মূলঃ The Economics of Feasible Socialism by Alec Nove
অনুবাদঃ ময়ূৰ চেতিয়া
অনুবাদকৰ আগকথা
“ভৱিষ্যত সমাজবাদৰ মডেল কেনে হোৱা উচিত”- এই সম্পর্কে বিগত কেইবাদশক ধৰি ভালেখিনি চিন্তা-চর্চা চলিছে। ছোভিয়েট
বিশেষজ্ঞ তথা অর্থশাস্ত্রৰ অধ্যাপক এলেক নভৰ ১৯৮৩ চনত প্রকাশিত The Economics of Feasible Socialism শীর্ষক গ্রন্থখন এই চর্চাৰ ক্ষেত্রখনলৈ অন্যতম অৱদান
বুলি কব পৰা যায়। অসমীয়া পাঠকেও যাতে এই চর্চাৰ সৈতে এক পৰিচয় লাভ কৰিব পাৰে, সেয়ে
এই গ্রন্থখনৰ এক অনুবাদ আগবঢ়োৱাৰ কথা ভবা হল।
প্রফেছৰ এলেক নভ(১৯১৫-১৯৯৪)-ৰ জন্ম হৈছিল জাৰকালীন ৰাছিয়াত। তেওঁ পিতৃ-মাতৃ দুয়োজনেই আছিল মেনচেভিক বিপ্লৱী। অক্টোবৰ বিপ্লৱৰ পাছত পৰিয়ালটোৱে বৃটেইনলৈ পলায়ন কৰে আৰু তাতেই লণ্ডন স্কুল অফ ইকনমিক্সৰ পৰা তেওঁ শিক্ষা গ্রহণ কৰে। প্রথমে লণ্ডন বিশ্ববিদ্যালয় আৰু পাছলৈ গ্লাছগো বিশ্ববিদ্যালয়ত তেওঁ অধ্যাপনা কৰে। ছোভিয়েট ইউনিয়নৰ অধ্যয়নৰ ক্ষেত্রত প্রফেছৰ নভক বাটকটীয়া বুলি কব পাৰি। ছোভিয়েট অর্থনীতি সম্পর্কে তেওঁ কেইবাখনো গ্রন্থ প্রনয়ণ কৰি গৈছে।
এলেক নভৰ এই গ্রন্থখন সম্পর্কে New Left
Reviewৰ সম্পাদক পেৰী এণ্ডাৰছনে তেওঁৰ In the Tracks of Historical
Materialism কিতাপখনত এনেকৈ লিখিছে –
“In a work of luminous freshness
and clarity, common sense and good humour, analytic logic and
empirical detail, Nove has put to rest a
century of unexamined preconceptions and
illusions about what might lie on the other side of capital, and awakened us
to our first real vision of what a
socialist economy, under democratic control, might
look like. The premises of that vision are a deft and elegant critique of the
notion that labour-values could be
pre-eminent in any form of rational calculation
under socialism; that the market could ever be entirely substituted by the
plan; that central planning itself could ever be free from antinomies of level
in its hierarchy of decision-making; or
that the division of labour could ever give way
to pure permutation of skills and roles…His own preferred solutions
envisage at least five major forms — from state ownership of basic
producer goods industries and financial
institutions, to self-managed socialized enterprises
operating on a local scale, to cooperatives controlling their own
property, small private ventures with a
strict capital ceiling, and finally a great deal
of skilled self-employment. The seduction of this model lies in its
combination of realism and radicalism —
a hallmark of much of the book as a whole.
A large part of the message of the book
is that no socialist democracy in the West could afford
to ignore the detailed record of centralized planning in the East, simply on
the self-satisfied grounds that it was bureaucratic, and therefore nothing to
do with socialism. In that sense, the historical precondition of the
theoretical achievement of “The Economics of Feasible Socialism” has been the cumulative practical
experience of the attempts to construct socialism, in very hard and
disadvantageous
conditions, in the name of Marxism. No other historical experience
is available to us: social-democracy yields few lessons for Nove’s
enterprise, and
is essentially absent from his book. Behind it stands…the insight and knowledge
of reflections like Kornai’s “Dilemmas of a Socialist Economy”. The laboratory out of which Nove’s
realism has been forged
is Eastern Europe and the Soviet Union.”
এলেক নভে ছোভিয়েট কমাণ্ড ইকনমিৰ সমালোচনা কৰিছে আৰু ইয়াৰ
ঠাইত এক বিকেন্দ্রীভূত মডেলৰ পোষকতা কৰিছে। সমাজবাদৰ অধীনত বজাৰৰো কিছু ভূমিকা
থাকিব বুলি তেওঁ মানি লৈছে। পিছে এয়া কোনো চীন সদৃশ মার্কেট ছছিয়েলিজিমৰ মডেল নহয়।
ইয়াৰ বিপৰীতে, সকলোবিলাক প্রধান উৎপাদনী ইউনিট চৰকাৰী বা সমূহীয়া মালিকানাৰ অধীনত
থাকিব বুলি তেওঁ মত পোষণ কৰিছে তথা অর্থনীতি আৰু ৰাজনীতিৰ পৰিচালনাৰ ক্ষেত্রত
শ্রমিক শ্রেণীৰ বিশেষ ভূমিকা থাকিব বুলি মানি লৈছে। কিতাপখনৰ আটাইতকৈ উজ্জ্বল দিশটো হৈছে কমাণ্ড অর্থনীতিৰ এক ব্যৱস্থাগত
বিশ্লেষণ। অর্থাৎ কোনো ব্যক্তি বা নেতা (যেনে স্তালিন, খ্রুছেভ) আদিৰ আঁত ধৰি
কমাণ্ড অর্থনীতিৰ কোনো সমালোচনা আগবঢ়োৱাৰ বিপৰীতে তেওঁ সামগ্রিকভাৱে কমাণ্ড ব্যৱস্থাটোৰ এক বিশ্লেষণ আগবঢ়াইছে আৰু তাৰ আৱশ্যকীয়
দুর্বলতাসমূহ আঙুলিয়াই দিছে।
কিতাপখনৰ সকলোবোৰ যুক্তি গ্রহণযোগ্য হব লাগিবই বুলি কোনো
কথা নাই। শেহতীয়াকৈ টেৰী ইগলটনে সমাজবাদৰ বাঞ্ছনীয় মডেলৰ বিকাশৰ ক্ষেত্রত নভৰ
মডেলটোক অন্যতম স্থান দিছে। পিছে বর্তমানৰ পৰা সমাজবাদলৈ সংক্রমণ কেনেদৰে হব তথা
বিপ্লৱী প্রক্রিয়াটোৰ এইক্ষেত্রত কেনে ভূমিকা থাকিব, সেই সম্পর্কে
কিতাপখন আপেক্ষিকভাৱে নিমাত। এইক্ষেত্রত আৰু অধিক আলোচনাৰ অৱকাশ
আছে।
ভূমিকা
সমাজবাদ : পিছে কিয়?
এই কিতাপখন হৈছে “বাস্তৱ-সম্ভৱ সমাজবাদ”ৰ বিষয়ে। এইজাতীয় বিষয়ৰ ওপৰত লিখাৰ প্রয়োজনীয়তা
কিয় আহি পৰিল? আমি সম্পদৰ দক্ষ বণ্টনৰ নামত,
pareto optimalityৰ নামত বা স্বাধীন উদ্যমৰ গুণগানৰ নামত সমাজবাদক আক্রমণ কৰিব বিচাৰিছো নেকি? আৰু
এই “বাস্তৱ-সম্ভৱ সমাজবাদ” মানে আমি
কি বুজাব খুজিছোঁ?
শেহৰ প্রশ্নটো সদ্যহতে
পাছলৈ ৰখা যাওঁক: এই কিতাপখন লিখাৰ অন্যতম উদ্দেশ্যই আছিল যে সমাজবাদৰ এক
বাস্তৱিক সংজ্ঞা নিৰূপণ কৰা যাওঁক; অর্থাৎ এনে এক সমাজবাদ যি সন্তোষজনক দক্ষতাৰে কাম কৰিব পাৰিব (যিহেতু
ভালকৈ কাম কৰিব নোৱাৰা সমাজবাদ কাৰোৰে কামত নাহে)। এইখিনিতে মোৰ উদ্দেশ্য আৰু স্থিতি সম্পর্কেও দুই এটা কথা
কৈ লব বিচাৰিছোঁ। এই কামটো কৰোঁতে মই কেতবোৰ বহল পৰিসৰৰ সাধাৰণ বক্তব্য আগবঢ়াম।
কিছুমান ক্ষেত্রত এই সাধাৰণ বক্তব্যবিলাকৰ ব্যতিক্রমো নিশ্চয় থাকিব, কিন্তু সেই
জটিলতাবোৰৰ মাজলৈ মই সদ্যহতে যাব বিচৰা নাই।
প্রথমেই, মোৰ অনুভৱ হয় যে আজিৰ দিনত
উদাৰ পুঁজিবাদৰ কেতবোৰ মৌলিক প্রাক-ধাৰণা (assumption) শুদ্ধ
হৈ থকা নাই। এটা সময় নিশ্চয়েই আছিল, যেতিয়া এইবুলি কব পৰা গৈছিল যে ব্যক্তিগত তথা
আংশিক স্বার্থৰ সন্ধানৰ যোগেদিয়েই সমাজৰ সাধাৰণ স্বার্থৰো (মোটামুটিভাবে উত্তমকৈ)
সন্ধান কৰিব পাৰি। ব্যতিক্রম এই পুৰণি
সময়তো নিশ্চয় আছিল – কিন্তু সাধাৰণতেই মুক্ত বজাৰ অর্থনীতিৰ লজিকে নিজকে প্রতিষ্ঠা
কৰিবলৈ সক্ষম হৈছিল আৰু সামাজিক সংগঠনৰ অন্যান্য যিকোনো বৈকল্পিক মডেলৰ বিপৰীতে, ই
নিজকে শ্রেষ্ঠ বুলি প্রতিপন্ন কৰিব পাৰিছিল। ফ্রেডৰিছ হায়েক আৰু মিল্টন ফ্রায়েডমেনৰ
মতে পিছে এই কথাষাৰ আজিও সত্য।
আজিৰ দিনত বিভিন্ন কাৰকে
লিবাৰেল-পুঁজিবাদৰ এই মডেলটোৰ প্রতি ভাবুকি সৃষ্টি কৰিছে। সিবিলাকে কেৱল ব্যৱস্থাটোৰ দক্ষতাৰ
বিষয়েই প্রশ্ন কৰা নাই, বৰং তাৰ অস্তিত্ব সম্পর্কেও প্রশ্ন উত্থাপন কৰিছে। Scale আৰু specialisation পৰিণাম হিচাপে এনে বহুতো কাৰক অস্তিত্বলৈ আহিছে। এফালে বিশাল
একাধিপত্যবাদী পুঁজিপতি আৰু আনফালে দীন-হীন নিথৰুৱা সর্বহাৰাৰ দল –
সমাজখন এইদৰে দুটা শিবিৰত বিভক্ত হৈ পৰিব বুলি মার্ক্সে যি পূর্বানুমান কৰিছিল,
সেয়া অৱশ্যে সঁচা বুলি প্রমাণিত নহল। ইয়াৰ বিপৰীতে, এই দুই মেৰুৰ
মাজতে সৰু-সুৰা ব্যৱসায়ৰ এখন বিশাল পৃথিৱী দেখা যায়। বৃহৎ বিজনেছবোৰতো দেখা যায় যে সিবিলাকৰ শ্বেয়াৰৰ ভালেমান
অংশ পেঞ্চন-ফাণ্ড তথা বীমা কোম্পানীবিলাকৰ
হাতত আছে। অজস্র ক্ষুদ্র সঞ্চয় একত্রিত কৰিয়েই এই পেঞ্চন-ফাণ্ড তথা বীমা
কোম্পানীবোৰ সক্রিয় হৈছে। কিন্তু এই সমস্ত জটিলতাবোৰ মানি লোৱাৰ পাছত এটা কথা
স্বীকাৰ কৰিবই লাগিব যে আজিৰ দিনত বিশাল বহুজাতিক নিগম তথা সমষ্টি (conglomerate) বিলাকে বিভিন্ন গুৰুত্বপূর্ণ উদ্যোগ
নিয়ন্ত্রণ কৰে আৰু বহুতো সৰু সুৰা বিজনেছে এই বৃহৎ নিগমবিলাকৰ ছাব-কন্ট্রেক্টৰ
হিচাপেই কাম কৰে তথা সিবিলাকৰ ওপৰতেই নির্ভৰশীল হৈ থাকে। বিগত দশককেইটাত বৃহৎ নিগমবিলাকৰ মেনেজাৰসকলৰ উদ্দেশ্য-চৰিত্র সম্পর্কীয় ভালেমান
তত্ত্ব বিকশিত হৈছে, যি “সর্বোচ্চ মুনাফা আহৰণেই হৈছে ফার্ম এখনৰ লক্ষ্য” জাতীয়
বিভিন্ন প্রচলিত সূত্রক প্রত্যাহবান জনাইছে। পিছে সেই সম্পর্কে আন কেতিয়াবা আলোচনা
কৰা হব। সদ্যহতে, আমাৰ বাবে আজিৰ দিনত গুৰুত্বপূর্ণ বিন্দুকেইটা হৈছে –
ক) একাধিপত্য (monopoly) আৰু তাৰ সামাজিক-আর্থিক ফলাফল
খ) স্পর্শকাতৰতা (vulnerability)
গ) বিচ্ছিন্নতা (alienation)
একাধিপত্য হৈছে সদায়েই আপেক্ষিক। তাৰ
ওপৰ-পাজৰৰ বিকল্প উৎপাদ(product) সাধাৰণতেই বিচাৰি পোৱ াযায় আৰু সামগ্রিক
একাধিপত্যৰ বিপৰীতে কোনোবা নহয় কোনোবা ৰূপত একাধিপত্যবাদী
প্রতিযোগিতা দেখা পোৱা যায়। বৃহৎ নিগমসমূহৰ আপেক্ষিক দক্ষতা কিমান, নতুন উদ্ভাৱনৰ ক্ষেত্রত
সিবিলাকৰ অৰিহণা – ইত্যাদি বিষয়ক বিতর্কসমূহলৈ মই সোমাব বিচৰা নাই। মই মাথো
এইবুলিয়েই কব বিচাৰিছোঁ যে বৃহৎ নিগমসমূহে লোৱা প্রতিটো
সিদ্ধান্তই হেজাৰ-হেজাৰ লোকৰ জীৱন তথা নিয়োগ প্রভাৱিত কৰে। এনে নিগমবিলাকৰ
বিশাল আকাৰ তথা সিবিলাকৰ হেডকোৱার্টাৰ দূৰৈৰ
অঞ্চলত (সাধাৰণতে কোনো বিদেশী ৰাষ্ট্রত)
থকাৰ সূত্রে সিবিলাকে স্থানীয়
শ্রম-সম্পর্কবিলাকত জটিলতা সৃষ্টি কৰিব পাৰে। দীঘলীয়া বিবাদ সৃষ্টি হলে ই ক্ষতিকাৰকো
হব পাৰে। একাধিপত্যবাদী শক্তি
যিমানেই বৃদ্ধি পাব, সিমানেই ই
গ্রাহকৰ স্বার্থ তথা শুভ-ইচ্ছা নেওচা দি অধিক মুনাফা আহৰণ কৰিব পাৰিব। বিশাল বহুজাতিক নিগমবিলাকৰ মুষ্টিমেয়
সংখ্যা তথা একেসময়তে সিবিলাকৰ ভীষণ শক্তিৰ ফালে লক্ষ্য ৰাখি পুৰণা আর্থিক
তত্ত্ববিলাকো সলনি কৰি লোৱাৰ প্রয়োজনীয়তা আহি পৰিছে। উদাহৰণ হিচাপে, বিভিন্ন ফার্মৰ
মাজত হোৱা প্রতিযোগিতা সম্পর্কীয় তত্ত্ববিলাকে প্রায়েই ফার্ম একোখনৰ
আকাৰৰ ফালে মনেই নকৰে। ফলত
জেনেৰেল মটর্ছ আৰু আৰু সৰু আইচ-ক্রীমৰ
দোকান একোখনকো একেশাৰীতে ৰখা হয়!
এই পৰিৱর্তিত দিশবোৰ
বুজিবলৈ গেম থিয়ৰীৰ ব্যাপক ব্যৱহাৰ হোৱা দেখা গৈছে আৰু business
behavior তথা price সমূহ কেনেকৈ determine বা administer কৰা
হয়, সেই সম্পর্কেও প্রচুৰ গৱেষণা সম্পন্ন হৈছে। জোৱান ৰবিনচন তথা ছেম্বাৰলিনে
imperfect competition সম্পর্কে কৰা
অধ্যয়নবিলাকেও আমাৰ জ্ঞানৰ পৰিসৰ গভীৰ কৰিছে। গাণিতিকভাৱে চমৎকাৰ general-equilibriumৰ
বিভিন্ন বিমূর্ত মডেল বিকাশৰ সমান্তৰালভাৱে increasing returnsৰ
ফলাফলসমূহো ক্রমাগতভাবে চিন্তাৰ বিষয় হৈ পৰা দেখা গৈছে। Increasing
returnsৰ আনটো দিশ অর্থাৎ
উৎপাদন হ্রাসৰ লগে লগে unit costৰ বৃদ্ধি তথা হ্রাসমান চাহিদাৰ সময়ত অধিক (cost-based) priceৰ পৰিঘটনাবোৰো আজি
বাৰুকৈয়ে চকুত পৰিবলৈ ধৰিছে। একাধিপত্যবাদী শক্তিৰ বহুতো ৰাজনৈতিক দিশো আছেঃ
একাধিপত্যৰ ওপৰত চৰকাৰী নিয়ন্ত্রণ, বা চৰকাৰৰ ওপৰত বিভিন্ন বৃহৎ কর্পোৰেছনৰ ক্ষমতা-প্রভাৱ ইত্যাদি।
ট্রেড ইউনিয়নসমূহেও
মাজে-সময়ে একাধিপত্য শক্তি আর্জন কৰা দেখা যায়। আংশিক গোষ্ঠীয় স্বার্থৰ আক্রমণৰ
প্রতি অর্থনীতিখনৰ স্পর্শকাতৰতা(vulnerability) যিমানেই
বৃদ্ধি হয়, তাৰ সমান্তৰালকৈ এনে একাধিপত্যবাদী শক্তি বৃদ্ধি হোৱা দেখা যায়। আমি
জানো যে উদ্যোগ একোটাৰ কোনো বিশেষ এবিধ সঁজুলি বা উপাদান নির্মান কৰোঁতা কোনো এটা বিশেষ
ফেক্টৰীৰ মাত্র এটি সৰু কিন্তু গুৰুত্বপূর্ণ শ্রমিক অংশয়ো সামগ্রিক উদ্যোগটোৰ
বিস্তৰ ক্ষতি সাধন কৰিব পাৰে। বিভিন্ন ফেক্টৰী বা tradeৰ মাজত specialisation যিমানেই
পাইছে, সিমানেই এনে শক্তি বৃদ্ধি পাইছে। সোঁ-পন্থী বিশ্লেষকসকলে প্রায়ে এইটো দিশৰ
প্রতিয়েই আঙুলিয়াই থাকে; যথা- কেনেকৈ ট্রেড ইউনিয়নবিলাকে উৎপাদনশীলতা তথা
প্রতিযোগিতা বৃদ্ধিৰ ক্ষেত্রত বাধাৰ সৃষ্টি কৰে
তথা শেষ বিচাৰত স্বয়ং ইউনিয়নৰ সদস্যসকলৰ জীৱন স্তৰৰ উন্নতিৰ
ক্ষেত্রতেই সমস্যা সৃষ্টি কৰে। আমোদজনকভাৱে, এই জাতীয় যুক্তিবোৰ
মানি ললেও কিন্তু সিবিলাকে আমাৰ মূল থেছিছটোকেই সমর্থন কৰে। অর্থাৎ - আজিৰ
দিনত আংশিক স্বার্থৰ সন্ধানৰ জৰিয়তেই সমাজৰ সাধাৰণ স্বার্থ পূৰণ হোৱাটো অৱশ্যম্ভাৱী হৈ থকা নাই!
এইখিনিতে “সাধাৰণ স্বার্থ” শীর্ষক বাক্যাংশৰ প্রতি পুৰণা
বাওঁপন্থীসকলে কিছু আপত্তি দর্শাব পাৰে। তেওঁলোকে ইয়াৰ বিপৰীতে “শ্রেণী
সংগ্রাম”ৰ প্রসংগ আনিব পাৰে। এইক্ষেত্রত আমি এইবুলিয়েই কব পাৰোঁ যে আমাৰ উক্ত আলোচনাখিনি যদি সামগ্রিকভাৱে সমস্ত শ্রমিক
শ্রেণীৰ ক্ষেত্রতো প্রয়োগ কৰা হয়, তেতিয়াও আমাৰ মূল বক্তব্য শুদ্ধ হৈয়েই থাকিব। এই
কথা অস্বীকাৰ কৰিব নোৱাৰি যে বাৰম্বাৰ কামত ব্যাঘাত জন্মিলে ই নিশ্চিতভাৱেই উৎপাদনশীলতা
বৃদ্ধিৰ ক্ষেত্রত সমস্যা সৃষ্টি কৰে। যিকোনো বুদ্ধিমান সমাজবাদীয়েই নিশ্চয় মানি লব যে উৎপাদনশীলতা আৰু প্রকৃত আয়ৰ মাজত কিছু সম্পর্ক আছে। এটা কথা ঠিক যে মেনেজমেণ্টৰ
গুণাগুণ তথা বিনিয়োগৰ স্তৰ (তথা চৰিত্র)ৰ ওপৰতো উৎপাদনশীলতাৰ প্রশ্নটো নির্ভৰ কৰে। আচলতে
ঔদ্যোগিক সম্বন্ধসমূহ কোনো zero-sum-game নহয়; কুশলী
মেনেজমেণ্ট আৰু ঔদ্যোগিক শান্তি একেলগ হলে মেনেজমেণ্ট আৰু শ্রমিক- দুয়ো পক্ষই
লাভাম্বিত হব পাৰে (উদাহৰণঃ পশ্চিম
জার্মানী আৰু জাপান)। এয়া
কোনো “সংস্কাৰবাদ”ৰ পক্ষত দাঙি ধৰা যুক্তি নহয়, বৰং এয়া হৈছে এক সাধাৰণ সত্য। ঔদ্যোগিক সংঘাত “ইউনিয়নক শিক্ষা দিব বিচৰা” সোঁ-পন্থীসকলৰ পৰিকল্পিত লক্ষ্যও হব পাৰে,
বা বর্তমানৰ ব্যৱস্থাটো অস্থিৰ কৰি আঁতৰাই পেলাবলৈ বিচৰা কোনো বিপ্লৱী দলৰ পৰিকল্পিত
উদ্দেশ্যও হব পাৰে। কিন্তু স্থিতিটোৰ মূল
বৈশিষ্ট্যসমূহ উগ্র বাওঁ বা উগ্র সোঁ-পন্থীসকলৰ ষড়যন্ত্রৰ ৰূপত বুজিব পৰা নাযায়।
বিভিন্ন গ্রুপে নিজৰ দাবীসমূহ উত্থাপন কৰে, এনে বহুতো ন্যায্য দাবীৰ সৈতে হয়তো
কোনো ৰাজনৈতিক অংক যুক্ত হৈ নাথাকিবও পাৰে, কিন্তু তৎসত্তেও সিবিলাকৰ ফলাফল ভিন্ন
নহয়। মূল কথা হৈছে যে এইজাতীয় “আত্ম-স্বার্থ”ৰ সন্ধানে অর্থনীতিখনত ব্যাঘাত জন্মাব
পাৰে।
ৰাষ্ট্র আৰু চৰকাৰী
বিষয়াসকলে যে সমাজৰ “সাধাৰণ স্বার্থ”ৰ সন্ধানতেই কর্ম কৰিব, এনে কোনো ধৰা বন্ধা
নিয়ম নিশ্চয় নাই। বহুতে পিছে ইয়াতকৈয়ো আগবাঢ়ি কয় যে “সাধাৰণ স্বার্থ” বোলা বাক্যাংশটোৰেই আচলতে কোনো অপাৰেছনেল অর্থ নাই, তথা আমোলাতান্ত্রিক
আত্ম-স্বার্থ আৰু rent-seekingয়ে behaviour বিকৃত কৰে আৰু কার্যকুশলতা নিম্নতৰ কৰে। ৰাষ্ট্র-ক্ষমতা
প্রয়োগ কৰাসকল নিশ্চয়কৈ দুর্নীতিগ্রস্ত হব পাৰে, তথা তেওঁলোক বিভিন্ন
ন্যস্ত-স্বার্থৰ প্রভাৱাধীন হব পাৰে। অনাগত অধ্যায়সমূহত মই নিজেই যুক্তি
দর্শাম যে “সাধাৰণ স্বার্থ” সম্পর্কে পৰস্পৰ-বিৰোধী
নানান ধাৰণা আছে আৰু এই বিষয়ে অনেকখিনি
অসহমতি থকাটো এটা বাঞ্ছনীয় কথা। কিন্তু তথাপিও তথাকথিত public choice theoryৰ
কেতবোৰ অদ্ভুত প্রাকধাৰণাক এইখিনিতে প্রতাহবান জনাই থোৱাটো সমীচিন হব।
সংকীর্ণ পদ্ধতিগত ব্যক্তিবাদে (methodological
individualism) বাস্তৱৰ অনেকখিনি দিশ
লুকুৱাই ৰাখে। এই তত্ত্ব মতে মানুহ হৈছে individual utility-maximiser তথা মাজেসময়ে কেতিয়াবা তেওঁলোকে altruistic চৰিত্র প্রদর্শন কৰে। এইজাতীয় ধাৰণাসমূহ হৈছে খুবেই অবৈজ্ঞানিক তথা tautological। কাজেই সিবিলাকক অশুদ্ধ বুলি প্রমাণিত কৰাটোও
সম্ভৱপৰ নহয় (যিকোনো বিজ্ঞানৰ অন্যতম বৈশিষ্ট্য হৈছে যে তাৰ
সূত্রবিলাকক শুদ্ধ-অশুদ্ধ প্রমাণিত কৰাৰ নির্দিষ্ট উপায় থাকে - অনুবাদক)। উদাহৰণস্বৰূপে, মই
যিয়েই নকৰোঁ কিয়, এই তত্ত্বটোৱে সদায়েই তাত নিজৰ যুক্তিসিদ্ধতা বিচাৰি পাব - লাগে মই ছাণ্টা
মনিকালৈ গৈ সমুদ্র ছার্ফিং কৰোঁ, ভৰকুটালৈ গৈ কয়লা খনন কৰোঁ, পেৰিছৰ কোনো সুন্দৰী
মহিলাৰ বাবে ফুল কিনো বা নাইজেৰিয়াত কোনো চৰকাৰী উৎকোচ গ্রহণ কৰোঁ! এই তত্ত্বটোৰ আন এটা প্রধান দুর্বলতা হৈছে যে
আপোনাৰ নিজৰ টীম, আপোনাৰ কর্ম তথা কর্মক্ষেত্রখনৰ প্রতি আপোনাৰ যি কমিটমেণ্ট –
সেয়া এই তত্ত্বই সমূলি আওকান কৰে।
মন কৰক যে কাম, টীম তথা
কর্মক্ষেত্রখনৰ প্রতি থকা কমিটমেণ্টক আপুনি ‘উপহাৰ দিয়া’ৰ দৰে কার্যৰ সৈতে তুলনা কৰিব
নোৱাৰে। এইবুলি কব নোৱাৰি যে
উপহাৰ দিয়াৰ দৰেই সিবিলাকো হৈছে altruism-ৰ লক্ষণ। কেইটামান
উদাহৰণ দিয়া যাওঁক। গ্লাছগো চহৰখনৰ পার্ক বিভাগৰ মূৰব্বীজনে তেওঁৰ অধীনত থকা চৰকাৰী
পার্কসমূহ লৈ বিশেষ গর্ববোধ কৰে আৰু পার্কবিলাকৰ উন্নতিৰ বাবে তেওঁ অধিকতকৈ অধিক
অর্থ-সম্পদ গোটাব বিচাৰে, যাতে এই কামটো আৰু ধুনীয়াকৈ কৰিব পৰা যায়। ঠিক একেটা
কথাকে চৰকাৰী স্কুলৰ হেডমাষ্টৰ একোজন,
জার্মান ৰেলৱে বিভাগৰ জিলা অধীক্ষক বা বিশ্ববিদ্যালয়ৰ মুৰব্বী লাইব্রেৰিয়ানজনৰ
ক্ষেত্রতো কব পৰা যায়। এইখিনিতে
public choice theory-ৰ সমর্থকসকলে
আপত্তি দর্শাই কব পাৰে যে এইসকল লোকে নিজৰ কামখিনি ভালকৈ এইকাৰণেই কৰে, কিয়নো ইয়াৰ
জৰিয়তে তেওঁলোকৰ ব্যক্তিগত কেৰিয়াৰৰো উন্নতি হয়। কথাষাৰ হয়তো সত্য, কিন্তু মন কৰক যে
একেসময়তে এই মানুহখিনিয়ে নিজৰ কর্মসমূহৰ সৈতে গভীৰ আত্মীয়তাবোধ অনুভৱ কৰে, তথা কামখিনি
ভালকৈ কৰি গভীৰ সন্তুষ্টি লাভ কৰে। Tibor Scitovsky য়ে
তেওঁৰ Joyless Economy শীর্ষক গ্রন্থখনত এনে বহুতো কামৰ উদাহৰণ আগবঢ়াইছে। ৰাইজৰ “সাধাৰণ স্বার্থ”ৰ সৈতে এনে বিভিন্ন
ৰাজহুৱা বিভাগৰ কর্মীসকলৰ গভীৰ আত্মীয়তাবোধে অৱশ্যে সংঘাতৰো
নিশ্চয়কৈ জন্ম দিয়ে, যিহেতু নিজৰ বিভাগটোৰ বাবে অধিক সম্পদ বিচাৰি এনে বিভিন্ন
বিভাগৰ মাজৰ প্রতিযোগিতাৰো সৃষ্টি হয়। কিন্তু এইটো কথা কোনো প্রাইভেট কর্পোৰেছনৰ
বিভিন্ন বিভাগৰ ক্ষেত্রতো প্রযোজ্য হয়। উদাহৰণ: কর্পোৰেছন একোটাৰ বিভিন্ন বিভাগৰ মূৰব্বী একোজনে নিজৰ বিভাগটোৰ
প্রয়োজনবিলাককেই অগ্রাধিকাৰ দিয়ে আৰু নিজৰ বিভাগৰ বিকাশৰ জৰিয়তেই কর্পোৰেছনটোৰ তথা
নিজৰো প্রগতি হব বুলি বিশ্বাস কৰে। এয়া কোনোপধ্যেই altruism নহয়। একেসময়তে এয়া কোনো সংকীর্ণভাৱে সংজ্ঞায়িত individual utility maximisationৰ
সন্ধান বুলিও কব নোৱাৰি। মানৱ জীৱন সাধাৰণতেই homo-economicus জাতীয় সংকীর্ণ মডেলতকৈ অধিক জটিলতৰ হয়। কেৱল ‘মই’ ধাৰণাৰ বিপৰীতে
সমূহীয়া মূল্যবোধ, ইজন-সিজনৰ প্রতি থকা দায়ৱদ্ধতা আদি দিশক গুৰুত্ব প্রদান কৰা
দর্শনে আমাক বিশ্লেষণৰ ক্ষেত্রত বিশেষভাৱে উপকৃত কৰিব পাৰে।
Rent-ৰ ধাৰণাটো
সম্পর্কেও কিছু কথা আলোচনা কৰা যাওঁক। নিশ্চিতভাৱেই মেনেজমেণ্ট এটা
খুবেই জৰুৰী দিশ আৰু অন্যান্য কামৰ দৰেই মেনেজমেণ্টো কর্মকুশলী হোৱাটো দৰকাৰ। কিন্তু সেইবুলি মোৰ
টকা বা মোৰ মাটিখিনিক আন কাৰোবাক ব্যৱহাৰ কৰিবলৈ দিয়াটোকেই আন আন কর্মৰ দৰে ‘উৎপাদনশীল’ কর্ম
বুলি গণ্য কৰিবলৈ মোৰ বেছ কষ্ট হয়। কোনোবাই উত্তৰাধিকাৰ সূত্রে তৈল সম্পদেৰে পৰিপূর্ণ
বিস্তৰ মাটি লাভ কৰিছে বুলিয়েই যুগ যুগ ধৰি বিশাল ৰয়েল্টি লাভ কৰি থাকিব- এয়া কোনো
যুক্তিকৰ কথা হব নোৱাৰে। ছুপাৰ ধনীকসকলে কোনো কাম নকৰাকৈ
বিশাল সম্পদ লাভ কৰি থকাৰ সময়ত আনৰ মজুৰী
নিয়ন্ত্রণ কৰাৰ দাবী হৈছে চৰম হাস্যকৰ। প্রায়ে দেখা যায় যে উদ্যোগৰ নেতৃত্ব তথা কোম্পানীৰ ডিৰেক্টৰ পদ সেইসকল লোকেই
লাভ কৰে, যি বিশেষ পৰিয়ালত জন্মগ্রহণ কৰিছে, যাৰ বিশেষ ফেমিলি কানেকচন আছে তথা যি
কোম্পানীৰ শ্বেয়াৰ নিয়ন্ত্রণ কৰিছে।
এইজাতীয় লোকসকলে যে নিজৰ পদৱীৰ গধুৰ দায়িত্ব কর্মকুশলতাৰে পালন কৰিব পাৰিব, তাৰ কোনো
নিশ্চিতি নাই। অন্ততঃ বৃটেইনত প্রায়ে দেখা
যায় যে ছিনিয়ৰ মেনেজমেণ্টৰ কর্মকুশলতাৰ অভাৱৰ বাবেই সমগ্র সংগঠনটোৱে কর্মচাৰীৰ
শ্রদ্ধা হেৰুৱাই পেলাইছে। ইয়াৰ লগতে প্রায়ে যুক্ত হয় বিচ্ছিন্নতাৰ অনুভৱ। বৃহৎ
কর্পোৰেট ইউনিটসমূহক সাধাৰণতেই দূৰৰ কোনো অচিনাকি ব’ছ একোজনে নিয়ন্ত্রণ কৰে তথা সংগঠনৰ গাঁথনি নির্মাণৰ ক্ষেত্রতো কর্মচাৰীসকলৰ ভূমিকা নাথাকে। কাজেই
কামৰ ক্ষেত্রত তেওঁলোকৰ স্পৃহাৰ অভাৱ, আনন্দহীন চাকৰি তথা কমিটমেণ্টহীনতাই কর্মকুশলতা তথা
উৎপাদনশীলতাতো প্রভাৱ পেলায়। ইয়াৰ ঠিক বিপৰীতে, নিজৰ কামৰ প্রতি দায়ৱদ্ধতা আৰু আনন্দৰ
অনুভৱ উপস্থিত থাকিলে ই ধনাত্মক আর্থিক প্রভাৱ সৃষ্টি কৰে। ব্যক্তিয়ে কামৰ কৃতিত্ব তথা পৰিচয়ৰ সৈতে একাত্মবোধ কৰিলে ই
নিশ্চিতভাৱে ধনাত্মক প্রভাৱ পেলায়। পিছে মাইক্রো ইকনমিক্সৰ
পাঠ্যপুথিসমূহত এই দিশবোৰ প্রায়েই আওকান কৰা হয়। এইক্ষেত্রত ইউৰোপৰ লোকসকলে জাপানৰ
অভিজ্ঞতা অধ্যয়ন কৰিলে বিশেষভাৱে উপকৃত হব পাৰিব।
মুদ্রাস্ফীতিৰ সৈতেও
ইবিলাকৰ কিছু সম্পর্ক আছে। “সমাজৰ শক্তিশালী গ্রুপবিলাকে সাধাৰণতেই নিজৰ বাবে অধিক
দাবী কৰে আৰু ইয়াৰ ফলত excess demand সৃষ্টি হয়”- মুদ্রাস্ফীতি
সম্পর্কীয় এইজাতীয় বিশুদ্ধ monetarist বিশ্লেষণ সাধাৰণতেই
বৰ পাতল বিধৰ হয়। নিশ্চিতভাৱেই সমাজত এনে মানুহ
আছে যি অধিক বিচাৰে – যেনে অধিক মজুৰী, অধিক সামাজিক সুৰক্ষা, অধিক সা-সুবিধা,
প্রতিৰক্ষা বিভাগত অধিক খৰছ ইত্যাদি। ইতিহাসে আমাক মুদ্রাৰ মূল্য ক্ষয়প্রাপ্ত হোৱা তথা অত্যাধিক নোট
ছপা কৰাৰ ফলত টকাৰ মূল্য কম হোৱাৰ অনেক উদাহৰণ প্রদান কৰি গৈছে। পিছে মুদ্রাস্ফীতিয়ে যেতিয়া সমগ্র বিশ্বখনকে
সামৰি লয়, অর্থাৎ ৰাজনৈতিক-আর্থিক স্থিতি তথা স্তৰ ভিন ভিন হোৱা দেশবিলাকতো
যেতিয়া এই একেই মুদ্রাস্ফীতিৰ সমস্যাই গা কৰি উঠা দেখা যায়, তেতিয়া এনে সৰল
ব্যাখ্যাই কাম নিদিয়ে। মুদ্রাস্ফীতিৰ
সমস্যাই নিশ্চিতভাবেই বিভিন্ন ধৰণৰ প্রেছাৰ তথা দাবী সৃষ্টি কৰে আৰু ই টকাৰ যোগান
আৰু অধিক বৃদ্ধি কৰিব পাৰে (অর্থাৎ
ফ্রায়েডমেনৰ বিশ্লেষণ “ভুল” নহয়, কিন্তু মুদ্রাস্ফীতিৰ মূল কাৰণসমূহ তেওঁ আওকান কৰিছে)।
মুদ্রাস্ফীতিয়ে এনে
কেতবোৰ economic behaviour সৃষ্টি
কৰে, যি rationalityৰ পথৰ পৰা দূৰৈলৈ গতি কৰে। অটা ছিকৰ মতে, সমাজ
একোখনে নিজৰ বিনিয়োগবিলাক সচেতনভাবে নির্ণয় কৰা উচিত; “জাতীয় আয়ৰ বিতৰণৰ বাবে হোৱা সংগ্রামৰ
অনিচ্ছাকৃত ফলাফল হিচাপে সামাজিক বিনিয়োগবিলাক স্বয়ংক্রিয়ভাবে নির্ধাৰিত হব” – এনে
ধাৰণাবিলাক ত্যাগ কৰা উচিত। নিউ ৰিকার্ডিয়ান বা ছ্রাফাৰ অনুগামীসকলৰ মডেলবিলাকৰ
এটা প্রধান সমস্যা হৈছে যে সিবিলাকে যদিও মানি লয় যে বিনিয়োগ সম্পূর্ণভাৱে মুনাফাৰ ওপৰত নির্ভৰশীল, একেসময়তে আকৌ তেওঁলোকে প্রকৃত মজুৰীক
শ্রেণী-সংগ্রামৰ ফলাফল বুলি গণ্য কৰে। অর্থাৎ যিটো অংশ শ্রমিকে লাভ নকৰে, সেয়া পুঁজিপতিয়ে কুক্ষিগত কৰে। এয়া হৈছে zero-sum-game approachৰ আন এক উদাহৰণ, যি শুদ্ধ নহয়। দীর্ঘকালীন সময় বাদেই,
মজলীয়াকালীন সময়ৰ স্তৰতো বিচাৰ কৰি চালে দেখা যাব যে বিনিয়োগ বৃদ্ধিৰ অবিহনে
প্রকৃত মজুৰীও বৃদ্ধি হব নোৱাৰে। ধৰি লওঁক যে তীব্র শ্রেণী-সংগ্রামৰ জৰিয়তে শ্রমিকসকলে মুঠ মুনাফাক শূন্যলৈ পর্যৱসিত কৰিলে। ফলত এতিয়া কোনো নতুন বিনিয়োগ সম্ভৱপৰ নহব তথা কোনো
আর্থিক বিকাশো সম্ভৱপৰ নহব (যিহেতু মুনাফাৰ পৰাই
বিনিয়োগ প্রত্যক্ষ বা পৰোক্ষভাবে আহে বুলি ধৰি লোৱা হৈছে)। এনে পৰিস্থিতিত
উপভোগ্য সামগ্রীৰো উৎপাদন বৃদ্ধি হব নোৱাৰিব। পিছে কোনো এটা সামাজিক গোষ্ঠী বা
ব্যক্তি একোজনে সাধাৰণতেই নিজৰ বা গোষ্ঠীটোৰ স্বার্থহে পৰিদর্শন(view) কৰিব
পাৰে; বৃহৎ ছবিখন পৰিদর্শন কৰাটো সাধাৰণতেই সম্ভৱপৰ নহয়। এয়া কোনো
স্বার্থপৰতা, মূর্খামি বা দৃষ্টিহীনতাৰ পৰা সৃষ্টি হোৱা পৰিঘটনা নহয়।
সাধাৰণতেই এই কথা প্রমাণিত কৰি দর্শোৱাটো কঠিন হয় যে আজিৰ জটিল সমাজখনত কোনো এটা বিশেষ অংশই নিজৰ
উপভোগৰ বাবে অতিৰিক্ত সম্পদ বিচাৰিলে শেহত গৈ ই বিকাশৰ প্রক্রিয়াটোকেই বাধাগ্রস্ত
কৰিব পাৰে, যিহেতু এই অতিৰিক্ত সম্পদখিনিয়েই অন্যথা বিনিয়োগৰ ৰূপ লৈ বিকাশৰ
প্রক্রিয়াটোক ত্বৰাম্বিত কৰিলেহেঁতেন। (উদাহৰণ- বিশ্ববিদ্যালয়ৰ শিক্ষক সন্থাই
শিক্ষকসকলৰ বাবে অধিক দৰমহা দাবী কৰিছে; তেওঁলোকে আকৌ একেসময়তে চৰকাৰী টেক্স কম কৰিবলৈ
দাবী জনাইছে! অথচ এনে টেক্সৰ দ্বাৰাই তেওঁলোকৰ দৰমহাৰ বাবে প্রয়োজনীয় ধন চৰকাৰে
সংগ্রহ কৰে! ইয়াৰ অর্থ হৈছে – শিক্ষকসকলক অধিক দৰমহা দিবলৈ হলে চৰকাৰে অন্য কোনো
স্থানৰ পৰা সম্পদ আহৰণ কৰিব লাগিব)। এনে স্থিতি নিশ্চয়েই সৃষ্টি হব পাৰে
যে বর্তমানে অধিক উপভোগ দাবী কৰি জনগণে নিজৰেই স্বার্থৰ পৰিপন্থী কাম কৰিছে।
কিন্তু জনগণে যিটো স্থানৰ পৰা ঠিয় হৈ এনে দাবী কৰিছে, সেই স্থানৰ পৰা এই পৰিহাস পৰিদর্শন কৰিব নোৱাৰি। এনে এখন পৃথিৱী, যত সকলোৱেই নিজ ইচ্ছাৰে যি যিমান মন যায় বিনামূলীয়াকৈ লৈ লব পাৰে,
তেনে এখন সমাজত যিকোনো ব্যক্তি বা গ্রুপে নিজৰ সংকীর্ণ স্বার্থৰ বাবে ক্রিয়া কৰাটোৱেই হৈছে সহজাত কথা,
কিয়নো অন্যান্য লোকসকলেও ঠিক এইটো কামকে কৰি আছে (অর্থাৎ prisoner’s dilemma-ৰ সলনি আমি হয়তো free man’s dilemma-ৰ
বিষয়েহে আলোচনা কৰা উচিত!)।
কিন্তু একেসময়তে, যিসকলে
বিনিয়োগ কৰিছে, তেওঁলোকে মুদ্রাস্ফীতিৰ প্রকোপৰ পৰা ৰক্ষা পাবলৈ, উপস্থিত অস্থিৰতাৰ
পৰা ৰক্ষা পাবলৈ, কিছু নিশ্চিতি নিশ্চয় বিচাৰে। সেয়েহে তেওঁলোকে প্রায়ে হ্রস্রকালীনভাৱেই বিনিয়োগবিলাক কৰিবলৈ
ঠিৰাং কৰে, যি প্রতিফলিত হয় সুদৰ উচ্চ হাৰৰ ৰূপত।
আমাৰ দেশৰ ৰেলৱে ইউনিয়নৰ পেঞ্চন ফাণ্ডে কৰাৰ দৰেই অমূল্য পেইণ্টিং আদিত
বিনিয়োগ কৰিবলৈ হেতা-ওপৰা লাগে। ঠিক তেনেদৰেই, ছুইছ বেংকত ধন জমা কৰিবলৈ ব্যক্তি
একোজন প্রলোভিত হব পাৰে।
অর্থাৎ ঠিক কিমানখিনি বিনিয়োগ কৰা উচিত, এই প্রশ্নবোৰ বাহিৰেও বিনিয়োগৰ বিভিন্ন
বিকল্প সম্পর্কীয় প্রশ্নবোৰো বিকৃত হৈ পৰে আৰু হ্রস্রকালীন মুনাফা তথা নিশ্চিতিৰ সন্ধানেই মূল লক্ষ্য হৈ পৰে। অৱশ্যে ৰিস্ক গ্রহণ কৰা তথা অনিশ্চয়তা তথা imperfect informationৰ সৈতে
মোকাবিকা কৰাৰ প্রৱণতাও নিশ্চয়কৈ সদায়েই দেখা পোৱা যায় আৰু প্রায়েই
ভুল-ভ্রান্তিও নিশ্চয়কৈ কৰা হয়, জুৱাৰীৰ দৰে ৰিস্ক লোৱা হয়। কিন্তু কথা হৈছে যে আজিৰ দিনত
বিনিয়োগ কৰাসকলৰ সমুখত বিভিন্ন অস্পষ্ট তথা বিভ্রান্তিকৰ signal-য়ে
বিশাল সমস্যা সৃষ্টি কৰিছে। এনেয়েও অনাগত ছয় মাহতে কেঁচা-সামগ্রীৰ দাম, শ্রমিকৰ দৰ,
সূদৰ হাৰ আদি কিমান হব- তাৰে পূর্বানুমান কৰাটো খুবেই কঠিন; ছয় বছৰতো খুব দূৰৈৰে
কথা। অথচ যিকোনো বৃহৎ ফেক্টৰী নির্মাণ কৰিবলৈ
দীঘলীয়া সময়ৰ প্রয়োজন হয়। এনে সমস্ত
উপাদানবোৰৰ প্রতি লক্ষ্য কৰিলে বুজা যায় যে
বিনিয়োগ সম্পর্কে “যুক্তিকৰ” বুলি প্রমাণিত হোৱা সিদ্ধান্তবোৰ
সংস্থাগত তথা আর্থিক স্থিতিৰ সাধাৰণ ফলাফল নহয়, বৰং সিবিলাকক কাকতালীয় ফলাফল
বুলিহে কব লাগিব।
ঠিক এইখিনিতে
“হ্রস্রকালীন-কেন্দ্রীকতা”(short-termism) সম্পর্কে কিছু কথা আলোচনা কৰিব পাৰি। পুঁজিবাদী সম্পত্তিৰ এক বিশাল অংশৰ সংস্থাগতকৰণৰ ফলাফল
হিচাপেই হ্রস্রকালীন-কেন্দ্রীকতাৰ সৃষ্টি হয়। সাধাৰণ মডেলটোৱে মানি লয় যে ফার্মখনৰ
এজন বা ততোধিক মালিক আছে, তথা মালিকে কোনো বেতনভোগী মেনেজাৰো হয়তো নিয়োগ কৰিছে। মালিক আৰু মেনেজাৰৰ স্বার্থৰ সম্ভাব্য সংঘাত সম্পর্কে অনেক গৱেষণা আছে যদিও শেষ
বিচাৰত এই সকলোবোৰ লিখনীতে মালিক আৰু মেনেজাৰ – দুয়ো ফার্মখনৰ দীর্ঘকালীন বিকাশৰ
প্রতি আগ্রহী বুলি ধৰি লোৱা হয়। কিন্তু ফার্মখনৰ শ্বেয়াৰবিলাকৰ মালিক যদি কোনো বীমা
কোম্পানী, পেঞ্চন ফাণ্ড বা বিনিয়োগ ফাণ্ড
হয়, তেতিয়া? এই বীমা কোম্পানী, পেঞ্চন
ফাণ্ড ইত্যাদিবোৰেতো সর্বদা ষ্টক তথা
শ্বেয়াৰ ক্রয়-বিক্রয় কৰিয়েই বজাৰত লীলা-খেলা কৰি থাকে! এনেক্ষেত্রত শেষ বিচাৰত ফার্মখনৰ মালিক হয়তো
শত-সহস্র ক্ষুদ্র ক্ষুদ্র সঞ্চয়কর্তা বুলিয়েই আৱিষ্কৃত হব পাৰে, যাৰ
সৰু পৰিমাণৰ সঞ্চয়ে এনে ফাণ্ডবোৰ সক্রিয় কৰে। এনে অধিকাংশ লোকে সাধাৰণতেই তেওঁলোকৰ ফাণ্ডবোৰে কত কি
শ্বেয়াৰ কিনি ফুৰিছে, তাৰ প্রতি মন নকৰে। মূল কথাটো হৈছে যে মালিক আৰু ফাণ্ড মেনেজাৰ- দুয়োৰে এই ফার্মখনৰ দীর্ঘকালীন
বিকাশৰ প্রতি কোনো আগ্রহ নাই। তেওঁলোক এনে ফাণ্ডৰ মালিক কেইসপ্তাহমানৰ বাবেও হব পাৰে,
বা কেইমিনিটমানৰ বাবেও হব পাৰে। কাজেই ফার্মখনত তেওঁলোকৰ স্বার্থ
হ্রস্রকালীন হবলৈ বাধ্য। আমেৰিকাত দেখা যায় যে প্রতি ৫ বছৰৰ মূৰে মূৰে কর্পোৰেট
এক্সিকিউটিভসকল সলনি হয়।
অর্থাৎ এইসকল লোকৰো ফার্মখনৰ দীর্ঘকালীন বিকাশৰ প্রতি কোনো দায়বদ্ধতা নাথাকে। অৱশ্যে জাপানৰ
ক্ষেত্রত কথাটো কিছু সূকীয়া। এনে হ্রস্রকালীন স্বার্থই কেনেবোৰ বিষম ফলাফল সৃষ্টি
কৰিব পাৰে, তাৰ কিছু উদাহৰণ ছেইমুৰ মেলমেনে তেওঁৰ Profits Without Production গ্রন্থখনত বিতংকৈ
দর্শাইছে। অর্থাৎ পূব ইউৰোপৰ ছেন্ট্রেল প্লেনাৰসকলৰ বিনিয়োগ নীতিবোৰ পর্যাপ্ত নহল
বুলিয়েই যে পশ্চিমৰ বিনিয়োগ নীতিবোৰ খুবেই উত্তম বুলি কব লাগিব - এনেকৈ ভবাৰ কোনো
সকাম নাই।
“যুক্তিকৰ”(rational) বিনিয়োগৰ সৈতে যুক্ত আন এটা দিশ হৈছে – নিয়োগৰ ক্ষেত্রত
সিবিলাকৰ প্রভাৱ। বিকশিত দেশসমূহত আজি এটা বিশাল বিপদে দেখা দিছে – যি হাৰত
শ্রম-সঞ্চয় কৰা প্রযুক্তি বৃদ্ধি পাব ধৰিছে, ঠিক সেই হাৰত এই দেশবোৰে বিকল্প নিয়োগ
সৃষ্টি কৰিব নোৱাৰিবও পাৰে। কাজেই চিৰিয়াছ তথা দীর্ঘকালীন নিবনুৱা সমস্যাই গা কৰি উঠিব পাৰে। Business cycle তথা deflationary
policies-ৰ ফলস্বৰূপে যি নিবনুৱা সমস্যা সৃষ্টি
হয়, সেইখিনিৰ কথা গণ্য কৰিলে সমস্যাটো আৰু
অধিক ভয়ংকৰ যেন দেখা যাব। অর্থাৎ microeconomic level-ত প্রযুক্তি
ব্যৱহাৰৰ লাভ তথা macro levelত সিবিলাকৰ ক্ষতিকাৰী সামাজিক প্রভাৱ- এনে এক দ্বন্দ্বই
গা কৰি উঠিব পাৰে। ইয়াৰ প্রতিকাৰ হিচাপে
পৰিকল্পিতভাৱে কাম শ্বেয়াৰ কৰাৰ পদ্ধতি বিকশিত কৰিব লগা হব পাৰে বা
কার্মৰ দীর্ঘতা হ্রাস কৰিব লগা হব পাৰে। কিন্তু বর্তমানৰ সময়ত
নিয়োগকর্তাই হওঁক বা ট্রেড ইউনিয়নবিলাকেই হওঁক – কোনো পক্ষই এনে নীতি সূচলকৈ
কার্যকৰী কৰাৰ পদ্ধতি বিকশিত কৰিব পৰা নাই। আজিৰ দিনত আনকি বস্তু সামগ্রীৰ নাটনিৰ
সম্ভাৱনাও তীব্র হৈ উঠিছে –যি উৎপাদন বৃদ্ধিৰ ক্ষেত্রত নিশ্চয়েই বাধাৰ
সৃষ্টি কৰিব। এনে বস্তু সামগ্রীৰ নাটনিৰ সৈতে বজাৰৰ সাধাৰণ কর্মপ্রণালীয়ে মোকাবিলা
কৰিব নোৱাৰে। ঠিক এই কাৰণটোৰ
বাবেই যুদ্ধ-বিগ্রহৰ সময়ত অর্থনীতিখনৰ ওপৰত কেন্দ্রীয় নিয়ন্ত্রণ স্থাপন কৰা হয়। আন
এটা সহজ উদাহৰণ দিয়া যাওঁক : উত্তৰ সাগৰৰ মাছ।
উত্তৰ সাগৰৰ মাছ
সুস্বাদু, কিন্তু প্রাকৃতিক কাৰণতেই তাৰ যোগান সীমিত। এনে পৰিস্থিতিয়ে মাছৰ মূল্য
বৃদ্ধি কৰে, যি আৰু অধিক মাছ ধৰিবলৈ প্রলোভিত কৰে। পিছে মাছৰ
সীমিত প্রজননৰ ফালে পক্ষ নাৰাখি যধে-মধে মাছ ধৰি ফুৰিলে এদিন এনে অৱস্থা হব যে ধৰিবলৈ
মাছেই বাকী নাথাকিব। প্রায়েই কোৱা হয় যে উচ্চ হাৰৰ মুনাফা আর্জনে উৎপাদনো বৃদ্ধি কৰিবলৈ প্রেৰণা যোগায়। পিছে
এইক্ষেত্রত উহ্য হৈ থকা প্রাক-ধাৰণাটো হৈছে যে উৎপাদন বৃদ্ধিৰ কোনো প্রাকৃতিক সীমা
নাই, অর্থাৎ কোনো প্রাকৃতিক কাৰকে উৎপাদন বৃদ্ধি ৰোধ কৰিব নোৱাৰে। অথচ
উত্তৰ সাগৰৰ মাছৰ এই উদাহৰণটোৱে আমাক ঠিক এনে
কিছু সীমাৱদ্ধতাৰ প্রতিয়েই আঙুলিয়াই দিয়ে। এইবাবেই মাছ ধৰাৰ
উদ্যোগটো চৰকাৰীভাৱে নিয়ন্ত্রণ কৰা হয়
তথা এনে কৰাটোৱেই বাঞ্ছনীয়। ভৱিষ্যতে পৰিবেশ সুৰক্ষাৰ প্রশ্নটো তীব্র হৈ উঠাৰ ফলত এনে
স্থিতি আৰু অধিক পৰিমাণে বৃদ্ধি পাব। (বিশেষ টোকাঃ ছোভিয়েট ইউনিয়নত সীমিত
প্রাকৃতিক সম্পদবোৰ অকুশলীভাৱে ব্যৱহাৰ কৰাৰ সমস্যা, সম্পদ নষ্ট কৰাৰ সমস্যা, নদী তথা পৰিবেশক
প্রদূষিত কৰি তোলাৰ সমস্যা – ইত্যাদি বিষয় সম্পর্কে মই জ্ঞাত। মূল কথাটো হৈছে কেৱল মুনাফা আহৰণৰ ওপৰত নির্ভৰশীল সমাজবিলাকতো এনেবোৰ পৰিঘটনা সংঘটিত
হব পাৰে। ছোভিয়েট ইউনিয়নত অন্ততঃ
এইবুলি দাবী কৰিব পাৰি যে
অর্থনীতিৰ চৰিত্র “পৰিকল্পিত” হোৱাৰ হেতুকে এনেবোৰ পৰিঘটনা সম্পন্ন হবই নালাগিছিল। কিয়
ছোভিয়েট ইউনিয়ন এইক্ষেত্রত বিফল হল – এই সম্পর্কে মই অনাগত অধ্যায়সমূহত আলোচনা কৰিম)।
ছচিয়েলিষ্টসকলে externalities-ৰ গুৰুত্বৰ
কথাটো সদায়েই দোহাৰিব লাগে। বিশেষকৈ তেনেবোৰ ক্ষেত্রত, যত কোনো নির্দিষ্ট লেনাদেনাৰ
বর্হিগত প্রভাৱ বিশেষভাৱে লক্ষণীয় হয়। প্রতিটো একছনেই নিশ্চিতভাৱে কোনো বর্হিগত
প্রভাৱ সৃষ্টি কৰে, কিন্তু সকলোক্ষেত্রতে সিবিলাক খুব গুৰুত্বপূর্ণবিধৰ
হোৱা দেখা নাযায়।
কিন্তু এনে অনেক ক্ষেত্র আছে, য’ত externalities-ৰ
প্রশ্নটোৱে বিশেষ প্রাসংগিকতা লাভ কৰে। Externality ঋনাত্মকো
হব পাৰে (যেনে - প্রদূষণ, যান-জঁট, বিকট
শব্দ, কীটনাশকৰ ফলত পৰুৱা-পতঙ্গ ইত্যাদিৰ মৃত্যু), অথবা ধনাত্মকো হব পাৰে (যেনে
চহৰখনৰ সুদক্ষ পৰিবহন ব্যৱস্থা, নির্ভৰশীল ডাক ব্যৱস্থা, চুবুৰীয়া
পার্কখনত সুন্দৰ ফুল গছৰ ৰোপন ইত্যাদি)। মূল কথাটো হৈছে – externality-বিলাকৰ
সঠিক চিনাক্তকৰণ। আধুনিক যুগত অধিকতকৈ
অধিক অঞ্চলত externality-ৰ গুৰুত্ব ক্রমান্বয়ে বৃদ্ধি পাইছে। অর্থাৎ সমাজৰ সাধাৰণ
স্বার্থৰ সৈতে ব্যক্তিগত অথবা আংশিক স্বার্থৰ সংঘাতৰ উদাহৰণো ক্রমান্বয়ে বৃদ্ধি
পাইছে।
নিয়োগ আৰু নিয়োগহীনতা
সম্পর্কীয় পুৰণা উদাহৰণটোলৈ ঘূৰি চালে এনে সংঘাত অতি স্পষ্টকৈ দেখা পোৱা যায়, বিশেষকৈ
তৃতীয় বিশ্বৰ দেশসমূহত। ইয়াৰ প্রকৃত কাৰণটো অৱশ্যে প্রায়েই ৰাজনৈতিক
বাগাড়ম্বৰে লুকুৱাই ৰাখে। উদাহৰণস্বৰূপে, তৃতীয় বিশ্বৰ বহুতো দেশত নিবনুৱা সমস্যা ব্যাপক হোৱা স্বত্তেও
ঔদ্যোগিক বিনিয়োগবিলাকত শ্রমহ্রাসকাৰী প্রযুক্তি ব্যৱহাৰ কৰাৰ বাবে বহুজাতিক নিগমবিলাকক অভিযুক্ত কৰা হয়। কেবাবছৰ পূর্বে এই বিষয়ে “The Explosive Model” শীর্ষক এটা প্রৱন্ধত মই বিস্তৰভাৱে আলোচনা কৰিছোঁ [1]। এয়া
আচলতে কোনো বহুজাতিক নিগম বা বিদেশী
বিনিয়োগকাৰীৰ কাৰচাজিৰ ফলত সৃষ্টি হোৱা পৰিঘটনা নহয়। মই মোৰ প্রৱন্ধটোত দর্শাইছোঁ
যে যিবোৰ ঠাইত অকুশল শ্রমিকৰ মজুৰী অতিশয়
নিম্নতৰ, তেনেবোৰ ঠাইতো শ্রমহ্রাসকাৰী প্রযুক্তিৰ ব্যৱহাৰে অধিক মুনাফা আর্জন
কৰাত সহায় কৰিব পাৰে। উদাহৰণস্বৰূপে,
শ্রমিকৰ পৰিৱর্তে বুলডজাৰৰ প্রয়োগ কৰিলে ই খৰছ কমোৱাত সহায়ক হব পাৰে,
তেহেলৈ শ্রমিকৰ উপস্থিত মজুৰী একেবাৰেই কম নহওঁক কিয়। দেশৰ ঘৰুৱা পুঁজিপতিসকলেও আৱিষ্কাৰ কৰে যে শ্রমৰ
ঠাইত অধিক পুঁজি ব্যৱহাৰ কৰিলে ই অধিক লাভজনক হব পাৰে; এয়া কেৱল উদ্যোগৰ
ক্ষেত্রতে সত্য নহয়, বৰং কৃষি খণ্ডতো সত্য। এই মডেলটোক মই ”বিস্ফোৰক” মডেল বুলি
অভিহিত কৰিছোঁ, কিয়নো জনসংখ্যা বৃদ্ধিৰ উচ্চ হাৰৰ লগত যুক্ত হৈ বিকাশৰ এই মডেলটোৱে প্রান্তীয় নিয়োগ
বা under-employment ভীষণভাৱে বৃদ্ধি কৰে, যি
সামাজিক অশান্তি তথা বেমেজালি সৃষ্টি কৰিব পাৰে।
এই যে অনেকবোৰ বিকাশশীল
দেশে বিভিন্ন “থলুৱা সমাজবাদী” পথেৰে আগবাঢ়িবলৈ প্রলোভিত হয়, তাৰ অন্যতম কাৰণ
এইজাতীয় দিশসমূহতেই লুকাই আছে। এনে তথাকথিত সমাজবাদী পথে যে প্রায়েই এই দেশসমূহৰ
প্রতি সর্বনাশ মাতি আনে, সেই বিষয়ে মোৰ কোনো সন্দেহ নাই। কিন্তু একেসময়তে, এইবিষয়েও কোনো সন্দেহ নাই যে এই
বিকাশশীল দেশবোৰে পুঁজিবাদী পথ নাকচ কৰাৰ আঁৰত কেতবোৰ শক্তিশালী কাৰণ আছে। এনে
কেতবোৰ কাৰণ প্রাক-পুঁজিবাদী পৰম্পৰাগত মানসিকতাৰ মাজতো বিচাৰিব পৰা যায়। বিশেষকৈ প্রাক-বিপ্লৱকালীন ৰাছিয়াত এনে
মানসিকতাসমূহ অতিশয় শক্তিশালী আছিল। অভিজাতসকলৰ
মাজত, কৃষকসকলৰ মাজত, তথা আনকি বুদ্ধিজীৱীসকলৰো মাজত (ৰক্ষণশীল তথা ৰেডিকেল –দুয়োপ্রকাৰৰে
বুদ্ধিজীৱীৰ মাজত) – পশ্চিমীয়া পুঁজিবাদৰ বিজনেছ মানসিকতাৰ প্রতি
স্বতঃস্ফূর্ত বিৰাগ তথা ঘৃণা দেখা পোৱা গৈছিল। স্তলিপিন সংস্কাৰৰ (১৯০৬-১১) সময়ত কৃষকসকলৰ মাজত
একপ্রকাৰ বলপূর্বকভাৱে ব্যক্তিগত সম্পত্তিৰ ধাৰণাটো সুমুৱাই দিবলৈ চেষ্টা কৰা
হৈছিল। কিন্তু ১৯১৭ৰ বিপ্লৱৰ লগেলগেই এনে সমস্ত প্রচেষ্টা অতিশয় দুর্বল তথা বিফল বুলি প্রমাণিত হৈছিল আৰু
বিপ্লৱৰ ধামখুমিয়াত এনে সংস্কাৰবিলাক নাকচ কৰি পেলোৱা হৈছিল। অৱশেষত প্রাক-আধুনিক
সমূহীয়া কৃষিৰ (অবচিনা) প্রতিয়েই ৰাছিয়াৰ
কৃষকসকল ঘূৰি গৈছিল। অর্থাৎ প্রাক-পুঁজিবাদী এনে মানসিকতাসমূহে ৰুছ বিপ্লৱ সংঘটিত কৰাত বিশেষ
ভূমিকা গ্রহণ কৰিছিল। শেহতীয়াকৈ দেখা গৈছে যে ইৰাণতো পৰম্পৰাবাদী-ৰক্ষণশীল
শক্তিসমূহে পশ্চিমীয়াবিধৰ পুঁজিবাদী বিকাশৰ পথ নাকচ কৰিছে। ব্যক্তিগত মুনাফাৰ নামত
সমাজৰ দ্রুত পৰিবর্তনৰ পথ বিভিন্ন সমাজত
কম-বেছি পৰিমাণে অস্বীকার্য হৈ পৰা দেখা যায়। বিশেষকৈ ব্যাপকভাৱে imperfect market-ৰ সমস্যাত গ্রস্ত সমাজবিলাক- যত অসমান বিকাশৰ গতিয়ে কিছুমান
ব্যক্তিক অতিশয় ধনী তথা আনসকলক অতিশয় দুখীয়ালৈ পৰিণত কৰিছে, সিবিলাকত এনে অস্বীকার্যতাৰ উপস্থিতিও অধিক।
এইটো এটা অতিশয় বিশাল
বিষয় আৰু দুয়োদিশৰে পৰা এই সম্পর্কে অনেক আলোচনা হৈ গৈছে। বর্তমানে মই এইবুলিয়েই
কব বিচাৰোঁ যে আজিৰ দিনত “বিকাশবাদী সমাজবাদ” বোলা এক মতাদর্শৰ উপস্থিতি দেখা পোৱা যায়, যি মোৰ বিচাৰত
হয়তো বিভ্রান্তিকৰ তথা মূর্খামিপূর্ণ হব পাৰে, কিন্তু ই যে পুঁজিবাদ-বিৰোধী, এই
সম্পর্কে সন্দেহ নাই। হয়তো লর্ড হেৰিছে কোৱাৰ দৰে, এই বিকাশশীল দেশবোৰে দক্ষিণ
কোৰিয়া সদৃশ নীতি গ্রহণ কৰা হলে অধিক তীব্রতাৰে আর্থিক বিকাশ লাভ কৰিবলৈ সক্ষম হ’ল
হয় (পিছে লর্ড হেৰিছেও এই কথাষাৰ উল্লেখ কৰিবলৈ পাহৰিছে যে দক্ষিণ কোৰিয়াৰ তীব্র
বিকাশো কিন্তু এক শক্তিশালী চৰকাৰী যন্ত্রৰ উপস্থিতি, চৰকাৰৰ দ্বাৰা এক
সুনির্দিষ্ট বিনিয়োগ নীতিৰ নির্ধাৰণ, এই বিষয়ক সংশ্লিষ্ট চৰকাৰী গাইডেন্স, আৰু চৰকাৰী subsidyৰ ফলতহে সম্ভৱপৰ হৈছে। অর্থাৎ মুক্ত বাণিজ্যই দক্ষিণ কোৰিয়াক বিকশিত কৰা নাই)। কিন্তু একেসময়তে এই কথাও মন কৰা উচিত যে প্রতিখন দেশৰে
নিজৰ কেতবোৰ বিশেষ বৈশিষ্ট্য আছে। কাজেই ইখনে সিখনৰ মডেল অন্ধভাৱে অনুসৰণ কৰিব নোৱাৰে। আলজাৰিয়াক
দক্ষিণ কোৰিয়াৰ আর্থিক মডেল অনুসৰণ কৰিবলৈ কোৱাটো গ্রেট বৃটেইনক
জাপানসদৃশ শ্রম নীতি পালন কৰিবলৈ কোৱাৰ দৰে কথা হব। প্রতিখন সমাজতে কেতবোৰ নূন্যতম সামাজিক সহমত
থকাটো দৰকাৰ, সমাজখনৰ আর্থিক তথা ৰাজনৈতিক গাঁথনিবিলাকৰ কিছু স্বীকার্যতা থকাটো দৰকাৰ। ইবিলাকৰ অবিহনে,
সমাজত বিশৃংখলতা সৃষ্টি হয় আৰু ইয়াৰ লগতে আৰম্ভ হয় ৰাষ্ট্র-সন্ত্রাস আৰু চৰকাৰী
দমন – সেয়া লাগে স্তালিনসদৃশ দমনেই হওঁক বা সোঁ-পন্থী মিলিটেৰীৰ দমনেই হওঁক। দ্রত
গাঁথনিগত পৰিৱর্তনৰ জৰিয়তে আর্থিক বিকাশৰ পথে কেৱল প্রাইভেট মুনাফাৰ
বাবে (প্রায়েই অসঙ্গত বিধৰ) নতুন সুযোগেই সৃষ্টি নকৰে, লগতে ই তীব্র সামাজিক বিৰোধিতাৰো
জন্ম দিব পাৰে।
প্রায়েই কোৱা হয় যে দেশত ৰাজনৈতিক
গণতন্ত্র স্থাপন কৰাৰ নূন্যতম প্রয়োজনীয় চর্ত (necessary condition) হৈছে উৎপাদন সমলৰ ব্যক্তিগত মালিকানা সুনিশ্চিত কৰা। কথাষাৰ সঁচা
হবও পাৰে। কিন্তু সেইবুলি ই যথেষ্ঠ
চর্ত (sufficient condition) হব নোৱাৰে। বহুতো বিকাশশীল দেশৰ গতি লক্ষ্য কৰিলে ইয়াৰ ওলোটা ছবি এখনহে
দেখা যায়। যথা - পুঁজিবাদী বিকাশ পথৰ বাবে আইন-সুৰক্ষা ব্যৱস্থা অক্ষুণ্ণ ৰাখিবলৈ
এক শক্তিশালী চৰকাৰী দমন যন্ত্র, অর্থাৎ মিলিটেৰী বা এটা দলৰ একনায়কত্ববাদী চৰকাৰ প্রয়োজনীয় যেন অনুভৱ হয়। প্রশ্নটো আন
এটা দিশৰ পৰাও চাব পৰা যায়- তীব্র গাঁথনিগত পৰিৱর্তনে বহুতো লোকৰ পৰম্পৰাগত
জীৱনশৈলীলৈ ভাবুকি কঢ়িয়াই আনে, জীৱনবোৰ অস্থিৰ কৰি
তোলে আৰু প্রায়েই ই চৰম আত্মবলিদানো দাবী কৰে। এই
আটাইবোৰ কাম কোনো মতাদর্শৰ দোহাই দিহে কৰাটো
সম্ভৱপৰ। সেয়েহে এয়া আশ্বর্যকৰ নহয় যে প্রায়েই
এনে মতাদর্শই ‘সমাজবাদ’ৰ ভাষা গ্রহণ কৰে। অৱশ্যে ‘ৰাষ্ট্রীয়তাবাদো’ এইক্ষেত্রত
সমানেই ফলপ্রসূ বুলি কব পাৰি। এনে তথাকথিত বিকাশবাদী সমাজবাদৰ
আভ্যন্তৰীন লজিক (তথা বিপদ)লৈ মন কৰাটো প্রয়োজনীয়।
এইখিনিতে আন এষাৰ কথাও
উল্লেখ কৰি থোৱাটো ভাল হব। বহুতো অর্থনীতিবিদে ভবাৰ বিপৰীতে, “কেৱল হ্রস্বকালীন
ব্যক্তিস্বার্থৰ সন্ধান আৰু স্বাধীন চুক্তিপত্রৰ জৰিয়তে গঢ়ি উঠা মানৱ নেটৱর্কৰ ওপৰত ভৰষা কৰি
কোনো সামাজিক ব্যৱস্থা টিকি থাকিব নোৱাৰে”। এই কথাষাৰ কৈ
গৈছিল স্কুমপিটাৰে[2]। এইজাতীয় নানান উক্তি জোৱান ৰবিনচন তথা পাৰেটোৱেও প্রদান কৰি
গৈছে। সমাজ একোখন কেৱল মুনাফাৰ ধাণ্ডাত
প্রতিষ্ঠিত হব নোৱাৰে, এনে হবলৈ হলে ই সোনকালেই চূৰমাৰ হৈ পৰিব। এনে এখন সমাজ
- য’ত কেৱল ধন আর্জন কৰাটোৱেই মূল উদ্দেশ্য তথা সফলতাৰ মাপ কাঠি
হৈ পৰে, তেনে এখন সমাজত ভ্রষ্টাচাৰেও ভয়ানক ৰূপ ধাৰণ কৰিবলৈ বেছি পৰ নালাগে।
প্রাপ্তিৰ প্রতি মানৱ আকর্ষণক নিশ্চয়কৈ
আওকান কৰিব নোৱাৰি আৰু কেনেকৈ ইয়াৰ ব্যৱহাৰৰ জৰিয়তে
কর্মকুশলতা বৃদ্ধি কৰিব পাৰি, এই বিষয়ে মই
এই কিতাপখনত সবিস্তাৰে লিখিছো। কিন্তু সেইবুলি প্রাপ্তিৰ আকাংক্ষাক যে সর্বদা
আক্রামক বিজ্ঞাপনৰ জৰিয়তে প্রলোভিত কৰি থাকিব লাগিব, সেইটো প্রয়োজনীয় নহয়। আজিৰ দিনত যিদৰে মানৱ আকাংক্ষাৰ আটাইতকৈ
নিম্নতৰ সাধাৰণ উপাদানবোৰক প্রলোভিত কৰি টিভি শ্ব’ আদি আয়োজন কৰা হয় তথা সিবিলাকৰ
এংকৰসকলক বিপুল ধনৰাশি প্রদান কৰা হয়, সেয়া অতিশয় স্থূল বুলি কবই লাগিব। সংস্কৃতিৰ প্রশ্নটোৰ প্রতি চিৰিয়াছ যিকোনো
ব্যক্তিৰ বাবেই এনে “শ্ব-বিজনেছবোৰ’ অতিশয় বিৰক্তিকৰ। উচ্চতৰ তথা
অর্থবহ জীৱনৰ শৈলীৰ সৈতে মুনাফা সন্ধানৰ এনে সংঘাত অৱশ্যাম্ভৱী। আজিৰ দিনত দেখা
পোৱা বিভিন্ন ধৰণৰ “ৰাজহুৱা লেতেৰামি” হৈছে
কেৱল বাণিজ্যিক দিশটোক গুৰুত্ব দিয়াৰ ফলাফল। মোৰ নিজা চহৰখন – অর্থাৎ
গ্লাছগোত এটা অতিশয় উৎকৃষ্ট পার্ক বিভাগ আছে, যি পথচাৰীসকলৰ বাবে নদীৰ কাষত এটা
সুন্দৰ পদপথ নির্মাণ কৰিছে, সাধাৰণ ৰাইজৰ বাবে বিনামূলীয়াকৈ কেইবাখনো উৎকৃষ্ট
বটানিকেল গার্ডেন গঢ়ি তুলিছে। এনে ৰাজহুৱা খৰছে যিধৰণৰ “মানৱ সন্তুষ্টি” সৃষ্টি
কৰে, তাতোকৈ উচ্চ পর্যায়ৰ সন্তুষ্টি কোনো ডিটার্জেণ্ট, ডিয়োড্রেণ্ট অথবা সস্তীয়া
আলোচনীৰ ক্রয়ে আপোনাক প্রদান কৰিব পাৰিব- সেইটো মই নিশ্চিতি দি কব নোৱাৰিম। ১৯৯০ চনৰ পূব
ইউৰোপৰ বজাৰমুখী সংস্কাৰবিলাকৰ প্রতি মন কৰি এজন আমেৰিকান লিখকে এনেদৰে মন্তব্য কৰিছে-
পূব ইউৰোপৰ জনগণে আজি নিজকে প্রশ্ন কৰা উচিত- তেওঁলোকে
সঁচাকৈয়ে আমেৰিকাৰ দৰে হবলৈ বিচাৰিছে নে? সঁচাকৈয়ে তেওঁলোকে বিচাৰিছেনে যে তেওঁলোকৰ
চহৰবিলাকতো গৃহহীন লোকৰ ভীৰ সৃষ্টি হওঁক,
ড্রাগছৰ বাবে গুলিয়াগুলি আৰম্ভ হওঁক, ধনীসকল ধনী হৈ গৈ থাকক আৰু দুখীয়াৰ
সংখ্যা ক্রমান্বয়ে বৃদ্ধি পাওঁক? দেশত কর্পোৰেট ৰেইডাৰ, য়ুপ্পি তথা
গ’ল্ডেন পেৰাচ্যুটৰ সংখ্যা-পৰিঘটনা বৃদ্ধি পোৱাটো সঁচাকৈয়ে
তেওঁলোকে বিচাৰেনে? কার্ল মার্ক্সৰ পৰা চিধাই ডনাল্ড ট্রাম্পৰ কোলালৈ লৱৰি যোৱাটো প্রয়োজনীয়নে?
সমাজৰ ওপৰৰ অংশটোৰ লোভ আৰু তলৰ অংশটোৰ আত্মত্যাগ – আজিৰ দিনত এয়াইতো আমাৰ কর্পোৰেট
কালচাৰ...আজিৰ সময়ত যেতিয়া কমিউনিষ্ট ৰাষ্ট্রবিলাকে নিজৰ শোষণকাৰী গাঁথনিবোৰ ধ্বংস
কৰিবলৈ চেষ্টা কৰা যেন দেখা গৈছে, ঠিক এইখিনি সময়তে বজাৰ অর্থনীতিৰ আটাইতকৈ বর্বৰ
দিশবোৰ নিয়ন্ত্রণ কৰিব পৰা অনুষ্ঠানসমূহ আমেৰিকানসকলে আঁতৰাই পেলাবলৈ বিচাৰিছে...ইয়াতকৈ
পৰিহাসৰ কথা আৰু কি থাকিব পাৰে? (প্রফেচৰ কেৰিল ৰিভার্ছ, বষ্টন গ্লোব, ২০ মার্চ,
১৯৯০)।
এই কথাখিনি শ্রীমতী
মার্গাৰেট থেছাৰৰ উগ্র অনুগামীসকলৰ ক্ষেত্রতো প্রয়োগ কৰিব পাৰি। ওপৰৰ প্রৱন্ধটোৰ লেখকজনে এক মানৱীয় পুঁজিবাদৰ
পোষকতা কৰে। বহুতে অৱশ্যে ইয়াকে আজিৰ দিনৰ সমাজবাদ বুলিও কব বিচাৰএ, অন্ততঃ নতুন
প্রজন্মৰ ছোভিয়েট সংস্কাৰকসকলেতো এনেকৈয়ে ভাবে!
মূলসুঁতিৰ অর্থশাস্ত্রৰ
পাঠ্যপুথিত উল্লেখ থকা পুঁজিবাদকেই প্রকৃত পুঁজিবাদ বুলি ভবা নিৰীহ প্রশংসকসকললৈ
বষ্টন গ্লোবে ধেমালিৰ চলেৰে আন এটা সতর্কবাণী আগবঢ়াইছে। The ABC of Capitalism শীর্ষক এখন নতুন গ্রন্থ
পূব ইউৰোপৰ পাঠক এজনে পঢ়ি আছে। কিতাপখনৰ এটা পেৰাগ্রাফ হৈছে এনেকুৱা –
বি (B)
বি মানে
বণ্ড- একেবাৰে পেলনীয়া বণ্ড
বি মানে
বেইল আউট, যেনে ছেভিংছ তথা ঋণৰ বেইল আউট
বি মানে
বেংকৰাপ্টছি, মানে দেউলীয়া অৱস্থা
বি মানে
বাই-আউট, লিভাৰেজ কৰা সম্পত্তিৰ বাই-আউট
(পাঠকে মন কৰক যে ছেভিংছ
তথা ঋণৰ ‘বেইল আউট’ৰ বিনিময়ত আমেৰিকান কৰদাতাই শেহতীয়াকৈ প্রায় ৫০০ বিলিয়ন ডলাৰ ভৰিব
লগা হৈছে!)
ব্যক্তিগত সম্পত্তি তথা
ব্যক্তিগত মুনাফা আধাৰিত ব্যৱস্থাৰ বিকল্প হিচাপে সমাজবাদৰ কল্পনা কৰা হয়। বিপ্লৱী আৰু সংস্কাৰকৰ
বহু প্রজন্মই এনে এখন পৃথিৱীৰ সপোন দেখি আহিছে, য’ত আয় আৰু সম্পত্তিৰ তীব্র অসমতা
নাথাকিব, য’ত সমূহীয়া মালিকানা প্রভুত্বশালী হব, যত আর্থিক আৰু ৰাজনৈতিক শক্তি
অধিক সমানুপাতিকভাৱে বিতৰণ কৰা হব, য’ত কর্মপৰিস্থিতি তথা জীৱনৰ বিভিন্ন দিশ নির্ধাৰণ
কৰাত সাধাৰণ জনগণৰ অধিক ভূমিকা আৰু নিয়ন্ত্রণ থাকিব, য’ত সমূহীয়া স্বার্থ ৰক্ষাৰ
বাবে গ্রহণ কৰা সচেতন পৰিকল্পনাই বজাৰৰ লেকাম চিগা শক্তি নিয়ন্ত্রণ কৰিব তথা তাৰ
স্থান (অন্ততঃ আংশিকভাৱে) গ্রহণ কৰিব। অনাগত অধ্যায়বিলাকত মই এনে সমস্ত দিশসমূহ
গভীৰভাবে বিবেচনা কৰি এক বাস্তৱ-সম্ভৱ সমাজবাদৰ আর্হি দাঙি ধৰিছোঁ। এইক্ষেত্রত আমাৰ পৰিচিত
বিভিন্ন বাগাড়ম্বৰ (যেনে পুঁজিবাদৰ দ্বন্দ্ব, পুঁজিবাদৰ অন্তিম সংকট, শোষণ,
দুর্দশা ইত্যাদি) মই সম্পূর্ণভাৱে পৰিহাৰ কৰিছোঁ। মই
প্রথমতেই উল্লেখ কৰিছোঁ যে মোৰ যুক্তিসমূহৰ বিপৰীত যুক্তিও নিশ্চয়কৈ আছে। আজিৰ
দিনত পশ্চিমৰ দেশসমূহত যি পুঁজিবাদ দেখা পোৱা যায়, সেয়া মার্ক্সৰ দিনৰ মুক্ত বজাৰমূলক
পুঁজিবাদতকৈ বহু পৰিমাণে ভিন্ন। আজিৰ
পুঁজিবাদৰ যেনেবোৰ দোষ-ত্রুটি দেখা পোৱা যায়, তেনেধৰণৰ নানান ত্রুটি তথা বিকৃতি ছোভিয়েট ব্যৱস্থাৰ অধীনতো দেখা যায়। অৱশ্যে
কিছুমান বিকৃতি সম্পূর্ণভাৱে তাৰ নিজা আৰু এই সম্পর্কে মই পাছলৈ আলোচনা কৰিছোঁ।
বর্তমানৰ পুঁজিবাদৰ আন কিছুমান ঋণাত্মক দিশক আকৌ সাধাৰণভাৱে ব্যক্তিগত
মালিকানা আধাৰিত পুঁজিবাদৰ ঋণাত্মক ফলাফল বুলি কোৱাতকৈ বৃহৎ
ঔদ্যোগিকীকৰণৰ ফলাফল বুলিহে কব পৰা যায়। সমাজবাদৰ নামত বিভিন্ন ধৰণৰ অস্পষ্ট,
বিভ্রান্তিকৰ, অপ্রায়োগিক আইডিয়াৰ উপস্থিতিও দেখা পোৱা যায়; তাৰে
কিছুমানৰ উৎস হৈছে স্বয়ং মার্ক্স, আনবিলাকৰ উৎস হৈছে অন্যান্য সমাজবাদী পৰম্পৰা। এনে বিভিন্ন বিভ্রান্তিকৰ ধাৰণা সম্পর্কে মই বিতংকৈ আলোচনা
কৰিছোঁ। সমাজবাদৰ সংজ্ঞা বিষয়ক
প্রশ্নটোৱেও নানান জটিলতাৰ সৃষ্টি কৰি আহিছে। আমি মানি লোৱা ভাল হব যে
বর্তমানৰ ব্যৱস্থাটোৰ বিভিন্ন দোষ-ত্রুটি আঙুলিয়াই দিয়াটো হৈছে
তুলনামূলকভাবে সহজ কাম; কঠিন কাম হৈছে সিবিলাকৰ ফলপ্রসূ সমাধান বিচাৰি ওলিওৱা, এক কর্মক্ষম
বিকল্প মডেল বিকশিত কৰা। অর্থশাস্ত্রৰ পাঠ্যপুথিৰ জনপ্রিয় লেখকসকলে প্রায়ে perfect competition, perfect market আৰু perfect
knowledge-ৰ কাল্পনিক দুনীয়া এখনৰ
বিশ্লেষণতেই ব্যস্ত হৈ থাকে তথা বাস্তৱৰ প্রকৃত সমস্যাবোৰক ব্যক্তিক্রম বুলি গণ্য কৰে। কাজেই
এইজাতীয় মডেলৰ প্রতি সমাজবাদীসকলৰ
আগ্রহ তথা ধৈর্য কম। কিন্তু একেসময়তে সমাজবাদীসকলেও কেতবোৰ অতিশয় বাস্তৱ-বিৰোধী মডেল
প্রস্তাৱিত কৰা দেখা যায়। প্রায়ে তেওঁলোকৰ মডেলবিলাকে মানি লয় যে
‘গণতান্ত্রিক’ প্লেনাৰসকলৰ ওচৰত সকলো প্রয়োজনীয় তথ্য পাতি থাকিব, সমাজৰ সাধাৰণ
স্বার্থ পূৰণ কৰিব পৰাকৈ তেওঁলোকে সামগ্রিক আঁচনি গ্রহণ কৰিব পাৰিব ইত্যাদি। বাস্তৱক্ষেত্রত প্লেনাৰসকলে
যিবিলাক সমস্যাৰ সমুখীন হব লগা হয়, সিবিলাকক এই মডেলবোৰে প্রায়ে অগ্রাহ্য কৰি চলা
দেখা যায়। পীটাৰ ৱাইলছৰ ভাষাত কবলৈ গলে - perfect competition তথা perfect computation – দুয়োটাই হৈছে সমানে কাল্পনিক বা অবাস্তৱিক। মার্ক্সে
পুঁজিবাদী ব্যৱস্থাৰ এক শক্তিশালী সমালোচনা বিকশিত কৰি থৈ গৈছে। কিন্তু তাৰ
কোনো বাস্তৱিক বিকল্প তেওঁ প্রদান কৰিছেনে? কিতাপখনৰ প্রথম অংশত মই এই
বিষয়ে বিতংকৈ আলোচনা কৰিছোঁ।
এইখিনিলৈকে লিখাৰ পাছতে
মই চার্লছ টেইলৰৰ কেতবোৰ মনোগ্রাহী লিখনী পঢ়িবলৈ পালোঁ। এক বিশেষ প্রসংগত তেওঁ
এনেদৰে লিখিছে- “সমাজ একোখনে যেতিয়া নিজৰ আত্ম-ন্যায্যতাৰ স্থিতিবোৰ উলংঘা কৰে
(যিবোৰ স্থিতি সমাজখনে এসময়ত নিজেই স্থাপন কৰিছিল, তথা বিকশিত কৰিছিল), ঠিক
তেতিয়াই সমাজখনে নিজকে ধ্বংস কৰিবলৈ আৰম্ভ কৰে”।
এফালে “স্থূল মার্ক্সবাদ”ৰ
দাবীবোৰ অগ্রাহ্য কৰি টেইলৰে একেসময়তে ঔদ্যোগিক সমাজবিলাকৰ কেতবোৰ বিশেষ বৈশিষ্ট্যৰ
প্রতি আঙুলিয়াই দিছে- যথা – কামৰ অর্থহীনতা তথা পৰাধীনতা, অগ্রাধিকাৰ নিৰূপণৰ সময়ত প্রক্রিয়াটোৰ ওপৰত নিজৰ
নিয়ন্ত্রণ নথকা, পণ্য-বিভ্রাট (fetishisation
of commodities)...নিজকে
কোনো বিমূর্ত, বাহ্যিক শক্তিৰ দ্বাৰা নিয়ন্ত্রিত হোৱা যেন অনুভৱ কৰা, নিজে এনে
বাহ্যিক শক্তিৰ খেলনালৈ পৰিণত হোৱা যেন অনুভৱ কৰা, কেৱল বস্তুসামগ্রীৰ প্রতি আকর্ষণৰ ভুক্তভোগী যেন অনুভৱ কৰা...এইদৰেই আমাৰ
সমাজখনত আজি আনুগত্যতাৰ চৰম সংকটে দেখা দিছে।
টেইলৰে এইকথা লিখিবলৈয়ো
পাহৰা নাই যে কিদৰে আজিৰ দিনত মুদ্রাস্ফীতিৰ জৰিয়তে প্রভুত্বশালী শক্তিবিলাকে
(অসংগঠিতসকলৰ মূল্যৰ বিনিময়ত) নিজৰ আয়, সুযোগ আৰু সামাজিক স্থান ৰক্ষা তথা বৃদ্ধি
কৰিবলৈ চেষ্টা কৰিছে, এইজাতীয় নানান অঁৰিয়াঅৰি সৃষ্টি হৈছে। টেইলৰৰ মতে
মুদ্রাস্ফীতি হৈছে বর্তমানৰ বিশৃংখলতাৰ এক দৃষ্টিগোচৰ চিহ্ন মাত্র (এনে গভীৰ
বিশ্লেষণৰ সৈতে monetarist-সকলৰ স্থূল দাবীবিলাকৰ তুলনা কৰি চাওঁক!)। “এইদৰেই আধুনিক
সমাজবিলাকে নিজৰে ন্যায্যতাৰ আধাৰবিলাক ধ্বংস কৰিবলৈ ধৰিছে”। কিন্তু ইয়াৰ চিধা
অর্থ এইটো নহয় যে পুঁজিবাদী এতিয়া নিজকে ধ্বংস কৰিবলৈ গৈ আছে। ইয়াৰ বিপৰীতে টেইলৰে
প্রশ্ন কৰিছে যে – “ইয়াক সঁচাকৈয়ে পুঁজিবাদৰ আত্ম-ধ্বংসকৰণ বুলি কব পৰা যায়নে? এই
ন্যায্যতা-হৰণৰ সমস্যাবিলাক কেৱল পুঁজিবাদী সমাজবিলাকতহে দেখা গৈছেনে”? এইটো এটা খুবেই গুৰুত্বপূর্ণ
প্রশ্ন। আজিৰ সংকটৰ স্বৰূপ কি পুঁজিবাদৰ পৰা উদ্ভুত হৈছে? নে সাধাৰণভাৱে সকলো বৃহৎ
ঔদ্যোগিক সমাজতে এই সমস্যা দেখা পোৱা গৈছে? অর্থাৎ পুঁজিৰ বাহিৰতো হয়তো এই সংকটৰ নানান কাৰণ
লুকাই আছে। টেইলৰে ৰছনাখনৰ এইদৰে সামৰণি মাৰিছে – “এই প্রশ্নবিলাকৰ সঠিক উত্তৰ বিচৰাৰ
জৰিয়তেহে সমাজবাদী তাত্ত্বিক চিন্তনৰ নবায়ন সম্ভৱপৰ হব, যিটো আজিৰ
দিনত বৰকৈ জৰুৰী হৈ পৰিছে[3]”।
কমিউনিষ্ট পার্টিবোৰে
শাসন কৰা (বা পূর্বে শাসন কৰা) দেশবোৰতো আজি ঠিক এনেধৰণৰেই তত্ত্বগত নবায়ন
প্রয়োজনীয় হৈ পৰিছে। এই দেশবোৰৰ বহুতো বুদ্ধিজীৱী ‘ছিকাগো বয়জ’লৈ পৰিণত
হৈ পৰিছে। বজাৰেই সকলো সমস্যাৰ যাদুকৰী সমাধান-মন্ত্র বুলি তেওঁলোকে ভাবিবলৈ ধৰিছে। তেওঁলোকৰ মনত
‘সমাজবাদ’ এক লেতেৰা শব্দলৈ পৰিণত হৈছে।
কিতাপখনৰ অন্তিম অধ্যায়টোত আমি এই বিষয়সমূহ সম্পর্কে পুণৰ আলোচনা কৰিম।
ক্রমশঃ
No comments:
Post a Comment