Original: The Revolutionary Ideas of Karl Marx by Alex Callinicos
Translation: Mayur Chetia
Translation: Mayur Chetia
হেগেলে এক যুক্তিবাদী পদ্ধতি আৱিষ্কাৰ কৰিছিল, কিন্তু
একেসময়তে ই বিভিন্ন প্রকাৰৰ ৰহস্যবাদৰ মাজত আৱদ্ধ হৈ ৰৈছিল। ভবিষ্যতে আকৌ যদি কোনো সুযোগ পাওঁ, সাধাৰণ পাঠকৰ সুবিধার্থে এই
পদ্ধতি সম্পর্কে দুই বা তিনি পৃষ্ঠা মান লিখাৰ কথা ভাবিছোঁ। (এংগেলছলৈ মার্ক্সৰ
পত্র, জানুৱাৰী, ১৮৫৮ চন)।
মার্ক্সৰ এই ইচ্ছা কেতিয়াও পূর্ণ নহল। ফলতঃ
আজি বহুদিন ধৰি মার্ক্সৰ পদ্ধতি বিষয়ক বিভিন্ন আলোচনাই মার্ক্সবাদীসকলৰ মাজত তীব্র
বিতর্কৰ সৃষ্টি কৰি আহিছে। বর্তমানৰ অধ্যায়টোত এই সম্পর্কীয় সকলোবোৰ দিশ উল্লেখ কৰাটো
সম্ভৱপৰ নহ’ব। বৰঞ্চ থুলমূলকৈ কিছু কথাৰ অৱতাৰণা কৰি পাঠকৰ আগ্রহ বৃদ্ধি কৰাটোৱেই
হৈছে এই অধ্যায়ৰ উদ্দেশ্য।