মূলঃ The Economics of Feasible Socialism by Alec Nove
অনুবাদঃ ময়ূৰ চেতিয়া
প্রাচুর্যতা, অভাৱ আৰু নতুন মানুহ
মার্ক্সে বিশ্বাস কৰিছিল যে পুঁজিবাদে প্রচণ্ড প্রযুক্তিগত বিকাশৰ জৰিয়তে ইতিমধ্যেই উৎপাদনৰ সমস্যাটো সমাধা কৰি পেলাইছে, কিন্তু পুঁজিবাদী উৎপাদন সম্বন্ধবিলাকে সৃষ্টি কৰা হেঙাৰবিলাকৰ ফলত এই সমাধান বাস্তৱক্ষেত্রত কার্যকৰী হব পৰা নাই। বহুতো লিখনীত তেওঁ “উৎপাদনৰ সীমাহীন বিকাশ” তথা “সামাজিক শ্রমৰ চৰম বিকাশ”ৰ কথা লিখিছে যি “অহৰহ আপেক্ষিক অতি-উৎপাদন” সম্ভৱপৰ কৰি তুলিছে[1]। অৱশ্যে বর্ধিত উৎপাদনৰ লগতে মানুহৰ প্রয়োজনবিলাকো যে বৃদ্ধি হয়, সেই সম্পর্কে মার্ক্স সচেতন আছিল। ফৰাচী অর্থনীতিবিদ টার্টাৰিনে ঠিকেই লিখিছে যে মার্ক্সে মানৱ প্রয়োজনবিলাক অসীম বুলি মানি লোৱা নাছিল, সিবিলাকৰ সীমাসংখ্যা থাকে বুলি তেওঁ গণ্য কৰিছিল, কিন্তু একেসময়তে মানৱ প্রয়োজনবোৰ ক্রমান্বয়ে বৃদ্ধি হৈ গৈ থাকে বুলিও তেওঁ স্বীকাৰ কৰিছিল। মার্ক্সে কোনো স্থানু স্বর্ণযুগৰ সপোন দেখুওৱা নাছিল, তথা কমিউনিজমৰ অধীনতো বিনিয়োগ ফাণ্ডৰ প্রয়োজনীয়তা থাকিব বুলি তেওঁ স্বীকাৰ কৰিছিল। একেষাৰ কথাত কবলৈ গলে, মার্ক্সৰ মতে কমিউনিজমৰ অধীনত মানুহৰ ক্রমবর্ধমান প্রয়োজনবিলাক অহৰহভাবে পূর্ণ কৰি যোৱা হব[2]। অর্থাৎ প্রথম অৱস্থাত মানৱ প্রয়োজনবিলাকৰ বিপৰীতে সম্পদৰ কিছু আপেক্ষিক অভাৱ দেখা পোৱা যাব, কিন্তু সেই স্থিতি দীর্ঘ দিন ধৰি বর্তি নাথাকিব।
এইখিনিতে “প্রাচুর্যতা”(abundance) শব্দটোকো সংজ্ঞায়িত কৰি লোৱা হওঁক। প্রাচুর্যতা মানে মই এনে এক স্থিতিৰ কথা বুজাইছোঁ, য’ত শূণ্য দামতে
মানৱ প্রয়োজনবিলাক পূর্ণ কৰিব পৰা যাব
তথা কোনো ব্যক্তিৰে প্রয়োজন অপূর্ণ হৈ নাথাকিব। মার্ক্সৰ সমাজবাদ/সাম্যবাদ বিষয়ক
ভিজনৰ সৈতে এই প্রাচুর্যতাৰ ধাৰণাটোৰ এক প্রগাঢ় সম্পর্ক আছে। এই প্রাক-ধাৰণাটো মানি লোৱা-নোলোৱাৰ ফলাফল কি হব পাৰে, সেই সম্পর্কে কিছু আলোচনা কৰি লোৱা যাওঁক।
যদি এইবুলি ধৰি লোৱা হয় যে কমিউনিজমৰ অধীনত সকলো সামগ্রীৰে প্রাচুর্যতা দেখা পোৱা যাব, ইয়াৰ অর্থ হৈছে যে এনে স্থিতিত সম্পদ বিতৰণ
সম্পর্কীয় সংঘাতবোৰৰো মৰিষণ ঘটিব। যিহেতু সকলোৰে বাবে পর্যাপ্ত সামগ্রী ইতিমধ্যে
মজুত আছেই, সেয়েহে কোনো এবিধ সামগ্রী কি কামত ব্যৱহাৰ কৰা হব, বিভিন্ন বিকল্পৰ মাজত কোনটোক অগ্রাধিকাৰ দিয়া
হব, এই সম্পর্কীয় কোনো সিদ্ধান্ত লোৱাৰো প্রয়োজনীয়তা নাথাকিব। অর্থাৎ এনে সমাজত কোনো “সুযোগ ব্যয়” নাথাকিব। ই হব এক সোনালী যুগ, ইয়াৰ অধীনত এক প্রকাৰৰ
ৰাজ্য-নির্দেশিত স্থানু তথা সুস্থিৰ “ভাৰসাম্যতা” (equilibrium) দেখা পোৱা যাব। ইয়াৰ পাছত বিকাশৰ গতি হব ধীৰ, সৰল তথা যন্ত্রণাবিহীন।
ইয়াৰ অধীনত পৰিকল্পনাও সৰল ৰুটিনসদৃশ হৈ পৰিব। অর্থশাস্ত্রৰ
ভূমিকা প্রায় নাইকীয়া হৈ পৰিব। বিভিন্ন ব্যক্তি তথা গোষ্ঠীৰ মাজত প্রতিযোগিতা
আয়োজনৰ আধাৰেই নাইকীয়া হৈ যাব। চবেই নিজ প্রয়োজন তথা পছন্দ অনুসৰি যিকোনো সামগ্রী
লাভ কৰিব পাৰিব। এটা উদাহৰণ দিয়া যাওঁক- স্কটলেণ্ডৰ
বিভিন্ন নগৰৰ পানী যোগান ব্যৱস্থা।
স্কটলেণ্ডৰ চহৰবিলাকত যি পানী যোগান ধৰা হয়, তাৰ ব্যৱস্থাপনাত নিশ্চিতভাৱেই কিছুমান খৰছ কৰিব লগা হয়। পাইপ লগোৱা, পানী শুদ্ধিকৰণ, ৰিজার্ভাৰ নির্মাণ আদিৰ বাবে শ্রমিক নিয়োগ কৰিব লগা হয়,
মাজে সময়ে সমগ্র ব্যৱস্থাটো মেৰামতি কৰিব লগা হয় ইত্যাদি। পিছে এটা কথা মন কৰক- স্কটলেণ্ডৰ চহৰবিলাকত যোগান ধৰা এই পানীৰ
উপলভ্যতা হৈছে প্রচুৰ। অর্থাৎ কোনো ৰেছন ব্যৱস্থাৰ যোগেদি বা সামগ্রীবিধৰ দাম বৃদ্ধি কৰি এই পানীৰ যোগান আৰু বিতৰণ
নিয়ন্ত্রণ কৰিব লগা নহয়। ইয়াৰ বিপৰীতে,
যিকোনো কামৰ বাবে এই পানী সহজতে তথা প্রচুৰভাৱে লাভ কৰিব পাৰি।
কোনো বজাৰ ব্যৱস্থাৰ যোগেৰে এই পানীৰ যোগান ধৰা নহয়। কোনো মুনাফাৰ প্রতি
লক্ষ্য ৰাখিও এই পানীৰ যোগান ধৰা নহয়। অর্থাৎ পানী যোগানৰ এই ব্যৱস্থাটোৱে কোনো “মূল্য নিয়ম”(law of value) মানি নচলে। স্কটলেণ্ডৰ চহৰবিলাকত পানীৰ বাবে কোনো
প্রতিযোগিতা নাই। ঠিক তেনেদৰেই পানীৰ বাবে কোনো সংঘাতো সৃষ্টি নহয়। ইয়াৰ বিপৰীতে,
বিশ্বৰ আন কিছুমান অঞ্চল- যেনে আফ্রিকাৰ ছাহাৰা মৰুভূমিত কথাটো নিশ্চয় সুকীয়া হব। ছাহাৰাত পানীৰ বাবেও মানুহৰ মাজত দন্দ-খৰিয়াল দেখা পোৱা যায়, কিয়নো এই অঞ্চলত পর্যাপ্ত পৰিমানে পানী পোৱা নাযায়।
স্কটলেণ্ডৰ পানীৰ দৰেই অন্যান্য সা-সামগ্রীকো যদি সহজলভ্য তথা বিনামূলীয়া কৰি
পেলাব পৰা যায়, ই এক নতুন মানৱ মানসিকতাৰ জন্ম দিব পাৰিব - সামগ্রী আহৰণৰ আসক্তি(acquisitiveness) ক্রমান্বয়ে আঁতৰি যাব, সম্পত্তি
বিষয়ক বিভিন্ন কানুন তথা অপৰাধৰো অন্ত পৰিব। এই মানসিকতা পৰিৱর্তন এইকাৰণেই সম্ভৱপৰ হব, কিয়নো এই নতুন সমাজখনত সামগ্রী আহৰণৰ আসক্তিৰ কোনো অর্থ নাথাকিব। আন
কথাত কবলৈ গলে, মার্ক্সে এইবুলি ভবা নাছিল যে সমাজবাদৰ অধীনত সীমিত সম্পদৰ (যেনে
তেল, মাছ, লোহাৰ আঁকৰ বা আন বিভিন্ন সম্পদৰ) বিতৰণ সম্পর্কীয় কোনো সংঘাত নাথাকিব,
বৰং মার্ক্সে এইবুলিহে ভাবিছিল যে এই
সামগ্রীবিলাকৰ কোনো অভাৱ সমাজবাদৰ অধীনত নাথাকিব।
মোৰ যুক্তি হৈছে যে প্রাচুর্যতা সম্পর্কীয় মার্ক্সৰ এই প্রাক-ধাৰণাটো গ্রহণযোগ্য
নহয়। কিছু মার্ক্সবাদীয়েও এই কথাষাৰ মানি লৈছে। আইডান ফষ্টাৰ কার্টাৰে লিখিছে - “মার্ক্সবাদীসকলৰ বাবে প্রাচুর্যতা
বিষয়ক ধাৰণাটো এতিয়া অপ্রাসঙ্গিক হৈ পৰিছে। আচলতে ই সদায়েই এক অর্থহীন ধাৰণা
আছিল। আজি মার্ক্সবাদীসকলেও অভাৱৰ ধাৰণাটো মানি লবই লাগিব; তাক কোনো বুর্জোৱা অর্থশাস্ত্রৰ ধাৰণা বুলি এতিয়া আৰু উলাই কৰাটো সম্ভৱপৰ নহব”[3]।
লক্ষ্যণীয় যে ফষ্টাৰ-কার্টাৰৰ আগ্রহৰ বিষয় হৈছে বিকাশশীল দেশবিলাকৰ প্রগতি আৰু
কাজেই তেওঁ এই কথা ভালকৈয়ে জানে যে বিশ্বৰ প্রায় অর্ধেক সংখ্যক লোক আজিও খুব
দৰিদ্র। এনে সমস্ত দৰিদ্র জনগণক ইউৰোপৰ ৰাইজৰ জীৱন স্তৰলৈ উন্নত কৰিবলৈ হলে যিমানখিনি সম্পদৰ প্রয়োজন হব,
সিমানখিনি সম্পদ অনাগত দুটা প্রজন্মৰ জীৱনকালৰ ভিতৰতো সংগৃহীত হোৱাটো সম্ভৱপৰ নহ’ব। ব্রান্ট কমিছনৰ ৰিপর্টে আমাক শেহতীয়াকৈ মনত পেলাই দিছে যে “আজি যিটো গতিত
জংগল বিধ্বংসকৰণৰ প্রক্রিয়াটো আগবাঢ়িছে, সেই একেই গতিত চলি থাকিবলৈ হলে ২০০০ চন পর্যন্ত
বিশ্বত মজুত কাঠৰ পৰিমাণ প্রায় আধা হৈ পৰিব। বর্ধিত কার্বন ডাই অক্সাইডৰ
প্রদুষণৰ ফলত নানান কুপ্রভাৱ দেখা যাব”। অনাগত ২০ বছৰত বিশ্বত ২০০ কোটি অতিৰিক্ত মানুহক খাদ্যৰ যোগান ধৰিব লাগিব।
মন কৰিবলগীয়া যে ১৯০০ চনত সমগ্র বিশ্বৰে মুঠ জনসংখ্যা আছিল ২০০ কোটি! দুখীয়া
দেশবিলাকৰ তুলনাত ধনী দেশবোৰৰ একোজন ব্যক্তিয়ে প্রায় ১০০ গুণ অধিক শক্তি খৰছ/উপভোগ
কৰে। এনে আৰু অনেক উদাহৰণ দিব পৰা যায়। আমি
সকলোৱেই মানি লোৱা উচিত যে এই প্রশ্নটোক সামগ্রিকভাৱে বিশ্বৰ স্তৰত বিবেচনা কৰিব লাগিব, অর্থাৎ মাত্র কেইখনমান
ধনী দেশৰ স্তৰতে প্রাচুর্যতাৰ প্রশ্নটো বিবেচনা কৰিলে নহব।
“অভাৱ”ৰ ধাৰণাটোৰ বিষয়ে আৰু কিছু কথা
আলোচনা কৰি লোৱা যাওঁক। অভাৱ দুই ধৰণৰ হব পাৰে- আপেক্ষিক আৰু চৰম। চৰম অভাৱৰ অর্থ হৈছে এনে স্থিতি যেতিয়া দাম বৃদ্ধি হলেও যোগান
পর্যাপ্ত পৰিমাণে বৃদ্ধি কৰিব নোৱাৰা অৱস্থা সৃষ্টি হয়। উদাহৰণঃ চহৰৰ মাটি, উত্তৰ সাগৰৰ মাছ, মাটিৰ তলৰ তেল
ইত্যাদি।
কিছুসংখ্যক লোকে, বিশেষকৈ পৰিৱেশ সম্পর্কে সচেতন লোকসকলে প্রায়েই এই চৰম অভাৱৰ দিশটোৰ কথা উল্লেখ কৰে। তেওঁলোকে আমাক সতর্কবাণী শুনায় যে বহুতো প্রাকৃতিক সম্পদ হৈছে অনা-নবীকৰণীয়(non-replenishable), অর্থাৎ সিবিলাকৰ সম্ভাৰ হৈছে সীমিত আৰু সিবিলাকক দুনাই
সৃষ্টি কৰিব নোৱাৰি। এই দিশটোৰ প্রতি লক্ষ্য কৰি অন্ততঃ এজন মার্ক্সবাদীয়ে- ৱলফগেং হাৰিখে - এই সিদ্ধান্তলৈ আহিছে যে অনাগত সময়ছোৱাত এক কর্তৃত্ববাদী ৰাজ্যৰ দ্বাৰা এনে “অভাৱৰ ৰেছন”(rationing of scarcity) কৰিব লাগিব, অর্থাৎ
জনগণৰ মাজত এই অভাৱ সমানুপাতিকভাৱে বিতৰণ কৰিব লাগিব। এই বিন্দুটোৰ বিষয়ে মই পাছলৈ আলোচনা
কৰিম। সদ্যহতে মোৰ যুক্তিটোৰ সমর্থনৰ বাবে এনে “চৰম অভাৱ”ৰ ধাৰণাটো প্রয়োগ কৰাৰ প্রয়োজনীয়তা
নাই।
মই এইবুলি কব বিচৰা নাই যে কোনোপধ্যেই সীমিত সামগ্রীবিলাকৰ যোগান বৃদ্ধি কৰিব
নোৱাৰি। তেলৰ উদাহৰণটোকেই লোৱা যাওঁক। তৈল খাদ একোটাই নির্দিষ্ট গভীৰতা লাভ কৰাৰ পাছত তাৰ পৰা তেল নিষ্কাশন কৰাটো অতিশয় খৰছী হৈ পৰে। কাজেই ইয়াৰ পাছত নতুন তৈল খাদৰ সন্ধান কৰিব লগা হয়। অর্থাৎ অতিৰিক্ত প্রচেষ্টাৰ দ্বাৰা সামগ্রীৰ
যোগান বৃদ্ধি কৰিব পাৰি কিন্তু এই প্রক্রিয়াটোত অতিৰিক্ত খৰছো বহন কৰিব লগা হয়। এই
অতিৰিক্ত খৰছখিনি অন্যথাই আন কোনো বৈকল্পিক কামত ব্যৱহাৰ কৰিব পৰা গলহেঁতেন (অর্থাৎ ই অতিৰিক্ত “সুযোগ ব্যয়”
সৃষ্টি কৰিব)। অনাগত ৫০ বছৰৰ পাছৰ পৃথিৱীখনৰ যদি কল্পনা কৰা হয়, তেনে স্থিতিত অতি আশাবাদী মানুহেও হয়তো এইবুলি কবলৈ
সাহস নকৰিব যে সকলো মানুহৰে বাবে পর্যাপ্ত হোৱাকৈ সকলো সামগ্রী শূন্য দামতে প্রদান কৰাটো সম্ভৱপৰ হব।
এটা কথা ঠিক যে কোনো বিশেষ সামগ্রীৰ চাহিদা নির্দিষ্ট পর্যায়ৰ পাছত saturate হৈ পৰিব পাৰে। যেনে স্কটলেণ্ডৰ চহৰবিলাকত পানীৰ কোনো বিশেষ নতুন চাহিদা সৃষ্টি হব বুলি আশা
কৰা নাযায়। কিন্তু সকলো সামগ্রীয়েই স্কটলেণ্ডৰ পানীৰ দৰে হৈ পৰিব বুলি আশা কৰিব
পাৰিনে? সকলো সামগ্রী বিশ্বৰ সকলো মানুহে নিজ ইচ্ছা তথা পৰিমাণ অনুসৰি ৰাজহুৱা ভাণ্ডাৰৰ পৰা লাভ কৰিবলৈ সক্ষম হব বুলি আশা কৰিব পাৰিনে?
অর্থাৎ কোনো বৈকল্পিক ব্যৱহাৰৰ (“সুযোগ ব্যয়”ৰ) হিচাপ নকৰাকৈ উৎপাদন, নির্মাণ, বিতৰণ সম্পর্কীয়
সিদ্ধান্তবোৰ লোৱাটো সম্ভৱপৰ হবনে?
কেৱল যদি ভাৰত আৰু চীনৰ মুঠ জনসংখ্যাৰ
(প্রায় ১৮০ কোটি) ফালেই চোৱা যায়, দেখা যাব যে এই দুয়োখন জনাকীর্ণ দেশৰ বুজন সংখ্যক লোকে আজিও দাৰিদ্রতাৰ
অধীনত বসবাস কৰে। এই দুয়োখন দেশৰ সকলো লোককে ইউৰোপৰ জনগণৰ লেখীয়াকৈ পুষ্টিযুক্ত খাদ্য
যোগান ধৰিবলৈ কিমানখিনি বৃহৎ সম্পদৰ প্রয়োজন হব – তাৰ হিচাপ কোনোবাই কৰিছেনে?
তদুপৰি খাদ্যৰ বাবেই যদি এনে বৃহৎ সম্পদ খৰছ কৰিব লগা হয়, তেনেস্থলত অন্যান্য মানৱ প্রয়োজনবিলাক পূর্ণ কৰিবলৈ ক’ৰ পৰা সম্পদ আহৰণ কৰা যাব তথা
সামগ্রিকভাৱে সম্পদ আবন্টনৰ প্রশ্নটোৰ ওপৰত ই
কেনেধৰণৰ বৃহৎ প্রভাৱ পেলাব, সেই সম্পর্কে কোনোবাই ভাবিছেনে? এই যুক্তিখিনি আৰু
বহলোৱাৰ প্রয়োজন নাই। যিসকলে ভাবে যে
কমিউনিজমৰ অধীনত সকলো সামগ্রী প্রচুৰ পৰিমাণে পোৱা যাব, তেওঁলোকে চিধাই এই প্রশ্নবোৰ অৱহেলা কৰে আৰু ই মুঠেই গ্রহণযোগ্য নহয়। ১৮৮০ চনত মার্ক্সে
যেতিয়া মালথুছক সমালোচনা কৰি দর্শাইছিল যে বিশ্বৰ বহুখিনি সামগ্রী এতিয়াও অব্যৱহৃত হৈয়েই আছে, তেতিয়া মার্ক্সৰ যুক্তিখিনিৰ অন্ততঃ কিছু
যুক্তিযুক্ততা আছিল। পিছে আজিৰ যুগত আৰু এই একেই যুক্তিখিনি প্রদান কৰি থাকিব নোৱাৰি।
এটা কথা ঠিক যে অনাগত সময়খিনিত হয়তো শক্তি আৰু ইন্ধনৰ বহুতো ন ন উৎস তথা
পদ্ধতি বিকশিত কৰা হব। হয়তো বিভিন্ন চিন্থেটিক খাদ্য-সামগ্রীও প্রস্তুত
কৰাটো সম্ভৱপৰ হব। কিন্তু তথাপিও “সকলো সম্পদ
প্রচুৰ পৰিমাণে পোৱা যাব” বোলা কোনো প্রাক-ধাৰণা মানি
নচলাটোৱেই মংগলজনক হব। ইয়াৰ অর্থ এইটো নহয়
যে মানুহৰ জীৱন স্তৰ উন্নত কৰাটো সম্ভৱপৰ নহয়।
নিশ্চিতভাৱেই মানুহৰ বিভিন্ন
সাংস্কৃতিক প্রয়োজনৰ বিষয়েও চেতনা বৃদ্ধি হব লাগিব – যেনে সাংস্কৃতিক সা-সুবিধা,
যাতায়াত, উন্নত বাসগৃহ, উৎকৃষ্ট খাদ্য ইত্যাদি। এইটোও সত্য যে মানুহৰ বর্ধিত
আকাংক্ষা, ইচ্ছা নাথাকিবলৈ হলে যিকোনো এখন সমাজেই ৰংহীন, ধূসৰ হৈ পৰিব।
“সমাজবাদৰ অধীনতো সম্পদৰ আপেক্ষিক অভাৱ থাকিব”- এই কথাষাৰ মানি ললে একেসময়তে আমি আন আন কেইবাটাও প্রাক-ধাৰণা সলনি
কৰি লব লাগিব। প্রথমটো হৈছে মানৱ চৰিত্র বিষয়ক। মার্ক্সবাদীসকলে প্রায়ে কয় যে মানৱ চৰিত্র অপৰিৱর্তনীয় তথা মূলতঃ স্বার্থপৰ বুলি ভাবি লোৱাৰ কোনো প্রয়োজনীয়তা নাই। কথাষাৰ ঠিকেই; আমি অপ্রয়োজনীয়ভাবে
ৰক্ষণশীল হোৱাৰ কোনো দৰকাৰ নাই। পিছে একেসময়তে
সমাজবাদৰ অধীনত মানুহ দেৱতালৈ পৰিৱর্তিত হব বুলি ভবাৰো কোনো সকাম নাই।
তদুপৰি, বস্তুবাদী হোৱা হেতুকে মার্ক্সবাদীসকলে নিশ্চয়কৈ এই দাবী কৰা অনুচিত যে গ্রন্থ অধ্যয়ন তথা
পার্টিৰ নেতাৰ ভাষণ শুনিয়েই মানুহৰ চালচলনৰ হঠাৎ কোনো আমূল পৰিৱর্তন হব। এয়া বিশুদ্ধ ভাৱবাদতকৈ আন একো নহয়।
ব্যক্তি মাত্রেই স্বার্থপৰ হব বুলি ভবাৰ কোনো প্রয়োজনীয়তা নাই। কিন্তু সকলোকে
সন্তুষ্ট কৰিব পৰাকৈ সম্পদৰ যদি অভাৱ হয়, তেনেস্থলত ব্যক্তিস্বার্থই নিশ্চয়কৈ গা কৰি উঠিব বুলি কব পাৰি। ব্যক্তিয়ে যে কেৱল নিজৰ (তথা নিজৰ পৰিয়ালৰ) স্বার্থৰ কথাই ভাবে, এনে নহয়। বৰং প্রায়ে ব্যক্তিয়ে
বৃহত্তৰ সম্প্রদায়ৰ (যেনে নিজৰ টাউন, গাওঁ, অঞ্চল আদিৰ) স্বার্থৰ কথা ভাবিও চালিত
হব পাৰে। নিজৰ বিভাগ বা পৰিসৰটোৰ স্বার্থৰ কথা ভাবিও ব্যক্তি চালিত হব পাৰে। এনে সকলোবোৰ ক্ষেত্রতে ব্যক্তিজন বৈষয়িকভাৱে লাভাম্বিত হবই লাগিব বুলি কোনো কথা নাই। উদাহৰণস্বৰূপে,
একোজন লাইব্রেৰিয়ান, বিদ্যালয়ৰ প্রধান শিক্ষক, গৱেষক বিজ্ঞানী আদিৰ কথাই কব পাৰি। এনে লোকসকলে নিশ্চিতভাৱে নিজা লাইব্রেৰিটোৰ
বাবে, বিদ্যালয়খনৰ বাবে বা গৱেষণা সংস্থাটোৰ বাবে অধিক সম্পদ (যেনে আর্থিক অনুদান) সংগ্রহ কৰিবলৈ চেষ্টা
কৰে। ইয়াৰ দ্বাৰা তেওঁলোকৰ কোনো ব্যক্তিগত লাভালাভ নহবও পাৰে। অর্থাৎ তেওঁলোক কোনো স্বার্থপৰ ব্যক্তি নহয়। নিজা কাম
তথা বিভাগটোৰ সতে তেওঁলোকে সমাজৰ বৃহত্তৰ স্বার্থ জড়িত হৈ আছে বুলি অনুভৱ কৰে।
আচলতে আমি বেছিভাগ মানুহেই এনে অনুভৱ কৰোঁ। মোৰ দৃঢ় বিশ্বাস যে এই কিতাপখন লিখি মই এটা ভাল কাম কৰিছো আৰু যিসকলে এই
কিতাপখন পঢ়িব, তেওঁলোক তাৰ পৰা লাভাম্বিত হব। সময় প্রয়োগৰ অন্যান্য বিকল্পৰ
বিপৰীতে, এই কিতাপখন লিখা কামটোক মই অগ্রাধিকাৰ দিছো। ঠিক তেনেদৰেই মোৰ প্রকাশকে
কিতাপখন ছপা কৰাৰ ক্ষেত্রত তথা পাঠকে পঢ়াৰ ক্ষেত্রত নিজৰ সময় খৰছ কৰিছে আৰু সময়
প্রয়োগৰ অন্যান্য বিকল্পৰ ঠাইত তেওঁলোকে এই কিতাপখনক অগ্রাধিকাৰ দিছে। পিছে যিহেতু
সম্পদ (তথা সময়) হৈছে সীমিত, সেয়েহে সকলো কার্যৰে কোনো “সুযোগ ব্যয়” থাকে। এই
কিতাপখন লিখা, ছপা কৰা, পঢ়াৰ অর্থ হৈছে, আন আন উপযোগী কাম কৰাৰ বিকল্প ত্যাগ কৰা
হৈছে। এনেকুৱাও হব পাৰে যে এনে বিভিন্ন বিকল্প এই
কিতাপখনৰ তুলনাত শ্রেষ্ঠ আছিল!
মৌলবাদী মার্ক্সবাদীসকলে ভাবে যে যিখন সমাজত ব্যক্তিগত মালিকানা আৰু বজাৰ
নাথাকিব (আৰু তাৰ আনুসংগিক পণ্য বিভ্রাট নাথাকিব), তেনে সমাজবিলাকত উৎপাদকসকলে “কি
আৰু কিমান উৎপাদন কৰা উচিত” - তাৰ হিচাপ ভালকৈ কৰিব পাৰিব। এনে দৃষ্টিভংগীয়ে
কেনেধৰণৰ সাংগঠনিক প্রভাৱ পেলায়, সেয়া মই পাছলৈ বিতংভাৱে আলোচনা কৰিম। সদ্যহতে মই এইবুলিয়েই কব বিচাৰিছোঁ যে জনগণে সাধাৰণভাৱে “সর্বজনৰ উপকাৰী সামগ্রী” উৎপাদন হোৱাটো বিচাৰিলেও ঠিক কি কি সামগ্রীক (তথা কিমান পৰিমাণে)
উপকাৰী সামগ্রী বুলি সংজ্ঞায়িত কৰা হব, সেয়া কার্যকৰীভাৱে(operationally) ঠিৰাং কৰাটো সম্ভৱপৰ নহয়। “কার্যকৰীভাৱে” মানে মই এনে এক পদ্ধতিৰ কথা বুজাইছো, যি বস্তুৰ উৎপাদন তথা আবণ্টন
সম্পর্কীয় সিদ্ধান্তবোৰ লোৱাত গাইডৰ ভূমিকা পালন কৰিব। সম্পদ সীমিত হলে ই সংঘাতৰ সৃষ্টি কৰে আৰু
এইক্ষেত্রত দুটা কাৰকে ক্রিয়া কৰেঃ ১) ব্যক্তি তথা বিভিন্ন মানৱ সমষ্টিৰ নিজা স্বার্থ থাকে তথা তেওঁলোকে সিবিলাক পূৰণ কৰিব
বিচাৰে। ২) এনে ব্যক্তিস্বার্থ তথা সমষ্টি-স্বার্থৰ বিপৰীতে সমাজৰ
কোনো নির্দিষ্ট “সামগ্রিক স্বার্থ” প্রক্ষেপ কৰাটো সাধাৰণতেই সম্ভৱপৰ নহয়। এই “সাধাৰণতেই” শব্দটোলৈ মন কৰক। মই এইবুলি কব
বিচৰা নাই যে কেতিয়াও সমাজৰ সামগ্রিক স্বার্থ দৃষ্টিগোচৰ নহয় অথবা এনে দৃষ্টিগোচৰ
হোৱা সামগ্রিক স্বার্থক স্থাপিত কৰিব নোৱাৰি।
আচলতে এয়া মাজে-সময়ে সম্ভৱপৰ হলেও তেনে স্থিতিৰ অধীনতো সংঘাত চলিয়েই থাকিব। উদাহৰণ
হিচাপে, ধৰা হওঁক যে সমগ্র সমাজখনেই এই সিদ্ধান্তলৈ আহিল যে অমুক স্থানত এটা
এয়াৰপর্ট স্থাপন কৰিলে ই সমাজৰ সামগ্রিক স্বার্থ পূৰণ কৰিব। পিছে যিসকল লোকৰ ঘৰ এই
প্রস্তাৱিত এয়াৰপর্টৰ নিচেই কাষত, তেওঁলোকে
নিশ্চিতভাৱে তাৰ প্রতিবাদ কৰিব তথা এইবুলি
যুক্তি দর্শাব যে এয়াৰপর্টটো কোনো আন স্থানত স্থাপিত কৰা উচিত (টোকা: - ঘৰত কাষত এয়াৰপর্ট হলে ই ভীষণ
শব্দপ্রদূষণ সৃষ্টি কৰে)। আন এটা উদাহৰণ লোৱা যাওঁক- চহৰত কাৰ পার্কিং লৈ হোৱা বিভিন্ন সংঘাত। চহৰত কাৰ পার্কিং
সম্পর্কীয় বিভিন্ন সংঘাত তথা নিষেধৰ তেতিয়াহে অন্ত পৰিব যেতিয়া সকলোৱে নিজৰ পছন্দৰ স্থানত কাৰ পার্ক কৰিব পৰাকৈ চহৰখনৰ
মাজ-মজিয়াত প্রচুৰ স্থান থাকিব!
লাইব্রেৰিৰ উদাহৰণটোলৈ ঘূৰি যোৱা যাওঁক। এই কথাষাৰ কেনেকৈ দর্শোৱাটো সম্ভৱপৰ হব যে সীমিত আর্থিক অনুদানখিনি
লাইব্রেৰি নং একৰ সলনি লাইব্রেৰি নং দুইক দিয়াটো উচিত হব? অথবা এইটো কেনেকৈ দর্শোৱাটো সম্ভৱপৰ হব যে সীমিত সম্পদখিনি কোনো বৈজ্ঞানিক পৰীক্ষাগাৰ নির্মাণৰ বাবে প্রয়োগ
কৰাতকৈ অথবা বিহাৰৰ গ্রাম্যাঞ্চলৰ দুখীয়া লৰা-ছোৱালীক খাদ্য যোগানৰ বাবে ব্যৱহাৰ কৰাতকৈ লাইব্রেৰিৰ বাবে প্রয়োগ কৰাটো অধিক উত্তম হব? সম্পদখিনি
এটা নতুন বৈজ্ঞানিক টেলিস্কোপ নির্মাণৰ বাবে ব্যৱহাৰ কৰা হব, নে এখন নতুন দলং নির্মাণৰ বাবে ব্যৱহাৰ কৰা হব, নে অধিক গাজৰ খেতিৰ বাবে ব্যৱহাৰ কৰা হব, নে চিমেন্ট কাৰখানা নির্মাণৰ বাবে ব্যৱহাৰ কৰা হব- এই সিদ্ধান্তটো কেনেকৈ লোৱা হব?
অনাগত অধ্যায়ত মই দর্শাম যে আধুনিক জটিল সমাজ একোখনত সম্পদৰ বিভিন্ন বিকল্প
প্রয়োগ তথা চয়নৰ ছবিখন প্রায়েই অস্পষ্ট হৈ থাকে। অর্থাৎ কোনো নির্দিষ্ট কামৰ বাবে
সম্পদ বন্টন কৰিলে অন্যান্য কি কি বিকল্প ত্যাগ কৰা হয়, এই সামগ্রিক ছবিখন
পৰিলক্ষিত কৰাটো সাধাৰণতেই সম্ভৱপৰ নহয়। আন কথাত কবলৈ গলে, কোনো নির্দিষ্ট সম্পদ বণ্টনৰ প্রকৃত “সুযোগ ব্যয়”
কি, সেয়া জনাটো প্রায় অসম্ভৱ হৈ পৰে। মন কৰক যে ই কোনো “মানৱ স্বার্থপৰতা” অথবা “মানৱ চৰিত্র”ৰ ফলত সংঘটিত হোৱা ঘটনা নহয়। বৰং ই সৃষ্টি হয় তথ্যৰ অভাৱৰ ফলত। সাধাৰণতেই এনে তথ্য যোগান ধৰাটো অসম্ভৱ হৈ পৰে।
উদাহৰণ হিচাপে, কোনো এক
নির্দিষ্ট ৰিচার্ছ গ্রান্টৰ “সুযোগ ব্যয়” কি, সেয়া কোনোবাই সঠিককৈ কব পাৰিবনে?
ভাৰত চৰকাৰৰ সামগ্রিক বাজেট খৰছৰ কোনটো আইটেমৰ বাবে বাংগালোৰ চহৰখনৰ নাগৰিকসকলে
কিমানখিনি অৰিহনা যোগাইছে- সেয়া যেনেকৈ নির্ধাৰণ কৰাটো সম্ভৱপৰ নহয়, ঠিক তেনেকৈয়ে কোনো নির্দিষ্ট সম্পদ আবণ্টনৰো
সামগ্রিক “সুযোগ ব্যয়” নির্ধাৰণ কৰাটো সম্ভৱপৰ নহয়। পিছে মৌলবাদীসকলে এনে সমস্ত সমস্যাকে আওকান কৰি চলে আৰু তেওঁলোকে
এইবুলি ভাবি লয় যে যিহেতু সমাজবাদৰ অধীনত সম্পদৰ প্রাচুর্যতা দেখা পোৱা যাব, সেয়েহে সুযোগ ব্যয়ৰ হিচাপ কৰাটো প্রয়োজনীয় নহব। অর্থাৎ
সম্পদৰ আবণ্টন সম্পর্কীয় চয়নৰ সমস্যাবোৰ, এনে বণ্টনৰ কার্যকুশলতা সুনিশ্চিত কৰাৰ
সমস্যাবোৰ এইসকল বিপ্লৱীয়ে অগ্রাহ্য কৰি চলে[4]। এইক্ষেত্রত জে পি থমাছে[5] এষাৰ
আমোদজনক কথা কৈ গৈছে - “তেওঁলোকে এনে কেতবোৰ সমাধান আগবঢ়ায়, যি সমস্যাটোৰ মূল
চর্তখিনিকে অগ্রাহ্য কৰে আৰু এইদৰেই অর্থহীন বাকসর্বস্বতাক তেওঁলোকে বিপ্লৱী সংগ্রামৰ বাবে প্রয়োজনীয় উপাদান বুলি ঘোষণা কৰে”!
এইখিনিতে সংশ্লিষ্ট আন এষাৰ কথাও কৈ থোৱাটো উচিত হব। মার্ক্সবাদীসকলে শ্রেণী-সংগ্রামৰ ওপৰত বেছ গুৰুত্ব প্রদান কৰে। এইক্ষেত্রত মোৰো কোনো আপত্তি নাই, যদিহে শ্রেণী সংগ্রামৰ
লগতে অন্যান্য সংঘাতবোৰকো গুৰুত্বসহকাৰে লোৱা হয়। নিশ্চিতভাৱেই পুঁজিবাদৰ অধীনত মুঠ সামাজিক উৎপাদটোৰ বিতৰণ বিষয়ক লৈ শ্রেণী সংঘাত সংঘটিত
হয়। পিছে লগতে মই এইবুলিও কব বিচাৰোঁ যে এনে সকলো সমাজতে - য’ত অভাৱৰ উপস্থিতি দেখা পোৱা যায়, - তাত সামাজিক উৎপাদৰ বিতৰণ বিষয়ক নানান সংঘাত
নিশ্চয়কৈ থাকিব। তদুপৰি সদায়েই এই সংঘাতে শ্রেণী সংগ্রামৰেই ৰূপ লব বুলি ভবাটো ভুল
হব। মন কৰক যে পুঁজিবাদৰ অধীনতো প্রায়ে বিভিন্ন বিষয় লৈ একেটা শ্রেণীৰ বিভিন্ন
অংশৰ মাজতে আটাইতকৈ তীব্র সংঘাত সংঘটিত হয়।
মধ্যযুগত “ৱাৰ অফ ৰজেছ”ৰ সময়ত বিভিন্ন সামন্তীয়
পৰিয়ালৰ মাজত প্রচণ্ড দন্দ-খৰিয়াল হৈছিল। “থার্টি য়ের্ছ ৱাৰ”ৰ সময়ত প্রটেষ্টাণ্ট অভিজাতসকলে নিজৰে শ্রেণীটোৰ
হাজাৰ-হাজাৰ কেথলিক অনুগামীক হত্যা কৰিছিল। বিংশ শতিকাত সহস্র ইহুদী পুঁজিপতিক
ইহুদী শ্রমিকৰ সৈতে একেলগে গেছ চেম্বাৰলৈ নিক্ষেপ কৰা হৈছিল। দক্ষিণ আফ্রিকা বা
আমেৰিকাৰ আলাবামাৰ শ্বেতাংগ শ্রমিকসকলে একে শ্রেণীৰে কৃষ্ণাংগ শ্রমিকসকলৰ সৈতে
একেলগে মিলি শ্রমিক একতা প্রদর্শন কৰিবলৈ অকণো ইচ্ছুক নাছিল[6]। অর্থাৎ শ্রেণী সংগ্রামৰ লগতে
জাতীয়তাবাদ, উগ্র-জাতীয়তাবাদ, বর্ণবাদ আদিৰ সামাজিক প্রতিপত্তি তথা
সিবিলাকে সৃষ্টি কৰা সংঘাতৰ বাস্তৱ আমি নুই কৰিব নোৱাৰোঁ। এই শ্রেণী চেতনাৰ বিষয়ে মই অনাগত অধ্যায়বিলাকত
বিতংকৈ লিখিম।
মোৰ মূল কথাষাৰ হৈছে যে সংঘাতে কেৱল শ্রেণী-সংগ্রামৰে (যেনে পুঁজিপতি বনাম শ্রমিকৰ) ৰূপ নলয়। বৰং আপেক্ষিক অভাৱ পৰিলক্ষিত হোৱা সকলো সমাজতে বিভিন্ন ৰূপৰ সংঘাত থাকিব। সেয়েহে সমাজবাদৰ অধীনত এনে বিভিন্ন
সংঘাতৰ মোকাবিলা কৰিবলৈ কেনেধৰণৰ সংস্থাগত
ৰূপ বিকশিত কৰিব লাগিব, সেই প্রশ্নটো আমি গুৰুত্বসহকাৰে লোৱা উচিত।
যদি আমি ধৰি লওঁ যে সমাজবাদৰ অধীনত সমগ্র জনগণেই ভাল মানুহলৈ পৰিণত হব,
তেতিয়াও কিন্তু বিভিন্ন সংঘাতৰ অৱসান নঘটে। তদুপৰি “সকলো মানুহেই ভাললৈ পৰিণত হব” - এইজাতীয় প্রাক-ধাৰণা পুহি
ৰখাটো তেনেই বাস্তৱবিৰোধী কথা। এইজাতীয় প্রাকধাৰণাৰ বশৱর্তী হৈয়েই বহুতো বিপ্লৱীয়ে সমাজবাদৰ অধীনত অনুপ্রেৰণাৰ সমস্যা, অনুশাসনৰ সমস্যা,
নির্দেশ গঠন তথা ৰূপায়নৰ সমস্যা আদি নানান বাস্তৱিক সমস্যা অৱহেলা কৰি চলে। তদুপৰি সমাজবাদৰ অধীনত বিভিন্ন ব্যক্তিয়ে যদি জানেও যে প্রকৃততে
কি কৰা উচিত, তথাপিও কিন্তু সেয়া ৰূপায়ন কৰা হবই বুলি নিশ্চিত হৈ থকাৰো কোনো সকাম
নাই। ট্রটস্কিয়ে ১৯২০ চনতে লিখি গৈছে - “মানুহ হৈছে চৰিত্রগতভাৱেই এক এলেহুৱা প্রাণী”। আজি যদি মানুহ এলেহুৱা, তেনেহলে ২০ বছৰৰ পাছত মানুহে হঠাতে এলাহ ত্যাগ নকৰে। মানুহে সুৰাপান কৰে, কামৰ সময়ত শুই থাকে, টান কামৰ সময়ত অৱসাদ অনুভৱ কৰে। এলাহ, দায়িত্বহীনতা, জড়তা আদি সহস্র বদগুণ মানুহে সম্পূর্ণভাৱে ত্যাগ কৰিব বুলি ভাবিব পাৰিনে? এনে সমস্ত বদগুণ কেৱল উৎপাদন সমলৰ সৈতে উৎপাদকৰ বিচ্ছিন্নতাৰ ফলাফল বুলি কৈ
থলেই হবনে? এনে বিচ্ছিন্নতা আঁতৰি গলেই হঠাতে এনে সমস্ত বদগুণ আঁতৰি যাব বুলি
ভবাটো যুক্তিকৰ হবনে?
এইখিনিতে বিচ্ছিন্নতা আৰু স্কেলৰ প্রশ্নটো সম্পর্কেও কিছু কথা আলোচনা কৰাটো
প্রয়োজন। যদি গ্রুপটো সৰু হয়, তেতিয়া বিভিন্ন সিদ্ধান্ত লোৱাটো সহজ হয়, প্রতিজন ব্যক্তিৰে দায়িত্ব, কর্মত অৰিহনা, তথা
প্রতিজনৰে একচনৰ ফলাফল পৰিস্কাৰভাৱে বুজাটো সহজ হয়। পিছে কোটি কোটি মানুহৰ গণসমষ্টিৰ কথা যদি বিশ্লেষণ কৰিবলৈ
হয়, য’ত শত-সহস্র ব্যক্তিয়ে শত-সহস্র সিদ্ধান্ত লব লগা হয়, তাত এনে প্রতিটো
সিদ্ধান্তৰ ফলাফলসমূহ পৰিলক্ষিত কৰাটো তথা বুজি পোৱাটো সাধাৰণতেই খুউব কঠিন হয়। অনাগত অধ্যায়বিলাকত আমি আলোচনা
কৰিম যে কেনেদৰে এই স্কেলৰ প্রশ্নটোৱে ছোভিয়েট অর্থনীতিত বিভিন্ন গম্ভীৰ সমস্যা সৃষ্টি কৰে।
আজিৰ দিনত বহুতো “নিউ-লেফট” পৰম্পৰাৰ বাওঁপন্থীয়ে কয় যে কেন্দ্রীভূত ছোভিয়েট
পৰিকল্পিত অর্থনীতিৰ বিভিন্ন সমস্যাৰ উৎস
হৈছে গণতন্ত্রৰ অভাৱ তথা শ্রমিক শক্তিৰ নিষ্ক্রিয়তা।
অর্থাৎ কেনেবাকৈ যদি ছোভিয়েট অর্থনীতিখনৰ সর্বেসর্বা নতুন আমোলাতান্ত্রিক শাসক শ্রেণীটোক আঁতৰাই তাৰ ঠাইত জনগণৰ শাসন
স্থাপন কৰিব পৰা হয়, তেতিয়া জনগণৰ সমূহীয়া স্বার্থৰ চেতনা বা উপলব্ধিৰ বলত এনে
সকলো সমস্য সমাধান কৰাটো সম্ভৱপৰ হব। পিছে ছোভিয়েট অর্থনীতিৰ এক প্রধান সমস্যা হৈছে তথ্য প্রবাহৰ বিকৃতি।
নিউ-লেফট বুদ্ধিজীৱীসকলে মনেই নকৰে যে সম্পদৰ সীমাৱদ্ধতা (অর্থাৎ আপেক্ষিক অভাৱ) ছোভিয়েট ইউনিয়নৰ অর্থনীতিখনৰ ক্ষেত্রতো সমানেই প্রযোজ্য
আৰু কাজেই অভাৱৰ
পৰিস্থিতিয়ে তথ্য-প্রবাহক প্রভাৱিত তথা বিকৃত কৰিয়েই থাকিব। আন কথাত কবলৈ গলে, যিহেতু তথ্য-প্রদান কৰোঁতা
বিভিন্ন সামাজিক এজেণ্টৰ মাজত সীমিত সম্পদৰ বাবে প্রতিযোগিতাৰ সৃষ্টি হয়, সেয়েহে
নিজ স্বার্থৰ খাতিৰত এই এজেণ্টসকলে তথ্যৰ বিকৃতি ঘটায়েই থাকিব। তথ্য প্রদান কৰা
সংস্থাসমূহৰ চৰিত্র যিমানেই গণতান্ত্রিক বা অগণতান্ত্রিক নহওঁক কিয়, ই এই স্থিতি সলনি নকৰে।
এটা উদাহৰণ দিয়া যাওঁক- আপুনি বাওঁপন্থীয়েই হওঁক বা সোঁ-পন্থীয়েই হওঁক, আপুনি
যদি প্রফেচৰ, তেনেহলে গৱেষণাৰ অনুদানৰ বাবে তথা এই বিষয়ক ভ্রমণ খৰছৰ বাবে আবেদন কৰাৰ অভিজ্ঞতা নিশ্চয়
আপোনাৰ আছে। যিহেতু আপুনি বিচাৰে যে আপোনাৰ আৱেদনখন গ্রহণ কৰা হওঁক, সেয়েহে আপুনি আবেদনখন খুউব ভালকৈ লিখে। আপুনি দর্শাবলৈ যত্ন কৰে যে আপোনাৰ গৱেষণাই জ্ঞানৰ ক্ষেত্রখনত তথা সামগ্রিকভাবে সমাজখনৰ বাবে কি কি অৰিহনা যোগাব।
এইক্ষেত্রত নিশ্চয় কিছু পৰিমানে মা-মছলাও লগোৱা হয় (অর্থাৎ কিছু-পৰিমাণে হলেও আপুনি বিকৃত তথ্য যোগান
ধৰে)! একোখন আধুনিক, জটিল সমাজত মোৰ গৱেষণা গ্রাণ্টটোৰ প্রকৃত “সুযোগ ব্যয়” কি (অর্থাৎ মই লাভ কৰা
এই ধনখিনিৰ বিনিময়ত আন কিমান বৈকল্পিক কাম কৰিব পৰা গলহেঁতেন) - সেয়া জনাৰ কোনো
উপায় মোৰ ওচৰত নাই। তথ্য যোগানৰ ক্ষেত্রত এনে বিভিন্ন ধৰণৰ বিকৃতি কম-বেছি পৰিমাণে
দেখা পোৱা যায়। মই যি তথ্য যোগান ধৰিম, সেই
তথ্যৰ ভিত্তিত এই সিদ্ধান্ত লোৱা হব যে মই গৱেষণা অনুদানটো পাম নে নেপাম। সেয়েহে
এইবুলি আশা কৰা বাতুলতা হব যে মই যোগান ধৰা তথ্যখিনি সম্পূর্ণভাৱে নিৰপেক্ষ হব। এই একেটা কথাকে বিভিন্ন সামাজিক এজেণ্টসকলৰ
ক্ষেত্রতো কব পৰা যায়। আমাৰ সমাজখনত সম্পদ সীমাহীন হোৱা হলে কথাটো নিশ্চয় ভিন্ন হলহেঁতেন। পিছে মই ইতিমধ্যেই
দর্শাইছোঁ যে সম্পদৰ সীমাহীনতা (“প্রাচুর্যতা”) বিষয়ক এই সমস্ত ধাৰণাটোৱেই গণ্ডগোলীয়া। অনাগত সময়ছোৱাতো আপেক্ষিক অভাৱৰ পৰিস্থিতি সলনি হৈ যাব বুলি ভাবি লোৱাৰ কোনো সকাম নাই।
[1] K. Marx, quoted from Pleîades edn, Paris, Vol. 2, pp. 802,
1032.
[2] R. Tartarin, ‘Gratuité, fin du salariat et calcul économique dans
le communisme’, paper presented at the University of Paris I, 5 October 1979.
[4] See O. Flechtheim, ‘Kommunismus ohne Wachstum’, Wirtschaft
und Gesellschaft, no. 4, 1978, pp. 415–21.
[5] Radical Philosophy, Summer
1979, p. 35.
[6]H.G. Wells, Russia in the Shadows (London: Hodder &
Stoughton, 1921), p. 78.
No comments:
Post a Comment