মূলঃ The Economics of Feasible Socialism by Alec Nove
অনুবাদঃ ময়ূৰ চেতিয়া
সমাজবাদৰ অধীনত মূল্য নিয়ম
এতিয়ালৈকে হোৱা আলোচনাৰ ভিত্তিত আমি দেখিলো যে সমাজবাদৰ অধীনতো আর্থিক হিচাপ-নিকাচ, সুযোগ ব্যয়, বিকল্পৰ মাজত চয়ন ইত্যাদিৰ উপস্থিতি থাকিব লাগিব। এইখিনিতে এটা প্রশ্ন সুধিব পাৰি - মার্ক্সৰ মূল্য তত্ত্বই এনে হিচাপ নিকাচত কিবা অৰিহনা যোগাব পাৰিব নেকি? যদি পাৰে, তেনেহলে তাৰ ৰূপ কি হব? যদি নোৱাৰে, আর্থিক হিচাপ নিকাচৰ বৈকল্পিক ৰূপ কেনেধৰণৰ হব? আমি ইতিমধ্যেই আলোচনা কৰিলোঁ যে বুখাৰিনৰ দৰে বহুতো মার্ক্সবাদীয়ে ভাবিছিল যে সমাজবাদৰ অধীনত স্বয়ং অর্থশাস্ত্রৰে বিলুপ্তি ঘটিব। আমি এইটোও দেখিলোঁ যে লেনিনে এই ধাৰণাটোৰ সৈতে সহজবোধ কৰিব পৰা নাছিল। পাছৰ কালৰ অভিজ্ঞতাই স্পষ্টকৈ দর্শাইছে যে সমাজবাদৰ অধীনতো বিভিন্ন বিকল্পৰ হিচাপ-নিকাচ, মূল্যায়ন, মানদণ্ড আদিৰ প্রয়োজন হব। মার্ক্সীয় অর্থশাস্ত্রৰ এইখিনিত কিবা ভূমিকা থাকিবনে?
হয়তো কোনো ভূমিকাই নাথাকিব! মন কৰক যে মার্ক্সে ডাছ কেপিটেলখনত পুঁজিবাদী
উৎপাদন সম্পর্কবোৰৰ বিশ্লেষণ কৰিছিল। সমাজবাদৰ অধীনত বিভিন্ন আর্থিক হিচাপ-পাতি, মানদণ্ড,
মূল্যায়ন, চয়ন, যুক্তিকৰ সিদ্ধান্ত গ্রহণৰ প্রক্রিয়া, আর্থিক সংগঠন আদিৰ ৰূপ
কেনেধৰণৰ হব - সেয়া তেওঁৰ মূল বিষয় নাছিল। এই অর্থত কবলৈ গলে আচলতে সমাজবাদৰ কোনো
মার্ক্সীয় ৰাজনৈতিক অর্থনীতি বোলা বস্তুৱেই নাই[1]। কিছুবছৰ পূর্বে মার্ক্সবাদৰ সংকটৰ কথা লিখিবলৈ গৈ আলথুজাৰেতো এইবুলিয়েই ঘোষণা কৰিছে যে ৰাজ্য তথা বিপ্লৱী সংগঠন সম্পর্কেও কোনো সঠিক মার্ক্সীয় তত্ত্ব নাই[2]। পিছে সমাজবাদৰ কোনো বিতং মার্ক্সীয় অর্থশাস্ত্র নাথাকিলেও,
মার্ক্সৰ লিখনীত এনে বহুতো ইংগিত আছে, যাক বহু পৰিমাণে বিভ্রান্তিকৰ তথা য়ুটোপিয়ান
বুলি কব পৰা যায়। মার্ক্সবাদীসকলৰ কেইবাটাও প্রজন্ম ইবিলাকৰ দ্বাৰা বিভ্রান্ত হৈ
আহিছে। উদাহৰণ হিচাপে, ছোভিয়েট ইউনিয়নত ১৯১৯-২০ৰ সময়ছোৱাত সূত্রপাত হোৱা “নগদহীন অর্থনীতি” বিষয়ক (চিন্তাকর্ষক কিন্তু অমীমাংসিত)
বিতর্কখিনিৰ কথাই উল্লেখ কৰিব পাৰি[3]। এই বিতর্কত বহুকেইজন অংশগ্রহণকাৰীয়ে প্রশ্ন
কৰিছিল- উৎপাদন খৰছৰ (cost) কেনেকৈ হিচাপ কৰা যায়? বয়-বস্তুৰ “মূল্য” কেনেকৈ হিচাপ কৰা যায়?
এইক্ষেত্রত নিম্নোক্ত মার্ক্সীয় ধাৰণাকেইটাৰ মাজত থকা বিভ্রান্তিবোৰো
বহুদূৰৈলৈ জগৰীয়া-
·
মূল্য (Value)
·
উপযোগী মূল্য (Use Value)
·
বিনিময় মূল্য (Exchange Value)
·
বজাৰ মূল্য (Market Value)
·
ৰূপান্তৰিত মূল্য
বা উৎপাদন দাম (Transformed
Values - Prices of Production)
“মূল্য” হৈছে সামাজিকভাৱে প্রয়োজনীয় শ্রমৰ কোনো পৰিমাণ। “বিনিময় মূল্য”ৰ জৰিয়তে মূল্যই নিজকে বজাৰত
প্রকাশ্যমান কৰি তোলে। বিভিন্ন পণ্যৰ মাজত বিনিময়ৰ বিভিন্ন অনুপাতৰ ৰূপত এই “মূল্য” দেখা পোৱা যায়। এইখিনিতে মার্ক্সে আন এটা কনচেপ্ট ব্যৱহাৰ কৰিছে - “বজাৰ দাম” (market-price)। বজাৰত যোগান আৰু চাহিদাৰ অহৰহ ক্রিয়াৰ ফলত সামগ্রীৰ দাম কম বেছি হৈ থাকে; এয়াই হৈছে বজাৰ দাম। ইয়াৰ বিপৰীতে “বজাৰ মূল্য”(Market Value) হৈছে এক ভাৰসাম্যমূলক
কনচেপ্ট - অর্থাৎ এক সাধাৰণ পৰিস্থিতি - যেতিয়া যোগান হৈ পৰে চাহিদাৰ সমান।
মার্ক্সে ব্যৱহাৰ কৰা আন এটা ধাৰণা হৈছে “উৎপাদন
দাম”। বিভিন্ন উৎপাদন ক্ষেত্রত পুঁজিৰ জৈৱিক গঠন ভিন ভিন
হোৱাৰ ফলত বিভিন্ন খণ্ডই উৎপাদন কৰা
উদ্বৃত্ত মূল্য হৈ পৰে ভিন্ন ভিন্ন। এনেস্থলত সকলো পুঁজি বিনিয়োগৰ মাজত মুনাফাৰ
হাৰ সমান সুনিশ্চিত কৰা হয় এই উৎপাদন দামৰ জৰিয়তে।
এই বিনিময় মূল্য, বজাৰ মূল্য, বজাৰ দাম আদিৰ মাজত আচলতে পার্থক্য কি? মোৰ বোধেৰে এই আটাইকেওটা ধাৰণাৰ মাজত বিশেষ
পার্থক্য নাই। পিছে এই প্রসংগ ইয়াতে সামৰণি মৰা হওঁক। আমাৰ সমুখত সদ্যহতে ইয়াতকৈ
অধিক গুৰুত্বপূর্ণ প্রশ্ন আছে। সেয়া হৈছে - উপযোগী মূল্যৰ প্রভাৱ আৰু ৰূপান্তৰণৰ অর্থ।
প্রথমে উপযোগী মূল্যৰ পৰাই আৰম্ভণি কৰা যাওঁক। মার্ক্সে কৈ গৈছে যে বিভিন্ন
উপযোগী মূল্যক ইটোৰ সৈতে সিটোৰ তুলনা কৰিব নোৱাৰি। মাত্র বিনিময় মূল্যৰ যোগেদিহে উপযোগী মূল্যবোৰক তুলনা কৰিব পাৰি। মোৰ বোধেৰে মার্ক্সৰ এই কথাষাৰ সঠিক নহয় আৰু তেওঁ মূল্য আৰু
উপযোগী মূল্যৰ মাজত অপ্রয়োজনীয়ভাবে এক কৃত্রিম চীনৰ দেৱাল নির্মাণ কৰিছে।
ডাছ কেপিটেলখনৰ আৰম্ভণিতেই মার্ক্সে লিখিছে –
কোনো এটা বস্তুৰ উপযোগিতাই তাক উপযোগী মূল্য প্রদান কৰে। কিন্তু এই উপযোগিতা হাৱাতে সৃষ্টি হোৱা বস্তু নহয়। বস্তু একোটাৰ উপযোগিতা লুকাই থাকে তাৰ শাৰীৰিক বৈশিষ্ট্যবোৰৰ মাজত। সেয়েহে
বস্তুটোৰ শৰীৰৰ বাহিৰত উপযোগী মূল্যৰ কোনো অস্তিত্ব থাকিব নোৱাৰে। পণ্যৰ বিনিময় হৈছে এনে এক কার্য, যাৰ জৰিয়তে উপযোগী মূল্যবিলাকৰ পৰা সামগ্রিক
বিমূর্তকৰণ কৰা হয়। উপযোগী মূল্যৰ ৰূপত পণ্যবিলাক হৈছে একো একোটা গুণগত বৈশিষ্ট্য। কিন্তু বিনিময়
মূল্যৰ ৰূপত পণ্যবিলাক একো একোটা পৰিমাণলৈ পৰিৱর্তিত হয়। সেয়েহে বিনিময় মূল্যৰ মাজত অকণো উপযোগী মূল্য সোমাই নাথাকে। সেয়েহে
পণ্যবিলাকৰ উপযোগী মূল্যৰ কথাটো যদি আমি আওকান কৰোঁ, আমি দেখিম যে বিভিন্ন
পণ্যবিলাকৰ মাজত এটায়েই উমৈহতীয়া বৈশিষ্ট্য বাকী আছে; সেয়া হৈছে – সকলোবিলাক পণ্যই
হৈছে শ্রমৰ উৎপাদ[4]।
পিছে সমাজবাদৰ বিষয়ে লিখিবলৈ গৈ এংগেলছে এনেদৰে লিখিছে - “বিভিন্ন উৎপাদবিলাকৰ
উপযোগিতাবিলাকক ইটোৰ সৈতে সিটোৰ তুলনা কৰা
হব আৰু সিবিলাকৰ উৎপাদনৰ বাবে প্রয়োজনীয় শ্রম সময়ৰ কথাটোও লগতে বিবেচনা কৰি
[সমাজবাদৰ অধীনত] প্লেনিঙৰ কামটো আগবঢ়াই নিয়া হব”[5]।
অর্থাৎ এনে প্লেনিঙৰ জৰিয়তে কি
সামগ্রী কিমান পৰিমাণে উৎপাদন কৰা হব, সেইটো নির্ধাৰণ কৰা হব।
এংগেলছৰ অনুসৰণ কৰি চার্লছ বেটেলহাইমে লিখিছে যে বিভিন্ন উৎপাদন বিকল্পৰ মাজত
চয়ন কৰাৰ সময়ত “সংগঠিত উৎপাদকসকলে” বিভিন্ন উৎপাদৰ “সামাজিকভাৱে উপযোগী প্রভাৱ”ৰ দিশটো বিবেচনা কৰিব[6]। পিছে এইটো কৰাৰ অর্থ হৈছে বিভিন্ন উপযোগী মূল্যবিলাকক ইটো সিটোৰ সৈতে তুলনা কৰা! অথচ মার্ক্সেই দেখোন কৈ গৈছে যে বিভিন্ন উপযোগী
মূল্যবিলাকক ইটোৰ সৈতে সিটোৰ তুলনা কৰিব নোৱাৰি! মার্ক্সে হয়তো এই কথাষাৰ স্পষ্টকৈ কৈ যাব লাগিছিল যে পুঁজিবাদৰ অধীনত
বজাৰৰ জৰিয়তেহে উপযোগী মূল্যবিলাকক ইটো সিটোৰ সৈতে তুলনা কৰিব পাৰি আৰু এই
প্রক্রিয়াটো হৈছে বেছ ত্রুটিপূর্ণ; ইয়াৰ বিপৰীতে সমাজবাদৰ অধীনত বিভিন্ন উপযোগী
মূল্যবিলাকৰ তুলনা মানুহে সচেতনভাৱে কৰিব আৰু এইক্ষেত্রত বজাৰৰ (বা পণ্য-টকাৰ আন্তঃসম্পর্কৰ) সহায় লোৱা নহব। পিছে মার্ক্সে এই কথাষাৰ নকলে আৰু তেওঁ মাত্র এইবুলি
কৈ গল যে বিভিন্ন উপযোগী মূল্যক তুলনা কৰিব নোৱাৰি।
এই বিভ্রান্তিখিনিয়ে পাছৰ সময়খিনিত বহুতো বেমেজালি সৃষ্টি কৰিলে। উদাহৰণ হিচাপে, চাটালিন তথা অন্যান্য
গাণিতিক অর্থনীতিবিদসকলে ১৯৭৪-৭৫ৰ সময়ছোৱাত দাবী কৰিছিল যে ছোভিয়েট প্লেনাৰসকলে পৰিকল্পনা নির্মাণৰ সময়ত উপযোগী মূল্য
বা সামাজিক মূল্যৰ দিশটোক গাইড হিচাপে লব লাগে। তেওঁলোকৰ বিৰোধিতা কৰি ক্রনৰডে আঙুলিয়াই দিছিল যে
স্বয়ং মার্ক্সৰ মতেই বিভিন্ন উপযোগিতাবিলাকক ইটো সিটোৰ সৈতে তুলনা কৰিব নোৱাৰি আৰু এই কথাষাৰ অস্বীকাৰ কৰাৰ অর্থ হৈছে - মূল্য সম্পর্কে
এক বিষয়ীগত তত্ত্ব (subjective value theory) স্বীকাৰ কৰি লোৱা[7]।
মার্ক্সৰ মতে কোনো সামগ্রীৰ মূল্য থাকিবলৈ হলে আগেয়ে তাৰ উপযোগী মূল্য থাকিব
লাগিব। সেয়েহে কোনো উপযোগিতা নোহোৱা ফাল্টু কামত যদি শ্রম প্রয়োগ কৰা হয়, ই কোনো মূল্য সৃষ্টি নকৰে, বৰং এনে
শ্রম প্রচেষ্টা অবাবতে নষ্ট হয়। কিন্তু এইটোও লক্ষ্যণীয় যে মার্ক্স তথা তেওঁৰ
অনুগ্রামীসকলে উৎপাদনক সদায়েই প্রাথমিকতা প্রদান কৰি আহিছে আৰু এইবুলি কৈ আহিছে যে
সামগ্রী নির্মাণৰ বাবে খৰছ হোৱা শ্রম সময়ৰ আধাৰতেই মূল্যৰ পৰিমাণ নির্ধাৰিত হয় (মার্ক্সৰ মতে এয়া হৈছে
বিমূর্ত শ্রম, কিন্তু তথাপিও এয়া হৈছে
শ্রমেই)। অৱশ্যে এইটো সঁচা যে মার্ক্সে পুঁজিবাদৰ প্রসংগতহে মূল্য
নিয়মৰ বিষয়ে আলোচনা কৰিছিল, কিন্তু অনাগত অংশত আমি দেখিম যে কেনেদৰে তেওঁৰ বহুতো
বাক্যই সমাজবাদৰ অধীনত হিচাপ-নিকাচৰ পদ্ধতি বিকশিত কৰিব বিচৰা অনেক পণ্ডিতৰ মনত
বিভ্রান্তিৰ সৃষ্টি কৰি আহিছে। ১৯১৯-২০ৰ বিতর্কৰ সময়ছোৱাত বহুকেইজন পণ্ডিতে শ্রম সময়ৰ আধাৰত বা খৰছ হোৱা শ্রম প্রচেষ্টা-আৰু-শক্তিৰ (energyৰ) ভিত্তিত সামগ্রীৰ দাম নির্ধাৰণ কৰাৰ প্রস্তাৱ দিছিল। পিছে এনেধৰণৰ ফ্রেমৱর্কে কেৱল প্রচেষ্টাৰ (effort) হিচাপহে কৰিব
পাৰে, ই প্রচেষ্টাৰ শেষ ফলাফল (end result) বা প্রভাৱৰ হিচাপ নকৰে। সৌ তাহানিতেই য়ুৰভস্কিয়ে লক্ষ্য কৰিছিল যে সমান পৰিমাণৰ মানৱ প্রচেষ্টাৰ ফলাফল ভিন ভিন হব পাৰে। আজিও ছোভিয়েট ইউনিয়নত সামগ্রীৰ দামসমূহ মানৱ প্রচেষ্টাৰ খৰছৰ ভিত্তিত গঠন কৰা হয়, অর্থাৎ সামগ্রীটো
নির্মাণ হওঁতে কিমানখিনি মানৱ প্রচেষ্টা প্রয়োজনীয় হৈছে। পিছে এই ফ্রেমৱর্কটোৱে উপযোগী মূল্যৰ দিশটো সম্পূর্ণভাৱে আওকান কৰে[8]। ছোভিয়েট অর্থনীতিবিদ এন পেট্রাকভে এই
উৎপাদন-খৰছ-ভিত্তিক-দামৰ-ধাৰণাৰ (cost conception of price) তীব্র সমালোচনা কৰিছে আৰু মন্তব্য কৰিছে যে সামগ্রীৰ দামৰ গণনা কৰোঁতে উপযোগী
মূল্যৰ দিশটোও হিচাপত লব লাগিব[9]। ফঁৰাচী অর্থনীতিবিদ বাছলেই মার্ক্সৰ এটা প্রধান তত্ত্বগত ধূসৰতাৰ প্রতি
আঙুলিয়াই দিছে। মার্ক্সে কৈছে যে পুঁজিবাদৰ অধীনত মূল্য নিয়মে সকলো বিনিময়
সম্বন্ধক চালিত কৰে। পিছে এই মূল্যবোৰ ঠিক কেতিয়া গঠন হয়? পণ্যবোৰ কি
বজাৰত প্রবেশ কৰাৰ আগেয়েই অর্থাৎ উৎপাদনৰ ক্ষেত্রখনতে মূল্য গঠন হয়? নে বজাৰত
প্রবেশ কৰাৰ পাছতহে পন্যবিলাকৰ মূল্যৰ আৱির্ভাৱ হয়? মূল্যৰ আৱির্ভাৱৰ ক্ষেত্রত বিনিময় আৰু প্রতিযোগিতাৰ ভূমিকা কি? বিনিময় আৰু প্রতিযোগিতাৰ
অবিহনে মূল্যৰ আৱির্ভাৱ হব পাৰেনে? বাছলেই লিখিছে যে মার্ক্সে হয়তো স্পষ্টকৈ কব
লাগিছিল যে মূল্যৰ অস্তিত্বৰ বাবে উৎপাদন আৰু প্রবহন (চার্কুলেচন)- দুয়োটাই জৰুৰী;
কেৱল উৎপাদনৰ বলত মূল্যৰ আৱির্ভাৱ হব নোৱাৰে। প্রতিযোগিতামূলক বজাৰৰ ফলতহে সামগ্রীবিলাকৰ সামাজিক চাহিদাই মূর্ত ৰূপ লাভ কৰে। পণ্যৰ সংজ্ঞাই হৈছে যে সিবিলাকক বিক্রয়ৰ বাবে উৎপাদন কৰা হয়।
গ্রাহকে ইচ্ছা কৰিলে বজাৰত বিভিন্ন সামগ্রী নাকচ কৰিবও পাৰে (অর্থাৎ ক্রয় নকৰাকৈয়ো
থাকিব পাৰে)। সামাজিক চাহিদাৰ ৰূপত সমাজখনৰ প্রয়োজনবিলাক
প্রকাশ্যমান হয় আৰু ই সামাজিকভাৱে প্রয়োজনীয় শ্রম সময়ৰ সংজ্ঞাৰ অন্তর্ভুক্ত হৈ
পৰে[10]। মার্ক্সে হয়তো মানি লৈছিল যে (পুঁজিবাদৰ অধীনত) যদিও মূল্যই বজাৰৰ জৰিয়তে
নিজকে স্থাপিত কৰিব লগা হয়, তথাপিও কিন্তু উৎপাদনৰ সময়তে পণ্যবিলাকৰ মাজত মূল্য ইতিমধ্যেই নিহিত হৈ থাকে। মার্ক্সৰ
কিছুমান বাক্য পঢ়িলে এনে অনুভৱ হয় যেন তেওঁ এইবুলি কব খুজিছে যে সামাজিক প্রয়োজনৰ স্তৰে (অর্থাৎ চাহিদাই)
মূল্যক প্রভাৱিত কৰিব পাৰে। কিন্তু বেছিভাগ লেখনীতে
তেওঁ এইটো কথাৰ ওপৰতহে জোৰ দিছে যে কেৱল উৎপাদনৰ ক্ষেত্রখনতেই নতুন মূল্য সৃষ্টি হয়[11]। বাছলেই লিখিছে - “মূল্যৰ সংজ্ঞাৰ বাবে প্রতিযোগিতা আৰু চাহিদা অতিশয় প্রয়োজনীয়, কিন্তু তথাপিও
দুয়োটাকে এই সংজ্ঞাৰ পৰা বাহিৰত ৰখা হৈছে”[12]। এফালে মূল্যৰ নির্ধাৰণ আৰু আনফালে চাহিদা তথা উপযোগী মূল্য - এই দুয়োৰে মাজত মার্ক্সে এখন চীনৰ
প্রাচীৰ নির্মাণ কৰিছিল। “এফালে মূল্যৰ সংজ্ঞাৰ পৰা সামাজিক প্রয়োজন আৰু সামাজিক
উপযোগিতাবিলাকক বাদ দিয়া হৈছে আৰু আনফালে এই দুয়োটাই মূল্যৰ সংজ্ঞাৰ বাবে
প্রয়োজনীয় বুলি বিবেচিত হৈছে - এইটো এটা বেছ গম্ভীৰ অন্তর্বিৰোধ[13]।”
মার্ক্সবাদী অর্থনীতিবিদ এলেইন লিপিজ ঠিক এই সমস্যাটোৰে সমুখীন হৈছিল, পিছে
তেওঁ কৌশলীভাৱে সমস্যাটো আওকাণ কৰিলে। তেওঁ মানি
লৈছে যে “সামাজিক চাহিদাই” আংশিকভাবে হলেও “সামাজিকভাৱে প্রয়োজনীয় শ্রম” নির্ধাৰণ কৰে। কিন্তু ইয়াৰ ঠিক পাছতে তেওঁ আশ্বর্যকৰভাৱে দাবী কৰিছে যে শ্রেণী সংগ্রামে সামাজিক চাহিদা functionally নির্ধাৰণ কৰে। অর্থাৎ তেওঁৰ মতে শ্রেণী সংগ্রামেই উপভোগ আৰু পুঁজি সঞ্চয়নৰ গাঁথনিটোও নির্ধাৰণ কৰে। “উপযোগিতা আৰু অভাৱ ভিত্তিক” মূল্য তত্ত্ব তেওঁ নাকচ কৰিছে, কিয়নো উপযোগিতা
(চাহিদা) কোনো বর্হিকাৰক (exogenous) নহয়[14]।
এইটো কথা ঠিক যে আয়ৰ বিতৰণ তথা উৎপাদনে চাহিদাৰ ওপৰত প্রভাৱ পেলায়, কিন্তু তথাপিও লিপিজৰ সমাধানটো সন্তোষজনক নহয়। অৱশেষত দেখা গৈছে যে তেওঁ
“শ্রমৰ-পৰিমাণ ভিত্তিক” তত্ত্বটোকেই মানি লৈছে আৰু সামাজিক চাহিদাৰ ভূমিকা অত্যন্ত
লঘূ হৈ পৰিছে। পাছলৈ আমি দেখিম যে বেটেলহেইমৰ পজিচনটো এইক্ষেত্রত সত্যৰ অধিক কাষ
চপা, কিয়নো তেওঁ স্পষ্টকৈ মানি লৈছে যে মার্ক্সীয় অর্থনীতিবিদসকলে উপযোগী মূল্যৰ
ওপৰত কম গুৰুত্ব প্রদান কৰি আহিছে।
এই কথা বুজাটো টান নহয় যে একে পৰিমাণৰ শ্রমেও ভিন ভিন পৰিমাণৰ উপযোগী মূল্য
সৃষ্টি কৰিব পাৰে (এনে শ্রমক যিমানেই সাধাৰণ শ্রমলৈ সংকোচিত কৰা হওঁক, যিমানেই
“ৰূপান্তৰিত” কৰা হওঁক, ই আমাৰ যুক্তিখিনি সলনি নকৰে)। মার্ক্সৰ মতে মূল্যৰ পূর্বচর্ত হৈছে যে সামগ্রীবিধৰ প্রথমে উপযোগী মূল্য থাকিব
লাগিব। কিন্তু একেসময়তে মার্ক্সে এই কথাষাৰ অনুধাৱন কৰিব পৰা নাই যে কিছুমান বস্তুৰ উপযোগী মূল্য আন কিছুমান
বস্তুতকৈ অধিক হব পাৰে। মার্ক্সে নিশ্চয়কৈ জানিছিল যে পুঁজিবাদৰ অধীনত
প্রতিযোগিতামূলক বজাৰত বিনিময় মূল্য আৰু উপযোগী মূল্যক ইটো সিটোৰ মুখামুখি কৰোৱা হয় আৰু দুয়োৰে মাজত তুলনা কৰাও হয়। যদি “ক” আৰু “খ” নামৰ
সামগ্রী দুবিধে একেধৰণৰ মানৱ প্রয়োজন পূর্ণ কৰে, যদি দুয়োৰে দাম হয় একেই, কিন্তু যদি “ক”ৰ কোৱালিটি “খ”তকৈ শ্রেষ্ঠ হয়, তেনেহলে ব্যৱহাৰকাৰীসকলে নিশ্চিতভাৱেই “ক”ৰ উচ্চ মূল্যায়ন কৰিব, “ক”ই অধিক দাম হাছিল কৰিবলৈ সক্ষম হব আৰু “খ”ৰ
উৎপাদন মুনাফাজনক হৈ নাথাকিব। এইদৰেই বজাৰৰ শক্তিয়ে পুঁজিপতিসকলক চিগনেল দি থাকে
যাতে তেওঁলোকে মুনাফা প্রদান নকৰা (বা গড় মুনাফাতকৈ কম মুনাফা প্রদান কৰা) সামগ্রী
উৎপাদনৰ বাবে শ্রম শক্তি ক্রয় নকৰে।
পিছে এনে এখন সমাজত কথাবোৰ কেনেকুৱা হব য’ত কোনো বজাৰেই নাই? বজাৰ যদি নাথাকিবলৈ হয়, তেনেস্থলত প্রচেষ্টা আৰু তাৰ ফলাফল (অর্থাৎ
খৰছ কৰা শ্রম শক্তিৰ পৰিমাণ আৰু ই সৃষ্টি কৰা উপযোগী মূল্য) - দুয়োৰে মাজৰ আন্তঃসম্পর্কটোৱেই ভাগি পৰিব। এইটো কথা ঠিক যে বজাৰৰ জৰিয়তে প্রচেষ্টা আৰু
ফলাফলৰ মাজত যি সম্পর্ক গঢ়ি উঠে সি ত্রুটিহীন নহয়। কিন্তু বজাৰ যদি নাথাকেই,
তেনেস্থলত দুয়োকে একেলগে সাঙোৰা মাধ্যমটোৱেই নাইকিয়া হৈ যাব। ছোভিয়েট ইউনিয়নৰ
প্রাৰম্ভিক কালৰ বিতর্কখিনিলৈ মন কৰকঃ স্ত্রুমিলিনে সৌ তাহানিতেই লিখিছিল যে
বস্তুবিলাকক যদি সিবিলাকৰ উৎপাদনত খৰছ হোৱা শ্রম-সময় অনুসৰি মূল্যায়ন কৰা হয়, তেনেস্থলত এনে মূল্যায়ন তথা বস্তুৰ উপযোগী
মূল্যৰ মাজৰ সম্পর্কটোৱেই ভাগি যাব। এনেস্থলত শ্রম-মূল্যবিলাক বৃদ্ধি কৰিবলৈ চেষ্টা কৰাটো
মূর্খামিভৰা কাম হব, কিয়নো ই ফলাফলৰ হিচাপ নকৰে, বৰং খৰছৰহে হিচাপ কৰে। সমগ্র ছোভিয়েট
ইতিহাসতে, তত্ত্ব আৰু অনুশীলন দুয়োটাৰে পর্যায়ত মূল্য (বা
উৎপাদন খৰছ ভিত্তিক দাম) আৰু উপযোগী মূল্যৰ এই সম্পর্ক বিচ্ছেদে বিষম ফলাফল সৃষ্টি কৰি আহিছে।
কেইটামান উদাহৰণ দিয়া যাওঁক। দুটা মেছিনৰ কথা ধৰক। দুয়োটা মেছিন নির্মাণ
কৰোঁতে একে পৰিমাণৰ প্রচেষ্টাৰ প্রয়োজন হৈছিল। কিন্তু নির্মাণৰ পাছত দেখা গল যে
ইয়াৰে প্রথমটো মেছিন দ্বিতীয়টোৰ তুলনাত
অধিক উৎপাদনশীল তথা ব্যৱহাৰৰ ক্ষেত্রত অধিক সুচল বা সুবিধাজনক। অর্থাৎ নির্মাণৰ ক্ষেত্রত একেপৰিমাণৰ
প্রচেষ্টা প্রয়োজন হোৱা সত্ত্বেও ফলাফলৰ স্তৰত কিন্তু দেখা গল যে প্রথমটো মেছিন অধিক মূল্যবান! আন এটা উদাহৰণঃ এজন দর্জীয়ে দুটা চোলা চিলালে।
দুয়োটাৰে নির্মাণত সমান পৰিমাণৰ শ্রম-সময় খৰছ হল। পিছে ফলাফলৰ স্তৰত দেখা গল যে
প্রথমটো চোলা খুউব সুন্দৰ হৈছে আৰু দ্বিতীয়টো হৈছে খুবেই আপচু! এনেস্থলত
নিশ্চিতভাবে প্রথমটো চোলাৰ মূল্যায়ন দ্বিতীয়টোতকৈ অধিক হব। এনে অগণন উদাহৰণ দিব পাৰি।
মূল কথাটো হৈছে যে একে পৰিমাণৰ মানৱ প্রচেষ্টাৰ দ্বাৰা নির্মিত দুবিধ বস্তুৰ উপযোগী মূল্য সমান নহবও পাৰে। “মূল্য” শব্দটোৰ অর্থই হৈছে যে
কোনোবাই কিবা বস্তুৰ মূল্যায়ন কৰিছে। এই কথাষাৰ আঙুলিয়াই দিয়াৰ বাবেই বহুকেইজন
ছোভিয়েট পণ্ডিতক “বিষয়ীগত মূল্য তত্ত্বৰ প্রবক্তা(advocate of subjective value theory)” বুলি অভিযুক্ত কৰা কাৰবাৰটো হৈছে তেনেই হাস্যকৰ। আচলতে সকলো সমাজতে উৎপাদন “উপযোগিতা”ৰ বাবেই কৰা হয় (পুঁজিপতিয়ে মুনাফা
তেতিয়াহে হাছিল কৰিব পাৰে, যেতিয়া উপভোক্তাই তেওঁৰ সামগ্রীবিধ ক্রয়ৰ উপযুক্ত বুলি
গণ্য কৰে)। আজি মার্ক্স জীয়াই থকা হলে নিশ্চয়কৈ এই কথা শুনি হতভম্ব হ’লহেঁতেন যে তেওঁৰে
কিছু অনুগামীয়ে সমাজবাদৰ অধীনত শ্রম সময়ৰ ভিত্তিত বস্তুৰ মূল্য আৰু দাম নির্ণয়
কৰিবলৈ চেষ্টা কৰিছে।
ছোভিয়েট ইউনিয়নৰ “সমাজবাদী মূল্য নিয়ম” যে মার্ক্স কথিত মূল্য নিয়মতকৈ পৃথক,
সেয়া দর্শোৱাটো বিশেষ কঠিন নহয়। এই বিষয়ক
মার্ক্সৰ অগণন লিখনীৰ উদ্ধৃতি দিব পাৰি[15]। গ্রুণ্ডৰিছেত মার্ক্সে লিখি গৈছে যে “বিনিময় মূল্যৰ
ভিত্তিত, টকাৰ ভিত্তিত...একত্রিত ব্যক্তিসকলে সমগ্র উৎপাদন নিয়ন্ত্রণ
কৰিব...ইয়াতকৈ অদ্ভুত দাবী আৰু নাই[16]। অৱশ্যে এইক্ষেত্রত ফৰাচী মার্ক্সবাদী পণ্ডিত চেভেঞ্চে কিছু
অতিশয়োক্তিয়েই কৰি পেলাইছে। তেওঁৰ মতে মার্ক্স মূল্যৰ আয়তনৰ (magnitude of value) দিশটোৰ প্রতি আগ্রহীয়েই নাছিল। কথাষাৰ সঁচা নহয়। আচলতে মার্ক্সে ধ্রুপদী
ৰাজনৈতিক অর্থনীতিসকলক কেৱল আয়তনৰ দিশটোৰ প্রতি আগ্রহী হোৱাৰ বাবে সমালোচনা কৰিছিল। মার্ক্সৰ মতে তেওঁলোকে মূল্য আৰু তাৰ বাহ্যিক প্রকাশ্যমান ৰূপ বিনিময় মূল্য - এই
দুয়োৰে আভ্যন্তৰীণ সম্বন্ধবোৰৰ প্রতি মন-কান দিয়া নাছিল। কিন্তু সেইবুলি
এনে কোনো দাবী কৰিব নোৱাৰি যে মার্ক্স বিনিময়ৰ অনুপাতবিলাকৰ দিশটোৰ প্রতি সমূলি আগ্রহী নাছিল। ডাছ
কেপিটেলৰ তৃতীয় খণ্ডটোত তেওঁ বিনিময়ৰ বিভিন্ন আয়তন সম্পর্কে বিস্তৰকৈ আলোচনা
কৰিছে। তথাপিও চেভেঞ্চৰ এই কথাষাৰ নিশ্চয়কৈ সত্য যে ছোভিয়েট অর্থনীতিবিদসকলে মূল্য
তত্ত্বক সমাজবাদী অর্থনীতিখন চলোৱাৰ ক্ষেত্রত যি ভূমিকা প্রদান কৰিছে, তেনে ভূমিকাৰ কথা
মার্ক্সে সপোনতো ভবা নাছিল। বিনিময়ৰ বিভিন্ন আয়তনৰ হিচাপ-নিকাচ কৰা, এনে হিচাপৰ এক
প্রেকটিকেল ৰূপ বিকশিত কৰা তথা বিভিন্ন উৎপাদ তথা বিভিন্ন শ্রমৰ মাজত তুলনা কৰিব
পৰাকৈ এক মানদণ্ড বিকশিত কৰা - ইবিলাক আচলতে মূল্য তত্ত্বৰ কামেই নহয়। এইখিনিতে ১৯২০ৰ দশকৰ ছোভিয়েট অর্থনীতিবিদ ইছাক
ইলিচ ৰুবিনৰ কিছু বক্তব্যও লক্ষণীয়-
বজাৰত শ্রমৰ বিভিন্ন উৎপাদৰ অনুপাত
সমান কৰিব পৰাকৈ মূল্যৰ কোনো প্রেকটিকেল মানদণ্ড বিকশিত কৰাটো প্রয়োজনীয় নহয়। বজাৰত ঘটি থকা বিনিময়বোৰ সম্ভৱপৰ কৰিবলৈ অর্থনীতিবিদে সাজি দিয়া কোনো মানদণ্ডৰ প্রয়োজন নাই। ইবিলাকৰ
বিপৰীতে, বিনিময় প্রক্রিয়াটো কিয় আৰু কেনেকৈ সংঘটিত হয়- সেয়া বিশ্লেষণ কৰাটোহে
মূল্য তত্ত্বৰ কাম[17]।
কিন্তু যিহেতু পুঁজিবাদী পণ্য উৎপাদনৰ বাস্তৱ জগতখনত শ্রমৰ উৎপাদবিলাক
ইটো সিটোৰ সৈতে বিনিময় কৰা হয়, আৰু যিহেতু পণ্যৰ মূল্যৰ সৈতে উপযোগী মূল্যৰো এটা
সম্পর্ক বজাৰৰ জৰিয়তে স্থাপন কৰা হয়, সেয়েহে সমাজবাদ নির্মাণকাৰী
অর্থনীতিবিদজনক এনে দাবীয়ে কোনো সন্তুষ্টি দিব নোৱাৰে।
এই সমাজবাদী অর্থনীতিবিদজনৰ কামেই হৈছে যে বিভিন্ন সামগ্রীৰ মাজত মূল্যায়নৰ কোনো এক মানদণ্ড বিকশিত কৰা
আৰু এইক্ষেত্রত শ্রম মূল্যৰ (বা শ্রম সময়ৰ) বাহিৰে তেওঁৰ ওচৰত কোনো মানদণ্ড বাকী নাথাকেগৈ! ইয়েই হৈছে সমস্যাৰ
গুৰি!
নিশ্চিতভাৱেই মৌলবাদী মার্ক্সবাদীসকলেও এইবুলি
কব নিবিচাৰিব যে শ্রম মূল্যবিলাক বৃদ্ধি কৰাটোৱেই আমাৰ লক্ষ্য হোৱা উচিত! শ্রম মূল্য বৃদ্ধি কৰাৰ অর্থ হৈছে সামগ্রী নির্মাণৰ বাবে প্রয়োজনীয়
শ্রমৰ ঘণ্টা বৃদ্ধি কৰা! ইয়াৰ বিপৰীতে ১৯১৯-২০ৰ সময়ৰে পৰা বিভিন্ন আর্থিক উদ্দেশ্য
পূৰণ কৰাৰ অর্থে কেনেকৈ শ্রম সময় (বা শ্রম প্রচেষ্টা) হ্রাস কৰিব পৰা যায়, এই
বিষয়ক নানান আলোচনা ছোভিয়েট অর্থনীতিবিদসকলে কৰি আহিছে (কোনে এই শ্রম সময় হ্রাস
কৰিব, তথা কেনেকৈ হ্রাস কৰিব- এই বিষয়ে আমি কিছু পাছলৈ আলোচনা কৰিম)। পিছে
সমস্যাটো হৈছে যে যেতিয়াই কোনো বস্তু বা সামগ্রীৰ মূল্য নির্ধাৰণ কৰিবলৈ চেষ্টা
কৰা হয় তথা এই মূল্যৰ সৈতে অন্যান্য সামগ্রীৰ মূল্যৰ তুলনা কৰা হয়, দেখা যায় যে
নির্মাণত অধিক শ্রম তথা কেঁচামাল আদি প্রয়োজনীয় হোৱা সামগ্রীবোৰৰ মূল্য অধিককৈ নির্ধাৰিত কৰা হয়। এয়া হোৱাটো অৱশ্যম্ভাৱী কিয়নো এনে সমস্ত মূল্যায়ন “উৎপাদন
খৰছ”(cost)ৰ ভিত্তিত কৰা হৈছে। যি
সামগ্রী নির্মাণত অধিক শ্রম সময় তথা কেঁচা-মাল আদিৰ প্রয়োজন হৈছে, সিবিলাকৰ মূল্যও
অধিক বুলি নির্ধাৰিত কৰা হৈছে। চাহিদাৰ (উপযোগিতাৰ) ইয়াত কোনো কাম নাই। অর্থাৎ
প্রশাসনৰ দ্বাৰা সামগ্রীৰ এনে দাম-নির্ধাৰণত চাহিদা বা উপযোগী মূল্যই কোনো ভূমিকা
পালন নকৰে। শ্রম সময় ভিত্তিক অর্থশাস্ত্রৰ বিষয়ে আমি আৰু কিছু
কথা “ৰূপান্তৰণৰ সমস্যা”ৰ প্রসংগত আলোচনা কৰিম।
এইখিনিতে আন এষাৰ কথাও কৈ থওঁ। যিহেতু মূল্য নির্ভৰ কৰে শ্রমৰ পৰিমাণৰ ওপৰত,
সেয়েহে শ্রমৰ পৰিমাণ বৃদ্ধি নকৰাকৈ অধিক মূল্য উৎপাদন কৰাটো সম্ভৱপৰ নহয়। ঠিক এইখিনিৰে পৰা আৰম্ভ কৰি এলেইন লিপিজে নিম্নোক্ত
অদ্ভুত সিদ্ধান্তত উপনীত হৈছে - “দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ সময়খিনিত ফ্রাঞ্চৰ
অর্থনীতিৰ তীব্র বিকাশ ঘটিছিল; উৎপাদ, পুঁজি সঞ্চয়ন তথা উপভোগ (শ্রমিকৰো উপভোগ)
ভীষণ বৃদ্ধি হৈছিল। পিছে যিহেতু কামৰ মুঠ ঘণ্টা
অপৰিৱর্তনীয় হৈয়েই ৰৈছিল, সেয়েহে [লিপিজৰ
মতে] ফৰাচী অর্থনীতিখনে উৎপাদন কৰা মূল্য তথা শ্রম-শক্তিৰ মূল্য - অপৰিৱর্তিত হৈ ৰৈছিল”[18]!
মার্ক্সীয় মূল্য তত্ত্ব মতে এই কথাখিনি সম্পূর্ণভাৱে শুদ্ধ। এনে ফলাফলৰ প্রতি লক্ষ্য কৰিলে অনুভৱ হয় - মার্ক্সীয় মূল্য তত্ত্বৰ সঁচাকৈয়ে কোনো উপযোগিতা
আছেনে? ই সঁচাকৈয়ে সংজ্ঞাবোৰ অধিক স্পষ্ট কৰেনে? আজি বহুবছৰ পূর্বে অর্থনীতিবিদ জোৱান ৰবিনচনে ঠিক এনে কেতবোৰ সন্দেহেই প্রকাশ কৰি গৈছে (আৰিঘি
ইমানুৱেলৰ দ্বাৰা মূল্য তত্ত্বৰ কেতবোৰ
অদ্ভুত প্রয়োগ তথা “অসমান বিনিময়” সম্পর্কে মই কিছু কথা চতুর্থ অধ্যায়ত আলোচনা
কৰিছোঁ)।
কিছুসংখ্যক মার্ক্সবাদীয়ে কব বিচাৰে যে সমাজবাদৰ অধীনত শ্রম-সময়ৰ ভিত্তিত
সামগ্রীৰ মূল্য নির্ধাৰণ কৰিবলৈ চেষ্টা কৰাটোৱেই এক ভুল প্রচেষ্টা আছিল; এয়া মার্ক্সৰ মূল্য তত্ত্বৰ
উদ্দেশ্যই নাছিল। পিছে মই ভাবোঁ যে এই মার্ক্সবাদীসকলেও এটা ভুল কৰিছে। আচলতে
মার্ক্স তথা মার্ক্সীয় অর্থশাস্ত্রৰ প্রশিক্ষণে সমাজবাদী অর্থনীতিবিদসকলৰ বাবে আন
কোনো বৈকল্পিক বাট খোলা ৰখাই নাছিল। অপ্রাসংগিক তত্ত্বই তেওঁলোকক বিভ্রান্ত
কৰিছিল।
এটা কথা নিশ্চয়কৈ কব পৰা যায় যে উৎপাদনৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰাৰ ফলত
সমাজবাদৰ অধীনত উপভোগ সম্পর্কীয় প্রয়োজনবিলাকৰ দিশটো আওকান কৰা হল। কিন্তু সেইবুলি
পিটাৰ ৱাইলছৰ দৰে অতিশয়োক্তি কৰাৰ দৰকাৰ নাই
যে উপভোক্তাৰ চাহিদাৰ বিষয়ে বিভিন্ন অধ্যয়ন আয়োজন কৰাৰ জৰিয়তে আজি বিভিন্ন ছোভিয়েট
অর্থনীতিবিদসকলে মার্ক্সবাদকেই নস্যাৎ কৰিছে। তথাপিও এই কথাষাৰ অস্বীকাৰ কৰিব নোৱাৰি যে ডাছ কেপিটেলখনত মার্ক্সে প্রবহনৰ(ছার্কুলেচন)
পর্যায়টোক অ-উৎপাদনশীল বুলি কৈ গৈছে - অর্থাৎ এইটো পর্যায়ত নতুন মূল্য সৃষ্টি নহয়। অর্থাৎ ছোভিয়েট ইউনিয়নত চাহিদাক (তথা
উপযোগী মূল্যক) যথোচিত গুৰুত্ব নিদিয়াৰ প্রৱণতাটোৰ সৈতে মার্ক্সৰ এনে বিশ্লেষণৰ নিশ্চয় কিছু সম্পর্ক আছে। অৱশ্যে ছোভিয়েট শাসকসকলে কোনবোৰ দিশক অগ্রাধিকাৰ দি আহিছে, তাৰ কিছু অন্যান্য
তথা প্রেকটিকেল কাৰণো নিশ্চয়কৈ আছে।
“শ্রম-সময় ভিত্তিক অর্থনীতি”ৰ ধাৰণাটো সম্পর্কে আৰু কিছু কথা আলোচনা কৰা
যাওঁক। পিছে তাৰ আগেয়ে আন এটা গুৰুত্বপূর্ণ প্রশ্ন সম্পর্কে স্পষ্ট হৈ লোৱাটো দৰকাৰ।
“মূল্যৰ ৰূপান্তৰণৰ সমস্যা”ৰ বিষয়ে হোৱা আলোচনাবিলাকত প্রায়েই কোৱা হয় যে মার্ক্সে ইনপুটবিলাকক দামৰ পৰা মূল্যলৈ পৰিৱর্তিত কৰি লোৱা নাছিল বা এই কামটো কৰিবলৈ তেওঁ পাহৰি গৈছিল। পিছে কথা হৈছে যে পণ্যবিলাকৰ
দাম সিবিলাকৰ মূল্যৰ সৈতে আনুপাতিক তেতিয়াহে হব, যেতিয়া পুঁজিৰ জৈৱিক গঠনো একেধৰণৰ হব। বিভিন্ন পুঁজিৰ জৈৱিক গঠন যদি একেধৰণৰ নহয়, তেনেস্থলত “উৎপাদন দাম”(prices of
production) বোলা এটা নতুন কেটেগৰীৰ জন্ম হব- যি সুনিশ্চিত কৰিব যে
বিনিয়োগ কৰা প্রতিটো পুঁজিৰ ইউনিটেই সমান হাৰৰ মুনাফা লাভ কৰিছে। এইক্ষেত্রত উৎপাদন দাম মূল্যতকৈ ভিন্ন হব। যিবোৰ পুঁজিৰ জৈৱিক গঠন উচ্চ হব, সিবিলাকৰ উৎপাদন দাম মূল্যতকৈ অধিক হব;
যিবোৰ পুঁজিৰ জৈৱিক গঠন নিম্নতৰ হব, সিবিলাকৰ উৎপাদন দাম হব মূল্যতকৈ কম।
সমাজবাদৰ অর্থনীতিৰ সৈতে এই ফর্মুলাটোৰ সম্পর্ক কি? প্রথম দৃষ্টিত দুয়োৰে কোনো
সম্পর্ক নাই যেনেই লাগে। পিছে দুয়োৰে সম্পর্ক হৈছে অতিশয় প্রগাঢ়, বিশেষকৈ শ্রম
সময়ৰ ভিত্তিত বস্তুৰ মূল্যায়নৰ সৈতে তাৰ চিধা সম্পর্ক
আছে। কথাটো হৈছে এনেকুৱা-
ডাছ কেপিটেলৰ প্রথম খণ্ডটোত শ্রম সময়ৰ ভিত্তিত বস্তুৰ মূল্যায়ন হোৱাৰ কথা কোৱা হৈছে। পিছে তৃতীয় খণ্ডটোত মার্ক্সে “উৎপাদন দাম”ৰ (prices of production) ধাৰণাটোৰ অৱতাৰণা কৰিছে আৰু কৈছে যে পুঁজিবাদৰ
অধীনত মূল্যৰ পৰা দামলৈ হোৱা ৰূপান্তৰণৰ প্রক্রিয়াটোত উৎপাদন দামে এক অন্তৱর্তী পর্যায়ৰ ভূমিকা পালন কৰে। ইয়াৰ পৰাই এংগেলছ আদি কিছু সমাজবাদীয়ে এই সিদ্ধান্তত উপনীত হৈছিল যে সমাজবাদৰ
অধীনত এই উৎপাদন দামৰ অন্তৱর্তী পর্যায়টো নাথাকিব। অর্থাৎ সমাজবাদৰ অধীনত শ্রম সময়ৰ ভিত্তিত খৰছৰ হিচাপ
কৰা হব।
এইখিনিতে (মূল্যৰ পৰা দামলৈ হোৱা) ৰূপান্তৰণৰ প্রক্রিয়াটোৰ বিষয়েও কিছু আলোচনা কৰি লোৱা যাওঁক। বিভিন্ন সমাজবাদী পণ্ডিতে এই ধাৰণাটোক বিভিন্ন
ৰূপত ব্যাখ্যা কৰিছে। এনে তিনিটা প্রধান ব্যাখ্যা হৈছে এনেধৰণৰ-
ক) ঐতিহাসিক - এটা সময়ত মূল্যই প্রধান ভূমিকা পালন কৰিছিল; পিছে পুঁজিবাদ বিকশিত হোৱাৰ লগে লগে উৎপাদন দামে প্রধান ভূমিকা পালন কৰিবলৈ ধৰে।
খ) চর্তযুক্ত - সকলো পুঁজিৰ জৈৱিক গঠন একে হোৱা হলে বস্তুবিলাক সিবিলাকৰ মূল্যতে
বিনিময় কৰা গলহেঁতেন। পিছে যিহেতু বিভিন্ন পুঁজিৰ জৈৱিক গঠন একে নহয়, সেয়েহে বস্তুবিলাক সিবিলাকৰ মূল্যত বিনিময়ো
কৰা নহয়।
এই প্রসংগতে ইছাক ৰুবিনে কৈ গৈছে যে “মূল্য আৰু উৎপাদন দাম আচলতে দুবিধ ভিন
ভিন অর্থনীতিৰ তত্ত্ব নহয়। বৰং দুয়োটাই হৈছে একেখন অর্থনীতিৰে একেটা তত্ত্বৰে
অংশস্বৰূপ। বিমূর্তকৰণৰ বিভিন্ন পর্যায়ত এই ধাৰণা দুটাৰ উদয় হয়”[19]।
কথাখিনি আন এক প্রকাৰেও কব পাৰি - প্রথমে সকলো পুঁজিকে এটা ছিংগল ইউনিট হিচাপে
কল্পনা কৰক। এই পুঁজিয়ে সর্বমুঠ কিছু উদ্বৃত্ত মূল্য সৃষ্টি কৰে। পিছে যিহেতু বাস্তৱ ক্ষেত্রত বিভিন্ন পুঁজি দেখিবলৈ পোৱা যায় আৰু সিবিলাকৰ মাজত প্রচণ্ড প্রতিযোগিতাও সংঘটিত হয়,
সেয়েহে এনেস্থলত এই সর্বমুঠ উদ্বৃত্ত
মূল্যখিনি বিভিন্ন পুঁজিপতিৰ ওচৰত আনুপাতিকভাবে বিতৰিত হয়। অর্থাৎ প্রতিজন
পুঁজিপতিয়ে মুঠ কিমানখিনি পুঁজি বিনিময় কৰিছে (স্থানু পুঁজি+গতিশীল পুঁজি), তাৰ
ভিত্তিত প্রতিজনে উদ্বৃত্ত মূল্যৰ অংশ লাভ কৰে।
গ) দ্বৈত প্রক্রিয়া- বস্তুবিলাকৰ উৎপাদন
কৰা হয় সিবিলাকৰ মূল্যতে- অর্থাৎ নিম্ন জৈৱিক গঠনৰ পুঁজিয়ে অধিক মুনাফা লাভ কৰে আৰু উচ্চ জৈৱিক গঠনৰ পুঁজিয়ে কম মুনাফা লাভ কৰে। পিছে সমস্ত
উদ্বৃত্তখিনি জমা হয় এটা সমূহীয়া পুখুৰীত আৰু এই পুখুৰীৰ পৰাই
প্রতিজন পুঁজিপতিয়ে নিজৰ বিনিয়োগটোৰ আকাৰ অনুসৰি উদ্বৃত্তৰ অংশ লাভ কৰে।
এই তৃতীয় ব্যাখ্যাটো আর্নেষ্ট মাণ্ডেল[20]
জাতীয় অর্থনীতিবিদসকলে প্রয়োগ কৰিছে। পিছে মোৰ বোধেৰে ই হৈছে অতিশয় অদৃষ্টবাদী
ব্যাখ্যা। প্রকৃততে কোনো সমূহীয়া পুখুৰী নায়েই! নিম্ন জৈৱিক গঠনৰ পুঁজিয়ে উচ্চ জৈৱিক গঠনৰ পুঁজিৰ সমান উদ্বৃত্ত লাভ নকৰে (গাইপতি প্রতিজন শ্রমিক
অনুসাৰে)। অর্থাৎ কেৱল দ্বিতীয়টো ব্যাখ্যাহে সন্তোষজনক বুলি কব পাৰি। পিছে মৌলবাদীসকলে তৃতীয় ব্যাখ্যাটোহে পছন্দ কৰে (আৰু লগতে কিছুদূৰৈলৈ প্রথমটো)। সমাজবাদৰ অধীনত যিহেতু সকলো পুঁজিপতি তথা
উদ্বৃত্তৰ পুনঃবিতৰণ নাশ কৰি পেলোৱা হব, সেয়েহে ইয়াৰ অধীনত (মূল্যৰ পৰা দামলৈ) ৰূপান্তৰণো সংঘটিত নহব। অর্থাৎ
পুণৰ আমি শ্রম-মূল্যলৈ (বা তাৰ কোনো অৱতাৰী/
surrogate ৰূপলৈ) ঘূৰি আহিলো! মূল্যৰ ভিত্তিত হোৱা হিচাপ নিকাচৰ ঠাইত আমি পুণৰ শ্রম সময়ৰ ভিত্তিত হোৱা হিচাপ-নিকাচলৈ ঘূৰি আহিলো। অর্থাৎ টকাৰ বিপৰীতে কামৰ
ঘণ্টাৰ ৰূপত হোৱা হিচাপ নিকাচলৈ আমি ঘূৰি আহিলো।
শ্রম-সময়ৰ ভিত্তিত সামগ্রীৰ উৎপাদন-খৰছৰ(cost) হিচাপ-নিকাচ কৰিলে ই
কেনেধৰণৰ ফলাফল সৃষ্টি কৰে? ১৯২০ চনত ষ্ট্রুমিলিনে ঠিক এইটো প্রশ্নৰে সমুখীন হৈছিল
- “কেৱল শ্রম সময়হে হ্রাস কৰাৰ প্রয়োজন
আছে, কিয়নো শ্রম-সময়ৰ যোগানহে সীমিত। অন্যান্য সা-সামগ্রী আৰু শক্তি প্রচুৰ
পৰিমাণে পোৱা যায়”। য়ুৰোভস্কিয়ে[21]
আঙুলিয়াই দিছে - এই কথাষাৰ মুঠেও সত্য নহয়। অন্যান্য সা-সামগ্রীৰ উপলভ্যতাও সীমাহীন
নহয়। উদাহৰণ হিচাপে, চহৰৰ মাজভাগৰ প্রাইম ৰিয়েল ইষ্টেটৰ উপলভ্যতা সদায়েই সীমিত হব। ঠিক তেনেদৰেই, তেলৰ কুঁৱা থকা মাটিৰ উপলভ্যতাও সীমিত।
নভঝিলভেও সৌ তাহানিতে মন্তব্য কৰি গৈছে - পৰিপক্ক কমিউনিজমৰ অধীনতো শেহতীয়া
প্রযুক্তিৰ মেচিনৰ উপলভ্যতা সীমিত হব। অৱশ্যে আপুনি যদি এইবুলি ধৰি লয় যে কমিউনিজমৰ অধীনত প্রযুক্তিগত বিকাশেই স্থবিৰ
হৈ পৰিব, তেনেহলে বেলেগ কথা[22]। সীমিতভাবে উপলভ্য আন এক বস্তু হৈছে স্বয়ং সময়! ধৰক কোনো এটা কাম কৰিবৰ বাবে চাৰি বছৰৰ সলনি ছয় বছৰ লাগিল। এনেস্থলত এই
অতিৰিক্ত সময়খিনিক খৰছ (cost) বুলি ধৰা হব নে নহয়? (ষ্ট্রুমিলিনে এইখিনিতে এটা চমৎকাৰ উত্তৰ দিছে - বর্ধিত
উৎপাদনশীলতাৰ লগে লগে শ্রম মূল্যও কমিবলৈ ধৰে, সেয়েহে কাইলৈৰ সলনি আজিয়েই উৎপাদন
কৰিলে তুলনামূলকভাবে অধিক মূল্য সৃষ্টি
হব বুলি কব পাৰি। তেওঁৰ এই উত্তৰটো এতিয়াও সন্তোষজনক
নহয়, কিন্তু নিশ্চিতভাবে বেছ চমৎকাৰ!)। কোনো এক প্রজেক্ট ৰূপায়ণ কৰিবলৈ বিভিন্ন বিকল্প পথ
সন্ধান কৰাৰ সময়ত মাটিৰ ভাড়া অথবা পুঁজি-গহনতাৰ (capital-intensity) হিচাপ কৰা হব নে নহব? নে মাটিৰ মূল্যায়ন শূন্য বুলিয়েই ধৰিব লাগিব- যিহেতু
তাৰ কোনো মূল্য নাই বুলি কোৱা হৈছে? পুঁজি-গহন প্রজেক্টবিলাকৰ
মূল্যায়ন কি কমকৈ কৰিব লাগিব, অন্ততঃ সিবিলাক পুঁজিপতিৰ নিয়ন্ত্রণত থকা সময়ৰ
তুলনাত? এয়া যুক্তিসংগত তথা কর্মকুশল বুলি কব পৰা যায়নে? য়ুৰোভস্কিয়ে ঠিকেই কৈছে যে
পুঁজিবাদৰ অধীনত ভাড়া (ৰেণ্ট) আৰু সুদৰ জৰিয়তে শ্রেণীভিত্তিক আয় আহৰণ কৰা হয়
বুলিয়েই সমাজবাদৰ অধীনত ভাড়া আৰু সুদৰ হিচাপ নকৰাটো কিমানদূৰৈলৈ যুক্তিসংগত হব[23]?
এইখিনিতে উল্লেখ কৰা প্রয়োজন যে মার্ক্সৰ মতে শ্রম সময়ৰ জৰিয়তে উৎপাদন খৰছৰ
হিচাপ কৰা কাৰবাৰটো এক অস্থায়ী কাৰবাৰহে হব। কমিউনিজমৰ উচ্চ পর্যায় লাভ কৰাৰ পাছত
প্রাচুর্যতাৰ নদী ববলৈ ধৰিব। এনে এখন সমাজত শ্রম হ্রাস কৰিবলৈ চেষ্টা কৰাৰো প্রয়োজনীয়তা নাথাকিব কিয়নো সকলো কামেই আনন্দদায়ক
কামলৈ পৰিণত হব।
কমিউনিজমৰ অধীনত মানুহে স্বয়ং নিজৰ সার্বজনীন উৎপাদিকা শক্তিৰ আত্ম-প্রয়োগ
কৰিব। প্রকৃতিক মানুহে বুজিব আৰু প্রকৃতিৰ ওপৰত প্রভুত্ব স্থাপন কৰিব। সমগ্র
সমাজখনেই এই কামফেৰা কৰিব আৰু ইয়াৰ জৰিয়তেই সামাজিক ব্যক্তিৰো বিকাশ ঘটিব, সামাজিক
ব্যক্তিত্ব বিকশিত হব। প্রত্যক্ষ ৰূপত শ্রম এতিয়া সম্পদৰ উৎস বুলি কব পৰা নাযাব।
এতিয়া শ্রম-সময় কামৰ মাপক হৈ নাথাকিব, এই সমস্ত স্থিতিয়েই লুপ্ত হব। ঠিক তেনেদৰেই
বিনিয়োগ মূল্য এতিয়া উপযোগী মূল্যৰ মাপক হৈ নাথাকিব[24]।
টার্টাৰিনে লিখিছে যে এনে এখন উচ্চ বিকশিত সমাজত - যত স্বয়ং কামৰেই মৰিষণ
ঘটিব, তেনে সমাজক কমিউনিজমতকৈয়ো উচ্চতৰ কিবা সমাজ বুলিহে কোৱাটো উচিত হব। সি যি কি নহওঁক, এনে সম্পূর্ণ য়ুটোপিয়ান
কল্পনাৰ বিষয়ে আৰু অধিক আলোচনা কৰাৰ মন মোৰ নাই।
আমাৰ আলোচনাখিনিৰ সাৰাংশ হৈছে এনেকুৱা- সমাজবাদৰ অধীনত উৎপাদন খৰছৰ হিচাপ কেনেকৈ
কৰা হব, সেই বিষয়ে মার্ক্সে বিশেষ কোনো প্রাসংগিক কথা কৈ যোৱা নাই (কমিউনিজমৰ অধীনততো তেওঁ উৎপাদন খৰছৰ দিশটো
গুৰুত্বহীন হৈ পৰিব বুলিয়েই মন্তব্য কৰিছে)।
যিসকল মার্ক্সবাদীয়ে তেওঁৰ মূল্য তত্ত্বটোক বস্তুৰ “মূল্যায়ন” কৰিবলৈ ব্যৱহাৰ কৰিছে, অর্থাৎ শ্রম-খৰছৰ আধাৰত বস্তুৰ মূল্যায়ন কৰিবলৈ ব্যৱহাৰ কৰিছে, তেখেতসকলৰ সমস্ত প্রচেষ্টা সম্পর্কে এইবুলি কব
পৰা যায় যে সম্পদৰ কার্যকুশল বন্টণৰ ক্ষেত্রত এই মডেলটো দেখদেখকৈ বিফল। এই মডেলটোৱে (শ্রমৰ ব্যতিক্রমটোৰ বাহিৰে) উৎপাদনৰ বিভিন্ন সমলবিলাকৰ
সীমিত উপলভ্যতাৰ দিশটোক (অর্থাৎ অভাৱৰ দিশটোক) আওকান কৰে। লগতে ই উপযোগী মূল্যকো আওকান কৰে। ছোভিয়েট ইউনিয়নত এই মডেলটো প্রয়োগ কৰাৰ পাছত দেখা গল যে উৎপাদন-খৰছৰ
ভিত্তিত সামগ্রীৰ দাম নির্ধাৰণ কৰাৰ কাৰবাৰটো দেখদেখকৈ আসোঁৱহযুক্ত। অথচ মতাদর্শৰ দোহাই দি কোৱা হল যে যে এয়াই কৰা উচিত। আচলতে ইয়াতকৈ কোনো শ্রেষ্ঠ উপায়
বিকশিত কৰিবলৈ মার্ক্সবাদী তত্ত্বয়ো পথ-নির্দেশনা দিব নোৱাৰে।
সঁচা কথা কবলৈ গলে - বিকল্প সন্ধান
কৰাৰ ক্ষেত্রত স্বয়ং মার্ক্সবাদী তত্ত্বয়েই হেঙাৰ সৃষ্টি কৰে। এইখিনিতে লক্ষ্যণীয় যে সুযোগ ব্যয়ৰ ধাৰণাটো ছোভিয়েট ইউনিয়নৰ
ক্ষেত্রত প্রয়োগ কৰিবলৈ নভঝিলভে বেছ সংগ্রাম
কৰিব লগা হৈছিল। তেওঁ সুযোগ ব্যয়ক এটা নতুন নাম দিছিল “ফিডবেক কষ্ট” (feedback cost)। এনে অসুবিধাৰ অন্যতম কাৰণ আছিল এই যে মার্ক্সে তেওঁৰ মূল্য তত্ত্বত কতো সুযোগ
ব্যয়ৰ ধাৰণাটো স্বীকাৰ কৰি যোৱা নাই (যদিওবা এই কথা দিনৰ পোহৰৰ দৰেই স্পষ্ট যে সম্পদ প্রয়োগৰ বিভিন্ন বিকল্পৰ
মাজত চয়ন কৰাৰ প্রক্রিয়াটোৱে সম্পদ বন্টন সম্পর্কীয় সিদ্ধান্তবোৰ প্রভাৱিত কৰে)।
নিশ্চয়কৈ শ্রম সময়ক ঘণ্টাৰ ৰূপত হিচাপ
কৰিব পাৰি; পিছে (সমাজখনত টকাৰ অস্তিত্ব নাথাকিলে) অন্যান্য উৎপাদন সমলবোৰক
কেনেকৈ শ্রম-সময়ৰ ৰূপত হিচাপ কৰা যাব,
সেইটো মুঠেও স্পষ্ট নহয়। তদুপৰি বিভিন্ন শত-সহস্র উৎপাদৰ ভিতৰত গাইপতি প্রতিটো
উৎপাদ নির্মাণৰ বাবে কিমানখিনি শ্রমসময় খৰছ হৈছে - সেইটো নির্ধাৰণ কৰাৰ পদ্ধতিও
স্পষ্ট নহয়। এই প্রসংগতে চার্লছ
বেটেলহাইমৰ এষাৰ কথা উল্লেখ কৰিব পাৰি। তেওঁ লিখিছে যে -
প্রায়েই দেখা যায় যে একোটাহঁত উৎপাদ কেৱল সেই বিশেষ উদ্যোগটোৰ শ্রমিকৰ দ্বাৰা
সৃষ্ট বুলি কোৱাৰ বিপৰীতে সমগ্র সমাজখনৰ দ্বাৰা
সৃষ্ট বুলি কোৱাটোহে অধিক সমীচিন হব। সেই বিশেষ
উদ্যোগটোৰ শ্রমিকসকলে কার্য সম্পাদন কৰাৰ পূর্বচর্ত হৈছে যে কামৰ বাবে প্রয়োজনীয়
বিভিন্ন উপাদান, সঁজুলি, মেচিন আদি অন্যান্য উদ্যোগৰ শ্রমিকসকলে নির্মাণ কৰি দিব
লাগিব...কাজেই উদ্যোগবিলাকৰ মাজত বিভিন্ন জটিল সম্বন্ধ স্থাপিত হয়...একেসময়তে
বিভিন্ন ধৰণৰ আন্তঃসম্পর্কযুক্ত উৎপাদ বিভিন্ন আন্তঃসম্পর্কযুক্ত উদ্যোগৰ
শ্রমিকসকলে নির্মাণ কৰে আৰু কাজেই একোটাহঁত বিশেষ উৎপাদৰ নির্মাণৰ বাবে একোটাহঁত
বিশেষ শ্রমিক সমষ্টিৰ অৰিহনা কিমান, সেয়া সঠিককৈ নির্ধাৰণ কৰাটো অসম্ভৱ হৈ পৰে[25]।
পাঠকে মন কৰক যে এই শেহৰ পইণ্টটো কেৱল এটা টেকনিকেল বিষয় নহয়। ইয়াৰ লগতে আন এটা মৌলিক প্রশ্ন জড়িত হৈ আছে। এই
প্রশ্নটো হৈছে - উৎপাদন খৰছ আৰু উৎপাদনৰ ফলাফল - এই দুয়োকে তুলনা কৰাৰ উপায়
কি? কি পদ্ধতিৰে এই কামফেৰা কৰা হব? ধৰক
কোনোবাই সঠিককৈ নির্ধাৰণ কৰি দর্শালে যে এখন ট্রেক্টৰ নির্মাণৰ বাবে ৪৪ ঘণ্টা তথা
এটা ৰেডিঅ নির্মাণৰ বাবে ১২ ঘণ্টা শ্রম সময়ৰ প্রয়োজন হয়। উদাহৰণটো সহজ কৰিবৰ বাবে
আমি ধৰি লৈছোঁ যে এই দুয়োধৰণৰে শ্রমৰ চৰিত্র হৈছে সাধাৰণ পর্যায়ৰ, অর্থাৎ ইয়াত
কোনো জটিল, টেকনিকেল শ্রমৰ প্রয়োজন হোৱা নাই। পিছে এতিয়া কথা হৈছে যে এই ৪৪ ঘণ্টা তথা ১২ ঘণ্টা - এই দুয়োটা সংখ্যাই
আমাক শ্রম প্রচেষ্টাৰ শেষ ফলাফল - অর্থাৎ দুটা বিশিষ্ট উপযোগী মূল্যৰ বিষয়ে কোনো
সম্ভেদ নিদিয়ে। বজাৰ অর্থনীতি একোখনত কথাটো কিছু সুকীয়া হয়। উপভোক্তাই বস্তুটোৰ
উৎপাদন খৰছৰ বাবদ তথা তাৰ লগতে কিছু মুনাফা যোগ কৰি যেতিয়া বস্তুটো ক্রয় কৰে, তাক
বস্তুটোৰ “সামাজিক স্বীকৃতি প্রদান(social recognition/ valuation)" বুলি কব পাৰি। এনে সামাজিক স্বীকৃতি প্রদানে বস্তুটোৰ উৎপাদন কার্য ভৱিষ্যতেও আগবঢ়াই লৈ যাবলৈ প্রেৰণা প্রদান কৰে। অৱশ্যেই বাস্তৱক্ষেত্রত কথাবোৰ ইয়াতকৈ কিছু জটিল হয়। উদাহৰণস্বৰূপে, মুদ্রাস্ফীতি,
অনিশ্চয়তা, অস্থিৰতা আদি কাৰকে উৎপাদন সম্পর্কীয় সিদ্ধান্তবোৰ প্রভাৱিত কৰে।
কিন্তু ইয়াৰ বিপৰীতে সমাজবাদৰ
অধীনত কি দেখা পোৱা যায়? সমাজবাদী প্লেনাৰসকলে কেনেকৈ
উৎপাদন কার্য সমাধা কৰে? কেনেকৈ উৎপাদন সম্পর্কীয় সিদ্ধান্তবোৰ লোৱা হয়? বহুতো ছোভিয়েট অর্থনীতিবিদে যুক্তি প্রদর্শন কৰি
আহিছে যে দামৰ হিচাপ-নিকাচ তথা বিনিয়োগৰ লাভ-লোকচানৰ হিচাপৰ যোগেদি উৎপাদন সম্পর্কীয় সিদ্ধান্তবোৰ
লোৱা উচিত। পিছে সমস্য হৈছে
যে ছোভিয়েট ইউনিয়নত যিধৰণৰ দাম (প্রাইচ) দেখা পোৱা যায়, সিবিলাকে আচলতে কোনো অভাৱ, চাহিদা অথবা সুযোগ ব্যয় প্রতিফলিত নকৰে। বেটেলহাইম মহাশয়েতো এনে কোনো হিচাপ-নিকাচ কৰিবলৈকে
বাৰণ কৰিছে- “এইজাতীয় হিচাপ-নিকাচে সমাজবাদী উৎপাদনৰ প্রয়োজনবিলাক প্রতিফলিত নকৰে। খুউব বেছি সিবিলাকে আমাক এই কথাৰ সম্ভেদ দিব পাৰে যে
বিভিন্ন উৎপাদনী মিশ্রণৰ (productive combinations) যোগেদি (দামৰ যিকোনো নির্দিষ্ট গাঁথনিৰ অধীনত) কেনেকৈ শ্রমিক শ্রেণীৰ পৰা
উদ্বৃত্ত মূল্য অধিকতকৈ অধিক আহৰণ কৰিব পৰা যায়”[26]।
বেটেলহাইমৰ যুক্তিখিনি অদ্ভুত। তেওঁ এনেকৈ কৈছে যেন অধিকতকৈ অধিক উদ্বৃত্ত
সৃষ্টি কৰিবলৈ চেষ্টা কৰাটো এটা বেয়া কথা! আচলতে যিকোনো সমাজতেই উৎপাদন-খৰছ আৰু ফলাফল - এই দুয়োৰে
দূৰত্ব বৃদ্ধি কৰিবলৈ চেষ্টা কৰাটো এটা বাঞ্জনীয় কথা বুলিহে ধৰা উচিত (অর্থাৎ কম
খৰচতে অধিক ফলাফল লাভ কৰিবলৈ চেষ্টা কৰা উচিত)। এয়াইতো উদ্বৃত্তৰ ধাৰণাটোৰ মূলমর্ম। কোনে এই উদ্বৃত্ত লাভ কৰিব, কেনেদৰে তাক বিতৰণ কৰা হব, সেয়া এক সুকীয়া বিষয়। কিন্তু অর্থনীতিখনৰ
কর্মকুশলতা বৃদ্ধি কৰাটো যিকোনো সমাজৰে উদ্দেশ্য হোৱা উচিত! এই বিষয়ক সন্দেহৰ কোনো থলেই নাই। এই কথা নিশ্চয়কৈ
সত্য যে যিকোনো ধৰণৰ দাম-ব্যৱস্থা, টকা আধাৰিত যিকোনো ধৰণৰ মূল্যায়ন ব্যৱস্থাৰ কিছু সীমাৱদ্ধতা থাকিবই; বিভিন্ন দিশ এই ব্যৱস্থাই সঠিককৈ প্রতিফলিত কৰিবলৈ বিফল হব (যেনে চিমেণ্ট কাৰখানাটোৱে সৃষ্টি কৰা পৰিবেশ প্রদূষণ, দুর্বিষহ কর্ম পৰিস্থিতি,
কুৎসিত বিল্ডিং ইত্যাদি)। এনে বিভিন্ন দিশ নিশ্চয়কৈ আমি হিচাপত লবলৈ চেষ্টা কৰা
উচিত। এইটো কথাও সত্য যে বিভিন্ন ৰাজহুৱা সা-সুবিধা - যেনে বৃদ্ধ লোকৰ পেঞ্চন, ৰাজহুৱা পার্ক - আদিৰ নির্মাণ তথা মেৰামতিৰ ক্ষেত্রত মুনাফা জাতীয়
হিচাপ-নিকাচ কৰা উচিত নহয়। আমি নিশ্চয়কৈ “সামাজিকভাৱে উপকাৰী প্রভাৱসমূহ” বৃদ্ধি কৰিবলৈ চেষ্টা কৰা উচিত। পিছে এই কামফেৰা কেনেকৈ কৰা যায়? তাৰ
মাপকেই বা কি হব? পশ্চিমীয়া অর্থশাস্ত্রতো এইজাতীয় কেতবোৰ কার্যকৰীভাৱে অর্থহীন ধাৰণা প্রয়োগ কৰা দেখা যায়, যেনে - ছছিয়েল ৱেলফেয়াৰ ফাংচন। এইটো বস্তু ৰুছোৱে কৈ যোৱা “জেনেৰেল ৱিল”ৰ দৰেই। হেৰল্ড লাস্কিয়ে ধেমেলীয়া
সুৰেৰে কৈছিল - “কাইলৈ যদি জেনেৰেল ৱিল চাহাব আপোনাৰ কাষেৰেই খোজকাঢ়ি পাৰ হৈ যায়, তেতিয়াও আপুনি জানো তেওঁক চিনি
পাবলৈ সক্ষম হব?”
ঠিক কি মাপকৰ ভিত্তিত, কিহৰ ইউনিটৰ ভিত্তিত সমাজবাদী প্লেনাৰসকলে “সামাজিকভাৱে উপযোগী প্রভাৱসমূহ” বা উপযোগী মূল্যসমূহ হিচাপ কৰিব? এইক্ষেত্রত টকাই একমাত্র উপায় নহয়নে?
টকাৰ অবিহনে আপুনি জোতা, জাহাজ, বন্ধা-কবি, কলম আদি হেজাৰ-বিজাৰ উপযোগী মূল্যক
কেনেকৈ তুলনা কৰিব? আৰু কোনে এই তুলনা কৰাৰ কামটো কৰিব? আৰু ধৰক কোনোবাই এই কামটো
কৰিলেই যেনিবা, তাৰ পাছত ইয়াৰ আধাৰত লোৱা সিদ্ধান্তসমূহ কেনেকৈ ৰূপায়ণ কৰিব? আৰু কোনোবা নাগৰিক যদি ইয়াৰ ফলাফলসমূহ
দেখি সন্তুষ্ট নহয়, তেনেহলে তেওঁ তাৰ সমালোচনা কেনেকৈ কৰিব? কি মানদণ্ডৰ আধাৰত
সমালোচনা কৰিব? যদি “মূল্য নিয়ম” সমাজবাদৰ অধীনত লুপ্ত হৈ পৰিব বুলি ধৰা হয়,
তেনেহলেতো এনে সমস্ত কার্যভাৰৰ কোনো তত্ত্বগত অথবা পৰিসংখ্যাগত আধাৰেই নাথাকিব।
আনকি বার্টিল অলমানেও হয়তো পৰিহাসটো কিছুপৰিমাণে ধৰিব পাৰিছে -“যদিও মার্ক্সে
স্বীকাৰ কৰিছে যে চাহিদা হৈছে স্থিতিস্থাপক(elastic), তথাপিও কিন্তু তেওঁ মানি লৈছে যে সমাজবাদী প্লেনাৰসকলে কি বস্তু কিমান পৰিমাণে উৎপাদন কৰা হব -
তাৰ সঠিক অনুপাত নির্ধাৰণ কৰিবলৈ সক্ষম হব। অৱশ্যে প্লেনিঙৰ কার্যপদ্ধতি কেনেধৰণৰ হব, সেই সম্পর্কে তেওঁ
আলোচনা কৰা নাই[27]”।
সমাজবাদৰ কোনো বিতং সাংগঠনিক ব্লুপ্রিণ্ট ডাঙি ধৰিবই লাগিব বুলি আমি দাবী কৰা
নাই। কিন্তু তথাপিও কোটি কোটি মানুহে কি কি আৰু কিমান পৰিমাণে বস্তু-সামগ্রী
নির্মাণ কৰিব - সেয়া নির্ধাৰণ কৰাৰ কার্যপদ্ধতি সম্পর্কে সমাজবাদীসকলে কিছু সঙ্কেত
প্রদান কৰাটো নিশ্চয়কৈ জৰুৰী।
বেটেলহাইমে বহুদূৰৈলৈ এই সমস্যাবোৰ বুজিব পাৰিছে। কিন্তু সমাধান হিচাপে তেওঁ
আগবঢ়াইছে মাথো কেতবোৰ শ্লোগান। এফালে তেওঁ মার্ক্সবাদী অর্থনীতিবিদসকলে উপযোগী
মূল্যক অৱহেলা কৰাৰ কথাটো মানি লৈছে। কিন্তু
আনফালে আকৌ তেওঁ মাথো কেতবোৰ অর্থহীন শ্লোগান আগবঢ়াইছে - যেনে “প্লেনিঙৰ বিকাশ আৰু
ৰূপায়ণৰ সময়ত জনগণৰ সক্রিয় অংশগ্রহণ সুনিশ্চিত কৰাটো অতিশয় জৰুৰী”, যাতে “প্লেনিঙে
জনগণৰ আশা আৰু আকাংক্ষ্যাবোৰ পুঞ্জীভূত ৰূপত প্রতিফলিত কৰিব পাৰে”; “প্লেনিং গঠন
কৰা উচিত বাস্তৱিক আর্থিক হিচাপ-নিকাচৰ জৰিয়তে, সামাজিকভাৱে প্রয়োজনীয় শ্রমৰ হিচাপ-নিকাচৰ জৰিয়তে”; বিকশিত সমাজবাদৰ মৌলিক নিয়ম হৈছে “অর্থনীতিৰ
সামাজিক দিকনির্দেশৰ নিয়ম, য’ত চিধাচিধি আর্থিক আৰু সামাজিক হিচাপ-নিকাচৰ জৰিয়তে
অর্থনীতিখন পৰিচালনা কৰা হব, য’ত মূল্য নিয়মৰ পৰোক্ষ পদ্ধতিটোৰ সহায় লোৱা নহব”; ই সুনিশ্চিত কৰিব যে “প্রত্যক্ষ উৎপাদকসকলৰ কর্মৰ
ফিল্ডখন প্রসাৰিত হব আৰু তেওঁলোকে উৎপাদন তথা পুণঃউৎপাদনৰ পৰিস্থিতি নিয়ন্ত্রণ কৰিব পাৰিব”; স্বয়ং
সমাজখনে অর্থাৎ “প্রত্যক্ষ উৎপাদকসকলে নিজে সকলো নির্ধাৰণ কৰিব”[28]। পিছে এই সমস্ত কার্যভাৰ কেনেকৈ সমাধা কৰা হব??
ষাঠি বছৰৰ পূর্বেও ছোভিয়েট ৰাছিয়াৰ বহুতো অর্থনীতিবিদে এই সমস্যাবোৰ অনুধাৱন কৰিবলৈ সক্ষম হৈছিল কিন্তু তেওঁলোকে সিবিলাকৰ কোনো সমাধান
সূত্র উলিয়াব পৰা নাছিল। উদাহৰণ হিচাপে, অর্থনীতিবিদ ক্রেভে শ্রম-সময়ৰ হিচাপ
কৰিবলৈ এক বিশেষ ইউনিটৰ প্রস্তাৱ দিছিল। এই প্রস্তাৱ মতে, প্রতিটো ইউনিটক এক ঘণ্টাৰ অদক্ষ শ্রম বুলি ধৰা হব। অৱশ্যে তেওঁ লগতে অন্যান্য চর্তও বান্ধি দিছিল; যথা - এই এক
ঘণ্টাৰ শ্রমে উৎপাদন লক্ষ্য এশ শতাংশই পূর্ণ কৰিব লাগিব, প্রয়োগ হোৱা শ্রমখিনি “সামাজিকভাৱে প্রয়োজনীয় শ্রম” হব লাগিব আৰু এই শ্রমখিনি “অর্থবহভাৱে প্রয়োগ”(purposefully utilised) হব লাগিব। পিছে সমস্যা
হৈছে যে শ্রমখিনি “সামাজিকভাৱে প্রয়োজনীয়” হয় নে নহয়, অথবা শ্রমখিনি “অর্থবহভাৱে প্রয়োগ” কৰা হৈছে নে নাই, সেইটো কেনেকৈ হিচাপ কৰা যায়? য়ুৰোভস্কিয়ে এইখিনিতে মন্তব্য কৰিছে যে বজাৰ অর্থনীতিত এই
সমস্যাটোৰ এক চিধা সমাধান থাকে। বজাৰেই নির্ধাৰণ কৰি দিয়ে যে শ্রমখিনি সামাজিকভাৱে প্রয়োজনীয় হয় নে নহয়, অথবা শ্রমখিনি অর্থবহভাবে প্রয়োগ
কৰা হৈছে নে নাই[29]।
ষ্ট্রুমিলিনে ১৯২০ চনত আন এটা সমাধান আগবঢ়াইছিল। তেওঁ মূখ্যধাৰাৰ অর্থশাস্ত্রৰ
“হ্রাসমান প্রান্তীয় উপযোগিতা”ৰ (diminishing marginal utility) ধাৰণাটো প্রয়োগ কৰিবলৈ চেষ্টা কৰিছিল। তেওঁৰ মতে সমাজবাদৰ অধীনত উৎপাদন
যিমানেই বৃদ্ধি হব, সিমানেই উৎপাদিত সামগ্রীৰ প্রতিটো ইউনিটে পূৰণ কৰা সামাজিক
উপযোগিতাও হ্রাস হব (অর্থাৎ প্রান্তীয় সামাজিক উপযোগিতা হ্রাস হব)। ফলত এসময়ত এনে
এক সময় আহিব, যেতিয়া নির্দিষ্ট সামগ্রী একোটাৰ আৰু অধিক উৎপাদনৰ প্রয়োজন নাশ হব[30]
(সামগ্রীটোৰ প্রতিটো নতুন ইউনিটৰ উৎপাদনৰ বাবে যিমানখিনি শ্রম প্রচেষ্টা প্রয়োজনীয়
হব, তাৰ তুলনাত প্রতিটো নতুন ইউনিটে পূৰণ কৰা সামাজিক উপযোগিতাখিনি কম হৈ পৰিব)। জেভনেও ঠিক এইটো
কথাকে কৈছিল- “ঠিক তেতিয়ালৈকে শ্রম কার্য চলাই নিয়া হব, যেতিয়ালৈকে ই সৃষ্টি কৰা
উপযোগিতাখিনি উৎপাদনৰ বাবে প্রয়োজন হোৱা কষ্টখিনিৰ সমান হৈ থাকিব। এই দুয়োটা সমাধানৰ এটাকো
মার্ক্সীয় পৰম্পৰাৰ পৰা সৃষ্টি হোৱা সমাধান বুলি কব পৰা নাযায়, কিন্তু দুয়োটাই অন্ততঃ বাস্তৱিক কিছু সমস্যাৰ উত্তৰ উলিয়াবলৈ চেষ্টা কৰিছিল।
সঁচা কথা কবলৈ গলে আমি আজি পর্যন্ত ১৯২০ৰ এই আলোচনাখিনিতকৈ আগবাঢ়িব পৰা নাই।
এইটো কথা সত্য যে সকলো শ্রমকেই কষ্টকৰ শ্রম বুলি নিশ্চয়কৈ কব পৰা নাযায়। এনে
কিছুমান এনে শ্রম আছে যিবিলাকে মানুহক আনন্দ অনুভৱ প্রদান কৰে।
অর্থাৎ এনে শ্রমবিলাকক ষ্ট্রুমিলিনৰ সংজ্ঞাটোৰ পৰা বাহিৰত ৰাখিব লাগিব। কিন্তু সেইবুলি “হ্রাসমান প্রান্তীয়
উপযোগিতা”ৰ ধাৰণাটো অপ্রাসংগিক হৈ নপৰে। কিছুমান বস্তু নিশ্চয়কৈ অন্যান্য বস্তুতকৈ অধিক “মূল্যবান”(worthwhile) আৰু এই ঠিক কিমান তীব্রতাৰে
নির্দিষ্ট এক বস্তুৰ প্রয়োজন অনুভৱ কৰা হয়, সি নিশ্চয়কৈ বস্তুটোৰ মূল্যায়নত (valuation) প্রভাৱ পেলায়। পিছে এতিয়াও এটা গুৰুত্বপূর্ণ প্রশ্নৰ উত্তৰ প্রদান কৰা হোৱা নাই। প্রশ্নটো হৈছে - এই সমস্ত হিচাপ-নিকাচবোৰ কেনেকৈ কৰা
হব, কিহৰ ইউনিটত কৰা হব তথা কোনে কৰিব?
প্রথমেই প্রশ্নটোৰ সংস্থাগত দিশটোৰ বিষয়ে আলোচনা কৰা যাওঁক। উৎপাদনৰ বাবে
প্রয়োজনীয় বিভিন্ন ধৰণৰ সামগ্রী সংমিশ্রণৰ(product
mix) মাজত কোনটো বিকল্প চয়ন কৰা হব - এই বিষয়ক নানান সিদ্ধান্ত
সমাজখনে কেনেকৈ লব? ঠিক তেনেকৈয়ে, উদ্দেশ্য
আৰু উপায় সম্পর্কীয় সহস্র বিকল্পৰ মাজত
কোনবোৰ বিকল্প চয়ন কৰা হব - সেই বিষয়ক নানান সিদ্ধান্ত সমাজখনে কেনেকৈ লব? এই
প্রসংগত মার্ক্সবাদীসকলে প্রায়েই এক সর্বদিশ সামৰা কেন্দ্রীয় পৰিকল্পনা নির্মাণৰ
কথা কয়। যিহেতু সমাজবাদৰ অধীনত পণ্য উৎপাদন নাথাকিব, সেয়েহে ইয়াৰ অধীনত বিকেন্দ্রীকৃত
সিদ্ধান্ত গ্রহণ প্রক্রিয়া নির্মাণ কৰাও সম্ভৱ নহব। কাজেই কেন্দ্রীয় পৰিকল্পনাই এইক্ষেত্রত একমাত্র
বিকল্প হবলৈ বাধ্য। বজাৰৰ অবিহনে কেৱল কেন্দ্রীকৰণৰ জৰিয়তেই সমাজখনৰ প্রয়োজনবিলাক নির্ণয় কৰা হব। অর্থাৎ কেন্দ্রই
নির্ধাৰণ কৰিব যে সমাজখনৰ বিভিন্ন প্রয়োজনবিলাক কি কি? আধুনিক উদ্যোগবিলাকৰ
চৰিত্রই হৈছে যে সিবিলাকে বিভিন্ন অঞ্চলৰ মাজত নানান নেটৱর্ক গঠন কৰে - উৎপাদন, বিতৰণ, কেঁচা মালৰ যোগান, মেছিনৰ
যোগান আদি নানান বিষয় সম্পর্কীয় অনেক নেটৱর্ক আধুনিক উদ্যোগবিলাকে গঠন কৰে।
পিছে যিহেতু স্থানীয় কর্তৃপক্ষ বা পার্টিৰ স্থানীয় কমিটিবিলাকৰ ওচৰত স্থানীয় পর্যায়ৰ জ্ঞান তথা দায়িত্বহে থাকে,
এনেস্থলত সিবিলাকে আধুনিক উদ্যোগৰ উৎপাদন বা বিতৰণ বিষয়ক সিদ্ধান্তবোৰ লবলৈ অসমর্থ
হব। কেৱল কেন্দ্রইহে এইজাতীয় সিদ্ধান্তবোৰ
লব পাৰিব। কি উৎপাদন কৰা হব, কাৰ বাবে উৎপাদন কৰা হব, কাক চাপ্লাই কৰা হব, কেনেকৈ
কেঁচামাল আৰু মেচিন সংগ্রহ কৰা হব - এইজাতীয় নানান সিদ্ধান্ত কোনো স্থানীয় পর্যায়ৰ
উৎপাদন ইউনিট অথবা স্থানীয় কর্তৃপক্ষই লোৱাটো সম্ভৱপৰ নহব। কেৱল কেন্দ্রৰ প্লেনাৰসকলেহে এইজাতীয় সিদ্ধান্তবোৰ লব পাৰিব।
এই বিষয়ক নানান জটিলতাৰ বিষয়ে আমি পাছলৈ আলোচনা কৰিম। সদ্যহতে আমি এইটোৱেই কব বিচাৰিছোঁ যে “বিনিময়ৰ বাবে উৎপাদন”ৰ সলনি যদি “ব্যৱহাৰৰ বাবে উৎপাদন” কৰিবলৈ চেষ্টা কৰা হয়, তেনেস্থলত এক
প্রচণ্ড কেন্দ্রীকৰণৰ লজিক সৃষ্টি হোৱাটো অৱশ্যম্ভাৱী। আন কথাত কবলৈ গলে, বজাৰ যদি সম্পূর্ণভাৱে আঁতৰাই দিয়া হয়, তেনেস্থলত কেন্দ্রীকৃত সিদ্ধান্ত গ্রহণৰ
প্রক্রিয়াই হব একমাত্র বিকল্প। ইয়াৰ বাহিৰে আন কোনো বিকল্প নাই।
কেন্দ্রীকৰণৰ প্রতি ধাৱমান হোৱা এই তত্ত্বগত তথা প্রেকটিকেল লজিকৰ
বিষয়ে ইছাক ৰুবিনে এনেদৰে লিখিছে-
সমাজবাদী অর্থনীতিৰ অধীনত সমাজৰ সদস্যসকলৰ আন্তঃসম্বন্ধবিলাকক সচেতনভাৱে সংগঠিত কৰা হয়। উৎপাদনৰ বাবে প্রয়োজনীয় বিভিন্ন টেকনিকেল
দিশবিলাকৰ প্রতি মন কৰিয়েই বিভিন্ন ব্যক্তিৰ মাজত সমন্বয়ৰক্ষা(co-ordination) সম্পর্কীয়
সিদ্ধান্তবোৰ লোৱা হয়। বিশিষ্ট উৎপাদন সম্বন্ধৰ সূচক এই বিশেষ ব্যৱস্থাটোক এক “বন্ধ সামগ্রিকতা”(closed totality) বুলিও কব পৰা যায়, যাক
নিয়ন্ত্রণ কৰে ৰাইজৰ এক একক ইচ্ছাশক্তিয়ে। উৎপাদন ব্যৱস্থাৰ চিৰপৰিৱর্তনশীল দিশটোৰ প্রতি লক্ষ্য ৰাখি মাজে-সময়ে কেতবোৰ সাল-সলনি কৰাটোও নিশ্চয়কৈ
প্রয়োজনীয় হৈ পৰিব, পিছে এই পৰিৱর্তনবিলাক ব্যৱস্থাটোৰ অভ্যন্তৰতেই সংঘটিত হব।
তদুপৰি ব্যৱস্থাটোৰ দিক-নির্দেশকাৰী
সংস্থাসমূহেই এই পৰিৱর্তন বিষয়ক নির্দেশনাবোৰ প্রদান কৰিব। কিন্তু বিভিন্ন এন্টাৰপ্রাইজবিলাকক যদি
স্বায়ত্বতা অথবা স্বাধীনতা প্রদান কৰা যায়, তেনেক্ষেত্রত বিভিন্ন প্রডাক্টৰ
স্থানান্তৰণ কেৱল ক্রয়-বিক্রয়ৰ ৰূপতহে সম্ভৱপৰ হব[31]।
অর্থাৎ বিভিন্ন উৎপাদনী ইউনিটৰ স্বায়ত্ত্বতা স্থাপন কৰিবলৈ হলে প্রথমে পণ্য
উৎপাদন (বজাৰ ব্যৱস্থা) স্থাপন কৰিব লাগিব!
বেটেলহাইমেও সঠিককৈয়ে লিখিছে যে যেতিয়া উৎপাদন ইউনিটবিলাক ইটো-সিটোৰ পৰা
স্বায়ত্ত্ব হয়, তেতিয়াহে পণ্য উৎপাদন বা বিনিময়ৰ বাবে উৎপাদন সংঘটিত হয়। বিভিন্ন
উৎপাদন ইউনিটৰ স্বায়ত্ত্বতা বা স্বাধীনতা - এইটোৱেই হৈছে মূল প্রশ্ন তথা মালিকানাৰ প্রশ্নটো হৈছে গৌণ[32]। মার্ক্সেও লিখি গৈছে যে সমাজবাদৰ অধীনত সমাজখন এখন ঐক্যৱদ্ধ ৱর্কশ্বপৰ দৰে হৈ পৰিব।
আন কথাত কবলৈ গলে - প্রথমৰে পৰাই মার্ক্সীয় সমাজবাদৰ ধাৰণাটোত কেন্দ্রীকৰণ অভিমুখী প্রৱণতা ভালেখিনি আছিল। কিন্তু লগতে এইটোও সত্য যে সংযুক্ত
উৎপাদকসকলে কি উৎপাদন কৰিব, কেনেকৈ উৎপাদন কৰিব, এই বিষয়ক সিদ্ধান্তবোৰ কেনেকৈ লব,
কেনেকৈ খৰছ আৰু ফলাফলৰ হিচাপ কৰা হব...ইত্যাদি প্রশ্নবোৰৰ কোনো স্পষ্ট উত্তৰ
মার্ক্সে দি যোৱা নাই। অৱশ্যে লেনিনে এইক্ষেত্রত স্পষ্টকৈ লিখিছে - “সমগ্র সমাজখনেই এটা একক অফিচলৈ বা
এটা একক ফেক্টৰীলৈ পৰিণত হব” আৰু “সকলো নাগৰিকেই ৰাষ্ট্রজোৰা এই ফেক্টৰী
ছিণ্ডিকেটৰ কর্মচাৰীলৈ পৰিণত হব”[33]।
[1] Esprit, November 1977
[3] A fascinating description of the debate may be found in L.
Yurovsky, Denezhnaya politika sovetskoi vlasti (Moscow, 1928); see also
Baslé, op. cit. (n. 4), vol. 1.
[4]K. Marx, Capital, Vol. 1 (New York: International
Publishing Co., 1967), ch. 1.
[5] F. Engels, Anti-Dühring, emphasis mine.
[6] C. Bettelheim, Calcul économique et formes de propriété (Paris:
Centre d’Etudes de Planification Socialiste, 1970).
[7] Ekonomika i matematicheskiye metody, no. 6, 1974, and nos 1 and 2, 1975; and (Kronrod’s attack) Planovoye
khozyaistvo, no. 8, 1975.
[8] D.
Valovoi in Pravda, three relevant articles: 11, 12 and 13 November 1978
[9] N. Petrakov, Khozyaistvennaya reforma (Moscow,
1971), and other works.
[10]Baslé, op. cit. (n. 4), pp. 761–2.
[11] This is the position adopted by R. Rosdolsky, in his The
Making of Marx’s Capital (London: Pluto Press, 1977), and it seems correct.
[12] Baslé, op. cit. (n. 4), p. 763.
[13] ibid., p. 56.
[14] Lipietz, op. cit. (n. 15), pp. 276–7.
[15] Apart from Bettelheim’s works, there is also a valuable
doctoral dissertation by B. Chavance, ‘Les bases de 1’économie politique du
socialisme’, Paris-Nanterre University, 1979.
[16] K. Marx, Grundrisse (Harmondsworth: Penguin, 1973),
pp. 158–9.
[17] Chavance, op. cit. (n. 39), p. 279; his emphasis. Rubin’s
work will be quoted directly, see note 43 below.
[18] Lipietz, op. cit. (n. 15), pp. 326–7.
[19]I. Rubin, Ocherki po teoreii stoimosti Marksa (Moscow,
1923).
[20]E. Mandel, Marxist Economic Theory (London: Ink Links,
1968), pp. 159–60.
[21]Yurovsky, op. cit. (n. 27), p. 118.
[22] V. Novozhilov, in Primeneniye matematiki v
ekonomicheskikh isslevodvaniyakh, ed.V. S. Nemchinov (Moscow, 1959), p.
165. The book has appeared in English as The Use of Mathematics in Economics
(Edinburgh: Oliver & Boyd, 1964).
[23] Yurovsky, op. cit. (n. 27), p. 118.
[24] Quoted from Tartarin, op. cit. (n. 20), p. 24.
[25] Bettelheim, op. cit. (n. 30), p. 30.
[26] ibid., p. 25. See also my critique in Nove, op. cit. (n.
3).
[27] Ollman, op. cit. (n. 1), p. 18.
[28] Bettelheim, op. cit. (n. 30), p. 134.
[29] Yurovsky, op. cit. (n. 27), p. 105.
[30] ibid., p. 109.
[31] Rubin, op. cit. (n. 43), pp. 10–11.
[32]Bettelheim, op. cit. (n. 30), pp. 53, 70–1, passim.
[33]V. Lenin, State and Revolution (London: Lawrence &
Wishart, 1933).
No comments:
Post a Comment