Sunday, December 1, 2024

মিচিচিপিৰ পৰা আন বহু নদীলৈকে: পল ৰবছনৰ সংগীত যাত্ৰা

লেখিকা - প্ৰাচী দেউৰী (সহযোগী অধ্যাপিকা, হংসৰাজ মহাবিদ্যালয়, দিল্লী বিশ্ববিদ্যালয়)

অনুবাদ – ময়ূ চেতিয়া

 

নিগ্রো ভাই আমার পল রবসন

ওরা আমাদের গান গাইতে দেয়না, নিগ্রো ভাই আমার পল রবসন

ওরা ভয় পেয়েছে রবসন

আমাদের রক্ত চোখকে ভয় পেয়েছে

আমাদের দৃপ্ত কন্ঠে ভয় পেয়েছে

আমাদের কুচকাওয়াজে ভয় পেয়েছে রবসন

ওরা বিপ্লবের ডম্বরুতে ভয় পেয়েছে রবসন

              

১৯৫৪ চনত তুৰ্কীৰ কবি নাজিম হিকমেতে পল ৰবছনক (১৮৯৮১৯৭৬) উদ্দেশ্যি এটা কবিতা লিখিছিল, তেওঁ আমেৰিকা চৰকাৰৰ নিৰ্যাতনৰ সন্মুখীন হোৱা আপোচহীন সংগ্রামী শিল্পীজনৰ সৈতে সংহতি(solidarity) প্রকাশ কৰিছিল। এই কবিতাটো সুভাষ মুখোপাধ্যায়ে বাংলালৈ অনুবাদ কৰিছিল, আৰু পৰৱৰ্তী সময়ত কমল সৰকাৰে গীতলৈ ৰূপান্তৰিত কৰিছিল। তাবর্তী কালত বহুতো কণ্ঠশিল্পীয়ে এই গীতটোত কণ্ঠদান কৰিছে, যা ভিতত অন্যতম হৈছে হেমাংগ বিশ্বাস (ইণ্ডিয়ান পিপল̖̖ থিয়েটাৰ এছচিয়েশ্যনৰ সৈতে) তথা অজিত পাণ্ডে[1]

Friday, November 29, 2024

শান্তি ভংগ


গোটেই ৰাতি টোপনি নাহিল
গোটেই ৰাতি কুকুৰবোৰে ভুকি থাকিল
গোটেই ৰাতি উন্মত্ত শ্লগানবিলাক দিয়া হল
গোটেই ৰাতি ভয়াবহ বাদ্যবোৰ বজোৱা হল।
গোটেই ৰাতি কিবা ভগা-ছিগাৰ শব্দ আহি থাকিল।

কিন্তু তেতিয়া হেনো শান্তি ভংগ নহল।
অন্ততঃ অনুসন্ধানৰ পাছত এয়াই কোৱা হল।

শান্তি ভংগ তেতিয়াহে হল
যেতিয়া দ্বিতীয় দিনা এটা ডেকা লৰাই
দেশৰ বিষয়ে বিনাই এটা দুখৰ গান গালে।

মূল কবি (হিন্দী )- ৰাজেন্দ্ৰ ৰাজন
অনুবাদ - ময়ূৰ চেতিয়া

Friday, September 6, 2024

বাওঁপন্থীৰ বিষাদ আৰ নিৰাময়ৰ উপায়

প্ৰতিটো যুগতে [সংগ্রামী] পৰম্পৰাবিলা যথাস্থিতিবাদে(conformism) গ্রাস ৰিবলৈ চেষ্টা ৰি থাকে। সেয়েহে প্রতিটো যুগতে এই পৰম্পৰাবিলা ৰক্ষা কৰিবলৈ প্রচেষ্টাও চলাব লাগিব যিসকল ইতিহাসবিদে উপলব্ধি কৰিবলৈ সক্ষম যে শতৰুৰ হাতত মৃতকসকলো সুৰক্ষিত নহয়, সেইসকল ইতিহাসবিদেহে অতীতৰ বুকুত আশাৰ স্ফুলিংগ সৃষ্টি কৰি পাৰিব।

-   ৱাল্টা বেঞ্জামিন, “থেছিছ অন দা ফিলচফি অফ হিস্ট্রি” (Illuminations: Walter Benjamin, Essays, and Reflections)

Saturday, January 6, 2024

ৰামৰ অযোধ্যা

 মূলঃ সৰোজ মিশ্ৰ

https://kafila.online/2024/01/02/rams-ayodhya-saroj-mishra/

অনুবাদঃ ময়ূ চেতিয়া

 

কোৱা হয় -  ৰামৰ জন্ম অযোধ্যাত হৈছিল, তাতেই খেলা-ধুলা কৰিছিল,  ডাঙৰ-দীঘল হৈছিল, তাৰানিৰ্বাসনলৈ পঠোৱা হৈছিল, তথা উভতি আহি তেওঁ তাতেই শাসন কৰিছিল। এসময়ত তেওঁৰ জীৱনৰ প্ৰতিটো মুহূৰ্তক স্মৰণ কৰি একো-কোটা মন্দিৰ নিৰ্মাণ কৰা হল তেওঁ য’ত খেলিছিল, তাত নির্মিত হ’ল গুলেলা মন্দিৰ। পঢ়া-শুনা কৰা ঠাইখনত নির্মান কৰা হ’ল বশিষ্ঠ মন্দিৰ তেওঁ য'ত বহি শাসন কৰিছিল, তাতো এটা মন্দিৰ নির্মান কৰা হ’ল য’ত খাদ্য খাইছিল, সেয়া হ’লগৈ সীতা চুভৰতে যত বাস কৰিছিল, তাত নির্মাণ কৰা হ’ল ভ মন্দিৰ। লগতে নির্মাণ কৰা হ’ল হনুমান মন্দিৰ,  কোপ ভৱন, সুমিত্ৰা মন্দিৰ, ৰথ ভৱন। সম্প্রতি অযোধ্যাত এনে বিটা মন্দিৰ আছে,  যিবিলাকক ৪০০-৫০০ পূর্বে নির্মাণ কৰা হৈছিল অৰ্থাৎ ভাৰতবৰ্ষত মোগল বা মুছলমানৰ শাসন চলি থকাৰ সময়তে এই মন্দিৰসমূহ নিৰ্মাণ কৰা হৈছিল।

Wednesday, December 20, 2023

এন্টোনিও নেগ্রিলৈ শ্রদ্ধাঞ্জলি

এই সপ্তাহটোত ৯০ বছৰ বয়সত মৃত্যু হোৱা এন্টোনিও নেগ্রি আছিল ১৯৬০ আৰু ১৯৭০ দশকৰ ইটালীৰ সামাজিক-ৰাজনৈতিক বিস্ফোৰণে সৃষ্টি কৰা আটাইতকৈ প্ৰভাৱশালী মাৰ্ক্সবাদী চিন্তাবিদ।

ইউৰোপৰ প্রসংগত পৰ্তুগীজ বিপ্লৱৰ উদাহৰণটো বাদ দিলে, ইটালীতেই এই সময়ছোৱাৰ সামাজিক সংগ্রামবিলাক শীর্ষ স্থানত উপনীত হৈছিল বুলি কব পৰা যায়। ১৯৬৯ চনৰ উষ্ম শৰৎকালচোৱাত ছাত্ৰ বিদ্ৰোহৰ সৈতে এলানি স্বতঃস্ফূর্ত শ্রমিক ধর্মঘটৰ মিলন ঘটিছিল। শ্ৰমিক শ্রেণী আৰু ছাত্ৰ সমাজৰ  ক্রমবর্ধমান ৰেডিকেল কার্যকলাপে সমগ্র ইউৰোপৰে সর্ববৃহৎ উগ্র বাওঁপন্থী শক্তিটোৰো জন্ম দিছিল।

Saturday, November 25, 2023

ছিকিমৰ নদীবান্ধ, বানপানী আৰু স্থানীয় ৰাইজৰ বিৰোধিতা

 সাম্প্রতিক প্রতিবেদন

 মূলঃ বৈষ্ণৱী ৰাঠোড়

মূল প্রকাশন - https://scroll.in/article/1057269/ticking-time-bombs-sikkim-floods-a-reminder-of-why-locals-opposed-dams-in-the-himalayas-for-years

চাৰি অক্টোবৰ ২০২৩ চনপুৱতি নিশা, ছিকিমৰ উত্ত অঞ্চল। হঠাৎ অহা এক বানপানীয়ে ছিকিমৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্ৰকল্প ১২০০ মেগাৱাট শক্তিৰ তিস্তা তৃতীয় উটুৱাই লৈ গ’ল। নামনিগেংটক, নামচি আৰু পাকয়ং জিলা ই ভীষণ তাণ্ড সৃষ্টি কৰিলে৮ অক্টোবৰৰ সন্ধিয়া ছিকিম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি এতিয়ালৈকে ৩৩ জন লোকৰ মৃত্যু হৈছে আৰু ১০৫ জন নিৰুদ্দেশ হৈছে।

Monday, December 12, 2022

য়ুক্ৰাইনৰ সংঘাতঃ পাঁচখন যুদ্ধৰ সংমিশ্রণ


মূলঃ চুজান̖ ৱাট̖কিন্স̖

সংক্ষিপ্ত ভাবানুবাদঃ ময়ূৰ চেতিয়া

এই প্রবন্ধটো পূর্বে “নিউ লেফ̖̖̖ ৰিভিউ” আলোচনীখনৰ অক্টোবৰ ২০২২ সংখ্যাত প্রকাশিত হৈছে।

(১)

আর্নেষ্ট̖ মাণ্ডেলে দ্বিতীয় বিশ্বযুদ্ধখনত পাঁচখন ভিন ভিন ধৰণৰ যুদ্ধসংমিশ্রণ বুলি সংজ্ঞায়িত কৰি গৈছে। প্ৰথমখন যুদ্ধ আছিল - বিশ্ববিজয় অভিলাষী বিভিন্ন সাম্ৰাজ্যবাদী শক্তিবিলাক (জাৰ্মানী, জাপান, আমেৰিকা, ব্ৰিটেইনৰ) মাজ যুদ্ধইয়াৰ বাবে প্ৰত্যাহ্বানকাৰী প্রতিটো শক্তিয়েই অন্ততঃ এটা প্রধান অঞ্চলত নিয়ন্ত্রণ হাছিল কৰাটো প্রয়োজনীয় আছিল। জাপানৰ বাবে এই অঞ্চলটো আছিল চীন আৰু দক্ষিণ-পূব এছিয়াজাৰ্মানীৰ বাবে এই অঞ্চলটো আছিল ছোভিয়েট ইউনিয়নৰ পশ্চিম অংশটো তথা ককেছাছপ্রত্যাহবানকাৰী শক্তিবিলাকে আবিষ্কাৰিছিল যে তেওঁলোক বিজয়ী হবলৈ হলে বাধা সৃষ্টিকাৰী বিৰোধী সাম্ৰাজ্যবাদী শক্তিটোক মোক্ষমভাবে আঘাত কৰিবই লাগিব। জাপানৰ বিৰোধী শক্তিটো আছিল আমেৰিকা, যি তাক প্ৰশান্ত মহাসাগৰী অঞ্চলত আগবঢ়াৰ ক্ষেত্রত বাধা প্রদান কৰিছিল। জাৰ্মানীৰ বিৰোধী শক্তি আছিল  ফ্ৰান্স আৰু ব্ৰিটেইন – যি ইউৰোপ বাৰ্লিনৰ আধিপত্য বৃদ্ধি হোৱাটো মুঠেই বিচৰা নাছিল।

বাস্তৱ-সম্ভৱ সমাজবাদৰ অর্থনীতি (সপ্তম অংশ)

  মূলঃ  The Economics of Feasible Socialism by Alec Nove অনুবাদঃ ময়ূৰ চেতিয়া শ্রম বিভাজন মার্ক্সৰ ৰোমান্টিক-য়ুটোপিয়ান চিন্তাধাৰাই ধূসৰ কৰি...