Wednesday, June 15, 2016

ৰুছ বিপ্লৱৰ ইতিহাস ২

প্রথম অধ্যায়

ৰুছ দেশৰ বিকাশৰ বৈশিষ্ট্যসমূহ

লিয়ন ট্রটস্কী


ৰুছ ইতিহাসৰ আটাইতকৈ মূল তথা স্থায়ী বৈশিষ্ট্যটো হৈছে – সামাজিক বিকাশৰ মন্থৰ গতি, আর্থিক অনগ্রসৰতা আৰু তাৰ ফলস্বৰূপে সৃষ্টি হোৱা সংস্কৃতিৰ নিম্ন স্তৰ তথা সামাজিক ৰূপবোৰৰ আদিমতা।পূবালী বতাহ আৰু এচীয় প্রব্রজনৰ প্রতি উন্মুক্ত এই বিশাল আৰু অনাড়ম্বৰ  ভূখণ্ড প্রকৃতিৰ দ্বাৰাই দীর্ঘ অনগ্রসৰতাৰ বাবে অভিশপ্ত আছিল। অঘৰী জাতিবোৰৰ  সতে  মাস্কোৱিৰ সংঘাত ১৭ শতিকা পর্যন্ত চলিছিল।  চেঁচা বতাহ, শীতৰ ভয়ানক জাৰ আৰু গ্রীষ্মৰ খৰাঙৰ সতে সংঘাত আজিও ওৰ পৰা নাই। সমস্ত প্রগতিৰ মূল আধাৰ – কৃষিৰ বিকাশ প্রসাৰিত(extensive) ৰূপতহে সংঘটিত হৈছিল। উত্তৰৰ ফালে গছ কাটি, অৰণ্যত জুই লগাই মাটি মোকলোৱা হৈছিল। দক্ষিণৰ ফালে কুমাৰী তৃণভূমিবোৰ কামত লগোৱা হৈছিল। প্রকৃতিৰ ওপৰত বিজয়ৰ ৰূপ গভীৰ হোৱাৰ বিপৰীতে প্রসাৰিতহে আছিল।

পশ্চিমৰ ফালে বর্বৰসকলে ৰোমান সংস্কৃতিৰ ধ্বংসাৱশেষৰ ছাঁয়াত থিতাপি লবলৈ সুযোগ পাইছিল। পুৰণা সভ্যতাৰ শিলাবোৰে নির্মাণ সামগ্রীৰ যোগান ধৰিছিল। পূবৰ ফালে শ্লাৱসকল ইমান ভাগ্যবান নাছিল; বিশাল জনশূণ্য এই সমভূমিত তেওঁলোকৰ পূর্বসূৰীসকলৰ সংস্কৃতি তেওঁলোকতকৈও নিম্নবিধৰ আছিল। পশ্চিম ইউৰোপৰ জাতিবোৰে অতি সোনকালেই তেওঁলোকৰ প্রাকৃতিক সীমাৰেখাবোৰ আৱিষ্কাৰ কৰি সাংস্কৃতিক আৰু আর্থিক প্রগতিৰ সূচনা কৰিছিল; বাণিজ্যিক চহৰসমূহ অস্তিত্বলৈ আহিছিল। পূবৰ সমভূমিৰ জাতিবোৰে জনসংখ্যা কিছু বৃদ্ধি হোৱা যেন দেখিলেই নতুন মাটিৰ সন্ধানত কুমাৰী জংগল আৰু তৃণভূমিসমূহত প্রসাৰিত হৈ পৰিছিল। পশ্চিমীয়া কৃষক সমাজৰ উদ্যোগী অংশটোৱে চহৰবাসী, কাৰিকৰ আৰু বনিকৰ ৰূপ ধাৰণ কৰিছিল। পূবৰ উৎসাহী আৰু সাহসী অংশটোৰ কিছুসংখ্যকেহে বেপাৰত হাত দিছিল; অধিকাংশই কছেক, সীমান্তবাসী বা অভিযাত্রীলৈ পৰিণত হৈছিল। সামাজিক বিভাজনৰ প্রক্রিয়াটোৱে পশ্চিমত সঘন ৰূপ লৈছিল; পূবত বিকাশৰ প্রসাৰিত চৰিত্রটোৰ ফলত ই লেহেমীয়া আৰু তৰাং হৈ পৰিছিল। পিটাৰ প্রথমৰ সমসাময়িক ইটালীয় দার্শনিক জিয়’ৱান ৱিক’ৱে লিখিছে, “মাস্কোৱিয়াৰ জাৰ নামত খ্রীষ্টান হলেও দৰাচলতে তেওঁ এটা সোৰোপা জাতিৰ ওপৰতহে শাসন কৰে”। মাস্কোৱিয়াবাসীৰ  এই “সোৰোপা” মানসিকতাই আচলতে আর্থিক বিকাশৰ লেহেমীয়া গতি, শ্রেণী সম্পর্কৰ আকাৰহীনতা আৰু আভ্যন্তৰীণ ইতিহাসৰ দৰিদ্র চৰিত্রটোকেই প্রতিফলিত কৰে।

Sunday, June 12, 2016

দেৱকান্ত সন্দিকৈৰ মার্ক্সবাদ সমালোচনাঃ এক প্রত্যুত্তৰ


দেৱকান্ত সন্দিকৈ অসমৰ যুক্তিবাদী মহলটোৰ বেছ সসন্মানীয় ব্যক্তি। আমি নিজেও শৈশৱতে তেওঁৰ ৰছনা পঢ়িয়েই যুক্তিবাদৰ প্রতি আকর্ষিত হৈছিলোঁ। এনে এজন মানুহে যেতিয়া মার্ক্সবাদক সমালোচনা কৰি কোনো লেখনী লিখে, তেনেস্থলত লেখকৰ উচ্চস্থানৰ প্রতি সন্মান জনায়েই লেখনীটো সম্পর্কে কিছু কথা আলোচনা  কৰাটো প্রয়োজনীয়। অৱশ্যে ৫ জুন তাৰিখে ‘অসমীয়া খবৰ’ত ওলোৱা সন্দিকৈৰ লেখনীটো আমি এক ব্যতিক্রম বুলিহে অনুভৱ কৰোঁ। তেওঁৰ উচ্চ প্রতিভাৰ প্রকাশ লেখনীটোত নঘটিল। বৰং কেতবোৰ পৰিচিত স্থূল যুক্তিৰেই তেওঁ লেখনীটো সামৰিলে। ভৱিষ্যতে আমাৰ পৰিচিত প্রিয় লেখকজনৰ পৰা পুণৰ উচ্চমানৰ লেখনীবোৰ আশা কৰিলো।

এই প্রত্যুত্তৰটো লিখাৰ আন এটাও কাৰণ আছে। সম্প্রতি সমাজবাদ সম্পর্কে সাম্যবাদীসকলৰ মাজতে বিভিন্ন ন ন চিন্তাৰ উন্মেষ ঘটিছে। এই লেখনীটোত সিবিলাকৰ এটা সোৱাদ  দিবলৈ যত্ন কৰা হৈছে। অধিক তাত্ত্বিক ভাষাত একেখিনি কথাকে বিতং ৰূপত জানিবলৈ আগ্রহী পাঠকে ‘নতুন পদাতিক’ৰ ডিচেম্বৰ ২০১৫ সংখ্যাত প্রকাশিত আমাৰ “সমাজবাদঃ অতীত বর্তমান তথা ভৱিষ্যত” শীর্ষক লেখনীটো পঢ়ি চাব পাৰে।  

Thursday, June 9, 2016

ভাৰতৰ আঞ্চলিক বাওঁপন্থী চৰকাৰসমূহঃ এক তুলনামূলক অধ্যয়ন


ময়ূৰ চেতিয়া

তথাকথিত “বুর্জোৱা-লেণ্ডলর্ড” ব্যৱস্থাটোৰ ভিতৰতে জনগণক কিছু সকাহ দিবলৈ চিপিএম দলটোৱে অন্যান্য দলৰ লগত মিলি দেশৰ তিনিখন ৰাজ্যত বিভিন্ন সময়ত আঞ্চলিক চৰকাৰ গঠন কৰি আহিছে। কিছুদূৰৈলৈ তেওঁলোক সফলো হৈছে – পশ্চিমবংগত আধিয়াৰসকলে উৎপাদিত সামগ্রীৰ ওপৰত বেছ কিছু অধিকাৰ লাভ কৰিলে, কেৰালাত যথেষ্ঠ পৰিমাণে ঘৰমাটি দুখীয়া কৃষকে লাভ কৰিলে, ত্রিপুৰাত নৃগোষ্ঠীয় সংঘাত বহুখিনি হ্রাস পালে। বিভিন্ন সামাজিক সূচক – যেনে শিক্ষা, স্বাস্থ্যসেৱা, খোৱাপানী  আদিৰ ক্ষেত্রত কেৰালা আৰু ত্রিপুৰাৰ ৰেকর্ড আজি দেশৰ ভিতৰতে অন্যতম। অৱশ্যে পশ্চিমবংগৰ  ৰেকর্ড সিমানখিনি ভাল নহয়। এইক্ষেত্রত এখন এখনকৈ চিপিএমশাসিত ৰাজ্যসমূহৰ ৰেকর্ড চোৱা যাওঁক।

Thursday, May 12, 2016

নাৰীবাদী দৃষ্টিৰে পৃথিৱীখন ৪

ঘৰুৱা শ্রম আৰু বেতনভোগী গৃহ-শ্রমিক

ভাৰতত উচ্চ বেতন লাভ কৰা মধ্যবিত্তৰ সংখ্যা হৈছে প্রায় ৩ কোটি। এই পৰিয়ালবোৰৰ আধা সংখ্যকৰ ঘৰত একোগৰাকী বনকৰা কর্মী আছে ধৰিলে দেশত অন্ততঃ ১.৫ কোটি ঘৰুৱা শ্রমিক আছে বুলি অনুমান কৰিব পাৰি।

এটা পৰিসংখ্যাৰ প্রতি মন কৰক। ইউনিয়ন-বহির্ভুত মহিলা যৌনকর্মী বিষয়ক দেশৰ প্রথমটো জৰীপ মতে প্রায় ৭১ শতাংশ যৌনকর্মী পূর্বে আন কোনো কর্মত নিযুক্ত হৈ আছিল। কামৰ ভীষণ হেঁচা আৰু কম মজুৰীৰ বাবেই তেওঁলোকে পূর্বৰ পেছা ত্যাগ কৰিছিল। তেওঁলোকৰ ভিতৰত সৰহভাগেই আছিল ঘৰুৱা শ্রমিক।  অর্থাৎ এই মহিলাসকলৰ এক বৃহৎ অংশই ঘৰুৱা শ্রমিকৰ কাম বেশ্যাবৃত্তিতকৈও অধিক অপমানজনক, হেঁচা ভৰা তথা নিম্ন মজুৰীৰ যেন অনুভৱ কৰিছিল (Sahni and Shankar, 2011) । ঘৰুৱা শ্রমিক মোতায়েন কৰা যিসকল মধ্যবিত্তীয় মালিকে বেশ্যাবৃত্তিক মৃত্যুতকৈ হীন যেন গণ্য কৰে, তেওঁলোকে এই তথ্যটোৰ প্রতি মন কৰি নিজকে চিকুটি চোৱা উচিত। তেওঁলোকে নিজকে প্রশ্ন কৰা উচিত; লজ্জিত হোৱা উচিত।

Monday, April 4, 2016

কমন ছেন্স আৰু ননছেন্স

জিতেন বেজবৰুৱা

‘বিজেপিক ভোট দিব’, আক্ষৰিক অৰ্থত এনেকুৱা এটা আহ্বান নিউজ লাইভ বা আন কোনো সহধৰ্মী চেনেলে আজিলৈকে নিশ্চয় কেতিয়াও জনোৱা নাই বা জনোৱাৰ সম্ভাৱনাও নাই। ‘কংগ্ৰেছক ভোট দিব’, আক্ষৰিক অৰ্থত এনেকুৱা এটা আহ্বান আছাম টকছ চেনেলে কেতিয়াও জনোৱা নাই আৰু নজনায়। এই চেনেলসমূহৰ টক শ্ব’বোৰত নিৰ্বাচন আৰু বিভিন্ন ৰাজনৈতিক দল সম্পৰ্কে ‘আলোচনা’, ‘বিশ্লেষণ’ কৰে বিভিন্ন সাংবাদিক, বুদ্ধিজীৱী, ৰাজনীতিকসকলে। দলীয় ৰাজনীতিকসকলক বাদ দি তাত অংশগ্ৰহণ কৰা বিভিন্ন আলোচকসকলক ‘মই অমুক দলকে সমৰ্থন কৰো বা ভাল পাওঁ’, এনেকুৱা কথা কেতিয়াবা কোৱা শুনিছে জানো? বা আলোচনাৰ আঁত ধৰা সাংবাদিকসকলৰ মুখতো জানো তেনে কিবা কথা শুনিছে? নিশ্চয় শুনা নাই, নুশুনিবও কিজানি। নিৰ্বাচনৰ আগমুহূৰ্ততো নিশ্চয় সকলোৱে নিজা নিজাধৰণে ‘বিবেক ভোট’ (এই বস্তুটো অৱশ্যে বৰ ৰহস্যময়, ভোট দিবৰ সময়ত উলিয়াই ব্যৱহাৰ কৰিব পৰাকৈ এই ‘বিবেক’টো নো কেনেকুৱা সুৰক্ষিত লকাৰত সোমাই থাকে বুজিব পৰা নাযায়) দিবলৈকে ৰাইজক আহ্বান জনাইছে। কাৰণ তেওঁলোক হ’ল নিৰপেক্ষ, তেওঁলোক হ’ল গণতান্ত্ৰিক। নিৰপেক্ষ এইকাৰণেই যে তেওঁলোকে কোনো দলৰে পক্ষপাতিতা নকৰে, গণতান্ত্ৰিক এইকাৰণেই যে তেওঁলোকে ৰাইজক নিজে নিজৰ সিদ্ধান্ত ল’বলৈ উৎসাহিত কৰে – কোনো মত কেতিয়াও জাপি নিদিয়ে। নিৰপেক্ষতা আৰু গণতন্ত্ৰৰ এই নিৰ্ভেজাল আৰু পৱিত্ৰ পৰিবেশত প্ৰতিদিন টাইম বা নিতুমণি শইকীয়াও জানো তেনেকুৱা নহৈ পাৰে? বৰং সেইসকল বেছিহে নিৰপেক্ষ আৰু বেছিহে গণতান্ত্ৰিক – সেইকাৰণে কোনোবাই মনে মনে পক্ষপাতিতা কৰিব খুজিলে, অগণতান্ত্ৰিক কাম কৰিব খুজিলে পটকৈ ধৰা পেলাই দিব পাৰে। সেইকাৰণে হীৰেন গোহাঁইকে আদি কৰি ৪২জন বুদ্ধিজীৱী-লেখকে চিধাচিধিকৈ ‘বিজেপিক প্ৰতিহত কৰক’ বুলি ৰাইজলৈ আহ্বান জনোৱাৰ পাছত তাৰ আঁৰত লুকাই থকা ভয়ংকৰ অপৰাধ তথা জাতিদ্ৰোহী ষড়যন্ত্ৰৰ মুখা খুলি দিবলৈ নিতুমণি শইকীয়া আগ বাঢ়ি আহিছে – জাতিৰ স্বাৰ্থত, মাটিৰ স্বাৰ্থত। সুখৰ বিষয় যে নিতুমণিৰ কণ্ঠত এতিয়া অৰ্ণৱ গোস্বামীৰ প্ৰতিধ্বনিকে শুনিবলৈ পোৱা গৈছে। গতিকে অসমীয়া জাতিৰ মুখপাত্ৰ হৈ হীৰেন গোহাঁইহঁতৰ জাতিদ্ৰোহী ভণ্ডামি উন্মোচন নকৰিব সেইটোতো হ’ব নোৱাৰে। সেইবাবে তেওঁ ‘সসন্মানে’ সেই ‘নমস্য’ ব্যক্তিসকলৰ ভণ্ডামি উন্মোচন কৰিছে। পিছে সেই উন্মোচনৰ কাৰ্যটো বৰ এটা পাগত নুঠিল, কিবা ডন কুইক্সট টাইপ হ’ল। আমি সেইটোতহে অসুবিধা পাইছো, অসমীয়া জাতিৰ মুখপাত্ৰজনৰনো সেইটো কেনেকৈ হ’বলৈ পালে?

Sunday, March 20, 2016

মহুবাৰ মহিষাসুৰ




উৎসঃ ‘ফৰৱার্ড প্রেছ’ আলোচনী, নৱেম্বৰ ২০১৫ সংখ্যা
https://www.forwardpress.in/2016/02/mahishasur-in-mahoba/
মূলঃ প্রমোদ ৰঞ্জন
অনুবাদঃ ময়ূৰ চেতিয়া

ইতিহাসবিদ ডি ডি কৌশাম্বিৰ মতে মহিষাসুৰৰ ৰাজ্য আছিল বুন্দেলখণ্ডৰ মহুবাত। মহিষাসুৰ বিষয়ক এখন গৱেষণামূলক গ্রন্থ লিখাৰ বাবে তথ্য বিচাৰি মই বিগত বছৰটোৰ ২ অক্টোবৰ তাৰিখে মহুবাত উপস্থিত হৈছিলো। মই মন কৰিছিলো যে অঞ্চলটোৰ লোক-পৰম্পৰাসমূহত এতিয়াও  মহিষাসুৰৰ উপস্থিতি দেখা পোৱা যায়।
.........
বিগত কিছুসময় ধৰি মই Mahisasur Movement: Debrahmanising a Myth শীর্ষক এখন গ্রন্থ সম্পাদনা কৰি আছোঁ। কেতসংখ্যক ইতিহাসবিদে মতপোষণ কৰিছে যে মহিষাসুৰ আচলতে ভাৰতৰ ‘বহুজন’ সম্প্রদায়সমূহৰ পৌৰাণিক নায়ক আছিল। ইতিহাসবিদ ডি ডি কৌশাম্বিৰ মতে মহিষাসুৰৰ ৰাজ্য আছিল বুন্দেলখণ্ডৰ মহুবাত। মহিষাসুৰ বিষয়ক গৱেষণামূলক গ্রন্থখনৰ বাবে তথ্য বিচাৰি মই বিগত বছৰটোৰ ২ অক্টোবৰ তাৰিখে মহুবাত উপস্থিত হৈছিলো। মই মন কৰিছিলো যে অঞ্চলটোৰ লোক-পৰম্পৰাসমূহত এতিয়াও  মহিষাসুৰৰ উপস্থিতি দেখা পোৱা যায়। মাইকাসুৰ, কৰসদেৱ, গোৱাল বাবা আদি বিভিন্ন নামেৰে মহিষাসুৰক এই অঞ্চলটোত সম্বোধন কৰা হয়। মহুবাৰ প্রতিখন গাঁৱতে মহিষাসুৰৰ উপস্থিতি অতিশয় স্পষ্ট। অৱশ্যে মহিষাসুৰৰ কোনো প্রতিমাৰ বিপৰীতে তেওঁৰ নামত মাটিৰ থাপনাহে নির্মান কৰা হয়। ব্রাহ্মণবাদী পৰম্পৰাসমূহৰ বিপৰীতে, মন্দিৰৰ ভিতৰত কোনো প্রতিমাৰ ৰূপত মহিষাসুৰে বাস নকৰে; বৰং তেওঁ বাস কৰে মুক্ত আকাশত তলত, ৰাইজে নির্মান কৰা মাটিৰ থাপনাত মাজত।

ঐতিহাসিক ভুলঃ হিন্দুত্ববাদী আৰু সাম্যবাদীসকল

 ময়ূৰ চেতিয়া

(লেখনীটো আংশিকভাবে শ্বেয়াৰ কৰিব নোৱাৰিব; শ্বেয়াৰ কৰিব বিচাৰিলে গোটেই লেখনীটোৱেই লেখকৰ নাম আৰু ব্লগৰ URLৰ সতে শ্বেয়াৰ কৰিব লাগিব।)


১৯২০ৰ দশকৰ আশে পাশে হিন্দুত্ববাদী আৰু সাম্যবাদী – এই দুয়োটা মতাদর্শই ভাৰতত সাংগঠনিক ৰূপ লবলৈ আৰম্ভ কৰিছিল। এফালে নির্মিত হৈছিল কমিউনিষ্ট পার্টি, হিন্দুস্থান চলিয়েলিষ্ট ৰিপাব্লিকান এচচিয়েচন, ৱর্কার্চ এণ্ড পিজেণ্টছ পার্টি আদি দলবোৰ, আৰু আনহাতে গঠন হৈছিল হিন্দু মহাসভা, ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ আদি হিন্দুত্ববাদী সংগঠনসমূহ।

আজি প্রায় নব্বৈ বছৰৰ পাছত হিন্দুত্ববাদীসকলে দেশত শাসন কৰিছে। আনহাতে সাম্যবাদীসকল দেশৰ কেতবোৰ বিশেষ অঞ্চল তথা গণ-আন্দোলনৰ মাজতে সীমাৱদ্ধ হৈ আছে। বিপ্লৱতো বাদেই ভাৰতীয় সাম্যবাদীসকলে আজিলৈকে কেন্দ্রত কল্যাণমূলক চৰকাৰ এখনো গঠন কৰিব পৰা নাই। 

ফেচিবাদ-বিৰোধী তিনিটা স্মৃতিসৌধ

ময়ূৰ চেতিয়া দ্বিতীয় বিশ্বযুদ্ধৰ স্মৃতি বহন কৰা ছোভিয়েট ভাস্কৰ্যসমূহৰ মাজত তিনিটা স্মৃতিসৌধৰ এক বিশেষ গুৰুত্ব আছে। এই তিনিওটা ইটো-সিটোৰ সৈত...