 2024

শান্তি ভংগ


গোটেই ৰাতি টোপনি নাহিল
গোটেই ৰাতি কুকুৰবোৰে ভুকি থাকিল
গোটেই ৰাতি উন্মত্ত শ্লগানবিলাক দিয়া হল
গোটেই ৰাতি ভয়াবহ বাদ্যবোৰ বজোৱা হল।
গোটেই ৰাতি কিবা ভগা-ছিগাৰ শব্দ আহি থাকিল।

কিন্তু তেতিয়া হেনো শান্তি ভংগ নহল।
অন্ততঃ অনুসন্ধানৰ পাছত এয়াই কোৱা হল।

শান্তি ভংগ তেতিয়াহে হল
যেতিয়া দ্বিতীয় দিনা এটা ডেকা লৰাই
দেশৰ বিষয়ে বিনাই এটা দুখৰ গান গালে।

মূল কবি (হিন্দী )- ৰাজেন্দ্ৰ ৰাজন
অনুবাদ - ময়ূৰ চেতিয়া

Friday, September 6, 2024

বাওঁপন্থীৰ বিষাদ আৰ নিৰাময়ৰ উপায়

প্ৰতিটো যুগতে [সংগ্রামী] পৰম্পৰাবিলা যথাস্থিতিবাদে(conformism) গ্রাস ৰিবলৈ চেষ্টা ৰি থাকে। সেয়েহে প্রতিটো যুগতে এই পৰম্পৰাবিলা ৰক্ষা কৰিবলৈ প্রচেষ্টাও চলাব লাগিব যিসকল ইতিহাসবিদে উপলব্ধি কৰিবলৈ সক্ষম যে শতৰুৰ হাতত মৃতকসকলো সুৰক্ষিত নহয়, সেইসকল ইতিহাসবিদেহে অতীতৰ বুকুত আশাৰ স্ফুলিংগ সৃষ্টি কৰি পাৰিব।

-   ৱাল্টা বেঞ্জামিন, “থেছিছ অন দা ফিলচফি অফ হিস্ট্রি” (Illuminations: Walter Benjamin, Essays, and Reflections)

Saturday, January 6, 2024

ৰামৰ অযোধ্যা

 মূলঃ সৰোজ মিশ্ৰ

https://kafila.online/2024/01/02/rams-ayodhya-saroj-mishra/

অনুবাদঃ ময়ূ চেতিয়া

 

কোৱা হয় -  ৰামৰ জন্ম অযোধ্যাত হৈছিল, তাতেই খেলা-ধুলা কৰিছিল,  ডাঙৰ-দীঘল হৈছিল, তাৰানিৰ্বাসনলৈ পঠোৱা হৈছিল, তথা উভতি আহি তেওঁ তাতেই শাসন কৰিছিল। এসময়ত তেওঁৰ জীৱনৰ প্ৰতিটো মুহূৰ্তক স্মৰণ কৰি একো-কোটা মন্দিৰ নিৰ্মাণ কৰা হল তেওঁ য’ত খেলিছিল, তাত নির্মিত হ’ল গুলেলা মন্দিৰ। পঢ়া-শুনা কৰা ঠাইখনত নির্মান কৰা হ’ল বশিষ্ঠ মন্দিৰ তেওঁ য'ত বহি শাসন কৰিছিল, তাতো এটা মন্দিৰ নির্মান কৰা হ’ল য’ত খাদ্য খাইছিল, সেয়া হ’লগৈ সীতা চুভৰতে যত বাস কৰিছিল, তাত নির্মাণ কৰা হ’ল ভ মন্দিৰ। লগতে নির্মাণ কৰা হ’ল হনুমান মন্দিৰ,  কোপ ভৱন, সুমিত্ৰা মন্দিৰ, ৰথ ভৱন। সম্প্রতি অযোধ্যাত এনে বিটা মন্দিৰ আছে,  যিবিলাকক ৪০০-৫০০ পূর্বে নির্মাণ কৰা হৈছিল অৰ্থাৎ ভাৰতবৰ্ষত মোগল বা মুছলমানৰ শাসন চলি থকাৰ সময়তে এই মন্দিৰসমূহ নিৰ্মাণ কৰা হৈছিল।

Wednesday, December 20, 2023

এন্টোনিও নেগ্রিলৈ শ্রদ্ধাঞ্জলি

এই সপ্তাহটোত ৯০ বছৰ বয়সত মৃত্যু হোৱা এন্টোনিও নেগ্রি আছিল ১৯৬০ আৰু ১৯৭০ দশকৰ ইটালীৰ সামাজিক-ৰাজনৈতিক বিস্ফোৰণে সৃষ্টি কৰা আটাইতকৈ প্ৰভাৱশালী মাৰ্ক্সবাদী চিন্তাবিদ।

ইউৰোপৰ প্রসংগত পৰ্তুগীজ বিপ্লৱৰ উদাহৰণটো বাদ দিলে, ইটালীতেই এই সময়ছোৱাৰ সামাজিক সংগ্রামবিলাক শীর্ষ স্থানত উপনীত হৈছিল বুলি কব পৰা যায়। ১৯৬৯ চনৰ উষ্ম শৰৎকালচোৱাত ছাত্ৰ বিদ্ৰোহৰ সৈতে এলানি স্বতঃস্ফূর্ত শ্রমিক ধর্মঘটৰ মিলন ঘটিছিল। শ্ৰমিক শ্রেণী আৰু ছাত্ৰ সমাজৰ  ক্রমবর্ধমান ৰেডিকেল কার্যকলাপে সমগ্র ইউৰোপৰে সর্ববৃহৎ উগ্র বাওঁপন্থী শক্তিটোৰো জন্ম দিছিল।

Saturday, November 25, 2023

ছিকিমৰ নদীবান্ধ, বানপানী আৰু স্থানীয় ৰাইজৰ বিৰোধিতা

 সাম্প্রতিক প্রতিবেদন

 মূলঃ বৈষ্ণৱী ৰাঠোড়

মূল প্রকাশন - https://scroll.in/article/1057269/ticking-time-bombs-sikkim-floods-a-reminder-of-why-locals-opposed-dams-in-the-himalayas-for-years

চাৰি অক্টোবৰ ২০২৩ চনপুৱতি নিশা, ছিকিমৰ উত্ত অঞ্চল। হঠাৎ অহা এক বানপানীয়ে ছিকিমৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্ৰকল্প ১২০০ মেগাৱাট শক্তিৰ তিস্তা তৃতীয় উটুৱাই লৈ গ’ল। নামনিগেংটক, নামচি আৰু পাকয়ং জিলা ই ভীষণ তাণ্ড সৃষ্টি কৰিলে৮ অক্টোবৰৰ সন্ধিয়া ছিকিম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি এতিয়ালৈকে ৩৩ জন লোকৰ মৃত্যু হৈছে আৰু ১০৫ জন নিৰুদ্দেশ হৈছে।

Monday, December 12, 2022

য়ুক্ৰাইনৰ সংঘাতঃ পাঁচখন যুদ্ধৰ সংমিশ্রণ


মূলঃ চুজান̖ ৱাট̖কিন্স̖

সংক্ষিপ্ত ভাবানুবাদঃ ময়ূৰ চেতিয়া

এই প্রবন্ধটো পূর্বে “নিউ লেফ̖̖̖ ৰিভিউ” আলোচনীখনৰ অক্টোবৰ ২০২২ সংখ্যাত প্রকাশিত হৈছে।

(১)

আর্নেষ্ট̖ মাণ্ডেলে দ্বিতীয় বিশ্বযুদ্ধখনত পাঁচখন ভিন ভিন ধৰণৰ যুদ্ধসংমিশ্রণ বুলি সংজ্ঞায়িত কৰি গৈছে। প্ৰথমখন যুদ্ধ আছিল - বিশ্ববিজয় অভিলাষী বিভিন্ন সাম্ৰাজ্যবাদী শক্তিবিলাক (জাৰ্মানী, জাপান, আমেৰিকা, ব্ৰিটেইনৰ) মাজ যুদ্ধইয়াৰ বাবে প্ৰত্যাহ্বানকাৰী প্রতিটো শক্তিয়েই অন্ততঃ এটা প্রধান অঞ্চলত নিয়ন্ত্রণ হাছিল কৰাটো প্রয়োজনীয় আছিল। জাপানৰ বাবে এই অঞ্চলটো আছিল চীন আৰু দক্ষিণ-পূব এছিয়াজাৰ্মানীৰ বাবে এই অঞ্চলটো আছিল ছোভিয়েট ইউনিয়নৰ পশ্চিম অংশটো তথা ককেছাছপ্রত্যাহবানকাৰী শক্তিবিলাকে আবিষ্কাৰিছিল যে তেওঁলোক বিজয়ী হবলৈ হলে বাধা সৃষ্টিকাৰী বিৰোধী সাম্ৰাজ্যবাদী শক্তিটোক মোক্ষমভাবে আঘাত কৰিবই লাগিব। জাপানৰ বিৰোধী শক্তিটো আছিল আমেৰিকা, যি তাক প্ৰশান্ত মহাসাগৰী অঞ্চলত আগবঢ়াৰ ক্ষেত্রত বাধা প্রদান কৰিছিল। জাৰ্মানীৰ বিৰোধী শক্তি আছিল  ফ্ৰান্স আৰু ব্ৰিটেইন – যি ইউৰোপ বাৰ্লিনৰ আধিপত্য বৃদ্ধি হোৱাটো মুঠেই বিচৰা নাছিল।

Saturday, June 25, 2022

নির্বাচনী সফলতাৰ দিশেৰে বেলজিয়ামৰ মার্ক্সবাদী দল

 দল নেতা ৰাউল হেডেবউ সৈতে সাক্ষাৎকা

মূলঃ

 https://www.jacobinmag.com/2021/12/workers-party-of-belgium-ptb-raoul-hedebouw-interview

অনুবাদঃ ময়ূ চেতিয়া

 

“১৮৬৯ চনত মার্ক্সে বেলজিয়াম বিষয়ে লিখিছিল যে এইখন হৈছে জমিদা, পুঁজিপতি আৰু পুৰোহিতৰ ক্ষুদ্র ভূস্বর্গ। অথচ আজিৰ দিনত সমগ্র য়ুৰোপৰ ভিতৰতে এই বেলজিয়ামতেই মার্ক্সৰ নামত জন্ম হোৱা মতাদর্শটোৰ বাবে সর্বাধিক আশাৰ বতৰা সৃষ্টি হৈছে” - ইক’নমিষ্ট আলোচনীখনে বেলজিয়ামৰ “পার্টিজ ভেন দে আর্বেইদ ভেন বেলজি (পিটিবি)” বা “বেলজিয়ান শ্রমিক পার্টি”ৰ বিষয়ে লিখিবলৈ গৈ এইদৰে ঘোষণা কৰিছে। বিগত চাৰি দশক ধৰি পিটিবি আছিল এক ক্ষুদ্র আকাৰৰ পৰম্পৰাগত মার্ক্সবাদী-লেনিনবাদী দল, যাৰ সদস্য সংখ্যা কেইশমানৰ মাজতে সীমাদ্ধ আছিলপিছে যোৱা দশকটোত পিটিবিৰ আকাৰ আৰু প্রভা ভীষণভাৱে বৃদ্ধি পাইছে আৰু দেশৰ ৰাজনীতিত ই এক প্রধান শক্তি হিচাপে আত্মপ্রকাশ কৰিছে।

 

২০০৮ চনৰ পাছৰে পৰা দলটোৰ প্রভা ক্রমান্বয়ে বৃদ্ধি হোৱা দেখা যায়। এই সময়ছোৱাতে গোলকীয় আর্থিক সংকটৰ আৰম্ভণি হৈছিল আৰু তাৰ সমান্তৰালভাৱে পিটিবিৰ আভ্যন্তৰীন গাঁথনিটোৰো পৰির্তন সাধন কৰা হৈছিল। ২০০৮ চনত দলটোৰ “নৱায়ন কংগ্রেছ” (ৰিনিৱেল কংগ্রেছ) সম্পন্ন হয় আৰু পিটাৰ মার্টেঞ্চ দলটোৰ নতুন প্রেচিডেণ্ট হিচাপে নিযুক্ত হয়। এই কংগ্রেছতেই দলটোৱে পূর্ব সংকীর্ণতা ত্যাগ কৰাৰ কথা ঘোষণা কৰে আৰু বেলজিয়ামৰ শ্রমিক শ্রেণীটোৰ প্রয়োজনবিলাক মূর্তমান কৰিব পৰাকৈ দলৰ কার্যসূচীসমূহ নতুনকৈ গঢ়াৰ ওপৰত গুৰুত্ব প্রদান কৰেঅচিৰেই এই নৱায়ন কার্যসূচীৰ সফলতা দেখা পোৱা গল দলটোৰ পৰা প্রথমজন সাংসদ নির্বাচিত হল আৰু “জনগণৰ বাবে ঔষধ”ৰ দৰে পার্টি গণমুখী কার্যসূচীসমূহে ব্যাপক জনপ্রিয়তা লাভ কৰিলে। এই কার্যসূচী অধীনত দেশ বিভিন্ন অঞ্চলত প্রাথমিক স্বাস্থ্য কেন্দ্র স্থাপন কৰা হ’ল আৰু শ শ ভলণ্টিয়াৰে সিবিলাকৰিয়তে শ্রমিকসকলক স্বাস্থ্য সেৱা প্রদান কৰিবলৈ ধৰিলে।

 

এই সমগ্র সময়ছোৱাত দলৰ এজন প্রধান নেতা হিচাপে ৰাউল হেডেবউৱে আত্মপ্রকাশ কৰিলে। ২০১৪ চনত দেশৰ সংসদলৈ নির্বাচিত হোৱা দলৰ দুজন নেতাৰ ভিতৰত তেওঁ আছিল অন্যতম।

সংসদত তেওঁ উত্থাপন কৰা তীক্ষ্ণ প্রশ্নবিলাকে অচিৰেই তেওঁক জনগণৰ মাজত জনপ্রিয় কৰি তুলিলে। ২০১৯ চনত দলৰ পৰা ১৮ জনকৈ সাংসদ নির্বাচিত হল আৰু হেডেবউ এই সংসদীয় দলটোৰ নেতা হিচাপে পৰিগণিত হল। ২০২১ চনৰ ডিচেম্বৰ মাহত দলটোৰ “ইউনিটি কংগ্রেছ” অনুষ্ঠিত হল আৰু এইবাৰ হেডেবউ পিটিবিৰ নতুন প্রেচিডেণ্ট হিচাপে নিযুক্ত হল। নতুন পদাতিকৰ অনুসন্ধিৎসু পাঠকৰ বাবে ‘জেকোবিন’ আলোচনীয়ে লোৱা ৰাউল হেডেবউৰ এক সাক্ষাৎকাৰৰ অসমীয়া অনুবাদ আগবঢ়োৱা হল

 

বাস্তৱ-সম্ভৱ সমাজবাদৰ অর্থনীতি (সপ্তম অংশ)

  মূলঃ  The Economics of Feasible Socialism by Alec Nove অনুবাদঃ ময়ূৰ চেতিয়া শ্রম বিভাজন মার্ক্সৰ ৰোমান্টিক-য়ুটোপিয়ান চিন্তাধাৰাই ধূসৰ কৰি...