বৃহৎ নদীবান্ধ বিষয়ক আলোচনাসমূহত আমি মধ্যবিত্তীয় ৰাইজে আশা কৰোঁ যে প্রশ্নটোৰ এটা বৈজ্ঞানিক সমাধান হব লাগে। গতিকে বিভিন্ন বিশেষজ্ঞই ভিন ভিন কথা কলে আমি বিভ্রান্ত হওঁ। আমাৰ ধাৰণাঃ বিষয়টো যিহেতু বিজ্ঞানৰ সৈতে সম্পর্কযুক্ত, সেয়েহে তাৰ বিশুদ্ধ বৈজ্ঞানিক উত্তৰ এটা ওলোৱাটো সম্ভৱপৰ। এই চিন্তাধাৰাৰ ফলস্বৰূপেই আমি অখিল গগৈ, হীৰেণ গোঁহাই, বান্ধৰ বিৰূদ্ধে সংগ্রাম কৰি থকা ৰাইজ আদিক গৰিহণা দিওঁ। বোলে বিশেষজ্ঞক মাত মাতিবলৈ দিয়কঃ আপোনালোক সাধাৰণ মানুহে নজনা বিষয় এটাত কিয় মাত মাতিছে?
এয়া এটা সম্পূর্ণভাৱে ভুল ধাৰণা। কিয়নো বান্ধৰ বিষয়টো কেৱল কোনো নির্মোহ বৈজ্ঞানিক চর্চাৰ বিষয় নহয়। ইয়াৰ লগত জড়িত হৈ আছে ব্যাপক সমাজৰ কথা, বহুলাংশ ৰাইজৰ জীৱিকাৰ কথা। অর্থাৎ ৰাজনীতি, ক্ষমতা সম্পর্ক এইবোৰ বিষয়ো ইয়াত জড়িত হৈ আছে। কোনোবাই যদি এইক্ষেত্রত কেৱল বিজ্ঞানৰ কথা কয়, বুজিব – সেয়া বিজ্ঞান নহয়, বৰং সি হৈছে ভুৱা বিজ্ঞান (scientism, not science)। প্রকৃত বিজ্ঞানে নিজৰ পৰিসৰ কেতিয়াও পাহৰি নাযায়।
উদাহৰণস্বৰূপে, চাহ বাগানত পাত তোলা নতুন মেচিন এটা বিজ্ঞানীসকলে বিকশিত কৰিব পাৰে। কিন্তু সেই মেচিনটো প্রকৃততে ব্যৱহাৰ কৰা হব নে নহব, সেয়া বিজ্ঞানীৰ হাতত এৰি দিব নোৱাৰি। কিয়নো তাৰ সৈতে অজস্র শ্রমিকৰ জীৱিকাৰ কথা যুক্ত হৈ আছে। এনেকুৱাও হব পাৰে যে যধে মধে মেচিন ব্যৱহাৰ কৰাৰ ফলত নিবনুৱা সমস্যা অত্যাধিক বৃদ্ধিহে হল! অর্থাৎ মেচিন ব্যৱহাৰ কৰা হব নে নহব – এই বিষয়ক বিভিন্ন ষ্টেক-হল্ডাৰৰ লগত প্রথমে কথা পাতিব লাগিব। এয়াই হৈছে প্রকৃত গণতান্ত্রিক প্রক্রিয়া।
পিছে আমাৰ শাসকসকলে সকলো প্রশ্নকে বিশেষজ্ঞৰ প্রশ্ন বুলি অভিহিত কৰে। যেন সকলো কথা বিশেষজ্ঞই নির্ধাৰণ কৰিব। সাধাৰণ ৰাইজৰ তাত একো কাম নাই, তেওঁলোক নিষ্ক্রিয় হৈ ৰোৱাই ভাল। বিশেষজ্ঞই সকলো নির্ণয় লব আৰু এখন সুন্দৰ পৃথিবী নির্মাণ কৰিব।
এয়া এক ভয়ংকৰ কথা। আচলতে যিখন ক্ষেত্রতেই সকলো নির্ণয় বিশেষজ্ঞৰ হাতত এৰি দিয়া হৈছে তাতেই সমস্যা সৃষ্টি হৈছে। আজি ইউৰোপত ভয়ংকৰ আর্থিক মন্দাৱস্থা সৃষ্টি হৈছেঃ কিয়নো তাত অর্থনীতি কেনেকৈ চলাব লাগে, সেই বিষয়ক অধিকাংশ সিদ্ধান্ত লোৱাৰ ক্ষমতা ৰাজনীতিবিদৰ হাতত নাই। বৰং সিদ্ধান্ত গ্রহণ কৰে বিত্তীয় মন্ত্রালয়সমূহৰ একাংশ আমোলাই। বোলে জাতীয় মুঠ আয়ৰ ৩ শতাংশতকৈ বেছি বিত্তীয় ঘাটি থাকিব নালাগিব। বোলে সকলো দেশতে অমুক পৰিমাণৰ প্রাইমাৰী উদ্বৃত্ত থাকিব লাগিব আদি আদি। ফলত চৰকাৰ সলনি হয়, কিন্তু নীতি সলনি নহয়। জনগণৰ ৰায়ে তাত কোনো প্রভাৱ পেলাব নোৱাৰে।
এই একেটাই প্রক্রিয়া ভাৰততো সম্প্রতি আৰম্ভ হৈছে। কর্পৰেট সংবাদ মাধ্যমসমূহলৈ চাওঁকঃ তেওঁলোকে যিটো বস্তুক আটাইতকৈ বেয়া পায়, সেয়া হৈছে গণতন্ত্রঃ তেওঁলোকৰ চকুত গণতন্ত্র হৈছে মূর্খৰ তন্ত্র!
সৌভাগ্যৰ কথা যে মধ্যবিত্তৰ তুলনাত শ্রমজীৱি ৰাইজে কেতিয়াও বিশেষজ্ঞৰ কথাবোৰ তর্কাতীতভাৱে গ্রহণ নকৰে। আচলতে ভাৰতৰ গণতন্ত্র এই শ্রমজীৱি ৰাইজৰ বাবেই আজিও বর্তি আছে। পুঁজিপতিৰ এৰেহা চেলেকা মধ্যবিত্তৰ হাতত পৰা হলে কেতিয়াবাই ভাৰতত গণতন্ত্র গুচি চীন সদৃশ একনায়কত্ব সৃষ্টি হ’লহেঁতেন।
বৃহৎ নদীবান্ধৰ বিষয়টোলৈ অহা যাওঁক। ৰাজনীতি বিজ্ঞানী সঞ্জীৱ বৰুৱাই বিভিন্ন গৱেষণাৰ উদ্ধৃতি দি সুন্দৰকৈ দর্শাইছে যে একমুখী বৃহৎ নদীবান্ধৰ সলনি বহুমুখী মজলীয়া বা ক্ষুদ্র তথা নদীবান্ধ নির্মাণ কৰিলে তাৰ পৰা বিদ্যুত উৎপন্ন হোৱাৰ লগতে কৃষকে জলসিঞ্চনৰ বাবেও পানী লাভ কৰিব। কিন্তু এনে বান্ধ নির্মাণৰ খৰছ বেছি আৰু আপাত দৃষ্টিত লাভ কম। সেয়ে তেনে বান্ধ নির্মাণৰ প্রতি কোনো ব্যৱসায়িক গোষ্ঠী, আনকি চৰকাৰো আগ্রহী নহয়। কৃষকক পানীৰ যোগান ধৰি কৃষিৰ অৱস্থা উন্নত কৰাটো আজি আমাৰ শাসক গোষ্ঠীৰ লক্ষ্য নহয়। বৰং তেওঁলোকৰ লক্ষ্য হৈছে – কেনেদৰে বিভিন্ন সমূহীয়া সম্পদসমূহক ব্যক্তিগত নিগমৰ হাতলৈ আনি ‘পুঁজিৰ আদিম সঞ্চয়’ প্রক্রিয়াটোক শক্তিশালী কৰা।
আজি শাসক শ্রেণীৰ মতে উন্নয়ন হবলৈ হলে অধিকাংশ জনগণেই জীৱিকাৰ বাট হেৰুৱাব। ভাৰতীয় অর্থনীতিৰ এক বৃহৎ অংশ এতিয়াও কর্পৰেট পুঁজিৰ অধীনলৈ যোৱা নাই। এনে ক্ষেত্রসমূহত এতিয়াও ‘জীৱিকা পুঁজি’ৰেই সংখ্যাধিক্য দেখা যায়। অর্থাৎ য’ত পুঁজি বিনিময়ৰ লক্ষ্য সর্বোচ্চ মুনাফা কমোৱা নহয়, বৰং জীৱিকা আহৰণ কৰা। আজি বহুদিন ধৰি এনে ক্ষেত্রসমূহত কর্পৰেট পুঁজি সোমাবলৈ ধাণ্ডা কৰি আছে। সিঁহত সোমোৱাৰ অর্থই হৈছে যে অধিকাংশ ‘জীৱিকা পুঁজি’ নষ্ট হোৱা। কোটি কোটি মানুহে জীৱিকা হেৰুওৱা। পিছে সেই সম্পর্কে কর্পৰেট পুঁজি চিন্তাম্বিত নহয়।
কর্পৰেটসমূহে এইবোৰ কথা ভালকৈয়ে বুজি পায়। সেয়েহে সিহঁতে উন্নয়নৰ বিষয়টোক "অৰাজনৈতিকৃত" কৰিবলৈ চেষ্টা কৰি থাকে। অর্থাৎ ভাল কোনো অর্থনীতিবিদে অর্থনীতিৰ সিদ্ধান্তসমূহ লব, ৰাইজে নিষ্ক্রিয় হৈ থাকিলেই হল!
আন এটা উদাহৰণ দিওঁ – আজি বেছ কিছু সময় আগতে অসমীয়া কৃষি বিজ্ঞানী এজনে এটা প্রবন্ধ লিখিলে বোলে – এনৰেগা আঁচনিৰ ফলত কৃষি শ্রমিকৰ মজুৰী বৃদ্ধি হল। ফলত কৃষি খণ্ডই এতিয়া লোকচান ভূগিব লাগিব কিয়নো এতিয়া কৃষকে খেতিত শ্রমিক নিযুক্ত কৰিবলৈ অধিক ধন দিব লাগিব! পিছে আমাৰ মহাশয়ে মনেই নকৰিলে যে তেওঁ কোনো আমেৰিকাৰ কৃষি খণ্ডৰ কথা কৈ থকা নাই, বৰং ভাৰতৰ বিষয়েহে কৈ আছে। আমাৰ মুলুকত অধিকাংশ কৃষকেই হৈছে ক্ষুদ্র কৃষক। তেওঁলোক কোনো বৃহৎ পুঁজিবাদী খেতিয়ক নহয় যে ব্যাপক মাত্রাত শ্রমিক নিযুক্ত কৰি খেতি কৰিব! এনৰেগাত নিযুক্তি পোৱা বেছিভাগ মানুহেই হৈছে স্বয়ং ক্ষুদ্র খেতিয়ক। হাতলৈ দুপইছা অহাৰ ফলত কৃষকে এতিয়া কৃষিত অধিক বিনিয়োগ (যেনে উন্নত সঁচৰ বীজ, সাৰ আদি) কৰিবলৈ উৎসাহহে লাভ কৰিব! পিছে এই কথা আমাৰ বিলাত ফেৰত কৃষি বিজ্ঞানীক বুজাই কোনে?
ভাৰতীয় অর্থনীতিবিদ প্রভাত পাটনায়কৰ মতে জনগণৰ ক্রয় ক্ষমতা বৃদ্ধি কৰিব পৰাকৈ যদি চৰকাৰে যথেষ্ঠ ধন ব্যয় কৰে (যেনে জলসিঞ্চন, এনৰেগা আদিত), তেতিয়া জনগণৰ ক্রয়ক্ষমতাও বৃদ্ধি হব। ফলত কর্পৰেটসমূহেও সিহঁতৰ পণ্য বেছিকৈ বিক্রী কৰি লাভাম্বিত হব পাৰিব। পিছে এনে কল্যাণকামী পুঁজিবাদৰ প্রতি অদূৰদর্শী বুর্জোৱাহঁত আগ্রহী নহয়। জনগণৰ ডিঙি চেপা মাৰি ধৰিব নোৱাৰিলে সিহঁতৰ শান্তি নাই। সিহঁতৰ চকুত আনকি উদাৰবাদী কেইনচীয়ান অর্থনীতিবিদসকলো শত্রু মাত্র। আজি ভাৰতৰ বুর্জোৱাৰ উদ্দেশ্য অধিক চাকৰি সৃষ্টি কৰা নহয়; বৰং সর্বোচ্চ মুনাফা কমোৱাহে। তেহেলৈ মোডী চাহেবে যিমানেই নিচিঞৰক কিয়।
আমি বিশেষজ্ঞৰ সম্পূর্ণ বিৰোধিতা কৰা নাই। সেয়া মূর্খামি হব। বৰং আমি কব বিচাৰিছো যে বিশেষজ্ঞই আমাৰ ওপৰত তেওঁলোকৰ সিদ্ধান্ত জাপি দিয়াৰ বিপৰীতে জনগণ, ৰাজনৈতিক নেতৃবিন্দ, তথা সাধাৰণ ৰাইজৰ মাজত একোটাহঁত সংবাদ প্রক্রিয়া সৃষ্টি হব লাগিব। অৱশ্যেই এনে সংবাদৰ পৰিস্থিতি সৃষ্টি কৰিবলৈ শ্রমজীৱি জনগনেই সংগ্রাম কৰিব লাগিব, আৰু তেওঁলোকে সংগ্রাম কৰি আছেও। এইক্ষেত্রত আমি মধ্যবিত্তীয় লোকসকলে শ্রমজীৱি লোকসকলক মূর্খ বুলি ভবাৰ বিপৰীতে তেওঁলোকৰ পৰা শিকিবলৈ চেষ্টা কৰাটোহে উচিত হব। যিসকল বিশেষজ্ঞই কেৱল “মোৰ কথা শুন” বুলি কয়, তেওঁলোকৰ পৰা দূৰৈতে থকা ভাল। আনহাতে যিসকলে জনগণৰ সংগ্রামৰ প্রয়োজনীয়তাৰ কথা স্বীকাৰ কৰি লয়, যিসকলে সিদ্ধান্ত জাপি দিয়াৰ বিপৰীতে জনগণৰ সতে সংবাদৰ প্রতি আগ্রহী, তেওঁলোকৰ কথা নিশ্চিতভাৱে আমি শুনা উচিত।
No comments:
Post a Comment