৩) প্রতিযোগিতা, দাম আৰু লাভ
পুঁজি গ্রন্থখনিৰ প্রথম খণ্ডটোত পুঁজিবাদী উৎপাদন প্রক্রিয়া বিষয়ক
বিশ্লেষণখিনি যথেষ্ঠ উচ্চ বিমূর্ত পর্যায়ত কৰা হৈছিল। মার্ক্সে সেই সময়ত ধৰি লৈছিল
যে পণ্যৰ বিনিময় সিবিলাকত সুমাই থকা মূল্যৰ পৰিমাণ অনুসৰিয়েই হয়; অর্থাৎ পণ্য
উৎপাদন কৰোঁতে খৰছ হোৱা সামাজিকভাৱে
প্রয়োজনীয় শ্রম সময়ৰ অনুপাত অনুসৰিয়েই হয়। পিছে প্রতিযোগিতাই কেনেধৰণৰ প্রভাৱ
পেলায়, পণ্যৰ চাহিদা তথা যোগানে কেনেদৰে বজাৰ দাম নির্ধাৰণ কৰে, এইসমূহ দিশ মার্ক্সে
তেতিয়ালৈকে এৰাই চলিছিল।
এই পদ্ধতিটো যুক্তিসংগত আছিল কিয়নো মার্ক্সে পুঁজিবাদী উৎপাদন প্রণালীৰ
মূল বৈশিষ্ট্যসমূহ বুজিবলৈ যত্ন কৰিছিল আৰু কেনেদৰে সিবিলাকৰ উৎস উদ্বৃত্ত মূল্য
আহৰণৰ মাজত পোৱা যায়, সেয়া দর্শাবলৈ চেষ্টা কৰিছিল। অর্থাৎ কোনো বিশেষ পুঁজিৰ বিপৰীতে
মার্ক্সে ‘সাধাৰণ স্তৰত পুঁজিৰ বিশ্লেষণ’ কৰিবলৈ চেষ্টা কৰিছিল। তেওঁ স্বীকাৰ কৰি
লৈছিল যে এক উচ্চ পর্যায়ৰ বিমূর্তকৰণৰ
দ্বাৰাহে ই সম্ভৱপৰ হৈছেঃ
বিমূর্তকৰণৰ দ্বাৰা
পুঁজিৰ বিশেষ বৈশিষ্টসমূহ পোহৰলৈ অনা হৈছে; এই বিশেষ বৈশিষ্টসমূহৰ পৰীক্ষণৰ দ্বাৰাই
কেনেদৰে পুঁজি সম্পদৰ অন্যান্য ৰূপসমূহতকৈ পৃথক – সেয়া বুজি পোৱাটো সম্ভৱপৰ
হৈছে...এই বৈশিষ্টসমূহ সকলো পুঁজিতে দেখা পোৱা যাব, সিবিলাকৰ উপস্থিতিৰ ফলতেই
মূল্যৰ প্রতিটো নির্দিষ্ট সমষ্টি পুঁজিলৈ পৰিণত হয়। (Grundrisse, p. 449).
‘সকলো পুঁজিতে দেখা পোৱা এই বৈশিষ্টসমূহ’ৰ সাৰমর্ম হৈছে যে পুঁজি মাত্রেই
হৈছে মূল্যৰ স্ব-সম্প্রসাৰণ। উৎপাদনৰ ক্ষেত্রখনত শ্রমিকৰ শোষণৰ দ্বাৰাই এই
সম্প্রসাৰণ সম্ভৱপৰ হয়।
সামাজিক উৎপাদনৰ অন্যান্য ব্যৱস্থাৰ বিপৰীতে পুঁজিবাদৰ এটা অনন্য বিশেষত্ব
হৈছে যে ইয়াৰ অধীনত উদ্বৃত্ত শ্রমে উদ্বৃত্ত মূল্যৰ ৰূপ ধাৰণ কৰেঃ ‘এই উদ্বৃত্ত
মূল্য হৈছে এনে এটি বিশেষ আর্থিক ৰূপ যাৰ মাধ্যমেৰে প্রত্যক্ষ্য উৎপাদনকর্তাৰ পৰা
উদ্বৃত্ত শ্রম উলিয়াই অনা হয়’ (Capital, Vol. 3, p. 791) । পুঁজিবাদী উৎপাদন সম্পর্কবোৰৰ আধাৰ কত
লুকাই আছে,
সেয়া বুজিবলৈ ‘সাধাৰণ ৰূপত পুঁজিৰ বিশ্লেষণ’ কৰা হৈছিল। পিছে আন এটা স্তৰতো মার্ক্সে পুঁজিবাদৰ
বিশ্লেষণ কৰিছে। আমি ইতিমধ্যেই উল্লেখ কৰিছোঁ যে পুঁজিবাদী উৎপাদন প্রণালীৰ অধীনত
দুই ধৰণৰ পৃথকীকৰণ ঘটেঃ ১) শ্রম শক্তি আৰু উৎপাদন সমলৰ পৃথকীকৰণ; যি মজুৰী শ্রম আৰু পুঁজিৰ আন্তঃসম্পর্ক গঢ়ি তোলে আৰু যি
উদ্বৃত্ত মূল্যৰ আহৰণ সম্ভৱপৰ কৰি তোলে। ২) উৎপাদনৰ বিভিন্ন ইউনিটসমূহৰ পৃথকীকৰণ,
কিয়নো পুঁজিবাদৰ অধীনত বিভিন্ন ক্ষেত্রসমূহত সামাজিক শ্রম বিতৰণ কৰাৰ কোনো সমূহীয়া
পদ্ধতি নাথাকে। নিজ উৎপাদিত পণ্যসমূহৰ বিনিময়ৰ মাজেদিয়েই উৎপাদকসকল ইজন সিজনৰ
সংস্পর্শলৈ আহে।
পুঁজিবাদৰ এটা বৈশিষ্ট হৈছে যে কোনো এজন উৎপাদকেই অর্থনীতিখন নিয়ন্ত্রণ কৰিব
নোৱাৰে। মার্ক্সৰ ভাষাত ‘পুঁজি কেৱল অগণন পুঁজিৰ ৰূপতহে অস্তিত্বমান হব পাৰে’
(Grundrisse, p. 414) ।
এই ‘বহুতো পুঁজিৰ পৰিমণ্ডল’টো আন একো নহয়, বৰং ই হৈছে প্রতিযোগিতাৰ
ক্ষেত্রখন মাত্র। বজাৰত বিভিন্ন পুঁজিয়ে ইটো সিটোৰ লগত প্রতিযোগিতাত নামে যাতে বিভিন্ন
চেক্টৰসমূহ নিজৰ নিয়ন্ত্রণলৈ আনিব পৰা যায়। এই পুঁজিসমূহৰ ব্যৱহাৰ পাতি বুজিবলৈ
হলে মার্ক্সৰ ‘সাধাৰণ ৰূপত পুঁজিৰ বিশ্লেষণ’লৈ
নিশ্চয় মন দিব লাগিব; বিশেষকৈ উৎপাদন প্রক্রিয়াটোৰ প্রতি চকু দিব লাগিব। উৎপাদনৰ
প্রক্রিয়াটোত মূল্যৰ স্ব-সম্প্রসাৰণৰ ফলাফলস্বৰূপেই সিবিলাকে পুঁজি পৰিচিতি লাভ কৰে। কিন্তু
এটি বিশেষ অর্থত –
প্রতিযোগিতা বিষয়ক মার্ক্সৰ বিশ্লেষণখিনিয়েহে তেওঁৰ উৎপাদন বিষয়ক বিশ্লেষণখিনিক
সম্পূর্ণ কৰিছে।
এই কথাখিনি ভালকৈ বুজিবলৈ পুঁজি গ্রন্থখনিৰ তিনিওটা খণ্ড কেনেদৰে ভাগ ভাগ
কৰা হৈছে, সেই বিষয়ে কিছু কথা জানি লওঁ আহক। প্রথম খণ্ডটোত উৎপাদন প্রক্রিয়া
সম্পর্কে বিশ্লেষণ কৰা হৈছে। পিছে কেৱল উৎপাদন কৰিলেইতো নহব, বজাৰত পণ্যবিধ বিক্রয়
কৰিবওতো লাগিব! যিহেতু পুঁজিবাদ হৈছে ‘সার্বজনীন পণ্য উৎপাদন’ৰ এক ব্যৱস্থা,
সেয়েহে শ্রমিকৰ পৰা আহৰণ কৰা উদ্বৃত্তখিনি তেতিয়াহে পুঁজিপতিৰ হাতলৈ আহিব, যেতিয়া
পণ্যখিনি তেওঁ বজাৰত বেচিব পাৰিব। মনত পেলাওঁক যে এই পণ্যখিনিতেই শ্রমিক সৃষ্ট
মূল্যসমূহ সোমাই থাকে। পণ্য বিক্রয়ৰ দ্বাৰা মূল্য হাতলৈ অনা এই প্রক্রিয়াটো –
অর্থাৎ টকাৰ ৰূপত মূল্যৰ পৰিবর্তন – সম্ভৱপৰ হবলৈ হলে বজাৰৰ অস্তিত্ব থাকিব লাগিব –
য’ত অহৰহ পণ্যৰ প্রবহন ঘটি থাকে।
পুঁজিৰ দ্বিতীয়টো খণ্ডটোত মার্ক্সে পণ্যৰ প্রবহন সম্পর্কে আলোচনা কৰিছে আৰু
দুই ধৰণে তাৰ তাৎপর্য ব্যাখ্যা কৰিছে। প্রথমে মার্ক্সে পুঁজিৰ বিভিন্ন চার্কিট(circuit) সম্পর্কে
আলোচনা কৰিছেঃ কেনেদৰে নগদ পুঁজি শ্রম শক্তি তথা উৎপাদন সমললৈ ৰূপান্তৰিত হয়,
কেনেদৰে সিবিলাকে পণ্য উৎপাদন কৰে আৰু কেনেদৰে শেহান্তৰত পণ্য বিক্রী কৰি অধিক নগদ
আর্জন কৰা হয়। (মন কৰক যে উৎপাদন
প্রক্রিয়াটোত সৃষ্টি হোৱা মূল্যখিনি লাভ কৰিবলৈ হলে পণ্য প্রবহনৰ অস্তিত্ব থাকিব
লাগিব। বজাৰত বেচিব নোৱাৰিলে মূল্যখিনি হস্তগত কৰিব নোৱাৰি। )
মার্ক্সে তাৰ পাছত দর্শাইছে যে
কেনেদৰে বিভিন্ন পুঁজিৰ চার্কিটসমূহ ইটো
সিটোৰ লগত সংযুক্ত হৈ পৰে আৰু কেনেদৰে সিবিলাকে সমস্ত অর্থনীতিখনৰ পুনঃউৎপাদন সম্ভৱপৰ
কৰি তোলে। অৱশ্যে সদ্যহতে পুঁজিৰ দ্বিতীয় খণ্ডটো সম্পর্কে বিতংকৈ আলোচনা কৰাটো
সম্ভৱপৰ নহ’ব। মন কৰিবলগীয়া কথাটো হৈছে যে পুঁজিৰ তৃতীয় খণ্ডটোতহে প্রতিযোগিতাৰ
প্রভাৱসমূহৰ তাৎপর্য স্পষ্টকৈ ওলাই পৰে। এইটো
খণ্ডত মার্ক্সে পুঁজিবাদী উৎপাদন ব্যৱস্থাটোক সামগ্রিকভাৱে বিশ্লেষণ কৰিছে। যিহেতু উৎপাদন
প্রক্রিয়াটোত সৃষ্টি হোৱা মূল্যখিনি হস্তগত কৰিবলৈ হলে পণ্য প্রবহনৰ অস্তিত্ব
থাকিব লাগিবঃ
সেয়েহে পুঁজিবাদী
উৎপাদন প্রক্রিয়াটোৱে উৎপাদন আৰু প্রবহন – এই দুয়োটা প্রক্রিয়াৰ মিলনকে প্রতিফলিত
কৰে। এই কিতাপখনত আমি দর্শাইছোঁ যে কেনেদৰে পুঁজিৰ বিভিন্ন ৰূপৰ ক্রমবিকাশৰ
প্রক্রিয়াত একোটাহঁত নির্দিষ্ট ৰূপে...সমাজৰ উপৰিভাগত কেনে ৰূপ ধাৰণ কৰে, কেনেদৰে
ইটোৱে সিটোৰ ওপৰত ক্রিয়া কৰে, প্রতিযোগিতা কেনেকৈ আগবাঢ়ে, কেনেদৰে উৎপাদনৰ
এজেণ্টসমূহৰ চেতনাত সিবিলাকে প্রভাৱ পেলায় (Capital, Vol. 3, p. 26) ।
প্রতিযোগিতাৰ হেঁচাৰ ফলতেই একোজন উৎপাদকে পুঁজিৰ ৰূপত ক্রিয়া কৰিবলৈ বাধ্য
হয়। প্রতিযোগিতাৰ ওপৰত মূল্য তত্ত্বও নির্ভৰশীল বুলি কব পাৰি (মনত পেলাওঁকঃ মূল্য
তত্ত্ব মতে পণ্যসমূহৰ বিনিময় সিবিলাকৰ উৎপাদনত খৰছ হোৱা ‘সামাজিকভাৱে প্রয়োজনীয়
শ্রম সময়’ অনুসৰি হয়)। এই নির্ভৰশীলতাৰ প্রকাৰ হৈছে দুটা।
মার্ক্সে পণ্য একোটাৰ ‘মূল্য’ তথা তাৰ ‘বজাৰ দাম’ –এই দুয়োটাৰ মাজত কেতবোৰ
পার্থক্য চিহ্নিত কৰিছে। মূল্য হৈছে পণ্যবিধৰ নির্মাণত খৰছ কৰা সামাজিক শ্রম;
আনহাতে বজাৰ দাম হৈছে পণ্যবিধৰ বিনিময়ত আগবঢ়োৱা টকাৰ পৰিমাণ। প্রায়েই বজাৰ দাম
মূল্যতকৈ পৃথক হব কিয়নো যোগান আৰু চাহিদাৰ হেন্দোলনিৰ প্রভাৱ বজাৰ দামৰ ওপৰত পৰে। মার্ক্সৰ মতে সময়ৰ লগে লগে এই
হেন্দোলনিবোৰে নিজকে নিজে নাকচ কৰে।
পণ্যৰ মূল্য পিছে তাৰ নির্মাণত খৰছ হোৱা ‘সামাজিকভাৱে প্রয়োজনীয়’ শ্রম
অনুসৰিহে নির্ধাৰিত হয়। ই পণ্যবিধৰ নির্মাণত খৰছ হোৱা প্রকৃত শ্রমখিনিতকৈ কম বেছি
পৰিমাণৰ হ’ব পাৰে। মার্ক্সে সেয়েহে পণ্য একোটাৰ ব্যক্তিগত মূল্য তথা তাৰ সামাজিক/
বজাৰ মূল্যৰ মাজত কেতবোৰ পার্থক্য অংকন কৰিছে। পণ্যৰ সামাজিক বা বজাৰ মূল্যই সেই
উদ্যোগ/চেক্টৰটোৰ উৎপাদন পৰিস্থিতিৰ কথা সূচীত কৰে। পণ্যৰ বজাৰ মূল্য উৎপাদনৰ সেই
চেক্টৰটোত থকা বিভিন্ন পুঁজিৰ মাজত হোৱা প্রতিযোগিতাই নির্ধাৰণ কৰে। প্রতিটো পুঁজিয়েই আন আন
পুঁজিক হৰুৱাই বজাৰখনৰ সৰহভাগ অংশ দখল কৰিবলৈ বিচাৰে। উৎপাদন
পৰিস্থিতিৰ অৱস্থা
উন্নত কৰি – অর্থাৎ নিজৰ পণ্যসমূহৰ মূল্য হ্রাস কৰি এই কামফেৰা কৰিবলৈ যত্ন কৰা হয়
(আনৰ তুলনাত কম সময়তে পণ্যবিধ নির্মাণ কৰিবলৈ চেষ্টা কৰা হয়)। ইয়াৰ
ফলস্বৰূপে পণ্যবিধৰ
এক বজাৰ মূল্য সৃষ্টি হয়। উদ্যোগৰ সেই বিশেষ চেক্টৰটোত উৎপাদনৰ গড় পৰিস্থিতিত উৎপন্ন হোৱা পণ্যৰ মূল্যয়েই হৈছে
বজাৰ মূল্য। প্রতিযোগিতাৰ
ফলত একোজন পুঁজিপতি-বিশেষৰ পণ্যসমূহ বজাৰ মূল্যত বিক্রী কৰা হব। যদি একোজন
পুঁজিপতিৰ নিজ উৎপাদিত সামগ্রীসমূহৰ ব্যক্তিগত মূল্য সামগ্রীটোৰ বজাৰ মূল্যতকৈ কম
বা বেছিও হয় (অর্থাৎ সিবিলাকক নির্মাণ কৰোঁতে গড় সময়তকৈ কম বা বেছি সময় দৰকাৰ হয়),
তথাপিও কিন্তু পণ্যবিধ বজাৰ মূল্যতেই
বিক্রী কৰা হব।
প্রতিযোগিতাৰ ওপৰত মূল্য তত্ত্বই আন এটা ধৰণেও নির্ভৰ কৰে। পণ্যসমূহ
হৈছে ‘পুঁজিৰ
প্রডাক্ট’। পুঁজিপতিয়ে পণ্য উৎপাদনৰ কামত পুঁজি বিনিয়োগ কিয় কৰে? চখত নিশ্চয় নকৰে!
বৰঞ্চ তেওঁলোকে উদ্বৃত্ত মূল্য হাছিল কৰিবলৈকে পুঁজি বিনিয়োগ কৰে। অধ্যায়টোৰ পূর্বৰ অংশটোত আমি
ইতিমধ্যেই দেখিছোঁ যে উদ্বৃত্ত মূল্যৰ উৎস হৈছে অস্থায়ী পুঁজি(variable capital) –
অর্থাৎ শ্রমিকসকল যাক মজুৰীৰ বিনিময়ত মালিকে কামত নিযুক্ত কৰে। পিছে
মজুৰী দিয়েই
মালিকে উৎপাদন কার্য আৰম্ভ কৰিব নোৱাৰে। তাৰ লগতে মেছিন, কেঁচা মাল, কার্যস্থলী আদি যোগাৰ কৰাটোও
প্রয়োজনীয় হৈ পৰে। সিবিলাকৰ
বিপৰীতেও মালিকে পুঁজি বিনিয়োগ কৰে যাক স্থায়ী পুঁজি বোলা হয়।
সেয়েহে মালিকে যেতিয়া লাভ লোকচানৰ হিচাপ কৰে, তেতিয়া কেৱল অস্থায়ী পুঁজিৰ
বাবে নিয়োগ কৰা টকাখিনিৰ ভিত্তিতে তেওঁ হিচাপ নকৰে। বৰঞ্চ তেওঁৰ সমস্ত বিনিয়োগ
অর্থাৎ স্থায়ী আৰু অস্থায়ী দুয়োবিধৰ বিনিয়োগৰ বিনিময়ত কিমান লাভ হল – এনেকৈ হিচাপ কৰে।
এই দিশটোৰ প্রতি লক্ষ্য ৰাখি মার্ক্সে উদ্বৃত্ত মূল্যৰ হাৰ আৰু লাভৰ হাৰ –
এই দুয়োটাকে পৃথক পৃথক কৰিছে। উদ্বৃত্ত মূল্যৰ হাৰ হৈছে উদ্বৃত্ত মূল্য আৰু অস্থায়ী
পুঁজিৰ অনুপাত। ইয়াৰ দ্বাৰা শ্রম শক্তিৰ শোষণৰ ডিগ্রী বুজি পোৱা যায়। আনহাতে লাভৰ
হাৰ হৈছে উদ্বৃত্ত মূল্য আৰু মুঠ পুঁজিৰ অনুপাত। (মুঠ পুঁজি = স্থায়ী + অস্থায়ী
পুঁজি)। এক ব্যৱস্থা ৰূপে পুঁজিবাদক বুজাৰ ক্ষেত্রত উদ্বৃত্ত মূল্যৰ হাৰ হৈছে
প্রাথমিক ধাৰণা কিয়নো শ্রম শক্তিয়েই হৈছে সকলো মূল্যৰ উৎস। কিন্তু পুঁজিপতিৰ
দৃষ্টিৰে লাভৰ হাৰেই হৈছে মূল কথা কিয়নো তেওঁ মুঠ বিনিয়োগৰ বিনিময়ত কিমান লাভ আহৰণ
কৰিছে, তাৰ ভিত্তিতেই হিচাপ কৰে।
নিশ্চিতভাৱেই দুয়োটা হাৰ ভিন ভিন হ’ব। উদাহৰণস্বৰূপে ধৰা যাওঁক এজন
পুঁজিপতিয়ে সপ্তাহত ৫০ টকাকৈ ১০০ জন শ্রমিক নিযুক্ত কৰিছে। তেওঁৰ মুঠ মজুৰী বিল –
অর্থাৎ অস্থায়ী পুঁজি হ’ব – এসপ্তাহত ৫,০০০ টকা। যদিহে উদ্বৃত্ত মূল্যৰ হাৰ হয় ১০০
শতাংশ, তেনেহলে প্রতি সপ্তাহে সৃষ্টি হোৱা উদ্বৃত্ত মূল্যৰ পৰিমাণ হব ৫,০০০ টকা।
এয়াই হৈছে তেওঁৰ লাভ (পুঁজিপতিজনে প্রথমে ৫,০০০ টকা বিনিয়োগ কৰিছে, ৫,০০০ টকা অতিৰিক্ত
লাভ কৰিছে আৰু শেহত তেওঁৰ হাতলৈ মুঠ ১০,০০০ টকা আহিছে)।
কিন্তু ধৰা হওঁক পুঁজিপতিজনে মেচিন, কেঁচামাল, কর্মগৃহ আদিৰ বাবে প্রতি
সপ্তাহত ২,৫০০০ টকা খৰছ কৰিছে। এয়া হৈছে তেওঁ বিনিয়োগ কৰা স্থায়ী পুঁজি। তেনেহলে
প্রতি সপ্তাহত তেওঁ বিনিয়োগ কৰা মুঠ পুঁজি হব – ৭,৫০০ টকা আৰু সেই হিচাপত লাভৰ হাৰ
হব – লাভ আৰু মুঠ পুঁজিৰ অনুপাত – অর্থাৎ ৫,০০০:
৭,৫০০ অর্থাৎ ৬৭ শতাংশ।
মার্ক্সৰ মতে এই লাভৰ হাৰৰ অস্তিত্বৰ বাবেই প্রতিযোগিতাই প্রকৃত উৎপাদন
সম্পর্কবোৰ লুকুৱাই ৰাখিবলৈ সক্ষম হয়। কিয়নো দৈনন্দিন হিচাপ-নিকাচত পুঁজিপতিয়ে
‘উদ্বৃত্ত মূল্যৰ হাৰ’ৰ বিপৰীতে ‘লাভৰ হাৰ’হে ব্যৱহাৰ কৰে। যিহেতু
লাভৰ হাৰে
উদ্বৃত্ত মূল্যক কেৱল অস্থায়ী পুঁজিৰ বিপৰীতে মুঠ পুঁজিৰ সৈতে তুলনা কৰে, সেয়েহে
উদ্বৃত্ত মূল্যৰ উৎপাদক হিচাপে শ্রম শক্তি
ভূমিকাৰ কথাটো তল পৰি যায়। এনে অনুভৱ হয় যেন উৎপাদন সমল ক্রয় কৰোঁতে ব্যৱহাৰ কৰা
স্থায়ী পুঁজিয়েও মূল্য আৰু উদ্বৃত্ত মূল্য সৃষ্টি কৰে। ই হৈছে পণ্য ভ্রম(commodity
fetishism)ৰ অন্যতম উদাহৰণ। পুঁজিবাদী অর্থনীতিখনৰ কার্যপদ্ধতিয়ে এনে ধাৰণা সৃষ্টি
কৰে যেন মানুহৰ সামাজিক সম্পর্কসমূহ কোনো নিষ্ক্রিয় বস্তু – যেনে ব্যৱহাৰ মূল্য
তথা সিবিলাকক সৃষ্টি কৰিবলৈ প্রয়োগ কৰা মেচিন আদিয়ে - নিয়ন্ত্রণ কৰে। যদি
মেচিনেও উদ্বৃত্ত মূল্য সৃষ্টি কৰে বুলি ধৰি লোৱা হয়, তেন্তে শ্রমিকৰ দৰেই পুঁজিপতিয়েও দাবী কৰিব
পাৰে যে তেওঁ লাভ কৰা লাভখিনি তেওঁৰ প্রাপ্য কিয়নো তেঁৱেই মেচিন আদি ক্রয় কৰি
উৎপাদনৰ কামত লগাইছে! অর্থাৎ শ্রমিকে শ্রমৰ বিনিময়ত মজুৰী পাইছে, পুঁজিপতিয়ে
স্থায়ী পুঁজি (কেঁচামাল, মেচিন আদি)ৰ বিনিময়ত লাভ আহৰণ কৰিছে! ইয়াত শোষণৰ প্রসংগ
আহিবই নোৱাৰে! এনেকৈয়ে শ্রমজীৱি জনগণক আভুৱা ভৰা হয়।
সি যি কি নহওঁক, মার্ক্সে লিখিছে যে
বিভিন্ন উদ্যোগত ‘উৎপাদন পৰিস্থিতি’ৰ ভিন্নতা অনুসৰি লাভৰ হাৰ ভিন ভিন হ’ব।
এই কথাটো বুজাবলৈ তেওঁ আন এটা ধাৰণা প্রয়োগ কৰিছেঃ পুঁজিৰ জৈৱিক গঠন (organic
composition of capital)। পুঁজিৰ জৈৱিক গঠন আন একো নহয় বৰং স্থায়ী আৰু অস্থায়ী পুঁজিৰ
অনুপাত মাত্র। অস্থায়ী পুঁজিৰ বিপৰীতে স্থায়ী পুঁজিৰ অনুপাত যদি বেছি হয়, তেনেহলে
পুঁজিৰ জৈৱিক গঠন অধিক বুলি কোৱা হব; যদি কম হয়, তেতিয়া জৈৱিক গঠনো কম বুলি কোৱা
হব। আন কথাত, পুঁজিৰ জৈৱিক গঠনে শ্রম শক্তিৰ বিপৰীতে পণ্যবিধৰ নির্মাণত কিমানখিনি
মেচিন, কেঁচা মাল আদি ব্যৱহাৰ কৰা হল – এই অনুপাতৰ কিছু আভাষ দিয়ে (জৈৱিক গঠনৰ
হিচাপ মূল্যৰ আধাৰত কৰা হয়)।
পুঁজিৰ জৈৱিক গঠনৰ দ্বাৰা শ্রমৰ উৎপাদনশীলতাৰো হিচাপ কৰিব পাৰি। শ্রম
শক্তি যিমানেই দক্ষ হব, সিমানেই অধিক মেচিন শ্রমিকজনে চলাব পাৰিব; সেই অনুসৰি কেঁচামালৰ প্রয়োগো বৃদ্ধি হব। আনফালৰ
পৰা চাবলৈ গলে, শ্রমৰ উৎপাদনশীলতা যিমানেই উচ্চ হব, সিমানেই পুঁজিৰ জৈৱিক গঠনো
উচ্চ হব। লাভৰ হাৰৰ ক্ষেত্রত ইয়াৰ তাৎপর্য কি?
দুজন পুঁজিপতিৰ উদাহৰণ লোৱা যাওঁকঃ ‘ক’ আৰু ‘খ’। দুয়োজনে দুখন ভিন ভিন ঔদ্যোগিক
ক্ষেত্রত বিনিয়োগ কৰিছে। ধৰা হওঁক দুয়োজনৰে মজুৰী বিল সমান – সপ্তাহত ৫,০০০ টকা।
এইবুলিও ধৰা হওঁক যে দুয়োজনৰে উদ্বৃত্ত মূল্যৰ হাৰ সমান, ১০০ শতাংশ। অর্থাৎ
দুয়োজনেই এসপ্তাহত ৫,০০০ টকা লাভ আর্জন কৰে। ‘ক’ই স্থায়ী পুঁজিৰ শিতানত
সপ্তাহত ৫,০০০ টকা বিনিয়োগ কৰে, আনহাতে ‘খ’ই কিন্তু স্থায়ী পুঁজিৰ শিতানত ১০,০০০
টকা বিনিয়োগ কৰে।
‘ক’ৰ ক্ষেত্রত পুঁজিৰ জৈৱিক গঠন (অর্থাৎ স্থায়ী পুঁজি আৰু অস্থায়ী পুঁজিৰ
অনুপাত) হব ৫০০০: ৫০০০ অর্থাৎ ১:১ । তেওঁ
৫,০০০ টকা লাভ আর্জন কৰিছে মুঠ ১০,০০০ টকাৰ পুঁজি বিনিয়োগ কৰি। গতিকে
তেওঁৰ লাভৰ হাৰ
হব – ১০,০০০:৫,০০০ অর্থাৎ ৫০ শতাংশ।
আনহাতে ‘খ’ৰ ক্ষেত্রত পুঁজিৰ জৈৱিক গঠন হৈছে ১০,০০০:৫,০০০ অর্থাৎ ২:১ । আন
কথাত ‘খ’ৰ পুঁজিৰ জৈৱিক গঠন ‘ক’কৈ দুগুণ। ‘খ’ লাভৰ হাৰ হৈছে ৫,০০০:১৫,০০০ অর্থাৎ
মাত্র ৩৩ শতাংশ।
পুঁজিৰ জৈৱিক গঠন যিমানেই উচ্চ হব, যিমানেই বেছি মেচিন তথা কেঁচা-মাল
শ্রমিকে প্রয়োগ কৰিব – সিমানেই লাভৰ হাৰো কমি আহিব। কিয়নো কেৱল শ্রম
শক্তিয়েই যে উদ্বৃত্ত মূল্য সৃষ্টি কৰে!
পুঁজিপতিহঁতৰ লক্ষ্য হৈছে – মুঠ বিনিয়োগৰ বিপৰীতে
অধিকতকৈ অধিক আহৰণ কৰা, আটাইতকৈ বেছি লাভৰ হাৰ আর্জন কৰা। যিহেতু
উৎপাদনৰ বাবে প্রয়োজনীয় মেচিন, কর্মগৃহ, কেঁচামাল আদিৰ পৰিমাণ বিভিন্ন উদ্যোগত ভিন
ভিন হয়, অর্থাৎ কিছুমান উদ্যোগত পুঁজিৰ জৈৱিক গঠন আনবোৰতকৈ অধিক হয়, এনে স্থলত
পুঁজিৰ নদীও তেনেবোৰ উদ্যোগলৈকে বেছিকৈ ববলৈ আৰম্ভ কৰে য’ত লাভৰ হাৰ বেছি হয়;
অর্থাৎ য’ত পুঁজিৰ জৈৱিক গঠন কম হয়। এনে হোৱাটোৱেই স্বাভাৱিক; কিয়নো বাৰু
‘খ’ পুঁজিপতিজনে মাত্র ৩৩ শতাংশ লাভ প্রদান কৰা উদ্যোগটোতে আগলৈয়ো বিনিয়োগ কৰি
থাকিব? তেওঁ দেখোন ‘ক’ উদ্যোগটোত বিনিয়োগ কৰিলে বেছি লাভ আহৰণ কৰিব পাৰিব (প্রায়
৫০ শতাংশ লাভ আর্জন কৰিব পাৰিব)।
বিভিন্ন উদ্যোগৰ মাজত পুঁজিৰ এই যাতায়াতৰ ফলতেই লাভৰ
হাৰ ক্রমশঃ সকলো উদ্যোগতে সমান হৈ পৰে; মার্ক্সে ইয়াক লাভৰ হাৰৰ সমকৰণ(equalization
of the rate of profit) বুলি কৈছে। অর্থাৎ কম লাভজনক উদ্যোগৰ পৰা
অধিক লাভজনক উদ্যোগলৈ পুঁজিৰ গতিৰ ফলত এসময়ত প্রায় সকলো উদ্যোগতে সমান এক লাভৰ হাৰ
সৃষ্টি হয়। ইয়াক লাভৰ সাধাৰণ হাৰ বুলিও কব পারিঃ ই অর্থনীতিখনত বিনিয়োগ কৰা মুঠ সামাজিক পুঁজি তথা উৎপন্ন হোৱা মুঠ উদ্বৃত্ত মূল্যৰ মাজৰ সম্পর্কটোকেই প্রতিফলিত কৰে।
শেহত প্রতিজন পুঁজিপতিয়ে গাইপতি যিমান পুঁজি বিনিয়োগ
কৰিছে, সেই অনুসৰি তেওঁলোকে উদ্বৃত্ত মূল্যৰ ভাগ একোটাহঁত লাভ কৰে। কিন্তু
কাৰোবাৰ পুঁজিৰ ভিতৰত অস্থায়ী পুঁজিৰ অনুপাত অধিক আছিল বুলি তেওঁ অধিক উদ্বৃত্ত
মূল্য লাভ নকৰে। লাভৰ সাধাৰণ হাৰ অস্তিত্বলৈ অহাৰ পাছত পুঁজিপতি একোজনে লাভ
কৰা উদ্বৃত্ত মূল্যৰ ভাগটো অস্থায়ী পুঁজিৰ বিপৰীতে তেওঁ বিনিয়োগ কৰা মুঠ পুঁজি অনুসৰিহে নির্ধাৰিত হয়।
কথাটো ভালকৈ বুজিবলৈ পুণৰ ‘ক’ আৰু ‘খ’ পুঁজিপতি দুজনৰ
উদাহৰণটোলৈ ঘূৰি যোৱা যাওঁক। ধৰা হওঁক সমস্ত অর্থনীতিখনত কেৱল এই দুটা
পুঁজিয়েই আছে। তেন্তে মুঠ উদ্বৃত্ত মূল্য হব ১০,০০০ টকা আৰু মুঠ সামাজিক পুঁজি হব
২৫,০০০ টকা। লাভৰ সাধাৰণ হাৰ হব – ১০,০০০: ২৫,০০০ অর্থাৎ ৪০
শতাংশ। মন কৰক – আগেয়ে ‘ক’ৰ লাভৰ হাৰ আছিল ৫০ শতাংশ, আনহাতে ‘খ’ৰ আছিল ৩৩ শতাংশ।
পিছে এতিয়া দুয়োজন পুঁজিপতিয়েই তেওঁলোকৰ মুঠ পুঁজি অনুসৰি ৪০ শতাংশকৈ লাভ আর্জন কৰিব।
‘ক’ই তেওঁৰ মুঠ পুঁজি ১০,০০০ টকাৰ বিনিময়ত ৪,০০০ টকা লাভ কৰিব; আনহাতে ‘খ’ই তেওঁৰ
মুঠ পুঁজি ১৫,০০০ টকাৰ বিনিময়ত ৬,০০০ টকা লাভ কৰিব। আগেয়ে দুয়োটা কোম্পানীয়েই নিজৰ
শ্রমিকসকলৰ পৰা ৫,০০০ টকাৰ উদ্বৃত্ত মূল্য আহৰণ কৰিছিল, পিছে এতিয়া ১,০০০ টকা দুয়োটা কোম্পানীৰ মাজত স্থানান্তৰণ
কৰা হব। আমাৰ বর্তমানৰ উদাহৰণটোত ‘ক’ পুঁজিপতি পৰা ‘খ’ পুঁজিপতিলৈ
১০০০ টকা স্থানান্তৰিত হব।
এয়া কেনেদৰে সম্ভৱপৰ হল?
দুর্ভাগ্যজনকভাৱে আমাৰ
বর্তমানৰ সৰল মডেলটোৰ দ্বাৰা উদ্বৃত্ত
মূল্যৰ স্থানান্তৰণৰ প্রক্রিয়াটো স্পষ্টকৈ দর্শোৱাটো সম্ভৱপৰ নহব। কিন্ত
তথাপিও কেনেকৈ প্রক্রিয়াটো আৰম্ভ হল – এই সম্পর্কে কিছু থুলমুল কথা আলোচনা কৰিব পাৰি।
‘খ’ পুঁজিপতিজনে যেতিয়া দেখিলে যে ‘ক’ পুঁজিপতিজনে
তেওঁতকৈ অধিক লাভৰ হাৰ আর্জন কৰি আছে, তেতিয়া লগে লগেই তেওঁ নিজেও কেকটোৰ একাংশ
হস্তগত কৰিবলৈ চেষ্টা কৰিব। তেওঁ নিজৰ পুঁজিৰ একাংশ ‘ক’ৰ উদ্যোগবিধত লগাবলৈ যত্ন কৰিব,
যাতে ‘খ’ৰ দৰেই তেৱোঁ
অধিক লাভ আর্জন কৰিবলৈ সক্ষম হয়। ফলত ‘ক’ৰ উদ্যোগবিধত উৎপাদন বৃদ্ধি হব।
যেতিয়ালৈকে চাহিদাতকৈ যোগান অধিক হৈ নপৰে, তেতিয়ালৈকে এই উৎপাদন বৃদ্ধি চলি থাকিব।
যেতিয়া অৱশেষত
চাহিদাতকৈ যোগান অধিক হৈ পৰিব, তেতিয়া পণ্যৰ দামো কমি আহিব। ফলত পণ্যসমূহ সিবিলাকৰ
মূল্যতকৈ কম দামত বেচিব লগা হব আৰু ‘ক’ৰ উদ্যোগবিধ পূর্বৰ বিপৰীতে কম লাভজনক হৈ পৰিব।
আনফালে ‘খ’ই নিজৰ উদ্যোগবিধৰ পৰা কিছু পুঁজি আঁতৰাই দিয়াৰ
ফলত উদ্যোগবিধত পণ্যৰ উৎপাদনো কমি আহিব। যেতিয়া এই উদ্যোগটোৰ বিশেষ পণ্যবিধৰ
যোগান চাহিদাতকৈ কম হৈ পৰিব, তেতিয়া পণ্যৰ দামো বৃদ্ধি পাব আৰু এসময়ত সিবিলাকক
সিহঁতৰ মূল্যতকৈ অধিক দামত বিক্রী কৰা হব। ফলত ‘খ’ৰ উদ্যোগবিধৰ লাভৰ হাৰ বৃদ্ধি
পাব।
পুঁজিয়ে অহৰহ সর্বাধিক আর্জনৰ ধাণ্ডা কৰি থাকে। নিম্ন
জৈৱিক গঠনৰ
উদ্যোগসমূহ - য’ত মেচিন, কেঁচামাল আদিৰ প্রয়োগ কম আৰু শ্রম শক্তিৰ প্রয়োগ বেছি (আন
কথাত য’ত স্থায়ী পুঁজি কম আৰু অস্থায়ী পুঁজি বেছি) – অর্থাৎ য’ত লাভৰ হাৰ বেছি –
এনে উদ্যোগসমূহত অধিক মুনাফাৰ আশাৰে পুঁজিৰ বিনিয়োগো ক্রমশঃ বৃদ্ধি হৈ থাকিব আৰু
ফলস্বৰূপে এসময়ত পণ্যৰ দাম কমি গৈ লাভৰ হাৰ নিম্নগামী হব। ইয়াৰ ঠিক বিপৰীত
প্রক্রিয়াটো দেখা যাব উচ্চ জৈৱিক গঠনৰ উদ্যোগসমূহত।
মার্ক্সে লিখিছে, লাভৰ সন্ধানত ‘পুঁজিৰ এই অহৰহ ভিতৰমুখী
আৰু বাহিৰমুখী যাতায়াত’ উৎপাদনৰ বিভিন্ন শাখা-প্রশাখাসমূহৰ মাজত তেতিয়ালৈকে চলি
থাকিব (আন কথাত – এটা উদ্যোগৰ পৰা আনটোলৈ পুঁজিৰ স্থানান্তৰণ তেতিয়ালৈকে চলি
থাকিব)- ‘যেতিয়ালৈকে উৎপাদনৰ শাখাসমূহত যোগান আৰু চাহিদাৰ এনে এটি অনুপাত সৃষ্টি
নহ’ব য’ত গড় লাভ সকলো ঔদ্যোগিক শাখাতে সমান হৈ পৰিব’। ঠিক এইখিনিতেই মূল্য ‘উৎপাদনৰ
দাম’(prices of production)লৈ পৰিণত হব(Capital,
Vol. 3, p. 195-196) । ভাৰসাম্যমূলক (equilibrium) স্থিতি তেতিয়াই সৃষ্টি হয় যেতিয়া বিভিন্ন পণ্যসমূহৰ দাম এনে কেতবোৰ স্তৰত
নির্ধাৰিত হয় যাৰ দ্বাৰা সকলো পুঁজিয়ে সমান লাভ-হাৰ আহৰণ কৰিব পাৰে।
কথাটো এনেকুৱাঃ যেন শ্রমিকৰ পৰা আহৰণ কৰা সকলো
উদ্বৃত্ত মূল্য এটা পুখুৰীত জমা কৰা হৈছে আৰু তাৰ পৰা পুঁজিপতিহঁতে নিজ পুঁজিৰ আকাৰ
অনুসৰি সেই অনুপাতত লাভ আহৰণ কৰি আছে। কাজেই উদ্বৃত্ত মূল্যৰ উৎসৰ কথাটো আৰু গভীৰত
লুকাই পৰিছে কিয়নো লাভৰ সাধাৰণ হাৰ ক্রিয়ান্বিত হোৱাৰ পাছত এতিয়া
পুঁজিপতিৰ লাভৰ পৰিমাণৰ সৈতে শ্রমিকে
কিমানখিনি কাম কৰিছে – তাৰ কোনো সম্পর্ক নথকা যেন প্রতীয়মান হৈছে। মার্ক্সৰ
ভাষাত, ‘এনে সমস্ত পৰিঘটনাই শ্রম সময়ৰ দ্বাৰা
মূল্য নির্ণয় হোৱা কথাটো অস্বীকাৰ কৰা যেন লাগে...গতিকেই প্রতিযোগিতাৰ অধীনত
সকলোবোৰ ওলোটা যেন প্রতীয়মান হয়’ (Capital, Vol. 3, p. 209) ।
এনে ভ্রান্তিকৰ পৰিঘটনাৰ আঁৰত লুকাই থকা প্রকৃত
সত্যটো তেতিয়াই ওলাই পৰে যেতিয়া আমি সামগ্রিকভাবে শ্রমিক শ্রেণী তথা পুঁজিপতি
শ্রেণীৰ মাজৰ সম্পর্কটোলৈ মন দিওঁ:
উৎপাদনৰ প্রতিখন ক্ষেত্রত, গাইপতি একোজন পুঁজিপতি বা এটা শ্রেণী হিচাপে সমস্ত
পুঁজিপতিহঁতে শ্রমিকৰ শোষণত অংশগ্রহণ কৰে...আন আন কাৰকসমূহ স্থানু বুলি ধৰিলে...লাভৰ
গড় হাৰ সমস্ত পুঁজিৰ দ্বাৰা সমস্ত শ্রমিকৰ শোষণৰ মাত্রাৰ ওপৰত নির্ভৰ কৰে (Capital, Vol. 3, pp.
196-197)।
শ্রমিকৰ বুকুৰ পৰা কাঢ়ি অনা অভুক্ত শ্রমখিনি নিজৰ মাজত ভগাই লবলৈ পুঁজিপতিহঁতে
চেষ্টা কৰে (এই চেষ্টাৰ নাম হৈছে প্রতিযোগিতা)। পিছে প্রতিটো পুঁজিয়ে নিজে কিমান
উদ্বৃত্ত শ্রম সৃষ্টি কৰিছে, তাৰ ভিত্তিত এই ভাগ-বটোৱাৰা কৰা
নহয়। বৰঞ্চ প্রথমে সর্বমুঠ পুঁজিৰ কিমান অংশ প্রতিটো নির্দিষ্ট পুঁজিয়ে গঠন কৰিছে
তাৰ ভিত্তিত আৰু দ্বিতীয়তে সর্বমুঠ পুঁজিয়ে কিমান উদ্বৃত্ত শ্রম সৃষ্টি কৰিছে তাত
ভিত্তিত এই ভাগ-বাটোৱাৰা সম্পন্ন হয়। কাজিয়াখোৰ ককায়েক-ভায়েকৰ
দৰেই পুঁজিপতিহঁতে আনৰ পৰা কাঢ়ি অনা শ্রম নিজৰ মাজত কোর্হাল কৰি বিতৰণ কৰে, যাতে
শেহত গৈ গড় হিচাপত প্রতিটো ভায়েকেই আনকেইটাৰ সমান অভুক্ত শ্রম লাভ কৰে (Theories of Surplus Value,
Vol. 2, p. 29) ।
প্রতিযোগিতাৰ সময়ত সহস্র খোৱাকামোৰা স্বত্তেও সমস্ত শ্রমিকৰ
বিৰুদ্ধে পুঁজিপতিহঁতে কিয় এক মিত্রশক্তি গঠন কৰে, এইখিনিতেই আমি তাৰ এক গাণিতিক
প্রমাণ লাভ কৰোঁ (Capital,
Vol. 3, p. 198)।
লাভ-হাৰৰ সমকৰণৰ এটা ফলাফল হৈছে যে মূল্য তত্ত্বটোৰ
কিছু সংশোধন ঘটাব লাগিব। মার্ক্সৰ ভাষাত ‘এয়া স্পষ্ট যে লাভৰ সাধাৰণ হাৰৰ উদয়ৰ
ফলত...মূল্যসমূহক ‘খৰছ দাম’ (cost
price)লৈ ৰূপান্তৰিত কৰাটো প্রয়োজনীয় হৈ পৰে...এই খৰছ-দাম
মূল্যসমূহতকৈ পৃথক’(Theories of Surplus Value, Vol. 2, p. 434)।
এই কথাখিনি বুজিবলৈ পুণৰ ‘ক’ আৰু ‘খ’ পুঁজিপতি দুজনৰ
ওচৰলৈ ঘুৰি অহা হওঁক। ধৰি লোৱা হওঁক যে প্রতি সপ্তাহতে তেওঁলোকৰ স্থায়ী পুঁজিখিনিৰ
সম্পূর্ণ মূল্য পণ্যটোলৈ স্থানান্তৰিত হয়। তেওঁলোকৰ সাপ্তাহিক পণ্যটোৰ মুঠ মূল্য
তেতিয়া হব – অস্থায়ী পুঁজি + উদ্বৃত্ত মূল্য+ স্থায়ী পুঁজি।‘ক’ পুঁজিপতিজনৰ
ক্ষেত্রত হিচাপটো এনেকুৱা হব – ৫,০০০+৫,০০০+৫,০০০= ১০,০০০ টকা। আনহাতে ‘খ’
পুঁজিপতিজনৰ পণ্যটোৰ মুঠ মূল্য হব – ৫০০০+৫০০০+১০,০০০ = ২০,০০০।
পিছে লাভ হাৰৰ সমকৰণৰ ফলত ‘ক’ পুঁজিপতিজনৰ পৰা ‘খ’
পুঁজিপতিজনলৈ ১০০০ টকাৰ উদ্বৃত্ত মূল্য স্থানান্তৰিত কৰা হব। গতিকেই সৃষ্টি হোৱা মূল্যৰ
হিচাপটো এই পুণঃবিতৰণৰ প্রতি লক্ষ্য ৰাখি সলনি কৰিব লাগিব। সেয়েহে ‘ক’ৰ ক্ষেত্রত
হিচাপটো হব – ৫০০০+৪০০০+৫০০০ = ১৪,০০০ টকা। আনহাতে ‘খ’ৰ ক্ষেত্রত –
৫০০০+৬০০০+১০,০০০= ২১,০০০ টকা।
মার্ক্সে এই পৰিবর্তিত মূল্যসমূহক ‘উৎপাদন দাম’(prices of
production)বুলি অভিহিত কৰিছে। লাভৰ সাধাৰণ হাৰ গঠিত হোৱাৰ ফলতেই
‘উৎপাদন দামসমূহ’ অস্তিত্বলৈ আহিছে। এই ঘটনাটো এই কাৰণেই ঘটিছে কিয়নো পুঁজি
কেতিয়াও অকলশৰে নাথাকে, বৰঞ্চ বহুতো পুঁজিৰ সমাহাৰ হিচাপেহে পুঁজিৰ অস্তিত্ব সম্ভৱপৰ হয়। উৎপাদন দামৰ
ৰূপত মূল্যৰ এই পৰিবর্তন ঠিক সেই প্রক্রিয়াটোৰে অংশবিশেষ যাৰ সক্রিয়তাৰ বাবেই
স্বয়ং মূল্যও গঠিত হয়। কিয়নো নির্দিষ্ট উদ্যোগসমূহত সৃষ্টি হোৱা প্রতিযোগিতাৰ
ফলতেই পণ্যসমূহৰ বিক্রয় প্রথমতে সিবিলাকৰ সামাজিকভাৱে প্রয়োজনীয় শ্রম সময় অনুসৰি হয়।
অর্থাৎ উৎপাদন দামৰ ৰূপত মূল্যৰ ৰূপান্তৰণে ‘শ্রমৰ
মূল্য তত্ত্ব’ক নাকচ কৰাৰ সলনি সম্পূর্ণহে কৰে। মার্ক্সে
আঙুলিয়াই দিছে যে উৎপাদন দাম মূল্যৰ পৰা
আঁতৰি অহাৰ ফলত কিছুমান পণ্যৰ মাজত অতিশয় বেছি উদ্বৃত্ত মূল্য সোমাই পৰে, আনহাতে
আকৌ কিছুমানে অতিশয় কম উদ্বৃত্ত মূল্য লাভ কৰে; এইদৰেই বিসংগতিটোৱে সমাধান লাভ কৰে। মার্ক্সৰ
ভাষাত, ‘সমাজত উৎপন্ন হোৱা সমস্ত পণ্যৰ উৎপাদন দাম সদায়েই মুঠ মূল্যৰ সমান হব’(Capital,
Vol. 3, p. 159-160)।
পূর্বৰ উদাহৰণটোলৈ চালে আমি দেখিম যে দুয়োজন
পুঁজিপতিৰ সকলো পণ্যৰ মুঠ মূল্য এতিয়াও পূর্বৰ দৰেই ৩৫,০০০ টকায়েই হৈ আছে; অর্থাৎ
মুঠ পৰিমাণৰ কোনো হীন-দেঢ়ি হোৱা নাই। উৎপাদন দামৰ ৰূপত মূল্যৰ ৰূপান্তৰণ ঘটাৰ
আগেয়েও ই ৩৫ হাজাৰ টকা আছিল, পাছতো ৩৫ হাজাৰ টকায়েই হৈ ৰৈছে।
মূল্যৰ পৰা উৎপাদন দামলৈ এই তথাকথিত ‘ৰূপান্তৰণৰ
সমস্যা’টোৱে তথাপিও অগণন বিতর্কৰ জন্ম দি আহিছে। পুঁজি গ্রন্থখনিৰ তৃতীয় খণ্ডটো প্রকাশিত হোৱাৰ সময়ৰে পৰা
এই বিতর্ক চলি আহিছে। আজিও তাৰ অন্ত পৰা নাই (আগ্রহী পাঠকে এই বিষয়ক এন্দ্রিও
ক্লিংমেনৰ ৰছনাসমূহ পঢ়ি চাব পাৰে)। কিছুমান বিতর্ক কেৱল অজ্ঞানতাৰ
বাবেই সৃষ্টি হৈছে। উদাহৰণস্বৰূপে, অষ্ট্রিয়ান অর্থনীতিবিদ আইগুন বুম ফন বাবয়ের্ক (Eugen
Boehm von Bawerk)ৰ মতে,
মার্ক্সে পুঁজিৰ প্রথমটো খণ্ড লিখাৰ পাছত মন সলনি কৰিছিল আৰু এই সিদ্ধান্তলৈ
আহিছিল যে পণ্যসমূহৰ বিনিময় আচলতে সিবিলাকৰ মূল্য অনুসৰি নহয়। পিছে এংগেলছে সৌ
তাহানিতেই আঙুলিয়াই থৈ গৈছে যে পুঁজিৰ প্রথম খণ্ডৰ ফাইনেল পাণ্ডুলিপিটো লিখাৰ বহু
আগেয়েই ১৮৬৪-৬৫ সময়খিনিত মার্ক্সে তৃতীয় খণ্ডটোৰ খছৰাসমূহ প্রস্তুত কৰি থৈছিল।
এংগেলছে সম্পাদনা কৰি উলিওৱা তৃতীয় খণ্ডটো এই খছৰাসমূহৰ পৰাই তৈয়াৰ কৰা হৈছে!
‘থিয়ৰীজ অৱ চাৰপ্লাছ
ভেলু’ শীর্ষক পাণ্ডুলিপিসমূহ পঢ়িলেও গম পোৱা যায় যে ৰিকার্ডোৰ দৰেই মার্ক্সেও
স্পষ্টকৈ অনুভৱ কৰিছিল
যে লাভৰ সাধাৰণ হাৰ অস্তিত্বমান হোৱাৰ ফলত মূল্য বিধিৰ কিছু সংশোধন হবই লাগিব।
অৱশ্যে কেতবোৰ কাৰিকৰী সমালোচনা নিশ্চয়কৈ শুদ্ধ। উদাহৰণস্বৰূপে,
ৰূপান্তৰণৰ যিসমূহ উদাহৰণ মার্ক্সে দাঙি ধৰিছে, সিবিলাকত তেওঁ এটা কাৰিকৰী ভুল কৰিছে;
স্থায়ী আৰু অস্থায়ী পুঁজিৰূপী পণ্যসমূহকো
প্রথমতে তেওঁ উৎপাদন দামলৈ ৰূপান্তৰিত কৰি লব লাগিছিল। যেনে আমি দর্শোৱা উদাহৰণটোৰ দৰে
‘ক’ আৰু ‘খ’ পুঁজিপতি দুজনৰ পুঁজি ক্রমে ১০ হাজাৰ তথা ১৫ হাজাৰ ৰূপান্তৰণৰ পাছতো
একেই হৈ ৰল বুলি কব নোৱাৰি।
লাভৰ সাধাৰণ হাৰ অস্তিত্বমান হোৱাৰ লগে লগেই তাৰ
প্রভাৱ
শ্রমিকে ভোগ কৰা সামগ্রী তথা মেচিন,
কেঁচামাল আদি উপাদানসমূহৰ ওপৰতো পৰিব। ফলত সিবিলাকৰো মূল্য ৰূপান্তৰিত হৈ উৎপাদন
দামলৈ পৰিণত হব। মার্ক্সে কথাটো অনুভৱ কৰিছিল যদিও সমস্যাটো সিমান ডাঙৰ নহয় বুলি তাক উলাই
কৰি চলিছিল (see Capital, Vol. 3, p. 164-165) । পাছৰ কালৰ গৱেষণাই দর্শাইছে
যে মার্ক্স এইক্ষেত্রত ভুল আছিল আৰু উৎপাদন দামৰ ৰূপত মূল্যৰ সম্পূর্ণ ৰূপান্তৰণৰ
ফলাফল মার্ক্সে ভবাৰ দৰে ইমান লঘূ নহয়। বৰঞ্চ তাৰ ফলাফল হৈছে ব্যাপক। পিছে এনে
গাণিতিক হিচাপ নিকাচে মার্ক্সৰ মূল তত্ত্বটো ভুল বুলি প্রমাণিত কৰা নাই। মূল্যৰ পৰা
উৎপাদন দামলৈ ৰূপান্তৰণ বিষয়ক মার্ক্সৰ প্রাথমিক বিশ্লেষণখিনি এতিয়াও শুদ্ধ বুলি
কব পাৰি।
কিছুসংখ্যক অর্থনীতিবিদে –যাৰ ভিতৰত একাংশ
মার্ক্সবাদীও আছে – কব বিচাৰে যে ‘ৰূপান্তৰণৰ সমস্যা’টোৱে প্রমাণিত কৰিলে
যে শ্রমৰ মূল্য তত্ত্ব ভুল আৰু সেয়েহে তাক নাকচ কৰি চলিব লাগে। তেওঁলোকৰ মূল
যুক্তিটো হৈছে যে মূল্যৰ হিচাপ নিকাচ নকৰাকৈয়ো উৎপাদন দাম নির্ধাৰণ কৰিব পাৰি; এনে
পদ্ধতি এতিয়া আমাৰ ওচৰত আছে। কথাষাৰ নিশ্চয়েই শুদ্ধ পিছে তেওঁলোকে শ্রমৰ মূল্য
তত্ত্বৰ মূল উদ্দেশ্যটো বুজি পোৱাত ভুল কৰিছে। পণ্যসমূহ ইটো সিটোৰ সতে কিমান অনুপাতত
বিনিময় কৰা হব – সেয়া নির্ধাৰণ কৰাটো মূল্য তত্ত্বৰ মূল উদ্দেশ্য নহয় (অৱশ্যে মার্ক্সৰ
কাৰিকৰী ভুলটো শুদ্ধ কৰি ললে সেয়াও কৰিব পাৰি)। বৰং মূল্য তত্ত্বৰ উদ্দেশ্য হৈছে ‘আধুনিক সমাজৰ
আর্থিক গতিৰ নিয়মসমূহ চিনাক্ত কৰা’; পুঁজিবাদী উৎপাদন প্রণালীৰ মাজত লুকাই থকা
ঐতিহাসিক বিকাশৰ প্রৱণতাসমূহ পোহৰলৈ অনা।
পুঁজি গ্রন্থখনিত
‘বিমূর্তৰ পৰা মূর্তমানলৈ’ শীর্ষক মার্ক্সৰ সাধাৰণ পদ্ধতিটোৰ প্রয়োগ দেখা
যায়। পুঁজিৰ প্রথম আৰু দ্বিতীয় খণ্ডটোত মার্ক্সে ‘সাধাৰণ ৰূপত পুঁজি’ৰ আলোচনা কৰিছে,
পুঁজিবাদী উৎপাদন সম্পর্কবোৰৰ প্রাথমিক বৈশিষ্টসমূহ পোহৰলৈ আনিছে। এইখিনিত তেওঁ ধৰি
লৈছে যে পণ্যসমূহক সিবিলাকৰ মূল্যতেই বিনিময় কৰা হয়। এয়া এক শুদ্ধ পদ্ধতি আছিল
কিয়নো ৰূপান্তৰণৰ সমস্যাটো তেতিয়াহে উদ্ভৱ হয় যেতিয়া বিভিন্ন পুঁজিৰ মাজৰ
পার্থক্যৰ কথাটো বিবেচনা কৰা হয়। পাছলৈ মার্ক্সে যেতিয়া ‘বহুতো পুঁজি’ৰ
ক্ষেত্রখন সম্পর্কে বিবেচনা কৰিছে, য’ত প্রতিযোগিতাৰ ফলত লাভৰ সাধাৰণ হাৰ
অস্তিত্বলৈ আহে, তেতিয়া তেওঁ ‘পণ্যসমূহ মূল্যতে বিনিময় কৰা হয়’ বোলা পূর্বধাৰণাটো পৰিত্যাগ
কৰিছে। ‘পুঁজিৰ সামগ্রিক গতিৰ পৰা উদ্ভৱ হোৱা পুঁজিৰ
বিভিন্ন বিশিষ্ট তথা মূর্তমান ৰূপ’ বুজিবলৈ এই সংশোধন জৰুৰী আছিল (Capital,
Vol. 3, p. 26) ।
মন কৰক যে এই দ্বিতীয় পর্যায়ৰ বিশ্লেষণখিনি (অর্থাৎ
‘বহুতো পুঁজি’ৰ বিশ্লেষণ)তেতিয়াহে সম্পৱপৰ হৈছে যেতিয়া মার্ক্সে ইতিমধ্যেই
‘সাধাৰণ ৰূপত পুঁজি’ৰ বিশ্লেষণ কৰি থৈছে। এই সাধাৰণ ৰূপত পুঁজিৰ বিশ্লেষণ কৰাৰ
ক্ষেত্রত ‘পণ্যসমূহ সিবিলাকৰ মূল্যতে বিনিময় কৰা হয়’ বোলা পূর্বধাৰণাটো মানি লোৱাটো দৰকাৰী
আছিল। ৰিকার্ডোৰ বিষয়ে মার্ক্সৰ মূল অভিযোগটো আছিল যে তেওঁ চিধাচিধি লাভৰ সাধাৰণ
হাৰৰ অস্তিত্বৰ কথাটো মানি লৈছিল; মূল্য তথা উদ্বৃত্ত মূল্যক তেওঁ প্রতিযোগিতাৰ পৰা
পৃথককৈ চাব পৰা নাছিল। ৰিকার্ডোৰ সমস্যা সম্পর্কে মার্ক্সে এনেদৰে লিখিছেঃ
‘বিমূর্তকৰণ শক্তিৰ অভাৱ, পণ্যৰ মূল্য সম্পর্কে আলোচনা কৰোঁতে লাভৰ দিশটো পাহৰি যোৱা...যিটো পাছলৈ
প্রতিযোগিতাৰ ফলাফল হিচাপে তেওঁৰ সমুখত উদীয়মান হৈছে..’(Theories
of Surplus Value, Vol. 2, p. 191)।
এতিয়ালৈকে আমি ‘সাধাৰণ ৰূপত পুঁজি’ আৰু ‘বহুতো
পুঁজি’ৰ মাজত সম্পর্কটো স্থানু ৰূপতেই বিবেচনা কৰি আহিছোঁ। ই কেনেদৰে মূল্যৰ গঠন
নির্ধাৰণ কৰে, সেই বিষয়েই আলোচনা কৰিছোঁ। অনাগত অংশটোত এই সম্পর্কটোৰ গতিশীল ৰূপ
সম্পর্কে কিছু কথা আলোচনা কৰা যাওঁক। কেনেদৰে বুর্জোৱা অর্থনীতিৰ
বিকাশৰ ক্ষেত্রত বিভিন্ন পুঁজিৰ প্রতিযোগিতাই এক বিশেষ ভূমিকা পালন কৰে, এই বিষয়ে
কিছু আলোকপাত কৰা হওঁক।
(ক্রমশঃ)
No comments:
Post a Comment