মূলঃ The Economics of Feasible Socialism by Alec Nove
অনুবাদঃ ময়ূৰ চেতিয়া
পূর্ব পৰিকল্পনাৰ দিৱা-স্বপ্ন
মার্ক্স তথা তেওঁৰ বহুতো অনুগামীয়ে চেতনশীল আর্থিক পৰিকল্পনা আৰু নৈৰাজ্যবাদী বজাৰ - এই দুয়োৰে মাজৰ পার্থক্যটোৰ ওপৰত জোৰ দি আহিছে। তেওঁলোকৰ মতে পৰিকল্পিত সমাজবাদী অর্থনীতিৰ অধীনত শ্রমে “প্রত্যক্ষভাৱেে সামাজিক ৰূপ” গ্রহণ কৰিব। অর্থাৎ বিভিন্ন কাম সমাপন কৰিবলৈ পৰিকল্পিতভাৱে শ্রমৰ বিতৰণ কৰা হব। বিভিন্ন কামৰ হিচাপ পূর্বেই (ex-ante) কৰি লোৱা হব, সমাজৰ বিভিন্ন প্রয়োজনবিলাক পূর্বেই ঠিৰাং কৰি লোৱা হব। ইয়াৰ বিপৰীতে পুঁজিবাদী বজাৰৰ চৰিত্র হৈছে অৰাজক ধৰণৰ - য’ত শ্রম-প্রয়োগৰ প্রক্রিয়াটোৱে সামগ্রীৰ বিক্রীৰ পাছতহে (ex-post) পূর্ণতা লাভ কৰে। সমাজবাদৰ অধীনত পিছে সকলো পৰিকল্পনাই পূর্বে কৰি লোৱা হব[1]। চমুকৈ কবলৈ গলে - পুঁজিবাদৰ চৰিত্র হৈছে ex-post আৰু সমাজবাদৰ চৰিত্র হৈছে ex-ante ।
আমাৰ বক্তব্য হৈছে যে সমাজবাদৰ এইজাতীয় মডেল বাস্তৱ-সন্মত নহয়। সমাজবাদৰ অধীনতো সকলো বস্তু ex-ante অর্থাৎ পূর্ব পৰিকল্পিত কৰি লব নোৱাৰি। সমাজবাদৰ আলোচনাৰ
প্রসংগত মার্ক্সে প্রায়েই ৰবিনচন ক্রুছোৰ উদাহৰণ দাঙি ধৰিছিল। ক্রুছোৱে তেওঁৰ সমুখত থকা বিভিন্ন কার্যভাৰ
প্রত্যক্ষভাৱে লক্ষ্য কৰিব পাৰে; সিবিলাকৰ মাজত
কোনটো আগেয়ে কৰা উচিত- সেই বিষয়ক সহজতে চয়ন কৰিব পাৰে; উদ্দেশ্য, একচন, উপায় আৰু ফলাফল
- এই আটাইৰে মাজত থকা প্রত্যক্ষ সম্পর্কবোৰ বুজি পাব পাৰে। অৱশ্যে ক্রুছোৱেও মাজে-সময়ে ভুল কৰিব পাৰে।
যেনে ধৰক - অনুর্বৰ মাটি এডৰাত
তেওঁ খেতি কৰিবলৈ চেষ্টা কৰিব পাৰে।
পিছে সোনকালেই সেই ভুল বুজি পোৱাটো তথা তাৰ পৰা উচিত শিক্ষা লাভ কৰাটো তেওঁৰ বাবে কঠিন নহয়। ক্রুছোৰ
দুনীয়াখনত সকলো পৰিঘটনাই হৈছে সৰল আৰু স্বচ্ছ।
আচলতে এনে সৰল মডেলৰ পৰা চিধাই সাম্প্রতিক সময়ৰ জটিল তথা বহু কোটি মানুহেৰে
পৰিপূর্ণ সমাজৰ বাবে সমাজবাদৰ আর্হি নির্মাণ কৰিবলৈ যোৱাটো মাৰাত্মক কথা। আমি ইতিমধ্যেই আলোচনা কৰিছোঁ যে সমাজখনৰ
প্রয়োজনবিলাক কেনেকৈ প্রকাশ্যমান কৰা হব, কেনেধৰণৰ চয়ন গ্রহণ কৰা হব তথা কাৰ
দ্বাৰা কৰা হব - এইজাতীয় প্রশ্ন আৰু সমস্যাবিলাক আওকান কৰিব নোৱাৰি।
কোনোবাই যদি কয় যে স্বয়ং সমাজখনে একেলগে মিলি এই কামবোৰ কৰিব- সেয়া এক অর্থহীন দাবীৰ বাহিৰে আন একো নহয়। লণ্ডন-পেৰিছৰ মাজত চলা
বিমানবিলাকৰ টাইমটেবুলখনো কি সমাজখনে একেলগে নির্মাণ কৰিব? কোনখন খেতি পথাৰত
কিমানখিনি পিয়াঁজ ৰোৱা হব - সেইটোও কি সমাজখনে একেলগে নির্ধাৰণ কৰিব? আচলতে বাস্তৱ পৃথিৱীখনত প্রতি মুহূর্ততে কোটি কোটি আন্তঃসম্পর্কযুক্ত আর্থিক সিদ্ধান্ত লব লগা হয়
আৰু এই সিদ্ধান্তবোৰ কেৱল কেতবোৰ সুনির্দিষ্ট পদ্ধতি, বিভাগ তথা বিষয়াৰ (অর্থাৎ আমোলাৰ) দ্বাৰাহে লোৱাটো সম্ভৱপৰ। এইক্ষেত্রত বহুখিনি ভুলভ্রান্তিও নিশ্চয়কৈ হয়। প্রায়েই
তেওঁলোকে সমাজখনৰ প্রয়োজনবিলাক সঠিকভাবে প্রতিফলিত কৰিব নোৱাৰিবও পাৰে। পিছে সেইবুলি আর্থিক পৰিকল্পনাই সমাজৰ আটাইখিনি
প্রয়োজন নিশ্চয়কৈ প্রতিফলিত কৰিব তথা ভগবানৰ দৰেই প্লেনাৰসকলে সকলো আর্থিক দিশৰ
হিচাপ ৰাখিব পাৰিব তথা জথৰতা, নতুন আইডিয়াৰ প্রতি নির্লিপ্ততা, এলাহ আদি সমস্ত
সমস্যা আঁতৰি যাব - বুলি ভবাটো বৌদ্ধিক ভণ্ডামিৰ বাহিৰে আন একো নহয়। এইজাতীয়
দাবীয়ে আচলতে বিশ্লেষণৰ সমস্ত কার্যভাৰকেই নস্যাৎ কৰে। যেনেকৈ জেনেৰেল ইকুইলিব্রিয়ামৰ বুর্জোৱা মডেলবিলাকত বিশুদ্ধ প্রতিযোগিতা, বিশুদ্ধ দুৰদর্শিতা আদি
বাস্তৱ-ৰহিত ধাৰণাবিলাকৰ প্রয়োগ কৰা হয়,
ঠিক তেনেকৈয়ে এইজাতীয় সমাজবাদী মডেলবিলাকো হৈছে বাস্তৱ-ৰহিত। লছবিয়ে[2]
দর্শাইছে যে বিশুদ্ধ দূৰদর্শিতা তথা চয়নৰ
স্বাধীনতা - এই দুয়োটা বস্তু একেসময়তে অস্তিত্বমান হব নোৱাৰে, কিয়নো বিশুদ্ধ
দুৰদর্শী চয়নৰ ধাৰণাটোৱেই হৈছে স্ব-বিৰোধী। যদি যদু আৰু মধুৱে বিশুদ্ধভাৱে নিজ ইচ্ছাৰে কোনো বস্তুৰ চয়ন
কৰিবলৈ হয়, তাৰ অর্থ হৈছে যে আন কোনেও এই চয়নৰ পূর্বানুমান কৰিব নোৱাৰিব। যিহেতু উৎপাদকসকলেও এই পূর্বানুমান কৰিব নোৱাৰিব, ইয়াৰ অর্থ হৈছে যে তেওঁলোকে (অর্থাৎ উৎপাদকসকলে) কি উৎপাদন কৰিলে আটাইতকৈ লাভজনক হব, সেইটো আগতীয়াকৈ গম পাব
নোৱাৰিব।
লছবিৰ এই ধাৰণাটো সমাজবাদী অর্থনীতিৰ ক্ষেত্রতো প্রয়োগ কৰিব পৰা যায়। কোনো
আর্থিক পৰিকল্পনাকেই ৰূপায়ন কৰাৰ আগেয়ে (ex-ante) নিখুঁত বুলি ভাবি লব পৰা নাযায়। আচলতে পৰিকল্পনা ৰূপায়ন
কৰাৰ পাছত (ex-post) তাৰ পৰীক্ষণ কৰাটো
প্রয়োজনীয় হৈ পৰে আৰু এনে পৰীক্ষণ বা ভেৰিফিকেশ্বনৰ পাছতহে গম পোৱা যায় যে পৰিকল্পনাটো কিমান দূৰৈলৈ সঠিক আছিল। যিকোনো আর্থিক পৰিকল্পনাতে কেতবোৰ প্রাক-ধাৰণা উহ্য হৈ থাকে। পিছে সেই প্রাকধাৰণাবোৰৰ অনুসৰি বিভিন্ন মানৱ গোষ্ঠীয়ে সময়মতে একচন নলবও পাৰে বা ভুল সিদ্ধান্তও লব
পাৰে। মূল কথাটো হৈছে যে আর্থিক পৰিকল্পনাৰ পৰীক্ষণ আৰু মূল্যায়নৰ বাবে কেতবোৰ মানদণ্ড
তথা কেতবোৰ ফীডবেক মেকানিজিম বিকশিত কৰি লোৱাটো প্রয়োজনীয়। অর্থাৎ আমি পুণৰ উপযোগী মূল্যৰ প্রশ্নটোলৈ ঘূৰি আহিলোঁ- কেনেকৈ উপযোগী
মূল্যবিলাকৰ জোখ-মাখ তথা হিচাপ কৰা যায়, কেনেকৈ সিবিলাকৰ মূল্যায়ন কৰা যায় ইত্যাদি
ইত্যাদি। এই উপযোগী মূল্যবিলাকৰ মূল্যায়নৰ ক্ষেত্রত গ্রাহকসকলেও যাতে অৰিহনা যোগাব
পাৰে - তাৰ বাবেও সুনির্দিষ্ট পদ্ধতি বিকশিত কৰাটো দৰকাৰ। শেষত আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হৈছে - গ্রাহকৰ দ্বাৰা
সামগ্রীৰ মূল্যায়নে সিবিলাকৰ ভৱিষ্যত উৎপাদনত যাতে প্রভাৱ পেলাব পাৰে- সেইটো সুনির্দিষ্ট কৰিবলৈ উচিত পদ্ধতিৰ বিকাশ। গ্রাহক মানে আমি
সাধাৰণ নাগৰিকৰ কথাই কোৱা নাই; মন কৰা ভাল যে বহুতো সামগ্রী - যেনে ষ্টিলৰ শ্বিট, ধাতুৰ বয়লাৰ, বস্ত্র
উদ্যোগৰ মেছিন আদিৰ প্রয়োগ উৎপাদন কার্যৰ বাবেও কৰা হয়।
আর্থিক পৰিকল্পনাৰ ৰূপায়নৰ পাছত (ex-post) পৰীক্ষণ তথা ভেৰিফিকেশ্বনৰ প্রয়োজনীয়তা তথা তাৰ তাত্ত্বিক, ব্যৱহাৰিক তথা সংস্থাগত নিহিতার্থ সম্পর্কে মই পাছলৈ আলোচনা
কৰিম। প্লেনাৰসকলৰ বাবে উপযোগী হোৱাকৈ কেনেকৈ কিছু ফীডবেক মেকানিজিম বিকশিত কৰিব পৰা যায় - সেই সম্পর্কেও মই
আলোচনা কৰিম। পিছে সদ্যহতে সমাজবাদৰ অধীনত সচৰাচৰ কেনেকৈ আর্থিক পৰিকল্পনা নির্মাণ
তথা ৰূপায়ণ কৰা হয়, সেই বিষয়ে কিছু আলোচনা কৰা যাওঁক।
এটা বিশেষ অর্থত পুঁজিবাদৰ অধীনতো অনেকখিনি সিদ্ধান্ত কেতবোৰ ex ante calculationৰ ভিত্তিত লোৱা হয়। এইক্ষেত্রত মূল কথাটো হৈছে - কেনেধৰণৰ তথ্য পুঁজিবাদী
অর্থনীতিখনত সহজলভ্য হয়। কিছুমান তথ্য মার্কেট ছার্ভেৰ জৰিয়তে সংগ্রহ কৰিব পাৰি,
আন কিছুমান বিভিন্ন ট্রেণ্ডৰ প্রতি লক্ষ্য কৰি পূর্বানুমান কৰিব পাৰি। কিছুমান উৎপাদন
কার্য সমাধা কৰা হয় নির্দিষ্ট অর্ডাৰ লাভ কৰাৰ পাছত, কোনো নির্দিষ্ট গ্রাহকৰ সৈতে
চুক্তিপত্র স্বাক্ষৰ কৰাৰ পাছত। আচলতে ই বহুদূৰৈলৈ সামগ্রীটোৰ চৰিত্রৰ ওপৰতো
নির্ভৰ কৰে। উদাহৰণ হিচাপে, জাহাজ নির্মাণকাৰী ফেক্টৰীবিলাকে সদায়েই অর্ডাৰ লাভ
কৰাৰ পাছতহে জাহাজ নির্মাণ কৰে। জাহাজখনৰ বৈশিষ্ট্য তথা দাম সম্পর্কীয় আলোচনা
ইতিমধ্যেই সম্পন্ন হৈ যোৱাৰ পাছতহে উৎপাদন কার্য আৰম্ভ কৰা হয়। ইয়াৰ বিপৰীতে, জোতা নির্মাণ কৰা হয়
বহুদূৰৈলৈ অনুমানৰ ভিত্তিত- অর্থাৎ এই আশাত যে নির্মাণৰ পাছত দোকান আৰু গ্রাহকসকলে জোতাখিনি ক্রয় কৰিবলৈ
আগ্রহ প্রকাশ কৰিব। অর্থাৎ, জোতা নির্মাণকাৰীসকলে এইখিনিতে এটা ৰিস্ক লৈছে। ঠিক
তেনেদৰেই, ৰেস্তোঁৰাবিলাকে বিভিন্ন ধৰণৰ সামগ্রী তথা শ্রম ক্রয় কৰি অপেক্ষা কৰে যে
গ্রাহকসকল আহিব আৰু তেওঁলোকৰ ৰেস্তোঁৰাত আহাৰ গ্রহণ কৰিব। পিছে তেওঁলোকৰ এই আশা
সঁচাত পৰিণত নহবও পাৰে। বেছিভাগ গ্রাহকে ঘৰতে খাদ্য কৰাৰ সিদ্ধান্ত লব পাৰে বা
মেনুত নথকা কোনো খাদ্যবস্তুৰ দাবী কৰিব পাৰে। যিকোনো বৃহৎ আকাৰৰ বিনিয়োগৰ ক্ষেত্রত
সময়ৰ দিশটোও গুৰুত্বপূর্ণ বুলি বিবেচিত হয়। ইয়েই কেতবোৰ অতিৰিক্ত সমস্যাও সৃষ্টি
কৰে। উদাহৰণ হিচাপে, আপুনি এক বৃহৎ বিনিয়োগ কৰাৰ সিদ্ধান্ত ললে আৰু এই সিদ্ধান্ত
অনুসৰি প্রজেক্টটো নির্মাণ হবলৈ প্রায় ৫-৬ বছৰ সময়ৰ প্রয়োজন হল। লগতে আপুনি হিচাপ
কৰিলে যে আপোনাৰ capital assets খিনি হয়তো আৰু ২০ বছৰ পর্যন্ত চলিব। পিছে এই ৫-৬ বছৰৰ ভিতৰতে স্থিতি বহুখিনি
সলনি হৈ যাব পাৰে। যিবোৰ কাৰকৰ প্রতি লক্ষ্য ৰাখি আপুনি বিনিয়োগৰ সিদ্ধান্ত লৈছিল,
সেইখিনি নতুন প্রযুক্তি, নতুন চখ, নতুন বিনিয়োগ আদিৰ উদয়ৰ ফলত বহুদূৰৈলৈ পৰিৱর্তিত হৈ যাব পাৰে। শেষত হয়তো দেখা যাব পাৰে যে চাহিদা
অনুসৰি আপোনাৰ বিনিয়োগটো সঠিক নহল।
কোনোবাই এইবুলি কবই পাৰে যে পৰিকল্পিত কেন্দ্রীয় অর্থনীতি একোখনত বিনিয়োগৰ
দায়িত্বত থকা বিভাগটোৰ ওচৰত (বজাৰমূলক অর্থনীতিৰ বিনিয়োগকাৰীজনৰ তুলনাত) অধিক তথ্য
থাকিব; বিশেষকৈ কাষৰীয়া নানান উদ্যোগবিলাকে
কেনেধৰণৰ বিনিয়োগ পৰিকল্পনা কৰিছে - সেই সম্পর্কীয় তথ্যবোৰ বিভাগটোৰ ওচৰত
পূর্ণমাত্রাই থাকিব। আজিৰ দিনৰ দামৰ জৰিয়তে অনাগত ৫-৬ বছৰৰ আপেক্ষিক অভাৱৰ উমান হব নোৱাৰি। মুদ্রাস্ফীতি তথা অন্যান্য উপাদানবিলাকক বাদ দিলেও কথাষাৰ সলনি নহয়।
আচলতে ৫-৬ বছৰতো দূৰৈৰে কথা, অনাগত ৬ মাহতো সা-সামগ্রীৰ দাম তথা সুদৰ হাৰ কিমান হব- সেইটোও সঠিককৈ পূর্বানুমান কৰাটো সম্ভৱপৰ নহয়। কিন্তু মূল কথাটো হৈছে যে অর্থনীতিৰ চৰিত্র সমাজবাদীয়েই হওঁক বা পুঁজিবাদীয়েই
হওঁক, সময়ৰ অগ্রগতিয়ে যিকোনো অর্থনীতিতে অনিশ্চয়তাৰ কিছু উপাদান যুক্ত কৰে।
অর্থনীতিখন যদি ডায়নামিক হবলৈ হয়, তেনেহলে তাত ex post verification তথা উৎপাদনী প্রচেষ্টাৰ ex post valuationৰ অৱকাশ থাকিবই থাকিব।
সমাজবাদী অর্থনীতিখনত জাহাজ, পাৱাৰ ষ্টেছন আদিৰ নির্মাণ অর্ডাৰ পোৱাৰ পাছতহে কৰা হব, কিন্তু জোতা নির্মাণ বা পিয়াঁজৰ খেতিৰ ক্ষেত্রত নিয়মটো
বেলেগ হব। প্রতিজন গ্রাহকে তেওঁৰ প্রয়োজনখিনি সুনির্দিষ্ট কৰি দিয়াৰ পাছতহে জোতাৰ
নির্মাণ তথা পিয়াঁজৰ খেতি আৰম্ভ কৰা হব বুলি কব নোৱাৰি। অর্থাৎ পুঁজিবাদৰ দৰেই সমাজবাদৰ অধীনতো কিছুমান
সামগ্রীৰ উৎপাদন আনুমানিক প্রয়োজনৰ ভিত্তিত কৰা হব। ঠিক কিমানযোৰ জোতা বা কিমান
কিলো পিয়াঁজ অহাবছৰলৈ ৰাইজক প্রয়োজন হব, সেইটো কোনেও সম্পূর্ণ শুদ্ধকৈ কব নোৱাৰে বা প্লেন কৰিব নোৱাৰে। একেটা কথাই সমাজবাদী ৰেস্তোঁৰাবিলাকৰ ক্ষেত্রতো কব
পাৰি। কিমানজন গ্রাহকে ৰেস্তোঁৰাত খাবলৈ আহিব, তেওঁলোকে কেনেধৰণৰ খাদ্য অর্ডাৰ দিব
- ইবিলাক তথ্য আগেয়েই ৰেস্তোঁৰা মেনেজাৰৰ হাতত আহি পৰিব বুলি কব নোৱাৰি। ৰেস্তোঁৰাৰ মালিকে ex post হে গম পাব যে কিমানজন গ্রাহকে গাহৰি
মাংসৰ অর্ডাৰ দিলে আৰু কিমানজনে কুকুৰা মাংসৰ। অৱশ্যেই পূর্বৰ অভিজ্ঞতাৰ প্রতি লক্ষ্য ৰাখি ৰেস্তোঁৰাৰ
মেনেজাৰে অনাগত দিনৰ অর্ডাৰ তথা গ্রাহকৰ সংখ্যা সম্পর্কে কেতবোৰ অনুমান কৰিব আৰু
সেই অনুসৰি প্রস্তুতি চলাব। আজিৰ দিনতো ঠিক এনেদৰেই ৰেস্তোঁৰা উদ্যোগটো চালিত হয়।
মাত্র এটা পদ্ধতিৰ জৰিয়তেহে ex-ante আৰু ex-postৰ সমাপতন সম্ভৱপৰ কৰিব পাৰি। সেইটো হৈছে - উৎপাদকসকলক উপভোগৰ প্রশ্নটো
নির্ধাৰণ কৰিবলৈ দিয়া। অর্থাৎ উৎপাদকসকলেই নির্ধাৰণ কৰি দিব যে কেনেধৰণৰ জোতা
জনগণে পিন্ধিব, কেনেধৰণৰ খাদ্য ৰেস্তোঁৰাত পোৱা যাব, কোনজন নাগৰিকে কোনখন দোকানৰ পৰা কি কি ক্রয় কৰিব
পাৰিব - ইত্যাদি। এই মডেলটোক সেনাবাহিনীৰ
সৈতে তুলনা কৰিব পাৰি। মই যেতিয়া বৃটিছ সেনাবাহিনীত কর্পোৰেল হিচাপে নিযুক্ত হৈ
আছিলো, তেতিয়া সেনাবাহিনীয়ে ইছ্যু কৰা বুটজোতা আৰু ইউনিফর্ম পিন্ধিছিলোঁ, আর্মিৰ
মেছ-হলত যি খাদ্য দিয়া হৈছিল, সেয়াই খাইছিলোঁ। পিছে সেইবুলি এইটো মডেলক
সমাজবাদীসকলৰ লক্ষ্য - অর্থাৎ “প্রত্যক্ষ উৎপাদকৰ প্রভুত্ব স্থাপন”ৰ মডেল বুলি কব
নোৱাৰি!
প্রশ্নটো হৈছে চয়ন বা পছন্দৰ (choices)। আপোনাক চয়ন কৰিবলৈ যিমানেই বিকল্প দিয়া হব, সিমানেই অর্থনীতিখনৰ অনুমান ক্ষমতা(predictability) হ্রাস পাব। পৰিকল্পিত অর্থনীতিৰ প্লেনাৰসকল সাধাৰণতেই গ্রাহকৰ চয়ন ক্ষমতা
হ্রাস কৰিবলৈ প্রলুব্ধ হয়, কিয়নো যিমানেই চয়ন ক্ষমতা হ্রাস হব, সিমানেই ভৱিষ্যত অনুমান কৰাটো সহজ হব তথা সম্পদৰ অপচয় হ্রাস হব। ছোভিয়েট ইউনিয়নত সেয়েহে বিভিন্ন বস্তুৰ ক্রয়ৰ ক্ষেত্রত গ্রাহকসকলক কোনো বিকল্প
প্রদান কৰা নহয়। প্রায়ে মাত্র একেবিধ ফ্রীজ, একেবিধ
কোটচোলা, একেবিধ জোতা গ্রাহকক ক্রয়ৰ বাবে দিয়া হয়। ছোভিয়েট মেনেজাৰসকলৰ সাধাৰণতেই
কোনো সুনির্দিষ্ট ছাপ্লায়াৰ থাকে, সুনির্দিষ্ট গ্রাহক থাকে। আর্থিক প্লেন
অনুসৰিয়েই এই সুনির্দিষ্টকৰণ কৰা হয়। এইটো অর্থত উৎপাদনো চিধা উপযোগিতাৰ বাবেই কৰা
হয়। পুঁজিবাদী অর্থনীতিবিলাকতকৈ ছোভিয়েট অর্থনীতিত অনিশ্চয়তা কম, কিন্তু একেসময়তে
ছোভিয়েট গ্রাহকসকলৰ চয়ন ক্ষমতাও কম। এইখিনিতে কোনোবাই সুধিব পাৰে - পৰিকল্পিত কেন্দ্রীয় অর্থনীতি
একোখনত গ্রাহকে উৎপাদনৰ প্রক্রিয়াটোক বিস্তৃতভাৱে প্রভাৱিত কৰিব পাৰেনে? এইটো কোনো সৰল প্রশ্ন নহয়। মন কৰক যে “বিস্তৃতভাৱে” মানে আমি কেৱল” জোতা”ৰ কথা কোৱা নাই, বৰং গ্রাহকে কেনেধৰণৰ, কি কি ৰঙৰ, কি কি ডিজাইনৰ জোতা পিন্ধিবলৈ পছন্দ
কৰিব - তাৰ কথা কৈছোঁ। ঠিক তেনেদৰেই কেৱল সাধাৰণভাৱে “খাদ্য”ৰ কথা কোৱা নাই, বৰং গ্রাহকে ঠিক কোনবিধ “ডিছ” গ্রহণ কৰিব বিচাৰিব,
তাৰ কথা কৈছোঁ। আনহাতে, আর্থিক প্লেনিং সদায়েই সর্বমুঠ সংখ্যাৰ ভিত্তিত কৰা হয়,
অর্থাৎ সংখ্যাবিলাকক নিয়ন্ত্রণ কৰিব পৰাকৈ সীমিত কৰি পেলোৱা হয়। ইয়াৰ কোনো বিকল্প নাই। ইয়াৰ বিপৰীতে, মানৱ প্রয়োজনবিলাক হৈছে সদায়েই বিশিষ্ট(specific)।
চয়নৰ এটা বিশেষ দিশ হৈছে প্রতিযোগিতা । বেছিভাগ সমাজবাদীৰে এই
শব্দটোৰ প্রতি ভাল ভাৱ নাই আৰু মার্ক্সীয় সমাজবাদত এই
শব্দটো সাধাৰণতেই বিচাৰি পোৱা নাযায়। পিছে মন কৰক যে গ্রাহকক যদি চয়নৰ ক্ষমতা দিয়া হয়, অর্থাৎ “কাৰ পৰা কি
কিনিব” সেইটো নিজে নির্ধাৰণ কৰাৰ অৱকাশ প্রদান কৰা হয়, তেনেস্থলত উৎপাদকসকলকো নিজ ইচ্ছাৰে গ্রাহক বিচাৰিবলৈ
স্বাধীনতা প্রদান কৰিব লাগিব। পিছে এনে হবলৈ হলে অন্ততঃ কিছুসংখ্যক উৎপাদক নিজৰ
সামগ্রীবোৰ বিক্রী কৰাৰ ক্ষেত্রত সমস্যাৰ সমুখীন হব, বিশেষকৈ তেনে ক্ষেত্রত -
যেতিয়া গ্রাহকে আন কোনো প্রতিষ্ঠানৰ সামগ্রীক অগ্রাধিকাৰ দিব। যেনে ধৰক আপোনাৰ ৰেস্তোঁৰাখনৰ কাষতে আন কোনোবাই নতুন এখন ৰেস্তোঁৰা খুলিলে।
গ্রাহকে নতুন ৰেস্তোঁৰাখনৰ খাদ্য যদি অধিক তৃপ্তিকৰ যেন পায়, তাৰ অর্থ হৈছে যে
আপুনি কিছুসংখ্যক গ্রাহক হেৰুৱাব লাগিব, আপোনাৰ ৰেস্তোঁৰাখনৰ কিছুমান চকী-মেজ গ্রাহক অবিহনেই খালী হৈ থাকিব,
আপুনি ৰন্ধা আটাইখিনি খাদ্য বিক্রী নহব। আন কথাত কবলৈ গলে - প্রতিযোগিতাৰ ফলত অন্ততঃ
কিছুমান উৎপাদকৰ আটাইখিনি মানৱ সম্পদ তথা বস্তুগত সম্পদৰ প্রয়োগ সম্ভৱপৰ নহব। ঠিক এই কাৰণটোৰ বাবেই বহুতো ৰেস্তোঁৰাৰ চকী-মেজ খালী হৈ ৰয়, বহুতো
জাহাজৰ বার্থ মাল অবিহনেই থাকি ৰয়, বহুতো জোতাৰ কোনো গ্রাহক নোলায়- কিয়নো কোনেও
সেইবোৰ ক্রয় কৰিব নিবিচাৰে।
সমাজবাদীসকলে সাধাৰণতে প্রতিযোগিতাৰ বিৰোধিতা কৰে কিয়নো তেওঁলোকৰ দৃষ্টিৰে ই
পৰিকল্পিত অর্থনীতিৰ বিপৰীত দিশেৰে গতি কৰে। সমাজবাদীসকলৰ দৃষ্টিৰে নতুন ব্যৱস্থাটোত কোনো সংঘাত থকাটোৱেই উচিত নহয়, কিয়নো সহযোগহে এই নতুন ব্যৱস্থাটোৰ আধাৰগত মূল্য হোৱা উচিত। তদুপৰি, প্রতিযোগিতাই সম্পদৰ অপচয় ঘটায়। এই
প্রতিযোগিতাৰ ফলতেই বহুতো ৰেস্তোঁৰাৰ ছীট খালী হৈ ৰয়, বহুতো বন্দৰ জাহাজবিহীন হৈ
ৰয়। তদুপৰি এই প্রতিযোগিতাৰ বাবেই বিভিন্ন ধৰণৰ বিজ্ঞাপন, শ্ব’-বাজী তথা আনুসংগিক
নানান অবাঞ্চনীয় পৰিঘটনাৰ সৃষ্টি হয়।
পিছে এইখিনিতে পৰম্পৰাগত মার্ক্সবাদীসকলে এটা ভুল কৰে
- সেইটো হৈছে যে পার্ফেক্ট চিষ্টেম বোলা কোনো চিষ্টেম নাই। প্রতিটো চিষ্টেমৰে কিছু
ধনাত্মক তথা কিছু ঋণাত্মক দিশ থাকিবই। প্রতিযোগিতাৰো তেনেকৈ কিছুমান ধনাত্মক দিশ
আছে। গ্রাহকৰ চয়ন ক্ষমতা সুনিশ্চিত কৰিবলৈ প্রতিযোগিতাৰ উপস্থিতি থাকিবই লাগিব।
কথাষাৰ ওলোটাকৈয়ো কব পাৰি - জনগণৰ চয়ন ক্ষমতাই প্রতিযোগিতা বৃদ্ধি কৰে। ইয়াৰ লগতে,
প্রতিযোগিতাই উদ্যমী তথা এলেহুৱা - দুয়ো ধৰণৰে এণ্টাৰপ্রাইজবিলাকক উৎপাদনশীলতা বৃদ্ধি কৰাৰ বাবে প্রেৰণা
দিয়ে। অর্থাৎ এই যে কিছুমান উৎপাদন ক্ষমতা অব্যৱহৃত হৈ ৰয় (যেনে ৰেস্তোঁৰাৰ গ্রাহকহীন চকী-মেজ, জাহাজহীন বন্দৰ,
মালহীন জাহাজ ইত্যাদি) - ইবিলাকে আচলতে উৎপাদিত সামগ্রী/সেৱাৰ গুণমান বৃদ্ধি কৰাৰ বাবে হেঁচাৰ ভূমিকা পালন কৰে।
বিজ্ঞাপনো হৈছে গ্রাহক বিচৰাৰে এক পদ্ধতি। পশ্চিমীয়া দেশবিলাকত যদি অতিমাত্রা
বিজ্ঞাপনৰ অতপালি দেখা পোৱা যায়, আনফালে আকৌ ছোভিয়েট ইউনিয়নত গ্রাহকৰ প্রয়োজনবিলাকৰ প্রতি সামগ্রিক
নির্লিপ্ততা দেখা পোৱা যায়!
কেন্দ্রীয় পৰিকল্পনাই প্লেনাৰসকলক সামগ্রিক ছবিখন দর্শন কৰিবলৈ সুবিধা প্রদান
কৰে, পিছে একেসময়তে তলৰ স্তৰৰ বিভিন্ন বিতং দিশ ই দৃষ্টিৰ পৰা ধূসৰ কৰি ৰাখে।
বিকেন্দ্রীকৰণে তলৰ স্তৰৰ বিতং দিশবোৰ দৃষ্টিগোচৰ হোৱাত সহায় কৰে কিন্তু ই সামগ্রিক ছবিখন বুজি পোৱাত সমস্যা সৃষ্টি কৰে। এইক্ষেত্রত একমাত্র সমাধান হৈছে
কেন্দ্রীকৰণ আৰু বিকেন্দ্রীকৰণ - এই দুয়োটা স্তৰৰে মাজৰ কোনো বিন্দুত কম্প্র’মাইজ
কৰিব লাগিব।
প্রতিযোগিতাৰ এক ধনাত্মক দিশ হৈছে - বিফলতাৰ স্থিতি সৃষ্টি হলে ই কেতবোৰ
সমাধান দাঙি ধৰে। ধৰক কোনো নির্দিষ্ট সামগ্রী এবিধ কেন্দ্রীয় পৰিকল্পনাৰ জৰিয়তে
যোগান ধৰা নগল বা যোগান ধৰিলেও ই সন্তোষজনক পর্যায়ৰ নহল। এতিয়া এই ভুলটো শুদ্ধ
কৰিবলৈ কোনো উপায়, কোনো ব্যৱস্থা থাকিব লাগিব। এটা উপায় হৈছে - কেন্দ্রীয় প্লেনাৰসকলক আবেদন কৰা, প্রতিবাদ
কৰা, চিঠি লিখা ইত্যাদি। আনটো উপায় হৈছে যোগানৰ কোনো বিকল্প উৎস বিচাৰি উলিওৱা বা উপস্থিত উৎপাদনী ইউনিটটোৰ বিপৰীতে এক নতুন উৎপাদনী
ইউনিট স্থাপন কৰা - যি পুৰণি ইউনিটটোতকৈ উৎকৃষ্ট মানৰ সামগ্রী সঠিক সময়ত যোগান
ধৰিব। অর্থাৎ এই নতুন উৎপাদনী ইউনিটটোৱে পুৰণি ইউনিটটোৰ সমুখত প্রতিযোগিতা সৃষ্টি কৰিব।
হাংগেৰীৰ সমাজতত্ত্ববিদ ইভান জেলেনিয়ে ঠিক এইষাৰ কথাকে কৈছে। তেওঁ লিখিছে যে
কেন্দ্রীয় পৰিকল্পনাৰ বিকল্পও মজুত থাকিব লাগিব[3](তেওঁৰ যুক্তি সম্পর্কে আমি কিছু সময় পাছত কথা পাতিম)।একেধৰণৰ যুক্তি দাঙি ধৰিছে ছোভিয়েট
চৰকাৰবিৰোধী সমাজবাদী বেলৎচাৰকোভস্কিয়ে। তেওঁ উপযোগী তথা ক্ষতিকাৰক - দুই প্রকাৰৰ প্রতিযোগিতাৰ কথা
লিখিছে। প্রতিযোগিতা কিয় অতিশয় প্রয়োজনীয়, কিয় প্রতিযোগিতাৰ জৰিয়তেহে কর্মকুশলতা
বৃদ্ধি কৰিব পাৰি তথা গ্রাহকৰ দাবীবিলাকৰ প্রতি সংবেদনশীলতা সুনিশ্চিত কৰিব পাৰি -
সেই সম্পর্কে তেওঁ বিতংকৈ লিখিছে[4]।
এই বিচাৰবুদ্ধিসম্পন্ন যুক্তিখিনিৰ বিৰুদ্ধে পৰম্পৰাগত মার্ক্সবাদীসকলৰ ওচৰত
আচলতে কোনো প্রতি-যুক্তিয়েই নাই। তেওঁলোকে মাথো পুৰণি কেতবোৰ কথাকে দোহাৰি থাকিব
পাৰে যে - মার্ক্সে প্রতিযোগিতাৰ বিৰোধিতা কৰিছিল, প্রতিযোগিতা হৈছে সমাজবাদী
মূল্যবোধ-বিৰোধী, “প্রকৃত” সমাজবাদী অর্থনীতিত প্রতিযোগিতাৰ প্রয়োজন নহব - ইত্যাদি
ইত্যাদি। অর্থাৎ ধর্মসদৃশ গোড়ামিৰ বাহিৰে প্রতিযোগিতাৰ বিৰোধিতা কৰিবলৈ তেওঁলোকৰ
ওচৰত কোনো সুচিন্তিত যুক্তি নাই।
মন কৰা ভাল যে বাস্তৱ পৃথিৱীখনত “প্রতিযোগিতা”ৰ বিপৰীত শব্দটো
“সহযোগিতা” নহয়, বৰং ই হৈছে “একাধিপত্য”। আমেৰিকান অর্থনীতিয়েই হওঁক বা ৰাছিয়ান
অর্থনীতিয়েই হওঁক, চবৰে ক্ষেত্রত এই কথা কব পাৰি। লগতে এইষাৰ কথাও কৈ থোৱা উচিত হব যে প্রতিযোগিতা তথা চয়ন ক্ষমতাৰ পূর্বচর্ত হৈছে -
অব্যৱহৃত উৎপাদন ক্ষমতা(unused capacity)। অন্যথাই আপুনি প্রতিযোগিতাত নামিবই বা কেনেকৈ? যোগান আৰু চাহিদাৰ মাজত এশ শতাংশ ভাৰসাম্য
স্থাপন, অর্থাৎ নিউ-ক্লাছিকেল অর্থশাস্ত্রৰ কল্পিত “পার্ফেক্ট মার্কেট” আচলতে
বাস্তৱত সম্ভৱপৰেই নহয়। প্রতিযোগিতাৰ প্রক্রিয়াটো চলিবলৈ হলে পার্ফেক্ট
মার্কেট থাকিবই নোৱাৰে।
মার্ক্সবাদী পৰম্পৰাৰ আন এটা দুর্ভাগ্যজনক দিশ হৈছে বৃহৎ আকাৰৰ উৎপাদনী ইউনিটৰ
প্রতি আকর্ষণ। শ্বঁন চয়ার্ছে মাওবাদৰ বিষয়ে আলোচনা কৰিবলৈ গৈ লেনিনৰ এষাৰ বিখ্যাত
উক্তি উদ্ধৃত কৰিছে, “ক্ষুদ্র উৎপাদনে পুঁজিবাদ সৃষ্টি কৰে আৰু প্রতি ঘন্টা, প্রতি
দিনে ব্যাপক হাৰত স্বতঃস্ফুর্তভাৱে বুর্জোৱাৰ জন্ম দি থাকে”। লেনিনে লগতে কৈছিল
- “সমাজৰ পৰা শ্রেণীৰ বিলুপ্তি ঘটাবলৈ উৎপাদিকা শক্তিৰ বিকাশ আৰু এনে ক্ষুদ্র হাৰৰ উৎপাদনৰ
বিলুপ্তকৰণ অতিশয় জৰুৰী”[5]। এই যে লেনিনে “এনে” শব্দটো প্রয়োগ কৰিলে, তাৰ অর্থ কি এইটো যে অন্ততঃ “আন
কিছুমান ক্ষুদ্র হাৰৰ উৎপাদন” সমাজবাদৰ বাবে বাঞ্ছনীয় হব? অৱশ্যে মোৰ বোধেৰে সেইটো হোৱাৰ সম্ভাৱনা কম, যিহেতু তেওঁ সমাজবাদৰ বাবে বৃহৎ আকাৰৰ উৎপাদনী ইউনিট প্রয়োজনীয় বুলি কৈ
গৈছে। পিছে এই “বিলুপ্তকৰণ” শব্দটোৰ অর্থ
কি হব পাৰে?
সমাজবাদৰ অধীনত ক্ষুদ্র উৎপাদন কেনেকৈ বিলুপ্ত কৰা হব? “সমাজবাদী” পুলিচৰ
জৰিয়তে? নে বৃহৎ আকাৰৰ উৎপাদনী ইউনিটৰ সৈতে সিবিলাকৰ প্রতিযোগিতাৰ আয়োজন কৰি? এই
দ্বিতীয়টো পদ্ধতি অৱলম্বন কৰিলে কিছুমান ক্ষুদ্র উৎপাদন নিশ্চয়কৈ থাকি যাব (যেনে ক্ষুদ্র মাত্রাৰ নানান
সমবায়)। অর্থনীতিৰ সেইবোৰ অঞ্চলত - য’ত “আয়তন অর্থনীতি” (economies
of scale) প্রয়োজনীয় নহয়, বা য’ত
বৃহৎ উদ্যোগসমূহে বাঞ্ছনীয় পৰিমাণৰ বা ভাল গুণমানৰ সামগ্রী যোগান ধৰিবলৈ ব্যর্থ
হৈছে- তাত ক্ষুদ্র উৎপাদন বৃদ্ধিহে হব বুলি কব পাৰি। মোৰ বোধেৰে প্রতিযোগিতাৰ দৰেই
এই প্রশ্নটোও অতিশয় গুৰুত্বপূর্ণ।
গুণমান আৰু
পৰিমাণ
গুণমান(quality)ৰ প্রশ্নটো সম্পর্কে
আমি ইতিমধ্যেই কিছু কথা আলোচনা কৰিছোঁ। আচলতে মূখ্যধাৰাৰ অর্থশাস্ত্রতো গুণমানৰ
দিশটো বেছ অৱহেলিত। কিন্তু অন্ততঃ পাঠ্যপুথিৰ
সংজ্ঞা অনুসৰি মূল্যৰ ধাৰণাটোত চাহিদাৰ দিশটোক হিচাপত লোৱা হয়। এই বিষয়ে কোনো সন্দেহ নাই যে মূখ্যধাৰাৰ “প্রান্তীয়
উপযোগিতা তত্ত্বই” মূল্যৰ সংজ্ঞাৰ ক্ষেত্রত চাহিদাৰ দিশটোক কিছু বেছিকৈয়ে গুৰুত্ব
দিয়ে আৰু উৎপাদন পৰিস্থিতিৰ দিশটো সমূলি আওকান কৰে। কিন্তু তথাপিও গ্রাহকৰ জৰিয়তে
সামগ্রীৰ মূল্যায়ন, টকাৰ ৰূপত সামগ্রীৰ মূল্যায়ন - ইত্যাদিবিলাক দিশ হৈছে
নিঃসন্দেহে গুৰুত্বপূর্ণ। একোটা ফাল্টু মোবাইল ফোনৰ তুলনাত একোটা উৎকৃষ্ট মোবাইল
ফোনে সাধাৰণতেই অধিক মূল্য দাবী কৰিবলৈ সক্ষম হব। একেটা কথাকে একোটাহঁত ভাল মেছিন,
ভাল জোতা, ভাল গাহৰি মাংসৰ ক্ষেত্রতো কব পাৰি। পিছে মার্ক্সীয় সমাজবাদৰ অধীনত
পৰিমাণগত(quantitative) দিশৰ পৰাহে আর্থিক পৰিকল্পনাবোৰ নির্মাণ কৰা হয়। ছোভিয়েট ইউনিয়নৰ অভিজ্ঞতাই দর্শাইছে যে উচ্চতৰ কর্তৃপক্ষৰ ওচৰত প্রতিটো
সামগ্রীৰে উৎপাদনৰ বিতং দিশবোৰ (যেনে কি কি কেঁচা মাল
প্রয়োগ কৰি সামগ্রীটো নির্মাণ কৰা হব, নতুন কিবা কেঁচা মাল বা প্রযুক্তি প্রয়োগ
কৰা হব নেকি ইত্যাদি) সম্পর্কে আলোচনা কৰি সিদ্ধান্ত লবলৈ আহৰি নাথাকে। অর্থাৎ
উৎপাদিত সামগ্রীৰ গুণমান(কোৱালিটি)ৰ দিশটো পৰীক্ষণ কৰিবলৈ প্লেনাৰসকল ব্যর্থ হয়। এইটোও মন কৰা ভাল যে
গুণমান হৈছে এনে এক বস্তু, যাক সহজতে সংজ্ঞায়িত কৰিব পৰা নাযায়। কিছুমান ক্ষেত্রত
গুণমানক সংজ্ঞায়িত কৰিবলৈ চেষ্টা কৰিব পাৰি (যেনে কয়লাৰ কেলৰি অনুপাত, tensile strength ইত্যাদি)। পিছে বেছিভাগ ক্ষেত্রতে গ্রাহকসকলৰ পছন্দ, ৰুচি, সামগ্রীটো ব্যৱহাৰ কৰি লাভ কৰা অভিজ্ঞতা আদি দিশসমূহহে অধিক তাৎপর্যপূর্ণ
হৈ পৰে। অর্থাৎ সামগ্রীটো গ্রাহকে ব্যৱহাৰ কৰি ভাল পাইছেনে নাই, সামগ্রীটোৰ মূল্যায়ন গ্রাহকে কেনেকৈ কৰিছে,
সামগ্রীটোৰ বাবে গ্রাহকে কিমানখিনি দাম ভৰিবলৈ প্রস্তুত হৈছে - আদি দিশবোৰ
গুৰুত্বপূর্ণ হৈ পৰে। আন ভাষাত কবলৈ গলে - ই হৈছে গ্রাহকৰ দ্বাৰা উপযোগী মূল্যৰ
মূল্যায়ন।
এইখিনিতে আমি বিভিন্ন সামগ্রীৰ মাজত থকা কেতবোৰ পার্থক্য সম্পর্কেও মন কৰা
উচিত। পানী আৰু বিজুলীৰ দৰে সামগ্রীবোৰ হৈছে সমৰূপী(homogeneous); সিবিলাকক পাইপ অথবা ৱায়াৰৰ জৰিয়তে বোৱাই নিব পাৰি। সিবিলাকৰ প্লেনিং কৰাও তুলনামূলকভাবে সহজ। সিবিলাকৰ বিপৰীতে
কাপোৰ, শাক-পাছলি, বাদ্যযন্ত্র, সা-সঁজুলি আদিৰ দৰে সামগ্রীবিলাকৰ চৰিত্র হৈছে বিষমৰূপী
- অর্থাৎ বিভিন্ন ৰূপত সিবিলাকক দেখা পোৱা যায় (যেনে বিভিন্ন প্রকাৰৰ শাক-পাছলি, বিভিন্ন প্রকাৰৰ কাপোৰ ইত্যাদি)। পানী অথবা বিজুলীৰ দৰে সিবিলাক সহজতে প্লেন কৰিব নোৱাৰি। কেন্দ্রীয় প্লেনিং কমিছনে এই দ্বিতীয় বিধৰ সামগ্রীবিলাকক “পৰিমাণগতভাবে”
প্লেন কৰিলে আচলতে সিবিলাকৰ microeconomic অর্থয়েই হেৰাই যায়। কিলোগ্রাম (ওজন) বা মিটাৰৰ (দৈর্ঘ্য) হিচাপত এই
সামগ্রীবিলাকৰ প্লেনিং কৰিলে সিবিলাকৰ অগণন আভ্যন্তৰীন বৈচিত্র, ভেৰাইটি তথা
উপযোগী মূল্যকে আওকান কৰা হয়।
ট্রটস্কিয়ে লিখি গৈছে- “কেঁচা-লোহাক টনৰ ৰূপত হিচাপ কৰিব পাৰি, বিজুলীৰ হিচাপ
কৰিব পাৰি কিলোৱাট-ঘণ্টাৰ ৰূপত। পিছে অর্থনীতিৰ সকলো
শাখাকে কোনো উমৈহতীয়া মূল্য
ভাজ্যকলৈ(value denominator)পৰিণত কৰিব নোৱাৰিলে সার্বজনীন পৰিকল্পনা নির্মাণ অসম্ভৱ।” ট্রটস্কিয়ে অন্ততঃ বুজিব পাৰিছে
যে যে ধাতু আৰু ইন্ধনৰ ক্ষেত্রতো বিশুদ্ধ পদার্থগত পৰিকল্পনাৰ(physical planning) অনেকখিনি সীমাৱদ্ধতা আছে। ট্রটস্কিয়ে এই কথাখিনি ১৯৩০ৰ ছোভিয়েট ইউনিয়নৰ
প্রসংগত লিখিছিল, পিছে “প্রকৃত সমাজবাদৰ” ক্ষেত্রতো কথাখিনি নিশ্চয়কৈ প্রযোজ্য হব।
ছোভিয়েট ইউনিয়নৰ অভিজ্ঞতাই এই কথাখনি সুন্দৰকৈ প্রমাণিত কৰিছে। আর্থিক
পৰিকল্পনা যদি সর্বমুঠ পৰিমাণৰ ভিত্তিত কৰা হয়, তেনেস্থলত পৰিকল্পনাৰ লগত মিলি যোৱা “প্রডাক্ট মিক্স”বিলাক সাধাৰণতেই উৎকৃষ্ট মানৰ নহব। ইয়াৰ
বিপৰীতে, উপভোক্তা আৰু ছাপ্লায়াৰৰ মাজৰ বুজাবুজিয়ে যদি আর্থিক পৰিকল্পনাৰ
সূক্ষ্মতৰ(micro) গাঁথনিটো নির্মাণ কৰিবলৈ হয়,
তেনেস্থলত সেই অর্থনীতিখনক কেন্দ্রীয়ভাৱে পৰিকল্পিত অর্থনীতি বুলি আৰু কব পৰা নাযাব। কিয়নো, উপভোক্তা আৰু ছাপ্লায়াৰৰ
মাজৰ বুজাবুজিয়ে আর্থিক পৰিকল্পনাৰ সূক্ষ্মতৰ গাঁথনিটো নির্মাণ কৰিলে সর্বমুঠ
সংখ্যাবোৰো (টন, বর্গমিটাৰ আদিৰ হিচাপত) কেন্দ্রীয়ভাৱে নির্ধাৰিত হোৱাৰ বিপৰীতে উপভোক্তা আৰু ছাপ্লায়াৰৰ আলোচনাৰ ভিত্তিতহে গঠিত হব। ইয়াৰ অর্থ
হৈছে - এনে পৰিস্থিতিত উৎপাদনী ইউনিটবোৰ (এণ্টাৰপ্রাইজবোৰ, কোম্পানীবোৰ)
স্বায়ত্ত্ব হৈ পৰিব। স্বায়ত্ত্ব হোৱাৰ অর্থ হৈছে - কোম্পানীবিলাকে নিজৰ প্রয়োজনীয় ইনপুটবিলাক নিজ ইচ্ছাৰে য’ৰ পৰা
মন যায় ত’ৰ পৰা সংগ্রহ কৰিব পাৰিব, যিকোনো ছাপ্লায়াৰৰ সৈতে এই বিষয়ক চুক্তিপত্রত আৱদ্ধ হব পাৰিব। পিছে ধ্রুপদী মার্ক্সবাদীসকলে বাৰম্বাৰ কৈ
গৈছে যে সমাজবাদৰ অধীনত এনে সমস্ত সম্বন্ধবিলাক “সমাজখনে প্লেন কৰিব”। ইয়াৰ
বিপৰীতে, উৎপাদন ইউনিটবিলাকক স্বায়ত্ত্বতা প্রদান কৰাৰ অর্থ হৈছে - পণ্য উৎপাদনৰ
সূচনা কৰা। পণ্য উৎপাদনৰ অর্থ হৈছে - নিজৰ বিপৰীতে আন কাৰোবাৰ উপযোগিতাৰ বাবে (অর্থাৎ আনৰ ব্যৱহাৰৰ বাবে) উৎপাদন কৰা। অর্থাৎ এনেদৰেই বজাৰ অর্থনীতিৰ সূচনা হব। বা অধিক
সঠিককৈ কবলৈ গলে - প্লেনিং আৰু বজাৰৰ সংমিশ্রণৰ এক মিশ্রিত অর্থনীতিৰ সূচনা হব
(যিহেতু প্লেনাৰসকলৰ কিছু ভূমিকা এতিয়াও থাকি যাব)। মোৰ নিজা বিশ্বাস যে বজাৰ আৰু
পৰিকল্পনাৰ এনে মিশ্রণ হৈছে যিকোনো বাস্তৱ-সম্ভৱ সমাজবাদী অর্থনীতিৰ প্রয়োজনীয়
বৈশিষ্ট্য। পিছে এনে কোনো কথা কলেই পৰম্পৰাগত মার্ক্সবাদীসকলৰ জ্বৰ উঠে। তেওঁলোকে
লগে-লগে কয়- এয়া কেনেদৰে সম্ভৱপৰ? সমাজবাদ মানেই পণ্য উৎপাদনৰ বিলুপ্তকৰণ বুলি মার্ক্সে কৈ যোৱা নাইনে?
আমি পূর্বেই আলোচনা কৰিছোঁ যে সমাজবাদৰ অধীনত সকলো সামগ্রী প্রচুৰ পৰিমাণে পোৱাটো সম্ভৱপৰ বুলি ধৰি ললে তথা সমাজবাদী অর্থনীতিখন সর্বদা এক স্থানু ভাৰসাম্যৰ(static equilibrium) স্তৰত থাকিব বুলি মানি ললে আমাৰ বহুতো সমস্যাৰেই সমাধান ওলাব। স্কটলেণ্ডৰ
পানীৰ দৰেই সকলো ইনপুট তেতিয়া বিচৰা মাত্রকে পোৱা যাব। মানৱ প্রয়োজন, ইনপুট, প্রযুক্তি ইত্যাদিবিলাক সম্পর্কে পূর্ণাংগ জ্ঞান সহজলভ্য হব
তথা সিবিলাক কাছিৎহে সলনি হব। নাগৰিকসকলে দোকানলৈ গৈ যাৰ যি ইচ্ছা, সেই অনুসৰি
সামগ্রী সংগ্রহ কৰিব পাৰিব আৰু মেনেজমেণ্টৰ দায়িত্বত থকাসকলেও যাৰ যিমান ইচ্ছা
সিমানখিনি ষ্টীলৰ শ্বিট, ছালফিউৰিক এছিদ, কাপোৰ, গাহৰি মাংস, বন্ধাকবি ইত্যাদি
বিভিন্ন সামগ্রী যোগান ধৰিব। ইনপুটৰ বাবে কোনো প্লেনিং কৰাৰেই সমস্যা নাথাকিব।
সমাজে বিচৰা সকলো সামগ্রী শ্রমিকসকলে নির্মাণ কৰিব। কোনো নগদৰ(টকা) প্রয়োজন নহব, কোনো বিনিময় প্রক্রিয়া নাথাকিব,
কোনো ক্রয়-বিক্রয়ো নাথাকিব। অর্থাৎ পণ্য
উৎপাদনৰ অন্ত পৰিব। কোনো জটিল আমোলাতান্ত্রিক কেন্দ্রীয় পৰিকল্পনা কার্যপ্রণালীও
নাথাকিব। অৱশেষত পৃথিৱীৰ বুকুত ভূ-স্বর্গ নির্মাণ হব!
এইজাতীয় সমাধানবোৰ, এইজাতীয় সপোনবোৰ যে অসম্ভৱ, সেয়া আমি পূর্বেই আলোচনা কৰিছোঁ। পিছে এইখিনিতে আন এটা
কথা মন কৰক। এইজাতীয় অর্থনীতিক আচলতে পৰিকল্পিত অর্থনীতি বুলিয়েই কব পৰা নাযায়। কিয়নো
এইজাতীয় অর্থনীতিত সামগ্রিকভাবে সমাজখনৰ লগতে কেন্দ্রৰো কোনো ভূমিকা নাথাকিব। আন
কথাত কবলৈ গলে, এয়া কোনো মার্ক্সবাদী সপোন বুলি কোৱাৰ বিপৰীতে অৰাজকতাবাদী (এনার্কিষ্ট) সপোন বুলি কোৱাটোহে উচিত হব।
ইয়াতকৈয়ো অধিক গুৰুত্বপূর্ণ কথাষাৰ হৈছে যে এই ধৰণৰ সমাজবাদী মডেল সম্ভৱপৰেই নহয়। ইতিমধ্যেই আমি আলোচনা কৰিছোঁ যে সকলো সামগ্রীৰ
প্রাচুর্যতা সম্ভৱপৰ নহয়। লগতে, অর্থনীতিখন চলি
থাকিবলৈ হলে কোনোবাই সুনিশ্চিত কৰিব লাগিব যে আউটপুটৰ সৈতে মিলি যোৱাকৈ ইনপুটৰ যোগান ধৰা হৈছে তথা আৱশ্যকীয় সকলোখিনি সামগ্রীয়েই পর্যাপ্ত পৰিমানে মজুত আছে।
পিছে কোনে এই কাম কৰিব? তাৰ কোনো উত্তৰ এই মডেলটোৰ ওচৰত নাই। তদুপৰি বিনিয়োগৰ প্রয়োজনীয়তা অর্থাৎ নির্মাণ
সামগ্রী, মেচিন আদিৰ বিনিয়োগৰ প্রশ্নটোৰ কি হব? বাস্তৱ পৃথিৱীখনত সদায়েই সামগ্রীৰ আপেক্ষিক অভাৱ দেখা পোৱা যায় আৰু যিহেতু ইয়াৰ অর্থই হৈছে যে
সকলো প্রয়োজন পূর্ণ কৰিব পৰাকৈ পর্যাপ্ত উৎপাদন ক্ষমতা থাকিব নোৱাৰে, তেনেস্থলত উৎপাদনৰ বিভিন্ন বিকল্পৰ মাজত চয়ন কৰিবলৈ
কেনেধৰণৰ মানদণ্ড(criteria) প্রয়োগ কৰা হব? যেতিয়া উৎপাদকসকলে দেখিব
যে সকলো চাহিদা পূৰণ কৰিব পৰাকৈ তেওঁলোকৰ পর্যাপ্ত উৎপাদন ক্ষমতা নাই বা পর্যাপ্ত
ইনপুটৰ যোগান নাই, তেনেস্থলত তেওঁলোকে কাৰ প্রয়োজনসমূহক অগ্রাধিকাৰ দিব? কোনে এই
প্রশ্নটোৰ উত্তৰ দিব পাৰিব, কাৰ ওচৰত এই দায়িত্বভাৰ থাকিব, আৰু কেনেকৈ এই প্রশ্নৰ
উত্তৰৰ ভিত্তিত যথোচিত পদক্ষেপ লোৱা হব? মন কৰক যে এই সমস্ত কামখিনি কৰিব লাগিব কোনো দাম-বিধিৰ(price mechanism) অবিহনেই। বেটেলহাইমে কোৱাৰ লেখিয়াকৈ কেনেবাকৈ “চছিয়েল ৱেলফেয়াৰ ইফেক্ট” হিচাপ কৰাৰ পদ্ধতি বিকশিত হলেও কিন্তু তাৰ মূল্যায়ন কৰাটো
কার্যস্থলীত থকা প্রত্যক্ষ উৎপাদকসকলৰ বাবে সম্ভৱপৰ নহব। বিভিন্ন বিকল্পৰ মাজত চয়ন কৰাৰ কামফেৰা উচ্চতম
কর্তৃপক্ষইহে (যেনে প্লেনিং কমিছনে) কৰিব পাৰিব।
আচলতে “প্রত্যক্ষ ব্যৱহাৰৰ বাবে উৎপাদন আয়োজন কৰা”, “সামাজিক শ্রমক প্রত্যক্ষ ৰূপ দিয়া”, “পণ্য
উৎপাদন নির্মূল কৰা” আদি লক্ষ্যবোৰ হাছিল কৰিবলৈ হলে অর্থনীতিখনক যি ৰূপ দিব লাগিব
(বা অর্থনীতিখনে যি ৰূপ লবলৈ বাধ্য হব), সেয়া সমাজবাদীসকলে সহজেই বুলিব পাৰিব
লাগিছিল। ওপৰৰ আলোচনাখিনিৰ পৰা স্পষ্ট হৈ পৰিছে এনে লক্ষ্যবস্তুৰ পিছে পিছে
দৌৰিবলৈ হলে কেনেধৰণৰ আর্থিক ফলাফল সৃষ্টি হব। পিছে দুর্ভাগ্যৰ কথা হৈছে যে এই
সাধাৰণ তথা প্রেকটিকেল কথাবোৰকে বহুতো মার্ক্সবাদীয়ে বুজিব নোখোজে। অথচ তেওঁলোকেই
কিন্তু বাৰম্বাৰ “প্রেকটিছ”, “অনুশীলন” আদিৰ কথা কৈ থাকে! কিছুদিন পূর্বে এজন
মার্ক্সবাদী তত্ত্ববিদে লিখিছে যে মার্ক্সীয়
চিন্তন আৰু ইয়াৰ লক্ষ্যবস্তু অর্থাৎ বাস্তৱৰ সংযোগ হেৰাই গৈছে আৰু আজিৰ দিনত দুয়োৰে মাজৰ সম্পর্কটো পুণঃস্থাপন কৰাটো
জৰুৰী হৈ পৰিছে[6]।
মোৰ মূল বক্তব্যখিনি পুণৰ দোহাৰিছোঁ- যিকোনো আধুনিক, জটিল তথা ঔদ্যোগিক অর্থনীতি
একোখনত বিভিন্ন অংশবিলাকৰ মাজৰ আন্তঃসম্বন্ধবিলাক দুটা ধৰণেৰে স্থাপন কৰিব পাৰি।
১) বিভিন্ন পক্ষৰ মাজত স্বাধীনভাৱে স্বাক্ষৰিত হোৱা চুক্তি (অর্থাৎ কোম্পানীবিলাকৰ স্বায়ত্ত্বতা তথা পণ্য উৎপাদন) ২) এক
কেন্দ্রীকৃত আমোলাতান্ত্রিক ব্যৱস্থা - য’ত ওপৰৰ পৰিকল্পনা বিভাগৰ পৰা নির্দেশ দিয়া হব আৰু তলৰ পর্যায়ৰ পদৱীধাৰীসকলে সিবিলাক ৰূপায়ণ কৰিবলৈ বাধ্য হব। এই দুটা পথৰ
বাহিৰে আন কোনো বিকল্প নাই। অৱশ্যে তাৰ অর্থ এইটো নহয় যে বজাৰ আৰু পৰিকল্পনা - এই দুয়োটা নীতিৰ কোনো মিশ্রণ
তৈয়াৰ কৰিব পৰা নাযায়। আচলতে বাস্তৱ-সম্ভৱ সমাজবাদী অর্থনীতি একোখনত এই দুয়োটা
উপাদানৰ উপস্থিতি থাকিব। কিছুমান সিদ্ধান্ত বিভিন্ন পক্ষৰ মাজত আলাপ-আলোচনা তথা
চুক্তিপত্রৰ দ্বাৰা গ্রহণ কৰা হব। আন কিছুমান সিদ্ধান্তই প্রশাসনিক নির্দেশৰ ৰূপ
লব, যিবিলাক বাধ্যতামূলক হব। পুঁজিবাদৰ অধীনতো বজাৰ আৰু পৰিকল্পনাৰ এনে মিশ্রণ
দেখিবলৈ পোৱা যায়। এই সম্পর্কে মই অনাগত
অধ্যায়কেইটাত বিতংকৈ আলোচনা কৰিম।
অর্থনীতিবিদ অস্কাৰ লাংগেই প্লেনিং আৰু বজাৰৰ মিশ্রণ সম্পর্কীয় এক মডেল
প্রস্তাৱ কৰি গৈছে। কেন্দ্রীয় পৰিকল্পনা
পৰিষদ আৰু বিভিন্ন কোম্পানীৰ মেনেজমেণ্টবিলাকৰ মাজত কেনেদৰে শ্রম-বিভাজন আয়োজন কৰা
হব, সেই সম্পর্কে তেওঁ বিতংকৈ লিখিছে। মন কৰা ভাল যে লাংগেৰ মডেলটো হৈছে মূলতঃ
বজাৰমূলক মডেল- য’ত দাম-বিধি(price mechanism) সক্রিয় হৈ থাকিব আৰু মেনেজমেণ্টবিলাকে
এই দাম-বিধি অনুসৰি উচিত পদক্ষেপ গ্রহণ কৰিব। অৱশ্যে কেন্দ্রীয় পৰিকল্পনা পৰিষদে এই দাম-বিধিত হস্তক্ষেপ(manipulation) কৰাৰ অৱকাশ থাকিব। মোৰ বোধেৰে এই মডেলটো সন্তোষজনক নহয়। এইবিষয়ে মই বিতংকৈ পাছত
আলোচনা কৰিম।
অর্থনীতিবিদ বাহৰোৱে আন এটা মডেল আগবঢ়াইছে। তেওঁৰ মডেলটোত বাস্তৱধর্মিতা আৰু ৰোমান্টিকতা - দুয়োটাই দেখা পোৱা যায়। তেওঁ বাস্তৱধর্মী- কিয়নো আধুনিক, জটিল অর্থনীতি একোখনৰ পদানুক্রমিক তথা আন্তঃসম্বন্ধযুক্ত
চৰিত্রটোৱে কেনেদৰে আমোলাতন্ত্র, পদানুক্রম
তথা বিচ্ছিন্নতা সৃষ্টি কৰে - সেই কথা তেওঁ বুজিব পাৰিছে। তেওঁৰ বিশ্বাস যে
অর্থনীতিৰ জটিলতা, বিভিন্ন বিভাগৰ মাজৰ জটিল আন্তঃসম্বন্ধ তথা পাৰস্পৰিক
নির্ভৰশীলতাৰ মাত্রা হ্রাস কৰা উচিত। সেয়েহে তেওঁ যিমান দূৰৈলৈ পাৰি
আত্ম-নির্ভৰশীল, ক্ষুদ্রাকাৰ তথা স্থানীয় কমিউন নির্মাণৰ পোষকতা কৰিছে। এইক্ষেত্রত
ইজৰাইলৰ কিব্বুটজ সম্প্রদায়বিলাকৰ উদাহৰণ লব পাৰি। এনে গ্রাম্য সম্প্রদায়বিলাকে কি
কামত কিমান শ্রম প্রয়োগ কৰা হব - সেয়া নিজে নির্ধাৰণ কৰে। লগতেই কি উৎপাদন কৰা হব, কেনেকৈ কৰা হব-
ইবিলাকো সম্প্রদায়টোৱে নিজেই নির্ধাৰণ কৰে।
এইক্ষেত্রত কোনোধৰণৰ বিশেষীকৃত নিয়ন্ত্রণ ব্যৱস্থা বা পদানুক্রম নাথাকে।
পিছে সমস্যা হৈছে যে স্থানীয় তথা সীমিত পর্যায়ত এনে কেতবোৰ
সম্প্রদায় অতি-উৎসাহী ভলন্টিয়াৰসকলে নির্মাণ কৰিব পাৰিলেও, আধুনিক
উদ্যোগবিলাক এই নীতিৰ জৰিয়তে চলোৱাটো সম্ভৱপৰ নহয়। আধুনিক উদ্যোগত নানান
বিশেষীকৰণ(specialisation) তথা আকাৰৰ(scale)ৰ প্রসংগ আহি পৰে আৰু কাজেই এইধৰণৰ
আত্মনির্ভৰশীলতা আধুনিক উদ্যোগৰ বাবে সম্ভৱপৰ নহয়। আপুনি হেজাৰ আত্মনির্ভৰশীলতাৰ কথা কলেও কিছুমান সামগ্রী (যেনে ধৰক
ইন্ধন, ধাতু, মেছিন, ৰাসায়নিক সামগ্রী, মটৰ বাহন, ৰেফ্রিজাৰেটৰ আদি) আপুনি বাহিৰৰ
পৰাই ক্রয় কৰিবলৈ বাধ্য। বাহৰোৱে তেওঁৰ “তলৰ পৰা কেন্দ্রীকৰণ”
শীর্ষক ধাৰণাটোৰ জৰিয়তে যুক্তি দর্শাইছে যে তেওঁৰ বিকল্প ব্যৱস্থাটোত বিভিন্ন ক্ষুদ্র সম্প্রদায়বিলাকৰ প্রতিনিধিসকলে
মিলি প্রয়োজনীয় বিনিময় সম্পর্কে এখন
সর্বদিশ সামৰা প্লেন নির্মাণ কৰিব। মন কৰক যে বাহৰোৱে “প্রয়োজনীয় বিনিময়ৰ” কথা লিখিছে। পিছে বিনিময় কৰাৰ অর্থই
হৈছে যে আমি পুণৰ পণ্য উৎপাদনৰ পৃথিৱীখনলৈ ঘূৰি আহিলোঁ। বিভিন্ন পক্ষবিলাকক যদি স্বাধীনভাৱে নিজৰ মাজত বিনিময় সম্পর্কে চুক্তিপত্র স্বাক্ষৰ কৰাৰ
অধিকাৰ প্রদান কৰা হয়, ই নিশ্চয়কৈ পণ্য উৎপাদনৰে ৰূপ লব। আনহাতে, এই বিনিময়বিলাকক
যদি কেন্দ্রীয়ভাৱে পৰিকল্পিত কৰা হয়, অর্থাৎ
কেন্দ্রীয়ভাৱে সমাজখনৰ প্রয়োজন তথা অগ্রাধিকাৰবিলাক নির্ধাৰণ কৰা হয়, তাৰ অর্থ হৈছে আমি পুণৰ ছোভিয়েট ইউনিয়নসদৃশ কেন্দ্রীয় পৰিকল্পিত অর্থনীতিৰ
মডেলটোলৈ ঘূৰি আহিলোঁ, য’ত এক বিশাল আমোলাতন্ত্রই অর্থনীতিখনৰ পৰিচালনা কৰিব।
ইভান জেলেনিয়ে যুক্তি দর্শাইছে যে ৰাজ্যৰ
পৰিকল্পনা ব্যৱস্থাৰ বাহিৰতো নাগৰিকসকলে অতিৰিক্তভাৱে সা-সামগ্রী উৎপাদন কৰিব পৰা ব্যৱস্থা থকা উচিত। এইক্ষেত্রত তেওঁৰ মনত দুটা চিন্তাই ক্রিয়া
কৰিছে - (১) ৰাজ্যৰ ব্যৱস্থাৰ বাহিৰতো কাম কৰিব পৰাৰ অৱকাশ থাকিলে ই শ্রমিকসকলৰ বাবে বিভিন্ন কামৰ মাজত নিয়োগ চয়ন কৰাৰ ক্ষমতা বৃদ্ধি
কৰিব আৰু ফলত কামৰ স্থিতি উচ্চমানৰ হবলৈ বাধ্য হব। অর্থাৎ ই কর্ম
স্বাধীনতা (ফ্রীডম অফ ৱর্ক) বৃদ্ধি কৰিব। (২) কেনেবাকৈ ৰাজ্যৰ পৰিকল্পনা ব্যৱস্থাই কিছুমান সা-সামগ্রী বা সেৱা যথেষ্ঠ পৰিমাণে যোগান ধৰিব নোৱাৰিলে অতিৰিক্ত ব্যৱস্থাটোৱে পৰিপূৰকৰ ভূমিকা পালন কৰিব[7]। জেলেনিৰ যুক্তিখিনি প্রায় অকাট্য। তেওঁৰ যুক্তিৰ বিৰোধিতা কৰিবলৈ হলে আমি
প্রমাণ কৰিব লাগিব যে প্লেনাৰসকলৰ পৰিকল্পনাত খুঁত থাকিবই নোৱাৰে বা প্লেনিং ব্যৱস্থাৰ মাজতে গণতান্ত্রিক নিয়ন্ত্রণ স্থাপন কৰাৰ অৱকাশ আছে যি পৰিকল্পনা বিষয়ক নানান ভুল-সংক্রান্তি শুদ্ধ
পথলৈ আনিব পাৰিব। পিছে সমস্যা হৈছে যে এনে গণতান্ত্রিক নিয়ন্ত্রণ ব্যৱস্থা স্থাপন কৰা সহজ নহয়। অভিজ্ঞতাই আমাক দর্শাইছে যে
কেন্দ্রীয় পৰিকল্পনা ব্যৱস্থাটো হৈছে এক অতিশয় জটিল তথা বহুতৰপীয়া ব্যৱস্থা আৰু তাত গণতান্ত্রিক নিয়ন্ত্রণ স্থাপন কৰাটো অতিশয়
কঠিন। আন্ড্রাজ হেগেডুছে লিখিছে যে ছোভিয়েট ইউনিয়নসদৃশ কেন্দ্রীয় পৰিকল্পনা ব্যৱস্থা হৈছে এক প্রকাৰৰ সামূহিক দায়িত্বহীনতাৰ ব্যৱস্থা[8]!
তেওঁৰ কথাষাৰ সঠিক বুলিয়েই কব লাগিব কিয়নো ছোভিয়েট ব্যৱস্থাটোৰ অধীনত কোনো নির্দিষ্ট ফলাফলৰ বাবে বিভিন্ন ইউনিটক
দায়িত্বভাৰ দিয়া হয়। অর্থাৎ আশা কৰা মতে ফলাফল লাভ নকৰিলে ঠিক কোনে তাৰ দায়িত্বভাৰ
লব- সেয়া ছোভিয়েট ব্যৱস্থাত স্পষ্ট নহয়। ছোভিয়েট ইউনিয়নত সাধাৰণ কিছুমান সামগ্রী - যেনে টুথ-ব্রাছ,
ডিটার্জেণ্ট, বেবি ডায়েপাৰ, বেজি, সূতা আদি পর্যাপ্ত পৰিমাণে পোৱা নাযায়। ছোভিয়েট নেতা ব্রেঝনেভে এই বিষয়ে কেইবাবাৰো দুখ
প্রকাশ কৰিছে[9]। পিছে সমস্যাটোৰ উৎস হৈছে ছোভিয়েট কেন্দ্রীয় পৰিকল্পনা ব্যৱস্থাৰ ভীষণ জটিলতা (এইটোও মন কৰক যে এইজাতীয় “সৰু-সুৰা”
সামগ্রী নির্মাণৰ দায়িত্ব খুবসম্ভৱ কোনো জুনিয়ৰ বিষয়াক দিয়া হয় আৰু কাজেই দেশৰ সীমিত সম্পদবিলাকৰ পৰা পর্যাপ্ত
পৰিমাণে কেঁচা-মাল, যন্ত্রপাতি আদি দাবী কৰাৰ ক্ষমতা তেওঁৰ নাথাকে)। এনে সমস্যাৰ মোকাবিলা কৰিবলৈ বোধহয় নাগৰিকসকলক (সমবায় আদিৰ যোগেৰে) নিজাকৈ উৎপাদন কৰাৰ অধিকাৰ দিয়াটোৱেই উত্তম হব।
এই বিষয়েও আমি
পাছত বিতংকৈ আলোচনা কৰিম।
[1]Marx and Engels repeatedly argued thus, e.g. in Capital, Vol.
II, ch. 10, and in AntiDühring.
[2]B. Loasby, Choice, Complexity and Ignorance (Cambridge:
Cambridge University Press, 1975).
[3] I. Szelenyi, ‘Whose alternative?’, Flinders University,
1980.
[4] V. Belotserkovsky, Svodoba, vlast’ i sobstvennost’ (Achberg:
Achberger Verlag, 1980).
[5] Radical
Philosophy, Spring 1980, p. 24.
[6]R. Samuel, New Statesman, 15 February 1980.
[7] Szelenyi, op. cit. (n. 69).
[8]A. Hegedus, Sodalism and Bureaucracy (London: Allison &
Busby, 1976).
[9]Pravda, 28 November 1979.
No comments:
Post a Comment