মার্ক্সীয় অর্থশাস্ত্রৰ বিষয়ে এটা অতিৰিক্ত টোকা
মূলঃ The Economics of Feasible Socialism by Alec Nove
অনুবাদঃ ময়ূৰ চেতিয়া
যিহেতু এই কিতাপখনৰ মূল বিষয়বস্তু হৈছে সমাজবাদৰ অর্থনীতি, সেয়েহে মার্ক্সীয় ৰাজনৈতিক অর্থনীতিৰ আন কিছুমান অস্পষ্টতাৰ বিষয়েও আলোচনা কৰি লোৱা যাওঁক। মই পূর্বেই উল্লেখ কৰিছোঁ যে মার্ক্সৰ মতে মূল্যই (অর্থাৎ সামাজিকভাৱে প্রয়োজনীয় শ্রম সময়ে) দামৰ “আধাৰ" সৃষ্টি কৰে। মূল্য হৈছে সাৰমর্ম, দাম হৈছে উপৰুৱা পৰিঘটনা মাত্র। পিছে মার্ক্সে নিজেই প্রায়ে পাহৰি গৈছিল যে এই আধাৰমূলক মূল্য কোনো দৃশ্যমান বস্তু নহয়; অর্থাৎ তাৰ কোনো গাণিতিক ধৰণৰ আয়তন নাথাকে। শ্রমিকেই হওঁক বা মালিকেই হওঁক, কোনেও মূল্য বস্তুটো চকুৰে দেখা নাপায়। সাধাৰণতে আমি যি দেখা পাওঁ, সেয়া হৈছে বস্তুৰ দাম, মজুৰী ইত্যাদি। ঠিক এইখিনিৰে পৰা মার্ক্সে তেওঁৰ “মুনাফা হাৰৰ নিম্নগামী প্রৱণতা” শীর্ষক তত্ত্বটোৰ বিকাশ আৰম্ভ কৰিছিল। এইটো সত্য যে বিভিন্ন উৎপাদন ইউনিটৰ মাজত শোষণৰ হাৰ (উৎপাদিত উদ্বৃত্ত্ব ÷ গতিশীল পুঁজি বা মজুৰী বিল) যদি ক্রমান্বয়ে সমান হবলৈ ধৰে, তেনেস্থলত নিশ্চয়কৈ পুঁজিৰ জৈৱিক গঠন বৃদ্ধি হলে মুনাফাৰ হাৰো হ্রাস পাব। লক্ষ্যণীয় যে মার্ক্সে উৎপাদনশীলতা বৃদ্ধিৰ দিশটো পাহৰি যোৱা নাছিল আৰু মুনাফা হাৰ নিম্নগামী হোৱাৰ অন্যতম কাৰণ হিচাপে তেওঁ উৎপাদনশীলতা বৃদ্ধিক চিহ্নিত কৰিছিল। লগতে মার্ক্সে কেতবোৰ প্রতি-প্রৱণতাও (countervailing tendencies) চিনাক্ত কৰিছিল, কিন্তু তেওঁ প্রায়ে পাহৰি গৈছিল যে পুঁজিবাদৰ অধীনত এনে কোনো শক্তি বা কার্যপদ্ধতি নাই যিয়ে শোষণৰ হাৰ ক্রমান্বয়ে সকলোতে সমান কৰি আনিব (আমি ভিন ভিন জৈৱিক গঠনৰ পুঁজিৰ কথা কৈছোঁ)। পুঁজিপতিয়ে আচলতে মুঠ বিনিময়ৰ (গতিশীল পুঁজি+স্থানু পুঁজি) বিপৰীতে কিমানখিনি মুনাফা আহৰণ কৰিব পাৰিছে, সেইবিষয়েহে চিন্তা কৰে। লগতে পুঁজিপতি আৰু শ্রমিকৰ মাজত মজুৰী লৈ বিভিন্ন ধৰণৰ আলোচনা তথা সংঘাত হয়। স্থিতিস্থাপকতাৰ স্থিতি লাভ কৰাৰ সময়ত প্রতিযোগিতাৰ শক্তিয়ে ক্রমান্বয়ে বিভিন্ন পুঁজিৰ মাজত মুনাফা হাৰ তথা মজুৰী হাৰ সমান কৰিবলৈ ধৰে। কিন্তু মুনাফা হাৰ সমান কৰাৰ অর্থই হৈছে যে ভিন ভিন জৈৱিক গঠনৰ পুঁজিৰ শোষণৰ হাৰ ভিন ভিন (অর্থাৎ অসমান) হব লাগিব। স্বয়ং মার্ক্সৰ মতেই, উৎপাদনৰ ভিন ভিন টেকনিকেল প্রয়োজন অনুসৰি বিভিন্ন উদ্যোগত পুঁজিৰ জৈৱিক গঠন ভিন ভিন ধৰণৰ হব। অর্থাৎ বিভিন্ন উদ্যোগ তথা খণ্ডত কাহানি কেতিয়াবা শোষণৰ হাৰ একে হৈ পৰিব বুলি ভবাৰ কোনো সকামেই নাই। বাস্তৱক্ষেত্রতো আপুনি দেখিব যে যিকোনো পুঁজিপতিয়ে তেতিয়াহে কোনো শ্রম বচাব পৰা নতুন প্রযুক্তি ব্যৱহাৰ কৰে, যেতিয়া মজুৰী বিলৰ তুলনাত ই মুনাফাৰ পৰিমাণ বৃদ্ধি কৰে।
ৰ’জা লাক্সেমবার্গেও ঠিক এনেধৰণৰ ভুল এটাকে কৰিছিল, যেতিয়া তেওঁ “দা একুমুলেচন
অফ কেপিটেল” শীর্ষক বিখ্যাত গ্রন্থখনত এইবুলি লিখিছিল যে কেৱল অনা-পুঁজিবাদী অঞ্চল তথা ছেক্টৰলৈ প্রসাৰিত হোৱাৰ যোগেদিহে পুঁজিবাদে নিজকে জীয়াই ৰাখিব পাৰে। পিছে ডাছ কেপিটেলত আলোচিত দুটা ডিপার্টমেণ্টৰ যিবিলাক হিচাপ
লাক্সেমবার্গে আগবঢ়াইছিল, তাত তেওঁৰ হিচাপবিলাক মূল্যভিত্তিক আছিল! তেওঁ এই কথাটো
মন কৰা নাছিল যে যেতিয়া নাটনি(shortage) বা অতিৰিক্ত(surplus) পণ্য সৃষ্টি হয়, তেতিয়া দামবিলাকো সলনি হবলৈ ধৰে আৰু যোগান-চাহিদাৰ নতুন
সামঞ্জ্যস্য সৃষ্টি কৰে। তদুপৰি ভিন ভিন ছেক্টৰৰ মাজত বিত্তৰ বিভিন্ন ধৰণৰ সোঁত বৈ থাকে (যেনে ক্রেডিট লাইন
ইত্যাদি)। এইটো কথা হয়তো সঁচাও হব পাৰে যে মুনাফাৰ হাৰ বাস্তৱিকতেই নিম্নগামী হোৱাৰ এটা প্রৱণতা আছে তথা বিকশিত পুঁজিবাদক জীয়াই
ৰখাৰ ক্ষেত্রত তৃতীয় বিশ্বই লৈ অহা ভূমিকাৰ কথা মূলসূঁতিৰ বিশ্লেষকসকলে আওকান কৰি
আহিছে। প্রথমটো যুক্তিৰ প্রসংগত গ্লিন, ছুটক্লিফ আদিয়ে কৈ আহিছে যে সংগঠিত
শ্রমিকসকলৰ ক্রমবর্ধমান লেনা-দেনা শক্তিৰ(bargaining power) বাবেই মুনাফা ক্রমান্বয়ে নিম্নগামী
হয়। দ্বিতীয়টো যুক্তিৰ প্রসংগত জোৱান ৰবিনছনে কৈছে যে তৃতীয় বিশ্বৰ বজাৰবোৰে উৎপাদনৰ ক্ষেত্রত “আকাৰ অর্থনীতি”(economies of scale) লাভ কৰাত পুঁজিক সহায় কৰে। এই তত্ত্বসমূহ সম্পর্কে সদ্যহতে আলোচনা কৰাটো সম্ভৱপৰ নহব, কিন্তু মন কৰা ভাল যে এই তত্ত্বসমূহৰ সৈতে মার্ক্স
বা ৰ’জা লাক্সেমবার্গৰ ভাষ্যৰ কোনো সম্পর্ক নাই। উদাহৰণ হিচাপে, মার্ক্সৰ “মুনাফা হাৰৰ নিম্নগামী প্রৱণতা” তত্ত্বত “শ্রম শক্তিৰ মূল্য”ৰ কোনো ভূমিকা নাই।
আনহাতে, লাক্সেমবার্গ আছিল এগৰাকী “নিম্নভোগ” (underconsumption) তত্ত্বৰ প্রণেতা। এই তত্ত্ব মতে
মজুৰী পর্যাপ্ত পৰিমাণে বৃদ্ধি নোহোৱাৰ বাবেই পুঁজিপতিসকলে তেওঁলোকৰ বর্ধিত উৎপাদনৰ বাবে যথোপযুক্ত বজাৰ বিচাৰি
হায়ৰান হব লগা হয়।
মার্ক্সৰ মূল্য তত্ত্ব সম্পর্কে আৰু কিছু আলোচনা কৰা যাওঁক। আমি ইতিমধ্যেই
চাহিদা বা উপযোগী মূল্যৰ দিশটো সম্পর্কে আলোচনা কৰিছোঁ। প্রযুক্তিৰ চয়ন সম্পর্কীয়
দিশটো সম্পর্কেও কিছু আলোচনা কৰা যাওঁক। আমোদজনকভাৱে, এই দিশটো সম্পর্কে মই নৰৱেৰ মার্ক্সবাদী পণ্ডিত জন এলষ্টাৰৰ সৈতে আলোচনা কৰোঁতে তেওঁ
কৈছিল যে দার্শনিক কাৰণবশতঃ মার্ক্সে প্রযুক্তি ইতিমধ্যেই প্রদত্ত(given) বুলি ধৰি লৈছিল, যাক আপেক্ষিক দামে প্রভাৱিত কৰিব নোৱাৰে। উত্তৰত মই কৈছিলোঁ যে পুঁজিপতিসকল যিহেতু মুনাদাৰ সন্ধানত থাকে,
সেয়েহে তেওঁলোকে উৎপাদনৰ বাবে কোনটো মেছিন ক্রয় কৰিব, কি উৎপাদন পদ্ধতি প্রয়োগ
কৰিব - এইজাতীয় সিদ্ধান্তবিলাক বিভিন্ন মেছিনৰ আপেক্ষিক বজাৰ দামে প্রভাৱিত কৰিব। পিছে এলষ্টাৰে এইবাৰ কলে যে মার্ক্সে এই সম্ভাৱনীয়তাৰ কথা ভবাটো সম্ভৱপৰেই নাছিল, কিয়নো তেওঁ আছিল এজন হেগেলিয়ান! পিছে কেনেকৈ?
উত্তৰত এলষ্টাৰে কৈছিল যে যদি মূল্য হৈছে সাৰমর্ম, আৰু দাম হৈছে উপৰুৱা পৰিঘটনা, তেনেস্থলত মূল্যইহে দামৰ আধাৰ সৃষ্টি কৰিব, দামে
মূল্যৰ আধাৰ সৃষ্টি কৰিব নোৱাৰে। যদি পুঁজিপতিৰ উৎপাদন প্রযুক্তি সম্পর্কীয় সিদ্ধান্তবোৰ দামৰ দ্বাৰা
প্রভাৱিত হবলৈ হয়, তেনেস্থলত মূল্যৰ দৰেই
দামো হৈ পৰিব পণ্য নির্মাণৰ বাবে প্রয়োজনীয় শ্রম পৰিমাণৰ সম-নির্ধাৰণকর্তা(co-determinants)। এখন (সদ্যহতে
অপ্রকাশিত) ৰছনাত এলষ্টাৰে এনেদৰে লিখিছে - “যদি প্রযুক্তি নির্ভৰ কৰে দামৰ ওপৰত,
আৰু মূল্য নির্ভৰ কৰে প্রযুক্তিৰ ওপৰত, তেনেস্থলত মূল্যই দামৰ পৰা নিজৰ
জ্ঞানশাস্ত্রীয় স্বায়ত্ত্বতা(epistemological independence) হেৰুৱাই পেলাব। এনেস্থলত মুল্য, দাম আৰু
প্রযুক্তি - তিনিওটাকে একেসময়তে নির্ধাৰণ কৰিব লগা হব। ইয়াৰ কেতবোৰ ফলাফল হব
এনেধৰণৰঃ যদি আমি পৰিবর্তিত চয়নৰ কথা
মানি লওঁ, দেখা যাব যে চাহিদায়ো মূল্যক প্রভাৱিত কৰিছে। যদি চাহিদাৰ কোনো shiftৰ ফলত আপেক্ষিক দামবিলাক সলনি হয়, আৰু ফলত এই প্রযুক্তিগত সালসলনি সমাপন কৰে,
তেনেস্থলত আমি মানি লব লাগিব যে মানুহৰ চয়ন আৰু পছন্দেও পণ্যৰ মূল্যক প্রভাৱিত কৰে (প্রসংগঃ ‘লেকচাৰ নটছ অন মার্ক্সিজিম’- জন এলষ্টাৰ)। মোৰ বোধেৰে এই যুক্তিৰ
কোনো উত্তৰ দিয়াটো সম্ভৱপৰ নহয়।
এইখিনিতে আন এটা প্রশ্নও উত্থাপিত হয়-
কর্মকুশল তথা বিশিষ্ট ধৰণৰ (যেনে ডাক্টৰ, ইঞ্জিনিয়াৰ ইত্যাদি) শ্রমিকসকলৰ শ্রম
মূল্য কেনেকৈ হিচাপ কৰা যায়? মার্ক্সে ভাবিছিল যে এঘণ্টাৰ কর্মকুশল শ্রমৰ পৰিমাণ
কেইবাঘণ্টাৰ সাধাৰণ শ্রমৰ পৰিমাণৰ সমান হব। অর্থাৎ সাধাৰণ শ্রম কেইবাগুণো যোগ
কৰিলে কর্মকুশল শ্রমৰ একোটাহঁত ইউনিট পোৱা যাব। পিছে এইক্ষেত্রত সঠিক অনুপাতটো কি হব? মজুৰীৰ দিশটোৰ প্রতি আঙুলিয়াই দি
নিশ্চয়কৈ তাৰ হিচাপ কৰিব পৰা নাযায়। এইবুলিও কব নোৱাৰি যে কর্মকুশল শ্রম-ক্ষমতা সৃষ্টি কৰোঁতে প্রশিক্ষণৰ বাবদ
যিখিনি সময়ৰ দৰকাৰ হয়, তাৰ আধাৰত কর্মকুশল শ্রমৰ মূল্য নির্ধাৰিত হব। সৌ তাহানিতে
আদাম স্মিথে লিখি গৈছে যে “মিউজিয়ামৰ কিউৰেটৰসকলে বহুবছৰ ব্যয়বহুল শিক্ষা লাভ কৰাৰ
পাছতহে প্রয়োজনীয় দক্ষতাখিনি আয়ত্ত্ব কৰে।
কিন্তু তথাপিও তেওঁলোকৰ মজুৰী সাধাৰণ প্রস্তৰ-শিল্পীতকৈ কম।” আমাৰ দিনতো দেখা যায় যে মাষ্টৰৰ দৰমহা
প্রায়ে প্রিণ্টাৰ তথা ডক-ৱর্কাৰতকৈ কম।
সৰল তত্ত্বৰ সমস্যা
মার্ক্সীয় পৰম্পৰাৰ সমস্যা এই যে ই এনে সমস্ত সমস্যাক আওকান কৰে তথা সিবিলাকক
সমস্যা বুলিয়েই গণ্য নকৰে। মার্ক্সবাদীসকলে ভাবে যে এসময়ত পণ্য বিভ্রান্তিৰ সমাপন
ঘটিব আৰু উপযোগী মূল্য বনাম বিনিময় মূল্য জাতীয় অন্তর্বিৰোধৰো অন্ত পৰিব।
লগতে অন্ত পৰিব বজাৰ তথা মূল্য নিয়মৰ জৰিয়তে সমাপন হোৱা উৎপাদন প্রক্রিয়া। বিকল্প সমাজখনত সকলো উৎপাদন সমাপন কৰা
হব প্রত্যক্ষ সামাজিক চয়ন/পছন্দ নির্ণয় কৰাৰ যোগেৰে।
এনে সমস্যাৰ কেতবোৰ উদাহৰণ দিয়া যাওঁক। ৰবিনছন ক্রুছোৱে তেওঁৰ নির্জন দ্বীপটোত নিজে প্রত্যক্ষভাৱে ঠিৰাং কৰিছিল যে তেওঁৰ প্রয়োজনবিলাকৰ পূৰণার্থে তেওঁ
কিমানখিনি শ্রম কৰিব। “স্বাধীন ব্যক্তিৰ সমষ্টিবিলাকেও সমাজৰ মুঠ শ্রম শক্তি
কেনেকৈ ব্যৱহাৰ কৰা হব, সেই সম্পর্কে সচেতনভাৱে সিদ্ধান্ত লব। ক্রুছোৰ শ্রমৰ বিভিন্ন বৈশিষ্ট্যবিলাক এই
সামাজিক সমষ্টিবিলাকৰ শ্রমৰ ক্ষেত্রতো প্রযোজ্য হব। এইক্ষেত্রত একমাত্র পার্থক্যটো
হব যে ক্রুছোৰ শ্রম আছিল মাথো এজন ব্যক্তিৰ, পিছে সমাজবাদৰ অধীনত সমষ্টিৰ এই শ্রম
হব সামাজিক” (মার্ক্স)। “মানুহৰ শ্রম আৰু উপযোগী বস্তুৰ সম্পর্কটো অতিশয় স্পষ্ট
তথা স্বচ্ছ হৈ পৰিব” (মার্ক্স)। “চব কাম তথাকথিত মূল্যৰ অবিহনেই সমাপন কৰা হব”
(এংগেলছ)। “কমিউনিষ্ট মানৱতাই বস্তুৰ প্রশাসনৰ উচ্চ ৰূপ বিকশিত কৰিব, য’ত ব্যক্তিগত সিদ্ধান্ত বনাম
সমষ্টিগত সিদ্ধান্তৰ দ্বন্দ্ব জাতীয় সমস্যাবিলাকৰো অন্ত পৰিব। মানৱতাই মাথো শুকান পৰিসংখ্যাগত হিচাপ নিকাচৰ দ্বাৰা বিভিন্ন
সিদ্ধান্ত লব পাৰিব। মানুহৰ ওপৰত চলা প্রশাসনৰ অন্ত পৰিব” (বুখাৰিন)। “হিচাপ নিকাচ আৰু নিয়ন্ত্রণ জাতীয়
কামবোৰ সহজ হৈ পৰিব, বিভিন্ন লোকে সণ্ঢালনিকৈ এই কামবোৰ কৰিব পাৰিব” (লেনিন)।
“আমাৰ তাৎক্ষণিক লক্ষ্য হৈছে সশস্ত্র শ্রমিক শ্রেণীৰ অধীনত সমগ্র অর্থনীতিখনকে ডাক
সেৱা বিভাগৰ দৰে সজাই তোলা” (লেনিন)।
“পুঁজিবাদে হিচাপ-নিকাচ আৰু নিয়ন্ত্রণ জাতীয় কামবোৰ সহজ কৰি পেলাইছে। যিকোনো
শিক্ষিত মানুহেই এই book-keeping জাতীয় কামবোৰ কৰিব পাৰিব”[1]
(লেনিন)।
এই উদাহৰণকেইটাৰ পৰা স্পষ্ট হয় যে ক্লাছিকেল মার্ক্সবাদীসকলে অনাগত সমাজখন
আইনাৰ দৰেই স্বচ্ছ হৈ পৰিব বুলি আশা কৰিছিল। মানুহৰ আশা-আকাংক্ষাবোৰ স্বচ্ছ হব,
বিভিন্ন উৎপাদ নির্মাণৰ বাবে কিমানখিনি সম্পদ প্রয়োজনীয় হব বা কিমানখিনি সম্পদ
মজুত আছে - এই বিষয়ক প্রশ্নবোৰো স্বচ্ছ হব। মার্ক্স-এংগেলছে ভাবিছিল যে বজাৰৰ অৰাজকতাৰ বিপৰীতে, সমাজখন এটা
ফেক্টৰীৰ ভিতৰছোৱাৰ সংগঠনৰ দৰে হৈ পৰিব[2]। পিছে মন কৰা ভাল যে জটিলতা কোনো পৰিমাণগত বস্তু নহয়ঃ স্বয়ং মার্ক্সবাদীসকলেই
বাৰম্বাৰ কৈ থাকে যে একোটা বিশেষ পর্যায়ৰ পাছত পৰিমাণ গুণমানলৈ পৰিণত হয়। বিকেন্দ্রীকৰণ বনাম কেন্দ্রীকৰণ, পৰিকল্পনা বনাম বজাৰ, ব্যক্তিস্বার্থ বনাম সমষ্টি স্বার্থ, সার্বজনীনভাৱে উপকাৰী সম্পদৰ চিনাক্তকৰণ, ব্যক্তিৰ বিচ্ছিন্নতা,
পদানুক্রম তথা আমোলাতন্ত্রৰ আৱশ্যকতা বনাম সমস্যা - আদি নানান জটিলতা আচলতে আধুনিক ঔদ্যোগিক অর্থনীতি একোখনৰ
বৃহৎ আকাৰ তথা অগণন আন্তঃনির্ভৰতাৰ বাবেই সৃষ্টি হয়। ছোভিয়েট অর্থনীতিৰ ক্ষেত্রতো
এই কথাবোৰ প্রযোজ্য। অর্থাৎ আধুনিক অর্থনীতি একোখনক ডাক সেৱা বিভাগৰ ৰূপত পৰিকল্পনা তথা ৰূপায়ণ কৰিব নোৱাৰি।
লেনিনে ভবাৰ বিপৰীতে, আধুনিক
অর্থনীতি একোখন কেৱল প্রযুক্তি আৰু হিচাপ-নিকাচ-গণিতৰ
মিলিত ৰূপ নহয়।
আজিৰ দিনত ছোভিয়েট অর্থনীতিখনে ১২ মিলিয়ন (এক কোটি বিছ লাখ) বিধ ভিন ভিন ধৰণৰ
সামগ্রী উৎপাদন কৰে। ছোভিয়েট ইউনিয়নৰ মুঠ ঔদ্যোগিক প্রতিষ্ঠানৰ সংখ্যা
হৈছে প্রায় ৫০,০০০। ইবিলাকৰ উপৰিও কেইবা হেজাৰ নির্মান কোম্পানী, যাতায়াত
প্রতিষ্ঠান, সমূহীয়া তথা চৰকাৰী কৃষি ফার্ম, পাইকাৰী বিক্রয় প্রতিষ্ঠান তথা খুছুৰা
বিক্রীৰ প্রতিষ্ঠান আছে। এই বিভিন্ন প্রতিষ্ঠানৰ মাজত সহযোগিতা তথা আন্তঃসম্বন্ধ
স্থাপন কৰাৰ পাছতহে যিকোনো ধৰণৰ উৎপাদন, যাতায়াত বা বিতৰণ কার্য সমাপন কৰাটো সম্ভৱপৰ।
উদাহৰণ হিচাপে, গাড়ী নির্মাণকাৰী একোটা বৃহৎ কোম্পানীক
হেজাৰ বিধৰ পার্ট বা অংশৰ দৰকাৰ হয়।
এনে প্রতিটো পার্ট আকৌ নানান কোম্পানীত নির্মাণ কৰা হয়। এনে নানান কোম্পানীবিলাকেও আকৌ অন্যান্য বিভিন্ন সামগ্রী উৎপাদন কৰে তথা কেঁচা-মাল, ইন্ধন তথা বিভিন্ন যন্ত্র-পাতিৰ ওপৰত নির্ভৰ হব লগা হয়- যিবিলাক উৎপাদন
কৰে আন কিছুমান কোম্পানীয়ে! এইদৰেই বিভিন্ন কোম্পানী ইটো সিটোৰ ওপৰত নির্ভৰশীল হব
লগা হয়। এতিয়া সময়ৰ দিশটোও মন কৰক (অর্থাৎ সামগ্রীৰ ডেলিভাৰি সময়মতে হব লাগিব)।
লগতে মেৰামতি, মেইনটিনেঞ্চ, ৰিপ্লেছমেণ্ট,
ভৱিষ্যতৰ উৎপাদন ক্ষমতা বৃদ্ধিৰ বাবে
বিনিয়োগ, শ্রমিক শক্তিৰ ট্রেইনিং তথা নিয়োগ, শ্রমিকক ঘৰ, পানী, বিজুলী আদি বিভিন্ন
সা-সুবিধা যোগান ধৰা আদি নানান দিশ আছেই। শ্রমিক বাসস্থানৰ ওচৰতে চুলি কটা দোকান
স্থাপন, যাতায়াত ব্যৱস্থাৰ যোগাৰ, বিভিন্ন সা-সামগ্রীৰ দোকান স্থাপন, সিবিলাকৰ বাবে প্রয়োজনীয় নির্মাণ সামগ্রীৰ যোগান, ইন্ধন, আঁচ-বাব আদিৰ
যোগাৰ...আদি দিশো যোগ কৰিলে ছোভিয়েট অর্থনীতিৰ এক অত্যন্ত জটিল ছবি সমুখলৈ আহে।
অর্থাৎ কোনোপধ্যেই একোখন আধুনিক অর্থনীতিক সৰল অর্থনীতি বুলি কব নোৱাৰি, তেহেলৈ সি সমাজবাদী অর্থনীতিয়েই হওঁক বা পুঁজিবাদী
অর্থনীতিয়েই হওঁক। এজন ছোভিয়েট লেখকে সেয়েহে ব্যংগ কৰি লিখিছে - “গণিতজ্ঞসকলে
হিচাপ কৰি উলিয়াইছে যে কেৱল য়ুক্রাইন প্রদেশৰ বাবে সা-সামগ্রী যোগান বিষয়ক এখন পূর্ণাংগ, নিখুঁত তথা
সর্বদিশ সামৰা বছৰেকীয়া আর্থিক পৰিকল্পনা নির্মাণ কৰিবলৈ সমগ্র বিশ্বৰে মুঠ জনগণক
১ কোটি বছৰৰ প্রয়োজন হব”।[3] অৱশ্যে অহা বছৰৰ পৰিকল্পনাটো তাৰ বহু পূর্বেই নির্মাণ কৰা হব,
কিন্তু সেইটো “নিখুঁত আৰু পূর্ণাংগ” নহব!
অনাগত অংশত আমি দেখিম যে কেনেদৰে ছোভিয়েট ইউনিয়নৰ কেন্দ্রীয় পৰিকল্পনা বিভাগটো
এনে কোটি কোটি দায়িত্বভাৰৰ হেঁচাত কোঙা হৈ পৰে আৰু কেনেদৰে ই বিভিন্ন ধৰণৰ
অনিচ্ছাকৃত বিকৃতি তথা অসমানুপাতিকতাৰ জন্ম দিয়ে। কিছুসংখ্যক মার্ক্সবাদী সমালোচকে
ভাবে যে ছোভিয়েট ইউনিয়নৰ ব্যৱস্থাটো আমোলাতান্ত্রিক হৈ পৰাৰ কাৰণ হৈছে “বিপ্লৱৰ সৈতে বিশ্বাসঘাটকতা”। কিছুমানে কয় - স্তালিন তথা
আত্ম-স্বার্থত মগন আমোলাসকলৰ কাৰচাজিৰ ফলত ব্যৱস্থাটো আমোলাতান্ত্রিক হৈ পৰিল[4]। ট্রটস্কিয়ে লিখিছে যে আদিছোৱাৰ বলচেভিক বিপ্লৱীসকলে আশা কৰিছিল যে সমাজবাদৰ অধীনত কোম্পানীৰ বছসকল শ্রমিক নিয়ন্ত্রিত
এন্টাৰপ্রাইজৰ টেকনিকেল এজেন্টলৈ পর্যৱসিত হব; পিছে বিকশিত দেশবিলাকত বিপ্লৱ সংঘটিত নোহোৱাত এয়া সম্ভৱপৰ নহল[5]। লগতে তেওঁ লিখিছে যে উপভোক্তা সামগ্রীৰ ক্ষেত্রখন নিয়ন্ত্রণ কৰিয়েই
আমোলাতন্ত্রই ক্ষমতা পুঞ্জীভূত কৰিছে[6] (এই যুক্তিটো অদ্ভুত : ট্রটস্কিয়ে ‘কাৰণ’ আৰু ‘ফলাফল’ -
দুয়োৰে মাজত গণ্ডগোল কৰিছে; ফলাফলক তেওঁ কাৰণ বুলি অভিহিত কৰিছে)। নিশ্চয়কৈ ক্ষমতাৰ জৰিয়তে আমোলাতন্ত্র বৈষয়িকভাৱে লাভাম্বিত হয় (ট্রটস্কিৰ ভাষাত - “বিতৰণৰ দায়িত্বত থকাজনে
নিজৰ ভাগটো কেতিয়াও নাপাহৰে”)।
পিছে মন কৰা ভাল যে এই আমোলাতান্ত্রিক
ব্যৱস্থাটো হাৱাতে জন্ম হোৱা নাই। বজাৰ ব্যৱস্থাটো নির্মূল কৰি পেলোৱাৰ ফলতহে এক কেন্দ্রীকৃত ব্যৱস্থাৰ জন্ম হৈছে আৰু এই কেন্দ্রীকৃত ব্যৱস্থাটো চালনা কৰিবলৈ এক বৃহৎ আমোলাতন্ত্রৰ বিকাশ functionally প্রয়োজনীয় হৈ পৰিছে। বিপ্লৱৰ পাছতে লেনিনে বুজি পাইছিল যে “বিভিন্ন উদ্যোগবিলাকে ভালকৈ কাম কৰিবলৈ হলে
সমগ্র শ্রমিক জনগণৰ এক একমুষ্ট
ইচ্ছাশক্তিৰ প্রয়োজন হব, যি ঘড়ীৰ কাঁটাৰ দৰে প্রণালীৱদ্ধভাবে কাম কৰিব[7]”। অৱশ্যেই এজন বিপ্লৱী হিচাপে লেনিন আমোলাতন্ত্রৰ বিৰোধী আছিল। এনেস্থলত জনগণৰ “একমুষ্ট
ইচ্ছাশক্তি”ক ক্রিয়াশীল কৰা যায় কেনেকৈ? বজাৰ পদ্ধতিক নির্মূল কৰাৰ অর্থ হৈছে -
এতিয়া তাৰ “অদৃশ্য হাত”ৰ বিপৰীতে কোনো “দৃশ্যমান হাত” স্থাপন কৰিব লাগিব।
আমি ইতিমধ্যেই আলোচনা কৰিছোঁ যে একোখন আধুনিক অর্থনীতিত অজস্র উৎপাদন ইউনিট
ইটো-সিটোৰ সৈতে যুক্ত হৈ থাকে তথা উৎপাদন
আৰু বিতৰণ সমাপন কৰিবলৈ হেজাৰ-বিজাৰ (আন্তঃসম্পর্কযুক্ত) সিদ্ধান্ত লব লগা হয়।
ইয়াৰো আগেয়ে সমাজখনৰ প্রয়োজনবিলাকনো কি কি, সেই সম্পর্কেও কেতবোৰ সিদ্ধান্ত লব লগা
হয়। এই সমস্ত কামখিনি কৰিবলৈ এক বৃহৎ প্রশাসনিক
যন্ত্রৰ প্রয়োজন হয়, যাতে সকলোৰে দায়িত্ব সুনিশ্চিত কৰিব পৰা যায় তথা সহযোগ
স্থাপিত হয়। আচলতে যিকোনো একচন লোৱাৰ আগেয়ে তিনিটা উপাদান অতিশয় প্রয়োজনীয় হয়ঃ তথ্য(information), প্রেৰণা(motivation) আৰু সমল(means)। কোনজন গ্রাহকক
কোনটো প্রডাক্টৰ প্রয়োজন হৈছে, সেইটো জানিবলৈ কোম্পানীটোক তথ্যৰ প্রয়োজন হয়। পিছে এই তথ্য কাৰ ওচৰত থাকে?
কোনে এনে তথ্য সংগ্রহ কৰিবলৈ সক্ষম হব? কোনটো বিভাগৰ ওচৰত এনে তথ্যৰ জ্ঞান থাকিব?
সদ্যহতে এইবুলি কব পৰা যায় যে পৰিকল্পনা মন্ত্রালয়ৰ (বা প্লেনিং কমিছনৰ) যিটো
উপ-বিভাগে বিভিন্ন সামাজিক প্রয়োজনবিলাকৰ হিচাপ-নিকাচ কৰে (অর্থাৎ কিমানখিনি
ট্রেক্টৰ, ছালফিউৰিক এছিড, শিশুৰ ডায়েপাৰ, জেৰক্স মেছিন, জুইশলা বাকচ, খিৰিকীৰ
আইনা আদিৰ প্রয়োজন হব), সেই বিভাগটোৰ ওচৰতে এইখিনি তথ্য থাকিব। ইয়াৰ পাছৰ পর্যায়টো
হৈছে - সমলৰ যোগান সুনিশ্চিত কৰা।
বিভিন্ন বিভাগে সুনিশ্চিত কৰিব লাগিব যে প্লেনিং কমিছনে ঠিৰাং কৰি দিয়া উৎপাদন লক্ষ্যৰ বাবে যথেষ্ঠ হোৱাকৈ উৎপাদন সমল (means of production) সকলো কোম্পানীক যোগান ধৰা হৈছে। কোনো কোম্পানীৰ মেনেজাৰ বা শ্রমিকসকল যিমানেই উদ্যোগী, উৎসাহী বা সমাজবাদৰ
প্রতি সমর্পিত নহওঁক কিয়, যেতিয়ালৈকে উৎপাদন সমল তেওঁলোকক হাতত আহি নপৰে,
তেতিয়ালৈকে তেওঁলোকে কোনো উৎপাদনী কাম-কাজ আৰম্ভ কৰিব নোৱাৰে।
পিছে কথা হৈছে যে এই উৎপাদন সমলবিলাক (অর্থাৎ বিভিন্ন ইনপুট) যোগান ধৰে বিভিন্ন কোম্পানীয়ে বা বিভাগে। এনে
পৰিস্থিতিত বিভিন্ন বিভিন্ন বিভাগৰ মাজত ঘনে ঘনে সমন্বয় স্থাপন কৰিব লগা হয়, মিটিং কৰিব লগা হয়,
পেপাৰ-ৱর্ক কৰিব লগা হয়। প্রায়েই এই
ক্ষেত্রত বিভিন্ন ধৰণৰ বিচ্যুতি, বিলম্ব ঘটা দেখা যায়, পৰামর্শৰ বাবে উচ্চতৰ
বিভাগলৈ প্রায়ে চিঠি লিখিব লগীয়া হয়।
অর্থাৎ এই সমস্ত আমোলাতান্ত্রিক কামবোৰ হৈছে যিকোনো বজাৰবিহীন কেন্দ্রীয় পৰিকল্পিত অর্থনীতিৰ অন্যতম অংগ। সিবিলাকৰ
অবিহনে পৰিকল্পিত অর্থনীতি একোখন চলিবই নোৱাৰে। আমোলাতন্ত্রৰ সমালোচনা কৰাটো সহজ, কিন্তু বজাৰহীন কেন্দ্রীয় পৰিকল্পিত
অর্থনীতিত আমোলাতন্ত্রৰ ভীষণ বিকাশ হোৱাটো তেনেই সহজাত কথা, কিয়নো ই উৎপাদন কার্য আয়োজন কৰাত মূল ভূমিকা পালন কৰে।
পৰিকল্পিত অর্থনীতি একোখন পৰিচালনা কৰিবলৈ বিভিন্ন বিভাগ আৰু পদবীৰ প্রয়োজন
হয়। লগতেই বিভিন্ন বিভাগৰ মাজত সিদ্ধান্ত গ্রহণ কৰাৰ ক্ষেত্রত পদানুক্রম (hierarchy) স্থাপন কৰাটোও জৰুৰী হৈ পৰে। অর্থাৎ উচ্চতৰ
কর্তৃপক্ষৰ পৰা অহা নির্দেশ তথা সিদ্ধান্ত তলৰ বিভাগে পালন কৰাটো প্রয়োজনীয় হৈ পৰে। এটা উদাহৰণ দিয়া যাওঁক। চিত্র নং ১.১ত আমি ছোভিয়েট ইন্ধন খণ্ডৰ এখন ছবি
আঁকিছো। এই খণ্ডটোত বিভিন্ন ধৰণৰ সিদ্ধান্ত কেনেদৰে লোৱা হয়, সেয়া বুজাবলৈ আমি যত্ন কৰিছোঁ। পাঠকে লক্ষ্য কৰিব যে
পাম্পিং ষ্টেচনৰ বাবে সা-সঁজুলি নির্মান কৰা তথা সঠিক ঠাইত সেই সঁজুলিবিলাকৰ
ইনষ্ট’লেচন কৰা - এই কামবিলাক হৈছে পাম্পিং ষ্টেচন নির্মাণ কৰিবলৈ লোৱা সিদ্ধান্তৰ ফলাফল তথা তাৰ অভিন্ন অংগ। এই পাম্পিং ষ্টেচন
নির্মাণ কৰা কামটো হৈছে আন এটা সিদ্ধান্তৰ
ফলাফল- কেনেধৰণৰ পাইপলাইন বহোৱা হব তথা ক’ত ক’ত বহোৱা হব। এই পাইপলাইন বহোৱা কামটো হৈছে আকৌ আন এটা সিদ্ধান্তৰ ফলাফল - সেয়া হৈছে ৱেষ্ট ছাইবেৰিয়াত বিকল্প তেল-সম্পদৰ সন্ধান সম্পর্কে লোৱা সিদ্ধান্ত। ছাইবেৰিয়াত তেলৰ সন্ধান কৰা কামটো হৈছে পুণৰায়
আন এক সিদ্ধান্তৰ ফলাফল - উচ্চতৰ কর্তৃপক্ষই দেশখনত তৈল নীতি সম্পর্কে লোৱা সিদ্ধান্ত।
এইদৰেই সিদ্ধান্ত গ্রহণ কৰাৰ (তথা সেই সিদ্ধান্ত ৰূপায়ণ কৰাৰ) প্রক্রিয়াটো
আগবাঢ়ে। মন কৰিব যে সিদ্ধান্ত গ্রহণৰ প্রতিটো স্তৰতে আমোলাসকলে এটা বিশেষ প্রশ্নৰ
মুখামুখি হব লগা হয়। প্রশ্নটো হৈছে – উৎপাদ, মেচিন তথা শ্রমিকৰ বিভিন্ন বৈকল্পিক
প্রয়োগৰ (বা ব্যৱহাৰৰ) মাজত চয়ন কৰাৰ প্রশ্ন। বাঞ্চিত
ফলাফল পাবলৈ হলে শত-সহস্র বিভাগত নিযুক্ত লাখ লাখ মানুহে একেলগে সমন্বয় স্থাপনৰ
যোগেৰে কাম কৰিব লাগিব। এই প্রশাসনিক মেচিনটোৰ প্রতিটো অংশ ইটো-সিটোৰ সৈতে যুক্ত
হব লাগিব। পুঁজিবাদৰ অধীনতো কিছু পৰিমাণে এইজাতীয় সংগঠন দেখা পোৱা যায়। বিশেষকৈ বৃহৎ কর্পোৰেট নিগমবিলাকে প্রায়েই বজাৰৰ জৰিয়তে
কেঁচামাল আহৰণ কৰাৰ সলনি নিজৰেই কোনো বহতীয়া বিভাগৰ জৰিয়তে কেঁচামাল প্রস্তুত কৰি
লোৱা দেখা যায়। অর্থাৎ বজাৰৰ
বিকেন্দ্রীকৃত পদ্ধতিৰ বিপৰীতে পদানুক্রমিক প্রশাসনিক ব্যৱস্থাৰ প্রয়োগ পুঁজিবাদৰ অধীনতো কৰা দেখা যায়।
এই বৃহৎ শৃংখলসদৃশ ব্যৱস্থাটোৰ যদি কোনো এটা অংশ ভাগি পৰিবলৈ হয়, তেনেস্থলত সমগ্র ব্যৱস্থাটোৱেই স্তব্ধ হৈ পৰিব। ধৰক খাদ্য যোগানৰ দায়িত্বত থকা কোম্পানীটোৱে প্রয়োজনীয় ৰেছন ছাইবেৰিয়ালৈ প্রেৰণ নকৰিলে, বা পাইপ
যোগানৰ দায়িত্বত থকা বিভাগটোৱে প্রয়োজনীয় পাইপ প্রেৰণ কৰিব নোৱাৰিলে, পৰিবহনৰ দায়িত্বত থকা ৰেলৱেৰ বিভাগটোৱে সময়মতে পাইপখিনি কঢ়িয়াই নিব নোৱাৰিলে, পাইপ লাইনৰ মেৰামতিৰ দায়িত্বত থকা বিভাগটোৰ ওচৰত
সঁজুলিৰ অভাৱ হ’ল ইত্যাদি। এনে প্রতিটো স্তৰতে
কোনোবা নির্দিষ্ট আমোলাই সুনিশ্চিত কৰিব লাগিব যে কামখিনি সুকলমে কৰা হৈ গৈছে। এয়া
কোনো স্বতঃস্ফূর্তভাৱে সমাপন হোৱা বস্তু নহয়, ইবিলাক ভোটদানৰ জৰিয়তে
ল’ব পৰা সিদ্ধান্তও নহয়। যেনেকৈ নির্দিষ্ট কোনো ট্রেইন একোখনৰ কর্মচাৰীসকলে নিজৰ
মাজত আলোচনা কৰি দুপৰীয়া দহ বজাৰ কামৰূপ এক্সপ্রেছখন চলিব নে নাই - সেয়া নির্ধাৰণ
কৰিব নোৱাৰে, ঠিক তেনেকৈয়ে এই সমস্ত
সিদ্ধান্তও কোনো বিভাগৰ অভ্যন্তৰৰ গণতান্ত্রিক পদ্ধতিয়ে নির্ধাৰণ কৰিব নোৱাৰে।
কেন্দ্রীয় পৰিকল্পিত অর্থনীতি একোখনত সাধাৰণতেই দেখা পোৱা যায় যে অজস্র কামৰ হেঁচাত কেন্দ্রৰ উচ্চতম বিভাগটো কোঙা
হৈ পৰিছে। নাটনিৰ(shortage) পৰিস্থিতিত ছোভিয়েট
ইউনিয়নে উচ্চ বিকাশ হাৰৰ লক্ষ্য বান্ধি লোৱাৰ বাবেও অৱশ্যে দেশখনত এই সমস্যাটো আৰু অধিক
বৃদ্ধি হৈছিল। কিন্তু সাধাৰণভাৱে এই কথাষাৰ নিশ্চয়কৈ কব পৰা যায় যে পৰিকল্পিত অর্থনীতি একোখনৰ চৰিত্রই এনেকুৱা যে তাৰ অধীনত বেছ জটিল তথা পদানুক্রমিক আমোলাতান্ত্রিক এক
গাঁথনিৰ জৰিয়তে অর্থনীতিখন চালিত হয়। বিভিন্ন বিভাগৰ মাজত দায়িত্বৰ বিভাজন তথা
শ্রম বিভাজনৰ জৰিয়তে এই ব্যৱস্থাটোৱে কাম কৰে। এই প্রসংগত “আমোলাতান্ত্রিক” শব্দটো গালিৰ অর্থত ব্যৱহাৰ কৰা উচিত নহয়, বৰং তাক বিশুদ্ধ বর্ণনাগতভাবেহে ব্যৱহাৰ কৰাটো দৰকাৰ।
উদাহৰণ হিচাপে, ৰাছিয়াৰ অমাস্ক চহৰখনত পাম্প যোগানৰ
দায়িত্বত থকা আমোলা এজনৰ কথাকেই ধৰক। তেওঁ সাধাৰণতেই নিজাববীয়াকৈ উদোগ লৈ চহৰখনত
পাম্প যোগান ধৰিব নোৱাৰে, কিয়নো তাৰ আগেয়ে তেওঁ বিভিন্ন বিভাগৰ সৈতে দিহা-পৰামর্শ কৰি লব লাগিব।
প্রথমে তেওঁ অন্যান্য ঠাইবিলাকৰ পৰা পাম্পৰ বাবে কিমানখিনি দাবী আহিছে, তেনে খবৰ
ৰখা বিভাগৰ পৰা তথ্যবোৰ ল’ব লাগিব। তাৰ পাছত তেওঁ কিমানখিনি পাম্প নির্মাণ কৰাটো
সম্ভৱ হব - তাৰ হিচাপ কৰিব লাগিব। নির্মাণৰ বাবে মজুত কেঁচা-মালৰো তেওঁ হিচাপ কৰিব
লাগিব। কোনকেইটা ফেক্টৰীয়ে কিমান অতিৰিক্ত পাম্প নির্মাণ কৰিব পাৰিব, তাৰ হিচাপো
তেওঁ লব লাগিব। এনে সমস্ত হিচাপ শেষ হোৱাৰ পাছতহে - অর্থাৎ বিভিন্ন বিভাগৰ সৈতে দিহা-পৰামর্শ কৰি সমন্বয় স্থাপন কৰাৰ
পাছতহে তেওঁ অমাস্ক চহৰখনত অতিৰিক্ত পাম্পৰ যোগান ধৰিব পাৰিব। আন কথাত কবলৈ গলে -
এই আমোলাজন চৰকাৰী কর্মচাৰী হোৱাৰ বিপৰীতে নির্বাচিত প্রতিনিধি হলেও তেওঁৰ ভূমিকাৰ হেৰফেৰ নহয়। তদুপৰি এনে
গধুৰ দায়িত্বত থকা বিষয়া এজনক যিকোনো মুহূর্ততে জনগণৰ পপুলাৰ ভোটৰ দ্বাৰা বর্খাস্ত
কৰাৰ দাবী জনোৱাটোও মুর্খামিভৰা কাম হব। মূল কথাটো
হৈছে যে এই ব্যক্তিজনৰ নির্দিষ্ট এক স্পেচিয়েল দায়িত্ব আছে আৰু এই দায়িত্বভাৰ পালন
কৰোঁতে তেওঁ অন্যান্য বিভাগৰ সৈতে সমন্বয় স্থাপন তথা দিহা-পৰামর্শৰ মাজেৰে আগবাঢ়িব
লাগিব। তেওঁ কিমান সুকলমে নিজৰ কামখিনি কৰিব পাৰিব- সেয়া অন্যান্য বিভাগবিলাকৰ
কামৰ প্রগতিৰ ওপৰতো নির্ভৰ কৰিব। একেসময়তে, তেওঁ উচ্চতম কর্তৃপক্ষৰ সুনির্দিষ্ট
কৰি দিয়া আর্থিক পৰিকল্পনাৰ অধীনত নিজৰ কামখিনি কৰিব লাগিব।
“আপুনি কি কৰা উচিত” - এই প্রশ্নটোৰ উত্তৰ বহুদূৰৈলৈ নির্ভৰ কৰে “আপুনি কি
বিভাগৰ দায়িত্বত আছে” বা “আপোনাৰ দায়িত্বভাৰৰ পৰিসৰ কি”? আমি ইতিমধ্যেই আলোচনা
কৰিছোঁ যে অভাৱৰ পৰিস্থিতিৰ অধীনত কেনেদৰে বিভিন্ন
স্বার্থৰ সংঘাত সৃষ্টি হয়। সদ্যহতে আমি তথ্যৰ সমস্যাটোৰ বিষয়ে আলোচনা কৰিম। অমাস্ক
চহৰখনত পাম্প যোগানৰ দায়িত্বত থকা আমোলাজন কিমান বুদ্ধিমান, শিক্ষিত বা চেতনশীল,
সেয়া সদ্যহতে আমাৰ বাবে প্রাসংগিক নহয়। মূল কথাটো হৈছে যে যিহেতু আমোলাজনৰ
দায়িত্বভাৰৰ পৰিসৰ সীমিত, সেয়েহে তেওঁ নিজৰ সীমিত পৰিসৰৰ সমস্যাবিলাকহে অনুধাৱন কৰিবলৈ সক্ষম হব। এই পৰিসৰৰ বাহিৰৰ বৃহত্তৰ সমস্যাবিলাক
বুজি পোৱাটো তেওঁৰ বাবে কঠিন হব। উদাহৰণ
হিচাপে পাম্পৰ পৰিবহনৰ সৈতে জড়িত বিভিন্ন সমস্যা, পাইপলাইনৰ মেৰামতিৰ সমস্যা,
পাইপলাইন বহাবৰ বাবে টার্বো ড্রিল ক্রয় কৰাৰ সমস্যা - আদি দিশসমূহ সামগিকভাৱে অনুধাৱন কৰাটো তেওঁৰ বাবে সম্ভৱপৰ নহব। তেওঁৰ ওপৰৰ কর্তৃপক্ষই (অর্থাৎ আন এজন আমোলাই) এই কথা ঠিৰাং কৰি দিব
লাগিব যে কিমানখিনি পাম্প কোনকেইখন চহৰত প্রয়োজন হৈছে তথা পাম্পবিলাকৰ ডিজাইন কেনে
হোৱা উচিত। ঠিক তেনেদৰেই, তাৰো ওপৰৰ
কর্তৃপক্ষই নির্ধাৰণ কৰি দিব লাগিব যে পাইপ-লাইনৰ ডিজাইন অনুসৰি পাম্পবোৰ ক’ত ক’ত
বহোৱাটো উচিত হব, তৈল উদ্যোগৰ সামগ্রিক
প্লেন অনুসৰি পাইপ-লাইন কোনবোৰ অঞ্চলত স্থাপন কৰা হব ইত্যাদি। এই সমস্ত সিদ্ধান্ত
গ্রহণৰ পূর্বে একেবাৰে ওপৰৰ কর্তৃপক্ষই নির্ধাৰণ কৰি দিব লাগিব যে দেশখনত তেলৰ
প্রয়োজন অনুসৰি তৈল নীতি কেনেধৰণৰ হব।
আপুনি আমোলাতন্ত্রটোৰ যিমানেই উচ্চ পর্যায়লৈ গতি কৰিব, সিমানেই আপোনাৰ
দায়িত্বভাৰৰ পৰিসৰ বৃদ্ধি হব। পিছে ইয়াৰ লগতে সমান্তৰালভাবে আপুনি তলৰ পর্যায়ৰ
বিভিন্ন বিস্তৃত বিবৰণ তথা তথ্যও পৰিলক্ষিত কৰিবলৈ সক্ষম নহব। এটা উপমাৰ দ্বাৰা কথাখিনি বুজিব পাৰি।
দূৰৈৰ পৰা চাই পাহাৰ একোটাৰ সামগ্রিক গঢ়-গতি ভালকৈ বুজিব পাৰি। পাহাৰটোৰ বুকুত উঠি তাৰ সামগ্রিক গঢ়-গতি বুজাটো সম্ভৱপৰ নহয়। কিন্তু একেসময়তে পাহাৰটোৰ বিভিন্ন অংশৰ বিস্তৃত
ছবিখন একেবাৰে কাষৰ পৰা চাইহে বুজিব পাৰি; দূৰৈৰ পৰা সেইটো সম্ভৱপৰ নহয়।
ৰাছিয়াৰ তেলৰ উদাহৰণটোৰ ক্ষেত্রত কব পাৰি যে সমগ্র দেশখনৰ ইন্ধন নীতিৰ
দায়িত্বত থকা শীর্ষ মন্ত্রীজনৰ বাবে কোনো এটা বিশেষ অঞ্চলত কোনটো ডিজাইনৰ কোনবিধ
পাম্প কিমান পৰিমানে লগোৱা উচিত - তাৰ বিতং খবৰ তথা জ্ঞান হাতত থকাটো সম্ভৱপৰ নহয়। সেই কাম তলৰ পর্যায়ৰ কোনো আমোলায়েই কৰিব লাগিব।
অর্থাৎ পদবী যিমানেই উচ্চ পর্যায়ৰ হব, দায়িত্বভাৰৰ পৰিসৰ যিমানেই বৃদ্ধি হব,
সিমানেই তলৰ পর্যায়ৰ বিভিন্ন বিতং খবৰ ৰখাটো অসম্ভৱ হৈ পৰিব।
পিছে স্বতঃসিদ্ধ যেন লগা এই সাধাৰণ কথাখিনিকে বহুতো কমিউনিষ্ট বিপ্লৱীয়ে বুজি নাপায়। মার্ক্সৰ উদ্ধৃতি দি তেওঁলোকে কব বিচাৰে যে
“সমগ্র শ্রমজীৱী জনগণে” “গণতান্ত্রিক আলোচনা”ৰ
জৰিয়তে অর্থনীতিৰ সমস্ত কার্যভাৰ সমাপন কৰিবলৈ সক্ষম হব। এনে দৃষ্টিভংগীয়ে
অর্থনীতি পৰিচালনাৰ জটিলতাবোৰ সম্পূর্ণভাৱে আওকান কৰে।
বাহৰোৱে এই কথাখিনি ঠিকেই বুজি পাইছে। তেওঁ
লিখিছে - “আন্তঃসম্পর্কযুক্ত সমাজবাদী উৎপাদন প্রক্রিয়াটোৰ নিগমন গাঁথনিটো
বস্তুগতভাবেই পদানুক্রমিক হবলৈ বাধ্য”[8]।
ইয়াৰ পৰা কেনে সিদ্ধান্তত উপনীত হব পৰা যায়? উৎপাদন আৰু প্রবহন প্রক্রিয়াবোৰৰ
ওপৰত গণতান্ত্রিক নিয়ন্ত্রণৰ কি কোনো উপায়েই নাই? মোৰ বোধেৰে এনে উপায় নিশ্চয়কৈ
আছে আৰু অনাগত অংশত এই বিষয়ে মই বিতংকৈ আলোচনা কৰিছোঁ। কিন্তু তথাপিও আমি চবেই এই
কথাষাৰ মানি লোৱাটো উচিত হব যে মাইক্রোইক’নমিক বহুতো
সিদ্ধান্ত গ্রহণ কৰোঁতে গণতান্ত্রিক প্রক্রিয়াটো প্রয়োগ কৰাটো সম্ভৱপৰ নহব। সমাজবাদৰ অধীনত যিসকলে পাম্প নির্মাণ কৰিব,
তেওঁলোকে পাম্প নির্মাণ সম্পর্কীয় সকলো সিদ্ধান্ত ভোটগ্রহণৰ দ্বাৰা লোৱাটো সম্ভৱপৰ নহব। সমগ্র দেশখনৰ কাৰণে আর্থিক পৰিকল্পনা গঠন কৰা নির্বাচিত প্রতিনিধিৰ
সংসদৰ বাবেও পাম্প নির্মাণৰ দৰে বিতং বিষয়বোৰত মাত মাতিব পৰাকৈ জ্ঞান আৰু আহৰি -
এটাও নাথাকিব (কোনো ইমাৰজেঞ্চি পৰিস্থিতিৰ উদ্ভৱ হলে বেলেগ কথা)। অন্যথাই, সংসদে সকলো বিষয় সম্পর্কে
বিবেচনা, আলোচনা আৰু সিদ্ধান্ত লবলৈ হলে অনাগত কোটি কোটি বছৰৰ পাছতহে একোখন
বার্ষিক প্লেন নির্মাণ কৰাটো সম্ভৱপৰ হব!
ফৰাচী ৰেডিকেল চিন্তাবিদ কর্নেলিয়াছ কাষ্টোৰিয়াডিছে এই প্রসংগত এটা বেছ
চিন্তাকর্ষক ধাৰণা বিকশিত কৰিছে - “পৰিকল্পনা ফেক্টৰী”। কাষ্টোৰিয়াডিছৰ মডেলটোৰ মতে পৰিকল্পনা নির্মাণৰ পর্যায়টোত
বিশেষজ্ঞসকলে বিভিন্ন বৈকল্পিক পৰিকল্পনা নির্মাণ কৰিব। ইয়াৰ পাছত দেশৰ নির্বাচিত
সংসদে তাৰে যিকোনো এটা পৰিকল্পনা বিচাৰ-বিবেচনা কৰি গ্রহণ কৰিব। তেওঁ সমাজবাদৰ
অধীনত উপভোক্তা সামগ্রীৰ বজাৰ স্থাপনৰো পোষকতা কৰিছে। তেওঁ লিখিছে যে উপভোক্তাৰ
চয়ন তেতিয়াহে সুনিশ্চিত কৰিব পৰা যাব, যেতিয়া বিভিন্ন বিকল্পৰ মাজত চয়ন কৰিব পৰাকৈ
উপভোক্তাৰ ওচৰত সুযোগ থাকিব। অর্থাৎ উপভোক্তাই নিজ ইচ্ছাৰে নিজৰ আয় খৰছ কৰাৰ
অধিকাৰ পাব লাগিব; যাৰ যি মন যায় সেয়া ক্রয় কৰাৰ অধিকাৰ থাকিব লাগিব।
কাষ্টোৰিয়াডিছে আঙুলিয়াই দিছে যে ভোটদানৰ জৰিয়তে সামগ্রী উৎপাদন বিষয়ক
সিদ্ধান্তবোৰ ললে সংখ্যাগৰিষ্ঠৰ নিৰংকুশতন্ত্র স্থাপন হোৱাৰো আশংকা থাকে। উদাহৰণ হিচাপে, তিনিজন মানুহৰ ভিতৰত দুজনে
ভাল নাপালে বুলিয়েই নহৰুযুক্ত ব্রেড বা ধ্রুপদী সংগীতৰ কেছেট উৎপাদন কৰা নহব নেকি?
সংখ্যালঘিষ্ঠ এটা চামেও যদি কোনো সামগ্রী বিচাৰে, তেনে সামগ্রী নিশ্চয়কৈ উৎপাদন
কৰা উচিত। এইবিষয়ে আমি পাছলৈ বিতংকৈ আলোচনা কৰিম। অৱশ্যে কাষ্টোৰিয়াডিছে এই নীতিটো উৎপাদনী সামগ্রী(producers’ goods)বিলাকৰ ক্ষেত্রত প্রয়োগ কৰা নাই। তেওঁৰ মতে এইজাতীয় সামগ্রীবোৰ কম্পিউটাৰৰ
জৰিয়তে “পৰিকল্পনা ফেক্টৰী”ৰ সহায়ত প্লেন কৰা হব[9]।
এইখিনিতে এষাৰ কথা কৈ থোৱাটো উচিত হব। উপভোক্তা সামগ্রী বনাম উৎপাদনী সামগ্রী, লক্ষ্য বনাম উপায় - আদিৰ মাজত যিধৰণৰ বিভাজন কৰা হয়, ই
প্রায়েই কেতবোৰ প্রেকটিকেল সমস্যা সৃষ্টি কৰে। এটা কথা ঠিক যে সিবিলাকৰ মাজত কেতবোৰ পার্থক্য
নিশ্চয়কৈ আছে। মার্ক্সে কোৱাৰ দৰেই একোটা মেছিন হৈছে উৎপাদনী সামগ্রী আৰু একোটা কোট চোলা হৈছে উপভোক্তা
সামগ্রী। প্রথমটো হৈছে মার্ক্স কথিত ডিপার্টমেণ্ট একৰ অন্তর্গত আৰু দ্বিতীয়টো হৈছে
ডিপার্টমেণ্ট দুইৰ অন্তর্গত। পিছে এনে কেতবোৰ সামগ্রী নিশ্চয়কৈ আছে যিবিলাক দুয়োটা
ডিপার্টমেণ্টৰে অধীনত আহে। তদুপৰি উৎপাদনী সামগ্রীবিলাকৰ অবিহনে উপভোক্তা
সামগ্রীবিলাক নির্মাণ কৰিব নোৱাৰি আৰু উপভোক্তা সামগ্রীৰ ক্ষেত্রত বজাৰ ব্যৱস্থা তেতিয়াহে কার্যক্ষম হব যেতিয়া এই বজাৰ ব্যৱস্থাই উৎপাদনী সামগ্রীৰ ছেক্টৰটোকো প্রভাৱিত কৰিবলৈ আৰম্ভ কৰিব (ৰঙা স্কার্টৰ বাবে থকা চাহিদা
তেতিয়াহে কার্যকৰী হব পাৰিব যেতিয়া বস্ত্র উদ্যোগে সেই চাহিদা পূর্ণ কৰিবলৈ
প্রয়োজনীয় কাপোৰ, ৰং, চেইন আদিৰ সফলতাৰে দাবী জনাব পাৰিব)। অর্থাৎ কাষ্টোৰিয়াডিছৰ পৰিকল্পনা ফেক্টৰীয়ে উপভোক্তাৰ বজাৰখনৰ প্রতি সঁহাৰি জনাব
পাৰিব লাগিব, নিজকে সেই অনুসৰি সলনি কৰিব পাৰিব লাগিব। ঠিক তেনেদৰেই, লক্ষ্য আৰু
উপায়ৰ মাজতো চীনৰ প্রাচীৰ ঠিয় কৰোৱাটো সম্ভৱপৰ নহয়। ইন্ধনৰ উদাহৰণটোৱেই পুণৰ লোৱা যাওঁক। পাইপ-লাইন বহাবলৈ হলে পাম্পৰ প্রয়োজন হয়। অর্থাৎ পাইপ-লাইন স্থাপন
হৈছে লক্ষ্য আৰু পাম্প হৈছে উপায়। পিছে এক উচ্চ পর্যায়ত স্বয়ং পাইপ-লাইনেই উপায়লৈ
পৰিণত হয় (উদাহৰণঃ অমুক স্থানৰ পৰা তমুক স্থানলৈ তৈল পৰিবহন কৰাটো হৈছে লক্ষ্য আৰু
এই ক্ষেত্রত পাইপ-লাইন হৈছে উপায়)। ঠিক তেনেকৈয়ে এটা পর্যায়ত তেল হৈছে উপায় (তেলৰ
জৰিয়তে ইন্ধনৰ যোগান ধৰা হয়; অর্থাৎ তেল হৈছে উপায় আৰু ইন্ধন যোগান হৈছে লক্ষ্য)।
পিছে আন এক পর্যায়ত স্বয়ং ইন্ধনেই উপায়লৈ পৰিণত হয় (সা-সামগ্রী উৎপাদন কৰাটো হৈছে
লক্ষ্য আৰু ইন্ধন হৈছে উপায়)। এই সমস্ত চক্রটোক এক বহুস্তৰীয় পদানুক্রম (multilevel hierarchy) বুলিও কব পাৰি। এনে বিভিন্ন স্তৰ তথা সিদ্ধান্ত গ্রহণৰ বিভিন্ন পর্যায়ৰ দিশটোলৈ মন কৰিলে
এইবুলি কব পৰা যায় যে সমাজবাদীসকলে “ছিষ্টেম এনালাইছিছ” তথা “অর্গেনাইজেছ’নেল
থিয়ৰীৰ”ৰ প্রশ্নবোৰ গুৰুত্বসহকাৰে লোৱা উচিত। এইক্ষেত্রত এজন মার্ক্সবাদী অগ্রদূত হৈছে এলেকজেণ্ডাৰ বগডানভ। লেনিনৰ
সময়তেই তেওঁ এজন উচ্চ পর্যায়ৰ মার্ক্সবাদী পণ্ডিত হিচাপে স্বীকৃতি লাভ কৰিছিল
কিন্তু পাছৰ পর্যায়ত তেওঁক মার্ক্সবাদ-বিৰোধী বুলি মিছাতে নিন্দা কৰা হ’ল। বগডানভে
যি সাংগঠনিক তত্ত্ব আগবঢ়াইছিল, তাৰ ফলাফলবিলাকৰ সমুখীন হবলৈ পাছৰ কালৰ
মার্ক্সবাদীসকলে দ্বিধাবোধ কৰিছিল। কিন্তু আজিৰ কালৰ মার্ক্সবাদীসকলে সাংগঠনিক
তত্ত্বৰ প্রশ্নটো এৰাই চলিব নোৱাৰে। স্বয়ং বাস্তৱেই এই প্রশ্নবোৰ তেওঁলোকৰ সমুখত উত্থাপন কৰিছে। যি কি
নহওঁক, এটা কথা ঠিক যে সমাজবাদে “চিষ্টেম”ৰ প্রশ্নটো সৰলীকৃত কৰি দিব বুলি থকা
পূর্বধাৰণাটো আজি বিপ্লৱীসকলে ত্যাগ কৰিবই লাগিব।
[1] See K. Marx, Capital, Vol. I (in some translations
the words are ‘simple and intelligible’); F. Engels, Anti-Dühring, N.
Bukharin, Economics of the Transition Period; V. Lenin, State and
Revolution and many of his other works.
[2]A. Katsenellenboigen, Studies in Soviet Economic Planning (White
Plains, NY: Sharpe, 1978), p. 123.
[3] O. Antonov, Dlya vsekh i dyla sebya (Moscow, 1965),
p. 23.
[4]Voprosy ekonomiki, no. 12, 1977, p. 5.
[5] Trotsky, op. cit. (n. 2), p. 57.
[6] ibid., p. 78.
[7]V. Lenin, Sochineniya, 5th edn (Moscow, 1962), Vol. 36, p.
157.
[8]R. Bahro, Die Alternative (Cologne: Europäische
Verlagsanstalt, 1977), in English as The Alternative in Eastern Europe (London:
New Left Books, 1973). These quotations are on pp. 201 and 521 of the German
edition.
[9]C. Castoriadis, Le Contenu du socialisme (Paris: Editions
du Seuil, 1979).
No comments:
Post a Comment